আৰ্ট গেলেৰী।। অজিত শইকীয়া
সমাজলৈ কিবা এটা ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে চিত্ৰ ৰচনা কৰা ইমান সহজ নহয়। অঙ্কন বিদ্যা, চিত্ৰকৰ্মৰ বিষয়বস্তু নিৰ্বাচন তথা নান্দনিক ৰূপত উপস্থাপনৰ বাবে লাগে অঙ্কন বিদ্যাৰ উপৰিও, বস্তুজগত তথা বাস্তৱৰ ঘটনাৱলীৰ সূক্ষ্ম অধ্যয়ন। তদুপৰি লাগে, স্থানীয় তথা বিশ্বশিল্পৰ ইতিহাস জ্ঞান। মনটোৱে বিচাৰি থকা প্ৰকৃত ছবিখন অঙ্কন কৰি উঠাৰ পাছতো যেন কিবা এটা অসম্পূৰ্ণ থাকি যায় আৰু শিল্পকৰ্মৰ লগত জড়িত হৈ এশ শতাংশ সফলতা কেতিয়াও পোৱা নেযায়। কলাসচেতন দৰ্শকেহে শিল্পৰ মূল্যায়ন কৰিব পাৰে।
এজন সমাজ সচেতন বন্ধুৱে অলপতে সংগ্ৰামী শিল্পৰ প্ৰসঙ্গ উলিয়াইছিল। আমাক সংগ্ৰামী শিল্প লাগিব। শিল্পৰ নান্দনিক গুণ অটুট ৰাখি, ধাৰাবাহিকভাৱে সংগ্ৰামী শিল্প সৃষ্টিৰে, শিল্পী সমাজো মানুহৰ সংগ্ৰামৰ অংশীদাৰ হ’ব লাগিব।
শিল্পকলাৰ দৰ্শকৰ আগ্ৰহ আৰু শিল্পী সমাজক উৎসাহ যোগালে, অধিক ভাল শিল্প সৃষ্টিৰ সম্ভাৱনা থাকে।




