অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰ (প্ৰথম সংখ্যা)

…. আৰু জ্যোতিষ-(প্রসেনজিৎ চৌধুৰী)

লা কুকুৰৰ মাহাত্ম্য

আগ্রহ আৰু ধৈৰ্যৰ অভাৱত বাতৰি কাকত বৰকৈ পঢ়া নহয়। পুৱাৰ চাহকাপ শেষ কৰিবলৈ যিমান সময় লাগে সিমান সময়হে সাধাৰণতে কাকতখন পঢ়ো। এই সময়ৰ ভিতৰত মজাৰ খবৰ কিছুমান চকুত পৰে। আজি পুৱা চাহকাপ হাতত লৈ অভ্যাসবশতঃ “দৈনিক জনমভূমি’ত চকু ফুৰাওঁতে শেষ পৃষ্ঠাৰ খবৰ এটাই আকর্ষণ কৰিলে। খবৰটো অৱশ্যে চাঞ্চল্যকৰ নহয়— গুলীবর্ষণ বা নাবালিকা ধর্ষণৰ কোনো কথা তাত নাই। কি আছে বাতৰিটোত? শেষ পৃষ্ঠাৰ এই বাতৰিটোত আছে ক’লা কুকুৰৰ মাহাত্ম্যৰ কথা। সহজ আৰু পোন কথাত এই মাহাত্ম্য-কাহিনীৰ সাৰাংশ হ’ল— সম্প্রতি জয়পুৰত ক’লা বৰণৰ কুকুৰ চাহিদা বাঢ়িছে। আগে স্পেচিয়েল প্রজাতিৰ ক’লা কুকুৰৰ দাম আছিল ২০০০ টকা। এতিয়া বেপাৰীসকলে তেনে কুকুৰ বিক্ৰী কৰিছে ৮০০০ টকাতকৈ অধিক দামত। হঠাৎ ক’লা কুকুৰৰ চাহিদা বৃদ্ধিৰ কাৰণ কি? কাৰণ হ’ল, ক’লা কুকুৰে অমংগল ৰোধ কৰে বুলি জয়পুৰৰ কিছুমান জ্যোতিষীয়ে ঘোষণা কৰিছে। লগে লগে ভাগ্য-পৰিৱর্তনৰ আশাত জ্যোতিষ-বিশ্বাসী গ্রাহকে খদমদম লগাইছে ক’লা কুকুৰ কিনিবলৈ। গ্রাহকসকলৰ কথা ক’ব নোৱাৰো। কিন্তু ইয়াৰ ফলত কুকুৰ কাৰবাৰীসকলৰ বেংক-বেলেঞ্চ যে টনকিয়াল হ’ব সেই বিষয়ে কোনো সন্দেহ নাই৷ (যিসকলে পাথৰৰ বেপাৰ কৰে তেওঁলোকে অৱশ্যে জ্যোতিষীৰ এই কুকুৰ-নিৰ্ভৰতাক ভাল চকুৰে চাব বুলি মনে নধৰে।)

মানুহৰ সমস্যা বহুত— টকা-পইচাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, চাকৰিৰ সমস্যা, প্রেম-প্রীতিৰ সমস্যা, আকাংক্ষা পূৰণৰ সমস্যা। কেৱল দুখীয়া মানুহৰেই যে সমস্যা আছে এনে নহয়। উচ্চ মধ্যবিত্তক জীৱনৰ আৰ্হি হিচাপে লৈ ভোগবাদত ডুব যোৱা মানুহৰো নানা সমস্যা আছে। আৰু যিসকল সামাজিক পিৰামিডৰ একেবাৰে শীর্ষ চূড়াত বহি আছে তেওঁলোকৰো নিজস্ব সমস্যা আছে। এই সকলো সমস্যাৰ সামাজিক চৰিত্ৰ একে নহয়। অন্যহাতেদি, কেতবোৰ সমস্যাই– যেনে, জীৱনৰ অনিশ্চয়তাই যি উদ্বেগ-উদ্বিগ্নতাৰ জন্ম দিয়ে তাৰ তীব্রতা কম পৰিমাণে সকলোৰে ক্ষেত্ৰত প্ৰায় একে।

জ্যোতিষীৰ বজাৰত সমস্যা-পীড়িত দুর্বল মানুহৰ ভিৰ বেছি। জ্যোতিষীৰ নির্দেশ আৰু আশ্বাসে এওঁলোকক মানসিকভাবে কিছু স্বস্তি দিয়ে। ৰাজস্থানৰ জয়পুৰৰ ক’লা কুকুৰৰ চাহিদা বৃদ্ধিৰ আঁৰত এই স্বস্তি লাভৰ আকাংক্ষা প্রবল। অৱশ্যে ৮০০০ টকা খৰছ কৰি ক’লা কুকুৰৰ সহায়ত অমংগল ৰোধ কৰিবলৈ যত্ন কৰাটো যে সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয় সেই কথা অনুমান কৰাত কোনো বাধা নাই। এওঁলোকে জ্যোতিষীৰ সহজ আৰু সম্ভাৱনা বাটেৰেই খোজ দিছে নিশ্চয়।

সম্পাদক সমীপেষু : প্ৰসংগ জ্যোতিষ আৰু দুর্নীতি

আপোনাৰ বহুল প্রচাৰিত আৰু জনপ্রিয় কাকতখনৰ বিষয়ে এষাৰ কথা কওঁ বুলি এই চিঠিখন লিখিছো। বিজ্ঞানমনস্কতাৰ বিষয়ে প্রবন্ধ-পাতি প্রকাশ কৰাৰ লগতে আপোনালোকে নিয়মিতভাৱে ৰাশিফলো ছপা কৰে। বিজ্ঞান আৰু অবিজ্ঞানৰ এই সহ-অৱস্থানে আচলতে আমাৰ চেতনাৰ স্ববিৰোধিতাই প্রতিফলিত কৰে। আমাৰ বহুতো চার্জনে ঈশ্বৰৰ নাম স্মৰণ কৰিহে অপাৰেচনৰ কাম আৰম্ভ কৰে। গতিকে আপুনি যুক্তিৰ লগতে অযুক্তিক ঠাই দি কোনো আচহুৱা কাম কৰা নাই।

কিন্তু এইখিনিতে আমাৰ মনত ভুমুকি মৰা দুটামান প্রশ্ন আপোনাক জনাব খুজিছো—

এক :- দুর্নীতি এতিয়া আমাৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। আগে দুর্নীতিপৰায়ণ লোকৰ অন্ততঃ লজ্জাবোধ আছিল, এতিয়া সেইকণো গ’ল। আপোনাৰ কাকতত দুর্নীতিগ্রস্ত মন্ত্রী-বিধায়ক, আমোলা আদিৰ বহুতো মুখৰোচক কাহিনী পঢ়িবলৈ পাওঁ। আপুনি সুতীব্র ভাষাৰে গৰিহণা দিয়ে এই ব্যভিচাৰক। কিন্তু ‘ৰাশিফল’ৰ প্ৰকাশক হিচাপে আপোনাক সুধিব বিচাৰো— জন্ম-ক্ষণতেই গ্রহ-নক্ষত্রই যিজন ব্যক্তিৰ স্বভাৱ-চৰিত্র নির্দিষ্ট কৰি দিছে তেওঁক জানো গৰিহণা দিয়াৰ যুক্তি আছে? শ্ৰীযুত ‘ক’ যদি দুশ্চৰিত্ৰ বা দুর্নীতিপৰায়ণ তেন্তে সেয়া হৈছে কেতবোৰ গ্রহ-নক্ষত্ৰৰ কুপ্রভাৱত। শ্ৰীযুত ‘ক’-ৰ নিয়ন্ত্ৰণৰ বাহিৰত। গতিকে ইয়াৰ বাবে তেওঁক গৰিহণা দিয়া উচিত জানো?

দুই :- এটা কথা ভাবি আচৰিত হওঁ, আপোনাৰ কাকতত ছপা হোৱা ৰাশিফলত মানুহৰ আয়-ব্যয়ৰ বিষয়ে নানা ভৱিষ্যদ্বাণী কৰা হয়। কিন্তু কেতিয়াও এই কথা লিখা নহয় যে অবৈধ উপায়েৰে প্ৰচুৰ ধন ঘটাৰ সম্ভাৱনা আছে। জ্যোতিষীৰ দৃষ্টিত উপাৰ্জনৰ সৎ আৰু অসৎ উপায়ৰ মাজত বাৰু পার্থক্য নাই নেকি? যদি আছে তেনেহ’লে অসৎ উপায়েৰে ধন ঘটাৰ কথা কেতিয়াও লিখা নহয় কিয়?

চীন দেশৰ এটা কাহিনী

(শীর্ষ টোকালোককাহিনীত সাধাৰণ মানুহৰ মনৰ নানা খবৰ পোৱা যায়। এই খবৰবোৰৰ ভিতৰত মানুহৰ যুক্তিশীলতাও আছে। জ্যোতিষী, ঈশ্বৰ, ধর্মবিশ্বাস আদিক লৈ মানুহে ৰচনা কৰা কাহিনীত—আনকি খুহুটীয়া কথাবোৰতো কেতিয়াবা প্রচ্ছন্ন বা অ-সচেতন সমালোচনাৰ সুৰ শুনা যায়।

তলৰ চীনা কাহিনীটোত জ্যোতিষীৰ সাফল্যৰ আঁৰত কি ধৰণৰ চাতুর্যই কাম কৰে তাৰ স্পষ্ট ইংগিত আছে।)

প্রশাসনিক চাকৰিৰ কাৰণে পৰীক্ষাত বহাৰ আগতে তিনিজন পৰীক্ষার্থী এজন ভৱিষ্যত দ্রষ্টা বা জ্যোতিষীৰ ওচৰলৈ গ’ল। জ্যোতিষীজনে তেওঁলোকৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি কেৱল এটা আঙুলি ওপৰলৈ দাঙি ধৰিলে।

পৰীক্ষাৰ ফলাফল যথাসময়ত ওলাল। দেখা গ’ল, তিনিজনৰ ভিতৰত এজন পৰীক্ষার্থী উত্তীৰ্ণ হৈছে। জ্যোতিষজনৰ সুনাম কেউফালে বিয়পি গ’ল।

এজন ডেকা শিক্ষানবীচে জ্যোতিষীজনৰ সাফল্যৰ ৰহস্য কি জানিব বিচাৰিলে।

“মোৰ সাফল্যৰ ৰহস্য হ’ল নীৰৱতা”। জ্যোতিষীজনৰ উত্তৰ শুনি শিক্ষানবীচজন আচৰিত হ’ল।

তেতিয়া জ্যোতিষীজনে ক’লে : তুমি নিশ্চয় দেখিছিলা যে মই মাত্র এটা আঙুলি ওপৰলৈ তুলি ধৰিছিলো। ই বুজাব পাৰে যে তিনিজন পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ এজনে পাছ কৰিব। শেষ পর্যন্ত দেখা গ’ল, মোৰ ভৱিষ্যদ্বাণী শুদ্ধ হ’ল। দুজন পাছ কৰিলেও মোৰ ভৱিষ্যদ্বাণী শুদ্ধ হ’লহেঁতেন, কাৰণ তেতিয়া এটা আঙুলিয়ে বুজালেহেঁতেন যে কেৱল এজনহে পৰীক্ষাত বিফল হ’ব। তিনিজনে পাছ কৰা হ’লে এটা আঙুলিৰ অৰ্থ হ’লহেঁতেন—আটাইকেজনে একেলগে একে ফল পাব, অর্থাৎ পাছ কৰিব। ওলোটাটো হোৱা হ’লেও ভৱিষ্যদ্বাণী শুদ্ধই হ’লহেঁতেন”।

তিনিটা উদ্ধৃতি

(শীর্ষ টোকা— উদ্ধৃতি দেখিলেই বিৰক্ত হোৱা পঢ়ুৱৈৰ অভাৱ নাই। ইংৰাজী উদ্ধৃতি হ’লেতো কথাই নাই। পিছে কেতিয়াবা আনৰ ৰচনাৰ পৰা উদ্ধৃতি দিয়াৰ প্রয়োজন হয়। বিশেষ এটা বিষয় সম্পর্কে কোনে কি কৈছে সেই বিষয়ে অবিকৃত তথ্য পাবলৈ হ’লে কেতিয়াবা উদ্ধৃতিৰ ব্যৱহাৰ অনিবাৰ্য হৈ পৰে।।

এই মণ্টাজধর্মী আলোচনাৰ বর্তমান খণ্ডত আমি তিনিজন প্রসিদ্ধ লোকৰ ৰচনাৰ পৰা কিছু কথা বুটলি আনিছো। লক্ষণীয়, তিনিজনৰ এজনো নাস্তিক নহয়। তথাপি তেওঁলোকে প্রচলিত কেতবোৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিছে। এজনৰ কথাত জ্যোতিষশাস্ত্রৰ প্রশংসাও আছে, কিন্তু তেওঁৰ গভীৰ ঈশ্বৰ বিশ্বাসে গ্রহ-নক্ষত্ৰক সর্বশক্তিমান বুলি ভাবিবলৈ দিয়া নাই।)

“এজন মানুহৰ পক্ষে ব্রহ্মাণ্ডৰ সকলো বস্তুৰ গতি-বিধি পর্যবেক্ষণ কৰা আৰু সেইবিলাকৰ আচল তত্ত্ব বাহিৰ কৰা অসম্ভৱ। কিন্তু চন্দ্ৰ আৰু সূর্য গ্রহণৰ এটা কৈফিয়ৎ নিদিলেই নহয়। কাজেই ৰাহু আৰু কেতুৰ সৃষ্টি। ….. যি মনত একো নাই তাত ভয়ংকৰ ভূত আৰু দেৱতা আছে…… সেই নিমিত্তে চন্দ্র, সূর্য, অগ্নি, ইন্দ্ৰ আদি দেৱতা পূজা, মংগল শুক্ৰ আদি গ্রহ পূজা….”। -‌

— কালিৰাম মেধি, (‘কুসংস্কাৰ’ শীর্ষক প্ৰবন্ধৰ পৰা)

“তুমি জ্যোতিষীৰ ওপৰত ইমানকৈ নিৰ্ভৰ নকৰিবা। জ্যোতিষ শাস্ত্ৰখন নির্ভুল হ’লেও জ্যোতিষীৰ হিচাপত ভুল হয়। … তাৰ উপৰি বেয়া কথা শুনিলে, সিয়েই মনটো দমাই দিয়ে … মই কেতিয়াও জ্যোতিষীৰে লেনদেন নকৰো সেই দেখি। ঈশ্বৰেহে সুখ-দুখ দিওঁতা গৰাকী। তেওঁক নিৰ্ভৰ কৰি থাকিলে আৰু ভয় নাই। গ্রহ-উপগ্রহ সকলোবোৰ তেওঁৰ চাকৰ”।

–লক্ষ্মীনাথ বেজবৰুৱা (যতীন্দ্রনাথ দুৱৰালৈ লিখা চিঠিৰপৰা)

“সংসারে ছোট বড় অনেক অমংগল আছে— বুদ্ধি দিয়ে বীর্য নিয়ে তাৰ সংগে লড়াই করতেই হয়, কখনো হারি কখনো জিতি, সংসারের এই নিয়ম। বিশেষ কারণে যখন অন্যমনস্ক থাকি তখন ডালে নুন দিতে পানে চুন দিতে ভুল হয়ে যায়— কেতু নামক পদার্থেৰ উপর এর মূল দায়িত্ব চাপিয়ে কপালে করাঘাত করার মতো এতো বড়ো দুর্বলতা আর কী হতে পারে।….. যদি বলে পুৰুষকারের জোরে গ্রহফল খণ্ডন হয় তাহলে গ্রহটাকে হিসেব থেকে বাদ দিয়ে রাখলেই তো পুরুষকার পুরো পরিমানে জোর পেতে পারে। বিমানচারী অনধিগম্য শত্রুর বিভীষিকায় ছায়ায়। মনকে পদে পদে আচ্ছন্ন করে কেউ কি কখনো জীৱন যাত্রায় জয়লাভ করতে পারে?…… আমাদের দেশে গ্রহ-নক্ষত্রের সংগ পরামর্শ করে শুভলগ্নে তো সকলেরেই বিবাহ হয়—লগ্ন যে পদে পদে বিশ্বাসঘাতকতা করে তাৰ হাজার প্রমাণ। চারিদিকেই কিন্তু মূঢ়তার জোর কমে না”।

— ৰবীন্দ্রনাথ ঠাকুৰ (হেমন্তবালা দেৱীলৈ লিখা চিঠিৰ পৰা)

এখন চুটি নাটিকা: যুক্তি, জ্যোতিষ, জনগণ ইত্যাদি

(ব্যস্ত চহৰ‌। বজাৰৰ দক্ষিণ দিশত অৱস্থিত এখন পুৰণি হোটেল‌। দেখিলেই বুজিব পাৰি হোটেলৰ মালিকৰ বাণিজ্যিক নীতি হ’ল – কোনো ৰকমে ব্যৱসায় চলি থাকিলেই চলি যাব‌। হোটেলৰ অ’ত-ত’ত অৱশ্যে পুৰণি সৌন্দৰ্যৰ স্মৃতি এতিয়াও বিদ্যমান‌ – বিগতযৌৱনা সুন্দৰীৰ দৰে‌।

একেবাৰে শেষৰ টেবুলখনত আপোনমনে এজন ডেকা আৰু এজনী গাভৰু কথা পতাত ব্যস্ত‌। তেওঁলোকৰ মুখভংগী ছিৰিয়াছ, দৃষ্টি প্ৰখৰ, কণ্ঠ উত্তেজিত‌।)

কঃ কালি সন্ধিয়া – এনেই, কোনো কাম নাছিল – টিভিৰ আগত বহিলো‌। ভাবিলো সদায় আনৰ মুখেৰে শুনো, আজি নিজৰ কাণেৰেই শুনোচোন হিৰো ডেকা নামৰ জ্যোতিষীজনে কি কয়‌।

খঃ শুনিলি? তোৰতো ধৈৰ্য আছে দেখিছো‌।

কঃ ৰচোন। ধৈর্য জানো ধৰিব পাৰিলো? পাঁচ মিনিট শুনিয়েই উঠি আহিলো —মানে উঠি আহিবলৈ বাধ্য হলো। বাপৰে কি আজগুবি কথা কয় এই মানুহজনে। এতিয়া দেখিছো ইলেক্ট্রনিক মিডিয়াৰ কান্ধত উঠি জ্যোতিষৰ বেপাৰীবোৰে মানুহক একেবাৰে মধ্যযুগলৈ লৈ যাব।

গঃ উপায় নাই। সমাজখনলৈ এটা বিৰাট পৰিৱর্তন নহালৈকে এনেকৈ চলিব‌। ইলেক্ট্রনিক মিডিয়াৰ বিৰুদ্ধে তুমি-মই যুঁজিম কেনেকে ?

কঃ তাৰ মানে? হাত সাবটি বহি থাকিবা? বিপ্লৱ হ’ব, দিশে দিশে লাল ঝাণ্ডা উৰিব,তাৰ পিছত মানুহবোৰ যুক্তিবাদী হ’ব—সেই অৱস্থালৈ… ।

গঃ নাই—মানে মই ঠিক সেইটো কোৱা নাই। কথা হ’ল, জনগণৰ মাজত..

কঃ বুজিছো। জনগণৰ মাজত জ্যোতিষ বেছ জনপ্রিয়, গতিকে তাৰ বিৰুদ্ধে ক’বলৈ গ’লেই আমি মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰিম, নহয় জানো?

গঃ কথাটো মিছা জানো?

কঃ মিছা কিয় হ’ব ? ১০০% সঁচা। কিন্তু সাধাৰণ মানুহক তুমি বৰ বেছি যুক্তিবিমুখ বুলি ভাবিছা। সুচিন্তিতভাৱে, ধৈর্যসহকাৰে যদি বুজাব পাৰো —

(হোটেলৰ বাহিৰত হুলস্থূল। হনুমানজীৰ জয়ধ্বনি শুনা যায়। তিনিও বাহিৰলৈ চাই পৰম উৎসাহেৰে এটা ধর্মীয় শোভাযাত্রা পাৰ হৈ গৈছে। ‘ক’ৰ চকুত ক্ষোভ, ‘খ’ৰ মুখভংগীত বিৰক্তি, ‘গ’ৰ হাঁহিত হতাশা।)

খঃ অ’ কি কৈছিলি? ধৈর্য ? ধৈর্য লাগিবই। কিন্তু এইখিনিতে মই আৰু এটা কথা কওঁ। ভোটৰ যুদ্ধৰ ওপৰত বৰ বেছিকৈ চকু দিলেও ৰেডিকাল সাংস্কৃতিক, কামবোৰ ভোটা হৈ পৰে। প্ৰতিটো খোজ দিয়াৰ আগতে ভোটগ্রস্তসকলে ভাবে মানুহে বাৰু আমাক বেয়া পাব নেকি ? অর্থাৎ, আমাক ভোট নিদিব নেকি?

(হোটেলৰ চিনাকি কৰ্মচাৰীজন আহে। চকুৰ ইংগিতেৰেই তেওঁ সোধে কি খাব? ‘ক’ই অর্ডাৰ দিয়ে। কৰ্মচাৰীজন সোঁহাতৰ আঙুলিত দুটা আঙঠি । এটা ৰঙা আনটো সেউজীয়া।)

কঃ তোমাকতো কেইবাবছৰৰ পৰা এই আঙঠি দুটা পিন্ধি থকা দেখিছো। কিবা লাভ হৈছে নে ?

কর্মচাৰীঃ (মুখত হতাশাৰ হাঁহি) আঙঠিৰ পৰা আমাৰনো ক’ত লাভ হ’ব? কপালৰ লিখন বাইদেউ, কপালৰ লিখন।

কঃ তেন্তে পিন্ধি আছা কিয়?

কর্মচাৰীঃ (অলপ অপ্রস্তুত হৈ) যদি কেতিয়াবা কিবা সুফল পাওঁ। (হুমুনিয়াহ) কেইবাশ টকা খৰচ কৰি কিনিছিলো। খুলি থ’বলৈ বেয়া লাগে।

(অন্যমনস্কভাৱে কৰ্মচাৰীজনৰ প্রস্থান। ‘ক’ কিছু সময় মনে মনে থাকে। হুমুনিয়াহ কাঢ়ে।)

গঃ এইবোৰ মানুহক বুজাবা কেনেকৈ ? অভাৱ থাকে মানে ইহঁত অন্ধবিশ্বাসী হৈয়ে থাকিব।

কঃ কেতিয়াও নহয়। তোমাৰ ব্যাখ্যা যান্ত্রিক। তুমি ধৰি লৈছা—অভাৱে অসহায় মানুহক অন্ধবিশ্বাসী কৰে, সমাজত অভাৱ-অনাটন আছে, এতেকে,সমাজত অন্ধবিশ্বাস থাকিবই।

গঃ কথাষাৰ মই তেনেকৈ কোৱা নাই। কিন্তু তুমি যদি –

খঃ কথা হ’ল দৰিদ্ৰতা আৰু অজ্ঞতা, এই দুটা কাৰণে ঘাইকৈ সাধাৰণ মানুহৰ মাজত অন্ধবিশ্বাস ইমান জনপ্রিয়। শাসক শ্রেণী আৰু বেপাৰী শক্তিৰ প্ৰচাৰেও মানুহক অবাটে নিছে। শিক্ষিত মানুহচামেও ভাল আৰ্হি দাঙি ধৰিব পৰা নাই।

গঃ এই সকলোৰে শক্তিৰ বিৰুদ্ধে যুঁজি সাফল্যৰ মুখ দেখাটো জানো সম্ভৱ? ৰাজনৈতিক সংগ্রামক বাদ দি—

খঃ ঠিক কথা। যাক ৰাজনৈতিক সংগ্রাম বোলা তেনে সংগ্রাম প্রয়োজন নিশ্চয় আছে। কিন্তু বিজ্ঞানমনস্কতাৰ প্ৰচাৰৰ প্রয়োজনো আছে—কেতিয়াবা ৰাজনৈতিক সংগ্রামৰ অংগ হিচাপে আৰু কেতিয়াবা সমান্তৰালভাৱে। আৰু সাফল্যৰ কথা কৈছা ? কথাতে কয় ককাকে তালগছ ৰোৱে, নাতিয়েকে খায়। বৈজ্ঞানিক ভাবধাৰা প্ৰচাৰ কৰিলা আৰু লগে লগে মানুহবোৰ যুক্তিবাদী হৈ পৰিল— এনে আশা কৰাটো ভুল। ভাবধাৰাৰ প্ৰচাৰ তাল গছৰ দৰেই – তৎক্ষণাত তাৰ ফল আশা কৰিব নোৱাৰি। এনে প্রচাৰৰ সাফল্যৰ প্রক্রিয়া প্রচ্ছন্ন, পৰোক্ষ আৰু দীর্ঘম্যাদী।

কঃ কিন্তু তৎক্ষণাত—আনকি প্রত্যক্ষ – কোনো ফল পোৱা নাযায় বুলিও ক’ব নোৱাৰি। আমি যে এবাৰ এখন পুস্তিকা উলিয়াইছিলো মনত আছে? লগে লগে আমাৰ গ্রুপটোলৈ কেইটামান ল’ৰা-ছোৱালী আহিছিল।

গঃ আহিছিল সঁচা, কিন্তু দুটামান ল’ৰা-ছোৱালীৰ সমর্থন জানো সাফল্য বুলিব পাৰি?

খঃ সেইটো নিৰ্ভৰ কৰিব সাফল্যৰ সংজ্ঞাৰ ওপৰত।

কঃ একেবাৰে ঠিক কথা ভোটাৰ হিচাপে দুটামান ল’ৰা ছোৱালীৰ কোনো মূল্য নাই সঁচা, কিন্তু যুক্তিবাদৰ প্রতি আকর্ষিত হৈ কেইটামান ল’ৰা-ছোৱালী আগ বাঢ়ি অহাটো উলাই কৰিব পৰাবিধৰ কথা নহয়।

খঃ আচলতে ক্ষেত্ৰ আৰু পৰিস্থিতি অনুযায়ী সাফল্যৰ সংজ্ঞাও বেলেগ হয়। আজিৰ পৰিস্থিতিত, যুক্তিবাদৰ ক্ষেত্ৰত, অতি সীমিত সাফল্যও – প্রাথমিক সাফল্যও – বেছ গুৰুত্বপূর্ণ।

(বাহিৰত কিৰিলি। এজাক ডেকা। শেহতীয়া মডেলৰ বাইকত উঠি পাৰ হৈ গ’ল প্রচণ্ড বেগেৰে।)।

খঃ এওঁলোকেই নতুন যুগৰ হাতৰ আঙুলিলৈ চাবিচোন, ৰঙা-বগা-সেউজীয়া পাথৰ জিলিকি থাকে।

(হোটেলৰ কৰ্মচাৰীজনে চাহ আৰু গজা প্লেটত সজাই টেবুলত থয়। গজাবোৰ ইমানেই ডাঙৰ যে দেখিলে মধ্যযুগীয়া দুর্গৰ ক্ষুদ্ৰ সংস্কৰণ যেন লাগে। তর্ক বাদ দি তিনিওজনে এইবাৰ চামুচেৰে লোভনীয় ক্ষুদ্র দুর্গবোৰ আক্ৰমণ কৰাত লাগি গ’ল।)

উপসংহাৰৰ পৰিৱর্তে দুআষাৰ

বিশ্রুত বিজ্ঞানী নাৰলিকাৰে তেওঁৰ এটা সুলিখিত নিবন্ধত ভাৰতীয় সমাজৰ অন্ধবিশ্বাসৰ ক্রমবর্ধমান জনপ্রিয়তাৰ লক্ষণ হিচাপে চাৰিটা কথাৰ প্রতি আমাৰ দৃষ্টি আকর্ষণ কৰিছে –

১। বিয়া-বাৰুৰ ক্ষেত্ৰত আজিকালি জন্মপত্রিকাৰ বাছ-বিচাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়৷

২। বিজ্ঞানে অলৌকিক কর্মকাণ্ডৰ স্বৰূপ উদঙাই দেখুওৱাৰ পিছতো চহৰৰ শিক্ষিত মানুহৰ মাজত বাবাজীসকলৰ জনপ্রিয়তা কমা নাই।

৩। নতুন প্রযুক্তিৰ লগতে নতুন অন্ধবিশ্বাসে সমাজত প্ৰভাৱ পেলাইছে। উদাহৰণ হিচাপে বাস্তুশাস্ত্ৰ আৰু ফেংচুইৰ উল্লেখ কৰিব পাৰি।

৪। UGC ৰ পৰা জ্যোতিষশাস্ত্রই বিজ্ঞান হিচাপে স্বীকৃতি পাইছে।

তিনি-চাৰি বছৰ আগতে নাৰ্লিকাৰ কথিত চতুর্থ লক্ষণটো এক বহুল চর্চিত বিষয় হৈ পৰিছিল। তেতিয়া দিল্লীৰ দৰবাৰ হিন্দুত্বপন্থীসকলৰ দখলত। তেওঁলোকে প্রবল উৎসাহেৰে ‘বৈদিক জ্যোতিষ’ বিষয়টো পাঠ্যক্ৰমৰ অন্তর্ভুক্ত কৰিলে। লগে লগে দেশৰ বিদ্বৎ মহলত সৰৱ প্রতিবাদ শুনা গল। এই প্রতিবাদকাৰীসকলৰ ভিতৰত মার্ক্সবাদীৰ উপৰি অ-মার্ক্সবাদী চিন্তাশীল ব্যক্তিও আছিল। মার্ক্সবাদীসকলৰ তীব্র বিৰোধিতা দেখি তেতিয়াৰ হিন্দুত্বপন্থী শিক্ষামন্ত্রী মুৰলী মনোহৰ যোশী বৰকৈ বিৰক্ত হ’ল। এই চৰম বিৰক্তি প্রকাশ আমি দেখো India Todayত ছপা হোৱা তেওঁৰ এটা সাক্ষাৎকাৰত‌। যোশীয়ে সাক্ষাৎকাৰত উষ্মাৰে কৈছে যে মাৰ্ক্সবাদীসকলে পাঠ্যক্রমত জ্যোতিষৰ অন্তৰ্ভুক্তিক লৈ ইমান চিঞৰ-বাখৰ কৰাৰ কোনো অর্থ নাই। কাৰণ মার্ক্সীয় দর্শন আজিৰ পৃথিৱীত ব্যর্থ বুলি প্রমাণিত হৈছে। কিন্তু সেইবুলি বিশ্ববিদ্যালয়বোৰত মার্ক্সবাদৰ অধ্যয়ন জানো বন্ধ হৈছে? বাংলাত এষাৰ কথা আছে ‘এক টিলে দুই পাঞ্জি”। যোশী মহাশয়েও তাকেই কৰিছে – জ্যোতিষ সমর্থন কৰাৰ লগতে তেওঁ মার্ক্সবাদৰো মৃত্যু ঘণ্টা বজাইছে।

কিন্তু কেৱল হিন্দুত্বপন্থীসকলক জগৰীয়া কৰিলে অন্ধৰ হস্তী দৰ্শনৰ দৰে হ’ব। যিসকলে ধর্ম-নিৰপেক্ষতাৰ কথা কয় তেওঁলোকৰো বহুতৰে মাজত জ্যোতিষৰ জনপ্রিয়তা কম বুলি মনে নধৰে। ভাৰতৰ নৱম প্রধান মন্ত্রী নৰসিংহ ৰাও-এ ১৯৯১ চনৰ ২১ জুনৰ দিয়া বাহুৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ শপত গ্ৰহণ কৰিছিল ১২ টা ৫৩ মিনিটত। জ্যোতিষনিৰ্ভৰতাৰ এই পৰম্পৰাৰ পৰা এতিয়াও কংগ্রেছৰ বহুতো নেতা মুক্ত হ’ব পৰা নাই। দিল্লীৰ দৰবাৰৰ পৰা গেৰুৱা বাহিনীক উৎখাত কৰাৰ পিছত এতিয়াৰ শিক্ষামন্ত্রী অর্জুন সিঙে ব্যক্ত কৰা মত এই প্রসংগত উল্লেখ কৰিব পাৰি। তেওঁ পাঠ্যক্ৰমৰ পৰা জ্যোতিষক বাদ দিয়াৰ পক্ষপাতী নহয়। শিক্ষামন্ত্রীগৰাকীৰ মতে জ্যোতিষ ভাৰতীয় ঐতিহ্যৰ অন্তৰ্গত আৰু ইয়াক বিজ্ঞান হিচাপে গণ্য কৰিব পাৰি। বুজিবলৈ অসুবিধা নহয় যে জ্যোতিষৰ মূল্যায়নৰ ক্ষেত্ৰত হিন্দুত্বপন্থী মুৰলী মনোহৰ যোশীৰ লগত কংগ্ৰেছী শিক্ষা মন্ত্রীৰ বিশেষ মতবিৰোধ নাই।

বাঁওপন্থীসকলে অৱশ্যে জ্যোতিষৰ প্রতি এনে মনোভাব দেখুওৱা নাই। পিছে তেওঁলোকৰ ভূমিকা সম্পর্কেও কেতিয়াবা অস্বস্তিকৰ তথ্য পোৱা যায়। ১৯৮৮ চনত কলকাতাত এখন বিৰাট জ্যোতিষ সন্মিলন বহিছিল। এই সন্মিলনলৈ শুভেচ্ছাবাণী পঠোৱা মন্ত্রীসকলৰ ভিতৰত বামফ্রন্ট চৰকাৰৰ দুগৰাকী মন্ত্রী আছিল। জগত আৰু জীৱনৰ সকলো কথা নিৰ্ভৰ কৰে গ্রহ-নক্ষত্ৰৰ অৱস্থানৰ ওপৰত এই বিজ্ঞানবিৰোধী মতবাদত বিশ্বাস কৰা জ্যোতিষ সন্মিলনৰ সাফল্য কামনা কৰি মার্ক্সবাদী নেতাই শুভেচ্ছাবাণী পঠোৱাৰ কি অর্থ থাকিব পাৰে? এই প্রশ্নৰ এটা উত্তৰ হ’ল নির্বাচনৰ বৈতৰণী পাৰ হ’বলৈ তেওঁলোকে সাধাৰণতে কোনো ফ্রন্টতেই জনপ্রিয়তা হেৰুৱাব নিবিচাৰে। কোৱা বাহুল্য যে আমাৰ এই উত্তৰত যদি সামান্য সত্যতাও আছে তেনেহ’লে আমি নিশ্চয় এই সিদ্ধান্তত উপনীত হ’ব পাৰো, কেৱল ৰাজনৈতিক মুনাফাৰ কথা চিন্তা কৰিলে – ভোটৰ বাকচতেই সমগ্ৰ ভৱিষ্যৎ আবদ্ধ বুলি ভাবিলে— ভাৰতৰ দৰে পিছপৰা দেশত অযুক্তি-অন্ধবিশ্বাসৰ বিৰুদ্ধে স্পষ্ট আৰু দৃঢ় অৱস্থান লোৱাটো বৰ টান কাম।

(প্রবন্ধটো লেখকৰ “উত্তৰণ আৰু উত্তৰাধিকাৰ” গ্রন্থৰ পৰা পুনৰ্মুদ্রিত)

Leave a Reply

Your email address will not be published. Required fields are marked *