অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)সাক্ষাৎকাৰ

অসমৰ এগৰাকী চিৰসেউজ গায়ক দ্বীপেন বৰুৱাৰ সতে ‘মুক্ত চিন্তা’ৰ হৈ ফাৰনাজ নাৰ্গিছ দুৱৰাৰ সাক্ষাৎকাৰ

১) আপুনি অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক। সকলো জেনেৰেচনৰ যুৱক-যুৱতীয়ে আপোনাৰ গীতসমূহ ভাল পায়। আপোনাৰ দৃষ্টিত মঞ্চ গায়কী আৰু পাৰ্শ্ব গায়কীৰ মাজত মূল পাৰ্থক্য কি ? এজন সফল পাৰ্শ্ব গায়কীৰ চাবিকাঠি কি ?

উঃ মঞ্চত গীত গালে ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগ থাকে, ঠিক যেন হৃদয়ৰ যোগাযোগ। মঞ্চত গোৱাৰ মজাই সুকীয়া। পাৰ্শ্ব গায়কীৰ বাবে সকলোধৰণৰ গীত গাব জানিব লাগিব। এক কথাত ভাৰ্ছেটাইল (Versatile) হ’ব লাগিব। কিন্তু পাৰ্শ্ব গায়কীয়ে ৰেকৰ্ডিঙত বাৰে বাৰে গাব পাৰে। ভুল হ’লে শুধৰাব পাৰে।

২) আপুনি সক্ৰিয় হৈ থকাৰ সময়ত জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, মহানন্দ মজিন্দাৰ বৰুৱা ইত্যাদি শ্ৰদ্ধাৰ শিল্পীসকলো জনপ্ৰিয় আছিল। আপুনি কাৰোবাক প্ৰতিদ্বন্দ্বী জ্ঞান কৰিছিল নেকি ?
উঃ নাই, কেতিয়াও কৰা নাই। মই প্ৰথম গীত বোলছবিতেই গাইছোঁ। ১৯৬৮ চনতেই। মোৰ কাৰো প্ৰতি তেনে ভাব নাছিল।

৩) ‘তেনেকৈ বেঁকাকৈ’, ‘মইনা কোন বিধাতাই সাজিলে’, ‘কি নাম দি মাতিম’ আপোনাৰ জনপ্ৰিয় গীতৰ তালিকাখন অন্তহীন। নিজৰ প্ৰিয় গীত কোনটো জনাব নেকি ?
উঃ মোৰ সকলো গীতেই ভাল লাগে। প্ৰিয় গীত বুলি ক’বলৈ গ’লে বা বাছি ল’বলৈ হ’লে ‘মুকুতা’ বোলছবিৰ ‘নেদেখা নদীৰ সিপাৰে’, ‘অভিযান’ বোলছবিৰ ‘এইখনি গাঁও বুকুৰ আপোন’, ‘ললিতা’ বোলছবিৰ ‘আঁকিলা মোৰ পদূলিত’ (এই গীতটি প্ৰথম ৰোমাণ্টিক গীত হিচাপে অভিহিত কৰিব পাৰি) – এই গীতকেইটিৰ কথাকেই ক’ব লাগিব।

৪) আন কোনো গায়কে গোৱা কোনো গীত যিটো আপুনি গাবলৈ ভাল পালেহেঁতেন ?

উঃ জয়ন্ত হাজৰিকাৰ ‘বনৰীয়া ফুল’ৰ গীত আৰু ‘এই আকাশ বৰ বিশাল’ – এই গীতদুটি।

৫) আপোনাৰ প্ৰিয় গীতিকাৰ, সংগীত পৰিচালক কোন ? এনে কোনো গীতিকাৰ, সংগীত পৰিচালক যাৰ গীতত কণ্ঠদান কৰাৰ ইচ্ছা থাকি গ’ল বা আছে ?
উঃ প্ৰয়াত সুধীৰ দাসগুপ্ত, সংগীত পৰিচালক। তাৰ উপৰি জয়ন্ত হাজৰিকাৰ গীতত কণ্ঠদান কৰাৰ ইচ্ছা আছিল।

৬) কেতিয়াও বলিউডৰ কথা ভবা নাছিল নে ?
উঃ মই অতি কমেও ৪৫খন ছবিত ৪০০ৰো ওপৰ গীত গাইছো। ১৯৭২ চনত বম্বেলৈ গৈছিলো। তাত সকলোৱে কৈছিল, অসমত গৈ কি কৰিবা, ইয়াতে থাকা। সেই সময়ত অসমত মাথোঁ ‘জ্যোতি চিত্ৰবন’ আছিল। ৰেকৰ্ডিং কৰিবলৈ প্ৰায়েই কলিকতা, মুম্বাই যাবলগা হৈছিল। ১৯৬৮ চনত যেতিয়া ‘ডাঃ বেজবৰুৱা’ বোলছবিত গীত গাইছিলো, ৰেকৰ্ডিং হৈছিল কলিকতাত, সেই দিন ধৰি প্ৰায়েই মুম্বাই, কলিকতা ঘূৰি ফুৰিছিলো। কলিকতাখন নিচেই চিনাকি আৰু অতিকে আপোন হৈ পৰিছিল। কিন্তু বলিউডৰ কথা ভাবিলেও, জন্মভূমিৰ মোহে মোক মোৰ অসমতেই ধৰি ৰাখিলে।

৭) শিল্পীৰ স্বাধীনতা আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে ক’ব নেকি ? এজন শিল্পী ৰাজহুৱা জীৱনত/ব্যক্তিগত জীৱনত খুব সতৰ্ক হ’বলৈ বাধ্য নেকি ?
উঃ শিল্পী স্বাধীন হয়। শিল্পী এক স্বকীয় সত্তা। কিন্তু অকল গীত গাই থাকিলেই নহ’ব। সামাজিক দায়বদ্ধতা, সমাজখনৰ প্ৰতি কৰিবলগীয়া কাম বহুত থাকে শিল্পীৰ।

৮) বৰ্তমানৰ কোনো শিল্পীৰ মাজত আপুনি আপোনাৰ অভিব্যক্তি বিচাৰি পায় নেকি ?
উঃ নাই নাপাওঁ। পাবলৈ নায়েই। মোৰ অনুভৱেৰে ক’বলৈ গ’লে, আজিকালি কিছুমান গীতৰ শব্দবোৰ একেবাৰে সস্তীয়া। মোৰ নিজা অভিব্যক্তি তাত কেনেকৈ বিচাৰি পাম!

৯) এজন গায়ক হ’বলৈ ট্ৰেইনড হোৱাটো কিমান জৰুৰী ?
উঃ Basic ক্লাছিকেল খুব দৰকাৰ। কিন্তু মই সময় মিলাব নোৱাৰিলো। বোলছবিত গীত গাই থাকোতে সময়ৰ নাটনি হ’ল। কিন্তু ছেমি ক্লাছিকেলত মই কণ্ঠদান কৰিছো। ‘সোণমতী’, ‘ৰজা হৰিশ্চন্দ্ৰ’ ইত্যাদি ছেমি ক্লাছিকেলৰ সমাহাৰেৰে ভৰপূৰ।

১০) সংগীতৰ প্ৰতি ক’ত, কেনেকৈ আকৰ্ষিত হ’ল ? আপোনাৰ অনুপ্ৰেৰণাৰ উৎস ?
উঃ মই খুব গান শুনিছিলো। সময় পালেই আমাৰ ঘৰত থকা ৰেডিঅ’টো পকাই থাকো। গুণগুণাই ভাল পাওঁ গানবোৰ। ৰফী চাহাব, ছাইগলৰ গীতবোৰ প্ৰায়েই বাথৰুমত গাবলৈ চেষ্টা কৰিছিলো। আৰু গাইছিলোও ঘৰত। এনেকৈ থাকোতে দাদাহঁতে ভাবিলে, মই ভাল গান গাব পাৰিম। সেয়ে দাদা ৰমেন বৰুৱাই মোক তেওঁৰ ২৬খন ছবিত গীত গোৱাইছিল। ঘৰখনেই মোৰ অনুপ্ৰেৰণাৰ মূল উৎস। মাহঁতে কেতিয়াও গীত গোৱাত বাধা দিয়া নাছিল। সংগীত, সংস্কৃতিৰ মূল বীজ মই ঘৰখনতেই পাইছো। তাৰ উপৰিও দাদা ব্ৰজেন বৰুৱা, ৰমেন বৰুৱাৰ অনুপ্ৰেৰণাই মোক সংগীত জগতত খোজ আগ বঢ়াবলৈ বাৰুকৈয়ে উদগনি যোগাইছিল।

১১) তাহানিৰ গীতবোৰৰ মাজত এনে কি মায়া আছে, যিবোৰে আজিও আৰু হয়তো আহিবলগীয়া দিনবোৰতো মানুহক চুম্বকৰ দৰে আকৰ্ষণ কৰিব?
উঃ তাহানিৰ গীতবোৰত মেল’ডিত খুব জোৰ দিছিল। যিটো আজিকালিৰ গীতসমূহত কম দিয়া যেন ব্যক্তিগতভাৱে মোৰ অনুভৱ হয়। আনকি মই যেতিয়া বিহুৰ সময়ত গীত গাবলৈ যাওঁ, তেতিয়া মোলৈ বিহুগীত গোৱাৰ অনুৰোধৰ পৰিৱৰ্তে মই ইতিমধ্যে বোলছবিত গোৱা গীতবোৰ গাবলৈহে অনুৰোধ কৰা দেখো ৰাইজক। এই মায়া আচলতে মেল’ডিৰ মায়া।

১২) প্ৰথম ৰেকৰ্ডিং হোৱা গীতটি আৰু সেই দিনটোৰ অনুভৱ !
উঃ ১৯৬৮ চনৰ নৱেম্বৰ মাহ। গীতটি আছিল ‘কি নাম দি মাতিম’। অলপ ভয় লাগিছিল, নলগা নহয়। লগত গাইছিল নিৰ্মলা মিশ্ৰই। তেওঁ তেওঁৰ সুন্দৰ কণ্ঠৰে যেতিয়া ‘কি নাম দি মাতিম’ বুলি গাবলৈ আৰম্ভ কৰিলে, মেল’ডি ঢালি, ময়ো সকলো ভয়-ভীত পাহৰি ‘যি নাম দি মাতা’ বুলি আৰম্ভ কৰি দিছিলো।

১৩) যদি গায়ক নহ’লহেঁতেন ?
উঃ মই ক্ৰিকেট খেলি খুব ভাল পাইছিলোঁ। বহুত Match খেলিছিলোঁও। যদি গায়ক নহ’লোহেঁতেন, ক্ৰিকেট খেলিলোহেঁতেন। কিন্তু তাত পঞ্চলিছ বছৰৰ ঊৰ্ধ্বত অৱসৰ ল’ব লাগিলহেঁতেন। গানবোৰ কিন্তু গাই যাব পাৰিম আজীৱন।

১৪) বৈবাহিক জীৱনত সুখী হ’বলৈ পতি-পত্নী একে জাতি-ধৰ্মৰ হোৱাতকৈ, বুজাবুজিৰহে বেছি দৰ্কাৰ। যেনেদৰে দুয়ো দুয়োকে চাই থকাটোহে প্ৰেম নহয়, দুয়ো একেফালে চাই থকাটোহে প্ৰেম বুলি কোৱা হয়, ঠিক তেনেদৰে বিশ্বাস আৰু ভালপোৱাটোহে সংসাৰৰ মূল ধৰ্ম। আপুনি কি ক’ব বিচাৰে এই সম্পৰ্কে?
উঃ  জাতি-ধৰ্ম এইবোৰ মানুহে সৃষ্টি কৰি লোৱা বস্তু। এজন মানুহক যদি ক’লা কাপোৰ চকুত বান্ধি এডোখৰ ঠাইলৈ লৈ যোৱা হয়, তেওঁৰ সন্মুখত যদি তিনিজন মানুহ বহাই হাতৰে চুই চাই ক’বলৈ কোৱা হয় কোনজন কি ধৰ্মৰ কোৱা বুলি, তেওঁ কেতিয়াও অমুকজন হিন্দু, খ্ৰীষ্টান অথবা অমুকজন মুছলিম বুলি ক’ব নোৱাৰিব। কাৰণ সকলোৰে চিনাকী মানুহ। সংসাৰ কৰিবলৈও ভালপোৱা, বিশ্বাস জৰুৰী। জাত-পাত, ধৰ্ম নহয়।

১৫) ফুৰিবলৈ ভাল পোৱা আপোনাৰ প্ৰিয় ঠাই?
উঃ অসমৰ ডিব্ৰুগড় আৰু তেজপুৰ ফুৰিবলৈ মই খুব ভাল পাওঁ। অসমৰ বাহিৰত কলিকতাত ফুৰি মোৰ ভাল লাগে।

১৬) আগন্তুক পৰিকল্পনা?
উঃ মোৰ কণ্ঠত ৰাইজে আঁকোৱালি লোৱা আৰু ৰাইজৰ মতে জনপ্ৰিয় গীতবোৰ, যিবোৰ জনপ্ৰিয়তাৰ আঁৰত আছে গীতিকাৰ, সুৰকাৰ, পৰিচালকৰ কৃতিত্ব, সেই মেল’ডিয়াছ গীতবোৰ পুনৰ উলিওৱাৰ (বাণীবদ্ধ কৰাৰ) পৰিকল্পনা আছে।

(সাক্ষাৎগ্ৰহণকাৰী ফাৰণাজ নাৰ্গিছ দুৱৰা এগৰাকী প্ৰতিভাবান কবি, লেখিকা। শাস্ত্ৰীয় সঙ্গীতৰ বিশাৰদ নাৰ্গিছৰ ইতিমধ্যেই ৰিচাইকল বিন শীৰ্ষক এখনি প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে।)

Leave a Reply

Your email address will not be published. Required fields are marked *