শিল্প-কলা-সংস্কৃতি

সাম্প্ৰতিক অসমীয়া সংগীত, শ্ৰোতাৰ শ্ৰেণীবিভাজন, পুঁজিবাদ, ৰাজনীতি, শিল্পীৰ দায়বদ্ধতা ইত্যাদি- (প্ৰাগজ্যোতি গগৈ)

ভূপেন হাজৰিকাৰ “দোলা দোলা” গানটো শ্ৰমিকৰ গান, শোষিতৰ গান, খাটিখোৱা জনগণৰ গান, সৰ্বহাৰাৰ গান। গানটো জনগণৰ কাষ চপা বা জনগণে গানটোক আঁ‌কোৱালি লোৱাৰ কাৰণ এইটো নহয় যে টেকনিকেলি আৰু লিৰিকেলি ই এক উচ্চ পৰ্যায়ৰ বা উচ্চ মানৰ গান। বৰঞ্চ কাৰণ এইটোহে যে গানটোত খাটিখোৱা মানুহৰ কথা আছে বা তেওঁ‌লোকৰ মাজত গানটো সোমাই পৰিছে বা তেওঁ‌লোকক লৈয়েই গাইছে আৰু সেইবাবেই সৰ্বসাধাৰণ লোকেও গানটোক সমান আদৰেৰে আঁকোৱালি লৈছে। গানটোৰ টেকনিকেল আৰু লিৰিকচৰ মানদণ্ড নিৰূপণৰ কথাটো খাটিব কলাসুলভ কিম্বা গানৰ ৰুচি থকা মানুহৰ ক্ষেত্ৰতহে। এইখিনিতে এটা ডিভিজন আহি পৰে। সাধাৰণ শ্ৰোতা আৰু কলাসুলভ ৰুচিৱান শ্ৰোতা। এতিয়া ৰুচিৱান শ্ৰোতাৰ মাজত এনে লোক আছে যাৰবাবে গান শুনাটো এক বিলাস। ধৰক, মই ভূপেনৰ গান এটা শুনিলোঁ, বৰ্তমানৰ অসমীয়া গানেৰে ৰিজাই সন্তোষ লভিলোঁ আৰু টুলুঙা শ্ৰেণীৰ গান শুনা দুই-একক তিতকাৰি মাৰি নিজকে এখোপ ওপৰত ৰাখিলোঁ‌। ই এক মধ্যবিত্তীয় কাৰবাৰেই। ৰুচিৱান শ্ৰোতাৰ মাজত এইখিনিতে এক চাব-ডিভিজন আহি পৰে। সেইটো হ’ল মধ্যবিত্ত এলিট শ্ৰোতা। এই ৰুচিৱান শ্ৰোতাসকল হ’ল গানৰ ৰুচি থকা সম্ভ্ৰান্ত কলাপ্ৰেমী শ্ৰোতা। এইসকলৰ বাবে গান এটা ভাল লগাৰ ক্ষেত্ৰত গানৰ বাৰ্তা, গানৰ অৰ্থ, গানৰ গভীৰতা, লিৰিকচৰ ডিমাণ্ড, গায়কীৰ ভকেল কোৱালিটী, আৰু লগতে গানৰ কম্পজিশ্যন কিম্বা কাৰিকৰী দিশখিনি বিবেচনাৰ থল হ’ব আৰু সেইমতে গান এটাক গান বুলিব পৰা যাব। মুঠৰ ওপৰত ইয়াত গান এটাৰ কলাত্মক দিশটোত গুৰুত্ব দিয়া যাব। সাধাৰণ শ্ৰোতাৰ ক্ষেত্ৰত কাৰবাৰটো হ’ব ঠিক আজৰি সময়ত গান এটা শুনা টাইপৰ। ইয়াত গানৰ টেকনিকেল দিশখিনি বা গায়কী আৰু লিৰিকচৰ ডিমাণ্ডৰ কথাটো প্ৰায়ক্ষেত্ৰতেই নাহে। ই কেৱল এণ্টাৰটেইনমেণ্টৰ মাধ্যম। কোনো বিয়াঘৰত কিবা এটা বাজিল, বাজিব লাগে বাবেই বাজিল, কোনোৱে নাচিলে, অলপ ফূৰ্তি কৰি নাচিব লাগে বাবেই নাচিলে। ইয়াত লিৰিকচৰ কথা নাই, গায়কীৰ ডিমাণ্ড কিম্বা কাৰিকৰী দিশখিনিৰ কথাও ইয়াত নাহে। ই হ’ল এক কমপ্লিট এণ্টাৰটেইনমেণ্ট। একেদৰেই বাছে-গাড়ীয়ে যাওঁ‌তে কিবা গান বাজিল, এইবোৰ হ’ল বাজিব লাগে বাবেই বজা বা অলপ ৰং ৰহইচৰ নিমিত্তেই চলা গান। বৰ্তমান প্ৰেক্ষাপটত অসমীয়া সংগীতৰ জগতখনত একধৰণৰ তৰল শ্ৰেণীৰ গানে (যিবোৰত পুৰুষতান্ত্ৰিক উপাদানৰ লগতে বডি শ্বেমিং, ইভটিজিঙৰ উপাদানো থাকে) বজাৰ দখল কৰাৰ লগতে সমাজ জীৱনতো সোমাই গৈছে। এই শ্ৰেণীৰ গানবোৰত বিসংগতি থকাৰ লগতে কেতবোৰ সমাজ বাস্তৱিক উপাদানো থাকে যাৰবাবে সাধাৰণ শ্ৰোতাৰ মাজৰ এচাম নৱ প্ৰজন্মৰ যুৱক-যুৱতীয়ে এইসমূহ গানৰ প্ৰতি আকৃষ্ট হৈছে বা গানসমূহ আঁ‌কোৱালি লৈছে। কিন্তু গান হিচাপে এইবোৰ উচ্চমানৰ নহয় আৰু ইবোৰৰ লিৰিকচসমূহো বিসংগতিপূৰ্ণ। একালত অসমীয়া বিহুৰ ভিচিডিৰ বেচ উজান উঠিছিল। বৰ্তমানে সেই ভিচিডিৰ জামানা বাৰু নাই কিন্তু সেইশ্ৰেণীৰ বিহুসুৰীয়া গীতৰ ডিমাণ্ড এতিয়াও গাঁ‌ৱে-ভূঁ‌ইয়ে, চুকে-কোণে বৰ্তি আছে। ভিতৰুৱা গাঁৱে-ভূঁ‌ইয়ে এতিয়াও এইশ্ৰেণীৰ গীতৰ আজিও সমাদৰ আছে। আচলতে এইশ্ৰেণীৰ গীতৰ গাঁ‌ৱলীয়া সমাজ জীৱনৰে সাংঘাতিক মিল আছে। আৰু নোমটেঙৰ ভিচিডি নিৰ্মাতাই গাঁ‌ৱলীয়া চহা জীৱনৰে ৰজিতা খুৱায়েই আৰু লগতে প্ৰেমৰ মচলা সানি ইবোৰৰ কাহিনী গাঁ‌ঠিছিল যাতে ভিচিডিৰ বেপাৰখন ভালদৰে পকাকৈ চলে আৰু ইয়াত দৰ্শক ( কাষ্টমাৰ) হিচাপে টাৰ্গেট কৰা হৈছিল গ্ৰাম্যাঞ্চলৰ লোকসকলকেই। সেই ভিচিডিসমূহৰ মূল আৰু একমাত্ৰ বিষয় আছিল প্ৰেম। যি প্ৰেমে গাঁ‌ৱৰ যুৱক-যুৱতীৰ মনবোৰ একালত জীপাল কৰি ৰাখিছিল। আৰু যাৰেই আঁ‌ত ধৰি ভিচিডিসমূহৰ কাহিনীত দেখুওৱাৰ দৰেই জীৱনে-মৰণে মই তোৰ, তই মোৰ জাতীয় চেঙেলীয়ামিত মত্ত হৈ ফুঁ‌কলীয়াতে পলাই গৈ বিবাহকাৰ্য সম্পন্ন কৰাৰ নজিৰো এইক্ষেত্ৰত নোহোৱা নহয়। এই ভিচিডিসমূহ আছিল এইক্ষেত্ৰত একধৰণৰ প্ৰেৰণাৰ উৎস। বাৰু সেইখিনি বাদ। এইখিনিতে সেই ভিচিডিসমূহৰ গানৰ এক দৃষ্টান্ত দাঙি ধৰোঁ‌- লাও ডাঙৰ হয় পাতৰ তলত তিৰোতা সদায় পুৰুষৰ তলত। ছোৱালী হৈছে বৰশীৰ টোপ ল’ৰাই দেখিলে মাৰিব খোট।। ৰেজ গেজ গেজ ৰেজ গেজ গেজ চুটি কাপোৰে নাঢাকে পেট। উপৰোক্ত গানটো অসমীয়া ফকৰা যোজনাৰপৰা তুলি অনা হৈছে। এইদৰে ফকৰা যোজনা, ডাকৰ বচন, পূৰ্বৰ বিহুগীত, বনগীত, গৰখীয়া গীতৰপৰা বৰ্তমানৰ গায়ক, গানৰ নিৰ্মাতাসকলে এনে কিছুমান উপাদান বাছি লয় যিবোৰ বিসংগতিপূৰ্ণ। পূৰ্বতে অনাখৰী সমাজত, অনাখৰী লোকৰ মুখে-মুখে প্ৰচলিত এই গীতসমূহত থকা উপাদানবোৰ সমস্যাজনক কিবা হিচাপে বিবেচিত হোৱা নাছিল কিম্বা সেই হিচাপেই সমাজত প্ৰচলন হৈ আহিছিল। কিন্তু বৰ্তমান প্ৰগতিকামী সমাজ জীৱনত, প্ৰগতিশীল চিন্তা চেতনাৰ উন্মেষ ঘটাৰ ফলত ইবোৰত থকা পুৰুষতান্ত্ৰিক, বৰ্ণ বৈষম্য, বডি শ্বেমিং, ইভটিজিঙৰ উপাদানবোৰ আন্ধাৰ ফালি পোহৰলৈ ওলাই আহিল। আৰু এইক্ষেত্ৰত, সেই পূৰ্বৰ সমস্যাজনক উপাদানবোৰকেই বাছি লোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ গীত ৰচোতা, গায়কসমূহৰ চিন্তাধাৰাৰ ৰক্ষণশীল দিশ এটাই ফূটি উঠে। অনুৰূপভাৱে সেইসমূহ গীতকে চহা জীৱনত আদৰি লোৱাটোৱে ইয়াকেই সূচায় যে সিবোৰ সমাজ বাস্তৱতাৰে এক অংগ। এতিয়াও বাহাল থকা উপাদান। আজিও গাঁ‌ও অঞ্চলত তিৰোতাক পুৰুষতকৈ তলৰ হিচাপে গণ্য কৰা হয়, এতিয়াও ছোৱালীক উদ্দেশ্যি মাল, বৰশীৰ টোপ জাতীয় শব্দবোৰ এৰা হয় আৰু এতিয়াও চুটি কাপোৰ পিন্ধিল বুলিয়েই ছোৱালীক বেয়া দৃষ্টিৰে চোৱা হয়। আৰু এই গোটেইখিনি গাঁ‌ও নহয় চহৰতো হয়। সমতা, নাৰী স্বাধীনতা, নাৰীবাদ সংক্ৰান্তীয় কথাবোৰ একাংশ প্ৰগতিকামী, শিক্ষিত লোকৰ মাজতেই বৰ্তি ৰৈছে। কোনো চিটিবাছত গৈ থাকোঁতে এইধৰণৰ গান শুনি আপোনাৰ ৰুচিপূৰ্ণ মনৰ মাজত ক’ৰবাত কিবা এটাই যদি ৰিঙিয়াই উঠিছে, কিবা এক তৃপ্তি যদি বিচাৰি পাইছে তেন্তে জানিব এইধৰণৰ মানসিকতা আপোনাৰ ভিতৰতো আছে। যদি কাৰবাৰটো এনে হয় যে আপুনি উচ্চমানৰ ৰুচিসন্মত গান শুনে আৰু নিজকে ৰুচিৱান কলাপ্ৰেমী লগতে প্ৰগতিশীল বুলি দাবী কৰে আৰু ইফালে যদি কোনো চহা, শ্ৰমিক, অৰ্দ্ধশিক্ষিতৰ মোবাইলত বাজি উঠা এইশ্ৰেণীৰ লিংগ বৈষম্যপূৰ্ণ উপাদানেৰে ভৰপূৰ গান শুনি ৰোমাঞ্চিতও হৈ উঠে, তেন্তে এইখিনিতে আপোনাৰ চিন্তাৰ ৰোমাণ্টিকতাই পৰিস্ফূট হৈ উঠিব। ধৰক, কোনো বিয়াঘৰ বা কোনো পাৰ্টীত আপুনি বহি শুনি আছে। কাষতে ডিজে বক্সত গান বাজি আছে। আপোনাৰ শুনি অস্বস্তি লাগিছে। ধৰক, আপুনি এজন কলাপ্ৰেমী লোক, গানৰ ৰুচিৱান শ্ৰোতা। কোনো কলাসুলভ কাৰবাৰ নথকা সস্তীয়া শ্ৰেণীৰ গান শুনি আপোনাৰ অস্বস্তি লাগিবৰে কথা। যিহেতু আপুনি তেনেধৰণৰ গান নুশুনে। আপুনি বিৰক্ত হৈ বহি আছে। কিন্তু আন দহজনে বা অধিকাংশই গানটো ভাল পাইছে, সেই গানৰ তালে তালে নাচিছে, গাই-বাই ফূৰ্তি, ৰং ৰহইচ কৰিছে। আপোনাৰ বাহিৰে প্ৰায় সকলোৱে ধুনীয়াকৈ গানটো উপভোগ কৰিছে। এইক্ষেত্ৰত দেখা গ’ল যে আপুনি এলিনেটেড হৈ পৰিল। তাৰ পৰৱৰ্তী সময়ত আপুনি ঘৰলৈ আহিল। হাত, মুখ ধুই ফ্ৰেচ হৈ আহি অকলে কোঠাত বহি নিৰলে এপেগ মাৰি শান্তিৰে আপোনাৰ ভাললগা কাৰোবাৰ গান শুনিলে আৰু অকলে অন্ধকাৰত গানত ডুব গ’ল। এয়া এলিনেচনৰ দ্বিতীয় পৰ্ব। তাৰ পৰৱৰ্তী সময়ত আপুনি ধৰক কাৰোবাৰে কথা পাতিলে গান সংক্ৰান্তত। অসমীয়া গান সংক্ৰান্তীয় কথা পাতি থাকি আপুনি সিজনাক ভূপেন, জয়ন্তৰ গান শুনেনে নুশুনে সোধাৰ লগতে তেখেতৰ প্ৰিয় কোনো অসমীয়া গায়কৰ নাম জানিব খুজিলে। ধৰক সিজনাই নতুন প্ৰজন্মৰ কোনোবা গায়কৰ নাম ক’লে যিজন ভূপেন, জয়ন্তৰে কোনো তুলনাই নহয়। বৰ্তমানে অসমীয়া সংগীতত দুই একৰ গান ৰেণ্ডমলী ভাল হয় বা তেনে দুই এক গায়কো আছে, কিন্তু সেই সকলোবোৰ একেমুখে অস্বীকাৰ কৰি আপুনি ভূপেন-জয়ন্তকে সাৰথি কৰি আঁ‌কোৰগোজ হৈ বহি থাকিল। এইখিনিতে আপুনি ৰক্ষণশীল মনোভাৱৰ লগতে এলিট মধ্যবিত্তৰ এক সুকীয়া আৱেষ্টনীৰে নিজকে এক কমফোৰ্ট জ’নত ৰাখি থ’লে, য’ত আপোনাৰ এটা নিৰ্দিষ্ট জনাৰ থাকিল বা য’ত আপুনি নিৰাপদ ফিল কৰে বা তেওঁ‌ৰ গানহে শুনে। ই হ’ল এলিনেচনৰ তৃতীয় পৰ্ব। এইটোৱে নতুনত্বক অস্বীকাৰ কৰি এক ৰক্ষণশীল মনোভাৱৰ পৰিচয় দিয়াৰ লগতে সমাজ বাস্তৱতাৰ কেতবোৰ দিশ আওকাণ কৰে।এইখিনিতে আৰু এটা কথা আমি বিবেচনাৰে চাব পাৰোঁ যে গান, চিনেমা, নাটক, কবিতা, সাহিত্য, চিত্ৰকলা ইত্যাদি দিশসমূহত শোষিত শ্ৰেণীটোৰ বিশেষ অৱদান নাথাকে, কাৰণটো মূলতঃ অৰ্থনৈতিক। এই শোষিতৰ অৰ্থটো যদি আমি মাৰ্ক্সৰ ক্লাচ বেচড চোচাইটিৰ আওঁ‌তাৰে ইকন’মিকেলী চাওঁ‌ তেন্তে সি হ’ব প্ৰলিটেৰিয়েট ক্লাচ। কলাৰে ওতপ্ৰোতভাৱে জড়িত শ্ৰেণীটো হ’ল মিডল ক্লাচ বা মধ্যবিত্ত শ্ৰেণী। কাৰবাৰটো একধৰণৰ ট্ৰেডিশ্বনৰ অন্তৰ্ভূক্ত য’ত কলাৰ প্ৰশংসা কৰা, ৰুচি অনুযায়ী সেই কলাৰ মানদণ্ড নিৰূপণ কৰা, কলাক কলাৰূপে স্বীকৃতি দিয়া, ক্ৰয় কৰা বা কলাৰ মাৰ্কেট ভেল্যু মূল্যাংকন ইত্যাদিবোৰ মধ্যবিত্ত, উচ্চ মধ্যবিত্ত, উচ্চবিত্ত শ্ৰেণীৰ লোকৰ মাজতেই সম্পন্ন হয় য’ত প্ৰোলিটেৰিয়েটৰ মূলত বিশেষ সকাম নাথাকে। ধৰা হ’ল, এজন সাধাৰণ দিন-হাজিৰা কৰা মানুহে দিনে-ৰাতিয়ে মেহনতিৰ অন্তত সপ্তাহৰ কোনো এটা দিন পৰিবাৰৰে চিনেমা চাবলৈ গ’ল। ইয়াত চিনেমাখন কলাসন্মত নে কি সেয়া তেওঁ‌ৰ বাবে জৰুৰী নহয়। ইয়াত চিনেমা কি সেইটোও তেওঁ‌ৰ বাবে প্ৰয়োজনীয় কথা নহ’ব পাৰে। এয়া তেওঁ‌লোকৰ বাবে এক বিনোদন। একঘেঁ‌য়ামি কষ্টকৰ জীৱন এটা কটাই মাহৰ কোনো এটা দিন চিনেমা চাবলৈ যোৱাতো তেওঁ‌বিলাকৰ দৈনন্দিন জীৱন সংগ্ৰামৰ পৰা ওলাই আহি বা তাৰ বাহিৰৰ এক আমোদ কিম্বা সুখ। সাহিত্য, সংস্কৃতি, গান, নৃত্য, চিনেমাৰ ৰুচিবোধ কিম্বা কলাৰ কথাবোৰ আমি যিমানেই পাতিম সেয়া এলিট মধ্যবিত্তৰ আৱষ্টনীৰ মাজতেই থাকে। সেই এলিট মধ্যবিত্তৰ আৱেষ্টনীৰপৰা বাহিৰলৈ কলাক উলিয়াই আনি সৰ্বসাধাৰণৰ মাজলৈ লৈ আনিব পৰাসকলেই মহান। যিমানেই কলা এই এলিট আৱেষ্টনীৰ মাজতেই সুমাই থাকিব সিমানেই শ্ৰেণীবিভাজনৰ স্বৰূপটোৱেই প্ৰকট হ’ব। গানৰ ক্ষেত্ৰতো তেনেদৰে দুটা স্বৰূপ সুস্পষ্ট হ’ব- সাধাৰণ শ্ৰোতা আৰু ৰুচিবোধসম্পন্ন এলিট শ্ৰোতা। সাধাৰণ শ্ৰোতাৰ মাজত থাকিল সাধাৰণ কিম্বা সৰ্বহাৰাৰ মাজৰ এজন, যি শিক্ষা-দীক্ষাতো হ’ব পিছপৰা আনহাতে এলিট শ্ৰোতাজন হ’ব মধ্যবিত্তীয়, যি শিক্ষিত। যি দুটা কথা জানে বা দুই চাৰিখন কিতাপ পত্ৰও পঢ়িছে। সাধাৰণ শ্ৰোতাৰ চইচ হ’ল ধৰক সাধাৰণ গানবোৰ, যিবোৰ বৰ্তমান গানৰ বজাৰত চলে বা যিবোৰৰ লিৰিকচসমূহত বাৰেপাচি বিসংগতিপূৰ্ণ উপাদান থাকিলেও একধৰণৰ সমাজ-বাস্তৱতা আছে যাৰবাবে তেওঁ‌বিলাকে ইয়াক আঁ‌কোৱালি লৈছে। কোনো দুখীয়া খেতিয়ক বা কোনো শ্ৰমিকৰ বাবে দিনজোৰা পৰিশ্ৰমৰ অন্তত গা টঙাই যাব পৰা এক গান যাক শুনি দুপেগ ফটিকা খাই ভাগৰ পাহৰি এপাক মন গ’লে নাচিও দিব পাৰি। এসময়ত একশ্ৰেণীৰ পেৰ’ডী গীতেও অসমীয়া জনমানসত সমাদৰ পাইছিল। তেনে এটি পেৰ’ডী গীত হ’ল “অ’ মোৰ লোকেল চুলাই, তই ক’লৈনো ঢাপলি মেলিছ, ৰঙাপানীৰ বটলৰ উৎপাত দেখি তই কিয়নো লাজতে লুকাইছ”। এইটো ভূপেনৰ “লুইতৰে বলিয়া বান” গীতটিৰ পেৰ’ডী। এই পেৰ’ডী গীতটো সৃষ্টিৰ আঁ‌ৰত শ্ৰমিকৰ জীৱনৰ প্ৰভাৱ আছে। দিন হাজিৰা কৰি ফুৰা শ্ৰমিকে সন্ধিয়া ঘাটিত বহি দুপেগ মাৰি দিনটোৰ হাঢ়ভগা পৰিশ্ৰমৰ কথা পাহৰে। কালিলৈ আছেনে নাই কোনে জানে, কালিলৈ খাবলৈ পায়নে নাপায় থাকে বা নাথাকে কোনে জানে? এদিনৰ ভাগৰ মাৰিবলৈ লোকেল চুলাই খাই পিছদিনা আকৌ একেই নিত্য নৈমিত্তিক কাম। তাৰবাবেই জীৱনটো ৰঙীণ কৰিবলৈ, জীয়াই থকাৰ মজা ল’বলৈ লোকেল চুলাইৰ আশ্ৰয়। ইয়াত লোকেল চুলাইয়ে সৰ্বহাৰাক প্ৰতিনিধিত্ব কৰিছে। ৰঙাপানী তেওঁ‌লোকৰ বাবে বিলাসৰ বস্তু। যাক তেওঁ‌লোকে কিনিব নোৱাৰে। ৰঙাপানী হ’ল ইয়াত বুৰ্জোৱা কিম্বা পেটী বুৰ্জোৱাৰ প্ৰতিভূ। ধেমালিৰ চলেৰে হ’লেও এই পেৰ’ডী গীতটোৱে সমাজৰ শ্ৰেণী বিভাজনৰ কথাই কৈছে। আৰু সেই লোকেল চুলাই খাই দিনৰ ভাগৰ মৰা কোনোৰ বাবে গানটো নিজৰ গান হৈ উঠিছে। পেৰ’ডী হ’লেও গানটো সাংঘাতিক বাস্তৱ জীৱনৰ প্ৰতিফলন। ৰঙাপানী আৰু চুলাইৰ মাজৰ পাৰ্থক্যৰ দৰেই ইয়াত আছে সমাজৰ অৰ্থনৈতিকভাৱে উচ্চ আৰু নিম্ন শ্ৰেণীৰ বিভাজন। অৰ্থনৈতিক দিশটো ইয়াত মাৰ্ক্সৰ বিবেচনাৰে সাঙুৰি লোৱা গ’ল। আৰু এই বিভাজনটি যদি আমি শিল্পকলাৰ ক্ষেত্ৰতো চাওঁ কথা একেটাই। একেটাই যদি আমি গানৰ ক্ষেত্ৰত চাওঁ‌, ৰুচিবোধসম্পন্ন মধ্যবিত্তই শুনা গান আৰু সাধাৰণ জনগণৰ গান, দুয়ো পৃথক। বৰ্তমান অসমীয়া সংগীতৰ সৈতে জড়িত জনপ্ৰিয় শিল্পীসকল আৰু তেওঁ‌লোকৰ গানৰ ক্ষেত্ৰত কেইটামান বৈশিষ্ট্য সততেই চকুত পৰে। ১) বিষয়বস্তু বা কনটেণ্টৰ সাৰশূন্যতা, সস্তীয়া উপাদানৰ পয়োভৰ। ২) বিসংগতিপূৰ্ণ কনটেণ্ট। ৩) গায়নশৈলীৰ নিম্নগামিতা। ৪) বজাৰত তিষ্ঠিব পৰাকৈ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ প্ৰতিযোগিতাৰ অৰ্থে গানৰ নিৰ্মাণ কৰা ৫) গায়ক, গীত ৰচোতাৰ কলাসুলভ বা কলাত্মক শৈলীৰ অভাৱ। ৬) শিল্প সম্পৰ্কে সঠিক জ্ঞানৰ অভাৱ বা খেনোৰ সেয়া থাকিলেও তাক একাষৰীয়া কৰি প্ৰতিযোগিতাৰ দৌৰত অৱতীৰ্ণ হোৱা। ৭) সামাজিক দায়ৱদ্ধতাৰ অভাৱ বা দায়ৱদ্ধতা ক’ৰপৰা আহে কিছুৰ বোধকৰোঁ‌ সেই বোধশক্তিৰো অভাৱ। ৮) উপযুক্ত সংগীত সাধনাৰ অভাৱ।বৰ্তমানে একাংশ গীত ৰচোতাই পূৰ্বৰ সমাজ জীৱনত প্ৰচলিত বিহুগীত, বনগীত, ফঁ‌কৰা-যোজনা, ডাকৰ বচনৰ এনে কিছু অংশ বা এনে একোটা থিম বাছি লয় যিবোৰ পুৰুষতান্ত্ৰিক, লিংগ বৈষম্যতাৰে ভৰা নহ’লে বা তাত ইভটিজিঙৰ উপাদান থাকিব। একালত প্ৰচলিত গীতৰ এনে উপাদানসমূহ বৰ্তমান প্ৰেক্ষাপটত, এক প্ৰগতিশীল চিন্তাৰ উন্মেষ ঘটা সমাজ জীৱনত এপ্লাইৰ বেলিকা তাৰ ভাল-বেয়া কিম্বা পজিটিভ-নিগেটিভ প্ৰভাৱৰ কথাটোৰ ক্ষেত্ৰত এইসকল একেবাৰেই উদাসীন বা সেই সম্পৰ্কে সম্যক জ্ঞানো তেৰাসৱৰ নাই যেন লাগে। এইসমূহ আচলতে তেওঁ‌লোকৰ চিন্তা-চেতনাৰেই প্ৰতিফলন। তেওঁ‌লোকৰ মৌলিক সৃষ্টিসমূহতো প্ৰায়ভাগ তেনে উপাদানেৰেই ভৰপূৰ। এইবোৰৰ প্ৰভাৱ বৰ্তমান সমাজ জীৱনতো পৰে। এইক্ষেত্ৰত তেওঁ‌লোক একো একোজন দায়িত্বজ্ঞানহীন শিল্পী বুলিলেও অত্যুক্তি কৰা নহ’ব। যি একধৰণৰ ৰক্ষণশীল, পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰে লালিত-পালিত। তেওঁ‌লোকে এইবোৰ গীতেৰে সমাজ জীৱনত মানুহৰ মনত সুপ্ত হৈ থকা পুৰুষতান্ত্ৰিক চিন্তাবোৰ জগাই তোলে। কিছুদিনৰ আগতে জুবিন গাৰ্গে কণ্ঠদান কৰা চুটি কাপোৰ শীৰ্ষক গান এটা ওলাইছিল। এইটোযে অকল নিম্ন মানদণ্ডৰে গান কথা সিয়েই মাথো নহয়, গানটোৰ লিৰিকচখিনিয়েই হ’ল সমস্যাজনক। ইয়াত মহিলাৰ চুটি কাপোৰক লৈ ট্ৰল কৰা হৈছে। এইধৰণৰ গানবোৰে সমাজত নিগেটিভ প্ৰভাৱ পেলায়। জুবিনৰ নামত পাগল ডেকাচামৰ মাজত এনেধৰণৰ গানবোৰে জনপ্ৰিয়তা পাবলৈ ধৰে আৰু তেৰাসৱৰ একাংশৰ মাইণ্ডচেটটোও সেইমতেই গঢ় লয়গৈ। একাংশৰ বাবে জুবিন ভগৱানৰ দৰেই। তেওঁ‌বিলাকে গানটো জুবিনে গাইছে বুলি গানৰ কথাংশ আখৰে আখৰে সমৰ্থন কৰিব পাৰে বা গানত কোৱাৰ দৰেই কালি কি পৰহি কাৰোবাক চুটি কাপোৰ পিন্ধাৰ বাবে পাৰিলে ট্ৰলিঙো কৰি দিব পাৰে। ইয়াতে গায়কৰ দায়িত্ব কিম্বা সামাজিক দায়বদ্ধতাৰ প্ৰশ্নটোৱেই আকৌ আহিব। এইশ্ৰেণীৰ তৰল গীত শুনাৰ বাবে সাধাৰণ শ্ৰোতাক আমি দোষাৰোপ কৰিব নোৱাৰোঁ‌। সাধাৰণ শ্ৰোতাই, সৰ্বসাধাৰণ ৰাইজে তাকেই শুনিব যি তেওঁ‌লোকক শুনোৱা যায়। যিহেতু কলা বা গানৰ ৰুচি সম্পৰ্কে তেওঁ‌লোকৰ সম্যক জ্ঞান নাথাকে। গান শুনাটো তেওঁ‌লোকৰ চখ নহয়। এওঁ‌লোকৰ বাবে জীৱনৰ গান, মানৱতাৰ গান, পূঁ‌জিবাদী গান, সস্তীয়া ৰংচঙীয়া গান, এই সকলোবোৰ হ’ল একেই গান। গান মানে গানেই। কোনবোৰ শুনিব লাগে কোনবোৰ নালাগে সেয়া বাছ-বিচাৰৰ সামৰ্থ তেওঁ‌লোকৰ নাই বা নাথাকে। যিহেতু তেওঁ‌লোকৰ অধ্যয়ন সীমিত। এটা গান তেওঁ‌লোকৰ বাবে হ’ব পাৰে ভাগৰ জুৰোৱা আহিলা, দিনটোৰ শেষত কাম কৰি গধুলি ফটিকা টানোতে মনটো ৰঙীণ কৰিবলৈ লগাই লোৱা কিবা গান। গান শুনাতো তেওঁ‌লোকৰ বাবে জৰুৰী নহয়। এই সাধাৰণ জনগণক উচ্চমানৰ গানবোৰৰ প্ৰতি, মানৱতাৰ, ৰাইজৰ গানসমূহৰ প্ৰতি গানৰ ৰুচিবোধসম্পন্ন শ্ৰোতাসকলে কেনেদৰে আকৰ্ষিত কৰাব বা এইক্ষেত্ৰত তেওঁ‌লোকে কি ভূমিকা ল’ব সি এক গভীৰ উদ্বেগ তথা বিচাৰ্যৰ বিষয়। পুৰণি অসমীয়া গানসমূহত, জয়ন্ত-ভূপেন-দ্বীপেনৰ জামানাত গানৰ এটা কলাসুলভ দিশ আছিল। লিৰিকচৰ মান, গায়ন শৈলী, গীতৰ মানদণ্ড উন্নত আছিল। এই কথা নকৈ নোৱাৰি। ইয়াৰে মাজৰ কিছু গায়কৰ কিছু গীত এভাৰেজ লেভেলৰ হ’লেও এক কলাত্মক স্তৰতেই ৰৈ গৈছিল। তেতিয়া সৰ্বসাধাৰণ ৰাইজ, কলাপ্ৰেমী ৰাইজ সকলোৱে একেমুখে সেইসমূহ গীতৰ প্ৰশংসা কৰিছিল। সেইবোৰ একেমুখে আছিল সাধাৰণ ৰাইজৰো গান আৰু কলাপ্ৰেমী মধ্যবিত্ত শ্ৰোতাৰো গান। কিন্তু বৰ্তমান প্ৰেক্ষাপটত সাধাৰণ শ্ৰোতাৰ চইচ আৰু কলাপ্ৰেমী মধ্যবিত্ত শ্ৰোতাৰ চইচৰ মাজত এটা স্পষ্ট পাৰ্থক্য দেখা যায়। আৰু তাৰ লগতে দেখা যায়, কলাপ্ৰেমী শ্ৰোতাই এই গানৰ বাছনি কিম্বা চইচৰ ক্ষেত্ৰত সাধাৰণৰপৰা আঁতৰি এক মধ্যবিত্ত আৱেষ্টনীৰ মাজত সোমাই তাৰ মাজতেই মানৱতাৰ গানসমূহৰ চৰ্চা কৰে। এইসমূহ একধৰণৰ এলিট চৰ্চা যি সাধাৰণ ৰাইজৰপৰা পৃথক, ক’বলৈ গ’লে যি এক এলিনেচন। এই মধ্যবিত্ত শ্ৰেণীৰ কলাপ্ৰেমী শ্ৰোতাৰ এলিনেচনে সাধাৰণ ৰাইজৰপৰা তেওঁ‌লোকক ক্ৰমে দূৰলৈ লৈ গৈ থাকে। এইক্ষেত্ৰত এইশ্ৰেণীৰ শ্ৰোতাৰ এক দায়িত্ববোধৰ কথাটো অৱশ্যেই থাকিব কিয়নো ইণ্টেলেকচুৱেল শ্ৰেণীটো তেওঁ‌বিলাকেৰেই গঠিত। বৰ্তমান প্ৰেক্ষাপটত গানৰ মানদণ্ড নিম্নগামী হোৱাৰ আন এক কাৰণ হ’ল পুঁজিবাদী সংস্কৃতিৰ প্ৰভাৱ। পশ্চিমীয়া একশ্ৰেণীৰ গান আছে যাৰ থিম হ’ল পুঁজিবাদ বন্দনা। টকা, পইচা, নাৰী, সুৰা, গাড়ী এইসমূহ হ’ল এইবোৰ গানৰ মূল কনটেণ্ট। যদি পশ্চিমীয়া সেই গানসমূহত উক্ত দিশসমূহ কেতিয়াবা satiricaly ও প্ৰয়োগ কৰা হৈছে আমি কিন্তু তাৰ নিগেটিভ দিশটোহে লৈছোঁ‌। আৰু যেতিয়াই আমাৰ কোনো গায়কে Satirical দিশটো ধৰিব নোৱাৰি গানটোৰ থুলমুলীয়া নকল ভাৰ্ছনৰ দৰে অসমীয়াত নিৰ্মাণ কৰে তাতেই ফূঁ‌টি উঠে উক্ত গায়ক, গান নিৰ্মাতাৰ এবিলিটী কিমান। এনেকুৱা একশ্ৰেণীৰ গান আছে পাঞ্জাৱী গায়কৰ। থিম মূলত নাৰী, টকা, গাড়ী আৰু সুৰা। লোকেচন হ’ল সাগৰৰ বীচ্চ। সাগৰৰ বীচ্চত বিকিনি পৰিহিতা যুৱতীয়ে নৃত্য কৰিব। এইখিনিতে এটা কথা, নাৰীয়ে বিকিনিয়েই পিন্ধিছে নে কি পিন্ধিছে কথাটো সেইটো নহয়, ইয়াত কথাটো হ’ল নাৰীগৰাকীক বিকিনি পিন্ধোৱা হৈছে। ইয়াতেই পুঁজিবাদী দিশটো জড়িত হৈ থাকিব। নাৰীবাদ বনাম পুঁজিবাদী উচ্ছৃংখলতাৰ দিশটো বা নাৰী পণ্য হোৱাৰ দিশটো থাকিব। কাৰ কাৰণে নাৰীয়ে বিকিনি পিন্ধিছে- পুৰুষৰ কাৰণে, কোনে নাৰীক বিকিনি পিন্ধাইছে- পুঁজিবাদসৃষ্ট পুৰুষতান্ত্ৰিক মানসিকতাই। বিকিনি পিন্ধাৰ বাবদ মূল্য কোনে দিছে- পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ মানুহে। ইয়াত বিকিনি নাৰী স্বাধীনতাৰ চিম্বল হৈ উঠা নাই। বৰঞ্চ পুৰুষৰ কামনাৰহে প্ৰতীক। সাগৰৰ পাৰত বালিত পৰি থকা নাৰীগৰাকী হ’ল লাখ লাখ পুৰুষৰ বাবে এক চেনচেচন। এই গোটেইবোৰ হ’ল পুঁজিবাদী উপাদান। ইয়াত কলাত্মক কিবা দিশ কেতিয়াবা থাকিলেও সি গৌণ বা কলাত্মক উদ্দেশ্য আগত ৰাখি এনে গীতৰ নিৰ্মাণ হোৱা নাই বৰঞ্চ ইয়াত পুঁজিবাদী বিলাসীতাৰহে পয়োভৰ দেখা গৈছে। এইশ্ৰেণীৰ গীতবোৰ বজাৰত অহাৰ লগে লগে ৰাইজে ইয়াক আদৰি লৈছে আৰু মূলত এই চিন্তাবোৰ কেউদিশে শিপাই পৰিছে। পুঁজিবাদৰ অনুগ্ৰহতে যি বস্তুবাদী সংস্কৃতিৰ পয়োভৰ ঘটিছে সেই অনুৰূপে মানসিকতাৰ লগতে মানুহৰ ৰুচিৰো পৰিৱৰ্তন ঘটিছে। ইয়াতে এটা কথা প্ৰণিধানযোগ্য যে পুঁজিবাদী সংস্কৃতিৰ ফলতহে এই গানবোৰ পাইছোঁ যি গ্লবেলাইজেশ্যনৰ প্ৰভাৱ। এই পুঁজিবাদী সংস্কৃতিৰ কৃপাত আমি পশ্চিমীয়া সেই গানবোৰ পোৱা নাই যিবোৰ মানৱহিতকৰ। ৰবচন, ডিলান, মাৰ্লে, লেনন, বায়াজ, পীট, উডিহঁ‌তক আমি ইয়াত নাপাওঁ‌। আমি ইয়াত জন হেনৰী কোন নাজানো। জন হেনৰীক লৈ লিখা গান আমি নাপাওঁ‌। এই সংস্কৃতিৰ কৃপাতেই বব মাৰ্লেৰ দৰে যুঁ‌জাৰু শিল্পী হৈ পৰে ভঙুৱা গায়ক। যি টি-চাৰ্টত ওলমি থাকে। একেদৰে বিপ্লৱী চে গুৱেভাৰা হৈ পৰে মডেল। চেঙেলীয়া যুৱকে গাঞ্জা টানি মাৰ্লেক মনত পেলায়। মাৰ্লেৰ দৰে চুলি ৰাখে। মাৰ্লেৰ দৰে গাঞ্জা টানি ধোঁ‌ৱা উৰুৱায়। মাৰ্লেৰ গাঞ্জা সম্পৰ্কীয় গানবোৰ শুনি তেৰাসৱ হৈ পৰে মাৰ্লেৰ ভক্ত। একেদৰে চে ৰ দৰে চিগাৰ টানি চে ৰ শৈলীৰে টুপি পিন্ধি কোনোবা চে হৈ পৰে। এইবোৰ হ’ল পুঁজিবাদী সংস্কৃতিৰে প্ৰভাৱ। যিবোৰে মাৰ্লে, চেৰ আন এটা দিশ উদঙাই দি তেওঁ‌লোকৰ প্ৰকৃত যুঁ‌জাৰু, বিপ্লৱী সত্তাটিক গাপ দি ৰাখিবৰ প্ৰয়াস কৰে। আৰু এই দিশটোকেই অনুকৰণ কৰি এচাম যুৱকে চে, মাৰ্লেৰ প্ৰকৃত সত্তাৰপৰা আঁতৰি আহে। আৰু ই হ’ল পুঁজিবাদী সংস্কৃতিৰে প্ৰভাৱ। পুঁজিবাদী সংস্কৃতিৰ চামনি পৰি, পুঁজিবাদী বিতচকু লগাই তেওঁ‌লোকে প্ৰকৃত সত্যক অনুধাৱন কৰিব নোৱাৰে বা সিবিলাকলৈ তেওঁ‌লোকৰ আহৰি নাথাকে। এই পুঁজিবাদী সংস্কৃতিৰ প্ৰভাৱৰ কথা কওঁ‌তে আমি এটা কথা মন কৰিব লাগিব যে বৰ্তমানে যিবোৰ বিসংগতিপূৰ্ণ উপাদান অসমীয়া কমাৰ্চিয়েলধৰ্মী গানত আহি সোমাইছে সিবোৰ দৰাচলতে পূৰ্বৰ সমাজত, অনাখৰী লোকৰ মাজত প্ৰচলিত গানৰ প্ৰভাৱ নে পুঁজিবাদী সংস্কৃতিৰেই প্ৰভাৱ? এই পুৰুষতান্ত্ৰিক, লিংগ বৈষম্য, নাৰীক পণ্য কৰাৰ উপাদানসমূহ আচলতে পূৰ্বৰ সমাজত প্ৰচলিত গানৰপৰাই তুলি অনা নে অসমীয়া সস্তীয়া চেলিব্ৰেটী অৰ্জনৰ চেষ্টাত ব্ৰতী গায়ক, গীত ৰচোতাই পুঁজিবাদী সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি সেইবোৰ উপাদানকে বুটলি তাকেই জোৰা-টাপলি লগাই বা তেনে চিন্তাৰে আলমত মৌলিক সৃষ্টিৰাজিও উলিয়াইছে। ইয়াত পুঁজিবাদী সংস্কৃতিৰ প্ৰভাৱৰ কথা নুই কৰিব নোৱাৰি। আৰু যদি ইয়াতে পুৰণিৰ প্ৰভাৱ আৰু বৰ্তমানৰ পুঁজিবাদী সংস্কৃতিৰ প্ৰভাৱ দুয়োটাই একেলগে কাম কৰিছে, তেন্তে ই এক মণিকাঞ্চন সংযোগ। আৰু বৰ্তমান ফেচিষ্ট শক্তিয়ে হাততে হাত মিলাই ইবোৰ উপাদান কলা সংস্কৃতিত সুদৃঢ় হৈ বৰ্তি থকাত অহোপুৰুষাৰ্থভাৱে উদগনি যোগাব যিহেতু ফেচিষ্ট আইডিঅ’লজীৰ বাবে প্ৰগতিশীলতা হ’ল মূল হেঙাৰ। য’ত নাৰীবাদৰ চৰ্চা হ’ব, য’তেই বাওঁ‌ চিন্তাৰ, প্ৰগতিশীল ধ্যান ধাৰণাৰ উন্মেষ ঘটিব, ফেঁ‌চীবাদে সিবোৰ মষিমূৰ কৰিবলৈ সদা তৎপৰ হৈ উঠিব। ফেঁ‌চীবাদ সুকলমে বৰ্তি ৰোৱাত প্ৰগতিশীলতাৰ বিপৰীতে এনেবোৰ ৰক্ষণশীল উপাদান থকাটো জৰুৰী। আৰু এইশ্ৰেণীৰ শিল্পীসকলক চৰকাৰে পাৰিলে উদগনি যোগাই বঁ‌টা, টকা-শিকা দি নিজৰ পক্ষত ৰাখিব, যিসকল হ’ব পৰোক্ষভাৱে চৰকাৰী শিল্পী, আৰু তেওঁ‌লোকে সৃষ্টি কৰা শিল্পৰ উদ্দেশ্যও চৰকাৰৰ মতেই নিৰ্ধাৰিত হ’ব। মাজে মাজে আমি দেখোঁ যে দুই এখন চিৰিয়েল, চিনেমা কৰি অলপ চেলিব্ৰেটি ধৰণৰ হৈ পৰা কোনো অভিনেত্ৰীক চৰকাৰৰ তৰফৰপৰা নাৰী সবলীকৰণৰ বঁ‌টা দিয়া হয়। আমি অলপ মন কৰিলেই দেখিম যে উক্ত বঁ‌টাৰ বাবে সিগৰাকী কোনো ফালৰেপৰাই যোগ্য নহয়। তেনেস্থলত সেই বঁ‌টা তেখেতক দিয়া হ’ল কিয়? নাৰীবাদৰ ন টোও যি নাজানে বা নাৰী সবলীকৰণৰ ক্ষেত্ৰত তেওঁ‌ৰ কোনো অৱদানেই য’ত নাথাকে। তাৰোপৰি তেখেতে যিকেইখন অসমীয়া চিৰিয়েলত অভিনয় কৰিছে তাত তেওঁ‌ৰ ভূমিকা থাকিব পতিব্ৰতা নাৰীৰ। পতি পৰমেশ্বৰ হেন জ্ঞান কৰি পতিৰ চৰণৰ ধুলি খাই, পতি সেৱাই জীৱনৰ ধৰ্ম-কৰ্ম জ্ঞান কৰি মুখ ঢাকি যোৱাকৈ ওৰণি লৈ, সেন্দূৰৰ মহত্ব সম্পৰ্কে এজাউৰি জ্ঞান দিয়া কেটেগৰীৰ। যিবোৰ সাংঘাতিক পেট্ৰিয়াৰ্কিয়েল। নাৰীবাদৰ ‘ন’টোও য’ত নাই। কিন্তু চৰকাৰৰ তৰফৰপৰা তেওঁ‌ক বঁ‌টা দিয়াৰ উদ্দেশ্য এইটোৱেই যে আন নাৰীসকলেও যাতে তেওঁ‌ৰেই পদাংক অনুকৰণ কৰে (ইয়াৰোপৰি নেপ’টিজিমেও এইক্ষেত্ৰত কাম কৰে।)। পুৰুষতান্ত্ৰিক ট্ৰেডিশ্বনটো যাতে বৰ্তি থাকে। প্ৰকৃত নাৰীবাদীসকলক বঁ‌টা দিয়াটো চৰকাৰৰ উদ্দেশ্য নহয় কিয়নো এই কাৰ্যৰদ্বাৰা পুৰুষতন্ত্ৰৰ ভেটিত আঘাত লাগিব। পুৰুষতন্ত্ৰৰ আঘাত লগা মানেই ফেঁ‌চিষ্ট চৰকাৰৰ বিপদ। সেয়ে প্ৰকৃত নাৰীবাদীসকলক লঘু কৰিবৰ নিমিত্তে তেওঁ‌লোকৰ দৰে যাতে আন নাৰীবোৰ নহয়, সেই উদ্দেশ্যেই ফেঁ‌চিষ্ট চৰকাৰে Pseudo feminist সকলক নাৰীসবলীকৰণৰ বঁ‌টাটি প্ৰদান কৰে। এই Pseudo feminist সকল প্ৰকৃত নাৰীবাদী চিন্তা-চৰ্চাৰ উন্মেষৰ ক্ষেত্ৰত প্ৰতিবন্ধক হৈ থিয় দিয়ে যিসকলে নাৰীবাদক মূল পথৰপৰা নিলগাই নিয়ে। কিছুদিনৰ আগতে জুবিনৰ বন্ধন বেংক শীৰ্ষক গান এটা শুনিলোঁঁ। বন্ধন বেংকৰ হৈ জুবিনে গানটি মুকলি কৰিছিল। বন্ধন বেংকৰ লোণ পৰিশোধ কৰিব নোৱাৰি লাওলোৱা হোৱা, আত্মহত্যা কৰাৰ বাতৰি আমি পাই থাকোঁ। মাইক্ৰফাইনেন্সৰ শোষণৰ স্বৰূপবোৰ আমি দেখি আছোঁ। মাইক্ৰফাইনেন্স কোম্পেনীবোৰ কি বস্তু, বন্ধন বেংক কি আমি দেখি আছোঁ‌। কিন্তু জুবিনে যেতিয়া বন্ধন বেংকৰ হৈ গানটো গালে এচাম জুবিনপ্ৰেমীৰ লগতে একাংশ হোজা মানুহৰ মনত বন্ধন বেংকৰ প্ৰতি এক সদভাৱ জাগি উঠিল। বন্ধন বেংকৰ লোণ দিব নোৱাৰি ঘৰে ঘৰোৱাহে উছন গৈ ধাৰত পোত খাই ডিঙিত চিপজৰী লোৱা কোনো মানুহৰ বাতৰিবোৰ তল পৰিল। শিল্পীৰ দায়বদ্ধতা বোলা কথাষাৰ এইবোৰ ক্ষেত্ৰতে খাটে। সেই একেই জুবিনৰে আৰু এটা গান ওলাইছিল কেইমাহমান আগতে। এন জি অ’ ধৰ্মীতাৰ পোষকতাৰে ৰোমাণ্টিক বিলাসী গান। এন জি অ’ সমূহ কাৰ ছত্ৰছায়াত চলে আৰু পৰোক্ষভাৱে কাৰ হৈ কাম কৰে আৰু ইবোৰৰ উদ্দেশ্যৰ ফোঁ‌পোলা স্বৰূপটি কেনে বা কেনেদৰে ৰাষ্ট্ৰৰ এজেণ্টৰ দৰে কাম কৰে, সিবোৰ ৰাইজে জানেই। মানৱ সেঁ‌ৱা বোলা বস্তুটো য’ত এক ভয়ানক বেপাৰ। কিন্তু জুবিনে যেতিয়া গীতটি গাই দিলে সৰ্বসাধাৰণৰ চকুত এই সংস্থাবোৰ মহান হৈ পৰিল। চৰকাৰী পৃষ্ঠপোষকতাত একশ্ৰেণীৰ শিল্পীয়ে শিল্পৰ সৃষ্টি কৰে, যি জনতাৰ বাবে নহয়। এইখিনিতে এটা কথা, শিল্পী আচলতে কেতিয়া হয়? নিশ্চিতভাৱে সিজনাৰ কামে শিল্পৰ শ্ৰেণীলৈ উত্তৰণ ঘটিব লাগিব। বৰ্তমান অসমীয়া গানৰ ক্ষেত্ৰত যিসকলক সচৰাচৰ দেখি থাকোঁ, যিসকলে সস্তীয়া লিৰিকচেৰে সস্তীয়া জনপ্ৰিয়তাৰ অৰ্থেই গানৰ পাহাৰ বান্ধি যায়, তেওঁ‌লোকৰ কামক আচলতেই শিল্প বুলিব পৰা যায়নে? ইয়াৰ পাছতহে তেওঁ‌লোকক শিল্পীৰ অভিধা দিয়া যাব নে নাযায় উক্ত কথাটো আহিব। আৰু সেই বিবেচনাৰে তেওঁ‌লোকৰ কাম শিল্পৰ শ্ৰেণীলৈ উত্তৰণ হোৱাৰ পাছতহে, তেওঁ‌লোকক শিল্পীৰ অভিধাৰে দিব পৰাৰ পাছতহে তেওঁ‌লোকৰ শিল্পৰ কথা আহিব যে সি ৰাইজৰ বাবে হয় নে নহয়। বাৰু, ধৰি ল’লোঁ এইসকলৰ কামবোৰ, একোটা শিল্প বা তেওঁ‌লোক হ’ল শিল্পী। এতিয়া এইখিনিতে সামাজিক দায়ৱদ্ধতাৰ কথাটো আহিব। শিল্পীৰ দায়িত্ব কি? কা বিৰোধী আন্দোলনৰ সময়ত আমি শিল্পীসকলৰ বিহুমেলা আন্দোলন দেখিলোঁ। ৰাজপথৰ আন্দোলনটোক মঞ্চৰ বিহুমেলা আন্দোলন, নাচ-গানৰ ফাংচনৰ ৰূপ দিয়াত এই শিল্পীসকলৰ অৱদান আমি দেখিলোঁ। এইখিনিতে এই শিল্পীসকলৰ আন্দোলনৰ এটি সংলাপ হ’ব প্ৰণিধানযোগ্য। “আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ বাংলাদেশীক খেদ”। এই শ্লোগানটিতেই এই ঠেৰুচিগা শিল্পীসকলৰ আন্দোলনৰ মূল মটিভ আৰু চিন্তাৰ অপৰিপক্কতা সোমাই আছে। আমি আন্দোলন কাৰ বিৰুদ্ধে কৰিছোঁ? ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে। আমাৰ মূল শত্ৰু হ’ল ফেচিষ্ট চৰকাৰখন, বাংলাদেশী নহয়। কিন্তু ইয়াত বাংলাদেশীক খেদ ধ্বনিৰে আন্দোলনৰ মূল উদ্দেশ্যটোক অলপমান ডাইভাৰ্ট কৰি দিয়া গ’ল। শত্ৰু চিনাক্তকৰণটো স্পষ্ট হৈ য’ত নুঠিল। যুঁ‌জখন যে আমি ফেঁ‌চিষ্ট চৰকাৰৰ বিৰুদ্ধেহে যুঁ‌জিছোঁ সেইটো কোনোবাখিনিত অস্পষ্ট হৈ পৰিল আৰু বাংলাদেশীহে আমাৰ মূল শত্ৰু হৈ পৰিল। তাৰ পাছৰ প্ৰেক্ষাপটত আমি কি দেখিলোঁ? সেইসকল শিল্পীয়েই যিসকলে দলে বলে ওলাই আহি কা-বিৰোধী বিহুমেলা আন্দোলনৰ নেতৃত্ব দিছিল, তেৰাসৱেই নিৰ্বাচনৰ সময়ত ভাগ ভাগ হৈ পৰিল। বিজেপি নেতাৰ পাকচক্ৰত পৰি নিজৰ বিবেক বিক্ৰী কৰি টোপ গিলিবলৈ প্ৰায়সকলেই সষ্টম হৈ পৰিল। কোনোৱে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীতকে গালে কোনোৱে আকৌ বিজেপিৰ হৈ ইলেকচনৰ টিকেট পোৱাৰ আশাত ওলোটা বাগৰ দিলে। মুঠতে সেই শিল্পীসকলৰ প্ৰায়সকলেই নিজৰ নিজৰ বিবেকক বিক্ৰী কৰি চৰকাৰী টোপ গিলাৰ প্ৰতিযোগিতাখনিত উল্লাসেৰে অংশগ্ৰহণ কৰিলে। নিলাজৰ দৰে চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰতো এইসকল অৱতীৰ্ণ হ’ল বা কোনোক আকৌ কোনোটি চৰকাৰী বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিয়োগ কৰি চৰকাৰে কিনি পেলালে। এতিয়া এইখিনিতে এটা প্ৰশ্ন জাগে যে শিল্পৰ উদ্দেশ্য কি? শিল্পীৰ দায়িত্ব কি? কলা কলাৰ বাবে নে কলা মানুহৰ বাবে? চৰকাৰ আৰু জনসাধাৰণৰ মাজত কোনোটো পক্ষক নিৰ্বাচন কৰিব লগা হ’লে কলাৰ স্ৰষ্টা শিল্পীসকল কোনটো পক্ষত থাকিব আৰু তেওঁ‌লোকৰ সৃষ্ট কলাই কাৰ পক্ষ ল’ব? চৰকাৰ নে জনতাৰ? শিল্পী গণমুখী হোৱা উচিত। অন্ততঃ জনতা আৰু চৰকাৰৰ মাজত শিল্পীয়ে জনতাৰ পক্ষ লোৱা উচিত, আৰু যেতিয়া কোনোৱে চৰকাৰৰ পক্ষ লয়, তেতিয়া সেই শিল্পী আৰু তেওঁ‌ৰ শিল্প জনগণৰ বাবে নহয়, হ’ব নোৱাৰে।আমি কেনেধৰণৰ গীত শুনিম এইটো কেনেকৈ নিৰ্ধাৰণ কৰিম? কেনেধৰণৰ গীত শুনিব লাগে বা ইবোৰৰ প্ৰয়োজনীতা সম্পৰ্কে ৰাইজক কেনেকৈ বুজাম? এইক্ষেত্ৰত, সাধাৰণ ৰাইজৰ ক্ষেত্ৰত কলাত্মক দিশটোক সাঙুৰি নে তাক নিলগাই আমি আগবাঢ়িম? ইয়াত কলাত্মক দিশ আৰু জনহিতকৰ দিশ উভয়কে সংযোজিত কৰা যাবনে? উভয়েই একেলগে কাম কৰিবনে? মানৱীয় প্ৰমূল্যবোধেৰে ভৰা মানৱহিতকৰ উপাদান থকা কিছু গায়কৰ কিছু গান উৎকৃষ্ট শিল্পলৈ উত্তৰণ নহ’বও পাৰে, সেইক্ষেত্ৰত আমি কি কৰিম? কলাক মান্যতা দি আগবাঢ়িম নে জনহিতকৰ দিশটোক ধিয়াই আগবাঢ়িম? আৰু যদি কলাই এইক্ষেত্ৰত আগস্থান পায়, তেতিয়া মানৱহিতকৰ উপাদান নথকা কেতবোৰ উচ্চস্তৰীয় শিল্পৰ ক্ষেত্ৰত আমি কি কৰিম? তাক সৰ্বসাধাৰণ জনগণৰ নিমিত্তে এৰিব পৰা যাবনে? এই দিশটোক ধিয়াই গৈ আমি এইটো পামগৈ যে সকলো শিল্প সকলোৰে বাবে নহয় বা দৰ্শক, শ্ৰোতা, পঢ়ুৱৈ, লৈ লৈ কলাৰ চিলেক্টিভ দিশ এটাৰ কথাই ইয়াত আহিব। য’ত একশ্ৰেণীৰ কলা মাথোঁ কিছু চিলেক্টিভ লোকৰ বাবেহে। এই দিশটোৱেদি উজাই গৈ আমি ইয়াকেই পাম যে কলা কলাৰ বাবে। এই দিশটোক মান্যতা দি, কলাৰ এই প্ৰবাদটিক নস্যাৎ নকৰাকৈও মানুহৰ বাবে শিল্প সৃষ্টিৰ ক্ষেত্ৰত শিল্পীসকলক কেনেকৈ প্ৰৰোচিত কৰিম বা শিল্পী স্বাধীনতাত ই ব্যাঘাত জন্মাৰ দৰেই হ’বগৈ নেকি? শিল্পীসকলৰ দায়বদ্ধতাটো কেনেকৈ জাগি উঠিব বা এইক্ষেত্ৰত আমাৰ কিবা কৰণীয় আছে নেকি? শিল্পীৰ দায়বদ্ধতাৰ কথা পাতি থাকোঁতে এইটো বিচাৰ্যৰ দিশ হ’বনে যে মধ্যবিত্তীয় শ্ৰোতাৰ, দৰ্শকৰ এলিট আৱেষ্টনীৰ মাজৰপৰা আমি ওলাই আহিব পাৰিছোঁনে নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *