অতুল সুভাষ কাণ্ড: পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ পৰিণতি ( ২য় অংশ) ।। বীথিকা হাজৰিকা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
অতুল সুভাষ কাণ্ডৰ আলম লৈ প্ৰথম অংশৰ (প্ৰথম অংশৰ বাবে ইয়াত টিপক) বিশ্লেষণটো লিখা হৈছিল অতুলৰ ভিডিঅ’টো চোৱাৰ পাছত। আন আত্মহত্যাৰ দৰেই এই আত্মহত্যাৰ আঁৰতো যে কেৱলমাত্ৰ এটা কাৰকেই ক্ৰিয়া কৰা নাই সেয়া স্বাভাৱিক। অতুলে আত্মহত্যাৰ আগতে কৰি যোৱা ভিডিঅ’ আৰু ইণ্টাৰনেটত পোৱা বিভিন্ন তথ্যৰ আঁৰত আন বহু তথ্য থাকিব পৰাটোও স্বাভাৱিক। এনেও হ’ব পাৰে যে অতুলৰ ভিডিঅ’ৰ কথাবোৰ হয়তো আংশিকভাৱেহে সত্য। নাইবা শেষত দেখা গ’ল যে অতুলে মিথ্যাচাৰহে কৰি গৈছে।
শেহতীয়াকৈ শুনিবলৈ পোৱা গৈছে যে অতুলে সন্তানক কোনো মেইনটেনেঞ্চ দিয়া নাছিল, পত্নীৰ লগতে অতুলে সন্তানকো দুৰ্ব্যৱহাৰ কৰিছিল আৰু নিকিতাই মাহে প্ৰায় সত্তৰ হাজাৰমানহে দৰমহা পাইছিল। লেখাটোৰ পূৰ্বৰ অংশটোত অতুলে কোৱা কথা আৰু ইণ্টাৰনেটত উপলব্ধ আটাইবোৰ কথাই সত্য বুলি ধৰি লোৱা হৈছিল। অতুলৰ ভিডিঅ’টোৰ কথাবোৰ আৰু সেই কথাবোৰকে কেন্দ্ৰ কৰি প্ৰস্তুত কৰা প্ৰতিবেদন বা বাতৰিবোৰৰ আলম লৈ লেখাটোৰ প্ৰথম অংশত কৰা বিশ্লেষণটো একপক্ষীয় হোৱাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে। কোৱা ভাল হ’ব যে অতুল সুভাষ কাণ্ডৰ সত্যাসত্য উন্মোচন কৰাটো ইয়াত মূল উদ্দেশ্য নহয়, উদ্দেশ্য পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভয়াবহ দিশবোৰ উন্মোচিত কৰাহে। ঘটনা সংঘটিত হোৱাৰ সময়ত বহুতে প্ৰশ্ন তুলিছিল যে নাৰীৰ ওপৰত পুৰুষে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে নাৰীবাদীসকলৰ অৱস্থান সকলো সময়তে দেখিবলৈ পোৱা যায়, পিছে অতুল সুভাষৰ ঘটনাটোৰ ক্ষেত্রত তেওঁলোকৰ অৱস্থান কি? অতুলৰ ভিডিঅ’টোৰ সকলোবোৰ কথা মিছাও যদি হয়, তেনে ঘটনা নঘটাকৈ আছে বুলি ক’ব নোৱাৰি। অৰ্থাৎ পুৰুষো পুৰুষতন্ত্ৰিক ব্যৱস্থাত কিছুক্ষেত্রত নিৰ্যাতিত হয়। নাৰীক সুৰক্ষা দিবলৈ থকা আইনবোৰৰ কিছুমান নাৰীয়ে যে অপব্যৱহাৰ কৰে সেয়াও সত্য। অতুল সুভাষ কাণ্ডই সেই দিশবোৰত পোহৰ পেলাই পুৰুষতন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰামখন আৰু বেছি শক্তিশালী কৰি তোলাৰ যুক্তিক সবল কৰি তুলিলে। নাৰীক সুৰক্ষা দিবলৈ সৃষ্ট আইনবোৰো পুৰুষতান্ত্ৰিক ব্যৱস্থাৰেই ফচল। প্ৰকৃত কথাটো হ’ল এই আইনবোৰৰ সুফলো কাচিৎহে পোৱা যায়। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ পৰিকাঠামো এটাত নাৰী-সুৰক্ষাৰ আইনবোৰৰ পৰা সম্পূৰ্ণ সুফল লাভ কৰিব নোৱাৰাটোৱেই স্বাভাৱিক। অসৎ প্ৰকৃতিৰ নাৰী-পুৰুষ উভয়ে এই আইনৰ সুবিধা লাভ কৰাৰ চেষ্টা কৰিবই। ইয়াকে যদি কুফল বুলি ধৰা হয়, আন আন সুৰক্ষামূলক আইনৰ ক্ষেত্রতো কথাটো একেই হ’ব। প্ৰশ্ন উঠিব পাৰে যে আইনবোৰৰ প্ৰয়োজনীয়তা নাই নেকি? প্ৰকৃততে সমস্যা আছে বাবেই আইনবোৰো আছে আৰু আইন থাকিল বুলিয়েই সমস্যাবোৰ নোহোৱা হৈয়ো নাযায়। আইন থকাৰ বাবে যেনেকৈ চুৰি-ডকাইতি নোহোৱাকৈ থকা নাই, চোৰ-ডকাইতক শাস্তি দিব পৰা আইনৰ ধাৰাবোৰো নোহোৱা হৈ যোৱা নাই। তেনেকৈ কোনোবাই কাৰোবাৰ ওপৰত মিচাকৈ চুৰি-ডকাইতিৰ কেচ নিদিয়াকৈয়ো থকা নাই। সেইবুলিয়ে চোৰ-ডকাইতৰ বিচাৰৰ বাবে থকা আইনৰ ধাৰাবোৰ নোহোৱা কৰি পেলাব নোৱাৰি। একে কথাই খাটিব নাৰী সুৰক্ষাৰ বাবে থকা আইনৰ ধাৰাবোৰৰ ক্ষেত্ৰতো। পুৰুষতন্ত্ৰ থকালৈকে এই আইনবোৰৰ প্ৰয়োজনীয়তাও থাকিব নাৰীৰ ৰক্ষা কবচ হৈ। থাকিব আইনবোৰৰ সুফল আৰু কুফল দুয়োটাই। চিন্তনীয় কথা যে শেহতীয়াকৈ সেই আইন শিথিল কৰা হৈছে। এতিয়া পতিৰ বিকৃত যৌনতাৰ বলি হৈ কিমান নাৰীয়ে জীয়াতু ভুগিব লগা হৈছে তাৰ হিচাপ কোনে ৰাখে! কাৰণ পতিৰ যৌন অত্যাচাৰৰ বলি হোৱা নাৰীৰ কথা শুনিবলৈ এতিয়া আইনো নাৰাজ।
আকৌ অতুলৰ ভিডিঅ’টোৰ কথালৈ আহোঁ। সততে আত্মহত্যা অতি দুঃখজন ঘটনা যদিও তাক কাপুৰুষালি বুলি অভিহিত কৰা হয়। যিখন সমাজত পুৰুষৰ ইগোক সন্মান সহকাৰে চোৱাৰ বিপৰীতে নাৰীৰ ইগোক তিৰষ্কাৰ কৰা হয়, সেইখন সমাজক আগতীয়াকৈ জনাই পূৰ্ণমাত্ৰা পুৰুষসুলভ আত্মম্ভৰিতাৰে কৰা আত্মহত্যাটোৰ জৰিয়তে অতুলে প্ৰায় সকলোৰে সহানুভূতি আদায় কৰিলে। অথচ কত নাৰীয়ে কাকো নজনোৱাকৈ শাৰিৰীক বা মানসিক অত্যাচাৰৰ বলি হৈ আত্মহত্যা কৰিছে, তাৰ কোনো হিচাপ কোনেও ৰখা নাই। অতুলৰ ভিডিঅ’টো চালেই বুজা যায় যে অতুলৰ মানসিকতা সম্পূৰ্ণৰূপে পুৰুষতান্ত্ৰিক। অতুলে প্ৰসংগক্ৰমে পত্নীৰ বান্ধৱীসকলৰ বিষয়ে কৰা মন্তব্যই বিবাহ, বিবাহবিচ্ছেদ আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নাৰীৰ পছন্দক নৎসাৎ কৰিছে। এগৰাকী নাৰীয়ে যদি সন্তানৰ গা ধুউৱা, নেপী সলোৱা, সময়মতে খুৱাই-বুৱাই দিয়া আদি কামৰ হিচাপ দিয়ে সেয়া সমাজে ভৰ্ৎসনাৰ চকুৰে চাব। কাৰণ সকলো নাৰীয়ে বিনা প্ৰতিবাদে সেই কাম যিহেতু কৰেই সেয়া হিচাপ দিবলগীয়া কথা হ’বই নোৱাৰে। তেনেদৰে হিচাপ দিয়াটো সমাজৰ দৃষ্টিত হাস্যকৰ আৰু ভৰ্ৎসনাযোগ্যহে। কিন্তু এজন পুৰুষে যদি সেই হিচাপ দিয়ে তেওঁ হৈ পৰে প্ৰশংসা নাইবা পুতৌৰ পাত্ৰ। অথচ নাৰী-পুৰুষ উভয়ৰ বাবেই সেই কামবোৰ ঘণ্টাই ঘন্টাই নিয়ম মাফিক কৰি যোৱাটো চৰম ক্লান্তিকৰ আৰু আমনিদায়ক। বিশেষকৈ নেপী সলোৱাৰ কামটো। ৰাতি ভাগৰে-জুগৰে সকলো সময়তে বিচনাৰ পৰা উঠি গৈ ডাষ্টবিনত পেলাব নোৱাৰি মজিয়াত নেপী দলিয়াই দিব লগা হোৱাটো তেনেই স্বাভাৱিক কথা। অতুলে সেই হিচাপো দি গৈছে। অথচ অতুলৰ পত্নীও অতুলৰ দৰেই চাকৰিয়াল আৰু তেওঁৰ বাবেও সেই কাম একেধৰণৰেই ক্লান্তিকৰ। এই দুটা উদাহৰণহে। এনেবোৰ বহু ঘৰুৱা কাম আৰু সন্তান পালনৰ কামৰ বাবেই তেওঁলোকৰ মাজত যে খৰিয়াল হৈছিল সেয়া ধূৰুপ। তাতে বিবাহৰ প্ৰয়োজনীয়তা তেওঁলোকে পৰিয়ালৰ হেঁচাতহে অনুভৱ কৰিছিল। অৰ্থাৎ সমস্ত অপছন্দ সহিতে তেওঁলোকে বিবাহ পৰম্পৰাৰ শৰণাপন্ন হৈছিল। তেনে বিবাহৰ প্ৰয়োজনেইবা ক’ত য’ত ইজনে-সিজনৰ সুখ-দুখৰ সমভাগী হ’ব নোৱাৰে? লক্ষণীয় কথাটো হ’ল ব্যক্তিস্বাৰ্থ পূৰণত এতিয়া প্ৰায় সকলোৱেই মগ্ন যদিও বিবাহ আদিৰ ক্ষেত্ৰত মানুহবোৰ অতি বেছি সামাজিক হৈ পৰে। সমাজে কি ক’ব, কেনেকৈ চাব, সামাজত ট্ৰেণ্ড কি চলি আছে ইত্যাদি। তাৰ ফলত ব্যক্তিগত জীৱন লাগিলে বিষময় হৈ পৰক। কি অদ্ভুত দ্বিচাৰিতা! যেতিয়ালৈকে পৰম্পৰাগত পৰিয়ালকেন্দ্ৰিক বিবাহৰ ধাৰণাটোৰ বিশেষ কোনো হীন-ডেঢ়ী নঘটে তেতিয়ালৈকে জীৱনসংগীৰ উভয়েই যিমানপাৰি পুৰুষতান্ত্ৰিক মানসিকতা পৰিহাৰ কৰিবলৈ যত্নপৰ হ’ব লাগে। কিন্তু সেয়া সম্পূর্ণ ৰূপে সম্ভৱ হ’ব পাৰে সমাজৰ কাঠামোগত পৰিৱৰ্তনৰ যোগেদিহে।
পুৰুষতান্ত্ৰিক ব্যৱস্থাটোত পুৰুষসকলো ব্যৱস্থাগত প্ৰথাৰ চিকাৰ হয়। শাস্ত্ৰ মতে পুৰুষে উপাৰ্জন কৰিব লাগে আৰু নাৰীয়ে সেই উপাৰ্জনেৰে ঘৰুৱা কামকাজবোৰৰ লগতে সন্তান প্ৰতিপালনৰ কামটো নিয়াৰীকৈ কৰিব লাগে। ইয়াৰ উপৰিও ঘৰখনৰ দায়িত্ব পুত্ৰ সন্তানেহে ল’ব লাগে। জীয়ৰীয়ে উপাৰ্জন কৰি ঘৰখনলৈ অৱদান আগবঢ়োৱাটোত বাধ্যবাধকতা নাই। জীয়ৰীয়ে যদি সহায় আগবঢ়ায় খুউব ভাল কথা। কিন্তু পুত্ৰৰ বাবে সেয়া বাধ্যবাধকতা। নিম্ন মধ্যবিত্ত বা মধ্যবিত্তীয় সমাজখনত এই প্ৰথা এতিয়াও প্ৰায় অলংঘনীয় হৈ আছে। এনে প্ৰথাৰ বাবেই বহু পুৰুষ সামাজিক বা ঘৰুৱা লাঞ্চনা-বঞ্চনাৰ বলি হোৱা দেখা যায়। সৰু উদাহৰণ স্বৰূপে এটা কথা উনুকিয়াব পাৰি- বহু পুত্ৰসন্তানক যোগ্যতা থকা স্বত্বেও দূৰৈত বা বিদেশত চাকৰি কৰা নাইবা পঢ়া-শুনা কৰাত ঘৰৰ ফালৰ পৰা বাধা প্ৰদান কৰা হয়। অথচ তেনে একোখন ঘৰৰ কন্যা সন্তানক কিন্তু বিদেশলৈ গৈ পঢ়াশুনা কৰা বা চাকৰি কৰাত বাধা নিদিয়ে। কাৰণ পুত্ৰসন্তানে ওচৰত থাকি ঘৰখনৰ দায়িত্ব ল’ব লাগিব। তাৰ মাজতে দুই এটা ব্যতিক্ৰম থাকিবও পাৰে। আমি পঢ়ি থাকোঁতেও লগৰ বহু ল’ৰাই ব্যক্ত কৰিছিল যে ছোৱালীয়ে হেনো পৰীক্ষাত বেয়া ফল কৰিলেও কোনো চিন্তা নাই। পঢ়ি-শুনি চাকৰি কৰি ঘৰ চলাব লাগিব বুলিও কোনো কথা নাই। চাকৰি কৰা ল’ৰা এটালৈ বিয়া হৈ গ’লেই জীৱনটো আৰামত চলি যাব। ল’ৰাবোৰৰহে বিপদ। ঘৰ চলাব লাগিব। চাকৰি নোহোৱা ল’ৰালৈ ছোৱালী বিয়া হৈ আহিবলৈয়ো টান পায়। এনেকৈয়ে ল’ৰাবোৰৰ মূৰৰ ওপৰত পুৰুষতন্ত্ৰৰ তৰোৱালখন ঘূৰি থাকে। বিদৰ্ভ আৰু দেশৰ অন্যান্য ঠাইত লাখৰ ঘৰত আত্মহত্যা কৰা ঋণগ্ৰস্ত কৃষকৰ তালিকাখনত আমি জনাত নাৰী কৃষক নাই। যদি কৃষক পতিৰ আত্মহত্যাৰ অনুসৰণত কোনো নাৰীয়ে আত্মহত্যা কৰিছে সেয়া আন কথা।
সমাজখনত প্ৰিভিলেইজড্ চচাইটি সৃষ্ট এটা বৰ মধুৰ কাহিনীৰ প্ৰচলন আছে। সেই কাহিনীটোৰ সাৰাংশ এনে ধৰণৰ—দিন হাজিৰা কৰা পুৰুষ এজনে দিনটো কষ্ট কৰি এমুঠিমান আহাৰ আৰু লাগতিয়াল বস্তু ঘৰলৈ লৈ আহোঁতে ঘৰখনত যি হাঁহি বিৰিঙি উঠে তাৰ কোনো তুলনা নাই। সেই পুৰুষ বা নাৰী গৰাকীক যদি সোধা হয় সেইখন ঘৰত কি তন্ত্ৰ চলি আছে তেওঁলোকে নাজানিব। নাজানিব সমাজখন পুৰুষতান্ত্ৰিকনে নাৰীতান্ত্ৰিক। পুৰুষজনে দেউতাকৰ দায়িত্ব পালন কৰিছে। স্বামীৰ দায়িত্ব পালন কৰিছে। আনন্দদায়ক, প্ৰশান্তিদায়ক সেই দায়িত্ববোধ—
পিছে কাহিনীটোত প্ৰিভিলেইজড্ চচাইটিখনে বৰ কৌশলেৰে এটা কথা লুকুৱাই ৰাখে যে দিন হাজিৰা কৰা মানুহবোৰৰ পত্নীবোৰেও সাধাৰণতে দিন হাজিৰাই কৰে। মাথো একে কাম কৰিও তেওঁলোকে মজুৰিটোহে স্বামীজনতকৈ কম পায়। কম পইচাত খটুৱাব পাৰি বাবেই পথাৰ-সমাৰৰ কামত নাৰী শ্ৰমিকৰ পয়োভৰ দেখা যায়। শাৰিৰীকভাৱে অক্ষম নাৰীসকলক বাদ দি দিন হাজিৰা কৰা পতিবোৰৰ পত্নীবোৰ দিন হাজিৰা কৰাই হয়। বিশেষ কিছুমান ধৰ্মীয় বান্ধোনৰ বাবে পথাৰে-সমাৰে কাম কৰিব নোৱাৰাসকলৰ বহুতে গৃহকৰ্মী হিচাপেও কাম কৰা দেখা যায়।
উল্লেখিত কাহিনীটো যদি সেই নৰ-নাৰীসকলক শুনোৱা হয় তেওঁলোকৰ বাবে হয়তো হাস্যকৰ হ’ব। যি মিথ্যা কাহিনী বিশেষ আবেগ ঢালি প্ৰিভিলেইজড্ চচাইটিখনে কোৱা শুনা যায়। ‘পুৰুষতন্ত্ৰ’ শব্দটো তেওঁলোকে নাজানিব পাৰে, কিন্তু পুৰুষতান্ত্ৰিক সমাজখনে দিয়া যাতনাখিনি সেই দিন হাজিৰা কৰা নাৰী সকলেও ভোগ কৰে। তেওঁলোকে ‘পুৰুষতন্ত্ৰ’ শব্দটো নাজানিলে বুলিয়েই পুৰুষতন্ত্ৰ নোহোৱা হৈ যোৱা নাই।
এইবাৰ নাৰী দিৱসৰ আগে-পাছে কিছুমান উদ্দেশ্যপ্ৰণোদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যাৰ দ্বাৰা নাৰী দিৱসৰ তাৎপৰ্যক লঘূ কৰিব বিচৰা হৈছে। উল্লেখযোগ্য যে সেই ভিডিঅ’সমূহৰ এটা বিশেষ এগৰাকী ৰাজনৈতিক ব্যক্তি, এগৰাকী নাৰী। আপাতদৃষ্টিত ভিডিঅ’টো নাৰীবাদী দৃষ্টিভঙ্গীৰে কৰা যেনেই লাগিব। কিন্তু তাৰ দ্বাৰা পাহৰাই পেলাব বিচৰা হৈছে যে নাৰী দিৱসৰ গুৰিকথা প্ৰকৃততে শ্ৰমজীৱি নাৰীৰ সংগ্ৰামৰ ইতিহাসতহে নিহিত হৈ আছে। সেই ইতিহাস বস্ত্ৰ উদ্যোগৰ কদৰ্যময় পৰিৱেশত ৰচিত শ্ৰমজীৱি নাৰীৰ সংগ্ৰামৰ ইতিহাস। সেই ইতিহাস নাৰীৰ ভোটাধিকাৰ কাঢ়ি অনাৰ ইতিহাস, কৰ্মস্থলীত স্বাস্থ্যকৰ অনাময় ব্যৱস্থাৰ বাবে সংগ্ৰাম কৰাৰ ইতিহাস, কামৰ সময় হ্ৰাস কৰাৰ বাবে সংগ্ৰাম কৰাৰ ইতিহাস, পুৰুষৰ সমানে মজুৰি পোৱাৰ বাবে সংগ্ৰাম কৰাৰ ইতিহাস। অসংগঠিত ক্ষেত্রখনত এতিয়াও একেদৰেই নাৰীপুৰুষৰ মজুৰিৰ অসমতা চলি আছে। এতিয়াও প্ৰায়বোৰ কৰ্মক্ষেত্ৰত নাৰীয়ে অস্বাস্থ্যকৰ টয়লেট ব্যৱহাৰ কৰিবলগা হয়। উচিত কামৰ বাবে উচিত মজুৰি নাপায়।
আকৌ অতুলৰ কাহিনীটোলৈ উভতি আহোঁ। পুৰুষতান্ত্ৰিক সমাজখনে পুৰুষসকলৰ মনত যি আত্মম্ভৰিতাৰ সৃষ্টি কৰে সেই আত্মম্ভৰিতাই অতুলৰ আত্মহত্যাৰ মূল কাৰক। অতুলে নিকিতাৰ ওচৰত হাৰি যোৱাৰ কথাটো মানি ল’বলৈ নাৰাজ হ’ল। ভিডিঅ’টোত অতুলৰ কিছু কথা-বতৰাই মনৰ দুখতকৈ প্ৰতিশোধ পৰায়ণতাৰহে প্ৰকাশ ঘটাইছে। নিকিতাক ভালদৰে এশেকা দিবলৈহে তেওঁ যেন আত্মহত্যা কৰিলে, যাতে ধনৰ উৎসটো চিৰকাললৈ বন্ধ হৈ যায়। অতুলৰ মতে নিকিতা যিহেতু সম্পূৰ্ণ দোষী তেওঁ পুত্ৰক লালন-পালন ভালদৰে কৰিব নোৱাৰিব। অতুলৰ পৰিয়াল-পৰিজনৰ হাততহে পুত্ৰক গতাই দিব লাগে। কন্যা-সন্তান হোৱাহেতেন সেই কথা হয়তো নাহিলহেতেন। নিকিতাৰ মাকে নিকিতাৰ উপাৰ্জনৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে বুলি কোৱাৰ কথাত অতুলে আক্ষেপ কৰিছে। যদি পুত্ৰৰ উপাৰ্জনৰ ওপৰত পিতৃ-মাতৃৰ অধিকাৰ থাকিব পাৰে জীয়ৰীৰ উপাৰ্জনৰ ওপৰত কিয় নাথাকিব? পিছে অতুলে তাতো আপত্তি দৰ্শাইছে। নিকিতাৰ চাকৰিটো যিহেতু অতুলৰ সহযোগত হৈছিল নিকিতাৰ ওপৰত অতুলৰ অধিকাৰবোধ প্ৰকাশ পাইছে। মানুহৰ ওপৰত মানুহৰ অধিকাৰবোধৰ প্ৰশ্নটোৱেই অমানৱিক আৰু পুৰুষতান্ত্ৰিক কাৰবাৰ। মানুহৰ ওপৰত মানুহৰ অধিকাৰবোধৰ কথাটো আহোঁতে কিছুদিনৰ আগতে সংঘটিত হোৱা আন এটা আত্মহত্যাৰ ঘটনা মনলৈ আহিছে। এহাল প্ৰেমিক-প্ৰেমিকাৰ এটা দীৰ্ঘদিনীয়া সম্পর্ক আছিল। প্ৰেমিকজনে প্ৰেমিকাৰ সকলো আবদাৰ পূৰাইছিল। এসময়ত প্ৰেমিকাই সেনাবাহিনীৰ চাকৰি পাই আঁতৰলৈ গুচি গৈছিল আৰু অধিক সুখৰ মোহত বা অধিক অৰ্থনৈতিক নিৰাপত্তাৰ বাবে প্ৰেমিকক ত্যাগ কৰি আনৰ সৈতে বিয়াত বহিবলৈ প্ৰস্তুত হৈছিল। নিজৰ কৰি পাবলৈ প্ৰেমিকে প্ৰেমিকাক তিলতিলকৈ গঢ়ি লৈছিল। তেওঁলোকৰ সম্পৰ্কৰ কথা সকলোৱে জানিছিল আৰু তেওঁলোক ভৱিষ্যতৰ পতি-পত্নী বুলি সকলোৱে মানি লৈছিল। সেয়ে প্ৰেমিকাৰ ওপৰত প্ৰেমিকৰ এক অধিকাৰবোধ আহি পৰিছিল। কিন্তু প্ৰেমিকাৰ প্ৰত্যাখ্যানত তেওঁ অধিকাৰৰ পৰা বঞ্চিত হোৱা যেন পাই আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিলে। ইয়াত প্ৰেমহীনতাই হতাশাবোধ অনাৰ কথাটো গৌণ হৈ পৰিল। হ’বলগীয়া বিয়া এখন প্ৰেমিকাৰ প্ৰত্যাখ্যানত ভাগি গ’লে তেওঁক যে সন্মানসহকাৰে সমাজখনে জীয়াই থাকিবলৈ নিদিব সেয়া প্ৰেমিকজনে উপলব্ধি কৰিছিল আৰু প্ৰচণ্ড হতাশাত আত্মহত্যা কৰিছিল। এনে পৰিস্থিতিত বেছি ক্ষেত্ৰতে অৱশ্যে প্ৰেমিকাক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়।
আত্মহত্যাৰ প্ৰৱণতাক মানসিক বিকাৰগ্ৰস্ততা হিচাপেও গণ্য কৰা হয়। বহুবোৰ আত্মহত্যাৰ কাৰণ কেৱলমাত্ৰ এটা যেন লাগিলেও প্ৰকৃততে তেনে নহয় আৰু সেই কাৰণ কেৱল ব্যক্তিগত নহৈ সামাজিক বা ব্যৱস্থাগত হয়। অৱশ্যে সকলোবোৰ কাৰকৰ ভিতৰৰ কোনো এটা বিশেষ কাৰকে আত্মহত্যাৰ প্ৰৱণতাক তীব্ৰ কৰি তোলাৰ ফলস্বৰূপে বিশেষ ব্যক্তিজনে আত্মহত্যা কৰিবলৈ বাধ্য হ’ব পাৰে।
উল্লেখনীয় যে অতুল সুভাষৰ ভিডিঅ’টো বৰ কষ্টেৰেহে চাই অটাব পৰা গ’ল। ঘটনাটো অৱশ্যেই দুঃখজন। কিন্তু চাই থাকোঁতে দুখতকৈয়ো খং, ক্ষোভ আৰু অস্বস্তি মিশ্ৰিত ভাব এটাহে প্ৰতি ক্ষণতে ক্ৰিয়াশীল হৈ থাকিল। সেই অনুভৱৰ কাৰণ সমাজ উদ্ভূত।
প্ৰশ্ন আহিব পাৰে যে পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ অৱসানৰ কথা লিখি কিয় নাৰী পুৰুষ উভয়ৰ পক্ষত কথা কৈ থকা হৈছে? এয়া দ্বিচাৰিতা নেকি? আচলতে পুৰুষতন্ত্ৰৰ বিৰোধিতা কৰা মানে পুৰুষৰ বিৰোধিতা কৰা নুবুজায়। তেনেকৈ নাৰীবাদ মানে হকে-বিহকে নাৰীক সমৰ্থন কৰা নহয়। নাৰীবাদ মানে পুৰুষক শ’লঠেকত পেলাই সুবিধা লোৱাও নহয়। বৰং পুৰুষতান্ত্ৰিক সমাজে দিয়া কিছু বিশেষ সুবিধা ত্যাগ কৰি কিছু কৰ্তব্য পুৰুষৰ সৈতে ভগাই লৈ পুৰুষৰ সমমৰ্যাদাৰে জীয়াই থকাহে। নাৰী আৰু পুৰুষৰ মাজৰ সামাজিক বৈষম্য দূৰ কৰি নাৰীৰ সমানাধিকাৰ প্ৰতিষ্ঠা কৰাই নাৰী-পুৰুষ নিৰ্বিশেষে নাৰীবাদীৰ লক্ষ্য। সেয়ে নাৰীবাদীয়ে পুৰুষতন্ত্ৰৰ ভেটি উচন কৰাৰ কথা কয়। এই কথাটো যেতিয়া পুৰুষ-নাৰী উভয়েই বুজিব তেতিয়াহে পুৰুষতন্ত্ৰক উৎখাত কৰিব পৰা যাব। সকলোকে আহুকালত পেলোৱা পুৰুষতান্ত্ৰিক ব্যৱস্থাটো নোহোৱা কৰাৰ কথা আহিলেই বিশেষ শ্ৰেণীৰ কিছুমান মানুহ জাঙুৰখাই উঠে? কাৰ স্বাৰ্থত এই পুৰুষতন্ত্ৰ? এই আলোচনা আগলৈ ৰাখিলোঁ
সৰ্বসাধাৰণে নিজ প্ৰয়োজনত সমাজক পৰিৱৰ্তন কৰে নাইবা স্থিতাৱস্থাত ৰাখে। সেই পৰিৱৰ্তনত ৰাজনীতিয়েই মূল ভূমিকা পালন কৰে। সেই ৰাজনীতি কেৱল নাৰীয়ে কি পিন্ধিব পাৰিব বা নোৱাৰিব, স্বামীৰ যৌন নিৰ্যাতন শাস্তিযোগ্য হ’ব নে নহ’ব সেই কথা নিৰ্ধাৰণ কৰাৰ ৰাজনীতি নহয়। পিছে সৰ্বসাধাৰণে ৰাজনীতিৰ চলা-কলা বুজি নিজে নিবিচৰালৈকে সমাজ পৰিৱৰ্তন নহয়। ৰাজনীতিৰ চলা-কলা সৰ্বসাধাৰণে নিজে নিজে বুজি পাব বুলি আশা কৰাটোও এক প্ৰকাৰৰ মূৰ্খামী। তাৰ বাবে নিৰন্তৰ এখন যুঁজৰ প্ৰয়োজন। যি যুঁজ ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা দেশে-দেশে সংগঠিতভাৱে আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। যাৰ সুফল আমি সকলোৱে ভোগ কৰি আছোঁ। বিশেষ সুবিধাভোগী কোনো শ্ৰেণীৰ কোনোবা মানুহে নিবিচাৰিলেও সেই যুঁজ ভৱিষ্যতেও চলি থাকিব।সকলোকে আহুকালত পেলোৱা পুৰুষতান্ত্ৰিক ব্যৱস্থাটো নোহোৱা কৰাৰ কথা আহিলেই বিশেষ শ্ৰেণীৰ কিছুমান মানুহ জাঙুৰখাই উঠে? কাৰ স্বাৰ্থত এই পুৰুষতন্ত্ৰ? এই আলোচনা আগলৈ ৰাখিলোঁ।