অটিজম : এক সামাজিক প্ৰত্যাহ্বান (ডা. অঞ্জন শইকীয়া)
অটিজম কি?
অটিজম মূলতঃ এক Neurodevelopmental disorder বা মস্তিষ্কজনিত বিকাশৰ সমস্যা। শিশু অৱস্থাৰ শৰীৰৰ বাঢ়ন আৰু বিকাশ স্বাভাৱিকভাৱেই হয়। কিন্তু এনে শিশুৰ জগতখনক উপলব্ধি কৰাৰ ধৰণ আনতকৈ পৃথক হয়। মস্তিষ্ক আৰু ইন্দ্ৰিয়বোৰৰ ক্ৰিয়া সাধাৰণ শিশুতকৈ পৃথক হোৱা বাবে এনে শিশুৰ সামাজিক যোগাযোগ আৰু পাৰস্পৰিক সংযোগ তথা ভাবৰ আদান-প্ৰদানৰ ক্ষেত্রত সমস্যা হয়। তেওঁলোকে একেধৰণৰ আচৰণ বা কামত লাগি থাকিব বিচাৰে। সীমিতসংখ্যক কাম বা বস্তুহে তেওঁলোকে পচন্দ কৰা দেখা যায়। অটিষ্টিক শিশুক অসমীয়া ভাষাত স্বলীন বা আত্ম-মগন শিশু বুলি কোৱা হয়।
অটিজমত আক্ৰান্ত শিশু বা লোকৰ পৰিসংখ্যা সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো বিগত দুটা দশকত বহু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আগতকৈ এই বিসংগতিৰ বিষয়ে সজাগতা বৃদ্ধি পোৱাৰ বাবে চিনাক্তকৰণৰ হাৰো বৃদ্ধি পাইছে লগতে অটিজমত নতুনকৈ আক্ৰান্ত শিশুৰ সংখ্যাও বৃদ্ধি পাইছে। ২০২৩ চনত CDC-এ (Center for disease Control) এমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি ৫৪-জন শিশুৰ ভিতৰত এজন অটিজমত আক্ৰান্ত বুলি তথ্য প্ৰকাশ কৰিছে। ২০২১ চনত ইণ্ডিয়ান জাৰ্নাল অব পেডিয়াট্ৰিকচত প্ৰকাশিত তথ্য মতে আমাৰ দেশৰ প্ৰতি ৬৮ জন শিশুৰ মাজত এজন শিশু অটিষ্টিক হয়।
অটিজম কিয় হয়?
অটিজমত শিশু কিয় আক্ৰান্ত হয় সেই বিষয়ে গৱেষণা চলি আছে। এতিয়ালৈকে সম্পূর্ণভাৱে ইয়াৰ কাৰণ জ্ঞাত হোৱা নাই যদিও বিভিন্ন গৱেষণাত সম্ভেদ পোৱা গৈছে যে ইয়াৰ কাৰণ জীনীয় বা জেনেটিক গঠনৰ লগত জড়িত আৰু জীনৰ লগতে পৰিৱেশৰ কাৰকৰো প্ৰভাৱ আছে। গৱেষণালব্ধ তথ্যৰ পৰা জনা গৈছে যে অটিজমত আক্ৰান্ত হোৱাৰ কাৰণ বহুমাত্রিক। জেনেটিক গঠন, গৰ্ভাৱস্থাৰ পৰিৱেশ আৰু স্নায়ৱিক কাৰকৰ জটিল আন্ত:ক্ৰিয়াৰ সংমিশ্ৰণৰ ফলত শিশু অটিজমত আক্ৰান্ত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত জীন (Gene) অটিজম হোৱাৰ কাৰণৰ লগত জড়িত। গৰ্ভাৱস্থাত মাতৃৰ মানসিক চাপ, মস্তিস্কৰ অস্বাভাৱিক বিকাশ, বিভিন্ন টক্সিন আৰু ৰেডিয়েচনৰ প্ৰভাৱ আদি কাৰকৰো সম্পৰ্ক থকাৰ তথ্য পোৱা গৈছে।
ইন্দ্ৰিয়বোৰৰ কাৰ্যপ্ৰণালীৰ ভিন্নতা, সামাজিক বোধশক্তি আৰু সংযোগ সামৰ্থৰ ভিন্নতাৰ বাবে অটিজমত আক্ৰান্ত শিশুৰ বা লোকৰ জগতখনক উপলব্ধি কৰাৰ ধৰণ স্বাভাৱিক শিশু বা লোকতকৈ পৃথক হয়।
অটিজম এক বৰ্ণালী বিসংগতি
অটিজমত আক্ৰান্তসকলৰ মাজত কিছুমানৰ সামান্য পৰিমাণৰ লক্ষণহে দেখা যায় আৰু তেওঁলোকে বিশেষ অসুবিধা নোহোৱাকৈ জীৱন চলাই নিব পাৰে। আন কিছুমান শিশু বা লোক অটিজমত গুৰুতৰভাৱে আক্ৰান্ত হয় আৰু তেওঁলোকৰ জীৱনযাত্ৰাত আনৰ প্ৰভূত সহায়ৰ প্ৰয়োজন হয়। আক্ৰান্তসকলৰ মাজত লক্ষণসমূহ আৰু সমস্যাসমূহৰ বিস্তৰ ব্যৱধান থাকে বাবে অটিজমক এক বৰ্ণালী বিসংগতি (Autism spectrum disorder) বুলি কোৱা হয়।
কিছুমান অটিষ্টিক শিশুয়ে আগতীয়াকৈ ১২-১৮ মাহত কথন আৰম্ভ কৰে, কিন্তু পাছৰ পৰ্যায়ত (১৫-২৪ মাহত) কথন, ভাষিক / সাংকেতিক সংযোগ আৰু সামাজিক যোগাযোগৰ দক্ষতা আহৰণত পশ্চাদগতি লয় (regressive autism)।
অটিজমত আক্ৰান্ত কিছুমান শিশু বা লোকৰ অন্য ক্ষেত্ৰত অপাৰগতা আৰু সমাজিক যোগাযোগৰ সমস্যা থাকিলেও কিছুমান বিশেষ ক্ষেত্ৰত বিশেষভাৱে পাৰদৰ্শী হোৱাৰ উদাহৰণ পোৱা যায় (high functioning autism) Bobby Fischer অটিষ্টিক হৈয়ো ডবাখেলৰ গ্ৰেণ্ড মাষ্টাৰ হ’ব পাৰিছিল। Daryl Hannah অটিজমত আক্ৰান্ত, কিন্তু চিনেমাৰ অভিনেত্ৰী হিচাপে বিখ্যাত। ভাৰতৰ অটিষ্টিক ব্যক্তি Srinivasan Venkatesh গণিতজ্ঞ হিচাপে আৰু Pranav Basky চিত্ৰকৰ হিচাবে প্ৰসিদ্ধি লাভ কৰিছে।
অটিজমত আক্ৰান্ত শিশুক আৰোগ্য কৰিব পাৰিনে বা ইয়াক প্ৰতিৰোধ কৰিব পাৰিনে?
বৰ্তমানলৈকে অটিজম প্ৰতিৰোধ কৰিব পৰা বা আৰোগ্য কৰিব পৰা উপায় আৱিষ্কাৰ হোৱা নাই। প্ৰতিৰোধ বা আৰোগ্য কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণাই ভৱিষ্যতে কি বিধান দিয়ে তালৈ অপেক্ষা কৰিব লাগিব।
অটিজমত আক্ৰান্তসকলক বৰ্তমানলৈকে ঔষধৰ দ্বাৰা বা অন্য চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰা সম্ভৱ হোৱা নাই যদিও আমি যে একোকে কৰিব নোৱাৰোঁ, সেয়াও নহয়। শিশুৰ পাঁচ বছৰমান বয়সলৈকে মগজুৰ দ্ৰুত বিকাশ হয় আৰু এই সময়চোৱাত গঠনশীল মগজু স্নায়ৱিকভাৱে নমনীয় অৱস্থাত (Neuroplasticity of brain) থাকে। যদি অটিজমত আক্ৰান্ত শিশুক আগতীয়াকৈ, গঠনশীল মগজু নমনীয় হৈ থকাৰ সময়চোৱাত চিনাক্ত কৰিব পৰা যায়, তেতিয়া অভিজ্ঞ চিকিৎসক আৰু অভিজ্ঞ থেৰাপীষ্টৰ দ্বাৰা বিশেষ থেৰাপীৰ মাধ্যমেৰে সমাজৰ মূল-সূতিৰ লগত মিলিব পৰাকৈ জীৱন-যাত্ৰা চলাই নিয়াৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব পৰা যায়। স্পীচ থেৰাপী, অকুপেচন থেৰাপী, প্লে-থেৰাপী, চচিয়েল স্কিলচ্ ট্ৰেইনিং, বিহেভিয়াৰেল থেৰাপী আৰু বিশেষ শিক্ষা আদি আগতীয়াকৈ কম বয়সৰ পৰা প্ৰয়োগ কৰিব পাৰিলে অটিজমৰ বাবে হোৱা ব্যক্তিগত বিসংগতিবোৰৰ মাত্ৰা হ্ৰাসকৰা আৰু সামাজিক যোগাযোগ উন্নত কৰাৰ ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
আগতীয়া আৰু প্ৰাথমিক লক্ষণবোৰ
অস্বাভাৱিক আচৰণৰ উপস্থিতিতকৈ বয়স অনুযায়ী কেঁচুৱা বা শিশুৰ স্বাভাৱিক আচৰণবোৰৰ অনুপস্থিতিক অটিজমৰ আগতীয়া লক্ষণ বোলা হয় (Earliest symptoms are absence of normal behavior rather than presence of abnormal ones)।
১) স্থিৰভাৱে চকুৱে চকুৱে নোচোৱা আৰু ভাব প্ৰকাশ নকৰা
শিশু এটিয়ে অৰ্থপূৰ্ণ শব্দ কোৱাৰ বহু আগৰে পৰাই মাতৃ বা ঘৰৰ আনসকলৰ লগত চকু-মুখলৈ চাই বহু ভাব প্ৰকাশ কৰিবলৈ শিকে। দুমাহ বয়সলৈ মাকৰ মুখখন চিনি পাই হাঁহিবলৈ শিকে (Social smile), চিনাকীজনৰ লগত এটা যোগসূত্র স্থাপন কৰিব পৰা হয়। ৪ মাহৰ পৰা ৬ মাহৰ ভিতৰত কোনোবাই শিশুটিলৈ চাই হাঁহিলে হাঁহিব শিকে, খং কৰিলে কান্দি দিয়ে। এনেদৰে কলকলনি বা মুখৰ ভাব প্ৰকাশেৰে শিশু এটিয়ে আনৰ লগত সহজ ভাবৰ আদান প্ৰদান কৰে।
শিশুৰ আচৰণত চকুৱে চকুৱে চোৱা, মুখলৈ চাই হঁহা, কথা নোকোৱাকৈ সহজ ভাব প্ৰকাশ কৰা— আদিবোৰ নথকাতো অটিজমৰ আগতীয়া লক্ষণ হ’ব পাৰে।
২) শৰীৰৰ ভংগিমাৰে ভাব প্ৰকাশ নকৰা
স্বাভাৱিকভাৱে বিকাশ হোৱা শিশুৱে (Neurotypical child) শাৰীৰিক ভাষা বা ভংগিমাৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ শিকে। আনন্দ বিষাদৰ অনুভৱ, অস্বস্তি পোৱা, বিৰক্ত হোৱা আদি অনুভৱ শিশুৱে মুখৰ বা শৰীৰৰ ভাব-ভংগিমাৰেই প্ৰকাশ কৰে। কোঁচত উঠিবলৈ বিচাৰিলে হাত দুখন মেলি দিয়ে, আনে হাত দুখন মেলি কোঁচত ল’ব বিচাৰিলে নিজেও হাত মেলি আগ বাঢ়ি আহিব বিচাৰে। কিবা এটা বস্তু লগা হ’লে ওচৰৰজনৰ মুখলৈ চাই বস্তুটোলৈ আঙুলিয়াই দেখুৱায়। বস্তুটো আনি দিলে হাঁহি বা হাত-ভৰি জোকাৰি আনন্দ প্ৰকাশ কৰে। জন্মৰ এবছৰৰ পৰা দেৰ বছৰমানৰ ভিতৰত শিশুৰ সচৰাচৰ এই বিকাশখিনি হয়।
কিন্তু যদি এই বয়সৰ শিশুৱে নিজে বিচৰাখিনি শাৰীৰিক ভংগিমাৰে প্ৰকাশ নকৰে বা বস্তু এটালৈ চাব কিন্তু বস্তুটো দিবলৈ মানুহৰ লগত ভংগিমাৰে যোগাযোগ নকৰে, তাৰ পৰিৱৰ্তে মানুহৰ হাতখন এটা সঁজুলি হিচাপে ধৰি বস্তুটোৰ ফালে টানি লৈ যায়—এইবোৰ অটিজমত আক্ৰান্ত (Neurodivergent) শিশুৰ লক্ষণ হিচাপে বিবেচিত হয়।
৩) আনৰ চলন ভংগী অনুকৰণ নকৰা
৯ মাহৰ পৰা এবছৰমান বয়সৰ শিশুৱে আনৰ ভাব-ভংগী অনুকৰণ কৰা দেখা যায়। বাই বাই দি হাত জোকাৰিলে শিশুটিয়েও হাত জোকাৰি বাই বাই দিয়ে। ঘৰৰ মানুহে চাপৰি বজালে তাক অনুকৰণ কৰি চাপৰি বজায়, মাকে ফণীৰে মূৰ আঁচোৰা দেখি নিজেও ফণী লৈ মূৰ আঁচোৰাৰ দৰে কৰিবলৈ চেষ্টা কৰে, ফোন এটা পালে ডাঙৰৰ নিচিনাকৈ ফোনটো কাণৰ ওচৰলৈ নি ফোন কৰাৰ দৰে কৰে।
১ বছৰ পাৰ হোৱা শিশুৰ ক্ষেত্ৰত যদি এইধৰণৰ অনুকৰণ কাৰ্য দেখা পোৱা নেযায়, তেন্তে সেয়া চিন্তনীয় বিষয় আৰু এয়া অটিজমৰ লক্ষণ হ’ব পাৰে।
৪) খেলাৰ দক্ষতাৰ অভাৱ
৫ মাহমান বয়সৰ পৰা শিশুৱে বস্তু এটা ওচৰলৈ নিলে হাত আগবঢ়াই ধৰিবলৈ বিচাৰে। বিভিন্ন বস্তু দেখুৱালে শিশুটিয়ে তাৰ প্ৰতি সঁহাৰি জনায়। বস্তুটো ইফালৰ পৰা সিফালে নিলে শিশুটোৱেও হাতখন ইফাল-সিফাল কৰে। ৬ মাহৰ পৰা ৯ মাহৰ ভিতৰত শিশুৱে বস্তু এটা ধৰি খেলিবলৈ শিকে। ১ বছৰমান বয়সৰ পৰা শিশুৱে কিছু জটিল খেলো খেলিব পৰা হয়। ব্লক লৈ খেলে। গাড়ী এখন দিলে ভোঁ-ভোঁকৈ হাতেৰে চলাব বিচাৰে। দুখন গাড়ী ধৰি খুন্দিয়াই দেখুৱাব পাৰে। পুতলা লৈ বিভিন্নভাৱে খেলে। ডাক্তৰৰ পুতলা ষ্টেথ’স্কোপ লৈ ডাক্তৰে ৰোগী চোৱাৰ দৰে অনুসৰণ কৰি খেলে। অটিজমত আক্ৰান্ত শিশুৱে খেলে যদিও তেওঁলোকৰ খেলৰ ধৰণ বৰ সীমিতধৰণৰ (restricted play) হয়। বহুতো পুতলা দিলে হয়তো তাৰে এটাহে তেওঁলোকে পচন্দ কৰে। গাড়ী এখন দিলে সেইখন তেওঁলোকে চলাবলৈ চেষ্টা নকৰে, বা চকা এটাৰ ফালে চাই থাকে বা এটা চকাকে ঘূৰাই থাকে বা মুখেৰে কামোৰে। ২ বছৰ বয়সলৈকে শিশুৱে অনুকৰণ কৰি কৰা খেলবোৰ (pretend play) যদি নেখেলে, তেন্তে সেয়া অটিজমত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে।
৫) নিজৰ পচন্দ বা ভালপোৱাটো আনৰ লগত ভাগ-বতৰা নকৰা (Not sharing interst to others)
সচৰাচৰ শিশুবোৰে নিজৰ ভাল লগাখিনি আনৰ আগত প্ৰকাশ কৰি ভাল পায়। কিবা এটা পুতলা যদি শিশুটিয়ে ভাল পাইছে সেইটো আনক দেখুৱাব বিচাৰে। মাক-বাপেক ওচৰৰে গ’লে কলকলাই বা হাতৰ ভংগিমাৰে ওচৰলৈ মাতিব বিচাৰে। মাক-দেউতাক বা আনৰ লগত খেলি ভাল পায়। কিন্তু অটিজমত আক্ৰান্ত শিশুৱে নিজৰ পচন্দটো আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে। ডাঙৰৰ লগত বা অন্য শিশুৰ লগত খেলিব নিবিচাৰে, অকলে অকলে নিজেই কিবা কিবি খেলি থাকে। তেওঁলোকৰ পচন্দ খুব সীমিত হয়, আৰু সেয়া বেলেগৰ লগত ভাগ-বটোৱাৰা কৰিব নিবিচাৰে।
৬) একেটা কাৰ্য বা আচৰণ পুনৰাবৃত্তি কৰি থকা
অটিজমত আক্ৰান্ত শিশুৱে একেটা খেলাকে বা একে আচৰণকে পুনৰাবৃত্তি কৰি ভাল পায়। তেওঁলোকে একেটা খাদ্যকে সদায় খাবলৈ বিচাৰে, একেধৰণৰ কাপোৰকে পিন্ধিবলৈ ভাল পায়। একে সময়তে খাবলৈ বা শুবলৈ ভাল পায়।
অটিষ্টিক শিশুৱে কিছুমান বিশেষধৰণৰ আচৰণ কৰি থকা দেখা যায়। একেধৰণে জঁপিয়াই থাকে, একেধৰণে হাত এখন বা দুয়োখনেই নচুৱাই থাকে, একেধৰণে হাতেৰে চাপৰি মাৰি থাকে, গোটেই শৰীৰৰ জটিল সঞ্চালন কৰে, একে ঠাইতে বৃত্তাকাৰে বা সোঁ-বাঁৱে ঘূৰি থাকে, ভৰিৰ বুঢ়া আঙুলিত ভৰ দি খোজ কাঢ়ে, চকীত বহি চকীখন ঘূৰাই থাকিব বিচাৰে (rocking movement), মূৰটো একেধৰণে বেৰত খুন্দিয়াই থাকে, টৰ্চ লাইট এটা বাৰে বাৰে অন-অফ কৰি থাকি ভাল পায়। এইধৰণৰ একঘেয়েমি আচৰণবোৰ সচৰাচৰ অলপ ডাঙৰ শিশুৰ ক্ষেত্ৰত (দেৰ বছৰৰ পৰা তিনি বছৰ বয়সৰ) পৰিলক্ষিত হয়।
অটিষ্টিক শিশুৰ পচন্দবোৰ খুব সীমিত হয় আৰু তেওঁলোকে সদায় একে ৰুটিন অনুসৰণ কৰি ভাল পায়। নিজৰ দৈনন্দিন ৰুটিন কৰ্ম বা আচৰণত এনে শিশু অনমনীয় হৈ থাকিব বিচাৰে। ৰুটিন কাৰ্যক্ৰমৰ সামান্য ইফাল-সিফাল হ’লে তেওঁলোকে অস্বস্তি পায়, উদ্বিগ্ন হয়, অশান্ত হয়। নিৰ্দিষ্ট কিছু বিশেষ বস্তু বা কাৰ্যৰ প্ৰতিহে তেওঁলোক আকৰ্ষিত হোৱা দেখা যায়। কোনোবা টিউৱ আকৃতিৰ (tubular) বস্তুৰ প্ৰতি আসক্ত হয়, কোনোবা বিশেষ ফলৰ প্ৰতি আসক্ত হয় (আঙুৰ, কমলা), কোনোবা স্ক্ৰীণৰ প্ৰতি (টিভি, লেপটপ, মবাইলৰ) আসক্ত হয়। কোনোবা শিশুৱে গীতৰ ধ্বনি আৰু সুৰ শুনি অতি সোনকালে আয়ত্ব কৰি একো অৰ্থ নুবুজাকৈয়ে সুৰ-মান ৰাখি গাই দিব পাৰে। কোনোবাজন মটৰ গাড়ীৰ শব্দবোৰৰ প্ৰতি আসক্ত হয়। বিভিন্ন গাড়ীৰ শব্দবোৰ চিনি পায়। কেতিয়াবা কোনোধৰণৰ উদ্দীপক নোহোৱাকৈয়ে ভয় খায়।
ইন্দ্ৰিয়বোৰৰ ত্ৰুটিপূৰ্ণ ক্ৰিয়াৰ (sensory organ dysfunction) বাবে অটিষ্টিক শিশুৰ আচৰণত কিছুমান বিশেষ লক্ষণ দেখা পোৱা যায়। কোনোবাই উজ্জ্বল পোহৰত অশান্তি পায়, কোনোবাই উজ্জ্বল পোহৰহে পচন্দ কৰে, কোনোবাজনে ৰংবিৰঙৰ কোঠাত থাকি ভাল পায়, কোনোবাই নেপায়, কোনোবা জন গোন্ধৰ প্ৰতি অতিশয় সংবেদনশীল হয়, কোনোবাই সামান্য শব্দ হ’লেই উচপ খাই উঠি কাণ হাতেৰে ঢাকি দিয়ে, অথচ বজ্রপাতৰ দৰে ভীষণ শব্দ বা অন্য বিকট শব্দৰ প্ৰতি তেওঁলোক উদাসীন হৈ থাকিব পাৰে, কোনোবাই উচ্চ প্ৰাবল্যৰ সংগীতহে উপভোগ কৰে (hyper-responsive or hypo-responsive to sound and other stimuli)। খাদ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ পচন্দ সীমিত হয়। কোনোবাই কোমল খাদ্যহে পচন্দ কৰে, কোনোবাই মচমচীয়া খাদ্যহে সদায় খাবলৈ বিচাৰে।
বয়স বঢ়াৰ লগে লগে এনে শিশু সমনীয়া বা অন্য শিশুৰ লগত সম্পর্ক স্থাপনত অসমৰ্থ হয়, অকলে খেলিবলৈ বা অকলে কিবা এটাত লাগি থাকিবলৈ পচন্দ কৰা দেখা যায়। তেওঁলোকৰ ক্ৰিয়া-কাৰ্যত আনক মাথোঁ এক সজুলি (tools only) বা যান্ত্রিক সহায়ক (mechanical aids) ৰূপেহে জড়িত কৰিব বিচৰা দেখা যায়।
এনেধৰণৰ বিভিন্ন লক্ষণ অটিজমত আক্রান্ত শিশুৰ ক্ষেত্রত পৰিলক্ষিত হয়। সীমিত কৰ্মপ্ৰীতি আৰু পুনৰাবৃত্তি কৰা আচৰণৰ (restrictive action and repetative behaviour) উপস্থিতি শিশু এটিক অটিষ্টিক বুলি ডায়গ্নচিচ কৰাৰ ক্ষেত্ৰত এটা প্ৰধান অনুমাপক (criteria)।
বাকশক্তি বা কথন (Speech) পলম হোৱা
সাধাৰণতে অটিষ্টিক শিশুৰ অভিভাৱকসকল আঢ়ৈ বছৰ বা তিনি বছৰমান বয়সলৈকে শিশুৰ মাত নুফুটাৰ বাবে চিকিৎসকৰ কাষ চাপে। চিকিৎসকে ভালদৰে অভিভাৱকক সোধ-পোচ কৰিলে গম পায় যে শিশুটিৰ আচৰণত বহু আগৰে পৰাই অটিজমৰ লক্ষণ অনুভূত হৈছিল।
অটিজমত আক্ৰান্ত শিশুৰ ক্ষেত্ৰত একেবাৰেই অৰ্থপূৰ্ণ কথা নোকোৱা শিশুৰ পৰা প্ৰায় স্বাভাৱিকভৱে অৰ্থপূৰ্ণ কথা কোৱা শিশু পোৱা যায়। কিছুমানে একমাত্ৰিক স্বৰত (flat tone) কথা কয় য’ত ভাব প্ৰকাশৰ উঠা-নমা নেথাকে। কিছুমানে শব্দ আৰু ধ্বনিবোৰ পুনৰাবৃত্তি কৰে (Echolalia)। কিছুমানে অৰ্থ নথকা শব্দ বা শব্দজোঁটনি বাৰে বাৰে পুনৰাবৃত্তি কৰা (Neologism) দেখা যায়।
শিশু এটিৰ বাকশক্তিৰ বিকাশ অৰ্থপূৰ্ণ শব্দ কোৱাৰ বহু আগৰে পৰাই আৰম্ভ হয়। শিশুৱে কলকলাব লোৱাৰ পৰাই বাকশক্তিৰ বিকাশ আৰম্ভ হয়। এক বছৰ বয়সলৈকে শিশুৱে সাংকেতিক আলাপ আৰম্ভ নকৰা, দেৰ বছৰমান বয়সলৈকে অৰ্থপূৰ্ণ একো শব্দ নোকোৱাটো অটিজমৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে। তিনি বছৰ বয়সলৈ স্বাভাৱিকভাৱে বিকাশ হোৱা শিশুৱে সৰল বাক্য ক’ব পৰা হয়। বাকশক্তি বা কথনৰ পলম হোৱাটো শিশুটিৰ শ্ৰৱণ শক্তি নথকা বা মস্তিস্কজনিত অন্য স্নায়ৱিক বিকাৰৰ বাবেও হ’ব পাৰে।
কিছুমান অটিষ্টিক শিশুৱে গীত এটা শুনিলে গীতৰ একো অৰ্থ নুবুজাকৈ গীতৰ সুৰটো আয়ত্ব কৰি গাই দিব পাৰে। প্ৰায় ৫০% মান অটিষ্টিক শিশুৱে কথা নকয়। কিছুমানে “তোমাৰ নাম কি?” বুলি সুধিলে নামটো ন’কৈ “তোমাৰ নাম কি” বাক্যাংশ পুনৰাবৃত্তি কৰে।
কথনৰ পলম হোৱাটো আৰু একেবাৰেই অৰ্থপূৰ্ণ কথা নোকোৱাকৈ থকাটো অটিজমত আক্ৰান্ত শিশুৰ এটা গুৰুত্বপূৰ্ণ লক্ষণ।
স্বাভাৱিকভাৱে বিকাশ হোৱা শিশুৱে মাক-বাপেকে যিটো নামেৰে মাতে ৯ মাহৰ পৰা এবছৰৰ ভিতৰত নামটো আয়ত্ব কৰে আৰু সেই নামেৰে মাতিলে সঁহাৰি জনাব পৰা হয়। ১ বছৰ পাৰ হোৱাৰ পাছতো নিজৰ নামটোৰে মাতিলে শিশুৱে সঁহাৰি নিদিয়াটো শ্ৰৱণেন্দ্ৰিয়ৰ সমস্যা বা অটিজমত আক্ৰান্ত হোৱাৰ লক্ষণ হ’ব পাৰে।
ওপৰত অটিজমৰ বহুখিনি আগতীয়া লক্ষণৰ বিষষে উল্লেখ কৰা হৈছে আৰু এই লক্ষণবোৰৰ কোনো এটা কেতিয়াবা স্বাভাৱিক (Neurotypical) শিশুৰ মাজতো পৰিলক্ষিত হ’ব পাৰে, কিন্তু সেয়া ক্ষন্তেকীয়া হয় আৰু সময়ান্তৰত সেয়া নোহোৱা হয়। অটিষ্টিক শিশুৰ ক্ষেত্ৰত এই লক্ষণবোৰ দীৰ্ঘকালীন হয় আৰু একেলগে বহুকেইটা লক্ষণ থকা পৰিলক্ষিত হয় আৰু এয়া গোটেই জীৱন জুৰি থাকিব পাৰে।
বৰ্তমান আমাৰ কৰণীয় কি?
সমাজৰ সকলো লোকৰ মাজত অটিজমৰ বিষয়ে সজাগতাৰ প্ৰয়োজন। অটিজমৰ আগতীয়া লক্ষণবোৰৰ (early symptoms) বিষয়ে প্ৰাথমিক ধাৰণা থকা প্ৰয়োজন। তদুপৰি অটিজমত আক্ৰান্তসকলক সাম্ভাব্য সকলোধৰণৰ সহায় কৰিবলৈ সকলোতে সহজে উপলব্ধ হোৱাকৈ অভিজ্ঞ থেৰাপিষ্ট আৰু থেৰাপী কেন্দ্র স্থাপন হোৱাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে। এই ক্ষেত্ৰত বিজ্ঞানসন্মত থেৰাপী উপলব্ধ হোৱাকৈ চৰকাৰী খণ্ড আৰু বেচৰকাৰী স্বেচ্ছাসেৱী প্ৰতিষ্ঠানবোৰ আগবাঢ়ি অহাটো সময়ৰ আহ্বান।
অটিজমত আক্ৰান্তসকল আমাৰ বৃহত্তৰ সমাজৰে অংশ। তেওঁলোকৰ বিষয়ে সামাজিক সজাগতা সৃষ্টিৰ লগতে তেওঁলোকক সমাজৰ অংশ বুলি গ্ৰহণ কৰি তেওঁলোকক মানৱীয় মৰ্যাদা, মানৱীয় ন্যায় আৰু অধিকাৰ প্ৰদান কৰিব লাগিব। অটিজমত আক্ৰান্ত শিশু বা লোকৰ আৰু লগতে তেওঁলোকৰ পৰিয়ালবোৰে জীৱন-যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত বৃহত্তৰ সমাজে সহায়ৰ হাত আগ বঢ়াব লাগিব।
অটিজম এক সামাজিক প্ৰত্যাহ্বান। যিদৰে অটিজমত আক্ৰান্তসকলে সামাজিক সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত, সম্পৰ্ক গঢ়াৰ ক্ষেত্রত আৰু সামাজিক আচৰণবোৰ আয়ত্ব কৰাৰ ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়া হয়, তেনেদৰে আমাৰ বৃহত্তৰ সমাজৰ বাবেও তেওঁলোকক ভালদৰে বুজি পোৱা আৰু তেওঁলোকে স্বাছন্দ্য অনুভৱ কৰিব পৰা সহায়কাৰী সামাজিক পৰিৱেশ এটা নিৰ্মাণ কৰাটো প্ৰত্যহ্বানমূলক কাম। এই প্ৰসংগত এটা ইংৰাজী প্ৰবচন উল্লেখ কৰিলোঁ, “lt takes a village to raise a child, but it takes a child with autism to raise the consciousness of a village”।
সৰলকৈ সাম্ভাব্য অটিজমৰ আগতীয়া সতৰ্ক-সংকেতবোৰ (red flag) পুনৰ উল্লেখ কৰা হ’ল—
* আনৰ লগত সম্পৰ্ক স্থাপন কৰিব নিবিচৰা
* মৰমেৰে আঁকোৱালি ল’ব বিচাৰিলে বাধা দিয়া
* চকু মুখলৈ নোচোৱা বা চকুৱে চকুৱে চোৱাৰ পৰা আঁতৰি থকা
* কোলাত ল’বলৈ বিচাৰিলে আগতীয়া অনুমান কৰি হাত আগবঢ়াই নিদিয়া
* অতি-সক্ৰিয়তা বা নিষ্ক্রিয়তা
* শব্দৰ প্ৰতি সংবেদনহীনতা বা অত্যাধিক সংবেদনশীলতা
* অসচৰাচৰ আচৰণ বা শাৰীৰিক সঞ্চালন
* দুৰ্বল কথন বা মুঠেই কথা নোকোৱা
* কিছু বস্তুৰ প্ৰতি অদ্ভুত আসক্তি
* পৰিৱৰ্তন বা সাল-সলনি মানি ল’বলৈ টান পোৱা
* বিপদৰ সম্ভাবনাৰ প্ৰতি সজাগ নোহোৱা
* আনৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কোনো বস্তুলৈ আঙুলিয়াই নেদেখুৱা (lack of protodeclarative pointing: may point toward an object but not necessarily to draw someone’s attention to it)