অভিযান্ত্ৰিক কলেজৰ শ্ৰেণীকোঠাৰ বিতৰ্ক – ডিজেল নে বিশ্বকৰ্মা – (ভাৰ্গৱ বৰঠাকুৰ)
ৰাতিপুৱা ন বজাৰ ক্লাছ৷ নতুন ষাণ্মাসিকৰ নতুন বিষয়৷ অন্তদৰ্হী ইঞ্জিন৷ বৰ্ডত চাপ আৰু আয়তনৰ বিভিন্ন চিত্ৰৰে প্ৰতিবছৰৰ দৰে এইবাৰো ড°শৰ্মাই ক্লাছ আৰম্ভ কৰিলে৷
“… এনেধৰণৰ ইঞ্জিনৰ বাবে তাপৰ সংযোজন প্ৰক্ৰিয়াত চাপক ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰা হয় আৰু তাপ বিয়োজন প্ৰক্ৰিয়াত আয়তনক ধ্ৰুৰক হিচাপে ব্যৱহাৰ কৰা হয়৷”
ডিজেল ইঞ্জিনৰ বিষয়ে পাঠদান কৰি থকা অৱস্থাত হঠাৎ শৰ্মা চাৰে ছাত্ৰ-ছাত্ৰীসকলক উদেশ্য সুধিলে,‘বাৰু, তোমালোকে জানানে ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক কোন?’
‘ছাৰ… বিশ্বকৰ্মা আকৌ’!
লাষ্ট বেঞ্চৰ পৰা এটা গহীন কণ্ঠস্বৰ ভাহি আহিল৷ আচৰিতহৈ সকলোৱে পাছফাললৈ চালে৷ কুশলৰ উত্তৰটো শুনি ক্লাছ ৰুমত হাঁহিৰ খিলখিলনি উঠিল৷ নুঠিবনো কিয়? এজন অভিযান্ত্ৰিক ছাত্ৰৰ এনে তৰল উত্তৰ হ’ব পাৰে নে! শৰ্মা ছাৰে ধমক দি ক’লে, “ফটুৱামী কৰিবলৈ কলেজ আহিছ? কি গছত গৰু উঠা কথা কৈছ? এনেকে হ’লে কি ইঞ্জিনিয়াৰ হবি”?
কুশল খুব ছিৰিয়াছ ছাত্ৰ, পৰীক্ষাত নম্বৰ বেছি উঠাব নোৱাৰিলেও কুশল কিন্তু অনুসন্ধিৎসু আৰু যুক্তিবাদী৷ স্বভাৱসুলভ হাঁহি এটাৰে, নম্ৰভাৱেই কুশলে ক’লে, “নহয় ছাৰ আমাৰ কলেজত যি ধুমধামেৰে বিশ্বকৰ্মা পূজা পাতিবলৈ লৈছে, মূৰ্তি আনিছে, পুৰোহিত, ভকত আনিছে, এনে লাগিছে যেন সকলোবোৰ যন্ত্ৰ, ইঞ্জিনৰ আৱিষ্কাৰক বিশ্বকৰ্মাহে! ডিজেল ইঞ্জিনৰো আৱিষ্কাৰক যেন ৰুডল্ফ ডিজেল নহৈ আমাৰ কাল্পনিক দেৱতা বিশ্বকৰ্মাহে! আৰু ছাৰ আপুনিওতো এই পূজাৰ আয়োজক কমিটিত আছে৷ যদি মোৰ উত্তৰটো ভুলেই হৈছে মানে বিশ্বকৰ্মাই যদি একো আৱিষ্কাৰেই কৰা নাই তেন্তে তেওঁক লৈ এই জাকজমকীয়া আয়োজনৰ যুক্তিযুক্ততা ক’ত?”
শৰ্মা চাৰে এটা ইতিকিং সূচক হাঁহিৰে কুশলক বুজাব চেষ্টা কৰি ক’লে,“এই আয়োজনৰ যুক্তি বিচাৰিব গ’লে একো নাই, ই মাত্ৰ ভাৰতবৰ্ষৰ হেজাৰ বছৰীয়া ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাৰ এটা প্ৰক্ৰিয়াহে৷ এই দিনটোত পূজাৰ নামত গোটেই সমাজখনে যেতিয়া আনন্দ কৰিব, আমাৰ কলেজখনো কিয় বাদ পৰিব লাগে? ভাৰতৰ গোটেৰ কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা আদি কৰি অভিযান্ত্ৰিক কলেজবোৰ যেতিয়া ধৰ্মীয় পৰম্পৰা ৰক্ষাত ব্যস্ত আমিনো তাৰ বিপৰীতে কিয় যাব লাগে”?
কুশলে খুব মনোযোগেৰে শৰ্মা ছাৰৰ যুক্তিবোৰ শুনি আছিল৷ কিন্তু এইবাৰ কিছু অসংযতভাৱেই কৈ পেলালে,“নহয় ছাৰ, কথা বোৰ সদায় তেৰেদৰে ল’ব নোৱাৰি! পৰম্পৰা, ধৰ্মীয় বিশ্বাস বুলি যদি আমি সদায় এনেবোৰ কথা গা এৰা দি যাওঁ তেন্তে সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, অবৈজ্ঞানিক কাম-কাজবোৰ দেখোন বিচাৰি উলিয়াবই নোৱাৰিম! কাৰণ প্ৰত্যেকেই নিজৰ বিশ্বাসটো বা পৰম্পৰাটোৰ পৰা কিবা এটা আনন্দ বা উপকাৰিতা পোৱা কথা ক’বই৷ বহুতে ক’বই এনেবোৰ পূজা-পাতলে তেওঁলোকক ‘পজিটিভ এনাৰ্জি’ দিয়ে বুলি৷ কিন্তু এনে কিছুমান বিশ্বাসৰ ‘ছাইড এফেক্টে’ যে আমাৰ সমাজখনত অবৈজ্ঞানিক তথা অযুক্তিকৰ কাৰ্যকলাপত উদগনি জনাইছে আমি বাৰু ভাবিব পাৰিছোঁ নে? কাৰিকৰী প্ৰতিষ্ঠানবোৰত সাধাৰণতে বন্ধৰ দিন খুব কম৷ বিশ্বকৰ্মা পূজাৰ দিনা সেইকাৰণে সকলোৱে কৰ্মবিৰতি পালন কৰি আনন্দত মতলীয়া হয়৷ ঠিক, বিদ্যালয়সমূহৰ সৰস্বতী পূজাৰ দৰে! মোৰ বোধেৰে এই বন্ধ বা কৰ্মবিৰতিৰ বাবেই বহুতে এইক্ষেত্ৰত কোনো বিৰোধিতা নকৰে৷ দেখা যায় পেট্ৰল আৰু ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক দুয়োজনেই জাৰ্মান অভিযন্তা আছিল কিন্তু সেই বুলি জাৰ্মানিত জানো বিশ্বকৰ্মা পূজা পাতে? পৃথিৱীৰ গৰিষ্ঠসংখ্যক আৱিষ্কাৰকেই দেখোন জাৰ্মান, ব্ৰিটেইন, ফ্ৰান্স আদি দেশৰ৷ সেইবোৰ দেশত যন্ত্ৰৰ সুমতিৰ বাবে জানোঁ বিশ্বকৰ্মা পূজা পাতে”?
কুশলৰ যুক্তিবোৰত কিছু দম আছে৷ শৰ্মা ছাৰক যেন কুশলৰ যুক্তিবোৰে কিছু বিমোৰত পেলাইছে৷ তথাপিও যথেষ্ট গহীন আৰু সহজ ভাবেই কুশলক বুজাবলৈ চেষ্টা কৰিলে,“চোৱা, সেইবোৰ দেশৰ কথা বেলেগ৷ তেওঁলোকৰ সংস্কৃতি বেলেগ আমাৰো সংস্কৃতি বেলেগ৷ আমি আমাৰ ধৰ্মীয় পৰম্পৰাবোৰ যদি ধৰি নাথাকোঁ তেন্তে পাছলৈ আমাৰ অস্তিত্ব থাকিব ক’ত? তুমি যিদৰে ইয়াৰ বিৰুদ্ধে কৈছা, তোমাৰ দৰে অলেখজন ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-অধ্যাপকে কিন্তু বিশ্বকৰ্মা পূজা পাতি আছে৷ ইঞ্জিন এটা বিশ্বকৰ্মাৰ আশীৰ্বাদতহে তৈয়াৰ কৰিব পাৰি বুলি তেওঁলোকৰ বিশ্বাস! বিশ্বকৰ্মাৰ পূজা নাপাতিলে নগৰৰ বিশিষ্ট অভিযন্তা-গৱেষক এচামে যন্ত্ৰৰ কাষেই নাচাপে৷ তোমাৰ যুক্তিৰে সেই ডাঙৰ মানুহবোৰৰ বিশ্বাসক জানো সলনি কৰিব পাৰিব”?
শৰ্মা চাৰক বেছি আগবাঢ়িবলৈ নিদি কুশলে কৈ গ’ল,“আচলতে ছাৰ, যুক্তি বা অযুক্তিয়ে সমাজৰ বিশেষ ঠাই বাছি নলয়, ই সকলোতে থাকিব পাৰে৷ শিক্ষাৰ পোহৰ নপৰা ঘোঁকট অঞ্চলতো যিদৰে যুক্তিপ্ৰিয় মানুহ থাকিব পাৰে, চহৰৰ ইঞ্জিনীয়াৰিং কলেজতো ইঞ্জিন চলাবলৈ বা তৈয়াৰ কৰিবলৈ বিশ্বকৰ্মাৰ আশীৰ্বাদ লাগে বুলি বিশ্বাস কৰা ছাত্ৰ বা অধ্যাপক থাকিব পাৰে৷ গতিকে সমস্যাটো সমাজৰ সকলোৰে বাবে প্ৰযোজ্য এটা সাধাৰণ সমস্যাহে৷ তদুপৰি আপুনি কোৱাৰ দৰে মই কোনো ঐতিহাসিক সংস্কৃতি বা পৰম্পৰাৰ বিৰুদ্ধে ক’বলৈ যোৱা নাই৷ আমাৰ প্ৰাচীন ভাৰতীয়সকলে যিসমূহ অৱদান আগবঢ়াই থৈ গৈছে সেইসমূহে আমাক সদায় গৌৰাম্বিত কৰে। কিন্তু সেইবুলি বৰ্তমান সময়ত যিবোৰ পৰম্পৰা আমি অযুক্তিকৰ, অবৈজ্ঞানিক বুলি জানিব পাৰিছোঁ সেইবোৰ এৰিব নোৱাৰাত বাধা ক’ত? নিজৰ ধৰ্মীয় পৰম্পৰাসমূহ জীয়াই ৰাখিব লাগে বুলিয়েই অযুক্তিকৰ কিছুমান কামক কিয়নো প্ৰাধান্য দিব লাগে? আমাৰ অস্তিত্ব জাহিৰ কৰিবলৈ অযুক্তিকৰ ধৰ্মীয় পৰম্পৰাসমূহ সাবটি ধৰি ৰখাৰো কোনো প্ৰয়োজন নাই৷ পুৰণি কালত প্ৰকৃতিৰ ৰহস্যসমূহক বুজিব নোৱাৰি, প্ৰকৃতিৰ ৰুষ্ট ৰূপক নিয়ন্ত্ৰণ কৰাৰ নিমিত্তে আদিম মানুহে বিভিন্ন দেৱ-দেৱীৰ কল্পিত ৰূপক পূজা অৰ্চনা কৰিছিল৷ আমাৰ সিন্ধু সভ্যতাতো এনেদৰে বহু দেৱ-দেৱীৰ জন্ম দিয়া হৈছিল ৷ কিন্তু বৰ্তমান বিজ্ঞানৰ আৱিষ্কাৰসমূহে প্ৰকৃতিৰ বহু ৰহস্য উদ্ঘাটন কৰাৰ পাছতো পুৰণি চিন্তাধাৰাবোৰক এৰাই চলিব নোখোজাসকলেই অন্ধবিশ্বাসী নহয় জানোঁ, ছাৰ? বিভিন্ন অন্ধবিশ্বাসবিৰোধী টক-শ্ব, সভা-সমিতি আদিত আপুনিয়ে জানোঁ এনেদৰে মানুহক নুবুজায়? আমি জানোঁ তাপ-গতি বিজ্ঞান (thermodynamics)-ৰ নিয়ম মতেহে এটা ইঞ্জিনৰ তৈয়াৰ হয় বা ইয়াৰ কাৰ্যপ্ৰণালীক বৰ্ণনা কৰা হয়৷ ইমানখিনি জনাৰ পাছতো আদিম মানুহৰ দৰে আমি কিয় আজিও অলৌকিক শক্তিৰ ওপৰত বিশ্বাসী? বিশেষকৈ আমাৰ দৰে ইঞ্জিনীয়াৰিং কলেজত বিশ্বকৰ্মা পূজা পতা কথাতো চিন্তনীয় এই কাৰণেই যে ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-অধ্যাপক হিচাপে সমাজে আমাক উচ্চ শিক্ষিত তথা মেধাসম্পন্ন বুলি ভাবে। কিন্তু সমাজৰ উচ্চ শিক্ষিত বুদ্ধিমান বুলি ভবা শিক্ষক-ছাত্ৰই যদি যুক্তিৰ আশ্ৰয় নলয়, আৰু বিভিন্ন অন্ধবিশ্বাসনিৰ্ভৰ আচাৰ-অনুষ্ঠানত বিশ্বাসী হয়, তেন্তে দেশৰ অশিক্ষিত লোকসকললৈ কি বাকী থাকিল? গাঁওৰ নিৰক্ষৰ মানুহে যদি ৰোগ আৰোগ্য কৰিবলৈ মন্ত্ৰপুত পানী খোৱা, বেজ বা আই-থানলৈ যোৱা, বাহুৱে-কঁকালে তাবিজ পিন্ধা কামটোক আমি অন্ধবিশ্বাসী বুলি হাঁহো, তেনেহ’লে ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ-অধ্যাপক অথবা আন উচ্চ শিক্ষিত মানুহে বিশ্বকৰ্মাক ইঞ্জিনৰ মালিক বিশ্বাস কৰাতো বেছি হাঁহি উঠা কথা নহয়নে? গাঁৱৰ নিৰক্ষৰ মানুহৰ সমাজত কোনোবা এজনে অকলে সমাজৰ আনসকলৰ বিশ্বাস মতে কাম নকৰিলে এঘৰীয়া হোৱাৰ ভয় থাকে, যাৰ বাবে নিজৰ বিশ্বাসৰ বিপৰীতে গৈও কিছুমান কাম কৰিবলগীয়া হয়৷ কিন্তু ইঞ্জিনীয়াৰিং কলেজত পূজা নাপাতিলে কোনে আপত্তি কৰিব? নে AICTE-ৰ স্বীকৃতি বাতিল কৰিব? কলেজৰ বুদ্ধিমান ছাত্ৰসকলক তেওঁলোকৰ নিজৰ যুক্তি মতে কাম কৰাৰ পৰা কোনোবাই বাধা দিবনে?”
অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাম কৰি আহিছে অধ্যাপক শৰ্মাই৷ তথাপি ধৰ্মীয় পৰম্পৰাসমূহৰ ক্ষেত্ৰত যেন তেওঁৰ যুক্তিয়ে নিৰপেক্ষ বস্তুবাদী বিচাৰ ধাৰাক এৰাই চলিব বিচাৰে৷ যাৰ বাবে কুশলৰ যুক্তিয়ে যেন শৰ্মা চাৰক মনাব পৰা নাই৷ “তুমি তাৰমানে ক’ব বিচাৰিছা, ইঞ্জিনীয়াৰিং-ৰ ছাত্ৰ-অধ্যাপকসকল খুব বুদ্ধিমান, তেওঁলোকে জানে যে বিশ্বকৰ্মা পূজা পাতি একো লাভ নাই, শপত খাবলৈ বিশ্বকৰ্মাৰ নাম লোৱাৰ বাহিৰে কোনো অভিযান্ত্ৰিক কলেজৰ ক্লাছ ৰূমতেই বিশ্বকৰ্মাৰ নাম উচ্চাৰিত নহয়, কেৱল আনক দেখিহে সকলোৱে পূজা পাতে? বহু আগৰ পৰাই বাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আছে বাবে তেওঁলোকে নিজৰ যুক্তিৰ বিপৰীতে গৈও পাতিবলৈ বাধ্য হৈছে?”
শৰ্মা চাৰৰ কথা শুনি কুশল ক্ষন্তেক ৰ’ল৷ খুব চিন্তিতভাৱে ক’লে, “সেইটোও হ’ব পাৰে! কাৰণ ধৰ্মীয় কথাবোৰত যিহেতু সামাজিক ভয় এটা সদায় থাকে৷ কাৰণ পূজা নাপাতিলে পাছত কেতিয়াবা কলেজ বা কাৰিকৰী প্ৰতিষ্ঠানৰ মেছিন বেয়া হৈ ঠিক নহ’লে, তেতিয়া আকৌ এচামে বিশ্বকৰ্মা পূজা নপতাৰ কাৰণে এনে বিলৈ হৈছে বুলি অন্ধবিশ্বাস বিয়পোৱাৰ সুযোগ এটা যে থাকি যাব ! আমাৰ মানুহবোৰে স্বাধীন মনেৰে যুক্তিৰে বিচাৰ কৰি চাবলৈ নিবিচাৰে৷ যেনে অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰোধে লেখা মেলা কৰা অথবা মেলে-মিটিঙে বক্তৃতা প্ৰদান কৰা সকলেই যেতিয়া ব্যক্তিগত জীৱনত নিজ ল’ৰা-ছোৱালীৰ বিয়া বাৰুৰ বাবে জাত-পাত, উচ্চ-নীচৰ বিচাৰ কৰে সেইসকলক স্বাধীন মনৰ গৰাকী অথবা যুক্তিবাদী বুলি ক’ব পাৰি জানোঁ? ইশ্বৰ আৰু ইশ্বৰক কেন্দ্ৰ কৰি সৃষ্টি কৰা ধৰ্মীয় পৰম্পৰাসমূহক সৰুৰ পৰাই মানুহৰ মনত এনেভাৱে ভৰাই দিয়া হয় যে বহু উচ্চ শিক্ষিত হৈও সেই বিশ্বাসবোৰ এৰিব নোখোজে৷ ধৰ্মীয় বিশ্বাসৰ প্ৰতি থকা মনুহৰ এনে দুৰ্বলতাৰ বাবেই সমাজৰ এটা বিশেষ শ্ৰেণী লাভান্বিত হৈ গৈছে৷ বিশ্বকৰ্মা পূজাৰ নামত গাড়ী-বাছ ৰখাই চান্দাৰ নামত যি অভদ্ৰামী, গুণ্ডাৰাজ এইবোৰক জানোঁ আমাৰ ধৰ্মীয় বিশ্বাসেই আওপকীয়াকৈ সহায় নাই কৰানে? আগতে অসমীয়া সমাজত বিহু তিনিটা আৰু দুৰ্গাপূজাৰ বাহিৰে সিমান পূজা-পাতলৰ কথা আমি শুনিবলৈ পোৱা নাছিলোঁ৷ এতিয়া প্ৰতি মাহতেই ব’ল ব’ম, গণেশ চতুৰ্থী, ভূমি-পূজা ইত্যাদিধৰণৰ আমদানি কৃত পূজা-পাতলে অসমখনক উত্তৰ-ভাৰত সদৃশ কৰি তুলিছে! দেখাক দেখি আগবাঢ়িব যোৱা অসমীয়াৰ এই অনুসৰণ প্ৰিয় স্বভাৱো ইয়াৰ প্ৰধান কাৰণ৷ আমি ৰাখি-বন্ধনৰদৰে বেলেগৰ সংস্কৃতি এটাক যিদৰে আকোঁৱালি ল’ব পাৰোঁ, আমাৰ নিজৰ সংস্কৃতিবোৰক জানোঁ তেনেকৈ বাহিৰলৈ পঠাব পাৰিছোঁ? তদুপৰি বৰ্তমান সময়ত এটা বিশেষ ধৰ্মক প্ৰতিহত কৰিবলৈ শাসকীয় পক্ষই যি কৌশলেৰে হিন্দুত্ববাদী আৱেগ-প্ৰৱণতাৰ সৃষ্টি কৰিছে, সেই আৱেগিক প্ৰতিযোগিতা খনত যেন বহু অসমীয়াই নিজৰ স্বকীয়তা বৰ্জন কৰি হিন্দু হোৱাৰ গৌৰৱেৰে পূজা-পাতলক বেছি গুৰুত্ব দিয়া যেন লাগিছে৷ দুটা ধৰ্মৰ মাজত হোৱা এনে প্ৰতিযোগিতা অথবা হিংসাই সমাজত কেতিয়াও শান্তি নানে৷ ইয়াৰ পৰিণতি বেয়াহে হয়৷ সৰস্বতীৰ আশীৰ্বাদত পঢ়াশুনা ভাল হয় বুলি আৰু বিশ্বকৰ্মাৰ আশীৰ্বাদত মেচিন আদি ভাল হয় বুলি বিশ্বাস কৰাসকলে আচলতে জীৱনৰ প্ৰতিটো স্তৰতে কোনোবা অদৃশ্য শক্তিয়ে পৰিচালনা কৰি আছে বুলি বিশ্বাস কৰিবলৈ লয় আৰু তেনে শক্তিক তুষ্ট কৰি নিজে উপকৃত হ’বলৈ বিভিন্ন ধৰণৰ অযুক্তিকৰ কাম কৰিবলৈ বাধ্য হয়…”।
“তোমাৰ কথাবোৰত যুক্তি নথকা নহয়৷ তোমাৰ দৰে ইমান গভীৰলৈ আচলতে আমি কথাবোৰ ভাবিয়ে চোৱা নাছিলোঁ৷ কিন্তু আমাৰ দেশত বৈজ্ঞানিক যুক্তি আৰু বিচাৰ ধাৰাৰ বিপৰীতে ধৰ্মীয় আৱেগকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ গতিকে তোমালোকৰদৰে যুক্তিবাদী ছাত্ৰসকলৰ চিন্তাই জানোঁ সেই আৱেগিক সমাজখনৰ বিশ্বাসক সলনি কৰিব পাৰিব?……বাৰু কোৱাচোন, তোমাৰ মতে যদি এখন অভিযান্ত্ৰিক কলেজত বিশ্বকৰ্মা পূজা পতাটো বেয়াই তেন্তে কি কৰা উচিত? মানে ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰণৰ বিশ্বাস অথবা আচৰণ কৰিব লাগে বুলি তুমি ভাবা…?”
ইমান সময়ে কুশলে যেন এনে এটা প্ৰশ্নলৈ অপেক্ষা কৰি আছিল৷ যেন একে উশাহতে সকলো উত্তৰ দিব, “চাওক ছাৰ, আমাৰ কলেজৰ কেইজনমান ছাত্ৰই বিশ্বকৰ্মা পূজা পতা বন্ধ কৰি দিলেই দেশৰ পৰা সকলো অন্ধবিশ্বাস-কুসংস্কাৰ আঁতৰি যাব বুলি মনে নধৰে৷ তদুপৰি ইতিহাস সাক্ষী আছে যেতিয়াই সমাজত সোঁতৰ বিপৰীতে কিছুমান যুক্তিবাদী চিন্তা-চৰ্চাই আগস্থান পায়, তেতিয়াই সেই চিন্তাক মষিমূৰ কৰিবলৈ এটা বিশেষ চক্ৰই উঠিপৰি লাগে। সেইয়া লাগিলে চাৰ্বাকপন্থীসকলেই নহওঁক কিয়, পৃথিৱীকেন্দ্ৰিক ধাৰণাৰ বিপৰীতে কোৱা কপাৰ্নিকাচ, ডিওৰ্ডানো ব্ৰুন’, গেলিলিও নহওঁক কিয়, ডাৰউইনৰ বিৱৰ্তনবাদ তত্বই নহওঁক কিয়, সতী-দাহ প্ৰথাৰ বিৰুদ্ধে যোৱা ৰাজা ৰামমোহন ৰায় অথবা আমাৰ হেমচন্দ্ৰ বৰুৱাই নহওঁক কিয়, সকলোৱে কিন্তু সেইসময়ৰ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ আক্ৰোশৰ বলি হৈছিল৷ তথাপি সেইসকলে এখন সুস্থ তথা যুক্তিবাদী আধুনিক সমাজৰ বাবে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ গতিকে আমিও বিচাৰো, যিসকলে যিটো কাম অযুক্তিকৰ আৰু সমাজৰ বাবে অপকাৰী বুলিও বুজি পায়, তেনে কামক তেওঁলোকে বাধা দিব লাগে৷ এনেদৰে অযুক্তিক অযুক্তি বুলি দেখুৱাই দিবলৈ তথা বিজ্ঞানমনস্কতা প্ৰচাৰৰ ক্ষেত্ৰত ইঞ্জিনীয়াৰিং কলেজৰ বুদ্ধিমান ছাত্ৰ-অধ্যাপকসকল উপযুক্ত লোক৷ গতিকে যুক্তি আৰু বৈজ্ঞানিক ধ্যান-ধাৰণাবোৰক সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত বিয়পাই দিয়াতো আমাৰ কৰ্তব্য হোৱা উচিত৷ মই সকলোধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ পৰা মুক্ত এদল মানুহ ইঞ্জিনীয়াৰিং কলেজ এখনত সৃষ্টি হোৱাতো বিচাৰো৷ আমাৰ চিন্তাই তথা আচৰণে আনক প্ৰভাৱিত কৰাটো বিচাৰোঁ৷ মই বিশ্বকৰ্মা পূজাৰ সলনি সেই দিনটোক এটা বিশেষ দিন হিচাপে লৈ, বিশ্বৰ বৰেণ্য অভিযন্তা তথা উদ্ভাৱনকাৰী, বিজ্ঞানীসকলৰ ওপৰত আলোকপাত হোৱাতো বিচাৰো, এই দিনটোত পূজা-পাতলেৰে নহয় অসমৰ দীৰ্ঘদিনীয়া বিভিন্ন অভিযান্ত্ৰিক সমস্যাবোৰৰ সমাধানৰ বাবে অভিজ্ঞ লোকৰ দ্বাৰা বিশেষ কৰ্মশালাৰ আয়োজন হোৱাতো বিচাৰোঁ৷ তদুপৰি এই দিনটোক এটা বিশেষ দিন হিচাপে লৈ ইঞ্জিনীয়াৰিং কলেজসমূহত বিজ্ঞানমনস্কতা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সাধাৰণ মানুহকো আকৰ্ষিত কৰিব পৰাকৈ বিশেষ কিছুমান জাক-জমকীয়া অনুষ্ঠানৰ আয়োজন হোৱাটো বিচাৰো, জানিব পৰা মতে এনেধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী কেইবাখনো অসমৰ কলেজে অনুষ্টুপীয়াকৈ হ’লেও কৰি আছে৷ মুঠতে ছাৰ, আমি ধৰ্মীয় আৱেগক বেছি প্ৰাধান্য নিদি যুক্তিবাদী চিন্তাৰে আগবাঢ়িব পৰিলেহে আমাৰ সমাজৰ লগতে দেশখন প্ৰকৃতাৰ্থত উন্নত দেশত পৰিণত হ’ব তথা মানৱতাৰ বিকাশ হ’ব৷ নহ’লে স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো আমি উন্নয়নশীল দেশৰ তালিকাতে থাকিম”৷
ক্ৰিং ক্ৰিং……এনেতে এটা দীঘলীয়া শব্দৰে ইলেকট্ৰিক বেলটো বাজি উঠিল৷ শৰ্মা চাৰৰ পঞ্চল্লিশ মিনিটৰ ক্লাছটো শেষ হ’ল৷ কুশল আৰু শৰ্মা চাৰৰ বিতৰ্কিত আলোচনাও ইমানতে অন্ত পৰিল! শৰ্মা চাৰৰ অনুপস্থিতিত এইবাৰ কুশলৰ চিন্তাধাৰাৰ লগত সহমত প্ৰকাশ কৰা বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে এনেবোৰ বিষয়ত আকৌ আলোচনা আৰম্ভ কৰিল৷ “বিশ্বাসে মিলন হৰি তৰ্কে বহু দূৰ” বুলি ভবা কেইজনকেও “কুশল”ক উদ্দেশ্য ক’লে,“ভাই, তই বৰ সাংঘাতিক কথা কিছুমান চিন্তা কৰিব পৰা হলি, আমিচোন ইমান দিনে এইবোৰ কথা চিন্তাই কৰিব পৰা নাছিলোঁ!”