অসমৰ জনগোষ্ঠীসমূহৰ উত্থানৰ ঐতিহাসিক পটভূমি : এটি চমু আলোচনা (ৰূপক বৰুৱা)
এক ঐতিহাসিক পৰিক্ৰমাৰ মাজেদি অসমীয়া জাতিয়ে বিকাশ লাভ কৰি আজি অৱস্থা পাইছেহি। এই জাতি গঠন প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। নানা জাতি-উপজাতি, জনগোষ্ঠীৰ সংমিশ্ৰনেৰে এই জাতি গঠিত। যদিও মহাকাব্যিক যুগৰ নৰক-ভগদত্তৰ দিনৰ পৰা অস্তিত্ব থকা অসমীয়া জাতিৰ কথা মনলৈ আহে প্ৰকৃততে “অসমীয়া জাতি” বুলি কোনো জাতিৰ অস্তিত্ব তেতিয়া নাছিল। আনকি শ্ৰীমন্ত শংকৰদেৱৰ দিনতো অসমীয়া জাতি বুলি কোনো জাতিৰ অস্তিত্ব নাছিল। প্ৰকৃততে জাতি এটা আধুনিক ধাৰণা। ইয়াৰ জন্ম বা নিৰ্মাণো হয়, যোগ বিয়োগ, হৰণ-ভগন হয় কেতিয়াবা মৃত্যুও হয়। আধুনিক জাতিৰ ধাৰণাটোৰ উদ্ভৱ নৱজাগৰণৰ পিছতে ইউৰোপত হৈছিল বুলি যদিও কোৱা হয়, পিছে ফৰাছী বিপ্লৱৰ সময়তহে আধুনিক জাতি তথা জাতীয়তাবাদৰ উদ্ভৱ হৈছিল। ফৰাছী বিপ্লৱৰ আৰম্ভণিৰ পৰাই বিপ্লৱীসকলে ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সমূহীয়া পৰিচয়ৰে একতা সৃষ্টিৰ বাবে la patrie (the fatherland, পিতৃভূমি), le citoyen (Citizen, নাগৰিক) আদিৰ দৰে কিছুমান ধাৰণা সৃষ্টি কৰিছিল। এইবোৰ হৈ পৰিছিল জাতিৰ এটাৰ বাবে প্ৰয়োজনীয় উপাদান। এটা সময়ত ইয়াৰ পৰাই বিকাশ হৈ জাতিৰ ধাৰণাটো আহে।
অসমীয়া জাতিও বৰ বেছি পুৰণি নহয় আৰু ইয়াৰ গঠন প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। আহোম ৰাজতন্ত্ৰই “সাতৰাজ মাৰি এক ৰাজ” কৰি অসমীয়া সমাজ তথা অসমীয়া জাতিৰ ভেটি প্ৰতিষ্ঠা কৰে, শংকৰদেৱ আৰু মাধৱদেৱ আদি বহুজনে সাহিত্যিক, সাংস্কৃতিক আৰু ধৰ্মীয় অৱদানেৰে জাতিৰ ভেটি বহল কৰি ইয়াক টনকিয়াল কৰে। কিন্তু বৃটিছসকল অহাৰ আগতে অসমীয়া জাতি নামৰ কোনো জাতি নাছিল। বৃটিছসকলেই প্ৰথমে প্ৰশাসনিক সুবিধাৰ বাবে অসমৰ ভূখণ্ডত বাস কৰা মানুহখিনিক বুজাবলৈ অসমীয়া অভিধাটো ব্যৱহাৰ কৰিছিল। তেওঁলোকে ইয়াক Ethnography অংশ হিচাপে বস্তুনিষ্ঠ, বিজ্ঞানসন্মতভাৱেও অধ্যয়ন কৰিছিল আৰু ইয়াক যাতে তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে তাৰ প্ৰতি সদায় সচেষ্ট আছিল। ১৮৩৩ চনত প্ৰকাশ পোৱা প্ৰথম অসমীয়া ভাষাৰ ছপা গ্ৰন্থ “ধৰ্মপুস্তক”-ত (লেখক, আত্মৰাম শৰ্মা) অসমীয়া ভাষাটোক “অহমীয়া মাত” বোলা হৈছিল আৰু অৰুণোদইৰ দ্বিতীয় বছৰত “অসমিয়া মানুহ” বোলা আৰম্ভ হয়। আনহাতে ১৮৪৯ চনত আনন্দৰাম ঢেকিয়াল ফুকনে লিখি উলিয়াইছিল “অসমিয়া ল’ৰাৰ মিত্ৰ”। এনেদৰে “অসমীয়া” অভিধাটো আহে আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া এটা আৰম্ভ হয়।
অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত মধ্যশ্ৰেণীটোৱে বিশেষ ভূমিকা লৈছিল। মধ্যশ্ৰেণীটো প্ৰধানকৈ বৰ্ণ হিন্দু আছিল। তেওঁলোকে ব্ৰাহ্মণ, গোসাঁই আৰু কলিতাক বাদ দি বাকী জনগোষ্ঠীবোৰক হীন চকুৰে চাইছিল। সেই সময়ৰ অসমীয়া মধ্যশ্ৰেণীটোৰ সাৰ্থক প্ৰতিনিধি হলিৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ দ্বাৰা পৃথকে পৃথকে ৰচিত “অসম বুৰঞ্জী” দুখনত ইয়াৰ অসংখ্য উদাহৰণ আছে। হলিৰাম ঢেকিয়াল ফুকনৰ “অসম বুৰঞ্জীত” দিহিং সত্ৰ আৰু মোৱামৰীয়া সত্ৰৰ বিষয়ে কটু মন্তব্য কৰিছে, কাৰণ তেওঁলোকে নিম্নবৰ্গ তথা জনজাতীয়সকলক শৰণ দি সাঙুৰি লৈছিল আৰু কাৰো মাজত ভেদভাব ৰখা নাছিল (যতীন্দ্ৰমোহন ভট্টাচাৰ্য সম্পাদিত “অসম বুৰঞ্জী” ১৯৬২, পৃষ্ঠা ৯০-৯৬, আমাৰ উৎস: ৰণজিৎ দেৱগোস্বামীৰ “বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক ইতিহাস নামৰ বক্তৃতা-পুস্তিকা)। দিহিং সত্ৰৰ সত্ৰাধিকাৰ এজনেও কৈৱৰ্তসকলৰ সম্পৰ্কে অপমানসূচক মন্তব্য কৰিছিল। হলিৰাম ঢেকিয়াল ফুকনে আহোম জনগোষ্ঠীটোৰ বিৰুদ্ধে তেওঁৰ দ্বাৰা ৰচিত “আসাম বুৰঞ্জী”-ত বহুতো অপমানসূচক মন্তব্য কৰিছে। তেওঁ লিখিছে, “বিশেষতঃ আহোম জাতি অতি মূৰ্খ, এই দেশে য’ত অধিক ভাগ্যৱান হয় ততই মূৰ্খ হয়। প্ৰধান দোষৰ কাৰণ এই হইয়াছে যেহেতু তাহাৰ শাস্ত্ৰ জ্ঞান নাই”। সেইদৰে গুণাভিৰাম বৰুৱাই ব্ৰাহ্মণ আৰু উচ্চ-বৰ্ণসকলক বাদ দি বাকীসকলক, প্ৰধানকৈ জনজাতিসকলক “ইহঁত অতি হীন জাতি”, “অতি ঘৃণ্য জাতি”, “অতি হীনচাৰী ও দুবুদ্ধি” বুলিছিল। তেওঁ লিখিছিল, “ই দেশ আৰ্যবিলাকৰ দ্বাৰা আৱিষ্কাৰ হোৱাৰ পাছত অনেক কাল পৰ্যন্ত তেওঁলোক ইয়ালৈ অহা নাছিল। তেতিয়া দানৱ অৰ্থাৎ অতি নিষ্ঠুৰ অসভ্য জাতিৰ ই আবাস আছিল”। গুণাভিৰাম বৰুৱাও আহোম জনগোষ্ঠীৰ প্ৰতি বিদ্বেষভাব দেখুৱাইছিল। আহোমসকলক বুজাবলৈ তেওঁ অন্ত্যজ, ম্লেছ, দৈত্য, অসুৰ, আদি শব্দ ব্যৱহাৰ কৰিছিল। উদাৰ তথা যুক্তিবাদী হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত “হেমকোষ”, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত “চন্দ্ৰকান্ত অভিধান” আৰু অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গিৰিধৰ শৰ্মাৰ দ্বাৰা সংকলিত “অসমীয়া অভিধান”-ত অসমৰ মৰাণ-মটক, বৰাহী, দলিত আদি নিম্নবৰ্গ লোকসকলৰ প্ৰতি নানা অৱজ্ঞাসূচক, ঘৃণিত তথা অপমানসূচক শব্দ সম্বলিত হৈ আছে। মধ্যশ্ৰেণীটোৱে (মূলতঃ যি বৰ্ণহিন্দু) সমাজৰ বিভিন্ন ক্ষেত্ৰত জনজাতিসকলক তেওঁলোকৰ প্ৰাপ্য পৰা বঞ্চিত কৰিছিল। জনজাতিসকলক শিক্ষাৰ পৰা কেনেদৰে বঞ্ছিত কৰি ৰখা হৈছিল তাৰ বিষয়ে কটন কলেজৰ পৰা প্ৰকাশিত জনজাতিসকলৰ মুখপাত্ৰ “নায়ক”-ত ৰজনীকান্ত হাজৰিকাই লিখিছিল যে স্কুল কলেজ আৰু ছাত্ৰাবাসবিলাকত কছাৰী জনজাতিসকলক অন্য হিন্দু বা শূদ্ৰ বুলিয়েই প্ৰৱেশধিকাৰ দিয়া নহয়। যিসকলে তাৰ মাজেদিও সৰকি শিক্ষা ল’বলৈ সক্ষম হৈছে তেওঁলোকে নিজৰ জনজাতীয় পৰিচয় গোপন কৰি, কলিকতালৈ গৈহে শিক্ষা ল’ব পাৰিছিল। তেওঁৰ মতে অস্পৃশ্যতাই আছিল জনজাতিসকলক শিক্ষাৰ পৰা বঞ্ছিত কৰা বৃহত্তম কাৰক। তেওঁ সেই দিনবোৰক “জাতীয় ত্ৰেজেদিৰ দিন” বুলি বৰ্ণনা কৰিছে (উৎস: অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জন-গোষ্ঠীগত অনুষ্ঠানসমূহ, লেখক: দেৱব্ৰত শৰ্মা)। জনজাতিসকলৰ প্ৰতি এই বিদ্বেষ আৰু অৱজ্ঞাৰ ভাবে জনজাতিসকলক অসমীয়া সমাজৰ পৰা বিছিন্ন কৰি ৰাখিছিল। অসমীয়া সমাজখন উচ্চ-নীচৰ ধাৰণাৰে এনেদৰে আক্ৰান্ত হৈ আছিল যে ই এক শক্তিশালী অসমীয়া জাতি গঠন কৰাৰ পৰিপন্থী আছিল। এনে এটা পৰিৱেশত জাতি এটা গঠনৰ বাবে প্ৰয়োজনীয় গোষ্ঠী বা বংশ আৰু তেজৰ সম্পৰ্কৰ উৰ্দ্ধত “এওঁলোক মোৰ স্বজাতি” বুলিব পৰা “এক আপোন সত্বা”-ৰ আৱেগ গঢ়ি নুঠিল। বিভিন্ন জনগোষ্ঠীবোৰ মাজত আন্তঃবিবাহ বা আন সামাজিক, সাংস্কৃতিক উপাদানবোৰৰ সঠিক সংমিশ্ৰনৰ দ্বাৰা জাতি এটা গঢ়ি উঠাৰ প্ৰক্ৰিয়াত বৰ্ণবাদ এটা ডাঙৰ বাধা হৈ পৰিল।
১৯৪৭ চনত ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল। স্বাধীনতাই সকলো জনগোষ্ঠীলৈ সমান সুযোগ-সুবিধা কঢ়িয়াই আনিছিল। কিন্তু মিছিং, দেউৰী, বড়ো, কোচ-ৰাজবংশী আদি জনগোষ্ঠীবিলাকে বৰ্ণ হিন্দুৰ আধিপত্যৰ মাজত নিজৰ শিক্ষা, নিয়োগ আদিৰ ক্ষেত্ৰত যি গণতান্ত্ৰিক অধিকাৰ তাক হেৰুৱাইছিল। কিন্তু মূলসুঁতিৰ অসমীয়া মধ্যশ্ৰেণীটোৱে সকলো ক্ষমতা, সুযোগ সুবিধা নিজেই কুক্ষিগত কৰিব বিচাৰিলে। তেওঁলোকে সকলো জাতি, জনগোষ্ঠীক প্ৰশাসনৰ অংশীদাৰ কৰিব বিচৰা নাছিল। তেওঁলোকে এই জাতি, জন-গোষ্ঠীবোৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰহে কৰিব বিচাৰিছিল। বিভিন্ন জনজাতি আৰু জনগোষ্ঠীত নতুনকৈ যি মধ্যশ্ৰেণী সৃষ্টি হ’ল সেই মধ্যশ্ৰেণীটোৰ লগত মূলসুঁতিৰ অসমীয়া মধ্যশ্ৰেণীটোৰ স্বাৰ্থৰ সংঘাত আৰম্ভ হ’ল। এইদৰে বহুবোৰ কাৰণত স্বাধীনতাই বহন কৰি অনা সুযোগ-সম্ভাৱনা বাস্তৱত পৰিণত নহ’ল। বৃটিছৰ দিনত নিজকে অসমীয়া বুলি পৰিচয় দিয়া বহু জনগোষ্ঠীয়েও এতিয়া নিজকে অসমীয়া বুলি পৰিচয় দিব নিবিচাৰে। স্বাধীনতাৰ পিছত অসমীয়া জাতি তথা সমাজ-গঠনত ফেচিবাদী শক্তিবোৰ শক্তিশালী হৈ পৰিল যাৰ প্ৰভাৱত জাতি গঠন হোৱাতকৈ জাতি ভাঙোনহে আৰম্ভ হ’ল। প্ৰকৃত গণতন্ত্ৰত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ সমমৰ্যদা, মত প্ৰকাশৰ স্বাধীনতা, নিজা পচন্দ অনুযায়ী, কাৰো ক্ষতি নোহোৱাকৈ নিজৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকে। অৱদমন আৰু নিৰ্যাতন গণতন্ত্ৰৰ পৰিপন্থী, এইবিলাক ফেচীবাদৰ উপাদান। শিক্ষা, নিয়োগ, চিকিৎসা, জীৱনৰ নিৰাপত্তা আদিৰ ক্ষেত্ৰতো সমান সুবিধা নিশ্চিত কৰে সুস্থ গণতান্ত্ৰিক ব্যৱস্থা এটাই। গণতন্ত্ৰত সকলো জাতি-জনগোষ্ঠীৰ সমান অংশীদাৰিত্বই ব্যৱস্থাটো বিকাশ লাভৰ পথ মসৃন কৰি তোলে। য’তেই অৱদমন-নিৰ্যাতন থাকিব, তাত সংঘাত আহিব আৰু প্ৰগতি ৰুদ্ধ হ’ব।
কালিচৰণ ব্ৰহ্ম, ভীমবৰ দেউৰী, নিকল্ছ্ ৰয়, পদ্মনাথ গোহাঁঞিবৰুৱা, ডম্বৰুধৰ শইকীয়া আদি জনজাতীয় নেতাসকল নিজা জন-গোষ্ঠীয় বৈশিষ্ট্য অটুট ৰাখি অসমীয়া হ’বলৈ বিচাৰিছিল। তেওঁলোকে তেওঁলোকৰ সভা-সমিতি, সন্মিলন আৰু বাৰ্ষিক অধিবেশনবোৰলৈ অসমীয়া বৰ্ণহিন্দু নেতৃবৃন্দকে নিমন্ত্ৰণ কৰিছিল। বেণুধৰ শৰ্মাই সোণোৱাল কছাৰীৰ অধিৱেশনত, নীলমনি ফুকনে মিচিং, কৈৱৰ্ত আৰু সুতৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। অম্বিকাগিৰী ৰায়চৌধুৰী, ড°সূৰ্য কুমাৰ ভূঞা, মহাদেৱ শৰ্মা, পীতাম্বৰদেৱ গোস্বামী আদি কৰি বিভিন্নজনে জনজাতি অথবা অনুসূচীত জনগোষ্ঠীৰ সভালৈ সাদৰে নিমন্ত্ৰণ পাইছিল। কিন্তু অসমীয়া জাতীয়তাবাদৰ মূল উদ্যোক্তা মধ্যবিত্ত শ্ৰেণীটোৱে জনজাতিসকলক শাসন-ক্ষমতাৰ অংশীদাৰ কৰাতকৈ তেওঁলোকক বঞ্চনাহে কৰিছিল। মূলসুঁতিৰ মধ্যশ্ৰেণীৰ আধিপত্য থকা শাসন ব্যৱস্থাটোত জনজাতি আৰু অনুসূচীত জনজাতিসকলক অসমীয়া জাতিৰ অংশ হিচাপে অসমীয়া মধ্যশ্ৰেণীটোয়ে বিচাৰিছিল। কিন্তু তেওঁলোকৰ উন্নতি, নিজস্ব কলা-সংস্কৃতিক লৈ অসমীয়া জাতিৰ মাজত থকাতো বিচৰা নাছিল। প্ৰথমৰ পৰাই নিজক উচ্চ বুলি ভবা অসমীয়া মধ্যশ্ৰেণীটোৰ কাৰণে জনজাতিসকল আছিল হীন জাতৰ আৰু অস্পৃশ্য। তেওঁলোকৰ কৃষ্টি-সংস্কৃতিৰ মূলসুঁতি মধ্যশ্ৰেণীটোৰ ওচৰত কোনো গুৰুত্ব নাছিল। অসমীয়া মধ্যশ্ৰেণীটোৱে বিভিন্ন সময়ত বল প্ৰয়োগ কৰি জনজাতিসকলক অসমীয়া কৰিবলৈ চেষ্টা চলাইছিল। সংৰক্ষিণী সভাৰ ১৯৩২ চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতি ভাষণত নীলমণি ফুকনে কৈছিল যে চৰকাৰী পৃষ্ঠপোষকতা অবিহনে কোনো জাতিয়ে ইয়াৰ জাতীয় সত্তা বচাই ৰাখিব নোৱাৰে। এতেকে (বৃতিছ) চৰকাৰেও বল প্ৰয়োগ কৰি অসমীয়া জাতি গঠন কৰি দিয়া প্ৰস্তাৱ আগবঢ়াইছিল। অথচ যিবোৰ কাৰকে জনজাতিসকলক মূলসুঁতিৰ অসমীয়া সমাজখনৰ লগত জীন যোৱাত বাধা সৃষ্টি কৰিছিল, সেই কথাবোৰক মধ্যশ্ৰেণীটোৱে গুৰুত্ব দিয়া নাছিল।
জনজাতিসকলৰ যি গণতান্ত্ৰিক অধিকাৰ তাৰ প্ৰতিও মধ্যশ্ৰেণীটো শ্ৰদ্ধাশীল নাছিল। সংবিধানিক সভালৈ জনজাতিসকলৰ শক্তিশালী নেতা ভীমবৰ দেউৰীৰ দৰে নেতাক পঠিওৱা নাছিল। পঠাইছিল ধৰণীধৰ বসুমতাৰীৰ দৰে দুৰ্বল নেতাক। মধ্যশ্ৰেণীটোৱে বিচৰা নাছিল জনজাতীয়সকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পাওঁক। ১৯৪৬ চনৰ ৮ জুন আছিল অসমৰ পৰা সংবিধান সভালৈ সদস্য মনোনয়ৰ তাৰিখ। জনজাতীয় নেতাসকলে গোপীনাথ বৰদলৈক লগ ধৰি ক’লে যে জনজাতিৰ সৰ্বসন্মত মনোনয়ন ভীমবৰ দেউৰীয়ে লাভ কৰিছে আৰু সেইবাৰ ভীমবৰ দেউৰীকে যেন মনোনীত কৰা হয়। কিন্তু ভীমবৰ দেউৰীক বঞ্চিত কৰি ধৰণীধৰ বসুমতাৰীক মনোনীত কৰা হয়, যিজনে সংবিধান সভাত জনজাতীয় স্বাৰ্থ বিৰুদ্ধে কোৱা কথা বিৰোধিতা কৰিব পৰা নাছিল। এই সংবিধান সভাত অসমৰ সদস্যদ্বয় কুলধৰ চলিহা আৰু ৰোহিনী কুমাৰ চৌধুৰীয়ে ষষ্ঠ অনুসূচী আৰু জনজাতীয় স্বায়ত্ত শাসনৰ বিৰোধিতা কৰিছিল। কুলধৰ চলিহাই কৈছিল যে স্বায়ত্ব শাসন আৰু ষষ্ঠ অনুসূচীখনে জনজাতিসকলক বাকী জনসাধাৰণৰ পৰা এঘৰীয়া কৰি ৰাখিব আৰু এখন পৃথক ট্ৰাইবেল লেণ্ড জন্ম দিব, ফলত ট্ৰাইবেলস্তান এখন কমিউনিষ্টস্তানহে হ’ব আৰু তাত কমিউনিষ্টসকলৰ অবাধ ৰাজত্ব চলিব। ৰোহিনী কুমাৰ চৌধুৰীয়ে কৈছিল যে সংবিধানত প্ৰস্তাৱিত ষষ্ঠ অনুসূচী বা স্বায়ত্ব শাসনৰ ব্যৱস্থাটো ইংৰাজ চৰকাৰৰ ভেদনীতিৰ অনুকৰণত কৰা হোৱা বুলি কৈ তেওঁ ইয়াকো কৈছিল যে এই ব্যৱস্থাৰ ফলত ভৈয়ামৰ লোকসকলে ভৱিষ্যতলৈ পাহাৰত কোনোধৰণৰ সা-সম্পত্তিৰ অধিকাৰ লাভ কৰিব নোৱাৰা হ’ব, ফলত সংমিশ্ৰণৰ সলনি জনজাতীয় লোকসকল ভৈয়ামৰ লোকসকলৰ পৰা বিছিন্ন হৈ পৰিব। বঞ্ছনাৰ এনে এটা পৰ্যায় পাইছিল যে সমষ্টিও নিৰ্ধাৰণ কৰা হৈছিল জনজাতীসকল যাতে সংখ্যাগুৰুত পৰিণত নহয় তালৈ লক্ষ্য কৰি (উৎস: অসম-খণ্ড-৪)। অসমীয়া নেতৃত্বই জনজাতিসকলক বঞ্চনা কৰা আন এটা উদাহৰণ হ’ল “ট্ৰাইবেল বেল্ট”। জনজাতীয় নেতা আৰু অসমীয়া মধ্যশ্ৰেণীৰ মাজত চল্লিছ দশকত হোৱা চুক্তিৰ পৰিণতিত ট্ৰাইবেল বেল্ট হৈছিল। কিন্তু এই ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰতো তেওঁলোকক প্ৰতাৰণা কৰা হ’ল। ১৯৪৭ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত ট্ৰাইবেল বেল্টবোৰত ৫০,০০০ অজনজাতীয় লোকক পট্টা দিয়া হৈছিল। এটা সময়ত অজনজাতীয় মন্ত্ৰী, বিধায়ক, আমোলা, ধনী ব্যৱসায়ী, ঠিকাদাৰ আদিয়ে ট্ৰাইবেল বেল্টৰ মাটিবোৰ দখল কৰিলে। এই ভূমি-বিচ্ছিন্নতা জনজাতিসকলক অসমীয়া সমাজখনৰ পৰা বিচ্ছিন্ন কৰা অন্যতম কাৰকবোৰৰ মাজৰ এটা। বিভিন্ন সময়ত দুখীয়া জনজাতিসকলক ম্যাদী পট্টা নাই বুলিয়েই তেওঁলোকৰ সাতামপুৰুষীয়া মাটিৰ পৰা উচ্ছেদ কৰা হৈ আহিছে। ৰাজধানী নিৰ্মাণ, চিৰিয়াখানা, নুনমাটি শোধানাগাৰ, কপিলী আৰু ধনশিৰি জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ বাবে, আনকি গুৱাহাটীত সাহিত্য সভালৈ জনজাতিসকলক উচ্ছেদ কৰিহে ভূমি প্ৰদান কৰা হৈছিল।
জনজাতিসকলৰ অধিকাৰ আৰু ন্যায্যপ্ৰাপ্তিৰ বাবে জননেতা ভীমবৰ দেউৰিয়ে জনজাতিসকলক একত্ৰিত কৰি যুঁজিছিল। তেওঁৰ নেতৃত্বতে নগাঁও জিলাৰ ৰহাত ১৯৩৩ চনৰ ১৭ এপ্ৰিলত সদৌ অসম ট্ৰাইবেল লীগ গঠন কৰা হৈছিল। দেশ স্বাধীন হোৱাৰ লগে লগে ট্ৰাইবেল লীগৰ প্ৰয়োজন নাই বুলি ইয়াক ভংগ কৰি দিয়া হ’ল। জনজাতীয়সকলৰ উমৈহতীয়া কোনো মঞ্চ নথকাৰ সুযোগ লৈ কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলবোৰে জনজাতিসকলক বঞ্চনা কৰি গ’ল। গোপীনাথ বৰদলৈ জনজাতিসকলৰ অভাব-অভিযোগৰ প্ৰতি অলপ হ’লেও সহানুভূতিশীল আছিল। কিন্তু ইয়াৰ বিপৰীতে বিষ্ণুৰাম মেধিয়ে জনজাতিসকলৰ সুকীয়া সত্বাটোকে অস্বীকাৰ কৰিছিল। তেওঁ জনজাতিসকলক বলপূৰ্বকভাৱে অসমীয়া কৰিব বিচাৰিছিল। সেই সময়ৰ সচিব নাড়ী ৰুস্তমজীয়ে কৈছে, “অসমীয়া জ্যাত্যাভিমানেই অসমক সংকুচিত কৰিলে, জনজাতিসকলক হেৰুৱালে, সেই ‘চতুৰ’ সংকীৰ্ণমনা আৰু আঞ্চলিকতাবাদী, বিষ্ণুৰাম মেধিয়ে ভৈয়ামৰ লগত পাৰ্বত্য অঞ্চলসমূহক ততালিকে, প্ৰয়োজন হ’লে বল প্ৰয়োগ কৰি চামিল কৰিবলৈ বিচাৰিছিল যাৰফলত এই জনজাতিসকল বিচ্ছিন্ন হৈ গ’ল”। মেধিৰ জনজাতি বিদ্বেষৰ কাৰণেই ভাৰতবৰ্ষৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ মূল প্ৰবক্তা খাছী জনজাতিৰ নেতা ৰেভাৰেণ্ড নিকল্ছ্ ৰয়ে এই সময়তে কংগ্ৰেছ দলৰ পৰা আঁতৰি আহে আৰু অৱশেষত পদত্যাগ কৰে। এই নিকল্ছ্ ৰয়ে জনজাতিসকলক অসমৰ লগতে ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। মিজো নেতা ছাপ্ৰৱাংগাই মেধিৰ মন্ত্ৰী সভাত কোনো গুৰুত্বপূৰ্ণ পদবী নাপাই অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰে। এইদৰে জনজাতিসকলৰ ক্ষোভ আৰু অসন্তুষ্টি বাঢ়ি যায়। ১৯৬০ চনত অসম চৰকাৰৰ ভাষা বিধেয়কখনে জনজাতিসকলৰ মনত শংকা আৰু সন্দেহ আৰু দৃঢ় কৰিলে। ইয়াৰ প্ৰতিবাদত ১৯৬০ চনৰ ৬ আৰু ৭ জুলাইত শ্বিলঙত কংগ্ৰেছৰ সাংসদ হাগজেৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। এই সভাতেই মিজো পাহাৰ, উত্তৰ কাছাৰ পাহাৰ, গাৰো পাহাৰ আৰু সংযুক্ত খাছী আৰু জয়ন্তীয়া পাহাৰৰ নেতাসকলক লৈ All Party Hill Leader Conferenceনামৰ এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটে। সেই বছৰৰ নবেম্বৰ মাহত হাফলংত এখন সভাত APHLC-ৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হয় যে পাহাৰীয়া জিলাবোৰে অসমৰ পৰা পৃথক হৈ এখন পূৰ্বোত্তৰ ৰাজ্য গঠন কৰিব লাগে। অসমৰ পৰা বিচ্ছিন্ন হোৱা দাবী এইয়াই আৰম্ভণি। মেঘালয়, মিজোৰাম, নগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ এটা সময়ত অসমৰপৰা আঁতৰি গ’ল। ইয়াৰ পিছতো অসমীয়া নেতৃত্বৰ শিক্ষা নহ’ল। জনজাতিসকলৰ প্ৰতি অসমীয়া নেতৃত্বৰ দৃষ্টিভংগী একেই থাকিল। জনজাতি বা আন গোষ্ঠীৰ লগত শাসন-ক্ষমতাৰ ভাগ-বতৰা কৰিবলৈ যেন তেওঁলোক ৰাজী নহয়। ক্ষমতাৰ ভাগ-বতৰাৰ যোগেদি সংঘাত এৰাই চলি সকলোৰে প্ৰগতি আৰু উন্নতি নিশ্চিত কৰাৰ বিচক্ষণতা অসমীয়া মধ্যশ্ৰেণী নেতৃত্বৰ নাছিল। বেপাৰ-বাণিজ্য, শিল্প আৰু কৃষিক্ষেত্ৰত উন্নতি সাধন, ভূমি-সংস্কাৰৰ যোগেদি সমাজ-সংস্কৃতিৰ পৰিৱৰ্তন তেওঁলোকে ঘটাব নোৱাৰিলে। তেওঁলোকে কেৱল শাসন-ক্ষমতাত তেওঁলোকৰ আধিপত্য বৰ্তি থকাটোহে বিচাৰিছিল। আন জনগোষ্ঠীৰ যিকোনো বিষয় বা দাবী তেওঁলোকে সহানুভূতিৰে বিচাৰ কৰা নাছিল। সেয়েহে ভৈয়াম জনজাতি পৰিষদৰ যি স্বায়ত্ব শাসনৰ দাবী আছিল তাক শাসনত থকা অসমীয়া নেতৃত্বই গুৰুত্ব দিয়া নাছিল।
লাহে লাহে যেতিয়া ভৈয়াম জনজাতি পৰিষদে আন্দোলনৰ পথ ল’লে, অসমীয়া শাসক গোষ্ঠীয়ে ইয়াক দমনহে কৰিবলৈ চালে। ১৯৬৮ চনৰ ১৯ মেত কোকৰাঝাৰ পশ্চিম সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন ভৈয়াম জনজাতি পৰিষদে বৰ্জন কৰা সিদ্ধান্ত লয়। অসম চৰকাৰে পৰিষদৰ প্ৰায় সকলো নেতাকে গ্ৰেপ্তাৰ কৰিল। ইয়াৰ প্ৰতিবাদ জনাই গ্ৰেপ্তাৰ কৰা নেতাসকলক মুকলি কৰি দিবলৈ ২২ মে’ৰ দিনা প্ৰসেনজিৎ ব্ৰহ্মৰ নেতৃত্বত এক বিশাল গণবিক্ষোভ হয়। পুলিচে বিক্ষোভকাৰী ওপৰত গুলী চালনা কৰে আৰু কুৰিজনৰো অধিক বিক্ষোভকাৰী পুলিচৰ গুলীত আহত হয়। শাসক-গোষ্ঠীৰ এই দমন নিৰ্যাতন আৰু জনজাতি বিদ্বেষে জনজাতিসকলক বিদ্ৰোহী কৰি তোলে। ভৈয়াম জনজাতি পৰিষদৰ আন্দোলন আৰু তীব্ৰ হৈ পৰিল। এইবাৰ তেওঁলোকৰ দাবী হ’ল কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে “উদায়াচল” গঠন কৰিব লাগে। অসম চৰকাৰে বড়োসকলৰ দাবীবোৰ আৰু সমস্যাবোৰ কোনোদিনেই সহানুভূতিৰে বিচাৰ কৰি চোৱা নাছিল, বৰঞ্চ দমন, নিপীড়নৰ যোগেদিহে ইয়াক সমাধান কৰিব বিচাৰিছিল। ১৯৭৪ চনত বড়ো সাহিত্য সভাই ৰোমান লিপি বিচাৰি যি আন্দোলন কৰিছিল তাক অসম চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব বিচাৰিছিল। সেই সময়ৰ অসম চৰকাৰৰ গৃহমন্ত্ৰী হিতেশ্বৰ শইকীয়াই পুলিচ বাহিনীক এই আন্দোলন কঠোৰভাৱে দমন কৰিবলৈ নিদেৰ্শ দিছিল। আন্দোলনটোৰ নেতাসকলে আত্মগোপন কৰিব লগা হ’ল। অসম পুলিচে ঘৰ খানাতালাচ, গ্ৰেপ্তাৰ আৰু বিভিন্ন সময়ত লাঠি চালনা কৰি বড়ো মানুহৰ গাঁওবিলাকত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল। বিজনী আৰু চিদলীত সত্যাগ্ৰহীসকলৰ ওপৰত দুবাৰকৈ গুলী চালনা কৰা হৈছিল। সৰ্বমুঠ ছজন সত্যাগ্ৰহী মৃত্যুমুখত পৰিছিল আৰু ৫০জন পুলিচৰ গুলীত আহত হৈছিল। ১,৫০০জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। অসম পুলিচৰ অত্যাচাৰ ইমান পৰ্যায় পাইছিল গৈ যে তেওঁলোকে বননৰগাঁৱৰ পুথিভঁৰাল আৰু ৰাজহুৱা ঘৰ এটাও জ্বলাই দিছিল।
এই অত্যাচাৰ আৰু অৱদমনে বড়োসকলক অসমীয়াসকলৰ পৰা লাহে লাহ আঁতৰাই নিলে। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত এবছুৱে বড়ো জনসাধাৰণৰ চেতনাত বড়ো জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। এই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু প্ৰেমসিং ব্ৰহ্ম এসময়ত সদৌ অসম ছাত্ৰ সন্থাতে আছিল। ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনত বহুবোৰ জনজাতীয় বিৰোধী উপাদান থকাৰ পিছতো তেওঁলোক আছিল অসম আন্দোলনৰ ঘোৰ সমৰ্থক। জনজাতি আৰু অনুসূচীত জনজাতিসকলৰ সমস্যাৰ প্ৰতি আন্দোলনটোৰ নেতৃবৃন্দ সদৌ অসম ছাত্ৰসন্থা বা গণ সংগ্ৰাম পৰিষদ কোনোকালেই সহানুভুতিশীল নাছিল। বৰঞ্চ তেওঁলোকে (জনজাতি আৰু অনুসূচীত জনজাতি) পাই থকা সংবিধানপ্ৰদত্ত সুবিধাবোৰ কৰ্তন কৰিবলৈহে আন্দোলনটোৰ নেতৃবৃন্দই দাবী জনাইছিল। আৰম্ভণি পৰ্যায়ত ১৯৭৯ চনৰ জুন-জুলাই মাহত সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাক সদৌ অসম ছাত্ৰসন্থাৰ এটা বৃহৎ প্ৰতিনিধি দলে ২২ দফীয়া এখন স্মাৰক-পত্ৰ দিছিল। ১ নম্বৰত থকা দাবীটো আছিল অনুসূচিত জাতি আৰু জনজাতিৰ বিশেষ সুবিধা বন্ধ কৰিব লাগে। ইয়াৰ দ্বাৰা গম পোৱা যায় আন্দোলনটোৰ জনজাতি আৰু অনুসূচিত জনজাতি বিৰোধী চৰিত্ৰ। ফুলুং চাপৰিৰ হৃদয় বিদাৰক উচ্ছেদৰ ঘটনাতো আছেই য’ত দখলকাৰীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ তথা হত্যা কৰা হৈছিল। জনজাতিসকল ক্ৰমাৎ অতি অসন্তুষ্ট হৈ পৰিছিল। আন্দোলনটোৰ জনজাতি বিৰোধী চৰিত্ৰ উদঙাই দি থানেশ্বৰ পাংগিঙে নাগৰিকৰ পাতত সেইসময়তে লিখিছিল, “যদিহে ই বিদেশী খেদা আন্দোলন মাত্ৰ তেন্তে সদৌ অসম ছাত্ৰসন্থাৰ দাবী চনদত জনজাতি বিৰোধী দাবী যেনে, ট্ৰাইবেল বেল্ট আৰু ব্লক উঠাই দিয়া, জনজাতিৰ বাবে চাকৰি সংৰক্ষণ উঠাই দিয়া, জনজাতি ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানি উঠাই দিয়া ইত্যাদি দাবী কিয় সন্নিৱিষ্ট কৰিবলগা হ’ল। ই কেনে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম”? এই আন্দোলনে জনজাতি আৰু আন জনগোষ্ঠীবোৰক অসন্তুষ্ট কৰি তোলে আৰু অসমীয়া জাতিৰ ঐক্য-সংহতিত চৰমভাৱে আঘাত কৰি জাতিটো ভাঙোনমুখী কৰিলে। প্ৰবীণ বাঁওপন্থী বুদ্ধিজীৱি দধি মহন্তই অসমীয়া জাতিৰ ভৱিষ্যৎ সম্পৰ্কে আশংকা প্ৰকাশ কৰি তেতিয়া লিখিছিল, “এই আন্দোলনে অসমক প্ৰকৃততে ৰক্ষাৰ কৰা পথ প্ৰশস্ত কৰিছে নে বৰ্তমানৰ অসমকো খণ্ডিত কৰাৰ আৰু স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেদি অসমীয়া ভাষাই যি মৰ্যদাৰ আসন লাভ কৰিছিল সেই আসনৰ পৰা অসমীয়া ভাষাক স্থানচ্যুত কৰাৰ অগনিত ইন্ধন যোগোৱা হৈছে”। কিন্তু নগেন শইকীয়াৰ দৰে লেখকে ইয়াক অনুধাৱন কৰিবলৈ চেষ্টা নকৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এনেদৰে, “জাতি গঠনৰ প্ৰক্ৰিয়া যদি কোনোবাই ব্যাহত কৰিছে, তেনেহ’লে কমিউনিষ্টসকলেই সেই কাম কৰিছে। ……ক্ষুদ্ৰ জাতিটোৰ শত্ৰুসমূহৰ চিনাক্তকৰণ সুন্দৰকৈ হৈছে, মুখাবোৰ সুলকি পৰাৰ পিছত মুখবোৰ ওলাই পৰিছে”। ইয়াৰ পিছতো উপেন ব্ৰহ্ম আৰু প্ৰেম সিং ব্ৰহ্ম ছাত্ৰ সন্থাতে আছিল। তেওঁলোকৰ মোহভংগ হ’ল অসম গণ-পৰিষদৰ চৰকাৰ হোৱাৰ পিছত। এটা সময়ত অসম গণ পৰিষদ দলটো জনজাতি বিৰোধী বুলি তেওঁলোকৰ বোধ হ’ল। বড়ো জনসাধাৰণে বুজিবলৈ আৰম্ভ কৰিছিল যে পদে পদে তেওঁলোকক বঞ্চিত কৰা হৈছে। জনজাতিসকলৰ কাৰণে যি ট্ৰাইবেল বেল্ট বা ব্লকৰ গঠন কৰা হৈছিল সেইবিলাকত বড়োসকলক সংখ্যালঘূত পৰিণত কৰি অজনজাতীয় লোকসকলে অধিকাৰ কৰিছিল। তেওঁলোকৰ বিশ্বাস হ’ল যে মূলসুঁতিৰ অসমীয়াসকলে কেতিয়াও জনজাতিসকলৰ কল্যাণ সাধিব নোৱাৰে। ১৯৮৭ চনৰ ১ জানুৱাৰীত এবছুৰ সভাপতি উপেন্দ্ৰনাথ বহ্মৰ নেতৃত্বত সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৯২ দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দাবীটো আছিল অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ভৈয়ামৰ জনজাতিসকলৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদাৰে এখন সুকীয়া ৰাজ্য গঠন কৰা। এবছুৰ এই “পৃথক বড়োভূমি”-ৰ দাবীত বড়ো আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলে। সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই আলাপ আলোচনাৰ মাজেদি, গণতান্ত্ৰিক উপায়েৰে এই আন্দোলন সমাধান কৰিবলৈ নিবিচাৰিলে। যেতিয়া আন্দোলনে তীব্ৰ ৰূপ ল’লে, অসম চৰকাৰে অসম পুলিচক এই আন্দোলন কঠোৰভাৱে দমন কৰিবলৈ নিদেৰ্শ দিলে। ১৯৮৭ চনৰ ১২জুনত গুৱাহাটীত বড়োসকলৰ এক বৃহৎ গণসমাৱেশ অনুষ্ঠিত হয়। হাজাৰ হাজাৰ বড়ো জনতাই স্তব্ধ কৰি দিছিল গুৱাহাটী। এই গণসমাৱেশত উচ্চাৰিত হ’ল—ডিভাইড আছাম ফিফ্টি ফিফ্টি। আনফালে চৰকাৰে এই আন্দোলন কঠোৰভাবে দমন কৰিবলৈ বিচাৰিলে। এবছু, ভৈয়াম জনজাতি পৰিষদ আৰু পিছলৈ বড়ো ছিকিউৰিটী ফৰ্চৰ মাজত হোৱা সংঘৰ্ষই বড়োভূমি ৰক্তাক্ত কৰি তুলিলে। বড়ো উগ্ৰপন্থী সংগঠনৰো জন্ম হ’ল। স্বাধীন বড়ো ৰাষ্ট্ৰৰ দাবীত ১৯৮৬ চনৰ ৩ অক্টোবৰত ৰঞ্জন দৈমাৰীৰ নেতৃত্বত জন্ম হ’ল বড়ো ছিকিউৰিটী ফ’ৰ্চ। পিছলৈ ই হ’লগৈ “নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড”। তেওঁলোকৰ লক্ষ্য হৈ পৰিল অসম পুলিচ আৰু অবড়ো চাকৰিয়াল। ইয়াৰ মাজতে সংঘটিত হ’ল অসমৰ কাৰণে অতি লজ্জাজনক ভুমকাৰ বলাৎকাৰৰ ঘটনাটো। ১৯৮৮ চনৰ ২৫ আৰু ২৭ জানুৱাৰী নিশা মুঠ দহগৰাকী বড়ো গাভৰুক সুৰক্ষা বাহিনীৰ লোকে বলৎকাৰ কৰে। বড়োভূমিত চলা এই অতিশয্যৰ বিৰুদ্ধে এবছুৱে ১৯৮৮ চনৰ আগষ্ট দিনা এমনেষ্টি ইণ্টাৰনেচনেল পালেগৈ। তেওঁলোকৰ অভিযোগ এই যে অসম গণ পৰিষদ চৰকাৰে বড়োসকলৰ মানৱ-অধিকাৰ খৰ্ব কৰিছে।
এনেদৰে বড়ো আৰু অসমীয়াভাষীৰ সংঘাত দিনে দিনে বৃদ্ধি পালে। এটা সময়ত বি টি চি চুক্তিৰ যোগেদি বি টি চি গঠন কৰা হয়। ২০০৪ চনৰ ৩১ অক্টোবৰৰ এক অধিসূচনামৰ্মে বাক্সা, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ এই চাৰিখন জিলাৰ ৩,০১৮খন গাঁও সামৰি গঠন কৰা হ’ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ। বড়ো জনসাধাৰণে এনেদৰে অসমীয়া মধ্যশ্ৰেণীটোৰ তেওঁলোকৰ ওপৰত থকা আধিপত্য ওফৰাই পেলাবলৈ সক্ষম হৈছে। বড়ো মধ্যশ্ৰেণীটোৰ ইয়াৰ পৰা লাভ হৈছে ঠিকেই, কিন্তু সাধাৰণ বড়ো জনসাধাৰণ ইয়াৰ পৰা কিমান উপকৃত হৈছে?
কোচ-ৰাজবংশী, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীবোৰে নিজৰ অধিকাৰৰ বাবে এতিয়াও যুঁজি আছে। কোচ-ৰাজবংশীসকলে অনুসূচিত জনজাতি (প্ৰথমে জাতি) স্বীকৃতিৰ বাবে যুজি আহিছে। এই জনগোষ্ঠীবোৰে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ কাৰণ হিচাপে শাসনত থকা অসমীয়া মধ্যশ্ৰেণীটোকে জগৰীয়া কৰে। কোচ-ৰাজবংশীসকলে বৰ্তমান নিজকে অসমীয়া নহয় বুলি ক’বলৈও সংকোচবোধ নকৰে। আহোমসকলৰ এটা অংশইও অসমীয়া সমাজত বৰ্ণহিন্দুৰ অধিপাত্যত অসন্তুষ্ট হৈ সুৰেন্দ্ৰ নাথ বৰগোহাঞিৰ নেতৃত্বত “আহোম সভা” গঠন কৰি আহোম জনগোষ্ঠীৰ অধিকাৰ আৰু বৰ্ণবাদীসকলৰ আধিপত্যৰ বিৰুদ্ধে যুঁজিছিল। কালক্ৰমত আহোমসকলৰ মধ্যশ্ৰেণী এটাই অসমীয়া সমাজখনত খোপনি পুতিবলৈ সক্ষম হ’ল। “আহোম সভা” লাহে দুৰ্বল হৈ পৰিল। এতিয়ও আহোমসকলে যুঁজি আছে।
জাতিটো ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীত ভাগ হ’লে শাসক আৰু শোষকশ্ৰেণীটোৰেই আটাইতকৈ বেছি লাভ হয়। সেয়েহে শাসক আৰু শোষক শ্ৰেণীটোৱে ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ উত্থানক উৎসাহিত কৰে। নব্য শিক্ষিত বহুবোৰ জনগোষ্ঠীয়ে নিজৰ আত্মপৰিচয় আৰু ৰাজনৈতিক অধিকাৰৰ বাবে এতিয়া বেচি উৎসাহিত। তেওঁলোকে অসমীয়া জাতিৰ মাজত নিজৰ আত্মপৰিচয় হেৰুৱাব নোখোজে। বৰ্তমান জনগোষ্ঠীবোৰৰ মাজত হিন্দুত্ববাদী সংগঠনবোৰ তৎপৰ হৈ পৰিছে। এপিনে এই সংগঠনবোৰে জনগোষ্ঠীবোৰক নিজৰ আত্মপৰিচয়ৰ বাবে উৎসাহিত কৰি অসমীয়া জাতিৰ ভাঙোন ঘটাইছে, আনহাতে হিন্দুত্ব দৰ্শন জনগোষ্ঠীবোৰৰ মাজত প্ৰসাৰ ঘটাইছে।