অসমৰ অৰ্কিড খেতি : ডেণ্ড্রবিয়াম অৰ্কিডৰ কিছুমান কথা (মানসী বৰুৱা)
অৰ্কিড (Orchid) হৈছে অর্কিডেচিয়া (Orchidaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ আকর্ষণীয় ফুল যি সমগ্ৰ বিশ্বতে সুপৰিচিত, যাৰ বৈজ্ঞানিক নাম Dendrobium spp। বৈচিত্র্যময় ফুলৰ এটি বৃহৎ গোট হিচাপে অভিহিত অৰ্কিডসমূহৰ ফুলবোৰ প্ৰায়ে ৰঙীন আৰু সুগন্ধিযুক্ত। পৃথিৱীৰ প্ৰায় সকলো মহাদেশতেই অর্কিড পোৱা যায়। অর্কিড নামটো আহিছে গ্রীক শব্দ “অৰ্কিচ”-ৰ (Orchis) পৰা, যাৰ অৰ্থ হৈছে অণ্ডকোষ (Testicle)। বেছিভাগ অর্কিডেই পৰাশ্রয়ী যদিও স্থলজ বা ভূমি অর্কিড (ছাঁ বা আংশিক ছাঁ-পৰা ঠাইত গজা) আৰু মৃতজীৱী অর্কিড কিছুমানো আছে। গোটেই বিশ্বজুৰি প্ৰায় ৩৫০০০ প্ৰজাতিৰ অৰ্কিড আছে আৰু ইয়াৰে প্ৰায় ১৩০০ প্ৰজাতি ভাৰতবৰ্ষত পোৱা যায়। লগতে উত্তৰ-পূৱ ভাৰতত উপলব্ধ ৮৫০-টি প্ৰজাতিৰ ভিতৰত ৪০০-টিমান প্ৰজাতি কেৱল অসমতে পোৱা যায়। আমাৰ ৰাজ্যত সম্প্ৰতি ডেণ্ড্রবিয়াম অৰ্কিডৰ খেতি খুবেই জনপ্রিয়। ডেণ্ড্রবিয়াম অৰ্কিডৰ ১২০০-ৰো অধিক স্বীকৃতিপ্ৰাপ্ত প্ৰজাতি আছে।
“ডেণ্ড্রবিয়াম” (Dendrobium) নামটোৰ উৎপত্তি হৈছে গ্রীক শব্দ “ডেণ্ড্রন” (dendron) শব্দটিৰ [যাৰ অৰ্থ হৈছে গছ, আৰু “বিঅ’ছ” (bios), যাৰ অৰ্থ হৈছে জীৱন] পৰা। ডেণ্ড্রবিয়াম অৰ্কিডৰ উৎপত্তিস্থল দক্ষিণ-পূৱ এচিয়া বুলি কোৱা হয়। ডেণ্ড্রবিয়াম অর্কিডক এই দুটা সুকীয়া ভাগত ভগাব পাৰি:
১) ডেণ্ড্রবিয়াম ফেলেন’পছিছ (Dendrobium phalaenopsis)
২) ডেণ্ড্রবিয়াম ন’বিল (Dendrobium nobile)
এই অৰ্কিডৰ প্ৰজাতিবোৰৰ স্বাভাৱিকতে বহুখিনি মিল আছে, কিন্তু দুয়োবিধে কিছু বেলেগ প্রাকৃতিক পৰিৱেশত বাস কৰাৰ বাবে ইহঁতৰ যত্ন কিছু পৰিমাণে বেলেগ হয়।
আমাৰ ৰাজ্যত নানাধৰণৰ অৰ্কিডৰ খেতি মানুহে বহু বছৰ ধৰি কৰি আহিছে। সাধাৰণতে ভিন্ন অৰ্কিডবোৰ ভিন্ন বাসস্থানত গজে, গতিকে সকলোবোৰ অৰ্কিডৰ পুষ্টিগত প্ৰয়োজনীয়তাও একে বুলি ধৰিব নোৱাৰি। ডেণ্ড্রবিয়াম অৰ্কিডৰ খেতি আমাৰ সৰ্বসাধাৰণ কৃষক-ৰাইজৰ লগতে অৰ্কিডপ্ৰেমীসকলৰ মাজত অতিকৈ সমাদৃত হোৱা পৰিলক্ষিত হৈছে। এই ডেণ্ড্রবিয়াম অৰ্কিডৰ খেতিৰ বাবে কেনেধৰণৰ জলবায়ু, পৰিৱেশ, পুষ্টি, যত্ন ইত্যাদিৰ দৰকাৰ—সেই বিষয়ে বহলাই কিছু কথা জানোঁ আহক।
পাৰিৱেশিক আৱশ্যকতা
ডেণ্ড্রবিয়াম অৰ্কিডৰ শ্রীবৃদ্ধিৰ বাবে দিনৰ ভাগৰ উষ্ণতা ২১- ২৯০ ছেণ্টিগ্ৰেড আৰু নিশাৰ ভাগত ১৮-২১০ ছেণ্টিগ্ৰেড ভিতৰত হোৱাৰ লগতে ৪০-৭০% আপেক্ষিক আর্দ্রতাযুক্ত পৰিৱেশৰ আৱশ্যক। গ্রীষ্মমণ্ডলীয় পৰিৱেশত শ্বেড্ নেট্-ৰ অৰ্কিড-গৃহ ইয়াৰ খেতি কৰাৰ বাবে অতি উত্তম৷ অধিক বৰষুণ হোৱা অঞ্চলতো শ্বেড্ নেট্-ৰ ঘৰত অৰ্কিড খেতি কৰি বৰষুণৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰিব পৰা যায়। এইটো মনত ৰাখিবলগীয়া কথা যে অৰ্কিডৰ শ্রীবৃদ্ধিৰ বাবে উচ্চ উষ্ণতাৰ সৈতে পর্যাপ্ত বায়ু চলাচল কৰা পৰিৱেশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতাৰ অতিশয় প্রয়োজন।
পোহৰ আৰু জলবায়বিক প্রয়োজনীয়তা
ডেণ্ড্রবিয়াম অর্কিডক পর্যাপ্ত পোহৰৰ প্ৰয়োজন হয়, কিন্তু প্রত্যক্ষ ৰ’দৰ প্ৰয়োজন নহয়৷ প্ৰাকৃতিক সূৰ্যৰ পোহৰ অৰ্কিডবোৰে ভাল পায়। কম পোহৰৰ উপস্থিতিতো অৰ্কিডবোৰৰ বৃদ্ধি হয়, কিন্তু ফুল ফুলাৰ সম্ভাৱনা কম হয়। ব্যৱসায়িক ভিত্তিত অৰ্কিড খেতিৰ বাবে শ্বেড্ নেট-ৰ সহায়ত ছাঁ যোগান দিব লাগে।
ডেণ্ড্রবিয়াম অৰ্কিডবোৰ গছৰ লগত (Epiphytic) বা শিলৰ ওপৰত (Lithophytic) সংলগ্ন হৈ বাঢ়ে। সাধাৰণতে ইহঁতে মাটিত শিপাই নাযায়, গতিকে সাধাৰণ স্থলজ উদ্ভিদৰ দৰে মাটিৰ আৰ্দ্ৰতা লাভ কৰিব নোৱাৰে। ডেণ্ড্রবিয়াম অৰ্কিডৰ সঠিক যত্নৰ বাবে আমি পৰ্যাপ্ত পৰিমাণে পানী দিব লাগিব। সাধাৰণতে ব্যৱহৃত ডেণ্ড্রবিয়ামজাতসমূহ হ’ল :
ছোনিয়া ৰেড, হোনিয়া পিংক, ছোনিয়া ১৭, হোনিয়া ১৮, স্ন’ হোৱাইট, কাচেম গ’ল্ড, চাকুৰা পিংক ইত্যাদি। ডেণ্ড্রবিয়াম অৰ্কিডৰ ফুলবোৰ বগা, গোলাপী, বেঙুনীয়া, ৰঙা, হালধীয়া, সেউজীয়া, বাদামী ইত্যাদি বিভিন্ন বৰণত উপলব্ধ। লগতে কিছুমান ডেণ্ড্রবিয়াম প্ৰজাতিৰ সুগন্ধি থাকে।
ৰোপণ পদ্ধতি
কেনেকুৱা টাব বা পাত্ৰত অৰ্কিডবোৰ লগাব?
সাধাৰণতে তলি আৰু কাষবোৰত ফুটা থকা মাটিৰ টাব/পাত্র, খৰাহী, নাৰিকলৰ বাকলি ইত্যাদি বিভিন্নধৰণৰ টাব বা পাত্রত—য’ত ভালদৰে বায়ু চলাচল হ’ব পাৰে—, তাত অৰ্কিডবোৰ লগাব লাগে। ডেণ্ড্রবিয়াম অৰ্কিডবোৰ সৰু টাব/পাত্ৰত ভালদৰে বিকাশ হয় আৰু টাবটো বহল হোৱাতকৈ ওখ হ’লে সাধাৰণতে ভাল। ডাঙৰ পাত্ৰ ব্যৱহাৰ কৰিলে অৰ্কিডৰ বৃদ্ধি লেহেমীয়া হয় আৰু ফুল ফুলাটোও বহু পৰিমাণে হ্রাস পায়। সেয়েহে অৰ্কিডজোপা এটা সৰু আকাৰৰ পাত্ৰত ৰখি তাৰ শিপাৰ চাৰিওফালে অৰ্কিডৰ পটিং মিশ্ৰণ এনেদৰে দিব লাগে যাতে গছজোপা আৰু শিপাৰ সংযোগস্থল মিশ্ৰণৰ আধা ইঞ্চি তলত থাকে। অৰ্কিড খেতিৰ বাবে টাবত অৰ্কিড ৰোৱাটোৱেই আটাইতকৈ সুবিধাজনক ব্যৱস্থা বুলিব পাৰি। সহজে পানী সৰকিব পৰাকৈ টাবৰ তলিখনত ভঙা ইটাৰ তৰপ এটা দি তাৰ ওপৰত নাৰিকলৰ পুৰণি কোৰোকাৰ টুকুৰা, শুকান মচ, পচা ঢেকীয়াৰ শিপা, ইটাৰ সৰু ভঙা টুকুৰা দি, একেলগে মিহলাই টাবটোৰ কাষলৈকে পূৰাই দি মাজ অংশত ৰুব লগা অৰ্কিডজোপাৰ দীঘল শিপাবোৰ মিশ্ৰণটোৰ মাজেদি তললৈকে সুমুৱাই দিব লাগে।
তদুপৰি, অৰ্কিডবোৰ নাৰিকলৰ শুকান বাকলিৰে মেৰিয়াই বাগিচাত থকা খহটা ছালৰ গছত বান্ধি দিব পাৰি। বেছি ছাঁ পৰা আৰু নিমজ বাকলিৰ গছ অৰ্কিডৰ বাবে উপযুক্ত নহয়। লগতে নাৰিকলৰ শুকান বাকলিৰে মেৰিয়াই ঘৰৰ আংশিক ৰ’দ পৰা বাৰান্দাতো ওলোমাই ৰাখিব পাৰি। তামোল বা নাৰিকলৰ গা-গছ ফালি আহ থকা ফালটোত অৰ্কিড ৰুব পাৰি। খৰাহীৰ তলী আৰু কাষবোৰত পুৰণি ঢেকীয়াৰ শিপা বা কাঠ, বাঁহৰ চোঁচ দি মাজত উপযুক্ত মিশ্ৰণ ভৰাইও অৰ্কিড ৰোৱা হয়৷ কিছু বৃহৎ পৰিসৰত অৰ্কিড খেতি কৰিবলৈ অৰ্কিড গৃহ এটা সাজি লোৱাটো ভাল। ১২ ফুট × ১৬ ফুট × ১০ ফুট আকাৰৰ গৃহটো বাঁহেৰে সাজিব পাৰি। অৰ্কিড গৃহত টাব, নাৰিকলৰ টুকুৰা, খৰাহী আদিত ৰোপন কৰা অৰ্কিডবোৰ খলপা-খলপ চাং সাজি তাঁৰ ওলোমাই বা থিয় কৰাই হ’ব পাৰি। ঘৰটোৰ বেৰবোৰ বাঁহ নাইবা শ্বেড্ নেট্ নাইবা অন্য কোনো সামগ্ৰীৰে জালিৰ দৰে দি আংশিক ৰ’দ পৰা কৰিব লাগে।
বৃদ্ধিৰ মাধ্যম: কি পটিং মিশ্ৰণ ব্যৱহাৰ কৰিব?
অন্য গছৰ দৰে অৰ্কিডবোৰ মাটিত বৃদ্ধি নহয়৷ সাধাৰণতে পটিং মিশ্ৰণ হিচাপে চাৰ্ক’ল বা এঙাৰ, ইটা বা টাইলছৰ ভঙা টুকুৰা, নাৰিকল খোলা বা বাকলি বা ক’কোপিট, শুকান মচ, পচা ঢেঁকীয়াৰ শিপা ইত্যাদি ব্যৱহাৰ কৰা হয়। এই মাধ্যমতেই অৰ্কিডৰ গছবোৰ বৃদ্ধি হ’ব ধৰে আৰু শিপাবোৰে মাধ্যমটোত বিস্তাৰিত হৈ পৰে।
অৰ্কিডৰ পুলি উৎপাদন আৰু বিভাজন
অৰ্কিডৰ গুৰি অংশ আৰু শিপাৰ সৈতে উপকন্দবোৰ ৰিপটিং (Repotting) কৰাৰ আগতে ভাগ কৰি লোৱা হয়। অৰ্কিডৰ পুৰণি পাতবিহীন ঠাৰি/ডালবোৰ আঁতৰাই পেলাব নালাগে, কাৰণ ইয়াত পুষ্টিকৰ উপাদান আৰু পানী জমা হৈ থাকে; যাতে গছজোপা সুস্থ হৈ থকাৰ বাবে এইটো দৰকাৰী। পুৰণি উপকন্দৰ পৰা কেতিয়াবা ফুল ফুলে বা ক্ষুদ্র ক্ষুদ্র গছ উৎপন্ন হয়, যাক কেইকিছ (Keikis) বুলি কোৱা হয়। এই পুলি বা কেইকিছবোৰ শুকান নাৰিকলৰ বাকলি বা শুকান মচৰে বান্ধি দিলে নতুনকৈ শিপা ধৰে আৰু শিপা গঠন হোৱাৰ পিছত আছুতীয়াকৈ টাবত ৰুব পাৰি। ডেণ্ড্রবিয়াম অৰ্কিডৰ এবছৰ পুৰণি উপকন্দবোৰ ১০-১৫ ছেণ্টিমিটাৰকৈ কাটি আনি ট্ৰেত শুকান নাৰিকলৰ বাকলি দি ৰাখি তাত পানী ছটিয়াই থাকিলে কিছুদিনৰ পিছতে পোখা ওলায় আৰু তেতিয়াই সেইবোৰ পৃথক কৰি বেলেগকৈ ৰুব পৰা যায়।
সাধাৰণতে ফুল ফুলা শেষ হোৱাৰ পিছৰ পৰ্যায়ত অৰ্কিডৰ গছবোৰৰ পৰা শিপা উৎপন্ন হয় আৰু সেই সময়খিনিয়েই অৰ্কিডৰ বিভাজনৰ উপযুক্ত সময়৷ বিভাজনৰ বাবে গছৰ পৰা পুলি সংগ্ৰহ কৰা হয় বা কলা কৰ্ষণ (Tissue culture) প্ৰক্ৰিয়াৰে পুলি তৈয়াৰ কৰি ৰোপণ কৰা হয়৷ অৰ্কিড ফুল ফুলা শেষ হোৱাৰ পিছত চোকা কেঁচি ব্যৱহাৰ কৰি ফুল ফুলা ঠাৰিডালৰ আগ অংশত কাটিব লাগে৷ এনে কৰিলে পৰৱৰ্তী বৃদ্ধিৰ সময়ছোৱাত নতুন ঠাৰিৰ সৃষ্টিত সহায় হয়। ফুল ফুলাৰ পিছত অৰ্কিডৰ ট্ৰিম নকৰিলে ই পুনৰ ফুল ফুলাত বাধা দিব পাৰে৷
অৰ্কিডৰ ৰিপটিং (Repotting) বা পাত্র সলনি
ৰিপটিং মানে এজোপা উদ্ভিদ বা গছৰ ডাল, পাত, শিপাকে ধৰি সকলো অংশ এটা পাত্ৰৰ পৰা নতুন এটা পাত্ৰলৈ স্থানান্তৰ কৰা। বেছিভাগ টাবত ৰখা গছতে মাজে মাজে ৰিপটিঙৰ প্ৰয়োজন হয়, কাৰণ টাবত ৰখা গছবোৰৰ শিপাৰ বৃদ্ধিৰ বাবে দৰকাৰী পুষ্টিকৰ উপাদানসমূহ ক্ষয় হৈ গৈ থাকে। নতুন পোখা ওলোৱাৰ সময় অর্থাৎ ফেব্ৰুৱাৰীৰ পৰা মে মাহেই পাত্ৰ সলনি কৰাৰ বাবে উপযুক্ত সময় বুলি ধৰা হয়৷
অৰ্কিডবোৰকো নিয়মিতভাৱে ৰিপটিং কৰাৰ প্ৰয়োজন হয়। সাধাৰণতে দুবছৰৰ পৰা তিনি বছৰৰ মূৰে মূৰে অৰ্কিডৰ ৰিপটিং কৰা হয়| তলত বৰ্ণনা কৰা অৱস্থাবোৰত অৰ্কিডবোৰ ৰিপটিং কৰিব লাগে।
১) যেতিয়া গছজোপা ডাঙৰ হৈ গৈ থাকে আৰু টাব/পাত্ৰটো অনুসাৰে গছৰ আয়তন বৃদ্ধি পায়।
২) যেতিয়া টাবত ৰখা পটিং মাধ্যমটো বেয়া হৈ যায়।
৩) যেতিয়া গছজোপা বিভাজন কৰিবলগীয়া হয়।
গছৰ লগত সংলগ্ন হৈ বাঢ়ি অহা অৰ্কিডবোৰক (Epiphytic orchid) প্ৰতি বছৰে ৰিপটিং কৰাটো ভাল। যেতিয়া অৰ্কিড গছজোপাৰ সতেজ শিপা ওলায় বা নতুন পাতৰ বৃদ্ধি হয় তেতিয়াই ৰিপটিঙৰ বাবে উত্তম সময় বুলি ধৰা হয়। ৰিপটিং কৰাৰ আগতে সদায় পুৰণি পটিং মাধ্যমৰ ক্ষতিগ্ৰস্ত শিপাবোৰ আঁতৰাই বীজাণুমুক্ত কৰি ল’ব লাগে৷
অৰ্কিডৰ ফুল ফুলাৰ সময়
অৰ্কিড গছবোৰ ৰোপণৰ এবছৰৰ ভিতৰতে ফুল আহিবলৈ আৰম্ভ কৰে। ফুলবোৰ প্ৰধানকৈ ফাগুন-চ’ত মাহত ফুলে। আনহাতে টিছু কালচাৰৰ পৰা পোৱা পুলিৰ পৰা ফুল পাবলৈ কমেও আঠাইশ মাহ সময় লাগে৷ ফুলবোৰ প্ৰায় ৩০-৪৫ দিনলৈ ফুলি থাকে।
পানী যোগানৰ প্ৰয়োজনীয়তা
অৰ্কিডবোৰক ৰাতিপুৱাৰ ভাগত পানী দিব লাগে। পানীখিনি গছজোপাৰ মাজেৰে সম্পূৰ্ণৰূপে বৈ যাবলৈ দিব লাগে। অতিমাত্ৰা পানী দিয়াটো ডেণ্ড্রবিয়াম অৰ্কিডৰ বাবে ক্ষতিকাৰক। তেনেক্ষেত্ৰত শিপাবোৰ পচিব পাৰে। ডেণ্ড্রবিয়ামৰ পাত হালধীয়া হোৱাটো পানী বেছি বা কম হোৱাৰ লক্ষণ হ’ব পাৰে। আর্দ্রতা, বায়ুৰ গতি, অর্কিডে লাভ কৰা পোহৰৰ পৰিমাণ, ব্যৱহাৰ কৰা পাত্ৰৰ মাধ্যম, পাত্ৰৰ প্ৰকাৰ (প্লাষ্টিক বা মাটি) আৰু পাত্ৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি অৰ্কিডক আৱশ্যক হোৱা পানী যোগানৰ ব্যৱধান ২-৫ দিনলৈকে হ’ব পাৰে। ব্যৱসায়িকভিত্তিত খেতি কৰা অৰ্কিড গছবোৰকক পানী যোগান ধৰিবলৈ আৰু আৰ্দ্ৰতা বজাই ৰাখিবলৈ অ’ভাৰহেড স্প্রিংক্লাৰৰ ব্যৱহাৰ কৰা হয়। আনহাতে ঘৰুৱাভাৱে লগোৱা এজোপা-দুজোপা গছৰ ক্ষেত্ৰত সৰু স্প্রে বটলৰ জৰিয়তে পানী দিব লাগে। অত্যধিক গৰম বা অত্যধিক ঠাণ্ডাত অৰ্কিডবোৰক বাহিৰত ৰাখিব নালাগে।
আৰ্দ্ৰতাৰ প্ৰয়োজনীয়তা
ডেণ্ড্রবিয়াম অৰ্কিডৰ বৃদ্ধিৰ বাবে লগা আদৰ্শ আৰ্দ্ৰতাৰ পৰিসৰ হৈছে ৪০-৭০%। শুকান বতাহৰ প্ৰভাৱত পাতবোৰৰ আগ অংশ বাদামী ৰঙৰ হয় অৰ্কিড এজোপাৰ চৌপাশৰ আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ হিউমিডিটি ট্রে (humidity tray) ব্যৱহাৰ কৰিব পাৰি, য’ত পানীত শিলগুটি দি লোৱা হয়। এই ক্ষেত্ৰত চাব লাগে যাতে পাত্ৰটো পানীত সোমাই নাথাকে, কাৰণ ইয়াৰ ফলত শিপাবোৰ পচি যাব পাৰে ৷ বায়ু চলাচল কৰিবলৈ পৰ্যাপ্ত ঠাইৰ অভাৱ হোৱাৰ ফলত পোক-পৰুৱাৰ আক্ৰমণ আৰু ভেঁকুৰৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে।
সাৰ/পুষ্টিৰ প্ৰয়োজনীয়তা
ৰোপণৰ ৩০ দিনৰ পৰা আৰম্ভ কৰি সাপ্তাহিক ব্যৱধানত এন, পি, কে (N, P, K): ২০:১০:১০ @০.২% হাৰত অৰ্কিড গছজোপাত ফ’লিয়াৰ স্প্রে (Foliar spray) হিচাপে প্ৰয়োগ কৰিব লাগে। পানীত মিহলাই লোৱা NPK মিশ্ৰণটো সপ্তাহত এবাৰ নাইবা দুবাৰকৈও স্প্রে কৰিব পাৰি। স্প্রে কৰাৰ সময়ত এইটো মন কৰিব লাগে যাতে গছজোপা ভালদৰে তিতি যায়। অৰ্কিডবোৰক গ্ৰীষ্মকালত দুই-তিনি সপ্তাহৰ মূৰে মূৰে আৰু শীতকালত মাহত এবাৰকৈ সাৰৰ যোগান ধৰিব লাগে।
বৃদ্ধি নিয়ন্ত্রকৰ ব্যৱহাৰ
ৰোপণৰ ৩০ দিনৰ পৰা আৰম্ভ কৰি দুমাহৰ ব্যৱধানত GA3 (জিবাৰেলিক এচিড ৩) ৫০ ppm ফলিয়াৰ স্প্রে হিচাপে প্ৰয়োগ কৰিব লাগে। ইয়াৰ প্ৰয়োগে ফুলৰ বিকাশ আৰু বৃদ্ধিত সহায় কৰাৰ উপৰিও পৰিৱেশৰ প্ৰতিকূল অৱস্থাৰ ফলত হোৱা কিছুমান বিকাৰৰ (disorder) প্ৰাদুৰ্ভাৱ হ্ৰাস কৰে।
ফুল চপোৱা
ডেণ্ড্রবিয়াম অৰ্কিডৰ ফুলবোৰ খোল খোৱা ৪-৫ দিনৰ পিছতহে সম্পূৰ্ণৰূপে ফুলি উঠে। ফুলবোৰ সম্পূৰ্ণ খোলা খোৱাৰ আগতেই ছিঙা/চপোৱা হয়, কাৰণ সম্পূৰ্ণৰূপে ফুলি উঠাৰ পিছত চপোৱা ফুলবোৰ বিক্ৰেতাৰ ওচৰ পোৱাৰ আগতেই কম সময়তে মৰহি যায়। ফুলবোৰ ছিঙাৰ পিছতেই ঠাৰিৰ তলৰ ০.৭৫ ছেণ্টিমিটাৰমান অংশ কাটি পেলোৱা হয় আৰু ফুলটো পানীৰ সৈতে সন্নিৱিষ্ট সংৰক্ষক দ্রব্যত (Preservative) ৰখা হয়। ডালবোৰত ৭৫% ফুল খোল খালেই সাধাৰণতে বিক্ৰীৰ বাবে ছিঙা হয়।
অৰ্কিড ফুলবোৰ চপোৱাৰ পিছৰ ব্যৱস্থাপনা
ডেণ্ড্রবিয়ামৰ ফুলবোৰ চপোৱাৰ পিছত ৫-৭০ ছেণ্টিগ্রেড তাপমাত্ৰাত ৰখিলে ১০-১৪ দিনলৈ ভালে থাকে। প্লাষ্টিক ফিল্ম ষ্ট’ৰেজৰ সহায়ত ঠাৰিৰ সৈতে ফুলবোৰ মেৰিয়াই ৰাখিলেও কিছুদিনলৈ ভালে থাকে। তদুপৰি আন এক পদ্ধতি হ’ল পালছিং (pulsing), য’ত ফুলৰ চেল্ফ্ লাইফ (shelf life) বঢ়াবৰ বাবে অধিক ঘনত্বৰ চুক্র’জ আৰু বীজাণুনাশক ঔষধৰ সৈতে কম সময়ৰ বাবে শোধন কৰা হয়।
কীট-পতংগৰ আক্ৰমণ আৰু ব্যৱস্থাপনা
১) শামুক আৰু কুমজেলেকুৱা (Snail and slug) : হাতেৰে আক্ৰান্ত অংশ ছিঙি তৎক্ষণাত ধ্বংস কৰি পেলাব লাগে৷
২) এফিদ/মিলি বাগ/স্পাইডাৰ মাইট (Aphid / Mealy bug / Spider mites) : কীটনাশকৰ (যেনে: ইমিদাক্ল’ৰপিড)ৰ ব্যৱহাৰ কৰি এনেবোৰ কীট ৰোধ কৰিব পাৰি।
অৰ্কিডৰ ৰোগ আৰু ইয়াৰ ব্যৱস্থাপনা
সাধাৰণতে অৰ্কিডৰ ফুলৰ কলিৰ ওপৰত কোনো ৰোগৰ নিয়ন্ত্ৰণৰ বাবে যিকোনো প্রণালীবদ্ধ ৰাসায়নিক ঔষধ অনুমোদিত মাত্ৰাত ব্যৱহাৰ কৰিব পাৰি। ৰাসায়নিক দ্রব্যৰ সলনি জৈৱিক সাৰৰ ব্যৱহাৰ বেছি ফলপ্রসূ। অৰ্কিডৰ হ’বপৰা ৰোগসমূহ আৰু সেইবোৰৰ নিয়ন্ত্রণৰ দুটিমান দিশ হ’ল হ’ল—
১) ক’লা পৰা পচন ৰোগ (Black rot) : ফলিয়াৰ স্প্রে হিচাপত মেটালাক্সিল @ 2 গ্রাম প্রতি লিটাৰ পানীত মিহলাই নাইবা ডাইমেথ’মর্ফ ৫০% ডব্লিউ পি (WP) ০.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।
২) বেক্টেৰিয়াৰ সৃষ্ট বাদামী দাগ (Bacterial brown spot) : ট্রেপ্ট’মাইচিন ছালফেট @ 0.5 গ্রাম + কপাৰ অক্সিক্ল’ৰাইড @ ২ গ্রাম প্রতি লিটাৰ পানীৰ সৈতে মিহলাই ফলিয়াৰ স্প্রে হিচাপে প্ৰয়োগ কৰিব লাগে।
৩) বেক্টেৰিয়াৰ সৃষ্ট কোমল আৰু বাদামী পচন ৰোগ (Bacterial soft and brown rot) ষ্ট্রেপ্ট”মাইচিন ছালফেট @ ০.৫ গ্রাম + কপাৰ অক্সিক্ল’ৰাইড @ ২ গ্রাম প্রতি লিটাৰ পানীৰ সৈতে মিহলাই ফলিয়াৰ স্প্রে কৰিব লাগে।
৪) এনথ্রাকন’জ (Anthracnose): ফলিয়াৰ স্প্রে হিচাপত থাইঅ’ফেনেট মিথাইল @ ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই নাইবা ডাইফেন’ক’নাজ’ল @ ০.৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।
অৰ্কিডৰ উপকাৰিতা আৰু ব্যৱহাৰ
অর্কিডক ফুল হিচাপে সৌন্দৰ্যবর্ধনত ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ নানা ব্যৱহাৰ আছে। বহু শতিকা ধৰি চীনা পৰম্পৰাগত চিকিৎসাত ডেণ্ড্রুবিয়াম অৰ্কিড পিয়াহ, জ্বৰ, ডায়েবেটিছ, কৰ্কট ৰোগৰ চিকিৎসা, চকুৰ দৃষ্টিশক্তি ৰক্ষা কৰা, ভোক আৰু হজম বৃদ্ধি আদিৰ বাবে ব্যৱহৃত হৈ আছে। এছিয়া আৰু অষ্ট্ৰেলিয়াত ই এলঝেইমাৰ আৰু হৃদৰোগৰ বাবে উপকাৰী গণ্য কৰি ব্যৱহাৰ কৰা দেখা যায়৷
বহুতো বনৌষধি ঔষধত ডেণ্ড্রুবিয়াম অৰ্কিডৰ ব্যৱহাৰ কৰা হয় যিয়ে মানসিক শান্তি বজাই ৰখাত সহায় কৰে। শাক-পাচলিৰ লগত ৰন্ধা বা ৰসৰ ৰূপত পিহি অৰ্কিড ফুলো সেৱন কৰিব পাৰি৷
অর্কিড ফুলত কেলচিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে যাৰ বাবে ই হাড় আৰু দাঁত শক্তিশালী কৰি ৰখাৰ বাবে এক উৎকৃষ্ট উৎস। ই অষ্টিঅ’পৰ’ছিছ আৰু দাঁতৰ ক্ষতি ৰোধ কৰাত সহায় কৰে।
অর্কিড ফুল এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ইয়াৰ ব্যৱহাৰে ক্ষতিগ্ৰস্ত কোষৰ নিয়ন্ত্ৰণ আৰু মেৰামতিৰ সহায়ত কৰ্কট ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰে বুলি ধাৰণা কৰা হৈছে। লগতে, এণ্টিঅক্সিডেণ্টৰ বাবেই ছাল সুস্থ আৰু বলিৰেখামুক্ত হয়।
অৰ্কিড ফুলত থকা আঁহ আৰু তৰল পদাৰ্থৰ পৰিমাণে ইয়াক ডায়েৰিয়া, কোষ্ঠকাঠিন্য ইত্যাদিৰ চিকিৎসা আৰু প্ৰতিৰোধত সহায় কৰে।
অৰ্কিডৰ পাত আৰু ফুলত ভিটামিন চি আৰু ই ভৰ্তি হৈ থাকে যিয়ে চকুৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। এক অধ্যয়নৰ মতে অৰ্কিড সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি পায় আৰু চকুৰ বেমাৰ যেনে, চকুৰ ছানি পৰা, পেশীৰ অৱক্ষয় আদিৰ পৰা ৰক্ষা পৰে।
অৰ্কিড ফুলৰ পৰা উলিওৱা ৰসে আলচাৰৰ পৰা উপশম পাবলৈ সহায় কৰিব পাৰে।
(প্রবন্ধটি প্রস্তুত কৰোতে কিছু তথ্য স্বীকৃত কৃষি বিশ্ববিদ্যালয় দুই-এখনৰ পৰা প্রকাশিত Package of Practices-ৰ পৰা লোৱা হৈছে। ফটোসমূহৰ কেইখনমান ইণ্টাৰনেটৰ পৰা, কেইখনমান লেখিকাৰ ব্যক্তিগত উৎসৰ পৰা সংগ্রহ কৰা হৈছে)