অনুবাদপ্ৰবন্ধ

বাণিজ্য-যুদ্ধ: চীন বনাম আমেৰিকা ।। মূল : মাইক গাইম্বেলে; অনুবাদ: প্রদীপ শইকীয়া

আলেক্সসকলে দুৰান ৱেবচাইটত দাঙি ধৰা দৈনিক বিশ্লেষণাত্মক বিষয়বোৰ অৱশ্যে চাবলগীয়া। কিন্তু তেওঁলোকৰ বিশ্লেষণবোৰ ভাল হ’লেও ত্ৰুটিমুক্ত নহয়। কাৰণ মাৰ্ক্সীয় বা শ্ৰেণী দৃষ্টিকোণৰ পৰা তেনে ব্যাখ্যা কৰা হোৱা নাই।

যোৱা সপ্তাহত ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই জাৰি কৰা নৱতম অৰ্থনৈতিক নিষেধাজ্ঞাৰ কথা তেওঁলোকে আলোচনা কৰিছিল। এই নিষেধাজ্ঞাই চীনক বেছিকৈ ক্ষতি কৰিব। তেওঁলোকে সেই নিষেধাজ্ঞাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পুঁজিপতি শ্ৰেণীক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আমেৰিকাৰ স্থায়ী আমোলাতন্ত্ৰক (মাৰ্কিন গৰ্ভৰাষ্ট্ৰ, Deep State) জগৰীয়া কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাটো পুঁজিপতিয়ে নিয়ন্ত্ৰণ কৰে।

তেওঁলোকে সঠিকভাৱেই কৈছে যে বৰ্তমান ৰাজনৈতিক সংকট কালত মাৰ্কিন ৰাষ্ট্ৰপতিজন পুঁজিপতিৰ হাতৰ পুতলা মাত্র। কিন্তু তেওঁলোকৰ শ্ৰেণী-দৃষ্টিভংগী নথকাৰ বাবেই মাৰ্কিন আমোলাতন্ত্রক দোষাৰোপ কৰিছে।

আলেক্সে শুদ্ধভাৱে চিহ্নিত কৰিছে যে আমেৰিকাই চীনৰ সৈতে বিধ্বংসী বাণিজ্য যুঁজত লিপ্ত হ’ব। তেওঁলোকে এইটো উপলব্ধি কৰিব পৰা নাই যে বাণিজ্য যুঁজৰ আঁৰত মাৰ্কিন পুঁজিপতিৰ শক্তিশালী হাত আছে।

দাঁত মুখ নথকা আমোলাতন্ত্রক দোষ দিয়াটো তেনেই সহজ। তেনেকুৱা বিশ্লেষণ আৰামী চকীত বহি বহি কৰিব পৰা যায়।

বাণিজ্য যুদ্ধই চীনকে আদি কৰি প্ৰতিখন দেশকেই ক্ষতি কৰিব যদিও আমেৰিকা বৰ বেছিকৈ ক্ষতিগ্ৰস্ত হ’ব। তলত দিয়া উদাহৰণে বিষয়টো পৰিষ্কাৰ কৰিব।

ৰাষ্ট্ৰপতি বাইডেনে চীনৰ যানবাহনৰ ওপৰত ১০২.৫% শুল্ক আৰোপ কৰিছে। বিশ্বত যানবাহন উৎপাদনত বৰ্তমান চীন এক নম্বৰ স্থানত আছে। আমেৰিকা চীনতকৈ বহু পিছত আছে। চীনৰ ইলেট্ৰিক বাহনবোৰ সস্তা আৰু উন্নত প্ৰযুক্তিৰে নিৰ্মিত। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিজা উদ্যোগত নিৰ্মিত বাহনবোৰ পুৰণা প্ৰযুক্তিৰে নিৰ্মিত আৰু দামো বেছি। গতিকে চীনৰ বাহনৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাই নিজৰ যানবাহনৰ বজাৰখন ধৰি ৰাখিব খুজিছে যাতে চীনৰ যানবাহনে আমেৰিকাৰ বজাৰ দখল কৰিব নোৱাৰে। জেনেৰেল মটৰ (GM), ফৰ্ড আৰু ক্ৰাইছলাৰ কোম্পানীৰ যানবাহনে চীনৰ যানবাহনৰ লগত ফেৰ মাৰিব পৰা নাই। চীনে এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপলৈ ৰপ্তানি কৰা বাহনবোৰ জনপ্ৰিয় আৰু তাৰ সংখ্যা বৃদ্ধি হৈ আছে।

আমেৰিকাৰ পৰম্পৰাগত যান-বাহনে চীনৰ উন্নত প্ৰযুক্তিৰে নিৰ্মিত বাহনৰ লগত কেনেকৈ প্ৰতিযোগিতা কৰিব পাৰে? ফৰ্ড, জেনেৰেল মটৰ আদিৰ পুৰণা মডেলৰ গাড়ীবোৰ অধিক দামত বিক্ৰী কৰিব বিচাৰিলে গ্ৰাহক আহিব জানোঁ? চীনৰ লগত বাণিজ্য-যুদ্ধ আমেৰিকাৰ শাসক শ্ৰেণীৰ বাবে আত্মঘাতী হ’ব। এই যুদ্ধত আমেৰিকাৰ ৩৪ ত্ৰিলিয়ন ডলাৰ ঋণ আমেৰিকাৰ গলগ্ৰহ হ’ব। কাৰণ বহিঃৰাষ্ট্ৰসমূহে আমেৰিকান ডলাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে ইউয়ান আৰু ৰুবল গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব।

আমেৰিকান পুঁজিপতি শ্ৰেণীয়ে নিজৰ যানবাহন ডলাৰৰ পৰিবৰ্তে ব্ৰিক্সৰ (BRICS) লগত যুক্ত দেশৰ মুদ্ৰা বা ইউয়ান, ৰুবলৰ লগত বিনিময় কৰিবলৈ ৰাজি হ’বনে? তেওঁলোকে তেনে কাম নকৰে। কাৰণ তেনে কৰিলে তেওঁলোকৰ অৰ্থনীতিয়ে আত্মসমৰ্পন কৰা হ’ব। অতীতত কোনো প্ৰতিদ্বন্দ্বীয়ে বিশ্ববজাৰত আমেৰিকাৰ অৰ্থনৈতিক আধিপত্যক প্ৰত্যাহ্বান জনালে তেনে বিৰোধীক আমেৰিকাই সামৰিক উপায়েৰে মষিমূৰ কৰিছিল অথবা বাধা দিছিল। পূৰ্বে আমেৰিকাৰ অৰ্থনৈতিক আধিপত্যৰ পৰা মুক্তি বিচৰা যিকোনো দেশ আমেৰিকাৰ বাণিজ্যিক নিষেধাজ্ঞাৰ বাবে জীৱন-মৰণৰ মুখামুখি হৈছিল। সেইটো এতিয়া ইতিহাস। আজি চীনৰ উৎপাদনৰ ভিত্তি আমেৰিকাৰ উৎপাদনৰ ভিত্তিতকৈ ২ গুণৰো অধিক। চোভিয়েট ইউনিয়নৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা পৰম্পৰাগত ঔদ্যোগিক (সামৰিক, তেল, গেছ) ভিত্তি এতিয়াও বৰ্তি থকাৰ বাবে ৰাছিয়াৰ উৎপাদনৰ ভিত্তি জিডিপি আৰু পিপিপিৰ তালিকাত প্ৰকাশ পোৱাতকৈ বহু বেছি। ৰাছিয়াৰ বৃহৎ উদ্যোগ এতিয়াও ৰাষ্ট্ৰীয় খণ্ডত আছে, ব্যক্তিগতকৰণ হোৱা নাই। ইউক্ৰেইনৰ যুদ্ধই প্ৰমাণ কৰিলে যে ৰাছিয়াৰ সামৰিক উদ্যোগৰ উৎপাদন পশ্চিমৰ সন্মিলিত সামৰিক ঔদ্যোগিক উৎপাদনতকৈ বেছি আৰু ৰাছিয়াৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ঘাটিবোৰ পশ্চিমৰবোৰতকৈ আকাৰত ডাঙৰ। ৰাছিয়াৰ বিৰুদ্ধে পশ্চিমীয়া দেশে জাৰি কৰা সাৰ্বিক নিষেধাজ্ঞা এতিয়া পশ্চিম ফালেহে উভতিছে। পশ্চিম বিশেষকৈ ইউৰোপৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। আনহাতে ৰাছিয়াৰ অৰ্থনীতিৰ উত্থান ঘটিছে। চীনৰ সৈতে পশ্চিমৰ বাণিজ্যিক যুদ্ধৰ ফলত পশ্চিমৰ অৰ্থনীতি অধিক বিধ্বস্ত হ’ব। ৰাছিয়াৰ অৰ্থনীতি চীনৰ অৰ্থনীতিৰ এক ভগ্নাংশ মাত্ৰ।

চীনৰ বিশাল অৰ্থনীতিৰ ওপৰত মাৰ্কিন নিষেধাজ্ঞাৰ কি প্ৰভাৱ পৰিব? আমেৰিকাই লোকলৈ বুলি হুল পুতি নিজে মৰিছে ফুটি। বাস্তৱ বৰ নিষ্ঠুৰ আমেৰিকা!

মাৰ্কিন যুক্তৰাষ্ট্ৰই হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ অপাৰগ। এতিয়া তেওঁলোকৰ বহু পলম হৈ গ’ল। আমেৰিকাবাসীয়ে বিগত শতিকাৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে। তেওঁলোকৰ শিল্প উদ্যোগ আৰু অৰ্থনীতি চীনলৈ স্থানান্তৰিত কৰি এতিয়া হাতীৰ গালৈ তৰাৰ ফৰ্মুটি মাৰিলে কি হ’ব?

আমেৰিকাৰ বাবে বৰ দুখৰ দিন চলিছে! চীনৰ বিৰুদ্ধে আমেৰিকাই বাণিজ্য-যুদ্ধ ঘোষণা কৰি আত্মঘাতীৰ প্ৰস্তুতি চলাইছে বুলি দৃঢ়তাৰে ক’ব পাৰোঁ।

(টোকা: এই বিশ্লেষণ আমেৰিকাৰ বাঁওপন্থী বুদ্ধিজীৱী আৰু বিশিষ্ট লেখক মাইক গাইম্বেলে তেওঁৰ ফে’চবুকত লেখা এটি লেখাৰ ভাবানুবাদ)

Leave a Reply

Your email address will not be published. Required fields are marked *