৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

বাৰীৰ চুকৰ আঁহত (ডাঃ ভগৱান দেৱ মিশ্ৰ)

আজি পাঁচমাহেই হ’ব এতিয়া। ঘৰতেই নিজকে আৱদ্ধ কৰি ৰাখিছোঁ। বিৰক্তি লাগিছে। এবাৰ যদি ইখন কিতাপ টানি আনি চাৰি পৃষ্ঠামান পঢ়িছোঁ, আনবাৰ আন এখন কিতাপ টানি আনি দুপৃষ্ঠা পঢ়িছোঁ। মাজতে গৈ অলপ টি ভি চাইছোঁ। কেতিয়াবা পুৰণি বাতৰি কাকতৰ পৃষ্ঠা লুটিয়াইছোঁ। ঘৰৰ মানুহকেইটাৰ লগতনো আৰু কিমান কথা পাতিম! সকলোৰে স্বভাৱবোৰ খিঙখিঙীয়া হৈ উঠিছে। কাকো একো ক’ব‌ই নোৱাৰি– ‘ তুমি এই বয়সতেই ইমান অঁকৰা হৈছা, আৰু কেইবছৰমান পিছত দেখোঁ তোমাৰ কাষত কোনো থাকিব‌ই নোৱাৰিব!’  বৰ অঁকৰা হৈছোঁ নেকি মই বাৰু? মোৰ আকৌ ঘৰৰ আনবোৰকহে অঁকৰা যেন লাগে। সেইদিনা এক অঁকৰা বন্ধুৱে ফোন কৰিলে — “কি কৰি আছাহে?”– “ঘোঁৰাৰ ঘাঁহ কাটিছোঁ ৰ’বা” বুলি কৈ ফোনটো কাটি দিলোঁ। বন্ধুজনে বেয়া পালে বুলি ভাৱি অকণমান পিছত ময়েই ফোন কৰিলোঁ— “বেয়া পালা নেকিহে? কিবা এটা কথাত খং উঠি আছিল। ঘৰৰ কাকো নোৱাৰি তোমাকেই জাৰিলোঁ আৰু। বাৰু কোৱাচোন কিয় ফোন কৰিছিলা।” বন্ধুৰ উত্তৰ — “কিবা অলপ লিখা-পঢ়াকেই নকৰা কেলেই, মনটো ভাল লাগিব”। — “লিখা-পঢ়া কৰিবলৈ ক’লা যে কিবা পৰীক্ষা-চৰীক্ষা পাতিছা নেকিহে? সকলো দেখোঁ জানো যেনেই লাগে।”— “গল্প এটাকেই লিখাহে ক’ৰ’নাক লৈ।” টিঙিচকৈ খংটো উঠাত ফোনটো কাটি দিলোঁ। ক’ৰ’নাক লৈ গল্প লিখিবলৈ কৈ ৰাতিপুৱাই ঠাট্টা কৰা বাবে বৰ খং উঠিল। ক’ৰ’নাক লৈ ৰচনা এখন লিখিব পাৰি, হয়তো আৰ তাৰ পৰা নকল কৰি প্ৰৱন্ধ এটাও লিখিব পৰা যায়; কিন্তু গল্প — অসম্ভৱ! কোনোবা মনে মিলা মানুহৰ লগত শাক-পাত খোৱা কথা পাতিবলৈ মন গৈছে। গধূৰ কথা ভাৱিলেই মূৰটো গৰম হৈ উঠে।

নাকেমুখে মাস্কখন বান্ধি ল’লোঁ। হাতত গ্লোভ্‌চ পিন্ধি ৰাস্তালৈ ওলাই আহিলোঁ। ৰাতিপুৱা ছয় বাজিছেহে। কাৰ ঘৰলৈ যাম ঠিক কৰিব পৰা নাই। পদূলিমূৰতেই ঠিয় হৈ ভাৱি আছোঁ। মোৰ বাহিৰে বাকী মানুহৰ সাধাৰণতে এইখিনি সময়ত বিভিন্ন কাম থাকে‌। খেতি থকা মানুহবোৰে পানীৰ কাৰণে খেতি কৰিব পৰা নাই, তথাপিও এইখিনি সময়ত পথাৰখন এবাৰ চাবলৈ যায়, পুৰণি অভ‍্যাস। তিৰোতাবোৰেও ইটো-সিটো কামত ব‍্যস্ত হৈ থাকে। একো কাম নাথাকিলেও কাম কিছুমান উলিয়াই লয়। স্কুল নাথাকিলেও ল’ৰা-ছোৱালীকেইটাক আখৰৰ চিন হেৰাব বুলি পঢ়া টেবুলত বহাই দিয়ে। বহীত কিবা আঁকবাক কৰি ল’ৰা-ছোৱালীকেইটাইও বিৰক্তিৰে পঢ়াটেবুলত বহি থাকে। মাজে মাজে কিতাপৰ পাঠ এটাকে মাক-দেউতাকে শুনক বুলি চিঞৰি চিঞৰি পঢ়ে। মুঠতে নাটক এখন চলাই ৰাখে ডাঙৰ-সৰু সকলোৱে। মোৰ নাটখন এতিয়া কাৰ ঘৰত মেলোঁ!

“নুৰুল ঘৰত আছানে?” চোতালৰ পৰাই মাতিলোঁ।

“কোন? অ’ দাদা দেখোন। এই পুৱাতেই যে!” নুৰুলে ক’লে।

“নাই এনেয়ে অলপ তোমাৰ লগত আড্ডা মাৰিম বুলি আহিলোঁ।”

নুৰুলে ড্ৰয়িং ৰুমলৈ মাতিলে। ঘৰৰ ভিতৰত বহিবলৈ মোৰ মন নাই। উশাহটো কিবা বন্ধ হৈ আহে, জেলত সোমোৱা যেন লাগে। তাতেই আকৌ মাস্কখনে নাক-মুখ হেঁচি ধৰিছে। নুৰুলৰ চোতালখন বেচ আহল বহল। ৰাতিপুৱা এটা অংশত ৰ’দ পৰিছে যদিও বেছিখিনিতেই ছাঁ পৰি আছে। ঘৰটো দক্ষিণমুৱা হ’লেও পূৱফালে দীঘল ঘৰ এটা আছে। চোতালতে থকা চকী এখন টানি আনি ছাঁখিনিতেই বহিলোঁ। ঘৰৰ ভিতৰৰ পৰা চকী এখন দাঙি আনি নুৰুলো মোৰ কাষতেই বহিল। নুৰুল বয়সত মোতকৈ ভালেখিনি সৰু। বৰ সংবেদনশীল, বৰ সাহিত‍্যানুৰাগী। সেইভাগ বস্তুৰ লগত মোৰ আকৌ চিনাকি নাই বুলিব‌ই পাৰি। ফেচবুকত অৱশ্যে কবিতা, গল্প, গধূৰ লিখনি দেখিলে নপঢ়াকৈয়ে ‘লাইক’ কৰি দিওঁ। নিজকে কিবা অলপ বুদ্ধিজীৱী বুদ্ধিজীৱী যেন লাগে। হঠাৎ উঠি গৈ নুৰুলেও মাস্ক এখন মুখত মাৰি আকৌ মোৰ কাষত বহিল। “দাদা, মাস্ক মাৰি থাকিলে ক’ৰ’না হ’ব নোৱাৰে নেকি?” নুৰুলে সুধিলে। “তোমাৰ উত্তৰটো মই পোনে পোনে নিদিওঁ দিয়া। এই ধৰা তোমাৰ ষ্টোৰ ৰুমটোত তুমি তলা এটা মাৰি থৈছা, মনটোত অলপ সাহস পাইছা। চোৰে তলাটো একেপাকতে খুলিব পাৰে বুলি তুমিও জানা, তথাপিও কিবা এটা সাহস পাইছা। ৰাতি ইফালে সিফালে যাওঁতে হাতত টৰ্চটো লৈ যোৱা ৰাস্তাত সাপ-চাপ ওলাব পাৰে বুলি। মাস্কখনো তেনেকুৱা এটা উপায় বুলিয়ে ধৰাচোন। বেমাৰটোৰ বিষয়ে আমি একো নাজানোৱেই যেতিয়া অলপ বেছি সাৱধান হোৱাৰ পৰা আমাৰ একো লোকচান নহয় দিয়াচোন৷” নুৰুলৰ ল’ৰা উপকূলে সৰু টেবুল এখন দাঙি আনি আমাৰ সমুখত থ’লে। ছোৱালী অন্তৰীপাই টেবুলক্লথ এখন টেবুলৰ ওপৰত পাৰি দিলে। নুৰুলৰ পৰিবাৰ মামণি বৰ সাদৰী ছোৱালী। মোৰেই বন্ধুৰ কন‍্যা। ত‌ই বুলি মাতোঁ। মামণিয়ে সৰু সৰু কিবা পিঠা কেইটামান দুখন প্লেটত সজাই টেবুলত থ’লে। দৌৰাদৌৰিকৈ দুকাপ চাহো আনি টেবুলত থ’লে। ‘খাওক খুড়া’ বুলি কৈ দৌৰাদৌৰিকৈ আকৌ ঘৰত সোমাল। তাই মোক অলপ লাজ কৰে। বেলেগৰ মুখত শুনিছোঁ তাই হেনো ভাল কবিতাও লিখে। মই অৱশ্যে পঢ়া নাই। মই কবিতা বুজিও নাপাওঁ। স্কুলৰ পাঠপুথিত থকা পদ‍্যবোৰ পঢ়িছিলোঁ, মুখস্থ‌ও কৰিছিলোঁ পৰীক্ষা পাচ কৰিবলৈ। কিছুমান পদ‍্য হয়তো ঘৰতে বহি ভাৱি ভাৱি লিখা, বাস্তৱতাৰ লগত একো মিল নাই। কিছুমান আকৌ বৰ অৰ্থবহ, এতিয়াও মুখস্থ আছে।

“দাদা মই জিংক আৰু ভিটামিন চি নিয়মীয়াকৈ খাই আছোঁ, কিবা অপকাৰ হ’ব নেকি” –নুৰুলৰ প্ৰশ্ন। “অপকাৰ হ’ব নে উপকাৰ হ’ব নাজানো। তোমাৰ শৰীৰত যদি জিংক আৰু ভিটামিন চিৰ মাত্ৰা কম আছে তেতিয়া অপকাৰ নহয়, কিন্তু যদি ঠিক আছে অপকাৰ হ’ব‌ও পাৰে। সকলো কথাৰে মাত্ৰাধিক‍্যটো বেয়া। সেইটো জনাৰ কাৰণে সাধাৰণ জ্ঞান ব‍্যৱহাৰ কৰিলেই হ’ল। এই ধৰা পানীৰ কথাকেই কৈছোঁ। পানীক আমাৰ জীৱন বুলি কোৱা হয়, কথাটো সঁচা। আমি দিনটোত তিনি লিটাৰমান পানী খাওঁ। তুমি যদি দেহৰ কাৰণে ভাল বুলি দিনটোত দহ লিটাৰকৈ পানী খাবলৈ লোৱা তোমাৰ শৰীৰৰ অপকাৰ হ’ব। পানীখিনিতো বৃক্ক দুটাই ফিল্টাৰ কৰি বাহিৰলৈ উলিয়াই দিব লাগিব। অতিৰিক্ত কামৰ হেঁচাত তোমাৰ বৃক্ক দুটা ভাগৰি পৰিব। তুমি অসুস্থ হৈ পৰিবা। মূঠতে সকলো বস্তুৰে বেছিটোও বেয়া, কমটোও বেয়া।”

পাকঘৰৰ পৰা সুগন্ধ এটা ভাহি আহিছে, গৰম তেলৰ চন্‌চনি শব্দ এটাও শুনিছোঁ। মই আহিলে মামণিয়ে উৎপাত অলপ কৰেই। “নুৰুল, মামণিয়ে পাকঘৰত কিবা উৎপাত লগাইছে নেকিহে? বৰ চনচনাই আছে দেখোন।” “নাই দাদা, এইখিনি সময়ত কিবা এটা সদায় বনায় জলপান হিচাবে৷ দাদা, ক’ৰ’নাৰ ভেক্‌চিনৰ বিষয়ে বৰকৈ শুনি আছোঁ, কিবা এটা হ’বগৈনে?” “ময়ো শুনিহে আছোঁ। বিভিন্ন দেশৰ বিভিন্ন তাৰিখ শুনি আছোঁ। তাৰিখবোৰ পিছুৱাই যোৱাও শুনি আছোঁ। নজনা কথানো কেনেকৈ ক’ম? সোনকালে কিবা এটা ওলালে ভাল দিয়াচোন। আমাতকৈ কোম্পানীবোৰৰ আৰু ভাল। কেতিয়াকৈ ওলাইবা! দাম বা কিমান হয়? তেতিয়ালৈ বেমাৰটো থাকে নে নাথাকে বা? আমাৰ গেঠোহঁতৰ ভেক্‌চিন ল’বলৈ আকৌ প‌ইচা হাতত থাকে নে নেথাকে? শুনিছোঁ ক’ৰ’না ভাইৰাছটো হেনো আৰ এন এ ভাইৰাছ। ভেক্‌চিন এটাৰ পৰীক্ষা-নিৰীক্ষাৰ হেনো বিভিন্ন পৰ্যায় থাকে। কিছুমান বিজ্ঞানীৰ মতে ২০২১ ৰ আগত ভেক্‌চিন ওলোৱাৰ হেনো আশা কম। আৰ এন এ ভাইৰাছৰ ভেক্‌চিনৰ কাৰ্যকাৰিতা সম্পৰ্কেও নানা জনৰ নানা মত। আগতীয়াকৈ ভেক্‌চিনৰ বৃহৎ বজাৰখন দখল কৰাৰ কাৰণে বহুজাতিক ডকাইতসকলৰ মাজত হোৱা প্ৰতিযোগিতাখনে এতিয়া ৰাজনৈতিক ৰূপ লৈছে। এই চেপা-খুন্দাত আমাৰ গেঠোহঁতৰ শৰীৰত ৰস-পূঁজ একো নাথাকিব‌ই যেন পাইছোঁ। আচলতে ৰাষ্ট্ৰৰ এতিয়া দেশীয় অস্তিত্ব নোহোৱাই হৈছে, গতিকে দেশৰ প্ৰতি ৰাষ্ট্ৰৰ দায়িত্ব‌ও নোহোৱাৰ লেখীয়া হৈছে। আজিকালি ৰাষ্ট্ৰৰ আচল ৰূপটো বহুজাতিক হৈছে। এতিয়া ৰাইজ উমৈহতীয়া শ, বাহী হ‌ওঁ হ‌ওঁ অৱস্থা।”

মই ভৱামতেই মামণিয়ে দুখন ডাঙৰ প্লেটত ফুলা ফুলা লুচি আৰু বেঙেনা ভাজি, দুটা বাটিত মূৰ্গীৰ মাংস আনি টেবুলত থৈ আকৌ দৌৰাদৌৰিকৈ পাকঘৰত সোমাল। নুৰুলে মোৰ ফালে চাই হাঁহিলে, কাৰণ নুৰুলে জানে যে ম‌ই মাংস খাবলৈ ভাল নাপাওঁ অথচ মামণিয়ে দিলে মই নোখোৱাকৈও থাকিব নোৱাৰোঁ। অলপ পিছত চাহো আহিল। চাহ খোৱাৰ পিছত নুৰুলে ক’লে, “দাদা আপোনাৰ হাতত যদি অলপ সময় আছে আপোনাক এটা বস্তু দেখুৱাব খোজোঁ।” “মোৰ হাতত অফুৰন্ত সময়, দেখুওৱা।” নুৰুলে তাৰ বস্তিৰ চুকলৈকে মোক লৈ গ’ল। দূৰৰ পৰাই গছ এডাল দেখুৱাই মোক ক’লে, “সেই আঁহতজোপা দেখিছেনে? তাৰ বয়স মোতকৈ অলপহে কম। সি পুলি থাকোঁতেই দেউতাই তাত এটা প্ৰকাণ্ড শিল থৈছিল। শিলটো উত্তৰ অঞ্চলৰ পৰা ম’হৰ গাড়ী এখনত আনিছিল, ভাঙি সৰু সৰু কৰি ঘৰ বন্ধা কামত ব‍্যৱহাৰ কৰিব বুলি। পুলিটো শিলৰ তলত থকা বুলি দেউতাই গমেই পোৱা নাছিল। দেউতা আকস্মিকভাৱে ঢুকাই থাকিল। ঘৰ বন্ধা নহ’ল। আমিও বস্তিৰ সেইটো মূৰলৈ যোৱাটো বাদ দিলোঁ। শিলটো দেখিলে দেউতালৈ মনত পৰে, কষ্ট পাওঁ।

মোক তেওঁ গছজোপাৰ কাষলৈ লৈ গ’ল। কি আচৰিত! পুলিটোৱে সেই প্ৰকাণ্ড শিলটো ফুটাই প্ৰকাণ্ড এজোপা আঁহত হৈ নিজকে প্ৰতিষ্ঠা কৰিছে। শিলটোৰ অ’ত ত’ত ক্ষয়িষ্ণুতাৰ চিন দেখা গৈছে। আঁহতজোপা কিন্তু সগৌৰৱে ঠিয় হৈ আছে। নুৰুলে ক’লে, “জীৱন্ত আৰু বিকাশমান আঁহতজোপাক শিল জাপি দিলেও দেৰিকৈ হ’লেও সি ওলাই আহিব, শিলটো ফুটাই হ’লেও।” এক সত‍্যৰো সত‍্যৰ প্ৰত‍্যক্ষ উদাহৰণ ডাঙি ধৰিলে নুৰুলে। নুৰুল আৰু মোৰ এটা কথাত বৰ মিল। আপোনাৰ ধৰ্ম কি বুলি লিখিব লাগিলে নুৰুল আৰু মই ‘অসমীয়া ভাৰতীয়’ বুলি লিখোঁ। তাৰো চাকৰি নাই, মোৰো চাকৰি নাই। আমাৰ নাম দুটা মা-দেউতাই থোৱা। নিজৰ নাম দুটা নিজে দিব পৰাহেঁতেন আমাৰ নাম দুটাও বেলেগ হ’লহেঁতেন।

আমি আকৌ চোতালত আহি বহিলোঁ। মামণিয়ে ভাত খাবলৈ বৰকৈ খাটনি ধৰিলে। মই পোনছাটেই নাকচ কৰি ক’লোঁ, “আজি মই নিজৰ ঘৰৰ সকলোৰে লগত বহি এসাজ আনন্দেৰে ভাত খাম। আজিৰ পৰা মোৰ অঁকৰামি শেষ হ’ল। এজন অনুজ প্ৰতিম প্ৰাণবন্ধুৰ পৰা মই সাহসৰ এপালি দৰৱ পালোঁ।” পৰিয়ালটোক মাত দি ঘৰমুৱা হ’লোঁ। ৰাস্তাটো বহল বহল যেন লাগিল। পথাৰখনো আগতকৈ বহল যেন লাগিল। দূৰৈৰ পৰা আমাৰ ঘৰত হাঁহিৰ কিৰীলি শুনিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *