অনুবাদকবিতা

বাট সকলোৰে বাবে (মূল: বীৰেন্দ্ৰ কুমাৰ চট্টোপাধ্যায়; অনুবাদ: ৰুমা অধিকাৰী)

ধৰ্মই যেতিয়া বিজ্ঞানক কয় বাট এৰি দিবলৈ
বিজ্ঞানে জানোঁ বাট এৰি দিয়ে?
পোপৰ ভয়ত দেশান্তৰী হ’বলগীয়াত পৰিছিল
লিওনাৰ্ডো দ্যা ভিঞ্চি।
সমগ্ৰ দিনটো এটি এন্ধাৰ কোঠাত পদসঞ্চালন কৰি ফুৰিছিল গেলিলিও গেলিলিয়ে;
তেওঁক পহৰা দিবলৈ আছিল
এজন ধৰ্মৰ পিয়দা,
যাৰ চকুৰ পতা
বতাহতো নকঁপিছিল।
বিজ্ঞানে জানোঁ তেতিয়াও থমকি ৰৈছিল?

তীৰ্থস্থানৰ পাণ্ডাবোৰৰ হুলস্থুল,
সিহঁতৰ ৰঙাচকুই জানোঁ পাৰিছিল
পৃথিৱীক বেঞ্চৰ ওপৰত থিয় কৰাই,
সূৰুজক তাৰ চাৰিওদিশে প্ৰদক্ষিণ কৰাবলৈ?

ধৰ্মই যিমানদিন দুখে-শোকে জৰ্জৰিত মানুহক
জীয়াই থকাৰ সাহস যোগায়
সিমান দিন বাটক লৈ কাৰো লগতে তাৰ সংঘাত নহয়।

বাট কাৰো নিজস্ব নহয়
বৰং সিহঁতেই এদিন বাট এৰি দিব লগিয়া হয়
যাৰ স্পৰ্ধাই আকাশ চুই যায়।
বিজ্ঞানে যেতিয়া প্ৰেমৰ গীত পাহৰি
ভা‌ড়াতীয়া ঘাতকৰ পোছাকেৰে নিজকে আবৃত কৰে,
আৰু ৰাজনীতিৰ বাদশ্বাহসকলে অৰ্থৰ সহায়ত
বিজ্ঞানৰ মান-মৰ্যাদাক কিনি লয়,
আৰু সেই ষাঁড়ৰ দৰে কৰ্কশ কণ্ঠত ধ্বনিত হয় আদেশ—বাট এৰা, নহ’লে….
পৃথিৱীৰ যতমানে ক’লা, বগা, হালধীয়া মানুহৰ গীতে,
তেওঁলোকৰ সপোনবোৰে একমুহূৰ্ত সেই চিঞৰ শুনি থমকি ৰৈ চায়
তাৰপাচত যাৰ যিফালে বাট, সেই পথেৰেই আগলৈ আৰু আগলৈ আগুৱায়
কোনেও কাকো বাট এৰি নিদিয়ে।
যিমানদিন পৃথিৱীখনৰ বুকুত সংগীত থাকে,
সংগীতৰ মানুহ থাকে, সপোনবোৰ থাকে….

Leave a Reply

Your email address will not be published. Required fields are marked *