নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বেনু হ’ব নেকি মহাকাশৰ উৰন্ত সোণৰ খনি? – (ভাৰ্গৱ বৰঠাকুৰ)

এই লেখাত বেনু নামটোৱে‌ এটা বিশেষ তাৎপৰ্য বহন কৰিছে। বেনুৱে আচলতে কোনো‌ মানুহৰ‌ নামক বুজোৱা নাই। বেনু হৈছে মহাকাশৰ এটা প্ৰকাণ্ড গ্ৰহাণুৰ নাম। বৈজ্ঞানিক পৰিভাষাত- Bennu 101955 হিচাপে প্ৰকাশ কৰা হয়। ১৯৯৯ চনত‌ বিজ্ঞানীসকলে বেনুৰ অস্তিত্বৰ সন্ধান‌ উলিয়াইছিল। বেনু গ্ৰহাণুটোৰ‌ নাম ইজিপ্তিয়ান আখ্যান অনুসৰি এজন দেৱতাৰ নামত ৰখা হৈছিল। বিজ্ঞানীসকলৰ মতে বেনুত কাৰ্বন‌ আৰু আন বহু খনিজ পদাৰ্থ আছে। বেনুত কাৰ্বণৰ পৰিমাণ বেছি বাবে পোহৰৰ প্ৰতিফলন একেবাৰে কম হয়। বিজ্ঞানীসকলৰ পৰ্যবেক্ষণ অনুসৰি বেনুৰ‌ ভিতৰ ভাগ (প্ৰায় ২০%-৪০%) একেবাৰে খালি বুলি জনা ‌‌গৈছে। গ্ৰহাণুটোৰ‌ বৰ্হিভাগ বহু ডাঙৰ‌ ডাঙৰ শিলাখণ্ডৰে আৱৰা। বেনু পৃথিৱীৰ পৰা তুলনামূলকভাৱে কম দূৰত্বত অৱস্থান কৰা এটা গ্ৰহাণু। পৃথিৱীৰ‌ পৰা কম দূৰত্বত অৱস্থান কৰি সূৰ্যক প্ৰদক্ষিণ কৰা মহাকৰ্ষীয় পদাৰ্থপিণ্ডবোৰক Near Earth Object (NEO) বুলি কোৱা হয়। বিজ্ঞানীসকলে গণনা কৰি এনে কিছুমান NEO- ৰ সন্ধান কৰিছে যাৰ ভৱিষ্যতে পৃথিৱীৰ সৈতে‌ সংঘৰ্ষ হ’ব পৰা সম্ভাবনা অধিক। সেই বিপদজনক NEO-বোৰক Potentially hazardous বুলি‌ নামাকৰণ কৰিছে। আজিৰ আলোচনাৰ কেন্দ্ৰ বিন্দু বেনু‌ও তেনে এটা পৃথিৱীৰ বাবে potentially hazardous asteroid অথবা বিপদজনক গ্ৰহাণু।
আলোচ্য ‘NEO’ হৈছে পৃথিৱীৰ পৰা কম দূৰত্বত অৱস্থান কৰি সূৰ্যক প্ৰদক্ষিণ কৰি থকা মূলত: শিল, ধাতু আদিৰে গঠিত কিছুমান গধূৰ পদাৰ্থ৷ গঠন আৰু আকাৰৰ ফালৰ পৰা NEO সমূহক গ্ৰহাণু (Asteroid), ধুমকেতু (Comets), উল্কা (Meteoroids) নামেৰে তিনি প্ৰকাৰত বিজ্ঞানীসকলে ভাগ কৰিছে৷ এই NEO সমূহৰ আকাৰ ১৪০ মিটাৰৰ পৰা ১০‌কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। গ্ৰহাণুসমূহ মূলতঃ সৌৰজগতৰ শিলৰ আৱৰ্জনা ( Rocky debris in solar system) আৰু আকাৰত গ্ৰহবোৰতকৈ‌ তুলনামূলকভাৱে‌ সৰু। উল্কাবোৰ হৈছে বিভিন্ন কাৰণবশতঃ গ্ৰহাণুৰ পৰা ভাঙি পৰা কিছুমান অতি গধুৰ আৰু তুলনামূলকভাৱে সৰু ধাতুৰ টুকুৰা৷ উল্কাসমূহ প্ৰধানকৈ ছিলিকেট আৰু লৌহ পদাৰ্থৰে গঠিত৷ আনহাতে ধূমকেতুবোৰ কেৱল ধূলি, গেছ আৰু বৰফেৰে গঠিত কিছুমান মহাজাগতিক পদাৰ্থ, ধূমকেতুসমূহ সূৰ্যৰ কাষ চাপি আহিলে গেছ আৰু ধূলিৰে গঠিত কিছু অংশ বাষ্পীভৱন হৈ অনুজ্বল নেজৰ সৃষ্টি হয়৷ প্ৰায় এক কিলোমিটাৰৰ পৰা দহ কিলোমিটাৰৰ NEO ৰ ভিতৰত আছে প্ৰায় ১৬০০০ টা NEA (Near earth asteroids), প্রায় ১০০ টা NEC (Near earth comets) -ৰ সন্ধান পোৱা গৈছে৷ এই Asteroid সমূহক ‘Larger grand-based telescopes, Dedicated space based infrared asteroid telescope, space-based spectroscopic, light-curve measurement আদি বিভিন্ন নতুন প্ৰযুক্তিৰে অৱস্থিতি, গঠন, আকাৰ ইত্যাদিৰ গণনা কৰা হয়৷
Lincoln Near-Earth Asteroid Research (LINEAR) প্ৰজেক্টৰ অধীনত ১৯৯৯ চনত বেনুক প্ৰথম ‌আৱিষ্কাৰ কৰা হৈছিল। বহু তাত্ত্বিক গৱেষণাৰ অন্তত নাছাই ২০১৬-ত গ্ৰহাণুটোলৈ OSIRIS-REX নামে এটা মহাকাশ অভিযানৰ আৰম্ভ কৰিছিল। দুই বছৰ চলা মহাকাশ যাত্ৰাৰ অন্তত ২০১৮ চনত OSIRIS-REX (Origin, Spectral interpretation, Resource Identification, Security, Regolith Explorer) নামৰ মহাকাশ যানখনে‌ বেনুৰ কাষ পাই এক সঠিক দূৰত্বত‌ গ্ৰহাণুটোৰ চাৰিওফালে ঘূৰিবলৈ‌ আৰম্ভ কৰে। শেহতীয়াকৈ (২০ অক্টোবৰ, ২০২০ চনত) নাছাই জানিবলৈ দিয়া ‌মতে মহাকাশযানখনে পূৰ্ব পৰিকল্পনা অনুসৰি গ্ৰহাণু বেনুত সফল অৱতৰণ কৰিবলৈ সক্ষম হয়। OSIRIS-REX মিছন অনুসৰি মহাকাশযানখনৰ ৰব’টিক বাহুৱে গ্ৰহাণুৰ এটা অংশত খনন চলাই তাৰ পৰা গৱেষণাৰ বাবে প্ৰয়োজনীয় প্ৰায় ৬০ গ্ৰাম শিল, মাটিৰ কিছু অংশ লৈ পুনৰ পৃথিৱীলৈ ঘূৰি আহিব। বৈজ্ঞানিক গণনা অনুসৰি ২০২৩ চনৰ ছেপ্তেম্বৰ মাহত মহাকাশ যানখনে পৃথিৱীলৈ গ্ৰহাণুৰ খননকৃত পদাৰ্থখিনি ঘূৰাই আনিব।
ওপৰত উল্লেখ কৰি অহাৰ দৰে আমাৰ সৌৰজগতত গ্ৰহাণুৰ সংখ্যা বহুত বেছি, বহু গ্ৰহাণুৰ সন্ধান আজিও উলিয়াব পৰা নাই। তেনেক্ষেত্ৰত ইমানবোৰ গ্ৰহাণুৰ মাজৰ পৰা বেনুক বাছি লোৱাটো তাৎপৰ্যপূৰ্ণ নহয় নে? বেনুক বিজ্ঞানীসকলে বাছি লোৱাৰ প্ৰধান কাৰণসমূহ হৈছে—
১) আমাৰ সৌৰজগতৰ সৃষ্টিৰ সময়তে বেনুৰো সৃষ্টি হৈছিল। অৰ্থাৎ বেনু এটা অত্যন্ত পুৰণি গ্ৰহাণু। গতিকে বেনুৰ পৰা লাভ কৰা পদাৰ্থসমূহৰ বৈজ্ঞানিক বিশ্লেষণে আমাৰ সৌৰজগতৰ সৃষ্টি তথা সৌৰজগতৰ গ্ৰহবোৰৰ মহাজাগতিক ৰহস্য উদঘাটন কৰাত সহায় হ’ব। তদুপৰি বেনুৰ গৱেষণাই সৌৰজগতৰ শিলাময় (Rocky) গ্ৰহবোৰৰ সৃষ্টিৰ আঁৰৰ ৰহস্য ভেদ কৰাত সহায় হ’ব বুলি ‌আশা ‌কৰা হৈছে।
২) বেনু এটা Potentially Hazardous Asteroid(PHA) গতিকে বেনুৰ অধ্যয়নে আন PHA গ্ৰহাণুসমূহৰ বিষয়ে ‌বিজ্ঞানীসকলক অধিক জনাত সহায় কৰিব। আৰু ভৱিষ্যতৰ কাৰণে বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ উৎকৰ্ষ সাধনত সহায় হ’ব।
৩) বিজ্ঞানীসকলৰ মতে অত্যন্ত পুৰণি গ্ৰহাণু হিচাপে ‘বেনু’ত হাজাৰ বছৰে কোনো ধৰণৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন হোৱা নাই। গতিকে আমি যদি বেনুৰ গঠন (composition) সম্পৰ্কে অধ্যয়ন কৰোঁ তেন্তে আৰু ভালদৰে আন গ্ৰহাণুবোৰৰ বিষয়ে জানিব পাৰিম।
৪) তদুপৰি বেনু পৃথিৱীৰ পৰা ২০ কোটি দূৰত‌্বত অৱস্থিত নিকটতম গ্ৰহাণু। যিটো মহাকাশৰ দূৰত্ব হিচাপে বহু কম। গতিকে গ্ৰহাণু খননৰ দৰে ব্যয়বহুল মহাকাশ‌ অভিযানৰ বাবে বেনুৰ অৱস্থান গুৰুত্বপূৰ্ণ।
বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি বেনু হৈছে মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা Asteroid belt ৰ বিশাল কাৰ্বনেৰে গঠিত গ্ৰহাণু এটাৰ পৰা ভাঙি অহা সৰু অংশ। কিন্তু ই পৃথিৱীৰ কাষ কেনেকৈ পালেহি? বিজ্ঞানীসকলৰ মতে বৃহস্পতিৰ দৰে বিশালকায় গ্ৰহৰ মহাকৰ্ষণ তথা বহু দীঘলীয়া সময়ৰ বাবে বেনুৰ ওপৰত পৰা Yarkovsky effect ৰ বাবে ই পৃথিৱীৰ কাষ পালেহি। কিন্তু এই Yarkovsky effect- নো কি? বেনুৰ কক্ষপথটো এনেকুৱা যি প্ৰতি ছমাহৰ মূৰে মূৰে পৃথিৱীৰ কাষ চাপি সূৰ্যক প্রদক্ষিণ কৰে। প্ৰতি ৪.৩ ঘন্টাত ই নিজ অক্ষত এপাক ঘূৰে আৰু ১.২ বছৰত সূৰ্যক এবাৰ পৰিভ্ৰমণ কৰে। গতিকে কেৱল মহাকৰ্ষণেই নহয়, সূৰ্যৰ পোহৰেও গ্ৰহাণুৰ কক্ষপথত সামান্য সালসলনি ঘটাব পাৰে। বেনুৱে নিজ অক্ষত কেন্দ্র কৰি নিজৰ গাটো ঘূৰোৱাৰ সমান্তৰালকৈ সূৰ্যকো প্ৰদক্ষিণ কৰি আছে। গতিকে এনে ঘূৰ্ণনৰ ফলত গ্ৰহাণুটোৰ যিটো অংশ সূৰ্যৰ ফালে থাকিব সেই অংশই সূৰ্যৰ পোহৰ শোষণ কৰি গৰম হৈ পৰিব। ঠিক সেইদৰে এটা সময়ত সেই অংশ আকৌ সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত হৈ ক্ৰমে ঠাণ্ডা হ’বলৈ ধৰিব। আৰু যেতিয়া তাপ এৰি দিব তাৰ সমান্তৰালকৈ সূৰ্যৰ দিশত গ্ৰহাণুটোক এটা সামান্য ঠেলা দিব। যাৰ বাবেই প্ৰতি বছৰত প্ৰায় (0.29 km) বেনু সূৰ্যৰ কাষ চাপি আহি আছে। এই Yarkovsky effect-ৰ‌ বাবেই ভৱিষ্যতে বেনুৰ সূৰ্যক প্ৰদক্ষিণ কৰা কক্ষপথ পৃথিৱীৰ কাষচাপি আহি পৃথিৱীৰ সৈতে সংঘৰ্ষ হ’ব পাৰে।
গ্ৰহাণুবোৰ দেখিবলৈ বৰ অনিয়মিত (Irregular)। একেবাৰে গোলাকাৰো‌ নহয়, একেবাৰে চেপেটাও নহয়। ঠিক এটা অনিয়মিত আলুৰ দৰে। কিন্তু গ্ৰহাণুবোৰ যেন বহুতৰ বাবে উৰন্ত সোণৰ খনি। গ্ৰহাণুবোৰ আচলতে পৃথিৱীত সহজে নোপোৱা বহু মূল্যৱান পদাৰ্থৰ ভাণ্ডাৰ। গ্ৰহাণুবোৰত সোণ, নিকেল, প্লেটিনাম, ৰডিয়াম (Rhodium), ইৰিডিয়াম (Irridium), অছমিয়াম (Osmium) আদি বিভিন্ন মূল্যৱান পদাৰ্থৰ উপস্থিতিৰ কথা বিজ্ঞানীসকলে ধাৰণা কৰিছে। ২০১২ চনত এদল উদ্যোগীয়ে গ্ৰহাণুৰ পৰা এনে মূল্যৱান পদাৰ্থসমূহ খনন কৰি পৃথিৱীলৈ আনিবলৈ “Planetary Resources to Extract Valuable minerals from asteroids and bring them back to earth” শীৰ্ষক নামেৰে এটা কোম্পানীৰো আৰম্ভ কৰিছিল। Planetary Resources ৰ গণনা অনুসৰি ৩০ মিটাৰৰ সৰু গ্ৰহাণু এটাত প্ৰায় ২৫ ৰ পৰা ৫০ বিলিয়ন মূল্যৱান প্লেটিনাম থাকিব পাৰে। বেনুও এনেধৰণৰ বহু মূল্যৱান পদাৰ্থৰ ভাণ্ডাৰ হ’ব পাৰে। মহাকাশৰ সোণৰ খনিত মানৱ সভ্যতাই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব নে নোৱাৰে OSIRIS-REX ৰ পৰা লাভ কৰা গৱেষণাই এই বিষয়ে অধিক তথ্যৰ যোগান ধৰিব বুলি আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *