ভাত দে হাৰামজাদা – মূল : ৰফিক আজাদ (অনুবাদ : আছাদ্দুল্লা মহম্মদ শ্বামিম)
ভীষণ ক্ষুধার্ত : উদৰ, শৰীৰবৃত্ত ব্যাপী
অনুভৱ হৈ থাকে – প্রতিপল – সর্বগ্রাসী ক্ষুধা
অনাবৃষ্টিয়ে যেনেদৰে চৰিত্ৰৰ শস্যক্ষেত্ৰত জ্বলাই দিয়ে প্রভূত দাহন – তেনেকুৱা ক্ষুধাৰ জ্বলন, জ্বলে দেহ
দুবেলা দুমুঠি পালে মুঠেই নাই অন্য কোনো দাবী
বহুতে খুজি লৈছে অনেক কিবাকিবি, সকলোৱে বিচাৰে : বাৰী, গাড়ী, টকা-পইচা –
কাৰোবাৰ আছে আকৌ খ্যাতিৰ লোভ;
মোৰ সামান্য দাবী : পুৰিছে পেটৰ প্রান্তৰ –
ভাত দে – এই দাবী প্রত্যেক্ষ – ঠাণ্ডা বা গৰম,
সৰু বা ৰেচনৰ ৰঙা মোটা চাউল হ’লে
নাই কোনো ক্ষতি, মাটিৰ পাত্র-ভর্তি ভাত দে:
দুবেলা দুমুঠি পালে এৰি দিম বাকী সকলো দাবী
অযৌক্তিক লোভ নাই, আনকি নাই যৌন ক্ষুধা –
নিবিচাৰো নাভি তলত পিন্ধা শাৰী, শাৰীৰ মালিক
যিয়ে বিচাৰে লওক – যাক ইচ্ছা দি দিয়া-
জানিবা : মোক এইবোৰৰ কোনো প্রয়োজন নাই।
যদি পূৰণ কৰিব নোৱাৰা মোৰ এই সামান্য দাবী,
তোমাৰ গোটেই ৰাজ্যত ঘটি যাব দক্ষযজ্ঞ (লণ্ডভণ্ড) কাণ্ড;
ক্ষুধার্তৰ নাই ইষ্টানিষ্ট (পাপ-পুণ্য), আইন-কানুন –
আগত যি পাম ভক্ষণ কৰিম নির্বিঘ্নে;
যদিও বা ধৰা হঠাৎ সন্মুখতেই পাই যাওঁ তোমাক –
ৰাক্ষসী ক্ষুধাৰ উপাদেয় উপাদান হ’ব।
সর্বপৰিবেশগ্রাসী হ’লে সামান্য ভাতৰ ক্ষুধাই
আনিব নিমন্ত্রণ কৰি ভয়াৱহ পৰিণতি!
দৃশ্যৰপৰা দ্রষ্টালৈকে সকলো ধাৰাবাহিকভাৱে ভক্ষণ কৰি
অৱশেষত যথাক্রমে খাম : লতা-বৃক্ষ, নদী-নলা ,
গ্রাম-গঞ্জ, ফুটপাথ, নর্দমাৰ জলৰ প্রপাত,
চলাচলকাৰী পথিক, নিতম্ব-প্রধান নাৰী,
উৰন্ত পতাকাসহ খাদ্য মন্ত্রী আৰু মন্ত্রীৰ গাড়ী –
মোৰ ক্ষুধাৰ ওচৰত একোৱেই পেলনীয় নহয়
ভাত দে হাৰামজাদা, নহ’লে মানচিত্র খাম।