বিবিধ চিন্তা

ভাল দিনৰ সপোন- প্রিয়াংকু বৰুৱা

সিদিনা একাউন্টত কেইবালাখো টকা সোমাল ৷ মই আচৰিত হ’লো ৷ ক’ৰ টকা সোমাল! ইমান টকা জনমতো কোনোদিন দেখা নাই৷ এওঁৰ একাউন্টতো সোমাল কেইবালাখো টকা৷ দুয়োটাই ভাবি থাকোঁতেই ঘপহকৈ মনলৈ আহিল কেইবছৰমান আগতে কোৱা কথাবোৰ৷ দুয়োটাই আনন্দতে ক’ব নোৱৰাৰ দৰে হ’লো৷ দুখীয়া মানুহ৷ তাতে আচম্বিতে ইমান ধন! অৱশ্যে এতিয়া ইমান দুখীয়া বুলিবও নোৱাৰি৷ খেতিয়ক মানুহ৷ আগতে বানপানীয়ে খেতিবোৰ মাৰিছিল৷ আনহাতে, খৰালি পানীৰ অভাৱত খেতি নহৈছিল৷ এতিয়া সেই দিন নাই৷ দুবছৰ আগতে মঠাউৰিবোৰ বান্ধি শেষ হ’ল৷ আজিকালি পানী নোসোমায়৷ খেতি-ঘৰ একোৱেই অনিষ্ট নকৰে৷ খৰালি খেতি কৰিব পৰাকৈ গভীৰ নলীনাদ হ’ল৷ গতিকে এতিয়া আকাল নাই৷ চৰকাৰৰ আঁচনি এখনৰ ধন পাই ল’ৰাটোৱেও দ-চানেকীয়া মাটিডোখৰত কেইটামান ফিচাৰী খান্দিলে৷ মৎস্য উৎপাদনত সিও ভালেখিনি আগুৱাই গ’ল৷ তাৰ মাছ এতিয়া অন্য ঠাইলৈও ৰপ্তানি কৰে৷
মই বোলো “ভাল দিন আহিল দিয়া ৷”
-“টকাখিনি কি কৰিবা? ”
-“ঘৰটোকে সাজিম বুইছা ৷”
-“বস্তু কেতিয়া আনিবা?”
-“আনিম, তুমি চিন্তা নকৰিবা৷ যোৰহাটৰপৰা লৈ আহিম৷ খৰচ কম হ’ব৷ দলং হোৱাৰপৰা মাজুলীলৈ বস্তু আনিবলৈ আজিকালি গাড়ীৰ ভাড়াও বেছি নালাগে৷”
-“থোৱা হে৷ কি কাৰণে যোৰহাটৰপৰা আনিব লাগে ? GST হোৱাৰপৰা এক দেশ, এক দাম হ’ল বুলি নাজানা নেকি? গড়মূড়ৰপৰাই আনিবা”

মই কথাবোৰ বৰকৈ পাহৰোঁ ৷ এইটো কাৰণতে এওঁৰপৰা গালি শুনি থাকিব লগা হয় ৷
এইকেইদিন আমাৰ মনবোৰ খুউব ভাল৷ কেৱল আমাৰেই নহয়৷ গাঁৱৰ, দেশৰ সকলোৰে হয়তো৷ আজি ঘৰলৈ ভনীজনী অহাৰ কথা৷ তাই তিনিচুকীয়ালৈ বিয়া হৈছে৷ তিনিচুকীয়াখন স্মাৰ্ট চিটি হোৱাৰ বাবে সিহঁতেও ঘৰৰ ওচৰতে সৰুকৈ দোকান এখন খুলিছে৷ আগতে সিহঁতে থকা ঠাইখনলৈকে চহৰখন নাছিল৷ এতিয়া সকলো সলনি হ’ল৷ নিজ চকুৰে নেদেখিলে বিশ্বাসেই নহয়৷ সিহঁতৰ দোকানখনৰ কথা পাতিবলৈকে তাই আজি আহিব৷ মোৰপৰা টকা কেইটামান বিচাৰিছে৷ সিহঁতে পোৱা টকাখিনিও দোকানখনতেই খটুৱাব৷ ভতিজাটোৰ গাড়ীখনকে লৈ ভনীজনীক লৈ আনিবলৈ ওলালোঁ৷ মই গাড়ী চলাব নাজানো বাবে দিপুলক লগত ল’লো৷ ভতিজাটো ঘৰত নাথাকে৷ গুৱাহাটীত চাকৰি পাইছে৷ এক্সপ্ৰেছ হাইৱেটোৱেদি আমাৰ গাড়ী আগ বাঢ়িল৷ ভনীজনী কমলাবাৰীতে আহি নমাৰ কথা যদিও এনেয়ে কিছুদূৰ আগুৱাই গ’লো৷ ৱাহ কি সুন্দৰ দৃশ্য! এইখন অসম নহয় যেন বেলেগ দেশৰহে ঠাই! ব্ৰহ্মপুত্ৰখন খন্দাৰ পাছত ইঠাইৰপৰা সিঠাইলৈ আজিকালি অনবৰতে জাহাজো চলি থাকে৷ মই মনৰ স্ফূৰ্তিতে প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীজনৰ নাম লৈ জিন্দাবাদ জিন্দাবাদ বুলি চিঞৰি দিলোঁ ৷

কিন্তু এয়া কি! মই এটা তীব্ৰ জোকাৰণি অনুভৱ কৰিছো ৷ আৰে, লাহে লাহে জোকাৰণিটোচোন বাঢ়ি যাবলৈ ধৰিছে ৷ মই ভয় খাই গ’লো ৷ হঠাৎ মই আৱিষ্কাৰ কৰিলোঁ, মোৰ সন্মুখতচোন মোৰ দেৱীগৰাকী! টেবুল লেম্পৰ পোহৰত দেৱীৰ ৰণচণ্ডী মুখখন প্ৰকট হৈ পৰিল ৷
“কি চিঞৰি আছিলা ? মই মানুহজনীয়ে কাইলৈ নন্দন গোটৰ ধাৰ ক’ৰপৰা যোগাৰ কৰোঁ তাৰ চিন্তাত টোপনি যাব পৰা নাই, আৰু তোমাৰ ইমানেই টোপনি যে, সপোন দেখি আছা হা ?”

********
তাৰ পাছত কি হ’ল গম নাপাওঁ ৷ সপোনটো সি বোলে প্ৰায়েই দেখে ৷ বন্ধু যোগেনে আজিহে মোক কৈছে ৷ মই বোলো কেৱল তয়ে নহয় অ’ ৷ আমিও দেখোঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *