ভাৰতবৰ্ষত গৰুৰ ৰাজনৈতিক সূৰ্যোদয় আৰু গো-মাংসকেন্দ্ৰিক অৰ্থনীতি (অলকেশ শইকীয়া)
বেদ, উপনিষদ, প্ৰাচীন কাব্য, মহাকাব্যত গোমাংসৰ জনপ্ৰিয়তাৰ কথা স্পষ্টকৈ উল্লেখ আছে । গৰু সম্পৰ্কীয় শব্দৰ উল্লেখ ঋকবেদত সাতশবাৰ পোৱা যায় ৷ ষাঁড়গৰুৰ মাংস ৰান্ধি দেৱতালৈ উচৰ্গা কৰাৰ কথা ঋকবেদত সঘনাই উল্লেখ আছে ৷ দেৱতাসকলৰ ভিতৰত অন্যতম ইন্দ্ৰই ষাঁড়ৰ মাংস খোৱাৰ কথা আৰু অগ্নিৰ আহাৰ বলধ আৰু বাজীগাই বুলি ঋকবেদতে পোৱা যায় ৷ ঋকবেদৰ যুগত নিৰৱচ্ছিন্নভাৱে পশুবধ চলিছিল ৷ অশ্বমেধ, ৰাজসূয়, বাজপেয় প্ৰভৃতি বলিপ্ৰথাৰ অনুষ্ঠান সমূহত গাইগৰু, ষাঁডগৰু আৰু বলধৰ প্ৰয়োজন হৈছিল ৷ ঋকবেদত উল্লিখিত অশ্বমেধ যজ্ঞ সম্পৰ্কে ব্ৰাহ্মণসমূহতো আলোচনা কৰা হৈছে ৷ এই যজ্ঞত একৈশজনী বাজীগাই বলি দিয়া হৈছিল ৷ পৰৱৰ্তী বৈদিক যুগৰ শাস্ত্ৰসমূহত অতিথি অভ্যৰ্থনাৰ নিয়ম সমূহ উল্লেখ আছে ৷ গো-হত্যা কৰি অতিথিক সন্মান জনোৱা নিয়ম সমাজত প্ৰচলিত আছিল ৷ ঋকবেদত উল্লিখিত ‘অতিথিনীৰ’ শব্দৰ অৰ্থ হৈছে ‘অতিথিৰ বাবে উপযুক্ত গৰু’ ৷ ৰজা বা অন্য কোনো ব্যক্তি অতিথি হিচাপে আহিলে গো-হত্যা কৰাৰ কথা ঐতৰেয় ব্ৰাহ্মণত পোৱা যায় ৷ বিবাহ, শ্ৰাদ্ধ আৰু অন্যান্য সামাজিক অনুষ্ঠানতো গো-হত্যাৰ প্ৰথা প্ৰচলিত আছিল ৷ শাস্ত্ৰীয় প্ৰসংগৰ পৰা নিঃসন্দেহে ক’ব পাৰি যে বৈদিক যুগত আৰু পৰৱৰ্তী বৈদিক যুগত পৰম তৃপ্তিৰে গোমাংস ভোজন কৰা হৈছিল ৷ যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰথম সহস্ৰাব্দলৈকে ভাৰতত গো-মাংস প্ৰচলনৰ ধাৰাবাহিকতাৰ সাক্ষ্য পুৰাতাত্ত্বিক সমলসমূহে বহন কৰে ৷ ভাৰতীয় সমাজত স্থায়ী কৃষি-ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে বৈদিক যুগত প্ৰচলিত গোমাংস ভোজনৰ স্বাভাৱিকতাত পৰিৱৰ্তন আহিল ৷ কৃষি নিৰ্ভৰতা বাঢ়িবলৈ ধৰিলে ৷ অৰ্থনৈতিক কাৰণত প্ৰযোজনীয়তা বৃদ্ধি হৈ গৰু মূল্যৱান জন্তুত পৰিণত হ’ল ৷ ‘অহিংসা’ নামৰ শাস্ত্ৰীয় ধৰ্মমত গঢ়ি উঠিল ৷ ‘জীৱৰ প্ৰতি দয়া’ক প্ৰধান নীতি হিচাপে গ্ৰহণ কৰিছিল বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই ৷ বৈদিক পশুবলি প্ৰথাকো প্ৰত্যাহ্বান জনাইছিল দুই ধৰ্মই ৷ তথাপি ভাৰতীয় খাদ্যতালিকাৰ পৰা গোমাংস আৰু অন্য পশু মাংস বাদ দিয়া হোৱা নাছিল ৷ পালি ভাষাৰ শাস্ত্ৰসমূহত মাংসৰ বাবে গো-হত্যা কৰাৰ কথা যথেষ্ট উল্লেখ আছে ৷ জৈনধৰ্মই মাংস নিষিদ্ধ কৰি নিৰামিষ আহাৰত গুৰুত্ব দিলে ৷
দশম শতিকাৰ সংস্কৃত ধৰ্ম-গ্ৰন্থত গো-হত্যাৰ উল্লেখ নাই ৷ যাষ্কই ঋকবেদৰ ব্যাখ্যা কৰি সাতটা পাপৰ ব্যাখ্যা দাঙি ধৰিছে ৷ গো-হত্যা এই তালিকাত নাই ৷ গো-হত্যা পাপ বুলি ব্ৰাহ্মণ আৰু উপনিষদসমূহতো উল্লেখ নাই ৷ মজাৰ কথাটো হ’ল সৰহভাগ বিধান শাস্ত্ৰই গোহত্যা মহাপাতক (গুৰুবিধৰ অপৰাধ) নহয়, উপপাতক (সৰুবিধৰ অপৰাধ) হিচাপে গণ্য কৰিছে ৷ গোক মালা পিন্ধাই ফোঁট দিয়া এটা তিথি আছে ৷ নাম ‘গোপাষ্টমী’ ৷ ১৯ শতিকাতহে তাৰ প্ৰচলন হৈছে ৷ কোনো ধৰ্মশাস্ত্ৰতে তেনে উৎসৱৰ উল্লেখ নাই ৷ বহু জনজাতীয় সমাজ কৃষিজীৱী হোৱাৰ পিছত বহু উৎসৱত গৰুৰ যতন সন্নিৱিষ্ট হৈছে ৷ আমাৰ ৰঙালী বিহুৰ প্ৰথম দিনটোৰ নামেই হৈছে গৰু বিহু ৷ দক্ষিণ ভাৰততো তেনে উৎসৱ আছে ৷ গো-মাংস স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় হিচাপে গঢ়ি তোলা হ’ল ব্ৰিটিছ আমোলত ।
ভাৰতবৰ্ষত গৰুৰ ৰাজনৈতিক সূৰ্যোদয়ঃ- ব্ৰিটিছৰ ‘ডিভাইদ এণ্ড ৰুল নীতি’ৰ অংগ আছিল মুছলিমবিদ্বেষ সৃষ্টি কৰা ৷ পৰৱৰ্তীকালত সাম্প্ৰদায়িক ৰাজনীতিৰ জয়যাত্ৰাৰ ঐতিহাসিক উৎসও এইবোৰতে নিহিত হৈ আছিল ৷ গো-মাংসৰ বিষয়টো যে অতি স্পৰ্শকাতৰ সেইকথা ব্ৰিটিছে উপলব্ধি কৰিছিল ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ৷ ইউৰোপৰ ক্ৰিমিয়াৰ যুদ্ধত ব্যৱহৃত এনফিল্ড ৰাইফলৰ কাৰ্টিজবোৰ এখন চৰ্বীযুক্ত কাগজৰ ঢাকনিৰে আবৃত আছিল ৷ বন্দুকত সোমোওৱাৰ আগত চিপাহীসকলে ঢাকনিৰ মূৰটো দাঁতেৰে কামূৰি এৰুৱাব লগা হৈছিল ৷ এই ঢাকনিখন গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰ কৰা হৈছিল ৷ প্ৰচাৰ চলোৱা হ’ল যে এইবিধ কাৰ্টিজেই ভাৰতীয় চিপাহীসকলে ব্যৱহাৰ কৰিছে ৷ প্ৰচাৰ হোৱাৰ লগে লগে চিপাহীসকল উত্তেজিত হ’ল হিন্দুৰ বাবে গৰু আৰু মুছলমানৰ বাবে গাহৰি অভক্ষণীয় ৷ ১৮৫৭ চনৰ ২৪ এপ্ৰিলৰ দিনা ৯০ জন দেশীয় চিপাহীৰ ভিতৰত ৮৫ জনেই কাৰ্টিজটো চুবলৈ অসন্মত হ’ল ৷ হিন্দু মুছলমান উভয় চিপাহীসকলে ঐক্যবদ্ধ হৈ মহাবিদ্ৰোহত অংশ ল’লে ৷ গো-মাংস কিমান স্পৰ্শকাতৰ ব্ৰিটিছে উপলব্ধি কৰিলে।
ভাৰতবৰ্ষত গৰুৰ ৰাজনৈতিক সূৰ্যোদয় ঘটিছিল ১৮৭০ চনৰ সমসাময়িকভাৱে পঞ্জাৱৰ এটা সম্প্ৰদায়ে সংগঠিত হৈ গোৰক্ষাৰ আন্দোলন আৰম্ভ কৰাৰ পিছত ৷ দয়ানন্দ সৰস্বতীয়ে ১৮৮২ চনত প্ৰতিষ্ঠা কৰিলে গোৰক্ষিণী সভা ৷ এই সভাৰ সদস্যসকলে গো-হত্যাৰ বিৰুদ্ধে আৰু গোৰক্ষাৰ সপক্ষে প্ৰচাৰ চলায় ৷ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত গো-হত্যাৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যে সভা-সমিতি অনুষ্ঠিত কৰা হৈছিল ৷ প্ৰচাৰ পত্ৰিকা আদি বিতৰণ কৰা হৈছিল ৷ বংগৰ ৰাজশাহীৰ তাহিৰপুৰৰ জমিদাৰ শশিশেখৰ ৰায়ে গো-হত্যা নিবাৰণ সম্পৰ্কত প্ৰস্তাৱ উত্থাপন কৰিছিল ১৮৮৭ চনৰ জাতীয় কংগ্ৰেছৰ মাদ্ৰাজ অধিৱেশনত ৷ মুছলমানসকলৰ প্ৰিয়খাদ্য হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰস্তাৱটো বাতিল হ’ল ৷ ১৮৮৮ চনত উত্তৰ পশ্চিম প্ৰদেশৰ ন্যায়লয়ে গৰুৰ পৱিত্ৰতাক নস্যাৎ কৰাত গোৰক্ষকসকল ক্ষুণ্ণ হৈছিল ৷ গোৰক্ষাৰ আন্দোলন তীব্ৰতৰ হ’ল ৷ ১৮৯৩ চনত গোৰক্ষাৰ নামত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত শতাধিক লোকৰ মৃত্যু হৈছিল ৷ ১৯১২-১৩ চনত গোৰক্ষাৰ নামত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল চাহাবাদত ৷ ১৯২৬ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠাৰ পিছত উত্তৰ ভাৰতত গো-হত্যাৰ নামত অপপ্ৰচাৰ কৰি ঘনাই সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব পৰা হ’ল ৷ সম্প্ৰতি ‘গৰু’ নামৰ জন্তুবিধ ভাৰতৰ ৰাজনীতিক আচ্ছন্ন কৰি ৰাখিব পৰাকৈ স্পৰ্শকাতৰ বিষয় ৷ ২০১৪ চনত ‘হিন্দু হৃদয় সম্ৰাট’জন হোৱাৰ পিছত হিন্দুত্ববাদী শক্তিবোৰৰ উপদ্ৰৱ বৃদ্ধি পালে ৷ গোৰক্ষকৰ উপদ্ৰৱেও লক্ষ্মণৰেখা কেতিয়াবাই পাৰ কৰিলে ৷
গৰুৰ বিশ্বজনীন অৰ্থনৈতিক লীলা
ইউৰোপ, আমেৰিকা, অষ্ট্ৰেলিয়া আদি দেশত গোপালকসকল যথেষ্ট চহকী আৰু অৱস্থাসম্পন্ন মানুহ ৷ গৰুৰ উন্নত চিকিৎসা, প্ৰজনন, দুগ্ধ শীতলীকৰণ, মূল্যসংযোগী উদ্যোগ স্থাপন, উৎপাদিত সামগ্ৰীৰ ৰপ্তানি আদি সকলো দিশতে ৰাষ্ট্ৰই পৃষ্ঠপোষকতা আগবঢ়ায় ৷ মাংসৰ বাবেও পৃথিৱীৰ বহুদেশত গৰুপোহা হয় ৷ গ্ৰেট ব্ৰিটেইনৰ আটাইকেইখন প্ৰদেশৰ লগতে স্পেইন, পৰ্তুগাল, ৰাছিয়াৰ কেইবাখনো প্ৰদেশত গোমাংস উৎপাদনৰ বৃহৎ উদ্যোগ আছে ৷ দুগ্ধ উৎপাদনকাৰী দেশবোৰত প্ৰজননৰ কাৰণে কেইটামান মতা পোৱালি বিশেষ যত্ন সহকাৰে পালন কৰে ৷ বাকীখিনি মতা পোৱালি বাঁজীগাই আৰু গাখীৰ দিয়া বন্ধ হোৱা গাইবোৰ কচাইখনালৈ মাংসৰ বাবে প্ৰেৰণ কৰা হয় ৷ দুগ্ধজাত সামগ্ৰী, মাংসৰ ওপৰিও পৃথিৱীৰ বহুদেশত চামৰাৰ উদ্যোগ গঢ়ি উঠিছে ৷ এইবোৰ উদ্যোগক কেন্দ্ৰ কৰিয়েই কেইবাখনো দেশৰ অৰ্থনীতি টনকিয়াল হৈছে ।
বিশ বছৰমান আগতে Mad Cow Syndrome নামৰ এবিধ অচিন ৰোগে ইংলিচ চেনেলৰ দুইপাৰৰ গোপালকসকলৰ হৃদকম্প ঘটাইছিল ৷ বাৰ্ড ফ্লুৰ ভয়ত আমাৰ ইয়াত হাঁহ কুকুৰা হত্যা কৰাৰ দৰে সেই দেশবোৰত লাখে লাখে ধুনীয়া গৰু হত্যা কৰা হৈছিল ৷ পুতি পেলোৱা হৈছিল ৷ বহুলোকে সেইসময়তে খাদ্যতালিকাৰ পৰা গো-মাংস বাদ দিলে ৷ পিছত জনা গ’ল মাংসৰ বাবে পোহা গৰুৰ চৰ্বী কমাই প্ৰ’টিনৰ পৰিমাণ বঢ়াবলৈ সিহঁতৰ খাদ্যত জৈৱ প্ৰ’টিনৰ পৰিমাণ বঢ়োৱা আৰু কিছুমান হ’ৰমন ব্যৱহাৰ কৰাৰ ফলত তেনে ৰোগৰ লক্ষণবোৰে দেখা দিছিল ৷ আনহাতে স্বাস্থ্য সজাগতা বৃদ্ধিৰ ফলত মানুহে ‘ৰেডমিট’ খাবলৈ এৰিছে ৷ নিৰামিষহাৰীৰ সংখ্যা বাঢ়িছে ৷ বিশ্বৰ বজাৰত ভাৰতৰ পৰা ৰপ্তানি হোৱা গো-মাংসৰ চাহিদা বাঢ়িছে ৷ তাৰ প্ৰধান কাৰণ হ’ল ভাৰতত গৰু ম’হৰ ওজন বৃদ্ধিৰ বাবে হ’ৰমন ব্যৱহাৰ কৰা নহয় ৷ এতিয়ালৈকে কৰা পৰীক্ষা সমূহত মাংসত হ’ৰমন ব্যৱহাৰৰ চিন পোৱা নাই ৷ ভাৰতীয় গৰু ম’হৰ খাদ্য এতিয়াও প্ৰাকৃতিকভাৱে উপলব্ধ ঘাঁহ আৰু উদ্ভিদজাত সামগ্ৰী ।
আৰৱ ৰাষ্ট্ৰবোৰত গৰু দেখা পোৱা নাযায় ৷ তাৰ জলবায়ু গো-পালনৰ বাবে উপযুক্ত নহয় ৷ তেওঁলোকৰ খাদ্য তালিকাত ফলমূল বেছি ৷ মাংসৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ছাগলী আৰু আন ক্ষুদ্ৰ জন্তুৰ মাংস ৷ চহকীৰ প্ৰিয় উট পোৱালিৰ মাংস ৷ খাৰুৱা তেলত চহকী ৰাষ্ট্ৰকেইখনত ভাৰতী উপ-মহাদেশৰ প্ৰায় ৬০ লাখ শ্ৰমিক-কৰ্মচাৰী বাস কৰে ৷ তাৰ প্ৰায় আধাখিনিয়েই অ-মুছলমান ৷ গৰু-ম’হৰ মাংস যোগান ধৰে আঠটা বৃহৎ কোম্পানীয়ে ৷ বছৰি ত্ৰিশ হাজাৰ কোটিতকৈ অধিক মাংস ৰপ্তানি কৰা হয় ৷ আঠটা কোম্পানীৰ ছটাৰে মালিক মুছলমান নহয়।
ভাৰতৰ ভিতৰৰ মাংসৰ বজাৰখনো যথেষ্ট বহল ৷ এই ব্যৱসায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে একলাখ কোটি টকাৰ অধিক উপাৰ্জন কৰা চামৰা আৰু চামৰা সামগ্ৰী উৎপাদনকাৰী উদ্যোগসমূহ ৷ তাৰ লগতো সম্পৰ্কিত হৈ আছে কমেও পাঁচলাখ শ্ৰমিক-কৰ্মচাৰীৰ নিযুক্তি ৷ সেই শ্ৰমিক-কৰ্মচাৰী-উদ্যোগপতিৰ সৰহসংখ্যকেই হিন্দু ৷ ২০১৯ চনত ৬৫০ কোটি টকাৰ গোমাংসৰ ব্যৱসায় কৰা সতীশ ছাৱেৰৱাল হিন্দু ৷ উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰ জিলাৰ শ্বেৰ গাঁৱত আছে অল-নুৰ এক্সপৰ্ট প্ৰাইভেট লিমিটেড’ ৷ মালিক সুনীল ছুড ৷ পৃথিৱীৰ ৩৫ টা কোম্পানীলৈ তাৰ পৰা গো-মাংস ৰপ্তানি কৰা হয় ৷ ‘এ ও বি এক্সপৰ্ট প্ৰাইভেট লিমিটেড’ নামৰ উত্তৰ প্ৰদেশস্থিত কোম্পানীৰ মালিক ও পি অৰােৰা ৷ ‘ষ্টেণ্ডাৰ্ড ফ্ৰজেন ফুডছ এক্সপৰ্ট প্ৰাইভেট লিমিটেড’ নামৰ কোম্পানীটো উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ চান্দপুৰত আছে ৷ মালিক কমল বাৰ্মা।
ভাৰতত এতিয়া গোমূত্ৰৰ ঔষধি গুণাগুণৰ গৱেষণাগাৰ বহিছে ৷ চৰকাৰৰ উৎসাহ আৰু অনুপ্ৰেৰণাত ৷ এইবোৰ সম্পূৰ্ণ ৰাজনৈতিক কথা ৷ পিছে তথ্য-পাতিয়ে কয় গোমাতাক ৰাজনীততকৈ অৰ্থনীতিৰ কামত বেছিকৈ লগালেহে লাভ হ’ব ৷
Informative