ভাৰত ৰাষ্ট্ৰৰ গাঁথনি, উত্তৰ-পূবৰ প্ৰান্তীয় জাতিসমূহৰ সংযোগকৰণ আৰু জাতিসংঘাতৰ সমাধান – (ৰক্তিম শৰ্মা)
ভাৰতৰ ৰাষ্ট্ৰব্যৱস্থাৰ গাঠনিৰ ওপৰত আলোচনা কৰিব লোৱাৰ উদ্দেশ্য এয়াই যে এই ৰাষ্ট্ৰগাঠনিৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰত নামৰ ৰাজনৈতিক ভূখণ্ডৰ ভিতৰত থকা প্ৰান্তীয় জাতিবোৰৰৰ অধিকাৰ আৰু আকাংক্ষা । এই প্ৰান্তীয় জাতিবোৰে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰাই নিজৰ অধিকাৰ বিচাৰি গণতান্ত্ৰিকভাবে অহিংস সংগ্ৰামৰ উপৰিও সশস্ত্ৰ সহিংস প্ৰতিবাদ অব্যাহত ৰাখিছে । জাতিসমূহৰ এই দীৰ্ঘদিনীয়া ক্ষোভে কেতিয়াবা সন্মিলীত ৰূপলৈ ৰাষ্ট্ৰৰ পৰা বিচ্ছিন্নতাৰ দাবীৰে ঐতিহাসিক গৃহভূমিৰ দাবী কৰিছে আৰু কেতিয়াবা সংকীৰ্ণ গোষ্ঠীজ উত্থানৰ মাজেৰে নিজৰ জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ বাবে সংগ্ৰাম কৰিছে । ৰাষ্ট্ৰৰ ৰাজনৈতিক ছল-চাতুৰি, কৌশলগত অৱদমন আৰু অসম বিকাশে সংকীৰ্ণ স্তৰত গোষ্ঠীসংঘাতৰো জন্ম দিছে । এইদৰে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰাই এক ৰক্তাক্ত সময়ৰ মাজেৰে অতিবাহিত হৈছে স্বাধীনোত্তৰ ভাৰতৰ অন্তৰ্গত কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে প্ৰান্তীয় জাতিবোৰৰ ইতিহাস ।
বিগত দিনত ভাৰতৰ বৌদ্ধিক মহলত এই ৰাষ্ট্ৰ আৰু নিৰ্যাতিত জাতিৰ মাজৰ সংঘাতৰ মূল কাৰণবোৰৰ পৰ্যালোচনা খুব কমেই হোৱা দেখা যায় । আভ্যন্তৰীন সামৰিক সংঘাত (Internal arm conflict) সম্পৰ্কতো নব্বৈৰ দশকত সীমিত পৰিসৰৰ ভিতৰত মাথো পাঞ্জাৱৰ খালিস্থানী উগ্ৰবাদ আৰু কাশ্মীৰৰ প্ৰসংগতেই বৌদ্ধিক-প্ৰগতিশীল চিন্তা চৰ্চা সীমাবদ্ধ থকা দেখা গৈছিল । বেছিভাগেই আলোচনাই আছিল ৰাষ্ট্ৰই নিৰ্দেশ কৰি দিয়া গণ্ডীৰ ভিতৰত আবদ্ধ । যি দুই এক মুক্ত আলোচনা হৈছিল সেইসকলৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল । অসমত পৰাগ কুমাৰ দাসৰ দৰে প্ৰতিভাধৰ লেখক-সাংবাদিকৰ হত্যা হৈছিল । ৰাষ্ট্ৰৰ পুলিচী শাসনৰ দ্বাৰা বহুজনক নিৰ্যাতন কৰা হৈছিল । অকল ৰাষ্ট্ৰৰ দ্বাৰাই নহয়, বিদ্ৰোহীৰ হঠকাৰী সিদ্ধান্তৰ ফলতো মৃত্যু হৈছিল বহু মুক্তচিন্তকৰ ।
বৃটিছে ভাৰত উপনিবেশ ত্যাগ কৰাৰ সত্তৰ বছৰ পিছতো কিন্তু ভাৰতৰ ৰাষ্ট্ৰ গাঠনি আৰু ৰাষ্ট্ৰৰ চৰিত্ৰ সম্পৰ্কত আলোচনা যেন এক অস্পৃশ্য বিষয় । যেন ৰাষ্ট্ৰব্যৱস্থাৰ গাঠনিগত দিশত প্ৰশ্ন তুলিলেই তাচপাতৰ দৰে হুৰহুৰাই খহি পৰিব ভাৰত সংবিধান প্ৰদত্ত অখণ্ড সত্ত্বা । ভাৰতীয় সোপন্থী দলবোৰে যেনেকৈ কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থাৰ গাঠনিগত পৰিৱৰ্তনৰ কথা কোৱাৰ সলনি কেন্দ্ৰীভূত ব্যৱস্থাকহে পৰোক্ষ বা প্ৰত্যক্ষভাবে সমৰ্থন কৰা দেখা যায় , ঠিক তেনেকৈ ভাৰতীয় বাওঁপন্থী দলবোৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা ক’লেও ৰাষ্ট্ৰৰ অন্যায় আগ্ৰাসন বিৰূদ্ধে সংগ্ৰামৰত নিৰ্যাতিত জাতিবোৰৰ সংগ্ৰামৰ ক্ষেত্ৰত কৌশলগত অৱস্থান লোৱা দেখা যায় । তেওঁলোকৰ মতে সমাজতন্ত্ৰতহে জাতি সমস্যা সমাধান সম্ভৱ । গতিকে সমাজতান্ত্ৰিক সমাজ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰা ।
জাতিসমস্যালৈ বিশ্বজুৰি চিন্তা চৰ্চাৰ প্ৰসাৰ হৈছিল ২য় বিশ্বযুদ্ধৰ পিছৰ সময়তেই । ৰাচিয়াৰ কমিউনিষ্ট নেতা ভি আই লেনিনে বিশ্বৰ ক্ষূদ্ৰ জাতিবোৰৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ বাবে কমিউনিষ্ট আন্তৰ্জাতিকত সিদ্ধান্ত লৈছিল । পিছত স্তেলিনে এই জাতিৰ স্বনিৰ্ধাৰণৰ অধিকাৰক এক বিশেষ মাত্ৰা দি প্ৰতিটো নিৰ্যাতিত জাতিৰ নিজস্ব ৰাষ্ট্ৰ গঠন কৰাৰ অধিকাৰ আছে বুলি কমিউনিষ্ট পাৰ্টিৰ ৩য় আন্তৰ্জাতিকত ঘোষণা কৰে । স্তালিনে ফিউণ্ডেছন অৱ লেনিনিজম গ্ৰন্থত উল্লেখ কৰি গৈছে যে, অৰ্দ্ধ সামন্তবাদী-অৰ্দ্ধ পুঁজিবাদী ৰাষ্ট্ৰত নিৰ্যাতিত জাতিৰ জাতীয় মুক্তি সংগ্ৰামেই হ’ল শ্ৰেণী সংগ্ৰামৰ অন্যতম স্তৰ । জাতীয় স্বনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰা মানেই প্ৰলেটাৰিয়েটৰ মাজত ভাঙোন সৃষ্টি কৰা আৰু এখন ৰাষ্ট্ৰৰ ভিৰতৰত থকা নিৰ্যাতিত জাতিবোৰৰ সংযোগকৰণ অৰ্থনৈতিক ভাবে প্ৰগতিশীল আৰু মিলিটেৰী নিৰাপত্তাৰ কাৰণেও সঠিক বুলি যি ধাৰণা চলি আহিছিল তাক লেনিনে অস্বীকাৰ কৰি কৈছিল যে, “ কমিউনিষ্ট পাৰ্টি সকলো ধৰণৰ সংযোগকৰণৰ বিৰোধী । সমাজতান্ত্ৰিক সংগ্ৰামত বুৰ্জোৱাসকলক উচ্ছেদ কৰিবলৈ হ’লে নিৰ্যাতিত জতিৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামৰ মাজেৰেহে শ্ৰমিক শ্ৰেণীৰ নিকট ঐক্য সম্ভৱ । সংযোগকৰণে যেতিয়া নিৰ্যাতিত জাতিৰ প্ৰলেটৈৰিয়েটৰ সৈতে শাসক জাতিৰ প্ৰলেটাৰীয়েটৰ মাজত ফাক সৃষ্টি কৰে তেতিয়া সংযোগকৰণৰ প্ৰতিবাদ আৰু জাতীয় মুক্তি সংগ্ৰাম ভিন্ন জাতিৰ প্ৰলেটাৰীয়েটক ঐক্যবদ্ধ কৰাৰ প্ৰাথমিক চৰ্ত হব পাৰে । আমাৰ দৃষ্টিভংগী অনুসৰি সংযোগকৰণে জাতীয় অধিকাৰ খৰ্ব কৰে আৰু এককথাত ই জাতীয় অৱদমন ।“
ইয়াৰ পিছতো জাতিসমস্যাৰ সম্পৰ্কত ভাৰতীয় বাওঁপন্থীৰ ভূমিকা মাথো Rhetorical । সংযোগকৰণৰ সম্পৰ্কত তেওঁলোকে তেতিয়াও প্ৰশ্ন তোলা নাছিল এতিয়াও সেই প্ৰসংগ অস্পৃশ্য । বাস্তৱিকতে নিৰ্যাতিত জাতিৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নক বিচ্ছিন্নতাবাদ বুলি বিৰোধীতা কৰাৰ বাহিৰে জাতিসমস্যা সম্পৰ্কে চকুত পৰাকৈ কোনো পদক্ষেপ দেখা নাযায় । অৰ্থাত সংযোগকাৰী ৰাষ্ট্ৰৰ কমিউনিষ্ট পাৰ্টিয়ে অবৈধভাবে গঠিত ৰাষ্ট্ৰগাঠনিৰ মাজেৰেই পৰিৱৰ্তনৰ সপোন দেখিবলৈ লয় আৰু কব নোৱাৰাকৈয়ে ৰাষ্ট্ৰ ব্যৱস্থাৰ পক্ষ লৈ পৰে । কেটেলনীয়া সম্পৰ্কত সংযোগকাৰী ৰাষ্ট্ৰ স্পেইনৰ বাওঁশিবিৰৰ উদাহৰণো এইক্ষেত্ৰত প্ৰাসংগিক ।
জাতিসংঘাত আৰি জাতিসমস্যা সম্পৰ্কত অন্য ৰাষ্ট্ৰবাদী সোপন্থী দলবোৰৰ কথা উল্লেখ কৰিলে বাহুল্য কৰা হব । বিজেপি, সংঘ পৰিয়ালে আনকি কেন্দ্ৰক অধিক শক্তিশালী কৰি সংবিধানৰপ্ৰদত্ত যি সমান্য ফেডাৰেল চৰিত্ৰ আছে তাকেই সলাই পেলাবলৈ প্ৰত্যক্ষভাবে কুছকাৱাজ আৰম্ভ কৰিছে । ৰাষ্ট্ৰব্যৱস্থাৰ গাঠনিগত দিশটোলৈ প্ৰশ্ন উত্থাপন কৰা সকলক দেশদ্ৰোহীৰ লেবেল লগাবলৈ অহৰহ ব্যস্ত সংঘ পৰিয়াল আৰু ইয়াৰ অন্যান্য সংগঠনবোৰ । ভাৰতৰ বহুত্ববাদী সমাজব্যৱস্থাক প্ৰত্যাহ্বান জনাই এক ধৰ্ম, এক জাতি, এক ভাষা, এক ৰাষ্ট্ৰৰ দৰ্শণে এতিয়া চৌদিশ ছানি ধৰিছে ।
জাতিসংঘাতৰ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ হ’লে ভাৰতীয় ইউনিয়ৰ সৈতে প্ৰান্তীয় জাতিবোৰৰ সংযোগকৰণৰ ইতিহাসক এৰাই চলিলে নহব । অথচ এই বিষয়টোকে জাতিসমস্যাৰ ওপৰত আলোচনা কৰা বহু আলোচকে এৰাই চলা দেখা যায় । সংযোগকৰণৰ ওপৰত আলোচনা কৰিবলৈ হ’লে বৃটেইনৰ সদনত গৃহীত ভাৰত স্বাধীনতা আইন, ১৯৪৭ (Indian Independence Act, 1847)ৰ জৰিয়তে বৃটিছে পূৰ্বৰ বৃটিছ শাসিত ভাৰতীয় উপনিবেশৰ পৰা নিজৰ প্ৰত্যক্ষ্য শাসন ত্যাগ কৰি এজন গভৰ্ণৰ জেনেৰেলৰ জৰিয়তে উপনিবেশ খনক দুভাগ কৰি দেশীয় শাসকসকলৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাৰ সময়লৈ উভটি যাব লাগিব । বৃটেইনৰ সদনত গৃহীত ভাৰত স্বাধীনতা আইন, ১৯৪৭ (Indian Independence Act, 1847)ৰ জৰিয়তে ভাৰতক এখন ডমিনিয়ন (Dominion) মৰ্যাদা দি ভাৰতীয় শাসকৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হয় । উল্লেখযোগ্য যে ডমিনিয়ন (Dominion)ৰ মৰ্যাদা (Status) সম্পৰ্কে নীতিগতভাবে বাখ্যা কৰা হৈছে Balfour Declaration, 1926 ত যাৰ অৰ্থ হ’ল-বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্গত স্বায়ত্বশাসিত সম্প্ৰদায় (Autonomous Community within the British Empire) ।
ৱিকিপেডিয়াত ডমিনিয়ন সম্পৰ্কে পোনতেই বাখ্যা কৰা হৈছে যে, ডমিনিয়ন হ’ল বৃটিছ ৰাজৰ অৰ্ধ-স্বাধীনতা প্ৰদান নীতি । ভাৰত স্বাধীনতা আইন, ১৯৪৭ (Indian Independence Act, 1847)ত ইতিমধ্যে বৃটিছ ৰাজে ভাৰতত বিনিয়োগ কৰা পুঁজি সম্পৰ্কত কোনো ধৰণৰ উল্লেখ নাই । উল্লেখ্য যে সেই সময়ত মাত্ৰ অসমৰ ডিগবৈ তেলশোধনাগাৰ আৰু চাহবাগানবোৰতহে বৃটিছৰ সৰ্বোচ্চ বিনিয়োগ আছিল । প্ৰয়াত পৰাগ কুমাৰ দাসে তেখেতৰ গ্ৰন্থ স্বাধীনতাৰ প্ৰস্তাৱত যাক ষ্ট্ৰালিং কেপিটা বুলি বাখ্যাকৰি কৈছে যে এক গোপন বুজাবুজিৰ মাজেৰে এই বৃটিছ পুঁজিক ৰক্ষণাবেক্ষণ দিবলৈ স্বাধীন ভাৰত চৰকাৰক বাধ্য কৰোৱা হৈছিল ।
সেয়া যিয়েই নহওক ভাৰত স্বাধীনতা আইন, ১৯৪৭ (Indian Independence Act, 1847)ৰ জৰিয়তে ভাৰতত বৃটিছৰ এক অৰ্ধ-উপনিবেশ গঠন কৰা হৈছিল যিটো পিছলৈ বহুজাতিক সংগঠনবোৰৰ নব্য-উপনিবেশ ব্যৱস্থালৈ পৰিণত হোৱা বুলি বহু প্ৰগতিশীল সমাজবিজ্ঞানীয়ে বাখ্যা কৰে । তাৰ লগে লগে ভাৰতৰাষ্ট্ৰ নিজস্ব সংবিধান আৰু বৈদেশিক নীতিৰ মাজেৰে এখন সাৰ্বভৌম ৰাষ্ট্ৰ । যুদ্ধোত্তৰ কালত বিশ্ব ৰাজনীতিৰ আমোল পৰিৱৰ্তনৰ ফলশ্ৰুতিত সাম্ৰাজ্যবাদী শক্তিসমূহে প্ৰত্যক্ষ উপনিবেশবোৰত নিজৰ দখলদাৰিত্ব বজাই ৰখাতো অসম্ভৱ হৈ পৰিছিল । আৰম্ভ হৈছিল আঁতৰৰ পৰা শোষণ কৰাৰ নীতি । ২য় বিশ্বযুদ্ধৰ পিছৰ পৰাই বিশ্বত প্ৰত্যক্ষ উপনিবেশৰ ঠাইত সৃষ্টি হোৱা অৰ্ধ উপনিবেশবোৰত সাম্ৰাজ্যবাদৰ পৰোক্ষ দখলদাৰিত্ব আৰম্ভ হৈছিল । হয়তো একো একোখন দেশত সাম্ৰাজ্যবাদী শক্তিৰ পুতলা চৰকাৰ গঠন হৈছিল নতুবা পূৰ্বৰ উপনিবেশিক পুঁজিৰ লালন কৰিব পৰাকৈ কৌশলেৰে ক্ষমতা হস্তান্তৰ কৰা হৈছিল এচাম স্বাৰ্থান্বেষী শক্তিৰ হাতত । তথাকথিত গণতান্ত্ৰিক উপৰিসৌধ এটাৰ আবেষ্টনীত জনতাৰ সংগ্ৰাম আৰু সমাজ বিৱৰ্তনৰ স্তৰবোৰত মৰি মৰি জীয়াই থকা সামন্তবাদ আৰু নতুনকৈ গঢ়ি উঠা সাম্ৰাজ্যবাদৰ দালালি পুঁজি ভোগ কৰা অকালপক্ক দেশীয় পুঁজিবাদৰ হাতত এই অৰ্দ্ধ উপনিবেশ (Semi-Colony) বোৰ লালিত হবলৈ ধৰিছিল । কালক্ৰমত সেই অৰ্ধ উপনিবেশবোৰেই একাধিক সাম্ৰাজ্যবাদী বহুজাতিক শক্তিৰ নব্য উপনিবেশ (Neo-Colony) লৈ ৰূপান্তৰ হ’ল ।
ভাৰত স্বাধীনতা আইন, ১৯৪৭ (Indian Independence Act, 1847)ৰ জৰিয়তে স্বাধীনতা লাভ কৰা প্ৰান্তীয় জাতি আৰু ৰাজোচিত (Princely) প্ৰদেশবোৰে কোনো এখন ডমিনিয়নৰ অন্তৰ্ভূক্ত হব নে স্বাধীনভাবে থাকিব তাৰ অধিকাৰ পাইছিল । তথাপিও বৃটিছ সদনত ভাৰতৰ স্বাধীনতা বিলৰ ওপৰত আলোচনাত এই বিষয়টোৱে প্ৰাধান্য পাইছিল যে, বৃটিছ ভাৰতৰ অধীন প্ৰদেশবোৰৰ কোনো কোনোৱে ডমিনিয়নৰ অন্তৰ্ভুক্ত নহৈ স্বাধীন হৈ থাকিব বিচাৰিব যদিও ভাৰত বা পাকিস্থান এই দুই ডমিনিয়নৰ যিকোনো এখনত অন্তৰ্ভুক্ত হোৱা উচিত । অৰ্থাত্ সাম্ৰাজ্যবাদী স্বাৰ্থতেই আওপকীয়াকৈ বৃটিছেও প্ৰান্তীয় জাতি আৰু ৰাজোচিত (Princely) প্ৰদেশবোৰে স্বাধীন ভাবে থকাৰ সলনি বৃটেইন চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ডমিনিয়নৰ যিকোনো এটা ইউনিয়নৰ মাজত থকাটোকে বিচাৰিছিল ।
…it is right for many states to take decision to join one or other Dominion. But we cannot, on the information in our possession, exclude the probability that some States will desire their independence. Some States , we are sure, will want to remain independent and to have relations with us . (Saffron Walden, Hansard 1803-2005 constituency (s))
তদনিন্তন বৃটিছ প্ৰধানমন্ত্ৰী এটলী (Mr. Attlee)ও ভাৰতৰ একক ৰাষ্ট্ৰ গঠন সম্পৰ্কে সন্দিহান আছিল । তেওঁ বিচাৰিছিল যে ভিন্ন প্ৰদেশবোৰৰ সহযোগীতা (Collaboration )ৰ দ্বাৰা ভাৰত এখন ফেডাৰেল ৰাষ্ট্ৰ হওক ।
(..I think everyone of us realize that a complete unitary system of Government in India was impossible. We hope that these differences might have found their full, legitimate scope in federation. The applying of federation is very difficult. It has come about by the Union of separate partners who, having once felt their own independence, have then felt the need of Collaboration. Therefore , I am not unhopeful that, in course of time, this separation may come into large unity . – Mr. Attlee )
সংবিধান প্ৰণেতা বি আৰ অম্বেদকাৰে কেন্দ্ৰীভূত শক্তিশালী ৰাষ্ট্ৰৰ সমৰ্থক আছিল যদিও তেনে এক ব্যৱস্থাত প্ৰান্তীয় জাতিবোৰৰ ভৱিষ্যতৰ প্ৰতিও সন্দিহান আছিল । সেয়ে তেও প্ৰদেশবোৰৰ হাতলৈ অধিক ক্ষমতা দিয়াৰ পক্ষপাতি আছিল । বি আৰ অম্বেদকাৰৰ মতে , the term ‘Indian Union’ means that the Indian federation is not the result of an agreement by the units, and the component units have no freedom to secede from it and the union should be strong, stable, capable, of holding together irrespective of state loyalties and thereby such a union of states lead to national unity and integrity.
সংবিধান সভাত আনকি অভিযোগ কৰা হৈছিল যে, সংবিধানৰ এককেন্দ্ৰিক ব্যৱস্থাত প্ৰদেশবোৰক পৌৰসভালৈ পৰ্যবশিত কৰা হৈছে । কিন্তু আম্বেদকাৰে এই অভিযোগ ভুলবুজাবুজিৰ বাবে হোৱা বুলি কৈ ব্যক্তি কৰিছিল যে, কেন্দ্ৰ ৰাজ্য সম্পৰ্কত যি মৌলিক নীতিৰ ওপৰত ই ভিত্তি কৰিছে সেয়া হ’ল- বিধানপৰিষদ আৰু কাৰ্যপালিকাক সাংবিধানিকভাবে কেন্দ্ৰ আৰু ৰাজ্যত সমভাগে বিভক্ত কৰা । এয়াই ফেডাৰেলিজমৰ মৌলিক নীতি । ভাৰতৰ সংবিধানতো ইয়াৰ সমবিভক্ত কৰা হৈছে । স্বাধীন ন্যায়পালিকা আছে । সংবিধানৰ ওপৰত সৰ্বোচ্চ ক্ষমতা ন্যস্ত কৰা আছে । জীয়াই থকাৰ আধিকাৰ আৰু সমতাৰ অধিকাৰ মাজেৰে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰা হৈছে যাক বিধানপৰিষদে আইন প্ৰণয়নৰ দ্বাৰা সলনি কৰিব নোৱাৰে । সংবিধানত কেন্দ্ৰই ৰাজ্যক পদদলিত কৰিব পৰাৰ অধিকাৰ ন্যস্ত কৰাৰ ওপৰতো ব্যক্তি কৰি কৈছিল যে, এয়া কেৱল জৰুৰিকালীন অৱস্থাতহে সম্ভৱ । ৰাষ্ট্ৰৰ অখণ্ডতা ৰক্ষাৰ বাবে এই অনুচ্ছেদৰ প্ৰয়োজন আছে বুলি আম্বেদকাৰে ব্যক্ত কৰিছিল । ভাৰত ইউনিয়নৰ অন্তৰ্ভুক্ত প্ৰদেশ সমূহৰ বিচ্ছিন্নতাৰ কোনো অধিকাৰ সংবিধানে দিয়া নাই ।
ভাৰতৰ সংবিধানে কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতা আৰু জৰুৰিকালীন বিষয়ত অতি ষ্পষ্টভাবে উল্লেখ কৰাৰ পাছতো ভাৰতত জাতিসংঘাত কিয় ? উত্তৰ পূৱৰ নগা-মিজো-মণিপুৰ-ত্ৰিপুৰা-অসম-মেঘালয় আনকি নব্বৈৰ দশকত হোৱা ৰক্তাক্ত খালিস্থানী বিদ্ৰোহ, আজিলৈকে কাশ্মীৰৰ স্বাধীনতাৰ দাবীৰ চলি থকা ৰক্তাক্ত বিদ্ৰোহৰ কাৰণ কি ? প্ৰান্তীয় জাতিবোৰে কিয় নিৰাপদ অনুভৱ কৰা নাই ভাৰতীয় ব্যৱস্থাত ? অন্যান্য আৰ্থ-ৰাজনৈতিক কাৰণবোৰৰ ভিতৰত জাতিসমূহৰ সম্পদৰ ওপৰত অধিকাৰ এক উল্লেখনীয় দিশ । প্ৰদেশসমূহৰ নিজৰ ভূখণ্ডত থকা প্ৰাকৃতিক সম্পদৰ ওপৰত নিজৰ কোনো নিয়ন্ত্ৰণ আৰু অধিকাৰ নাই । এইবোৰক সংবিধানে ইউনিয়ন লিষ্টৰ অন্তৰ্ভুক্ত কৰি কেন্দ্ৰৰ হাতত ক্ষমতা ন্যস্ত কৰিছে ।
ফেডাৰেল গাঠনি এটাৰ মাজত এক অতিকেন্দ্ৰিক উপনিবেশিক ৰাষ্ট্ৰ চৰিত্ৰই বিৰাজ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । দুৰ্নীতি-ভ্ৰষ্টাচাৰে গ্ৰাস কৰা সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ অন্য সাধাৰণ জনতাৰ দৰে প্ৰান্তীয় ভূমিৰ জনগণো প্ৰকৃততে প্ৰতিনিধিত্বহীন । সংসদৰ মজিয়াত হিন্দীবলয়ৰ আধিপত্যত প্ৰান্তীয় ভূমিৰ জনগণক প্ৰতিনিধিত্ব কৰা নগন্য সংখ্যক সাংসদে হিন্দীলবীৰ বিৰূদ্ধে নিৰ্যাতিত জাতিৰ স্বাৰ্থ জড়িত মৌলিক বিষয়ত কোনো বলিষ্ট ভূমিকা লব নোৱাৰে । ইয়াৰ বাহিৰেও যিসকলে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ প্ৰান্তীয় ভূমিৰ পৰা সংসদলৈ আহে তেওঁলোকে আকৌ পাৰ্টি-নীতিৰ বাহিৰত কথা কবলৈ অপাৰগ হৈ পৰে । ভাৰতীয় সংবিধান আৰু অখণ্ডতাৰ শপথ লৈ প্ৰকৃততে এওঁলোক হৈ পৰে কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ এজেন্ট । বিকাশহীন প্ৰান্তীয় প্ৰদেশবোৰ এই ব্যৱস্থাৰ আটাইতকৈ বেছি ভুক্তভোগী । এইবোৰৰ ওপৰিও ভাষিক আৰু সাংস্কৃতিক আধিপত্যবাদ অন্য এক কাৰক । হিন্দীবলয়ৰ বিভিন্ন এজেঞ্চী ,যেনে-ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দৰে অনুষ্ঠানৰ দ্বাৰা হিন্দীভাষাৰ প্ৰচাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নিচিনা একাধিক অনুষ্ঠানৰ জৰিয়তে উত্তৰভাৰতীয় সংস্কৃতি জাপি দিয়াৰ প্ৰৱণতাই প্ৰাচীন সংযোগী ভাষাবোৰ আৰু ক্ষূদ্ৰ জাতিবোৰৰ সংস্কৃতি বিজতৰীয়া কৰি পেলোৱা দেখা যায় । এই হিন্দী আধিপত্যবাদে প্ৰান্তীয় জাতিবোৰৰ ভাষা-সংস্কৃতিক আগ্ৰাসন কৰাৰ আভিযোগো দীৰ্ঘদিনীয়া । তাৰোপৰি ভাৰতীয় নাগৰিকত্বৰ নামত কৌশলগতভাবে বহিৰাগত অনুপ্ৰবেশ ঘটাই বা অনুপ্ৰবেশৰ বিৰূদ্ধে কোনো ব্যৱস্থা নলৈ খিলঞ্জীয়া জাতি-জনজাতিবোৰক ৰাজনৈতিকভাবে সংখ্যালঘূ কৰাৰ ষড়যন্ত্ৰ কৰাৰো অভিযোগ আছে । এই সমগ্ৰ কাৰণ আৰু কাৰকবোৰে প্ৰান্তীয় জাতিবোৰৰ অধিকাৰ আৰু অস্তিত্বক শংকিত কৰি তোলা দেখা যায় । এতিয়া প্ৰশ্ন হয় এনে এক সীমাবদ্ধ ফেডাৰেল ব্যৱস্থাত কিয় প্ৰন্তীয় প্ৰদেশবোৰ চামিল হ’ল ?
পূৰ্বতেই উল্লেখ কৰা হৈছে যে ভাৰত স্বাধীনতা আইন, ১৯৪৭ অনুসৰি বৃটিছে ভাৰতীয় শাসকৰ হাতত ক্ষমতা অৰ্পন কৰাৰ লগে লগে বৃটিছ ভাৰতৰ অন্তৰ্ভূক্ত প্ৰদেশ আৰু ৰাজোচিত (Princely) ভূখণ্ডবোৰ স্বাধীনহৈ পৰিছিল । তেওঁলোকৰ হাতত যিকোনো দুটা পথ খোলা আছিল-
১) ভাৰত বা পাকিস্থান এই দুই ডমিনিয়নৰ যিকোনো এখনত অন্তৰ্ভুক্ত হোৱা, নাইবা
২) স্বাধীন হৈ থকা ।
বৃটিছ ভাৰতৰ অন্তৰ্গত কেইবাখনো সৰু সৰু প্ৰদেশ আৰু সামন্তই হিন্দু-মুছলমান সম্প্ৰদায় ভিত্তিত পৃথকে পৃথকে এই দুই ডমিনিয়নৰ অন্তৰ্ভুক্ত হৈছিল । স্বাধীন ভাৰত চৰকাবে বাকী প্ৰান্তীয় প্ৰদেশবোৰ ইউনিয়নত চামিল কৰিবলৈ সৈন্য সঞ্চালন কৰিছিল । কোনো এখন ডমিনিয়নতে অন্তৰ্ভুক্ত নহৈ স্বাধীন হৈ থাকিব খোজা কাশ্মীৰৰ ৰজা হৰি সিঙক বন্দী কৰি সংযোগ-চুক্তিপত্ৰত (agreement of annexation ) স্বাক্ষৰ কৰিবলৈ বাধ্য কৰা হৈছিল । ১৯৪৮ চনৰ চেপ্তেম্বৰ মাহত সামৰিক অভিযানেৰে নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ প্ৰদেশক বলপূৰ্বক ভাৰতৰ লগত চামিল কৰা হৈছিল । বাকী সকলোতে ছল-প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা হৈছিল ভাৰতীয় ইউনিয়ন গঠনৰ নামত ।
ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা বাৰ্মাৰ পৰা অসমক মুক্ত কৰি শান্তি স্থাপনৰ অন্তত তদানিন্তন আহোম স্বৰ্গদেউৰ হাতত ক্ষমতা অৰ্পন কৰিব বুলি ভুৱা প্ৰতিশ্ৰুতিৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম দখল কৰিছিল । পূৰ্বতে স্বাধীন এই সমূহ ভূখণ্ড বৃটিছে চলে বলে কৌশলে ভাৰতীয় উপনিবেশৰ সৈতে সংযোগ কৰিছিল । ১৯৪০ চনতেই গঠন হোৱা নগা নেশ্যনেল কাউঞ্চিলৰ অধ্যক্ষ আংগামী জাপা ফিজোই বৃটিছে ভাৰত উপনিবেশ এৰিবলৈ লোৱাৰ সময়ত অসমীয়া, গাৰো, খাচী, লুচাই, মিকিৰ, আৱৰ, মিচিমি আৰু মেইটি নেতৃত্বক লগ ধৰি স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ পৰামৰ্শ দিছিল । সকলো প্ৰান্তীয় ক্ষূদ্ৰ জাতিৃজাতিসত্বাৰ ঐতিহাসিক অধিকাৰক গছকি ভাষিক-সাংস্কৃতিক-ৰাজনৈতিকভাবে এক কেন্দ্ৰীভূত ব্যৱস্থাৰ মাজলৈ আনিবলৈ বলপূৰ্বক সংযোগকৰণৰ যি বৃটিছ উপনিবেশিক কৌশল তাকেই বাহাল ৰাখিছিল স্বাধীন ভাৰত চৰকাৰেও ।
গ্ৰুপিংৰ জড়িয়তে অসমক পাকিস্থানৰ অন্তৰ্ভূক্ত কৰাক লৈ এফালে যেনেকৈ অসমৰ মধ্যশ্ৰেণীৰ কংগ্ৰেছ নেতৃত্বই ভাৰতৰ লগত থাকিমেই বুলি উঠিপৰি লাগিছিল তাৰ বিপৰীতে আন এটা অকংগ্ৰেছী ধাৰাই সমান্তৰালভাবে আগবাঢ়ি গৈছিল । সেই ধাৰাটোৱে ভাবিছিল যে ভাৰতীয় ব্যৱস্থাৰ লগত একেলগে থাকিলে অসমৰ থলুৱা লোক নিৰাপদ নহব । থলুৱা ভাষা-সংস্কৃতি-অৰ্থনীতি ভাৰতৰ সৈতে থাকিলে বিকাশ নহব, বৰং এই কেন্দ্ৰীভূত ব্যৱস্থাই থলুৱাৰ অস্তিত্বক গ্ৰাস কৰিব । পদ্মনাথ গোহাই বৰুৱাৰ উদ্যোগত আহোম সভা ১৮৯৩ চনত প্ৰতিষ্ঠা হয় । পিছলৈ কংগ্ৰেছ মতাদৰ্শী আহোম সভাৰ বহু নেতা কৰ্মীয়ে আহোম সভা ত্যাগ কৰি পদ্মেশ্বৰ গগৈৰ পৌৰাহিত্যত জাতীয়তাবাদী আহোম কনফাৰেঞ্চ গঠন কৰে । পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এই আহোম কনফাৰেঞ্চেই আছিল অসমৰ স্বাধীনতাৰ দাবী উত্থাপন কৰা অসমৰ প্ৰথম সংগঠন । ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন , খংখাই,পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Assam tribes and Races Federation গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্থাৱ লোৱা হয়–…the past history of Assam proper being never like that of the rest of India, this convention……..urge upon Govt. that Assam be separated from the rest of India, where there are number of division like Pakistan, Hindustan etc. and let Assam’s destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ বুঢ়াগোহাইয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল । আনকি সুৰেন্দ্ৰনাথ বুঢ়াগোহাইয়ে ভাৰতৰ সৈতে থকাতকৈ বিচ্ছিন্নতাৰ অধিকাৰ ভিত্তিত পাকিস্থানৰ সৈতে থকাতহে ইচ্ছুক আছিল । ভাৰতীয় আধিপত্যবাদে কেনেকৈ অসমৰ জনতাক শংকিত কৰিছিল এয়াই তাৰ প্ৰমাণ ।
জৱাহৰলাল নেহেৰুৱে কেবিনেট মিছনৰ জৰিয়তে অসমক পূৱ পাকিস্থানৰ সৈতে চামিল কৰাৰ সিদ্ধান্তক তদানিন্তন অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বদলৈয়ে প্ৰতিবাদ কৰি কৈছিল যে, অসমে নিজেই নিজৰ সিন্ধান্ত লব আৰু নিজৰ সংবিধান প্ৰস্তুত কৰিব । কিন্তু জৱাহৰলাল নেহেৰু আৰু মুছলীম লীগে এই বিষয়ত অনিহা প্ৰকাশ কৰিছিল আৰু গ্ৰুপিং কাৰ্যকৰী কৰাত গুৰুত্ব দিছিল । কেবিনেট মিছনে গ্ৰুপিং বাধ্যতামূলক বুলি কোৱাৰ পিছত অসমত গ্ৰুপিঙৰ বিৰূদ্ধে তীব্ৰ আন্দোলন আৰম্ভ হয় । কালক্ৰমত মাউন্টবেটেন নতুন ভায়চৰয় হৈ নিযুক্ত হোৱাৰ পিছত দেশ বিভাজন নিশ্চিত হোৱাত পূৰ্বৰ সকলো আশা আকাংক্ষা নিৰ্বাপিত হ’ল আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম ভাৰত ইউনিয়নৰ অন্তৰ্ভুক্ত হয় ।
নগা জাতীয় পৰিষদ নামলৈ জাপা ফিজোই ভাৰত স্বাধীন হোৱাৰ সময়তেই সংযোগকৰণৰ বিৰোধীতা কৰি জাতীয় মুক্তি সংগ্ৰামৰ পাতনি মেলিছিল । ১৯৪৭ চনৰ ১৪ আগষ্টত নগাসকলে নিজৰ স্বাধীন নগাভূমি ঘোষণা কৰে । নেহেৰুৰ শাসন কালতেই মিজোভূমিৰ স্বাধীনতাৰ দাবীত লালডেংগাৰ নেতৃত্বত মিজোৰামত মিজো জাতীয় পৰিষদ গঠন হৈছিল । মিজোসকলে স্বাধীনতা ঘোষণা কৰাৰ সময়তেই দখলদাৰী চৰিত্ৰৰে ইন্দিৰা গান্ধী চৰকাৰে সমস্ত আন্তৰ্জাতিক আইন উলংঘা কৰি সামৰিক শক্তি প্ৰয়োগ কৰি আনকি মিজো জনতাৰ ওপৰত যুজাঁৰু বিমানেৰে বোমা বৰ্ষণ কৰিবলৈও ইতস্তত: বোধ কৰা নাছিল । মিজোসকলে আলোচনাৰ মেজলৈ আহি সশস্ত্ৰ সংগ্ৰামৰ সামৰণি ঘোষণা কৰিছিল যদিও মিজো বিদ্ৰোহৰ এই ইতিহাসে আৰু ভাৰত ৰাষ্ট্ৰৰ দখলদাৰি চৰিত্ৰৰ বহি:প্ৰকাশে সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ জনতাক নিজৰ হৃত স্বাধীনতাৰ প্ৰতি সচেতন কৰি তুলিছিল । ভাৰত ৰাষ্ট্ৰই এই সংঘাতৰ শান্তিপূৰ্ণ মীমাংসাৰ পথক উপেক্ষা কৰি পুলিচী কায়দাৰে জনতাৰ আকাংক্ষাক দমন কৰিবলৈ আৰম্ভ কৰিলে । স্বাধীনতাৰ সময়ৰে পৰাই সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইনৰ দ্বাৰা সমগ্ৰ উত্তৰ পূৱ ভাৰতত সামৰিক শাসন চলাই যোৱা হ’ল । উত্তৰ পূৱৰ দৰে অনুৰূপ নীতি কাশ্মীৰতো চলাই যোৱা হ’ল । কেৱল মাত্ৰ সামৰিক সমাধানেই জাতিসংঘাত সমাধানৰ একমাত্ৰ পথ বুলি ভাৰত চৰকাৰ পতিয়ন গৈ থাকিল ।
মণিপুৰ ভাৰতৰ সৈতে চামিল হোৱাৰ অন্তৰালৰ কাহিনী এক প্ৰৱন্ধত ব্যক্ত কৰিছে “Merger of Manipur” গ্ৰন্থৰ লেখক লেঃ কৰ্ণেল ভূৱন সিঙে । এখেত প্ৰাক্তন সেনা বিষয়াৰ ওপৰিও আছিল নিপামাচা সিং মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰী । তেখেতে প্ৰৱন্ধটোত লিখিছে যে, মণিপুৰৰ জনগণৰ এক দৃঢ় ধাৰণা আছিল যে, বৃটিছে ভাৰত এৰি যোৱাৰ লগে লগেই ১৯৪৭ চনৰ ১৫ আগষ্টৰ মাজনিশা মণিপুৰ এক স্বাধীন দেশ হিচাপে পৰিগণিত হব । কিন্তু দুৰ্ভাগ্যবশতঃ এই স্বাধীনতাৰ মৰ্যাদা পুনৰ লুপ্ত হৈছিল ১৫ অক্টোবৰ, ১৯৪৯ চনৰ দুপৰীয়া । যেতিয়া মহাৰাজা বোধচন্দ্ৰ সিঙক শ্বিলঙত আবদ্ধ কৰি চামিলকৰণ চুক্তিত হস্তাক্ষৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।
…There is no denying that Maharaja Bodhchandra Singh was coerced into signing the Merger Agreement after long and tiresome parleys of four days (18-21 September 1949) at Shillong. In fact, he was virtually put under house arrest at his Redlands Palace, Shillong by a guard of Jat Regiment, on the pretext of VIP security.
ত্ৰিপুৰাৰ ক্ষেত্ৰতো সেই একোই ছল-চাতুৰিৰ অৱলম্বন কৰাৰ অভিযোগ আছে । Revolutionary People’s Front, Manipur, Tripura People’s Democratic Front আৰু United National Liberation Front, Manipur এ ১৯৯৮ চনৰ ২১ চেপ্তেম্বৰত Against Indian Annexation of Manipur and Tripura শীৰ্ষক এক যৌথ বিবৃতিত উল্লেখ কৰিছে যে, ত্ৰিপুৰাৰ মহাৰাজাৰ আকস্মিক মৃত্যুৰ পিছত তেৰ বছৰীয়া নাবালক ৰাজকুমাৰৰ হৈ মহাৰাণীৰ দ্বাৰা চামিলকৰণ চুক্তি কৰিছিল ভাৰত চৰকাৰে । সেইসময়ত পূৰ্ববংগৰ পৰা বিপুল সংখ্যক বঙালী অনুপ্ৰেবশ ঘটে আৰু এনে এটা প্ৰচাৰ চলোৱা হয় যে ত্ৰিপুৰাৰ মুছলমান নেতাসকলে ত্ৰিপুৰাক পূৰ্ববংগৰ সৈতে চামিল কৰিব । তেতিয়া মহাৰাণীয়ে ভাৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰে যদিও ভাৰত চৰকাৰে যাৰ বিনিময়ত ত্ৰিপুৰাৰ মহাৰাণীক ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত চহী কৰিবলৈ হেচা প্ৰদান কৰে । উপায়বিহীন হৈ মহাৰাণীয়ে ৯ চেপ্তেম্বৰ , ১৯৪৯ চনত ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে । মেঘালয়ৰ খাচী পাহাৰৰ ক্ষেত্ৰটো ভাৰতৰ সৈতে চামিলকৰণৰ বাবে আচৰিত কৌশল অৱলম্বন কৰা হৈছিল য’ত আনকি খাচী চিয়েম সকলৰ সৈতে কোনো চামিলকৰণ চুক্তিয়েই নাছিল ।
প্ৰকৃততে এই সমস্ত ঘটনাৰ সুত্ৰপাত যদিও আগতেই হৈছিল তথাপি ইয়াৰ প্ৰকাশ ঘটে ভাৰত স্বাধীনতা আইন, ১৯৪৭ কাৰ্যকৰীৰ পিছৰে পৰা । ভাৰত ইউনিয়ন গঠনৰ আগ্ৰাসী চৰিত্ৰই প্ৰান্তীয় জাতিবোৰক শংকিত কৰি তোলে । তাৰ পিছৰ পৰ্যায়ৰ পৰাই ধাৰাবাহিক সামৰিক অভিযান আৰু সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰৰ দ্বাৰা সন্দেহৰ ভিত্তিতেই মানুহ হত্যা কৰাৰ লাইচেঞ্চ পাই যি হাৰত প্ৰান্তীয় জাতিবোৰৰ মানৱ অধিকাৰ উলংঘন কৰিলে সেয়া এখন অতিকেন্দ্ৰিক ৰাষ্ট্ৰতহে সম্ভৱ । স্বাধীন ভাৰত চৰকাৰ প্ৰকৃততে প্ৰান্তীয় জাতিবোৰৰ সৈতে আলোচনাৰ জৰিয়তে চুক্তিমৰ্মে চামিলকৰণত আগ্ৰহী নাছিল আৰু ফেডাৰেল বা কনফেডাৰেচন ভিত্তিক ৰাষ্ট্ৰ নিৰ্মান কৰাতকৈ কেন্দ্ৰীভূত শাসন চলোৱাতহে আগ্ৰহী আছিল । এইখিনিতেই প্ৰশ্ন হয়, এই সমস্ত কুছকাৱাজ প্ৰকৃততে লৰ্ড মাউন্টবেটেনৰ পৰামৰ্শ মতেই হৈছিল নেকি ? য’ত এখন বৃহত্তম ডমিনিয়নক দূৰৈৰ পৰাই অৰ্থনৈতিকভাবে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য নিহিত হৈ আছিল ? এই প্ৰশ্নৰ উত্তৰ হয়তো কোনোকালেই নোলাব ।
এইক্ষেত্ৰত সংযোগকাৰী ৰাষ্ট্ৰ আৰু সংযোগী ভূখণ্ডৰ প্ৰসংগ উল্লেখযোগ্য । এটা ভূখণ্ডৰ সংযোগকৰণৰ অৰ্থ হ’ল যে এক ভূখণ্ড অন্য এক বৃহত্তৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক সীমাৰ সৈতে যুক্ত হৈ পৰা । এই সংযোগকৰণ সাধাৰণতে সামৰিক, কূটনৈতিক, অৰ্থনৈতিক বলপ্ৰয়োগৰ মাজেৰে কাৰ্যকৰী কৰা হয় । সংযোগকাৰী ৰাষ্ট্ৰই সংযোগী ভূখণ্ডৰ ওপৰত প্ৰত্যক্ষভাবে শাসন কৰাৰ সৰ্বোচ্চ অধিকাৰ লাভ কৰে । সংযোগী ভূখণ্ডৰ প্ৰজাই সংযোগকাৰী ৰাষ্ট্ৰৰ পৰা এক ধৰণৰ নাগৰিক অধিকাৰ লাভ কৰে । সংযোগকাৰী ৰাষ্ট্ৰই সদায় সংযোগী ভূখণ্ডৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত যুক্ত হিচাপে ঐতিহাসিক নিয়ন্ত্ৰণ আৰু একে সাংস্কৃতিক ইতিহাসৰ যুক্তি দাঙি ধৰে ।
It’s also unique in that the people living in the annexed land are often given some form of citizenship status as a member of the annexing state. Examples include Russia’s recent annexation over Crimea, the Louisiana Purchase, China’s annexation of Tibet and Germany’s annexation of Alsace Lorraine in the Franco-Prussian war. The annexing nation often claims legitimacy due to historical control over the annexed land or shared ethnic culture.
(https://www.quora.com/What-is-the-difference-between-annex-occupy-protectorate-and-mandate
)
আনহাতে দখল (occupancy ) হ’ল সামৰিক শক্তিয়ে অন্য এক ভূভাগক আক্ৰমন কৰি উক্ত ভূভাগৰ ওপৰত নিজৰ ৰাজনৈতিক ক্ষমতা সাব্যস্ত কৰা । বহু ক্ষেত্ৰত দখলদাৰী শক্তিয়ে দাবী কৰা দেখা যায় যে তেওঁলোকে উক্ত ভূখণ্ড সংযোগ কৰা নাই । প্ৰকৃততে দখলদাৰী শক্তিয়ে স্থানীয় চৰকাৰক এখন পুতলা চৰকাৰত পৰিণত কৰে । বৰ্তমান সময়ত আন্তৰ্জাতিক সন্ধি আদিৰ দ্বাৰা দখলদাৰী শক্তিয়ে নিজৰ কিছুমান ক্ষমতা ত্যাগ কৰি সামৰিক চুক্তিৰ মাজেৰে স্থানীয় চৰকাৰৰ পৰা নিজৰ সামৰিক শক্তিক ৰক্ষণাবেক্ষণ দিয়া দেখা যায় ।
জাতিসমস্যা সমাধান সম্পৰ্কত ফেডাৰেল ব্যৱস্থা আৰু বিচ্ছিন্ন হৈ যোৱাৰ অধিকাৰ এটি গুৰুত্বপূৰ্ণ আলোচ্য দিশ । ফেডাৰেল ব্যৱস্থাটোক তিনিভাগত বিভক্ত কৰিব পাৰি । ১) ইউনিয়ন ২) ফেডাৰেচন ৩) কনফেডাৰেচন
১) ইউনিয়ন ব্যৱস্থাটোক শেহতীয়া ফেডাৰেল ব্যৱস্থা বহুতে কব খোজে । ভাৰতৰ ৰাষ্ট্ৰব্যৱস্থা হৈছে খণ্ডিত ইউনিটৰ অখণ্ডিত ইউনিয়ন । অৰ্থাত্ ইউনিয়নৰ দ্বাৰা প্ৰদেশবোৰৰ অন্তৰ্গত কোনো ভূমি আন প্ৰদেশৰ সৈতে একীভূত, বিচ্ছিন্ন আৰু সীমাৰ সলনি হৈ খণ্ডিত হব পাৰে কিন্তু তেওঁলোকে সাৰ্বভৌমত্ব দাবী কৰিব নোৱাৰে বা ইউনিয়নৰ পৰা বিচ্ছিন্ন হব নোৱাৰে । এই ব্যৱস্থাত এক নিৰ্দিষ্ট সীমাবদ্ধতাৰ ভিতৰত অতি সীমিতভাবে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ দেখা যায় । জৰুৰিকালীন অৱস্থা (Emergency ) জাৰি কৰি কোনো প্ৰদেশৰ নিৰ্বাচিত চৰকাৰ ভাঙি দিয়াৰ ক্ষমতা থাকে কেন্দ্ৰৰ ।
২) ফেডাৰেচনৰ বিশেষত্ব হ’ল, ইয়াক ইউনিয়ন বুলিয়েই কওঁক বা ফেডাৰেচন বুলিয়েই কওঁক, ইয়াৰ ইউনিটবোৰ অখণ্ডিত । U.S.A ত প্ৰদেশবোৰক খণ্ডিত কৰিব নোৱাৰি যদিও তেওঁলোকে ফেডাৰেচনৰ পৰা ওলাব নোৱাৰে (cannot leave) । ফেডাৰেল ব্যৱস্থাত প্ৰদেশ বা ইউনিটবোৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰাৰ বিপৰীতে ফেডাৰেল চৰকাৰৰ হাতত বিশেষকৈ সীমিত ক্ষমতা ন্যস্ত থাকে । দ্বিনাগৰিকত্ব ফেডাৰেল গাঠনিৰ অন্যতম চৰিত্ৰ ।
৩) কনফেডাৰেচন হ’ল ইয়াৰ ইউনিটবোৰ অখণ্ডিত (indestructible) কিন্তু ইউনিয়ন খণ্ডিত (destructible) হব পাৰে । অৰ্থাত্ ইউনিটবোৰে ইউনিয়নৰ পৰা বিচ্ছিন্ন হব পাৰে । ছোভিয়েট ইউনিয়নে এই ব্যৱস্থাটোক বুজাবলৈ কনফেডাৰেচন (confederation) শব্দটো ব্যৱহাৰ কৰিছিল ।
ইউনিয়নেই হওঁক বা ফেডাৰেচনেই হওঁক কোনো এক সংঘত এবাৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত ইয়াৰ পৰা সহজে বিচ্ছিন্ন হব নোৱাৰে ইউনিটবোৰে । টেক্সাছে আমেৰিকান ইউনিয়নৰ পৰা বিচ্ছিন্নতা বিচাৰি নিজ সদনত প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতো আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ইয়াক বেআইনী বুলি ঘোষণা কৰিছে । টেক্সাছৰ বিচ্ছিন্নতাৰ সম্পৰ্কত ৱাছিংটন পোষ্টত ফিলিপ বাম্প (Philip Bump) এ ২৭ জুন, ২০১৬ ইংত এক প্ৰৱন্ধত কোনো প্ৰদেশে আমেৰিকাৰ পৰা বিচ্ছিন্ন হোৱাৰ কেইটামান উপায় বিশ্লেষণ কৰিছিল ।
১) বিনম্ৰতাৰে কোৱা
২) সংবিধান সংশোধনৰ বাবে আৰ্জি কৰা
৩) শক্তি প্ৰয়োগ কৰা
৪) যুক্তৰাষ্ট্ৰ ব্যৱস্থা নিজে নিজে ভাঙি যোৱালৈ অপেক্ষা কৰা ।
অৰ্থাত বৈধভাবে ফেডাৰেচনৰ পৰা বিচ্ছিন্ন হোৱাৰ কোনো পথ নাই যদিহে ফেডাৰেচনে নিজেই সংবিধান সংশোধন নকৰে বা ফেডাৰেচন নিজে নিজে ভাঙি নাযায় ।
১৮৬৯ উচ্চতম ন্যায়ালয় গোচৰ (Texas v. White)ত কৈছিল যে, Succession was never actually a real thing in the eyes of federal government .
স্পেইনৰ পৰা বিচ্ছিন্নতা বিচাৰি সদনত ভোটত জয়ী হৈ স্বাধীন কেটেলনীয়া ঘোষণা কৰাৰ পিছতো স্বাধীন কেটেলনক স্বীকৃতি দিয়া নাই ৰাষ্ট্ৰসংঘৰ কোনো এখন সদস্য ৰাষ্ট্ৰই । অৱশ্যে ইজৰাইল, কানাডাৰ আৰু ৰাষ্ট্ৰসংঘৰ সদস্যপদ নথকা দুখনমান দেশে কেটেলনৰ স্বাধীনতাৰ ওপৰত আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । আনকি কনফেডাৰেচন ব্যৱস্থাতো কোনো এক ইউনিটৰ বিচ্ছিন্নতাৰ ক্ষেত্ৰত অন্য ইউনিটবোৰৰ সমৰ্থন অপৰিহাৰ্য । অৱশ্যে কোনো এক নিৰ্যাতিত জাতিয়ে নিজ ভূখণ্ডৰ মুক্তিৰ বাবে ইউনিয়ন বা ফেডাৰেচনৰ সন্মতিলৈ অপেক্ষা নকৰে । যাৰ বাবে জাতীয় মুক্তি সংগ্ৰাম গঢ়ি উঠে আৰু বলপূৰ্বক সংযোগকাৰী ৰাষ্ট্ৰৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে ।
বিচ্ছিন্নতাৰ অধিকাৰৰ মাজেৰে বা বলপূৰ্বকভাবে ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ সৃষ্টি হোৱা স্বাধীন ৰাষ্ট্ৰক সমৰ্থন দিয়া নিদিয়াতো বহুক্ষেত্ৰত বৈদেশীক-অৰ্থনৈতিক নীতি আৰু সামৰিক-কূটনৈতিক চৰ্তবোৰৰ লগত জড়িত । উদাহৰণস্বৰূপে , ইষ্ট টিমোৰৰ স্বাধীনতাক আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন আৰু পূৰ্বতে বিৰোধীতা কৰা অষ্ট্ৰেলীয়াইও সমৰ্থন কৰিছিল । স্বাধীন কেটেলনীয়াক চীন, আমেৰিকা, জাৰ্মানী, ফ্ৰাঞ্চ আদিৰ দৰে শক্তিশালী দেশ বা এছিয়া-ইউৰোপৰ অন্যান্য দেশবোৰে সমৰ্থন নিদিয়াৰ কাৰণ হৈছে সেই দেশবোৰৰ সৈতে স্পেইনৰ বৈদেশিক-বাণিজ্যিক লেন-দেন , পুঁজিৰ বিনিয়োগ ইত্যাদি । অৱশ্যে এইবোৰ সমৰ্থন দিয়া নিদিয়া আপেক্ষিক । ইষ্ট টিমোৰৰ ক্ষেত্ৰত অষ্ট্ৰেলীয়াই বিৰোধীতা কৰাৰ পিছতো অৱশেষত সমৰ্থন দিয়াৰ দৰে এতিয়া আনকি সৌ সিদিনালৈকে শত্ৰু জ্ঞান কৰা ইণ্ডোনেছিয়াৰ সৈতেও ইষ্ট টিমোৰৰ সুসম্পৰ্ক ।
বিচ্ছিন্নতাৰ দাবী তাতকৈ সীমাবদ্ধ এক নিৰ্দিষ্ট অধিকাৰৰ লক্ষ্যত উপনীত হব পৰাৰ এক কৌশল হিচাপেও বিবেচিত হৈ আহিছে । অৰ্থাত্ বিচ্ছিন্নতাৰ অধিকাৰ নিবিচৰালৈকে সংযোগকাৰী ৰাষ্ট্ৰই ক্ষূদ্ৰ প্ৰদেশবোৰক কিছুমান প্ৰাপ্য অধিকাৰ প্ৰদান কৰিবলৈ অনীহা কৰে । ডিউক বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা দাৰ্শনিক Allen Edward Buchanan ৰ মতে Threat of secession can be a strategy for achieving more limited goals .
(Secession, Stanford Encyclopedia of Philosophy, 2007 )।
Allen Edward Buchanan তেওঁৰ গ্ৰন্থত বিচ্ছিন্নতাৰ অধিকাৰক ৰাজনৈতিক বিবাহ বিচ্ছেদৰ নৈতিকতা (Morality of Political Divorce) বুলি উল্লেখ কৰিছে । Just Cause Theory মতে Secession should be considered only to rectify grave injustice .
সামৰিক শক্তিৰে কোনো ভূখণ্ড কোনো ৰাষ্ট্ৰৰ সৈতে সংযোগকৰণ অবৈধ বুলি ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত ঘোষিত এক নীতি যদিও ক্ৰিমিয়ান ক্ৰাইছিচ সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ ভূমিকা মনকৰিবলগীয়া । ইউক্ৰেইনত ৰাচিয়া সমৰ্থিত চৰকাৰ বিৰোধী সশস্ত্ৰ সংগ্ৰাম দমন কৰিবলৈ ইউক্ৰেইনে সামৰিক অভিযান আৰম্ভ কৰাত ৰাচিয়াই হস্তক্ষেপ কৰে আৰু ক্ৰিমিয়াক ৰাচিয়ান ফেডাৰেচনৰ অন্তৰ্ভূক্ত কৰে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই সংযোগকৰণ অবৈধ বুলি ঘোষণা কৰাৰ বিপৰীতে ৰাচিয়ান ফেডাৰেচনে ইয়াক ক্ৰিমিয়াৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম বুলি দাবী কৰে । এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত এইবুলি কোৱা হয় যে, এয়া ৰাচিয়া আৰু ইউক্ৰেইনৰ মাজৰ এক আন্তৰ্জাতিক সামৰিক সংঘাত আৰু এই ইউক্ৰেইনৰ নাগৰিকৰ ওপৰত ৰাচিয়াৰ নাগৰিকত্ব জাপি দিয়াৰ কোনো অধিকাৰ নাই । অৰ্থাত ৰাষ্ট্ৰসংঘই জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভিত্তিত বিচ্ছিন্নতাৰ অধিকাৰক সমৰ্থন কৰে যদিও এইক্ষেত্ৰত ষ্পষ্ট কোনো নিৰ্দেশনা নাই । ১৯৪১ চনত ৰাষ্ট্ৰসংঘৰ আটলান্টিক চাৰ্টাৰত জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সম্পৰ্কত কিছু নিৰ্দেশনা আছিল । ইয়াৰ খণ্ড ১, অনুচ্ছেদ ১ ৰ ২নং অংশত উল্লেখ আছে যে, বন্ধুসুলভ সম্পৰ্ক আৰু সমঅধিকাৰ আৰি আত্মনিয়ন্ত্ৰণৰ নীতি অনুসৰি বিশ্বশান্তিৰ বাবে উচিত পদক্ষেপ লোৱা হব ।
১৪ ডিচেম্বৰ, ১৯৬০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ দ্বাৰা গৃহিত Declaration On The Granting Of Independence to Colonial Countries and People ত উল্লেখ আছে যে, বিশ্বৰ সকলো জনতাৰ মুক্তভাবে নিজৰ ৰাজনৈতিক সত্তা নিৰ্ণয় কৰাৰ আৰু আৰ্থ-সামাজিক-সাংস্কৃতিক বিকাশ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে । তাৰোপতি Universal Declaration of Human Rights আৰু এই চাৰ্টাৰত কঠোৰভাবে কোৱা আছে যে, কোনো দেশেই অন্য কোনো দেশৰ আভ্যন্তৰীণ বিষয়ত আৰু সাৰ্বভৌম অধিকাৰত হস্তক্ষেপ কৰিব নোৱাৰিব । এইবোৰৰ পিছতো কিন্তু দেশে দেশে আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম চলি আহিছে । সমান্তৰালভাবে শক্তিশালী ৰাষ্ট্ৰৰ অৱদমন, অন্য দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ , স্বাধীন ৰাষ্ট্ৰ গঠন , সংযোগকৰণ-বিচ্ছিন্নতা আদিক কোনেও বাধা দিবলৈ সক্ষম হোৱা নাই । ভাৰতবৰ্ষৰ দৰে পঞ্চশীল নীতিত বিশ্বাসী দেশেও বাংলাদেশৰ মুক্তিযুদ্ধত প্ৰত্যক্ষভাবে সহায় কৰি পাকিস্থানক খণ্ডিত কৰিছিল । আনকি সৌসিদিনা পাকিস্থানৰ অন্তৰ্গত বেলুচিস্থানৰ বিদ্ৰোহীক অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰা বুলি প্ৰত্যক্ষভাবে ঘোষণা কৰিছে কিন্তু নিজৰ ইউনিয়নৰ অন্তৰ্গত আভ্যন্তৰীণ জাতিসংঘাতবোৰক ডিভাইড এণ্ড ৰুল আৰু সামৰিক শক্তিৰে সমাধান কৰিব বুলি এতিয়াও বিশ্বাসী । বৃহত্ ৰাষ্ট্ৰ বা ইউনিয়নৰ সৈতে সংযোগ কৰা ভূখণ্ডত ৰাষ্ট্ৰৰ দ্বাৰা আন্তৰ্জাতিক মানৱ অধিকাৰ আইনসমূহক উলংঘা কৰি জনগণৰ জীয়াই থকাৰ অধিকাৰ ভূলুণ্ঠিত কৰা হয় ।
জেৰুজালেম চেন্টাৰ অৱ পাব্লিক এফেয়াৰছৰ অধীনত ফেডাৰেল ষ্টাডিজৰ এক গৱেষণা পত্ৰত Daniel J. Elazar এ তেওঁৰ Confederal Solutions to Ethnic Problems ত কনফেডাৰেচন ব্যৱস্থা গোষ্ঠীয় (জাতি)সংঘাত সমাধানৰ উপায় হিচাপে পৰীক্ষামূলকভাবে ছটা উদাহৰণ উল্লেখ কৰিছে ।
১) ইউৰোপীয় বিশ্বৰ আধুনিক সাৰ্বভৌম দেশসমূহৰ সৈতে সন্ধিমৰ্মে গঠন হোৱা ইউৰোপীয়ান কম্যুনিটি (European Community) এ পৰষ্পৰৰ মাজত শান্তি ৰক্ষাৰ স্বাৰ্থত এক Supranational Structure হিচাপে আৰম্ভ হৈছিল আৰু পিছলৈ ই এক নতুন ধৰণৰ কনফেডাৰেল গাঠনিলৈ ৰূপান্তৰিত হৈছিল যাৰ দ্বাৰা তেওঁলোকে বিশেষ কিছুমান সমস্যাৰ কাৰ্যকৰী সমাধান কৰিব পৰা উমৈহতীয় শাসন ব্যৱস্থাৰ উদ্ভৱ ঘটাইছিল । এই কনফেডাৰেল গাঠনিৰ অন্তৰ্গত আন সদস্যসমূহৰ সন্মতি অবিহনে এই গাঠনিৰ পৰা কোনো সদস্যই টিকি থাকিব নোৱাৰা বা বিচ্ছিন্ন হব নোৱাৰাৰ এক ব্যৱস্থালৈ উত্তৰণ হৈছিল ।
২) ৱেষ্ট ইণ্ডিজ আৰু ইংৰাজীভাষী কেৰেবিয়ান দ্বীপ সমূহক এক ফেডাৰেল গাঠনিলৈ আনিবলৈ বৃটিছে চেষ্টা কৰিও পৰা নাছিল । সেইসমূহে নিজৰ মাজতে কিছুমান যৌথ ফেডাৰেল কৰ্তৃপক্ষ গঠন কৰিছিল যিয়ে পিছলৈ এক বাস্তৱিক কনফেডাৰেল গাঠনিলৈ পৰিৱৰ্তিত হৈছিল ।
৩) ভিয়েটনাম আৰু পশ্চিম এছিয়াত কমিউনিষ্ট প্ৰসাৰক বাধা দিবলৈ গঠন হোৱা Association of Southeast Asian Nations (ASEAN) এ লাহে লাহে নিকট বান্ধোনৰ মাজেৰে কনফেডাৰেচন ব্যৱস্থালৈ গতি কৰিছে যদিও ই এতিয়ালৈকে ভিন্ন জাতীয় মঞ্চ বা জোটৰ পৰিসীমাৰ পৰা ওলাই আহি প্ৰতিষ্ঠানিক কনফেডাৰেল ইউনিয়ন গঠন কৰিব পৰা নাই ।
৪) পূৰ্বতে ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত বৰ্তমানৰ এঘাৰৰ পৰা পোন্ধৰখন পূৰ্বৰ সাৰ্বভৌম ইউনিয়নে কনফেডাৰেচন ব্যৱস্থাৰ মাজেৰে Commonwealth of Sovereign States গঠন কৰিছে , যত কোনো কেন্দ্ৰ নাই কিন্তু এক উমৈহতীয়া অনুষ্ঠান (Common Institution ) আছে ।
৫) চেনেগামবিয়া (Senegambia) হৈছে চেনেগাল আৰু গাম্বিয়াৰ মাজত থকা এক প্ৰণালীগত কনফেডাৰেচন যি পিছত ভাঙি গৈছিল ।
৬) ১৯৪৪ চনত যুগোশ্লাভিয়াই কৰ্তৃত্বশীল শাসনক উচ্ছেদ কৰি এক ফেডাৰেচনৰ মাজেৰে কম্যুনিষ্ট শাসন চলোৱা ৰিপাব্লিকৰ লগ হৈ এক কমিউনিষ্ট কনফেডাৰেচন গঠন কৰিছিল । পিছলৈ পূৰ্বৰ গাঠনিক এক নিয়মতান্ত্ৰিক শাসন ব্যৱস্থালৈ পৰিৱৰ্তনৰ এক গণতান্ত্ৰিক প্ৰচেষ্টাক চাৰ্বিয়াই তীব্ৰ বিৰোধ কৰিছিল যাৰ ফলত সমস্ত গাঠনিটোৱে ভাঙি পৰিছিল আৰু এক গৃহযুদ্ধৰ আৰম্ভনী হৈছিল ।
এই আটাইকেইটা উহাৰণৰ মাজত সম্পূৰ্ণ সফলতা দেখা যায় ইউৰোপীয়ান কমিউনিটিৰ মাজত । আংশিক ভাবে সফলতা ৱেষ্ট ইণ্ডিজ আৰু সাম্ভাব্য ভৱিষ্যত সফলতাৰ ৰূপৰেখা ASEAN ৰ মাজত । চেনেগামিয়া এক বিফলতাৰ উদাহৰণ । আনহাতে দুটা সন্দেহৰ মাজত, ১) পূৰ্বৰ ছোভিয়েট ইউনিয়ন যি অধিক দৃঢ় গাঠনিৰ প্ৰয়োজন ২) যুগোশ্লভিয়া , যি সীমিত গৃহযুদ্ধৰ মাজেৰে গতি কৰিছে । এই সফলতা আৰু বিফলতাবোৰত জাতিসমস্যা সমাধানৰ ক্ষেত্ৰত জাতিবোৰৰ সত্য, সংঘাত সৃষ্টিৰ পৰিবেশ যিয়ে সংঘাতৰ এক নিৰ্দিষ্ট অবয়ব দিয়ে, সংঘাতৰ ৰাজনৈতিক চৰিত্ৰ আদিয়ে জাতিসমস্যাৰ মোকাবিলা কৰাৰ সমাধানসূচক দিশবোৰ পৰীক্ষা কৰাৰ সুযোগ দিয়ে ।
Daniel J. Elazar এ তেওঁৰ উপৰোক্ত বিষয়ত কৰা আলোচনাৰ পৰা এই কথা নিশ্চিত হব পাৰি যে, জাতিসমূহে নিজস্ব স্বঅধিকাৰ আৰু মৰ্যাদাৰে একগোট হৈ উমৈহতীয়াভাবে গঠন কৰা কনফেডাৰেল ব্যৱস্থাতহে নিৰাপদ অনুভৱ কৰিব পাৰে ।
অবৈধ সংযোগকৰণৰ মাজেৰে কেন্দ্ৰীভূত শাসনত জাতিসমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । বৈধ বা অবৈধ ভাবে বৃহত্ অতিকেন্দ্ৰিক ৰাষ্ট্ৰ বা ইউনিয়নৰ সৈতে সংযোগ কৰা ভূমিৰ সংযোগকৰণৰ ফলত নিৰ্যাতিত হোৱা ভূখণ্ডৰ নাগৰিকৰ মুক্তিৰ বাবে তিনিটা পথ খোলা থাকে ।
১) ইউনিয়নত অন্তৰ্ভুক্ত অন্য ইউনিটবোৰৰ সমৰ্থনৰ মাজেৰে সংবিধান সংশোধনৰদ্বাৰা ৰাষ্ট্ৰব্যৱস্থাৰ সলনি কৰি পুনঃ এক ফেডাৰেল ভিত্তিক গাঠনি তৈয়াৰ কৰা ।
২) জাতীয় মুক্তি সংগ্ৰামৰ মাজেৰে বলপূৰ্বক ওলাই অহাৰ চেষ্টা কৰা আৰু ইয়াক আন্তৰ্জাতিক স্তৰত তুলি ধৰি পৃথক সাৰ্বভৌম ৰাষ্ট্ৰ গঠন কৰা ।
৩) সংযোগকাৰী ৰাষ্ট্ৰ নিজে নিজে ভাঙি যোৱালৈ অপেক্ষা কৰা ।
৪) ইউনিয়নৰ ভিতৰত থাকিয়েই সীমাবদ্ধ অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত সংবিধান সংশোধন কৰিবলৈ ৰাষ্ট্ৰক বাধ্য কৰা ।
জাতিসমস্যাৰ ক্ষেত্ৰত ছোভিয়েট ইউনিয়নৰ ষ্পষ্ট দৃষ্টিভংগী থকাৰ পিছতো কিন্তু সংযোগকাৰী ৰাষ্ট্ৰৰ কমিউনিষ্ট দল-সংগঠনবোৰে সদায় জাতিসমস্যাৰ বিশ্লেষণৰ ক্ষেত্ৰত হোহোকা পিছলা নীতি গ্ৰহণ কৰা দেখা যায় । উদাহৰণস্বৰূপে কেটেলনীয়াৰ স্বাধীনতাৰ প্ৰশ্নত স্পেনিচ কমিউনিষ্ট আৰু লেবাৰ পাৰ্টিয়ে পৃথক কেটেলনীয়া ৰাষ্ট্ৰ গঠনৰ বিৰোধীতা কৰা দেখা গ’ল । দেখা গ’ল যে বিষয়টোৰ ওপৰত তেওঁলোকৰ স্থিতি মাথো বাগ্মিতা (rhetorical)ৰ বাহিৰে অন্য একো নহয় । এই স্থিতিৰে প্ৰকৃততে তেওঁলোকে জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক প্ৰকাৰান্তৰে অস্বীকাৰ কৰে ।
ছোভিয়েটৰ সৈতে ভাৰতৰ মধুৰ সম্পৰ্কৰ পিছতো জাতি সমস্যা সমাধানৰ বাবে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভিত্তিত প্ৰকৃত ফেডাৰেল চৰকাৰ এখন গঠনৰ ক্ষেত্ৰত কোনো ভূমিকাই নললে স্বাধীন ভাৰত চৰকাৰে । বৰং বৃটিছৰ ধৰণেৰে বলপূৰ্বক বা ছল-কপটতাৰে প্ৰদেশবোৰক ইউনিয়নৰ অন্তৰ্ভূক্ত কৰিবলৈ ল’লে । ৰাষ্ট্ৰৰ আধিপত্যবাদী আৰু সাম্ৰাজ্যবাদীৰ পদলেহনকাৰী উপনিবেশিক চৰিত্ৰৰ বাবে এয়া স্বাভাবিকেই আছিল । সাম্ৰাজ্যবাদীৰ নব্য উপনিবেশিক শোষণৰ শৃংখলডাল জোৰকৈ ধৰি ৰাখিবৰ বাবে কেন্দ্ৰীভূত ৰাষ্ট্ৰই তেনে চৰিত্ৰৰে আগ্ৰাসন কৰি গৈছে প্ৰান্তীয় জাতি-জাতিসত্তাবোৰক । এই শিকলি ছিঙাৰ সংগ্ৰামেই জাতীয় মুক্তি সংগ্ৰামৰ ৰূপেৰে দীৰ্ঘদিন ধৰি অশান্ত কৰি ৰাখিছে এই অঞ্চল ।
কাশ্মীৰৰ দৰে উত্তৰপূৰ্বাঞ্চলতো স্বাধীনতাৰ পিছৰে পৰাই সশস্ত্ৰ পন্থাৰে নিৰ্যাতিত জাতিবোৰে নিজ ভূখণ্ডক ভাৰত ৰাষ্ট্ৰৰ দখলদাৰিত্বৰ অভিযোগ তুলি সংগ্ৰাম অব্যাহত ৰাখিছে । উত্তৰপূৰ্বাঞ্চল এতিয়াও শতাধিক সশস্ত্ৰ সংগঠন আছে যিসকলে নিজ নিজ জাতিৰ স্বাধীনতাৰ বাবে যুদ্ধৰত বুলি ঘোষণা কৰে । উক্ত সংগঠনবোৰ ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ যদিও চুবুৰীয়া ৰাষ্ট্ৰত ঘাটী পাতি নিজৰ মাজতে মৰ্চা গঠন কৰিছে । এই আভ্যন্তৰীণ সশস্ত্ৰ সংঘাতৰ ফলশ্ৰুতিত কেৱল উত্তৰ পূৰ্বাঞ্চলতেই চৰকাৰী সৈন্য বাহিনীৰ হাতত ৫০ হেজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ ভিতৰত শিশু আৰু মহিলাও আছে । তাৰোপৰি এই সংঘাতত কেইবালাখ লোক নিৰ্যাতিত হৈছে, ধৰ্ষিতা হৈছে আৰু ঘূণীয়া হৈছে । অকল মণিপুৰতেই ২০ হেজাৰ এনে বিধবা আছে যিসকলৰ স্বামী এই সংঘাতত নিহত হৈছে ।
ভাৰতত ক্ৰমশ অতিকেন্দ্ৰিক ৰাষ্ট্ৰ- প্ৰভূত্ববাদী প্ৰৱণতা বাঢ়িছে । ৰাষ্ট্ৰৰ দমন নিৰ্যাতন যিমানেই বাঢ়িব, সিমানেই জাতীয় মুক্তি সংগ্ৰামৰো বিকাশ হব । বহুতেই কব খোজে যে, গোলকীয়কৰণৰ যুগত জাতীয় মুক্তি সংগ্ৰামে প্ৰাসংগিতকা হেৰুৱাইছে । কিন্তু পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে ষ্পষ্ট হয় যে, গোলকীয়কৰণে বৃহ্ত ৰাষ্ট্ৰৰ আধিপত্যবাদ আৰু উপনিবেশিক চৰিত্ৰক লাঘৱ কৰা নাই , বিশ্ব সাম্ৰাজ্যবাদ এতিয়াও শক্তিশালী ৰূপত । নিৰ্যাতিত জাতিৰ ওপৰত দুগুন উতসাহেৰে আৰু নিত্য নতুন কৌশলেৰে সম্পদ লুন্ঠন, নিৰ্যাতন আৰু প্ৰভূত্ববাদ জাপি দিয়া হৈছে । ৰাষ্ট্ৰৰ গণতান্ত্ৰিক উপৰিসৌধ লাহে লাহে টুটি আহিছে । ভাৰতীয় ইউনিয়নৰ ভিতৰত থকা অন্য প্ৰদেশবোৰেও এই ব্যৱস্থাটোত নিৰাপদ অনুভৱ নকৰা হৈছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যই নিজৰ পৃথক পতাকাৰ দাবীৰে প্ৰতীকিভাবে হ’লেও নিজৰ পৃথক পৰিচয় তুলি ধৰিব খোজা দেখা গৈছে । এনে ব্যৱস্থা দীৰ্ঘদিন বাহাল থাকিলে ভাৰতৰ অতিকেন্দ্ৰিক ব্যৱস্থাটোৰ বিৰূদ্ধে ক্ষোভৰ উদ্গীৰণৰ সম্ভাৱনা আছে যদিও ভাৰতৰ দৰে কেন্দ্ৰীভূত ৰাষ্ট্ৰ এখন নিজে নিজে ভাগি যোৱাৰ সম্ভাৱনা কম । অৱশ্যে অন্য কেতবোৰ কাৰণ যেনে, বনিকগোষ্ঠীৰে গঢ়ি উঠা ৰাজনৈতিক কুঅভিসন্ধিয়ে সাধাৰণ নাগৰিকৰ ওপৰত জাপি দিয়া অৰ্থনৈতিক শোষণ , কৃষক বিদ্ৰোহ, দলিত বিদ্ৰোহ , মাওঁবাদী উত্থান আৰু উগ্ৰ হিন্দুত্ববাদৰ দ্বাৰা পিষ্ট জনগণৰ ক্ষোভে ভাৰতক এক গৃহযুদ্ধলৈ ঠেলি দিব পাৰে । যদি সেয়া হয়, সেয়া হব অতিকেন্দ্ৰিক ৰাষ্ট্ৰৰ বাবে চুনামী সদৃশ । নিৰ্যাতিত প্ৰান্তীয় জাতিবোৰৰ স্বাধিকাৰৰ সংগ্ৰাম ইয়াৰ সৈতে যুক্ত হোৱা মানেই শাসক শ্ৰেণীৰ উত্খাতৰ দ্বাৰা ৰাষ্ট্ৰব্যৱস্থাৰ পৰিৱৰ্তন হোৱা অস্বাভাৱিক হব নোৱাৰে । হাইপ’থেটিকেলি কবলৈ হ’লে তেনে এক পৰিস্থিতিত একাধিক কনফেডাৰেচন বা সংঘীয় জোট গঠন হব পাৰে ।
ভাৰতৰ ৰাষ্ট্ৰব্যৱস্থাৰ ভিতৰতেই সাংবিধানিকভাবে পৃথক মৰ্যাদাৰে প্ৰান্তীয় জাতিবোৰৰ অধিকাৰ সুৰক্ষা দিয়াৰ দাবীৰেও অন্য এক দৃষ্টিকোনেৰে জাতিসমস্যা সমাধান সুত্ৰ দাঙি ধৰা দেখা যায় । কাশ্মীৰ চামিলকৰণ চুক্তিতেই পৃথক সংবিধানৰ কথা আছিল । সাংবিধানিকভাবে বিশেষ মৰ্যাদা দিয়াৰ পিছতো কিন্তু কাশ্মীৰৰ জনগণে ভাৰতীয় ব্যৱস্থাত নিৰাপদ অনুভৱ কৰা নাই কাৰণ তাত দীৰ্ঘদিন ধৰি সামৰিক বাহিনীৰ দমন চলিছে । তথাপিও সংবিধানৰ অনুচ্ছেদ ৩৭০ ত কাশ্মীৰৰ বাবে যি সুকীয়া মৰ্যাদা দিছে যদিও পৰিস্থিতিয়ে ইয়াকে প্ৰমাণ কৰে যে, স্বাধীন হৈ যোৱাৰ অধিকাৰ কোনো এক ঐতিহাসিক ভূখণ্ডৰ জনগণে সাংবিধানিকভাবে প্ৰাপ্ত নকৰালৈকে কেৱল সাংবিধানিক বিশেষ মৰ্যাদাই সংঘাত প্ৰশমন কৰিব নোৱাৰে । তথাপি বিশেষ সাংবিধানিক সুৰক্ষা ভাৰতৰ প্ৰান্তীয় প্ৰদেশবোৰতো থকাহেতেন প্ৰান্তীয় জাতিবোৰৰ ৰাজনৈতিক অধিকাৰ কিছু সুৰক্ষিত হ’লহেতেন বুলি আশা কৰিব পাৰি ।
কাশ্মীৰৰ দৰে উত্তৰ পূৰ্বাঞ্চলতো স্বাধীনতাৰ সময়ৰে পৰাই সামৰিক দমননীতি চলি আহিছে । এইবোৰৰ পিছতো কিন্তু সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে, শান্তিপূৰ্ণভাবে নিৰ্যাতিত জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আদায় কৰিবলৈ বিশেষ কোনো ধৰণৰ বৌদ্ধিক বা ৰাজনৈতিক সক্ৰিয়তা বা সদিচ্ছা দৃষ্টিগোচৰ নোহোৱাটো দুৰ্ভাগ্যজনক । দীৰ্ঘদিন যুদ্ধবিৰতিৰ পিছত শেহতীয়াকৈ নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ জৰিয়তে নাগা সমস্যা সমাধানৰ আশা কৰা হৈছে যদিও তাতো পুনৰ ডিভাইড এণ্ড ৰুল নীতি লোৱাৰ অভিযোগ উঠিছে । অৱশ্যে মিজো শান্তি-চুক্তিয়ে সাময়িকভাবে হ’লেও মিজোৰামত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে যদিও অদূৰ ভৱিষ্যতে তাতো পুনৰ ৰাষ্ট্ৰবিৰোধী ক্ষোভ সৃষ্টি হোৱাৰ সম্ভাৱনা ৰৈ গৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক সশস্ত্ৰ সংগঠনৰ সৈতে ভাৰত চৰকাৰৰ যুদ্ধবিৰতি আৰু আলোচনা চলি আছে যদিও কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱত সশস্ত্ৰ সংগঠনবোৰে পুনৰ শক্তিশালীভাবে গা কৰি উঠাৰ সম্ভাৱনা প্ৰৱল । যিহেতু নিৰ্যাতিত জাতিৰ অধিকাৰ এক ৰাজনৈতিক প্ৰশ্ন , গতিকে এই সংঘাতৰ সমাধানো যে ৰাজনৈতিকভাবেই হব লাগিব, তাত কোনো সন্দেহ নাই । সংবিধান সংশোধনৰ দ্বাৰা ৰাষ্ট্ৰৰ গাঠনিগত পৰিৱৰ্তনৰ অবিহনে কিন্তু এই সমস্যাৰ স্থায়ী সমাধান হব বুলি আশা কৰিব নোৱাৰি । বৰ্তমানৰ বিজেপি চৰকাৰৰ অতি ৰাষ্ট্ৰবাদী নীতিয়ে জাতিসমস্যা আৰু সংঘাতৰ অৱসানৰ পৰিৱৰ্তে ইয়াৰ সমাধানৰ পথ অধিক ধুসৰ কৰি পেলোৱাহে দেখা গৈছে ।
সহায়ক গ্ৰন্থপঞ্জী
১) Foundation of Leninism, J.V. Stalin .
২) Critical remarks on National Self-Determination , V. I .Lenin ,১৯৬৮
৩) ANNEXATION OR MERGER OF MANIPUR BY: LT. COL. H. BHUBAN SINGH
৪) স্বাধীনতাৰ প্ৰস্তাৱ, পৰাগ কুমাৰ দাস
৫) ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ৰমেশ কলিতা , ১৯৮৬
৬)https://www.ifp.co.in/page/items/26940/annexation-or-merger-of-manipur
৭) https://www.quora.com/What-is-the-difference-between-annex-occupy-protectorate-and-mandate
৮) http://www.theshillongtimes.com/2013/08/14/khasi-syiems-never-signed-instrument-of-merger-with-indian-union/
৯) https://en.m.wikipedia.org/wiki/Catalan declaration of independence.