বিবিধ চিন্তা

ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যত-(ৰতন পাল)

ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কৰিবলৈ ১৯৪৬ চনত বৃটিছ ভাৰতৰ প্ৰদেশবোৰৰ পৰা ২৯৬জন প্ৰতিনিধি নিৰ্বাচিত কৰা হৈছিল। প্ৰতিনিধি সকলৰ মনত তেতিয়া বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ তেজ ৰন্ধ্ৰে-ৰন্ধ্ৰে উতলি আছিল ।তেজাল আৰু বিচক্ষণ নেতাসকলৰ প্ৰায় সবেই এই সভাৰ সদস্য আছিল। শৃঙ্খলমোচনৰ ৰেহ-ৰূপ নিৰ্ধাৰণ কৰিবলৈ নেতাসকলে তেতিয়াৰ পৃথিৱীৰ প্ৰায় সকলোবোৰ সংবিধান অধ্যয়ন কৰি প্ৰাসঙ্গিক নিৰ্দেশনাবোৰ যাতে ইয়াত অন্তৰ্ভুক্ত কৰা হয় তাৰবাবে সেই সময়ৰ সৰ্বোচ্চ বিদ্বান আৰু আইনজ্ঞ ড:ভীমৰাও আম্বেদকাৰৰ তত্বাৱধানত প্ৰণয়ন কমিটিখন গঠন কৰা হৈছিল।১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন আৰু বৃটিছ ভাৰতৰ আইনসমূহৰ ভাল দিশবোৰ স্বাভাৱিকতে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। তদুপৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোবোৰ ভাৰতীয় মানুহক দেশখনৰ নাগৰিক বুলি গণ্য কৰি তেওঁলোকৰ ভোটৰ সাপেক্ষে দেশ পৰিচালনাৰ বাবে এখন সক্ষম চৰকাৰ গঠনৰ দিহা কৰাটো গণতান্ত্ৰিক চেতনাৰ প্ৰথম নিদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰা হয়। দ্বিতীয়তে নাগৰিক সকলৰ মৌলিক অধিকাৰ অন্তৰ্ভুক্ত হয় । ভাষা, ধৰ্ম সংস্কৃতি আৰু ভৌগোলিক অখণ্ডতাৰ স্বীকৃতি দিয়া হয়। নিজৰ মতে জীৱিকা বাচনি কৰা আৰু তাক সলনি কৰাৰো অধিকাৰ অন্তৰ্ভুক্ত কৰা হয়। সাৰ্বজনীন শিক্ষা বাধ্যতামূলক কৰা হয় । আইনৰ চকুত সকলোকে সমান বুলি গণ্য কৰা হয় আৰু প্ৰত্যকজনেই বঞ্চনাৰ বিৰুদ্ধে ন্যায় প্ৰাৰ্থনা কৰাৰ অধিকাৰক অন্তৰ্ভুক্ত কৰা হয়।
যুক্তৰাষ্ট্ৰীয় শাসনত কেন্দ্ৰীয় চৰকাৰে যাতে একছত্ৰী আধিপত্য স্থাপন কৰিব নোৱাৰে তাৰ বাবে সুষম দ্বায়িত্ব বন্টন কৰি থোৱা হৈছে। বিচাৰ বিভাগ,সংসদ আৰু আমোলাপুলিচৰ মাজতো সমন্বয় ৰক্ষাৰ বাবে সুষম দ্বায়িত্ব বন্টন কৰা হৈছে ।
এনেবোৰ বৈশিষ্ট্য থকাৰ বাবে ভাৰতীয় সংবিধানখনক পৃথিৱীৰ ভিতৰত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটি মাইলৰ ফলক বুলি গণ্য কৰি অহা হৈছে।
প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে গণতান্ত্ৰিক মূল্যবোধৰ পৃষ্ঠপোষকতা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত এককেন্দ্ৰীক আৰু স্বৈৰাচাৰী শাসনৰ প্ৰতি নমনীয় হৈ পৰা যেন দেখা যায় ।তেখেতৰ মৃত্যুৰ পিছত লালবাহাদুৰ শাস্ত্ৰীয়েও গণতান্ত্ৰিক মূল্যবোধৰ পৃষ্ঠপোষকতা কৰিছিল আৰু স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিছিল। কিন্তু তাৰ পিছৰ পৰাই যেন প্ৰধানমন্ত্ৰীৰ কুৰ্চিখন ক্ষমতাৰ প্ৰতিভূ ৰূপে পৰিগণিত হ’বলৈ আৰম্ভ কৰিলে।এতেকে ক্ষমতা লাভৰ বাবে নেতা সকলৰ মাজত লবীকেন্দ্ৰীক খোৱাকামোৰা আৰম্ভ হ’ল। জাতীয়তাবাদী চেতনা তেতিয়া ম্লান হ’ব ধৰিলে।1975 চনৰ জুন মাহত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এলাহাবাদ হাইকোৰ্টে এক ৰায় প্ৰদান কৰি তেওঁক অযোগ্য বুলি ঘোষণা কৰে । অভিযোগ মতে তেখেতে নিৰ্বাচনৰ কামত চৰকাৰী বিষয়াক ব্যৱহাৰ কৰিছিল। ছুপ্ৰিম ক’ৰ্টে অৱশ্যে এই আদেশক প্ৰত্যাহাৰ কৰিছিল যদিও সংবিধানৰ ‘জৰুৰীকালীন ক্ষমতা’ এই সময়চোৱাত প্ৰয়োগ কৰা হৈছিল । সকলো প্ৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ স্থগিত কৰা হৈছিল।আমাৰ সংবিধানখন ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ সময়তেই ইয়াৰ অন্তৰ্নিহিত শক্তি স্তিমিত হৈ পৰিল। পৰৱৰ্তী সময়ত ইয়াক ভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলি চিহ্নিত কৰা হৈছে ।
ইয়াৰ পৰা বুজা যায়-
১) তেতিয়ালৈকে ন্যায়পালিকাবোৰে যথেষ্ট স্বায়ত্তশাসন ভোগ কৰিছিল।
২) ক্ষমতা দখলৰ যুঁজ প্ৰাক্তন সামন্ত শ্ৰেণীৰ লগত আধুনিক পুঁজিবাদৰ (সমাজবাদী ভাৱধাৰাৰ ?) প্ৰতিনিধি সকলৰ মাজত চলিছিল।
ইন্দিৰা গান্ধীৰ নেতৃত্বৰ প্ৰতি দুই এটা সৰু বাওঁ পন্থীদল আৰু তথাকথিত সমাজবাদী ভাৱধাৰাৰ দলে সমৰ্থন আগবঢ়াইছিল। আনহাতে মোৰাৰজী দেশাইৰ নেতৃত্বত বিৰোধী (অটল বিহাৰী বাজপেয়ীৰ জনসঙ্ঘ আৰু আন বহুতো আঞ্চলিক দল আৰু ঘাইসূতিৰ বাওঁপন্থী দল ইয়াৰ অন্তৰ্গত আছিল)শিবিৰটোয়ে বেঙ্ক ৰাষ্ট্ৰীয়কৰণ আৰু ৰাজভাট্টা উঠাই দিয়া আৰু ভূমি সংস্কাৰ আইনৰ বিৰোধিতা কৰিছিল ।
৩) সাম্প্ৰদায়িক বিভাজনৰ মাজেদি দেশ স্বাধীন হোৱাৰ সময়তো সংবিধানত সকলো ধৰ্মৰ প্ৰতি সমান আচৰণ পোষকতা কৰালৈ চাই ক’ব পাৰি যে তদানীন্তন ভাৰতবৰ্ষৰ নেতাসকল যথেষ্ট পৰিমাণে উদাৰ আছিল।
কংগ্ৰেছ দলটোক বাদ দি বাকীবিলাক ৰাজনৈতিক দলে শাসনৰ কেন্দ্ৰত নিজক স্থাপন ক্ষেত্ৰত এটা কথা বুজি পাইছিল যে যিকোনো প্ৰকাৰে ভোটৰ অঙ্কত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পৰা হ’ব লাগিব ।বৃহৎ শাসক দল কংগ্ৰেছে ভোটাৰ ৰাইজৰ মাজত এনেদৰে খোপনি লৈছিল যে তাক বাকীবোৰ দলে ঐক্যবদ্ধ হ’লেও উঘালিব নোৱাৰা অৱস্থা সৃষ্টি হৈছিল।গতিকে তেতিয়াৰে পৰা দেখা গ’ল ভোটাৰ ৰাইজৰ বাবে মনোমোহা বিভিন্ন ধৰণৰ আঁচনি কাৰ্য্যকৰী কৰা,ভোটৰ বাকচ চুৰি কৰা ,গণনা কেন্দ্ৰত অসৎ উপায় অৱলম্বন কৰা ইত্যাদি ঘটনাবোৰ সঘনাই সংঘটিত হ’বলৈ ধৰিলে আৰু পৰৱৰ্তী সময়ত এয়াই ভোটতন্ত্ৰৰ নিয়মত পৰিণত হ’ল।
এইদৰে ভাৰতীয় সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ দুৰ্বলতা স্পষ্ট হৈ পৰিল-
১)গণতন্ত্ৰৰ মূল সিদ্ধান্ত সমূহৰ এটা হৈছে সংখ্যা গঢ়িষ্ঠৰ শাসন । এই মৌলিক সিদ্ধান্ত ভাৰতীয় সংবিধানত অস্পষ্ট ৰূপত থকাৰ ফলত অতি কম সংখ্যক ভোটাৰৰ ভোটত প্ৰতিনিধি বাচনি হৈ আহিছে । নিৰ্বাচনৰ সময়ত মুঠ ভোটাৰৰ ৬০-৭০%লোকেহে ভোট দান কৰে ,তাৰে বহুজন প্ৰাৰ্থীৰ ভিতৰত যি গৰাকীয়ে আটাইতকৈ বেছি ভোট লাভ কৰে তেওঁকেই নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়।তেওঁ লাগিলে মুঠ ভোটৰ ১০% নাপাওক কিয়, তেওঁ বিধায়ক বা সাংসদ হৈ বহিবলে সক্ষম হয়।
২)ভোটাৰ সকলৰ সৰহ ভাগেই নিৰক্ষৰ। তেওঁলোকৰ ৰাজনৈতিক বিচাৰ বিবেচনাৰ শক্তি তেনেই কম।অতি সহজে তেওঁলোক প্ৰলোভিত হৈ পৰে আৰু উপযুক্ত প্ৰাৰ্থীৰ বাচনিৰ পৰা দেশ বঞ্চিত হয়।ফলত শাসন ব্যৱস্থা দিনক দিনে অধঃপতিত হ’বলৈ ল’লে।
৩)বিধায়ক বা সাংসদ সকল কিনা-বেচা হ’বলৈ ধৰিলে। অথচ ৰাইজৰ বাবে তেওঁ যোগ্যতাহীন হৈ পৰিলেও তেওঁক প্ৰত্যাহাৰ কৰাৰ অধিকাৰ ৰাইজৰ হাতত দিয়া নহ’ল। ফলত চৰকাৰ ভঙা-পতাৰ খেলত বিধায়ক জনে নিজক ঘোঁৰা ৰূপত আগবঢ়াই দিব পৰা হৈ থাকিল।
৪) স্বতন্ত্ৰ প্ৰেছৰ ধাৰণাটো ক্ৰমান্বয়ে অস্পষ্ট হৈ আহিল। তদুপৰি নিৰ্বাচন আয়োগ,উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ নিযুক্তি,কেগ,ইডি,চিবিআইৰ মুৰব্বীৰ নিযুক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ দিনক দিনে বৃদ্ধি পাই আহিল।
স্বেচ্ছাচাৰী শাসন ওফৰাই পেলাবলৈ ভাৰতীয় ৰাজনৈতিক দলবোৰে নিজৰ মাজত থকা বাদ-বিসম্বাদ পৰিহাৰ কৰি ১৯৭৭ চনত জনতা পাৰ্টীৰ জন্ম দিছিল আৰু আধুনিক ভাৰতৰ এগৰাকী বলিষ্ঠ আৰু চৰ্চিত নেত্ৰী ইন্দিৰা গান্ধীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। ।পিছে খিচিৰিৰ চাউল-দালিখিনি একেখন কাঁহীত বেছিদিন ভাল হৈ নাথাকিল। তথাপিও কিন্তু স্বেচ্ছাচাৰী শাসনৰ বাবে এয়া আছিল এক মোক্ষম আঘাত।
বৰ্তমানৰ মোদীচৰকাৰৰ বিৰুদ্ধেও স্বেচ্ছাচাৰীতাৰ অভিযোগ উত্থাপিত হৈছে। স্বয়ংসেৱক সংঘৰ সপোনক বাস্তৱায়ণ কৰিবলৈ গৈ মোদীচৰকাৰে বহুকেইটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছে।২০১৬চনত কৰা বিমুদ্ৰাকৰণ,নাগৰিক সংশোধন আইন, জম্মু কাশ্মীৰৰপৰা ৩৭০ধাৰাৰ বাতিল ইত্যাদি।ইয়াৰে বিমুদ্ৰাকৰণৰ যোগেদি চৰকাৰে বিভিন্ন জনৰ হাতত জমা থকা ৫০০ আৰু ১০০০ টকাৰ মুদ্ৰাবোৰ হঠাতে নিষিদ্ধ হোৱা বুলি ঘোষণা দিয়াত চাৰিওফালে ৰাইজৰ মাজত হুৱাদুৱা লাগি যায় । এই সঞ্চিত মুদ্ৰাৰ কিমান পৰিমাণ ক’লাধন আৰু বগাধন আছিল সেই লৈ চৰকাৰে কোনো ঘোষণা নকৰিলে । প্ৰায় ৯৯%ছপা নোট চৰকাৰৰ ঘৰলৈ ঘূৰি যায় বুলি ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে যদিও দেশৰ অৰ্থনীতিৰ পৰা ক’লা ধনৰ প্ৰভাৱ নাইকিয়া হোৱাৰ কোনো খবৰ নাই । কিন্তু ভাৰতৰ শাসক দলটোক বাদ দি বাকীবোৰ দলৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙিবলৈ সক্ষম হ’ল। ইয়াৰ ফলত পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা নিৰ্বাচন বোৰত বিৰোধী দলবোৰে নিস্তেজ হৈ পৰা পৰিলক্ষিত হয়।তাৰোপৰি বিৰোধী দলবোৰে টকাৰ নাটনিৰ বাবে দলীয় সংগঠন তিষ্ঠাই ৰখাটোই এতিয়া চেলেঞ্জ হৈ পৰিল।সংসদত বিৰোধী দলৰ শক্তি স্তিমিত হৈ পৰিল। তাৰ বিপৰীতে চৰকাৰ স্বেচ্ছাচাৰীৰ দৰে সিদ্ধান্ত লোৱাত
সক্ষম হৈ পৰিল । নাগৰিক সংশোধনী আইনৰ দ্বাৰা চৰকাৰে নাগৰিক সকলৰ মাজত মেৰুকৰণৰ ৰাজনীতি স্থায়ী কৰাৰ প্ৰয়াস কৰিলে । জম্মু-কাশ্মীৰৰপৰা ৩৭০ ধাৰা বাতিল কৰি তাক কেন্দ্ৰীয়শাসিত প্ৰদেশত পৰিণত কৰিলে যদিও তাত বাস্তৱ কোনো উন্নতি হোৱা বুলি গণ্য কৰা নাযায়।
যি কি নহওক ওপৰত সংক্ষিপ্ত ভাবে মোদী চৰকাৰৰ যি তিনিটা নীতিৰ কথা আলোচনা হ’ল তাৰ পৰা শাসক দলৰ বিশেষ উপকাৰ হোৱা দেখা পোৱা গৈছে ।
বিমুদ্ৰাকৰণে দলটোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যাপক উপকাৰ কৰিলে।ফলত পুঁজিগত দিশত এই দলটো ভাৰতৰ আন যিকোনো দলৰ তুলনাত লাখগুণে টনকিয়াল হৈ পৰিল । গতিকে সংগঠনৰ কামত দলে উদাৰ হাতে টকা খৰচ কৰিব পৰা হ’ল । ৰাজনৈতিক পথাৰখন এইদৰে বিৰোধীশূণ্য হৈ পৰিল । তদুপৰি লকডাউনৰ প্ৰকোপত কৰ্মচ্যুত হোৱা মানুহক খাদ্যৰ নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰে দৰিদ্ৰতাৰ সীমাৰেখাত বাস কৰা লোকলৈ মাহটোৰ বাবে আৱশ্যক হোৱা চাউলখিনিৰ যোগান ৰাষ্ট্ৰীয় কোষৰ পৰা প্ৰদানৰ ব্যৱস্থা কৰিছিল । এই বৃহৎ কাৰ্যসূচীত দেশৰ প্ৰায় ৭০%নাগৰিকক সামৰি লোৱা হৈছে।কিন্তু শাসক দলে ভোটৰ সময়ত ইয়াৰ পৰা অন্যায়ভাবে লাভ আহৰণ কৰা দেখা গৈছে।এতিয়া আগন্তুক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনলৈকে এই কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰা হৈছে।এইদৰে দেশৰ ৭০%নাগৰিকক শাসক দলটোৱে হিতাধিকাৰীত পৰিণত কৰিবলৈ প্ৰয়াস কৰিলে। তদুপৰি মেৰুকৰণৰ দৰে ভয়াবহ খেলখন চলিয়েই থাকিল।ইডি,চিবিআই, নিৰ্বাচন আয়োগ ইত্যাদি চৰকাৰী প্ৰতিষ্ঠানবোৰতো অবৈধ কব্জা কৰি লোৱাত এইদলটোক লেকাম লগাবলৈ অৱশিষ্ট কোনো বাকী নাথাকিলগৈ ।
এইদৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃতকালত তাৰ গণতান্ত্ৰিক মূল্যবোধ আৰু তাৰ সংবিধানৰ মৰ্যাদা ভূলুণ্ঠিত হৈ পৰিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *