ভাৰতীয় ৰেনেচাঁৰ অন্যতম পথিকৃৎ জ্যোতিপ্ৰসাদৰ সংগ্ৰামৰ উত্তৰাধিকাৰ-(অজিত কুমাৰ পটঙ্গীয়া)
এই চলমান বিশ্বব্ৰহ্মাণ্ডত একোৱেই স্থিৰ থকা নাই। স্থিৰ হৈ থকা নাই সৌৰজগত, আমাৰ পৃথিৱী আৰু আমাৰ সমাজো। বোৱতী নদীৰ দৰে প্ৰবহমান সমাজৰ গতিধাৰাৰ বিভিন্ন যুগত এই সমাজখনক প্ৰগতিৰ পথত আগুৱাই নিবলৈ সেই সময়ৰ চাহিদা পূৰ্ণ কৰি বিভিন্ন মতাদৰ্শ বিশেষ নাম লৈ সমাজলৈ আহে। কোনোবা এটা যুগৰ এটা বিশেষ পৰিস্থিতিত সমাজৰ প্ৰগতিৰ বাবে সমাজ অভ্যন্তৰত চলি থকা দ্বন্দ্ব-সংগ্ৰামৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠে সেই মতাদৰ্শ। মতাদৰ্শবোৰ আহে সমাজচিন্তাৰ ব্যক্তিকৰণ হৈ সমাজৰ এচাম প্ৰতিভাৱান মানুহৰ চিন্তাৰ মাজেদি। জাতি আৰু জাতীয়তাবাদৰ ধাৰণা মানৱ সমাজত অতীতৰপৰা নাছিল। মানৱ সভ্যতাৰ ইতিহাসত আধুনিক জাতি আৰু জাতীয়তাবাদৰ অভ্যুখান ঘটিছে মাথোন সৌ সিদিনা – অৰ্থনীতি আৰু ৰাজনীতিৰ এটা বিশেষ প্ৰেক্ষাপটত গণতান্ত্ৰিক সমাজ প্ৰতিষ্ঠাৰ আৰম্ভ হোৱাৰপৰা৷ পৃথিৱীৰ বিভিন্ন ঠাইত যেতিয়া ৰাজতন্ত্ৰত চলি থকা অন্যায়, অত্যাচাৰ, ধৰ্মীয় কুসংস্কাৰ, গোড়ামি, অন্ধবিশ্বাস, উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ ইত্যাদি সামন্তবাদী মূল্যবোধবোৰ সমাজখনৰ প্ৰগতিৰ আৰু সহায়ক হৈ থকা নাছিল, সেই সময়তেই ৰাজতন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি তাতোকৈ উন্নত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী আৰু বিজ্ঞানসন্মত মূল্যবোধৰে পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ প্ৰতিষ্ঠা হৈছিল। পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহ গঢ়ি উঠিছিল ‘সাম্য, মৈত্ৰী আৰু স্বাধীনতা’ৰ বাণী কঢ়িয়াই পৃথিৱীৰ বিভিন্ন ঠাইত এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰ মাজত এক জাতীয় বজাৰৰ ওপৰত ভিত্তি কৰি শিল্প বিপ্লৱৰ জৰিয়তে। শিল্প বিপ্লৱৰ দাৰ্শনিক ভিত্তি আছিল নিউটনীয় বিজ্ঞানৰ আধাৰত যান্ত্ৰিক বস্তুবাদ। শিল্প বিপ্লৱৰ আলমত পুঁজিপতি শ্ৰেণীৰ উত্থানৰ জৰিয়তে গণতান্ত্ৰিক সমাজ স্থাপনৰ বাবে হোৱা এই আন্দোলনক কোৱা হৈছিল নৱজাগৰণ বা ৰেনেচাঁ। মহান চিন্তাবিদ এঙ্গেলছে এই সংগ্ৰাম সম্পৰ্কে কৈছিল – “মানৱ সভ্যতাৰ ইতিহাসত পূৰ্বৰ সকলো বিপ্লৱতকৈ প্ৰগতিশীল বিপ্লৱ – যি মানসিকতা, আৱেগ, অনুভূতি আৰু চৰিত্ৰৰ ফালৰপৰা বিশাল আৰু এই মানৱতাবাদী বিপ্লৱে সৃষ্টি কৰিছিল অলেখ মহৎ চৰিত্ৰৰ।” (ভূমিকা, ‘ডায়লেটিকছ অফ নেচাৰ’)
কোনো এখন ঠাই বা অঞ্চলত কোনো এটা যুগত এজন প্ৰতিভাৱান মানুহ বা মনীষীৰ আবিৰ্ভাৱ সেইখন সমাজ বিকাশৰ এটা বিশেষ স্তৰত ঠাইখনৰ এটা সামাজিক প্ৰয়োজন, সামাজিক চাহিদা বা সমাজ আকুতিক ভিত্তি কৰিয়েই ঘটে। সেই কাৰণেই মহাপুৰুষ শঙ্কৰদেৱৰ যুগত জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগত মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভাৱ সম্ভৱ হোৱা নাছিল। সেই অৰ্থত মহাপুৰুষ শঙ্কৰদেৱ আৰু জ্যোতিপ্ৰসাদৰ আদৰ্শ-ভাবনা আৰু কৰ্মৰাজিক তেওঁলোকৰ সময়ৰ প্ৰেক্ষাপটতত তেওঁলোকৰ চিন্তাৰ সীমাবদ্ধতাৰ কথা মনত ৰাখি বুজিব লাগিব।
এখন গণতান্ত্ৰিক সমাজত থাকিব লগা মানৱতাবাদী ধাৰণাসমূহ – ব্যক্তি স্বাধীনতা, মানুহৰ মাজত সমতাৰ ধাৰণাৰপৰা নৰ-নাৰীৰ সমমৰ্যাদা, নৰ-নাৰীৰ মাজত প্ৰেমৰ সামাজিক স্বীকৃতিৰ ধাৰণালৈকে সকলো হৈছে নৱজাগৰণ বা ৰেনেচাঁৰ ফচল। বহুমুখী প্ৰতিভাধাৰী জ্যোতিপ্ৰসাদৰ স্বল্পায়ু অথচ বহু দিশত সমৃদ্ধিশালী শিল্পীজীৱনত প্ৰবন্ধ-গল্প-উপন্যাস-কবিতা-নাটক-গান-চিনেমা সকলোতে ফুটি উঠিছে মানুহৰ হৃদয়তন্ত্ৰত স্পৰ্শ কৰি যোৱা এই মানৱতাবাদী মতাদৰ্শৰ সুৰ। মাত্ৰ ১৪ বছৰীয়া নাবালক জ্যোতিপ্ৰসাদে লিখি উলিওৱা ‘শোণিত কুঁৱৰী’ নাটকখনৰ বিষয়ে অতুলচন্দ্ৰ হাজৰিকাৰ ভাষাত – ‘প্ৰাচীন লোকগাথাৰ নান্দনিক ঐশ্বৰ্য আৰু বক্তব্যক আধুনিক সময়ৰ ভাষা আৰু ষ্টাইলেৰে নতুনকৈ তুলি ধৰাৰ সফল প্ৰয়াস।’ ইয়াৰ পাছত লিখা ‘কাৰেঙৰ লিগিৰী’ নাটকৰ যোগেদি জ্যোতিপ্ৰসাদে বলিষ্ঠভাৱে ফুটাই তুলিছিল সামাজিক অন্যায় আৰু বিধি-নিষেধৰ বিৰুদ্ধে ব্যক্তিৰ সংগ্ৰাম, আশা-আকাংক্ষা আৰু মুক্তিৰ আকুতি। সেয়া আছিল ৰেনেচাঁৰ ৰোমান্টিচিজম – সামন্তবাদী সমাজত ধনী-দুখীয়াৰ মাজৰ বান্ধোন ছিঙি, ধন-মানৰ ঊৰ্ধ্বত প্ৰেমত পৰাৰ স্বাধীনতাৰ স্বীকৃতি নোপোৱা দুটি নবীন হৃদয়ৰ আত্মহত্যাৰ দৰে কৰুণ পৰিণতি উপস্থাপনেৰে সামন্তবাদী সমাজৰ প্ৰতি ঘৃণা সৃষ্টি কৰাৰ এক সফল প্ৰয়াস।
দেশপ্ৰেমিক জ্যোতিপ্ৰসাদে কংগ্ৰেছৰ তেজপুৰ সেৱাদলৰ অধিনায়ক আৰু সংগঠক হিচাপে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি জে’ললৈ গৈছিল। ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে একত্ৰিত হোৱা বিভিন্ন আদৰ্শ তথা চিন্তাত বিশ্বাসী দল আৰু লোকৰ এখন মঞ্চ (Platform) কংগ্ৰেছৰ মাজত প্ৰধানতঃ দুটা পথেৰে স্বাধীনতা বিচৰা লোকৰ সমাবেশ ঘটিছিল৷ এচামে বিচাৰিছিল জাতীয় অভ্যুত্থান বা গণবিপ্লৱৰ জৰিয়তে ব্ৰিটিছক ভাৰতবৰ্ষৰপৰা খেদি স্বাধীন ভাৰত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা – যি আছিল আদৰ্শগতভাৱে যৌৱনোদ্দীপ্ত, আপোচহীন আৰু বৈপ্লৱিক ধাৰা আৰু আন এচামে বিছাৰিছিল ব্ৰিটিছৰ লগত আপোচ কৰি ক্ষমতা হস্তান্তৰ কৰা – যিটোৱে ক্ষমতা দখলৰ বাবে উদগ্ৰীৱ হৈ থকা ভাৰতৰ উঠি অহা পুঁজিপতি-বুৰ্জোৱা শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছিল৷ দেশবন্ধু চিত্তৰঞ্জন দাস, লালা লাজপত ৰায়, নেতাজী সুভাষচন্দ্ৰ বসু, বিদ্যাসাগৰ, শৰৎচন্দ্ৰ, নজৰুল ইছলাম, প্ৰেমচন্দ, ভগৎ সিং আদি মহান মানৱতাবাদী চিন্তাবিদসকলৰ দৰে জ্যোতিপ্ৰসাদো আছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ যৌৱনোদ্দীপ্ত আৰু বিপ্লৱাত্মক আপোচহীন ধাৰাটোৰ প্ৰতিনিধি। জ্যোতিপ্ৰসাদৰ সেই মনোভাব প্ৰতিফলিত হৈছে তেওঁৰ সাহিত্য-শিল্প-কৰ্মত।
ভাৰতবৰ্ষৰ কিছুমান বামপন্থীৰ মতে ভাৰতবৰ্ষত এতিয়াও হেনো ৰেনেচাঁ বা নৱজাগৰণ আন্দোলন হোৱাই নাই। তেওঁলোকৰ মতে ভাৰতবৰ্ষ হৈছে অৰ্ধ-সামন্ততান্ত্ৰিক, সাম্ৰাজ্যবাদৰ বহতীয়া পুঁজিবাদী ৰাষ্ট্ৰ। যদি সেয়া সঁচা হ’লহেঁতেন তেনেহ’লে এই বিশ্বায়নৰ যুগৰ তীব্ৰ প্ৰতিযোগিতামূলক বিদেশৰ বজাৰত বৰ্তমান সময়ত ভাৰতবৰ্ষৰ পুঁজিপতি আম্বানী, মিট্টাল আদিয়ে ইমান দপদপাই স্বাধীনভাৱে নিজৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰি বিশ্বৰ আগশাৰীৰ পুঁজিপতিৰ মাজত স্থান অধিকাৰ কৰিব নোৱাৰিলেহেঁতেন। প্ৰকৃত সত্য হৈছে, ভাৰতত কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ মাজেদি ভাৰতীয় জাতি গঠনৰ প্ৰক্ৰিয়া আৰু পুঁজিবাদী সমাজ প্ৰতিষ্ঠাৰ বাবে ৰেনেচাঁ সংগ্ৰাম এনে এটা সময়ত হৈছিল যেতিয়া বিশ্বত পুঁজিবাদে ইতিমধ্যে সাম্ৰাজ্যবাদৰ পিনে অগ্ৰসৰ হৈ তাৰ বৈপ্লৱিক চৰিত্ৰ হেৰুৱাই পেলাইছিল আৰু পৃথিৱীৰ এক-তৃতীয়াংশ দেশত সমাজ প্ৰগতিৰ স্বাৰ্থত পুঁজিবাদী সমাজক নাকচ কৰি জনগণে সমাজবাদী সমাজক আঁকোৱালি লৈছিল। তাৰোপৰি ভাৰতত পুঁজিবাদ গঢ়ি উঠিছিল ইয়াৰ চাৰিওফালে থকা সামন্তবাদী সম্পৰ্কৰ মাজতে বিদেশী বণিক পুঁজিৰ অধীনত৷ ভাৰতীয় বুৰ্জোৱা শ্ৰেণীয়ে ভাৰতত পুঁজিবাদী গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল যদিও তেওঁলোক আছিল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয় মুক্তিৰ বাবে গঢ়ি উঠা আপোচহীন ধাৰাটোৰ বিৰোধী, কিয়নো তেওঁলোকৰ এই আশংকাত ভুগিছিল যে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আপোচহীন বিপ্লৱী জাতীয় মুক্তি আন্দোলন সফল হ’লে ই দেশৰপৰা মাথোন সাম্ৰাজ্যবাদী শোষককেই উৎখাত কৰি ক্ষান্ত নহ’ব, স্বাধীনতা আন্দোলনৰ নেতৃত্বৰপৰা বুৰ্জোৱা শ্ৰেণীক উচ্ছেদ কৰি দেশত পুঁজিবাদী শাসন প্ৰতিষ্ঠাৰ সকলো সম্ভাৱনা নোহোৱা কৰি পেলাব৷ এহাতে সাম্ৰাজ্যবাদৰ বিৰোধিতা আৰু আনহাতে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনসাধাৰণৰ আপোচহীন বিপ্লৱী জাতীয় মুক্তি আন্দোলনৰ ধাৰাটোৰ প্ৰতি চূড়ান্ত ভয়ৰ বাবে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীৰ জাতীয়তাবাদী অংশ হৈ পৰে সংস্কাৰমূলক বিৰুদ্ধবাদী৷ অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মান্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত বিজ্ঞানসন্মত পুঁজিবাদী গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাত বলিষ্ঠ ভূমিকা লোৱাৰ পৰিবৰ্তে সামন্তবাদী ভাবধাৰাৰ প্ৰতি ই হৈ পৰে সমানেই আপোচকামী৷ ইয়াৰ ফলস্বৰূপে ফ্ৰান্স, ইংলণ্ডসহ ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকা, কানাডা আদি দেশত নানা জনগোষ্ঠী থকা সত্ত্বেও সুসংহত এখন দেশ-এটা জাতি গঢ়ি তোলাৰ সংগ্ৰাম কৰাৰ দৰে ভাৰতৰ জাতীয় বুৰ্জোৱা শ্ৰেণীয়ে অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মান্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত সমাজক গণতন্ত্ৰীকৰণ কৰাৰ লগতে ভাৰতৰ বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী জনগোষ্ঠীসমূহৰ একত্ৰীকৰণৰ মাজেৰে এটি অখণ্ড জাতি গঠনৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ কাম সমাধা কৰিব নোৱাৰিলে৷ গতিকে ভাৰতীয় জনসাধাৰণ সাম্ৰাজ্যবাদবিৰোধী স্বাধীনতা সংগ্ৰামৰ মাজেৰে ৰাজনৈতিকভাৱে এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেদি এটা জাতিৰূপে গঢ়ি উঠিল যদিও জাতি-ধৰ্ম-ভাষা-বৰ্ণ-গোষ্ঠীৰ ভিত্তিত সামাজিক আৰু সাংস্কৃতিকভাৱে হৈ থাকিল বিভিন্ন সম্প্ৰদায়ত বিভক্ত আৰু বিভিন্ন সামন্তবাদী মূল্যবোধত আসক্ত। ১৯৪৭ চনৰ ১৫ আগষ্টত সাম্ৰাজ্যবাদ আৰু সামন্ততন্ত্ৰৰ সৈতে আপোচমুখী ‘সংস্কাৰপন্থী বিৰুদ্ধবাদী’ কংগ্ৰেছৰ নেতৃত্বত ভাৰতবৰ্ষত গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ জৰিয়তে কিছু পৰিবৰ্তন আহিলেও গণতন্ত্ৰৰ নামত শোষণমূলক সমাজব্যৱস্থাহে প্ৰতিষ্ঠা হোৱাত ইয়াৰ স্বৰূপ দেখি জ্যোতিপ্ৰসাদে কৈ উঠিছিল – ‘…স্বাধীনতা আহিল…মানুহৰ তেজৰে, চকুৰ পানীৰে আৰু আমি আজি সেই স্বাধীনতাক কলুষিত কৰিলোঁ আমাৰ দুৰ্নীতিৰে, আমাৰ নৈতিক অধঃপতনৰে।’ (বিয়াল্লিছৰ কাহিনী) আৰু কৈছিল -‘সিদিনালৈকে দেৱতা যেন দেখা আমাৰ দেশৰ নেতাসকলক আজি জনতাই কিয় সন্দেহ কৰিবলৈ ধৰিছে? সকলো ৰাষ্ট্ৰক্ষমতা হাতত থকা, জনশক্তিৰ ওপৰত সুপ্ৰতিষ্ঠিত হৈ থকা বুলি ভবা আমাৰ জাতীয় গৱৰ্নমেন্ট কিয় দেশত থকা মুষ্টিমেয় চোৰাং কাৰবাৰীক ইমান দিনে উভালি পেলাব পৰা নাই?…আজীৱন কংগ্ৰেছ কৰ্মী, কোনো ত্যাগলৈ কুন্ঠা নকৰি কংগ্ৰেছৰ নিৰ্দেশ পালন কৰি অহা শিল্পী মই আজি অন্তৰে অন্তৰে অনুভৱ কৰিছো যে There is something wrong in the State of Denmark.’ (শিল্পীৰ পৃথিৱী)
জাতীয়তাবাদ গঢ়ি তোলাত সদায় উন্নত চিন্তা-চেতনাৰে আগৰণুৱা শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ এক ঐতিহাসিক নেতৃত্বকাৰী ভূমিকা থাকে। ব্ৰিটিছে সৰু-বৰ বিভিন্ন জনগোষ্ঠীয় ৰজাৰ শাসনৰ অধীনত থকা পিছলৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পৰিণত হোৱা সমগ্ৰ অঞ্চল অধিকাৰ কৰি এক প্ৰশাসনিক ৰাজনৈতিক ব্যৱস্থাৰ অধীনত অনাৰেপৰা বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ প্ৰগতিশীল লক্ষ্যৰে অসমীয়া জাতীয়তাবাদ গঠনত ভূমিকা লৈছিল প্ৰধানতঃ শিক্ষিত মধ্যবিত্ত বৰ্ণহিন্দুসকলকে ধৰি অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে। অসমীয়া জাতীয়তাবাদ গঢ়ি তোলাৰ প্ৰক্ৰিয়াত দুটা ধাৰাৰ প্ৰভাৱ দেখা যায়৷ এটা ধাৰা হৈছে এক স্বল্পায়ু প্ৰতিভা আনন্দৰাম ঢেকিয়াল ফুকনে (১৮২৯-১৮৫৯) দাঙি ধৰা হিন্দু জাত-পাত-বৰ্ণৰ ধ্যান-ধাৰণাৰ ভিত্তিত অহিন্দু বিশাল জনজাতি ভাই-ভনীসকলক এলাগী কৰি সৃষ্টি কৰা অসমীয়া জাতীয়তাবাদৰ ধাৰণা৷ সেই সময়ৰ জাত-পাত-ধৰ্ম-বৰ্ণত বিভক্ত আৰু পুৰোহিত-তন্ত্ৰৰ অনুশাসন আৰু লোকাচাৰৰ নাগপাশত আবদ্ধ অসমৰ সামাজিক পৰিস্থিতিত উদাৰ মানৱতাবাদী গণতান্ত্ৰিক চিন্তা-চেতনাৰ অভাৱত এই ধাৰাৰদ্বাৰা প্ৰভাৱিত হোৱা বহুতৰে মানসিকতাত হিন্দুধৰ্মীয় জাত-পাতৰ ধাৰণা থকাটো একো আচৰিত কথা নহয় আৰু নিশ্চিতভাৱে শাসকৰ ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতিৰ কু-প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে৷ আনটো দাঙি ধৰিছিল উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গীক প্ৰতিনিধিত্ব কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮)ই পাশ্চাত্য শিক্ষা-প্ৰণোদিত আধুনিক মানৱতাবাদী চিন্তা-ভাবনা আৰু ঐক্যবদ্ধ বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ পথ নিৰ্দেশনা দিয়া অসমীয়া বৈষ্ণৱ ধৰ্মৰ উদাৰ মানসিক পৰিমণ্ডলটোৰ আঁত ধৰি৷ যি প্ৰক্ৰিয়াত জনজাতিসকলক হেয় জ্ঞান কৰা গোড়া ব্ৰাক্ষণ্যবাদী আনন্দৰাম ঢ়েকিয়াল ফুকনৰ দৰে লোকৰ চিন্তাই মানুহৰ ওপৰত প্ৰভাৱ পেলাইছিল সেই একে প্ৰক্ৰিয়াত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গীক প্ৰতিনিধিত্ব কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মহান লোকৰ চিন্তায়েও বহুসংখ্যক লোকৰ ওপৰত প্ৰভাৱ পেলাইছিল৷ প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধসম্পন্ন ধৰ্ম-জাত-পাত-বৰ্ণ-ভাষাৰ গোড়ামিৰ ঊৰ্ধত সকলোকে সম দৃষ্টিৰে এখন বিশাল সমাজৰ পৰিধিলৈ আদৰিব খোজা এই ধাৰাৰপৰা আমি শিক্ষা গ্ৰহণ কৰিব লগীয়া সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি হৈছে জ্যোতিপ্ৰসাদ৷ সমাজৰ মাজত ধনী-দুখীয়া, শোষক-শোষিতৰ বিভাজন লক্ষ্য কৰাৰ লগতে জ্যোতিপ্ৰসাদে বিচাৰিছিল সমাজৰ শতকৰা নব্বৈ ভাগ জনতা – খাটিখোৱা মানুহৰ ঐক্য। জ্যোতিপ্ৰসাদে সেই সময়ৰ অবিভক্ত অসমত অসমীয়া মানে বুজিছিল –
“ময়েই খাছীয়া/মই জয়ন্তীয়া/ডফলা-আবৰ-অঁকা/ময়ে চিংফৌ/ভৈয়ামৰ মিৰি/সোৱণশিৰীয়া ডেকা/বিজয়ী আহোম কাছাৰী-কোঁচৰ/মেছৰ কুমাৰ মই/ৰাজবংশীয় ৰাভা/কপালত জ্বলে শত গৌৰৱ আভা/মই/লালুং-চুটীয়া/লুচাই-মিকিৰ-গাৰো/মিছিমি-খামতি/নগা-আঙ্গামী বীৰ/পৰ্বতে-পাহাৰে/জ্বলিছে উচ্চ শিৰ/সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা/চাহ-বাগিচাৰ ময়েই বনুৱা/ন-অসমীয়া মৈমনছিঙীয়া/থলুৱা নেপালী/ নৃত্য-কুশলী মণিপুৰীয়া মই।” (অসমীয়া ডেকাৰ উক্তি)
জ্যোতিপ্ৰসাদে বিশ্বভ্ৰাতৃত্ববোধৰ চিন্তাও গ্ৰহণ কৰিছিল। তেওঁ কৈছিল – ‘বিশ্ববৈচিত্ৰ্য ৰক্ষা কৰিবলৈ আমি আমাৰ অসমীয়া সভ্যতা-সংস্কৃতি ৰক্ষা কৰিবলৈ যি চিন্তা বা কৰ্ম কৰিম সি সঙ্কীৰ্ণ প্ৰাদেশিকতা হ’ব নোৱাৰে। কিন্তু আমি যদি আমাৰ সভ্যতা-সংস্কৃতি এই সাৰ্বভৌম আদৰ্শৰপৰা আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বৰচাপৰিতেই এৰাল দি থওঁ তেন্তে আমাৰ মনটো অসমৰ গৰুৰ দৰেই টিলিকা হৈ থাকিব। আমাৰ সংস্কৃতি, সাহিত্য, কলা, সকলোৱেই থাকিব অসমৰ নামঘৰত পৰি।… … বিশ্ববৈচিত্ৰ্যবোধৰ ভাবেৰে সকলো জাতি, মহাজাতি, উপজাতিয়ে নিজৰ সভ্যতা-সংস্কৃতি গঢ়িবলৈ আগ বাঢ়িলে তাত আৰু সংঘৰ্ষৰ ঠাই ক’ত? … অসমীয়া ভৈয়ামীয়াসকলেও তেতিয়া আমাৰ অসমৰ জনজাতিসকলৰ সভ্যতা সংস্কৃতি যে ৰক্ষা কৰিব লাগিব তাকো বুজিব পাৰিব ভালকৈয়ে।’ (অসমীয়া স্থাপত্যৰ নৱৰূপ)
জ্যোতিপ্ৰসাদে ‘নতুনৰ পূজা’ লিখনিত মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ সময়ত বহুধাবিভক্ত অসমৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ ইতিহাসক বিজ্ঞানসন্মত পদ্ধতিৰে বিশ্লেষণ কৰাৰ কথা উল্লেখ কৰি কৈছে যে অসমৰ পৰ্বতে-ভৈয়ামে জকমকাই থকা নানা ভাষা-ভাষী মানুহৰ বিচিত্ৰ সংস্কৃতি, তেওঁলোকৰ মাতৃভাষা, দোৱান আদি এৰিবলৈ কোৱাটো মহাপুৰুষজনাৰ সমন্বয় নীতিৰ ফালৰপৰাও অসঙ্গত। শঙ্কৰদেৱে সংস্কৃতিৰ এই সমন্বয় কৰিবলৈ যাওঁতে যেনেকৈ নিজৰ ভিতৰত বৈপ্লৱিক ৰূপান্তৰ ঘটাইছিল, সেইদৰে যাৰ সৈতে সমন্বয় কৰিছিল তাৰো জাতীয় ৰীতি-নীতি, বৈশিষ্ট্য নষ্ট হ’বলৈ নিদিয়াকৈ নতুন সংস্কৃতিৰ পোহৰত চালি-জাৰি অসমীয়া সংস্কৃতিৰ এক নৱ প্ৰকাশ ঘটাব বিচাৰিছিল। কাৰণ জ্যোতিপ্ৰসাদে তেতিয়াই বুজিছিল যে অসমীয়াভাষীসকলে যেনেকৈ নিজৰ ভাষা-সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰে, নগা, মিজো, খাচিয়া, গাৰো, বড়ো, ৰাভা, মিচিং বা কাৰ্বি এজনেও নিজ নিজ মাতৃভাষা-সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰে। এটা স্বাভাৱিক সুস্থ পৰিবেশত সমতাৰ ভিত্তিত দীৰ্ঘদিনৰ আদান-প্ৰদানৰ মাজেৰে সংমিশ্ৰণৰ বিজ্ঞানসন্মত প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কথা তেতিয়াই তেওঁ উপলব্ধি কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত আমাৰ দেশত চলা স্বাধীনতা সংগ্ৰামৰ সময়ত যেতিয়া ভাৰতীয় জাতীয়তাবোধে জীৱন্তৰূপে কাম কৰি আছিল তেতিয়া এই অঞ্চলৰ সকলো মানুহক এটা ঐক্যবদ্ধ সমূহীয়া জনগোষ্ঠীলৈ ৰূপান্তৰিত কৰাৰ পূৰ্ণ সুযোগ আছিল যদিও কংগ্ৰেছে ইয়াৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ কাম হাতত নল’লে৷ কিন্তু তাৰ পৰিবৰ্তে ৰাজ্যখনত স্বাধীনোত্তৰ অধিক কাল ক্ষমতাসীন কংগ্ৰেছ দলে ব্ৰিটিছৰ দৰে ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতি অনুসৰণ কৰায়েই নহয়, অধিক বৃদ্ধি কৰাৰ চেষ্টাত লিপ্ত হৈ অসমৰ কিছুমান জনগোষ্ঠীয়ে বিচৰা নিবিচৰাকৈয়ো স্বায়ত্তশাসিত আৰু উন্নয়ন পৰিষদসমূহ গঠন কৰি অসমৰ জনগণক বহুধাবিভক্ত কৰি পেলালে।
আজি বিশ্বায়নে অৰ্থনীতিক বিশ্বায়িত কৰাৰ ফলত পণ্য প্ৰযুক্তি আৰু তথ্যৰো বিশ্বব্যাপী অবাধ যাতায়াত হৈছে। ইয়াৰ ফলত আজি বাতৰিকাকত-আলোচনী, ডিস্ক টিভি, স্মাৰ্টফোন, ইন্টাৰনেট আদিয়ে আমেৰিকান কালচাৰৰ নামত এক ভোগবাদী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ সমগ্ৰ বিশ্বতে ঘটাইছে। ই সাধাৰণ মানুহৰ জীৱনলৈ কঢ়িয়াই আনিছে অভূতপূৰ্ব সামাজিক আৰু সাংস্কৃতিক সংকটৰ বীজাণু। এই অনৈতিক অমানৱীয় পৰিকল্পনাত আছে এক অধঃপতিত নৈতিক-সাংস্কৃতিক ধ্যান-ধাৰণা। কৃত্ৰিম এই সংস্কৃতিৰ জন্ম ক্ষয়িষ্ণু পুঁজিবাদী অৰ্থনীতিৰ মুনাফাৰ লোভ আৰু বৈজ্ঞানিক মানসিকতাৰপৰা বিচ্যুত প্ৰযুক্তিৰ হাতত ধৰি। ইয়াৰ মূল কথা হল কনজুমাৰিজিম বা ভোগবাদ। উন্নত প্ৰযুক্তিৰ হাতত ধৰি ভাইৰাছৰ দৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে এই বিকৃতি। এই ভয়ঙ্কৰ প্ৰচাৰৰ ষ্ট্ৰিমৰোলাৰত উন্নত পুঁজিবাদী দেশবোৰতকৈয়ো বেছিকৈ পিষ্ট হৈছে দৰিদ্ৰ দেশৰ কিশোৰ-কিশোৰীসকল। ইয়াৰ প্ৰভাৱ পৰিছে আমাৰ বিহু উদযাপনৰ ওপৰতো। আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনতো ভৰি পৰিছে স্থূল চিন্তা, অদ্ভূত বেশভূষা, যৌনতা, অবাস্তৱতা, উদ্দেশ্যহীনতা। এই ক্ষেত্ৰত এজন প্ৰকৃত শিল্পীৰ কৰ্তব্য সন্বন্ধে জ্যোতিপ্ৰসাদে ‘শিল্পীৰ পৃথিৱী’ শীৰ্ষক প্ৰবন্ধটিত কৈছিল – ‘এই জনতাক শিল্পীৰূপ দি, সংস্কৃতি এই জনতাৰ হাতত পৃথিৱীখন দিয়াই শিল্পীৰ পলিটিক্স। এই জনতাক খাই বৈ সুস্থ-সবল হৈ শিল্পীৰূপে প্ৰকাশ হ’বলৈ সকলো বাস্তৱিক সুযোগ-সুবিধা দিয়াই শিল্পীৰ অৰ্থনীতি। যি সমাজৰ গাঁথনিত, মাথোন সকলো শিল্পী প্ৰকাশৰ-বিকাশৰ সমান অধিকাৰ সুযোগ-সুবিধা সেয়েই শিল্পীৰ সমাজনীতি। যি প্ৰকাৰৰ সংঘাতৰেই দুষ্কৃতিৰ বিনাশ হ’ব সেয়াই শিল্পীৰ সমৰ-নীতি।….আজি সকলো কথাকেই জনতাৰ কল্যাণৰ কষটি শিলত ঘঁহি সি আচল সোণ নে পিতল পৰীক্ষা কৰি চাব লাগিব। যি অৰ্থনীতিৰদ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী। সি সাংস্কৃতিক অৰ্থনীতি নহয়, সি দুষ্কৃতিমূলক অৰ্থনীতি। সাম্ৰাজ্যবাদ আৰু পশ্চিমীয়া যি ধনতন্ত্ৰবাদৰ অৰ্থনীতি সি দেখাতেই দুষ্কৃতিমূলক।…. এই দুই অৰ্থনীতি আমাৰ নিশ্চয় শিল্পীৰ নহয়।’ গতিকে আজি শিল্প-সংস্কৃতিৰ চৰ্চাৰ উদ্দেশ্য হোৱা উচিত এই ভোগবাদী অধঃপতিত নৈতিক সংস্কৃতি অৰ্থাৎ দুষ্কৃতিৰ বিনাশৰ বাবে শিল্প-সংস্কৃতিক ব্যৱহাৰ কৰা, তাৰ আলম লৈ শিল্প-সংস্কৃতি চৰ্চা কৰা নহয়। জ্যোতিপ্ৰসাদৰ মতে মাথোঁ শিল্প-সাহিত্য সৃষ্টি কৰিলেই নহ’ব, যি শিল্পী-সাহিত্যিকে মানুহৰ জীৱন সাংস্কৃতিক কৰি তোলে, প্ৰগতিৰ পথ দেখুৱায় তেৱেঁই যথাৰ্থ শিল্পী। তেওঁৰ সাহিত্য-সংস্কৃতি-প্ৰেম-ভালপোৱা-দৰদী হৃদয়বৃত্তি সকলো আহিছে সমাজৰ অত্যাচাৰিত, বঞ্চিত মানুহৰ প্ৰতি আন্তৰিক ভালপোৱা, দায়বদ্ধতা আৰু তেওঁলোকৰ বাবে এখন সুন্দৰ শোষণহীন সমাজ গঢ়িব খোজাৰ আকুতিৰপৰা। সেয়াই হৈছে প্ৰকৃত জনতাৰ শিল্পীৰ লক্ষণ। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰো এজন বাটকটীয়া। পিছে তেওঁ আজি বহুতৰ দৰে চলচ্চিত্ৰৰ ৰঙীন চৌখিনতাত ভোল যোৱাৰ পৰিবৰ্তে চলচ্চিত্ৰকো সংগ্ৰামৰ আহিলা হিচাপে বিবেচনা কৰিছিল। তেওঁ ভাৰতৰ প্ৰথমখন বাস্তৱবাদী সবাক ৰাজনৈতিক চলচ্চিত্ৰ ‘জয়মতী’ৰ জৰিয়তে নায়িকা জয়মতীয়ে ৰজাৰ ইমান অত্যাচাৰৰ পিছতো নিজে গিৰীহঁতৰ সম্ভেদ নিদি ৰজাৰ অত্যাচাৰ নিৰৱে সহি মৃত্য বৰণ কৰা ঘটনাৰ জৰিয়তে মহাত্মা গান্ধীৰ অহিংসাবাদৰ কথা প্ৰচাৰ কৰিব বিচাৰিছিল। সেইদৰে তেওঁৰ নাটক ‘খনিকৰ’ত আছে নাৰী স্বাধীনতাৰ বাণী আৰু ‘লভিতা’ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আপোচহীন আদৰ্শৰে গঠিত আজাদ হিন্দ ফৌজৰ দেশপ্ৰেমৰ এক আপোচহীন সংগ্ৰামী চেতনা।
জ্যোতিপ্ৰসাদে তেওঁৰ সময়ৰ আদৰ্শৰ প্ৰেক্ষাপটত ভাৰতীয় আৰু অসমীয়া সমাজৰ গৰ্ভত জন্ম হোৱা নৱজাগৰণ বা ৰেনেচাঁৰ আকংক্ষাক বাস্তৱ ৰূপ দিবলৈ গৈ কি পথ গ্ৰহণ কৰিছিল, তাৰ যথাৰ্থ উপলব্ধিৰ ভিত্তিত আজিৰ ভিন্ন পৰিস্থিতিত শিল্প-সাহিত্য সম্পৰ্কে, আজিৰ দিনৰ সমাজ সম্পৰ্কে বিজ্ঞানসন্মত যুগোপযোগী ধাৰণা গঢ়ি তোলাৰ বাবে জ্যোতিপ্ৰসাদৰ জীৱন সংগ্ৰামৰপৰা শিক্ষা গ্ৰহণ কৰাই হ’ব তেওঁৰ প্ৰতি যথাৰ্থ শ্ৰদ্ধা জ্ঞাপন। দেশৰ শোষিত মানুহ, ছাত্ৰ-যুৱকক অনুপ্ৰেৰণা যোগাবলৈ জ্যোতিপ্ৰসাদ প্ৰকৃতপক্ষে কেনেধৰণৰ আপোচহীন বিপ্লৱী মনীষী আছিল, সত্যৰ বাবে, দেশৰ শোষিত মানুহৰ বাবে, যি আন্তৰিকতাৰে সমাজৰপৰা অত্যাচাৰ, অনাচাৰ, বৈষম্য দূৰ কৰাৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল তাৰ বহল চৰ্চা হোৱা উচিত। কাৰণ তেওঁৰ দৰে এজন মহান বহুমুখী বিপ্লৱী মানৱতাবাদী মনীষীৰ চিন্তা, আদৰ্শ আমি গ্ৰহণ কৰি আমাৰ মাজত বিলীন নকৰাকৈ আজিৰ যুগত উত্তৰণৰ বাবে প্ৰয়োজনীয় তাতোকৈ উন্নত সমাজবাদী আদৰ্শ-সংস্কৃতি আমি গঢ়ি তুলিব নোৱাৰো, কাৰণ তেওঁ য’ত শেষ কৰিছে তাৰপৰায়েই আমি আৰম্ভ কৰিব লাগিব।