কেন্দ্ৰীয় নিবন্ধ

ভাষিক জাতীয়তাবাদ আৰু মৃত্যুমুখী অসমীয়া জাতি-(মনোৰঞ্জন বৰদলৈ)

প্ৰস্তাৱনা:

সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন জাতি-উপজাতি-জনজাতিৰ লোকৰ মাজত বিচ্ছিন্নতাকামী বা আত্মপৰিচয় সন্ধানী ভাৱধাৰা তীব্ৰ হৈ পৰাটোৱে জাতিটোৰ অন্ধকাৰাচ্ছন্ন ভৱিষ্যতৰেই ইংগিত বহন কৰে। একোটা জাতি (Community) বা এখন সংঘবদ্ধ সমাজে গাইগুটীয়াকৈ নিজৰ অস্তিত্ব অথবা পৰিচয় সম্পৰ্কত প্ৰশ্ন কৰিব লগা পৰিস্থিতিয়ে বোধকৰোঁ দুটি সম্ভাৱনীয়তাই বহন কৰে – (ক) এইয়া এটা জাতিৰ ধ্বংসৰ আৰম্ভণি বা (খ) একোটা জাতিৰ পুণৰ নিৰ্মাণ বা পুণৰ গঠনৰ প্ৰস্তুতি। প্ৰথমটো সম্ভাৱনীয়তা আমাৰ কাম্য নহয় আৰু দ্বিতীয়টো প্ৰাকৃতিক নহয়।

অসমীয়া জাতিগঠনৰ প্ৰক্ৰিয়াটো আৰম্ভণিতেই কেৰোণে ধৰা। ক্ৰমান্বয়ে এই কেৰোণসমূহে বিস্তাৰ লাভ কৰি আজি এক জটিল পৰিস্থিতি ধাৰণ কৰিছে। একোটা সমাজ ব্যৱস্থাৰ অভ্যন্তৰত চলি থকা এনেধৰণৰ কেৰোণসমূহে জাতিটোক ধীৰে ধীৰে ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ প্ৰচুৰ সম্ভাৱনা বহন কৰে। গতিকে সময় থাকোঁতেই ধ্বংসৰ কাৰকসমূহ চিনাক্ত কৰি প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহন কৰাটো এটা সভ্য জাতিৰ বাবে অতিশয় প্ৰয়োজনীয়।

অসমীয়াজাতি:

বৰ্তমানৰ অসমীয়া জাতিটো বা ভাষিক জাতীয়তাবাদৰ ধাৰণাটো তুলনামূলক ভাবে নতুন – ১৪৭ বছৰীয়া। বৃটিছে প্ৰশাসনিক সুবিধাৰ্থে ১৮৭৩ চনত উজনিৰ কথিত ভাষাটোক চৰকাৰী অসমীয়া মান্য ভাষাৰ মৰ্যদা দি ১৮৭৪ চনত অসম নামৰ ভৌগোলিক ভূখণ্ড তৈয়াৰ কৰি বংগদেশৰ পৰা পৃথক প্ৰশাসনিক এলেকা ৰূপে চিহ্নিত কৰিলে। এই পৃথক ভূখণ্ডত সেইসময়ৰ সম্পূৰ্ণ আহোম ৰাজ্য, কছাৰী ৰাজ্য, কোচ ৰাজ্যৰ একাংশ, তিনিটা পাহাৰীয়া অঞ্চল (নগা পাহাৰ, খাচী পাহাৰ,আবৰ ডফলা পাহাৰ) আৰু শ্ৰীহট্ট অন্তৰ্ভূক্ত হ’ল। বৃটিছে গঠন কৰা এই অসম নামৰ ভূখণ্ডত অন্তৰ্ভূক্ত দেশীয় ৰাজ্য সমূহৰ মাজত প্ৰশাসনিক বা ভাষিক ভাবে কোনো মিল বা সমসত্ব নাছিল। আনকি উজনি অসমৰৰ কথিত ভাষাটোক চৰকাৰী অসমীয়া মান্য ভাষাৰ মৰ্যদা বা ৰাজ্য ভাষাৰ মৰ্যদা দিয়াৰ আপত্তি তুলি নামনি অসমৰ মধ্যবৃত্ত শ্ৰেণীয়ে বৃটিছ প্ৰশাসনলৈ পত্ৰও প্ৰেৰণ কৰিছিল। অসমীয়া জাতিগঠনৰ আৰম্ভণিতে ভাষাক লৈ যি অসন্তুস্তিৰ বীজ সোমাল সি আজিও অন্ত পৰা নাই।

ঔপনিৱেশিক প্ৰয়োজনীয়তাত ভাষাক আধাৰ কৰি অসমীয়া জাতিটো সৃষ্টি হ’ল যদিও জাতিটোৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে এই ১৪৭ বছৰো কিন্তু বৰ কম সময় নহয়! এই ১৪৭ বছৰত অসমীয়া জাতিটোৱে পূৰ্ণতা পোৱাৰ পৰিৱৰ্তে ভাঙোনমূ়খী হৈ অস্তিত্বৰ সংকটত ভূগিছে। এই জাতীয় সংকটৰ কাৰণ আৰু নিৰাময়ৰ উপায় নিৰ্ধাৰণ কৰাটো নি:সন্দেহে বৰ্তমান অসমীয়া সমাজত এক ডাঙৰ প্ৰত্যাহ্বান।

জাতিগঠনৰ আধাৰ: ভাষা, ধৰ্ম নে আন কিবা?

একোটা ভৌগোলিক সীমাৰ ভিতৰত বাস কৰা ভিন ভিন জনসমস্তিয়ে একোটা একক গোট হিচাপে দীৰ্ঘ সময় বৰ্তি থাকিবলৈ হ’লে কিছুমান উমৈহতীয়া মৌলিক কাৰকে ক্ৰিয়া কৰিব লাগিব। সহজভাবে ক’বলৈ হ’লে সেই গোট সমূহৰ মাজত কিছুমান উমৈহতীয়া সাদৃশ্য (সমসত্বতা) বা পৰস্পৰ নিৰ্ভৰশীলতা থাকিব লাগিব। এই সমতা ভাষা, ধৰ্ম, সংস্কৃতি, জিনীয়, নিৰাপত্তাজনিত নে সংকটকাল সৃষ্ট পৰিস্থিতি সেইটো সমাজভেদে ভিন্ন হ’ব পাৰে। ওপৰোক্ত দিশৰ সমসত্ব সমাজ এখনত জাতিগঠন প্ৰক্ৰিয়াটো তুলনামূলকভাবে সুস্থিৰ। কিন্তু অসমৰ দৰে এক ভূখণ্ডত, অসমসত্ব ভাষা আৰু শাসন প্ৰণালীত অভ্যস্ত আৰু পৰস্পৰ অনিৰ্ভৰশীল এখিনি জনগোটক একত্ৰিত কৰি এক জাতি হিচাপে পৰিচয় দিবলৈ কৰা প্ৰক্ৰিয়াটো স্বাভাৱিকতেই অস্থিৰ আৰু সংবেদনশীল বিষয়।

অসমৰ ভাষিক জাতীয়তাবাদৰ প্ৰৱক্তা সকলৰ ধাৰণাত ভাষাটোৰ চৰ্চা আৰু প্ৰসাৰ যিমানেই বাঢ়িব, জাতিটো সিমানেই শক্তিশালী হ’ব। সেয়েহে হয়টো ভাষাক আধাৰ কৰি অসমখন বা অসমীয়া জাতিটো গঠন হোৱাৰ পাচতেই ভাষিক জাতীয়তাবাদে আগ্ৰাসী ভূমিকা লৈ জাতিগঠনৰ নামত সৰ্বস্তৰতে বিদ্বেষৰ বিষবাস্প বিয়পাই দিলে। অসমীয়া ভাষাৰ আগ্ৰাসী মনোভাৱে অন্য ভাষা-ভাষী সকলৰ অস্তিত্ব সংটাপন্ন কৰি ক্ষোভৰ সৃষ্টি কৰিলে।ভাষিক জাতীয়তাবাদক স্বাভাৱিক প্ৰক্ৰিয়াৰে আগ বাঢ়িবলৈ দি সংযোগী ভাষা হিচাপে অসমীয়াৰ ব্যৱহাৰ কৰা হ’লে হয়তো এই ক্ষোভৰ উদ্গীৰণ হোৱাৰ সুযোগ নাপালেহেঁতেন। উগ্ৰ ভাষিক জাতীয়তাবাদী সকলে বুজা উচিত যে ভাষাই যদি জাতিগঠনৰ একমাত্ৰ আধাৰ হ’লহেঁতেন তেনেহ’লে আজি একভাষী এ্খিনি মানুহ অন্ধ্ৰ আৰু তেলেঙ্গানা নামেৰে দুখন ৰাজ্যত বিভক্ত নহ’লহেঁতেন।

ঠিক সেইদৰে ধৰ্মও জাতিগঠনৰ মুখ্য আধাৰ হ’ব নোৱাৰে। তেনে হোৱা হ’লে পৃথিৱীৰ সকলো ইছলামধৰ্মী বা খ্ৰীষ্টানধৰ্মী লোক এক জাতি ৰূপে এখন দেশৰ বাসিন্দা হ’লহেঁতেন। কিন্তু বাস্তৱিকতে যে সেইয়া নহয় তাৰ উদাহৰণ নিস্প্ৰয়োজন।

কিছু কিছু ক্ষেত্ৰত দেখা যায় যে অৰ্থনৈতিক স্বাৰ্থই এখিনি জনসমস্তিক একগোট কৰি ৰখাত কিছুদূৰলৈ সফল হয়। উদাহৰণস্বৰূপে কানাডালৈ আঙুলিয়াব পাৰি। কানাডাৰ কুইবেক প্ৰদেশখনৰ আবাসীসকলহ’ল ফৰাচীভাষী। এই প্ৰদেশৰ আবাসীসকলৰ ভাষা-সংস্কৃতি বাকী ইংৰাজীভাষী সকলতকৈ পৃথক যদিও সম অৰ্থনৈতিক বিকাশে গোটেইখিনি বাসিন্দাক একেই কানাডিয়ান কৰি ৰাখিছে। এই ধৰণৰ ঐক্য তেতিয়ালৈকেহে সুস্থিৰ যেতিয়ালৈকে অৰ্থনৈতিক প্ৰয়োজনীয়তা বা নিৰ্ভৰশীলতা থাকিব।

অন্যহাতে আকৌ নিজ ভূখণ্ডৰ পৰা ষষ্ঠ আৰু একাদশ শতিকাৰ মাজতে বিচ্ছিন্ন হৈ ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰা ৰোমানিয়ান (জিপছী) সকলে নিজভূখণ্ড অবিহনেই আজিও এক জাতি হিচাপে পৰিচয় বহন কৰি আহিছে। অৱশ্যে ৰোমানিয়ান সকলৰ এ়ই একতাৰ কাৰণ হিচাপে জিনীয় গঠন বা বংশলতালৈ আঙুলিয়াব পাৰি। European Journal of Human Genetics ৰ মতে ৰোমাসকলৰ ৭০% পুৰুষেই একেই বংশলতাৰ বংশধৰ। সেয়েহে হয়তো পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থাকিলেও জিনীয় বৈশিষ্টই তেওঁলোকক একগোট কৰি ৰখাৰ সহায়ক হৈছে।

মানৱজাতিৰ ইতিহাসৰ পাত খুঁচৰিলে দেখা যায় যে ভিন্নভাষী বা ভিন্ন সংস্কৃতিৰ কোনো জনসমষ্টিয়ে যদি একেধৰণৰ কাৰকসৃষ্ট দুৰ্যোগপূৰ্ণ সময়ৰ মাজেদি একেসময়তে কিছুকাল অতিবাহিত কৰিব লগা হয়, তেতিয়া ভাষা-সংস্কৃতি নিৰ্বিশেষে একে ধৰণৰ মানসিকতা গঢ় লৈ উঠে আৰু ইয়ে সেই জনসমষ্টিক একক পৰিচয় প্ৰদান কৰি এক জাতি ৰূপে গঢ় দিয়াৰ সম্ভাৱনা বহন কৰে।

তদুপৰি দীৰ্ঘকাল ধৰি এক ভৌগোলিক ভূখণ্ডত, একে জলবায়ুত বাস কৰা ভিন্ন সংস্কৃতিৰ লোকৰো মানসিকতা আৰু জীৱনধাৰণৰ প্ৰণালীত বহুখিনি সাদৃশ্য আহি পৰে। মানুহৰ মানসিকতাত ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। উদাহৰণস্বৰূপে উত্তৰভাৰতীয় লোকসকলৰ স্বাভাৱিক ৰুক্ষতাৰ বিপৰীতে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ সৰলতা আৰু মাৰ্জিত ব্যৱহাৰ চকুত লগাকৈ পৃথক। অৱশ্যে এই সৰলতা জলবায়ুৰ প্ৰভাৱ নে আৰ্য সংস্কৃতি বা মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱ এই সম্পৰ্কে অধিক আলোচনাৰ থল আছে।

মানুহৰ ক্ৰমবিকাশৰ বাটত লক্ষ্য কৰিলে দেখা যায় যে সমাজ পাতিবলৈ শিকাৰ আগতে মানুহে গোট বান্ধিবলৈ শিকিছিল। এই গোট বান্ধি থকাৰ প্ৰক্ৰিয়াটো আছিল নিতান্তই খাদ্য সংগ্ৰহ আৰু দৈহিক নিৰাপত্তা বিষয়ক। একক ভাবে থকাতকৈ গোট বান্ধি সংঘবদ্ধ হৈ থাকিলে চিকাৰ কৰিবলৈ সুচল আৰু নিৰাপত্তা তুলনামূলকভাবে শক্তিশালী হয়। বন্য জীৱ-জন্তুৰ ক্ষেত্ৰত এতিয়াও এই প্ৰৱণতা বিৰাজমান। অৰ্থাত্, আদিম মানৱ সংঘবদ্ধ হোৱাৰ প্ৰাথমিক স্বৰ্তই আছিল নিৰাপত্তা – খাদ্য আৰু দেহৰ নিৰাপত্তা। ক্ৰমবিকাশৰ বিভিন্ন পৰ্যায়ত খাদ্য আৰু দেহৰ লগত ভাষা-পৰিচয়-জীৱন ধাৰণৰ প্ৰণালী আদিবোৰ যুক্ত হোৱাৰ লগে লগে নিৰাপত্তাই সামৰা প্ৰয়োজনীয়তাৰ পৰিধিও বাঢ়িল। গোট বন্ধা প্ৰক্ৰিয়াটো যদি আমি জাতি গঠনৰ প্ৰাৰম্ভিক ৰূপ বুলি ধৰোঁ, তেতিয়াহ’লে আমি এটা অনুসিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে – অসমসত্ব সমাজত স্বকীয়তা ৰক্ষাৰ প্ৰত্যয়জনক নিশ্চিতি (নিৰাপত্তা) জাতিগঠনৰ মৌলিক স্বৰ্ত। এই নিশ্চিতিৰ বাবে প্ৰয়োজন কল্যানকামী এক শক্তিশালী শাসন ব্যৱস্থাৰ। কিন্তু যেতিয়ালৈকে কল্যানকামীৰ পোচাক পিন্ধি অৰ্থনৈতিক অসমতাক ইচ্যু ৰূপে লৈ শাসক বা শাসক হ’বলৈ ইচ্ছা কৰা লোকৰ মাজত ক্ষমতা দখলৰ অঁৰিয়া-অঁৰি থাকিব, তেতিয়ালৈকে অসমসত্ব সমাজত জাতিগঠনৰ প্ৰক্ৰিয়া অস্থিৰ হৈ থাকিব।

ভাষিক অসম বনাম সাংস্কৃতিক অসম:

আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৃটিছে শাসনৰ সুবিধাৰ্থে বংগদেশৰ পৰা পৃথক কৰি ভাষাভিত্তিক অসমখন গঠন কৰিলে। যিটো ভাষাক ভিত্তি কৰি (উজনিৰ কথিত অসমীয়া ভাষা) অসম নামৰ প্ৰদেশখন গঢ় দিয়া হ’ল সেই ভাষাটোৰ পৰিসীমা ভৌগোলিক বা ৰাজনৈতিক অসমৰ পৰিসীমাতকৈ বহু কম। আনহাতে ভাষিক অসমখনতকৈ সাংস্কৃতিক অসমখন বেছি পুৰণি। সাংস্কৃতিক অসমৰ ধাৰণাটো সাৰ-পানী দি জীপাল কৰিব পৰা হ’লে হয়টো আমি বৰ্তমানতকৈ অধিক সুস্থিৰ জাতি এটাৰ আশা কৰিব পাৰিলোহেঁতেন! কিন্তু ভাষিক জাতীয়াবাদৰ প্ৰয়োজনাধিক ত্বৰাণ্বিতকৰণে সাংস্কৃতিক অসমৰ ধাৰণাটোক নিশকতীয়া কৰি পেলালে।

এইখিনিতে সাংস্কৃতিক অসম বুলি কি বুজাব খোজা হৈছে কথাটো স্পষ্ট হৈ লোৱা ভাল। বৃটিছে অসম নামৰ নিৰ্দিষ্ট ভূখণ্ড চিহ্নিত কৰাৰ আগতে এই অঞ্চলত থকা সৰু-বৰ ৰাজ্যসমূহৰ বাসিন্দা সকলে প্ৰায় পাঁচ হাজাৰ বছৰ জুৰি প্ৰৱহমান ভাৰতীয় সাংস্কৃতিক অৱধাৰণাটোৰ লগত পৰিচিত আছিল। যি সাংস্কৃতিক ধাৰণাটোৰ মূল আধাৰ আছিল চাৰি বেদ, চৈধ্য শাস্ত্ৰ ওঠৰ পুৰাণৰ লগতে দুই ভাৰতীয় মহাকাব্য – ৰামায়ণ আৰু মহাভাৰত। “এইখিনি গ্ৰন্থত গ্ৰন্থিত জ্ঞানেই এখন সাংস্কৃতিক ভাৰতৰ জন্ম দিছিল, যাক ধন্য ধন্য বুলি অভিত কৰিছিল অসমীয়া জাতিৰ জনক স্বয়ং মহাপুৰুষ শংকৰদেৱেই” (অসমীয়াৰ সংজ্ঞা অসমীয়াৰ অস্তিত্ব, পৃ – ১৬৩)। এই সংস্কৃতিকেই মন্থন কৰি থলুৱা উপাদানেৰে সমৃদ্ধ কৰি গুৰুজনাই এই ভূখণ্ডত একতা আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল। শংকৰদেৱৰ উদাৰ আৰু শিষ্ট সাংস্কৃতিয়ে লুইতৰ দুয়োপাৰৰ ভিন্ন জাতি-গোষ্ঠীক প্ৰভাৱিত কৰি একীকৰণৰ প্ৰক্ৰিয়া এটা ধীৰে ধীৰে আগুৱাই নিছিল। এই একীকৰণৰ প্ৰক্ৰিয়া স্বাভাৱিক গতিত আগ বাঢ়িবলৈ দিয়া হ’লে শংৰোত্তৰ কালত আমি হয়তো মানসিক ভাৱে সমভাৱাপন্ন এখন বৃহত্তৰ সমাজ পোৱাৰ সম্ভাৱনা আছিল! কিন্তু পাছৰ কালৰ কিছু বৈষ্ণৱ গুৰুৰ ধৰ্মীয় গোড়ামী আৰু আঁহফলা বৰ্ণবাদী কৰ্মকাণ্ডই এই প্ৰক্ৰিয়াত বিঘিনি ঘটালে আৰু আমি এখন সমভাৱাপন্ন বৃহত্তৰ সমাজ পোৱাৰ পৰা বঞ্চিত হ’লোঁ।

সাংস্কৃতিক সমন্বয়ৰ ধাৰণাটো কিন্তু দূৰ অতীতৰে পৰা স্বাভাৱিক প্ৰক্ৰিয়াৰেই বাট বুলিছিল। বৃটিছৰ আমোলত আৰু স্বাধীনোত্তৰ কালতো শুভবুদ্ধিসম্পন্ন এমুঠিমান লোকে এই সমন্বয়ৰ ধাৰণাটোক জীপ দিবলৈ চেষ্টা কৰিছিল। থাওকতে পোৱা উদাহৰণ স্বৰূপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “অসমীয়া ডেকাৰ উক্তি” কবিতাটোলৈ আঙুলিয়াব পাৰি। লালুং, চুতীয়া, লুচাই, মিকিৰ, গাৰো, মিচিমি, খামতি আদি সকলোকে সামৰিয়েই জ্যোতিপ্ৰসাদে বৃহত্তৰ অসমীয়া সমাজৰ সপোন দেখিছিল। আমাৰ বোধেৰে অন্ত:কৰণেৰে সাংস্কৃতিক সমন্বয়ৰ কথা কোৱা শেষৰজন মানুহ আছিল ভাৰতৰত্ন ড ভূপেন হাজৰিকা। ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত সাহিত্য সভাৰ অধিবেশন উপলক্ষে লিখি উলিওৱা “ৰংপুৰ তোমাৰ নাম হওক” গীতটিত এই সাংস্কৃতিক সমন্বয়ৰ আহ্বান মৰ্মস্পৰ্শী ৰূপত ফুটি উঠিছে। “মনৰ সেঁতু এক কৰা অসমীয়া ভাষা, সংযোগী হৈ থাকিলেই পূৰ্ণ হ’ব আশা” বুলি সামৰণি মৰা গীতটো অসম আৰু অসমীয়া প্ৰেমী প্ৰতিজন লোকেই পৌন:পুনিকভাবে শুনা উচিত।

ভৌগোলিক অসমখনতকৈ কম পৰিসৰৰ আৰু সাংস্কৃতিক অসমখনতকৈ নতুন এটি ধাৰণা (ভাষা)ক জাতিগঠনৰ আধাৰ হিচাপে লোৱাতোৱেই আছিল অসমীয়া জাতিগঠনৰ ঐতিহাসিক ভুল। তদুপৰি উগ্ৰ ভাষিক জাতীয়তাবাদী সকলৰ কৃপাত ভাষাটোৱে সংযোগীৰ ভূমিকা নলৈ আগ্ৰাসী ৰূপ লোৱাৰ বাবে জাতিটোৰ গঠনতকৈ ভাঙোনমূখী প্ৰৱনতাকহে ইন্ধন যোগালে।

উপসংহাৰ:

প্ৰাগঐতিহাসিক কালৰে পৰা উত্তৰ পূৰ্বাঞ্চললৈ ভিন্ন সময়ত হোৱা জনপ্ৰৱাহ সমূহক মহম্মদ তাহেৰ ডাঙৰীয়াই এঘাৰটা প্ৰৱাহত ভগাইছে আৰু তাৰে দহটা প্ৰৱাহেই ব্ৰহ্মপুত্ৰ উপত্যকাত থিতাপি লৈছিলহি। এই জনসমষ্টি সমূহৰ একাংশই পৰস্পৰ সাংস্কৃতিক আদান-প্ৰদান আৰু বৈবাহিক সম্পৰ্কৰ জৰিয়তে মূল নৃগোষ্ঠীয় পৰিচয়ৰ পৰা কিছু পৃথক হৈ পৰিলেও পাছৰ কালত পৰিয়ালসহ অহা এখিনি জনসমষ্টিয়ে স্বকীয়তা বজাই ৰাখিও অসমীয়া নামৰ সাংস্কৃতিক ধাৰণাটোৰ অভিন্ন অংগ হৈ পৰিছিল। অৰ্থাত্, অসমলৈ প্ৰৱজিত অধিকাংশ জনসমষ্টিয়েই স্বকীয় জীৱনশৈলী আৰু সংস্কৃতিৰ বিঘিনি নঘটোৱাকৈয়ো এটা সময়লৈকে এই ভূখণ্ডত সমিলমিলেৰে বাস কৰি আছিল – অন্তত: কোনোৱে অস্তিত্বৰ সংকটত ভূগিব লগা নহৈছিল। ইউৰোপীয় দেশ সমূহৰ দৰে সৱল জাতিয়ে দূৰ্বল জাতিক নি:চিহ্ন কৰি দিয়াৰ দৰে অৱস্থা এটা অন্তত: এই ভূখণ্ডত হোৱা নাছিল। অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ ই এক তাত্পৰ্যপূৰ্ণ দিশ।

এই শান্তিপূৰ্ণ সহাৱস্থানক আওকান কৰি শাসনৰ সুবিধাৰ্থে ভাষাক জাতিগঠনৰ আধাৰ হিচাপে লোৱাৰ বাবেই হয়তো অসমীয়া জাতিগঠন প্ৰক্ৰিয়াতো আজিও সম্পূৰ্ণ নহ’ল।

এতিয়া কথা হ’ল এই ঐতিহাসিক ভুল সমূহৰ পুনৰাবৃত্তিৰে আমি জাতি ধ্বংসৰ প্ৰক্ৰিয়াটো ত্বৰাণ্বিত কৰিম নে নতুন চিন্তাৰে জাতিটোৰ পুনৰ্গঠনৰ বিষয়ে চিন্তা কৰিম? কোৱা বাহুল্য মাথোন যে জাতিটোৰ পুনৰ্গঠনৰ বাবে আমাক জাতিগঠনৰ এটা নতুন সংজ্ঞা বা নতুন আধাৰ লাগিব। এই নতুন আধাৰটোৱে অসম নামৰ ভূখণ্ডত বাস কৰা সকলো লোককে স্বকীয় সাংস্কৃতিক পৰিচয় বজাই ৰাখিও একক পৰিচয়ৰ সুফলসমূহৰ নিশ্চয়তা প্ৰদান কৰিব পাৰিব লাগিব। সাম্প্ৰতিক সময়ত ভাৰতৰ অংগৰাজ্য হিচাপে খিলঞ্জীয়া সাংবিধানিক ৰক্ষাকৱচে এই নিশ্চিতি কিছু পৰিমানে প্ৰদান কৰাৰ অৱকাশ থাকিলেও বিষয়টোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গা-এৰা দিয়া মনোভাৱে এক সমাধানহীন ভৱিষ্যতৰেই ইংগিত বহন কৰে।

আমাৰ বোধেৰে অসমৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, নৃতাত্বিক আদি সকলো দিশৰ এক নিৰ্মোহ আৰু নিৰপেক্ষ পৰ্যালোচনাৰে সকলোৰে গ্ৰহনযোগ্য আৰু প্ৰত্যয়জনক জাতিগঠনৰ ভেঁটি বা আধাৰ তৈয়াৰ কৰিব পৰা যাব। বিজ্ঞজনে এই দিশত মনোনিৱেশ কৰাতো ভাল।

গ্ৰন্থপঞ্জী:

  1. কলিতা, পুলিন: অসমীয়াৰ সংজ্ঞা অসমীয়াৰ অস্তিত্ব, জ্যোতি প্ৰকাশন, এপ্ৰিল, 2015
  2. শইকীয়া, ড0 নগেন: অসমীয়া মানুহৰ ইতিহাস, কথা, 2016
  3. বিষ্ণু ৰাভা ৰচনাৱলী
  4. শইকীয়া, ড0 ৰক্তিম ৰঞ্জন: অসমীয়াৰ পৰা খিলঞ্জীয়ালৈ: ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি, অন্যযুগ়, আগষ্ট, 2020
  5. ৰায় চৌধুৰী, অনিল: নামনি অসমৰ মধ্যশ্ৰেণী, বৰুৱা এজেঞ্চী, গুৱাহাটী
  6. কলিতা, ড0 ৰমেশ চন্দ্ৰ, অসমীয়া জাতীয়তাবাদ প্ৰতাৰণাৰ মন্ত্ৰ নেকি?, দৈনিক জনমভূমি, 30 জুন, 2020.
  7. Romani People: Wikipedia

Leave a Reply

Your email address will not be published. Required fields are marked *