বিবিধ চিন্তা

ভূপালৰ ভয়ংকৰ গেছ দুৰ্ঘটনা-(ৰাহুল শ্যাম)

প্ৰকৃতিৰ বিধ্বংসী ৰূপৰ ওচৰত মানৱৰ শক্তি অতি নগণ্য। হাজাৰ-বিজাৰ প্ৰাকৃতিক দুৰ্যোগে হয়তো এই কথাকেই প্ৰতিপন্ন কৰি বাৰে বাৰে মানৱৰ ক্ষুদ্ৰ শক্তিক উপলুঙা কৰি আহিছে। তথাপি প্ৰকৃতিৰ ধ্বংসাত্মক ৰূপটোক প্ৰতিহত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি গৈছে কাহানিও হাৰ মানিব নোখোজা মানৱজাতিয়ে। প্ৰকৃতিৰ স্বসৃষ্ট উপাদানবোৰক সম্বল কৰিয়েই মানুহে উৎপাদন কৰিছে নতুন নতুন মানৱসৃষ্ট সম্পদ। মানুহৰ এইটো কাৰ্যৰ নিমিত্তেই স্থাপন কৰা হৈছে অলেখ উদ্যোগ।

দেখা যায় যে মানৱ-শক্তিৰ তুচ্ছতা প্ৰতিপন্ন কৰি এনে উদ্যোগসমূহেও বহুক্ষেত্ৰত মানুহৰ বাবে বুমেৰাং হৈ ঠিয় দিছে। তথাপি ৰুদ্ধ হোৱা নাই মানৱজাতিৰ এই অঘোষিত যুদ্ধ। স্তব্ধ হৈছে হাজাৰ হাজাৰ জীৱন, কিন্তু স্তব্ধ হোৱা নাই অহংকাৰৰ ধ্বজাৰে জগত জিনিব খোজা মানৱৰ ৰণসজ্জা। এনে এক অঘোষিত যুদ্ধৰে অন্যতম পৰিণাম বিংশ শতিকাত সংঘটিত হোৱা ভাৰতৰ ভূপালৰ গেছ দুৰ্ঘটনা।

                  ১৯৮৪ চনৰ ২-৩ ডিচেম্বৰ। স্থান— মধ্যপ্ৰদেশৰ ভূপালৰ কীটনাশক, সাৰ আদি প্ৰস্তুত কৰা কাৰখানা এটা। কোনেও হয়তো ভবা নাছিল যে সেই দিনটো ইতিহাসৰ পাতত এটা ভয়ানক দুৰ্যোগৰ দিন হিচাপে মানৱ-সভ্যতাৰ উত্তৰণৰ বাটত কালিমা সানি ৰৈ যাব। অনাকাংখিত সেই দুৰ্যোগৰ মূল কাৰক আছিল Methyl Isocyanate (MIC) নামৰ এবিধ বিষাক্ত গেছ। সময় তেতিয়া মাজনিশা। সাধাৰণতে ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকৰ বৃহৎ ইঞ্জিন বা সৰঞ্জামসমূহৰ শীতলীকৰণৰ বাবে পানীৰ ব্যৱহাৰ কৰা হয়। তথ্য মতে, প্লান্ট নং C ৰ কাৰিকৰী বিজুতিৰ বাবে এই বিষাক্ত গেছবিধৰ আকস্মিক নিঃসৰন ঘটিছিল আৰু শীতলীকৰণৰ বাবে ব্যৱহৃত পানীত মিহলি হৈছিল। এই মিশ্ৰণটোৰ বাবে বিষাক্ত গেছবিধৰ পৰিমাণ বহু গুণে বাঢ়িবলৈ ধৰিলে। মানুহ গেছবিধৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ছালত অতিমাত্ৰা পোৰণি আৰম্ভ হয়, মূৰ ঘূৰায়, চকু জ্বলা-পোৰা কৰে, উশাহ লোৱাত কষ্ট হয় আৰু কিছু সময়ৰ ভিতৰতে আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। ইয়াৰ প্ৰথম চিকাৰ হৈছিল ফেক্টৰীৰ কৰ্মীসকল। তেওঁলোকে ঘটনাৰ কিবা উঁহ বুজি পোৱাৰ আগতেই মৃত্যুৰ কোলাত ঢলি পৰিছিল। লাহে লাহে পুৱাৰ কোমল বতাহজাকে কুঁৱলীৰ আচ্ছাদন ফালি যেতিয়া গতি ল’বলৈ আৰম্ভ কৰিলে, ই বিষাক্ত গেছবিধৰ লগ লাগি চহৰখনক এখন ছাদৰৰ দৰে ঢাকি ধৰিলে। মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল, ঘটনাৰ একো উঁহ বিছাৰি নাপাই প্ৰৱল যন্ত্ৰণাত যেনিতেনি দৌৰিবলৈ ধৰিলে। শিশুৰ পৰা বৃদ্ধলৈকে যন্ত্ৰণাৰ কাতৰ চিঞৰ আৰু মৃত্যুৰ বিভীষিকাৰ সৈতে সেই সময়ৰ প্ৰকৃত ছবি বৰ্ণনাতীত আৰু আমাৰ বাবে আজি কল্পনাতীত। চৰকাৰী তথ্য মতে প্ৰায় ৩০০০ লোকৰ মৃত্যু হৈছিল দুৰ্ঘটনাৰ এঘন্টাৰ ভিতৰত। পাছত ইয়াৰ সংখ্যা বৃদ্ধি হৈ হৈছিলগৈ প্ৰায় ১৬০০০। কিন্তু ই আছিল দুৰ্যোগৰ আৰম্ভণিহে!

                     ভূপালৰ জনসংখ্যা আছিল প্ৰায় ৮.৫ লাখ, ১৯৮৪ চনৰ গণনা মতে। ইয়াৰে আধা সংখ্যক লোকে কাঁহ, চকুৰ পোৰণি আৰু শ্ৱাসপ্ৰশ্ৱাসৰ সমস্যাত ভুগিছিল। শেষ পৰ্যায় আছিল ৰক্তহীনতা, নিম’নিয়া আৰু মৃত্যু। অত্যধিক ক্ষতি হৈছিল গাঁও আৰু বস্তিবিলাকত – যাৰ বাবে চিকিৎসাৰ নূন্যতম সাহাৰ্য বহু পৰিমাণে দুৰ্লভ আছিল। তদুপৰি ফেক্টৰীৰ এলাৰ্ম (দুৰ্যোগ সংকেত) ব্যৱস্থাও কাম কৰা নাছিল। কৰ্মীসকলে দুৰ্যোগৰ কোনো সংকেত দিব পৰা নাছিল। অকস্মাতে সহস্ৰাধিক লোক যন্ত্ৰণাকাতৰ হৈ চিকিৎসালয়লৈ দৌৰিছিল প্ৰৱল আতংকত। তদুপৰি সেই সময়ত ভূপালত চিকিৎসালয়ৰ সংখ্যাও আছিল তেনেই নগণ্য। চৰকাৰী চিকিৎসালয়বোৰতো চহৰৰ আধা সংখ্যক লোকেই ভৰ্ত্তি হ’ব পৰা নাছিল। চিকিৎসকসকলো ঘটনাৰ কোনো উৱাদিহ পোৱা নাছিল আৰু হঠাৎ হোৱা এনে দুৰ্যোগত কিংকৰ্ত্তব্যবিমূ‌ঢ় হৈ পৰিছিল। গেছ নিঃসৰণ প্ৰায় ৮ ঘন্টা ধৰি চলিছিল যদিও আজি ৩৩ বছৰৰ পাছতো ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে জনসাধাৰণে। MIC-ৰ বিষক্ৰিয়া ইমানেই ভয়ানক যে ই মানুহৰ জিনীয় বিসংগতি ঘটাই ৩-৪ প্ৰজন্মলৈকে ইয়াৰ চাপ এৰি থৈ যায়। যাৰ বাবে আজিও বহু শিশু বিকলাংগ আৰু অন্য বিসংগতি লৈ জন্ম হৈ আছে।

মানৱসৃষ্ট দুৰ্ঘটনাবিলাকৰ ভিতৰত ভূপালৰ গেছ দুৰ্ঘটনাই হৈছে ভাৰতৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ ডাঙৰ দুৰ্ঘটনা। এই ঘটনাই ঔদ্যোগীকৰণ আৰু ইয়াৰ পাৰ্শ্ৱক্ৰিয়াসমূহৰ সন্দৰ্ভত সমগ্র পৃথিৱীৰ মানুহৰ আগত এক বৃহৎ প্ৰশ্নবোধক চিহ্ন উত্থাপন কৰিলে। এক কথাত ক’বলৈ গ’লে ঘটনাটোৱে পৰিৱেশ সচেতনতা আৰু ঔদ্যোগিক নিৰাপত্তাৰ দিশত এক জাগৰণৰ সৃষ্টি কৰিলে। আমেৰিকা, চীন, ৰাচিয়া, জাপান আদি উন্নত দেশসমূহে এই ঘটনাৰ পাছত ঔদ্যোগিক নিৰাপত্তাৰ দিশত বিশেষ গুৰুত্ব দিয়া দেখা গ’ল। কিন্তু এয়া হৈ উঠিল সহস্ৰাধিক লোকৰ মৃত্যুৰ বিভীষিকা আৰু জীৱিতজনৰ জীৱনৰ অনিশ্চয়তাৰ প্ৰতিদানত। তেওঁলোকৰ চকুপানীৰ প্ৰকৃত মূল্য অলপ হলেও অনুধাৱন কৰি আমি পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন হৈহে সভ্যতাৰ অগ্রগতিৰ বাটেৰে আগ বাঢ়ি যাবলৈ সংকল্প গ্ৰহণ কৰা উচিত। ইয়েই হয়তো হ’ব সেইসকল যন্ত্ৰণাকাতৰ জনতাৰ আৰ্তনাদ আৰু জীৱনৰ চৰম ত্যাগৰ বিনিময়ত আমি দিব পৰা শ্ৰেষ্ঠ প্ৰতিদান ।

Leave a Reply

Your email address will not be published. Required fields are marked *