অনুবাদকবিতা

ভূত আৰু মানুহ (মূল : তাৰাপদ‌ ৰায়; ভাষান্তৰ : ময়ূৰী শৰ্মা বৰুৱা)

জনৈক ভূতে দ্বিতীয় ভূতক প্ৰশ্ন কৰিলে,
“আচ্ছা, তুমি মানুহ বিশ্বাস কৰানে, মানুহ আছে বুলি মানানে”?
দ্বিতীয় ভূত অলপ ভয়াতুৰ প্ৰকৃতিৰ,
প্ৰশ্নটো শুনা মাত্ৰকে সি শিঁয়ৰি উঠিল,
ইফালে-সিফালে চাই লৈহে ক’লে,
“এই কাল সন্ধিয়া এইবিলাক আকৌ কি কথা”!
প্ৰথম ভূতে এইবাৰ ক’লে,
“তাৰ মানে তুমি মানুহ মানা, মানুহ ভয় কৰা,
বিশ্বাস কৰা যে মানুহ আছে”।
দ্বিতীয় ভূতে স্বীকাৰ কৰিলে,
“বিশ্বাস নকৰি উপায় আছে জানো?
এয়া আজিয়ে দেখোন দলে দলে মানুহ শোভাযাত্ৰা কৰি ময়দানলৈ আহিল, সভা পাতিলে,
দৈনিক লাখ লাখ মানুহ ৰাস্তাই-ঘাটে, হাটে-বজাৰে,
ঘূৰিছে-ফুৰিছে, কাম কৰিছে, কাম বিচাৰিছে,
হাঁহিছে-কান্দিছে, ভাল পাইছে, কাজিয়া কৰিছে…”
দ্বিতীয় ভূতক আধাতে ৰখাই,
তাৰ মুখৰ কথা কাঢ়ি আনি
প্ৰথম ভূতে পোনপটীয়াকৈ প্ৰশ্ন‌ কৰিলে,
“কিন্তু কেনেকৈ বুজিলা যে সিহঁত মানুহ?
সিহঁতৰ বুকুৰ ভিতৰলৈ জানো জুমি চাইছিলা,
সিহঁতৰ ভিতৰত মানুহৰ মন আছে নে নাই,
মানুহৰ আত্মা, মানুহৰ বিবেক আছে নে নাই”?
দ্বিতীয় ভূতে সতৰ্কভাৱে জনালে,
“সিমান‌ ওচৰলৈকে যোৱা নাই নহয়,
ইমানো সাহস নাই দেই”।
প্ৰথম ভূতে অৱশেষত মোক্ষম কথাষাৰ ক’লে,
“তেন্তে গোটেইখিনি নজনাকৈ,
ইয়াৰ পাছত আৰু কেতিয়াও ক’বলৈ নাযাবা,
মানুহ আছে, মানুহ দেখিছোঁ”।

One thought on “ভূত আৰু মানুহ (মূল : তাৰাপদ‌ ৰায়; ভাষান্তৰ : ময়ূৰী শৰ্মা বৰুৱা)

  • অৰুণ কুমাৰ শৰ্মা

    চিন্তা উদ্ৰেককাৰী মনোৰম কবিতা ।
    ধন্যবাদ অনুবাদিকালৈ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *