ভূতৰ ভুৱনত এভুমুকি ।। প্ৰসেনজিৎ চৌধুৰী
বিজ্ঞানমনস্কতাৰ তমোঘ্ন পোহৰে মানুহৰ মনৰ চুকে-কোণে জমা হৈ থকা অন্ধবিশ্বাসৰ অন্ধকাৰ অচিৰে দূৰ কৰিব বুলি বহুতো বিজ্ঞানোৎসাহী মানুহে আন্তৰিকতাৰে আশা কৰিছিল বা এতিয়াও সেই জাতীয় আশা এচাম লোকে মনত সযত্নে পুহি ৰাখিছে ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
: ভূত-প্রেত আছে জানো ?
: আছে ককা, আছে। মানুহ মৰিলে ভূত হয়।
: গছো তো মৰে। গছৰ পৰা জানো ভূত হয় ?
: গছৰ যে আত্মা নাই !
চাৰি বছৰমানৰ আগতে প্রতিৱেশী পৰিয়াল এটাৰ পাঁচ বছৰীয়া ছোৱালীজনীৰ লগত হোৱা কথা-বাৰ্তাৰে এই নাতিদীর্ঘ আলোচনাৰ পাতনি মেলিছোঁ। ছোৱালীজনীৰ সপ্রতিভ উত্তৰ তাইৰ নিজা উদ্ভাৱন নহয়। তাইৰ দ্বিধাহীন উত্তৰ দৰাচলতে প্রাগৈতিহাসিক কালৰ প্রেততত্ত্বৰেই প্ৰতিধ্বনি। আশৈশৱ মাক-দেউতাক, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ মুখত শুনি অহা ভূতীয়া কথাবোৰেই তাইৰ সপ্রতিভ উত্তৰৰ উৎস। সমাজ-বিজ্ঞানীসকলে যাক সামাজিকীকৰণ (socialization) বোলে সেই বহুচর্চিত প্ৰক্ৰিয়াৰ জৰিয়তে অন্যান্য বিশ্বাস, অভিৰুচি, মূল্যবোধ আদিৰ লগতে ভূত সম্বন্ধীয় এটা অতি পুৰণি ধাৰণা সৰু ছোৱালীজনীৰ মনত থিতাপি লৈছে। এই বহুশ্রুত ধাৰণাটো হ’ল, মৃত মানুহৰ আত্মাৰ পৰাই ভূতৰ আৱিৰ্ভাব।
আত্মাক কেন্দ্ৰ কৰি যি বৈচিত্র্যময় বৃত্তান্তই মানুহৰ চিন্তা-চেতনাক আচ্ছন্ন কৰি ৰাখিছে তাৰ লগত সাধাৰণ ভূত-প্ৰেতৰ সম্পৰ্ক থাকিব পাৰে বুলি ভাবিবলৈ বহুতেই টান পাব। কিয়নো “আধ্যাত্মবাদৰ মূল হ’ল আত্মাৰ অস্তিত্ব। যদি আত্মাৰ অস্তিত্ব নাথাকে তেন্তে ‘আধ্যাত্মবাদ’ৰো কথা নাহে।” (খৰ্গেশ্বৰ ভূঞা, পৃ. ৯৫) আমাৰ দেশত উচ্চ মাৰ্গীয় ধৰ্মীয় দৰ্শনৰ বুনিয়াদেই হ’ল আত্মা-পৰমাত্মা-জন্মান্তৰবাদ — উপনিষদৰ যুগৰ পৰাই এই তত্ত্বসমূহ প্ৰচাৰিত হৈছে। (কল্যাণী বন্দ্যোপাধ্যায়, পৃ. ৩) পিছে আমোদজনক কথা হ’ল, আধ্যাত্মবাদৰ অন্যতম আধাৰ যি আত্মাৰ ধাৰণা তাৰ বুকুতেই বহুতে ভূত-প্ৰেতৰ জন্ম-কাহিনীৰ আদিপৰ্বৰ সম্ভেদ পাইছে। যশস্বী যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰে ভূত-প্ৰেতৰ প্রাথমিক পৰিচয় দাঙি ধৰি আত্মাৰ অতৃপ্তি-অসন্তুষ্টিৰ বিষয়টো উল্লেখ কৰিছে গুৰুত্বসহকাৰে ঃ কেতিয়াবা ‘disgruntled soul’-এ মানুহৰ গাত লম্ভি পৰিতৃপ্তি বিচাৰে, কেতিয়াবা বৃক্ষৰ আশ্ৰয়ত থাকি আকাংক্ষা পূৰণৰ প্ৰয়াস কৰে। ‘This elaborate concept of ‘un – satisfied’ soul as ghosts who posses people is embedded in our minds since our early childhood. (N. Dabholker, 84)’ ডাভোলকাৰে উল্লেখ কৰা শৈশৱৰ প্ৰসংগটোৱে আলোচনাৰ আৰম্ভণিতেই আমি লগ পোৱা সপ্রতিভ সৰু ছোৱালীজনীৰ কথা মনত পেলাই দিয়ে।
কৌতূহলোদ্দীপক ভিন্নতা ভৌতিক ভুৱনৰ এক লেখত ল’বলগীয়া বৈশিষ্ট্য। কেৱল গছেই ভূত-প্ৰেতৰ আশ্রয়স্থল নহয়, জলাহ-জংগল আৰু পৰিত্যক্ত ঘৰো সিহঁতৰ বাসস্থান হৈ পৰে। (উল্লেখ্য, কেতিয়াবা নিজৰ স্বাৰ্থৰ কাৰণেও এচাম লোকে বিশেষ কেতবোৰ ঘৰ ভূতৰ বিচৰণ ভূমি বুলি কৌশলেৰে প্ৰচাৰ কৰে, যাতে তেওঁলোকে নির্বিঘ্নে অব্যৱহৃত ঘৰবোৰত কুকর্ম চলাই যাব পাৰে।) পিছে এই কথা ডাঠি ক’ব পাৰি যে বৃক্ষাশ্রয়ী ভূতৰ বৃত্তান্ত প্রচলিত ভূতীয়া কাহিনীবোৰৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক চৰ্চিত। অতুলচন্দ্ৰ হাজৰিকাই তেওঁৰ ‘স্মৃতিলেখা’ত শতাধিক বছৰ আগৰ গুৱাহাটীক ‘ভূত ৰাজ্য’ আখ্যা দি লিখিছেঃ ‘তেতিয়াৰ গুৱাহাটীৰ মানুহৰ ভূত-প্ৰেতৰ প্ৰতি বৰ বিশ্বাস আছিল। প্ৰতিজোপা বৰগছৰ বা প্ৰতিটো জোপোহাতে একোটা ভূত থকা বুলি বহুত মানুহে ভাবিছিল। বহুতে আকৌ ফুট গধূলিতে ভূতৰ ভয়ত দুৱাৰত দাং দি নিঃপালি দিছিল’(অতুলচন্দ্ৰ হাজৰিকা, পৃ. ২০-২১)। সেই সময়ত বহু লোকে বিশ্বাস কৰিছিল যে উজান বজাৰৰ থিয়েটাৰ গৃহৰ পশ্চিমফালে থকা ওখ পলাশ গছজোপাত এটা ভূত বহি থাকে আৰু তাৰ দীঘল ভৰি দুখন ওলমি মাটিত লাগে! হাজৰিকাদেৱে অৱশ্যে এই নগৰীয়া ভূত-প্ৰেতবোৰৰ কাৰ্য্য-কলাপৰ বিষয়ে একো লিখা নাই। পিছে যুক্তিসংগতভাৱে অনুমান কৰিব পাৰি যে ভূত-ভীতিগ্রস্ত মানুহবোৰে নিশ্চয় গুৱাহাটীয়া ভূতবোৰক উপকাৰী বা নিৰীহ ৰূপে কল্পনা কৰা নাছিল।
১৯০৫ চনত বেণুধৰ ৰাজখোৱাৰ এখন পুস্তিকা ওলাইছিল। নাম, ‘Assamese Demonology’। ভূত-প্ৰেত আৰু অন্যান্য অশুভ শক্তিৰ চমু পৰিচয় সম্বলিত এই পুস্তিকাখনত বেছ চিত্তাকর্ষক কিছুমান তথ্য আছে। যেনে, লেখকে কৈছে যে ‘ভূত’ শব্দটোৱে সকলো অশৰীৰী সত্তাক সাঙুৰি লয় যদিও ইয়াৰ এটা বিশেষ অর্থও আছে : ভূতে ইচ্ছামতে আকাৰ সলনি কৰিব পাৰে (B. Rajkhowa, P. 13)। ৰাজখোৱাই পুস্তিকাখনৰ পাতনিৰ মোখনি মাৰিছে এই মন্তব্যৰে : ‘It is a striking fact that the generality of Assamese spirits are malignant.’ (ibid, p. 121) এই পৰ্য্যবেক্ষণত অৱশ্যে আচৰিত হ’বলগীয়া একো নাই। কেৱল অসমতেই নহয়, সকলো ঠাইতে ভূত-প্ৰেতৰ উৎপাত-উৎপীড়নৰ কাহিনী শুনা যায়।
খেদ আৰু ক্ষোভৰ তাড়নাত প্রেতাত্মাবোৰ পীড়নকাৰী হৈ হানিকৰ বা ভীতি-উদ্রেককাৰী কাম-কাজত লিপ্ত হয় বুলি মানুহৰ মনত এটা ধাৰণা থাকেই। যিবোৰ ভূত-প্ৰেতৰ জন্মতিহাসৰ লগত ব্যক্তি-আত্মাৰ সংযোগ নাই বা থাকিলেও কালক্ৰমত সি এক ব্যক্তি-নিৰপেক্ষ ৰূপ লৈছে তেনেবোৰ ক্ষেত্ৰতো মানুহে সিহঁতক মংগলাকাংক্ষী বা নির্দোষ সত্তা ৰূপে কল্পনা নকৰে। দৰাচলতে বিশ্বাসী মানুহৰ এই প্ৰকাৰ নেতিবাচক ধাৰণাৰ আদি কাৰণ নিহিত আছে আদিম মানুহৰ ভূত-ভাবনাত – “The primitive conception of ghosts would appear to start off with the idea that they are more or less malevolent in their relations with the living; freakish and spiteful, if not downright deadly’ (C.E. Vulliamy, p. 24 ). ভূত-প্ৰেতৰ ভীতিপ্রদ তথা ক্ষতিকৰ ভূমিকাৰ দেধাৰ দৃষ্টান্ত আমাৰ মৌখিক পৰম্পৰা তথা লিখিত সাহিত্যত আছে। কেবল সেয়ে নহয়, সাম্প্রতিক কালতো ৰোগ-ব্যাধিৰ বিশেষকৈ হিষ্টিৰিয়া জাতীয় মানসিক ৰোগৰ ক্ষেত্ৰত ৰোগীৰ গাত ভূত লম্ভাৰ কথা এচাম লোকে বিস্ময়কৰ আত্মপ্রত্যয়েৰে ঘোষণা কৰে। অন্য বহু দেশৰ দৰে আফ্রিকাতো প্রেতাত্মাই মানুহক ৰোগাক্ৰান্ত কৰে বুলি বিশ্বাস কৰা হয় (W. H. R. Rivers, p. 65 )। তাত প্রচলিত এটা কৌতূহল-উদ্রেককারী বিশ্বাস হ’ল— আত্মীয় লোকে মাউৰা সন্তানক যদি সমাজত প্রাপ্য মৰ্য্যাদা নিদিয়ে তেতিয়া ৰোষান্বিত মাক-দেউতাকৰ প্রেতাত্মাই ৰোগ-ব্যাধিৰে আত্মীয়সকলক শাস্তি বিহে (Ibid. p. 66)। নৈতিক গৰাখহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে যিসকলে অন্ধবিশ্বাসক —যেনে, নৰক-ভীতিক ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোকে এনে ভৌতিক হস্তক্ষেপৰ মাজত ইতিবাচক উপাদানৰ সন্ধান পাব পাৰে।
ভূত-প্ৰেতৰ বিচিত্র বিভীষিকাময় পৃথিৱীখনত কেতিয়াবা সমাজ-বাস্তৱৰ ছবিখনো ফুটি উঠে। ৰোগ ব্যাধিৰ আঁৰত পৰপীড়ক প্রেতাত্মাৰ প্ৰত্যক্ষ ভূমিকা থকা বুলি আফ্ৰিকাৰ মানুহৰ মাজত যি বিশ্বাস প্রচলিত তাৰ উল্লেখ যথাস্থানত কৰা হৈছে। পিছে সমাজ-বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা লক্ষণীয় বিষয় হ’ল, এই প্রেতাত্মাবোৰৰ মাজত বিভাজন-বিভিন্নতা নথকা নহয়। কিছুমান ঠাইত ‘a distinction is made between the ghosts of ordinary people and those of chiefs or kings.’ (W.H.R. Rivers, p. 65 ) ই আচলতে সামাজিক স্তৰ-বিন্যাসৰ ভৌতিক বিম্ব। আমাৰ দেশতো ভূত-প্ৰেতৰ অপাৰ্থিৱ পৃথিৱীত পাৰ্থিৱ জীৱনৰ বাস্তৱ চেহেৰা-চৰিত্ৰই সাঁচ বহুওৱাৰ দৃষ্টান্ত আছে। নব্বৈৰ দশকৰ আৰম্ভণিতেই— যেতিয়া অসমত যুক্তিবাদী চিন্তা-চৰ্চা প্ৰায় চালুকীয়া অৱস্থাতেই আছিল বুলি কোৱা যায় — সেই সময়ত প্ৰাগজ্যোতিষ মহাবিদ্যালয় বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা এখন সময়োপযোগী গ্ৰন্থত সন্নিবিষ্ট আমাৰ ‘অন্ধবিশ্বাস : সমাজৰ দাপোন’ শীর্ষক আলোচনাত আমি সীমিত চৰ্চাৰ ওপৰত ভেজা দি এই দিশটোৰ ওপৰত কিঞ্চিৎ আলোকপাত কৰিবলৈ যত্ন কৰিছিলোঁ (পৰমানন্দ মজুমদাৰ সম্পাদিত, পৃ. ৩১-৪০)। এই আলোচনাত আমি— অন্যান্য বিষয়ৰ লগতে— ‘ব্ৰহ্মদৈত্য’ৰ ব্যৱচ্ছেদৰ কামতো হাত দিছিলোঁ।
‘হেমকোষ’ত ‘ব্ৰহ্মদৈত্য’ৰ এই অৰ্থ পাওঁ : ‘দেৱতাৰ বস্তু চুৰ কৰা বামুন মৰি হোৱা ভূত, প্ৰেত যোগী হোৱা ব্ৰাহ্মণ’ (হেমকোষ, পৃ. ১০১০)। আমোদজনক কথা হ’ল, চুৰি কাৰ্য্যত লিপ্ত লুভীয়া ব্ৰাহ্মণৰ প্রেতাত্মাই— অধঃপতিত হ’লেও— মৰ্য্যাদাসূচক পৰিচয় পৰিহাৰ নকৰে। অৰ্থাৎ তেওঁ সাধাৰণ প্রেতাত্মা নহয়, ব্ৰহ্মদৈত্যহে। বাংলা অভিধানত স্থান পোৱা ‘ব্ৰহ্মদৈত্য’জন অৱশ্যে কুম্ভিলক নহয়— তেওঁ কেৱল ‘প্রেতযোনিপ্রাপ্ত ব্রাহ্মণ’হে। (নতুন বাঙ্গালা অভিধান, পৃ. ৮৮০) অসম প্ৰকাশন পৰিষদৰ অভিধানতো একে অর্থ দিয়া হৈছে— ‘প্ৰেত অৱস্থা পোৱা ব্ৰাহ্মণ’। (আধুনিক অসমীয়া অভিধান’, পৃ-৩৭১) এইখিনিতে উল্লেখ্য যে ১৮৭৪ চনত লাল বিহাৰী দেই লিখা ‘Govinda Gamanta’ নামৰ কিতাপখনত আমি বংগীয় ‘ব্ৰহ্মদৈত্য’জনৰ সবিশেষ পৰিচয় পাওঁ। কিতাপখনৰ বাংলা ভাঙনিৰ পৰা ‘ব্ৰহ্মদৈত্য’ বিষয়ক দুটামান বাক্য উদ্ধাৰ কৰা যাওক : ‘মৃত ব্ৰাহ্মণদেৰ প্রেতাত্মাই নাকি এই নাম ধৰে থাকে। অন্যান্য ভূতেৰ মতো এৰা অখাদ্য ও অপবিত্র জিনিষ খায় না, বা কাউকে ভয়ও দেখায় না। কিন্তু এদেৰ সন্মানে লাগলে আৰ ৰক্ষা নেই, একেবাৰে ঘাড় মটকে ভেঙে দেবে।’ ব্রাহ্মনেতৰ জাতৰ ভূতবোৰৰ স্বভাৱ কিন্তু বিপৰীত : ক’লা বৰণৰ এই কামুক ভূতবোৰ মাছৰ প্ৰতি বিশেষভাৱে আসক্ত। (লালবিহাৰী দে, পৃ. ৬৬) লালবিহাৰী দেৰ এই বৃত্তান্তৰ পৰা বুজা যায় যে ভিন ভিন খাদ্যাভ্যাসে যি সামাজিক- সাংস্কৃতিক বিভাজন-ব্যৱধানৰ সূচনা কৰে তাৰ প্ৰভাৱৰ পৰা ভূতীয়া ভুৱনেও ৰেহাই পোৱা নাই। মহাৰাষ্ট্ৰৰ প্রথিতযশা যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰৰ ৰচনাত আমি যিজন ‘ব্ৰহ্মদৈত্য’ৰ সাক্ষাৎ পাওঁ, তেওঁৰ সৈতে ‘হেমকোষ’ৰ ‘ব্ৰহ্মদৈত্য’জনৰ কিছু ভিন্নতা চকুত পৰে ‘When a brahmins is murdered, he becomes a Brahma Rakshas. A Brahmin, hungry for wealth becoems a Brahma Samandha after his death. (N. Dabholkar, p. 84 ) ‘ ডাভোলকাৰ কথিত দ্বিতীয়জন সম্পদ-লিপ্সু ব্ৰাহ্মণৰ প্রেতাত্মাৰ লগত অৱশ্যে ‘হেমকোষ’ৰ হীমতি পতিত ব্ৰাহ্মণজনৰ সাদৃশ্য চকুত পৰেপৰে। অনুমান কৰিব পাৰি, অঞ্চলভেদে কেতিয়াবা ভূত-প্ৰেতৰ বৃত্তান্তত বৈসাদৃশ্য পৰিলক্ষিত হয়। ই নিঃসন্দেহে এক চিত্তাকর্ষক অনুসন্ধেয় বিষয়।
যুক্তিবাদীসকলৰ বিজ্ঞান-বিধ্বস্ত ৰচনা তথা অনুসন্ধানধৰ্মী অধ্যৱসায়ৰ বিৱৰণসমূহত আমি ভূত-প্ৰেতৰ বিবিধ ৰূপ আৰু বিচিত্ৰ উৎসৰ সম্ভেদ পাওঁ। বহুক্ষেত্ৰত দেখা যায় যিকোনো ভৌতিক ঘটনা ব্যাখ্যাতীত তথা দুর্বোধ্য যেন লাগে সেইবোৰৰ গুৰিত থাকে গূঢ় মনস্তাত্বিক কাৰণ। কেতিয়াবা চতুৰ লোকে চাঞ্চল্যকৰ ভৌতিক ঘটনা সৃষ্টি কৰিও উপাৰ্জনৰ উপায় উলিয়ায়। আনহাতে ভূত-প্ৰেত প্ৰত্যক্ষ কৰা মানুহো মাজে-মাজে লগ পোৱা যায়। এইসকল প্রত্যক্ষদর্শী সন্দৰ্ভত ভূত-প্ৰেতৰ নাস্তিত্ব প্ৰমাণ কৰাৰ ক্ষেত্ৰত আগৰণুৱা আব্রাহাম কভুৰৰ বিজ্ঞানসন্মত মত স্মর্তব্ ঃ … it has to be attributed to illusion or hallucination triggered by delusional beliefs in ghosts.’ (A. Kavoor, p. 242)। যুক্তিমনস্কতাৰ যুযুৎসু অগ্রনায়ক কভুৰৰ কিছুমান পৰ্য্যবেক্ষণ বেছ চিত্তাকর্ষক। তেওঁ কৈছে, যিসকলে ভূত দেখা বুলি দাবী কৰে তেওঁলোকৰ প্ৰায় সকলোৱে ৰাতিহে সেই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ মুখামুখি হোৱা বুলি কয়। তদুপৰি অলপ কৌতুক-মিশ্ৰিত ভংগীৰে আমাক জানিবলৈ দিছে যে তেওঁ এনে লোক কেতিয়াও পোৱা নাই যি ‘Completely nude’ প্রেতাত্মা দেখিছে (Ibid. pp. 242- 43)। এই ধৰণৰ অনেক বিশ্লেষণাত্মক প্রশ্ন আৰু বস্তুনিষ্ঠ পৰ্য্যবেক্ষণৰ কথা আমি যুক্তিবাদী অন্বেষকসকলৰ সত্য-সন্ধানী লেখাবোৰত পঢ়িবলৈ পাওঁ। বৰ্তমান নিবন্ধৰ সীমিত পৰিসৰত সেইবোৰৰ উল্লেখ সম্ভৱ নহয়।
বিজ্ঞানমনস্কতাৰ তমোঘ্ন পোহৰে মানুহৰ মনৰ চুকে-কোণে জমা হৈ থকা অন্ধবিশ্বাসৰ অন্ধকাৰ অচিৰে দূৰ কৰিব বুলি বহুতো বিজ্ঞানোৎসাহী মানুহে আন্তৰিকতাৰে আশা কৰিছিল বা এতিয়াও সেই জাতীয় আশা এচাম লোকে মনত সযত্নে পুহি ৰাখিছে। আমি ওপৰৰ এটা পৰিচ্ছেদত অতুলচন্দ্ৰ হাজৰিকাৰ স্মৃতিচাৰণৰ আলম লৈ গুৱাহাটীৰ ভৌতিক ভুৱনত এভুমুকি মাৰিবলৈ চেষ্টা কৰিছোঁ। হাজৰিকা বিজ্ঞানমনস্কতাৰ উৎসাহী সমর্থক আছিল বুলি মনে নধৰে। কিন্তু তেওঁৰ লেখাতো জন-মানসৰ পৰা প্ৰেত-বিতাড়নৰ ক্ষেত্ৰত বিজ্ঞানৰ বৰঙণিৰ উল্লেখ পাওঁ। সহজ-সাৱলীল ভংগীৰে হাজৰিকাই লিখিছে — ‘পিছে আজিৰ গুৱাহাটীত তাহানিৰ সেই ভূতৰ ৰাজ্য নাই। বিজ্ঞানৰ ফৰিংফুটা পোহৰত মনৰ খোটালিবোৰ উজ্জ্বল হৈছে; ভূত-প্রেতবোৰেও পলাই ফাট মাৰিছে।’ (অতুলচন্দ্ৰ হাজৰিকা, পৃ. ২১) এই উক্তিত অতিৰঞ্জন যে আছে তাত কোনো সন্দেহ নাই ।
অসম বা ভাৰতৰ কথা বাদেই, পশ্চিমৰ উন্নত সমাজৰ তুলনামূলকভাৱে উদ্ভাসিত চেতনাৰ পৰা ভূত-প্ৰেতবোৰে ‘পলাই ফাট মাৰিছে’ বুলি ডাঠি ক’ব নোৱাৰি। কেইবা দশকৰো পূৰ্বে চলোৱা এটা সমীক্ষাৰ পৰা জনা গৈছিল যে ইংলেণ্ডত ছজন মানুহৰ ভিতৰত এজনে ভূতৰ অস্তিত্বত বিশ্বাস কৰে আৰু প্ৰায় এক চতুর্থাংশ লোকে ভূত-প্রেত আছে নে নাই সেই বিষয়ে নিশ্চিত নহয়। আনহাতে চৈধ্যজন মানুহৰ ভিতৰত এজনে ভূত দেখা বা ভূতৰ মাত শুনা বুলি দাবী কৰে (G. Jahoda, p. 25)। সাম্প্রতিক কালতো বিজ্ঞানৰ পোহৰে পশ্চিমীয়া মানুহৰ মনোৰাজ্যৰ পৰা ভূত-প্ৰেতক খেদি পঠিয়াব পাৰিছে বুলি মনে নধৰে। কিয়নো নতুন নতুন তত্ত্বৰ আকর্ষণীয় পোছাক পিন্ধি বা পুৰণি ধাৰণাৰ প্ৰচ্ছন্ন নৱীকৰণৰ সহায়ত আজগুবি আখ্যান তথা অলৌকিকতাই স্বীয় প্রভাৱ দৃঢ়তৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। অন্ধবিশ্বাসৰ আধিপত্য বিস্তাৰৰ এই অভিযানত অত্যাধুনিক প্রযুক্তিৰ ভূমিকাও উপেক্ষণীয় নহয়।
আৰম্ভণিৰ দৰেই ব্যক্তিগত অভিজ্ঞতাৰ উল্লেখেৰে উল্লিখিত প্রাযুক্তিক প্রভাৱৰ আভাস দি লেখাটো সামৰিব বিচাৰিছোঁ। উচ্চ শিক্ষিত ৰক্ষণশীল পৰিয়ালৰ ১০/১২ বছৰীয়া ল’ৰা এজনৰ লগত ভূত-ভগৱানৰ অস্তিত্ব সম্পর্কে ধেমেলীয়া ভংগীৰে কথা পাতি আছিলোঁ। তাৰ মনৰ গঢ়-গতিৰ বুজ ল’বলৈ ক’লোঁ, “ভূত বুলি কোনো বস্তু নাই।” সি ততালিকে সপ্রতিভ উত্তৰ দিলে— ‘আছে। তুমি ইউটিউব চাবা।’ দ্বিধাহীন উত্তৰ। কোনো মন্তব্যৰ জানো প্রয়োজন আছে?
গ্রন্থপঞ্জী
- N, Dabholkar, The Case for Reason : Understanding the Anti Superstion Movement.
- Kavoor, Gods Demons and Spirits.
- Jahoda, The Psychology of Superstition.
- H.R. Rivers, Medicine, Magic and Religion.
- E. Vullianmy, Immortality: Funerary Rites and Customs.
- Rajkhowa, Assamese Popular Superstitions and Assamese Demonology.
- পৰমানন্দ মজুমদাৰ সম্পাদিত, বিজ্ঞান অন্ধবিশ্বাস আৰু সমাজ ।
- খৰ্গেশ্বৰ ভূঞা, ধৰ্ম আত্মা আৰু জন্মান্তৰবাদ ।
- অতুলচন্দ্ৰ হাজৰিকা, স্মৃতিলেখা।
- কল্যাণী বন্দ্যোপাধ্যায়, ধৰ্ম সংস্কাৰ ও কুসংস্কাৰ
- লালবিহাৰী দে, গোবিন্দ সামন্ত