গল্প-কবিতা

বিৱৰ্তন -(বিজুৰাণী মেচ)

সময়ে সামৰি নথ’লে
কোনোটো কথাৰেই সলনি নহয়

থাকোঁতে সকলো একেই আছে
ব’হাগৰ কোমল ৰাগ কুঁহিপাত,
নদীত প্ৰৱাহ
মোহনাত সাগৰ

সলাব পৰা নাই কোনেও একোকে
কেতেকীয়ে আপোন সুৰ
নাহৰে ফুলৰ ৰং
বতাহে গানৰ সুহুৰি

কাউৰীয়ে শিকিব পৰা নাই কোনোদিন
কি ভুলৰ বাবে বছৰি হেৰাই বুকুৰ ফুল৷

আৰু আমি বিৱৰ্তনৰ জখলা বগাই
সলাই পেলালোঁ সেউজীয়া সাজ
সলালোঁ দেশ ,ভাষা, বৰ্ণৰ সেউজীয়া কথাবোৰ

আমি সলালো আমাক
আমাৰ মৰমৰ ব’হাগ৷

কিছুমান কথা নসলাও বুলিলেও সলনি হয়
কিছুমান বাট নুফুৰো্ বুলিলেও ফুৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *