গান শুনো আহকশিল্প-কলা-সংস্কৃতি

বিদ্ৰোহী সংগীত শিল্পী ৰডৰিগেজৰ অবিশ্বাস্য কাহিনী আৰু তেওঁৰ দুটিমান গীতৰ আলোচনা ‌।‌। নৱজ্যোতি বৰগোহাঁই

প্ৰস্তাৱনা

এজন অতি সংবেদী, বিদ্ৰোহী অগতানুগতিক কিন্তু জনমানসত অতি কম পৰিচিত আমেৰিকাৰ সংগীত শিল্পী ৰডৰিগেজ। এজন স্বভাৱ শিল্পীৰ শিল্পৰ অৱদান কেনে হ’ব পাৰে, এনে সৃষ্টি যে তথাকথিত প্ৰতিষ্ঠানিক স্বীকৃতিৰ বহু উৰ্দ্ধত, সেই কথা ৰডৰিগেজৰ শিল্পই প্ৰমাণ কৰি গৈছে। ৰডৰিগেজৰ সংগীতৰ চমু পৰিচয় দাঙি ধৰাৰ লগতে অতি কম আলোচিত এজন প্ৰতিষ্ঠান বিৰোধী শিল্পীৰ সংগ্ৰামৰ অগতানুগতিক কাহিনী আৰু তেওঁৰ দুটামান গীতৰ পৰিচয়মূলক এটি চমু আলোচনা দাঙি ধৰাই এই লেখাৰ উদ্দেশ্য।

হঠাৎ সিদিনা গম পালোঁ ২০২৩ চনৰ ৮ আগষ্টত ৮১ বছৰ বয়সত এই শিল্পীজনাৰ মৃত্যু হৈছে। খবৰটো কিছুদিন পলমকৈ পাইছিলোঁ। সেইদিনাই তেওঁৰ সংগীত তথা জীৱনৰ বিষয়ে অকণমান আলচ কৰিম বুলি সিদ্ধান্ত কৰিছিলোঁ যদিও আজিহে সেইকাম কৰিবলৈ ওলাইছোঁ। আশাকৰোঁ সংগীত প্ৰেমী সচেতন পাঠকৰ পৰা আন্তৰিক সঁহাৰি পাম।

ৰডৰিগেজৰ চমু পৰিচয় আৰু তেওঁৰ সংগীত বিষয়ক এটি টোকা:

 His words and music were brutally honest and raw to the core.

– Matt Sullivan (Editor NYT)            

সম্পূৰ্ণ নামটো ছিক্সটো ডায়েজ ৰডৰিগেজ (Sixto Diaz Rodriguez)। জনমানসত ৰডৰিগেজ (Rodriguez) নামেৰে পৰিচিত এই অসাধাৰণ সংগীত শিল্পীজনক প্ৰথম জানিছিলোঁ  ২০১২ চনত অস্কাৰ বিজয়ী এখন তথ্যচিত্ৰৰ যোগেদি। তথ্যচিত্ৰখনৰ নাম “Searching for Sugar Man”। “The New York Times” কাকতত তেওঁৰ এই তথ্যচিত্ৰখনৰ সম্পৰ্কে কৈছে— “a real-life tale of talent disregarded, bad luck and missed opportunities, with an improbable stop in the Hamptons and a Hollywood conclusion.”

সঁচাই তথ্যচিত্ৰখন চাই কাকতখনত কোৱাৰ দৰে অনুভৱ কৰিছিলোঁ প্ৰতিভাৰ অৱজ্ঞা, দুৰ্ভাগ্য আৰু হেৰুৱা সুযোগৰ বাস্তৱ জীৱনৰ কাহিনী এই তথ্যচিত্ৰই ধৰি ৰাখিছে। এই শিল্পীজনৰ প্ৰতি দীৰ্ঘদিনৰ অৱজ্ঞাৰ শেষত এই তথ্যচিত্ৰখনিৰ মাৰফৎ অস্কাৰ বঁটাৰে যেন হলিউডে সিদ্ধান্ত টানিছে।

প্ৰাণৰ পৰশ আৰু সংগ্ৰামী আৱেদনেৰে সিক্ত, উদ্দেশ্যধৰ্মী সংগীত যে সহজে কালোত্তীর্ণ হৈ উঠিব পাৰে সেই কথা ৰডৰিগেজৰ সংগীতে প্ৰমাণ কৰি গৈছে।

মেক্সিকান-আমেৰিকান গায়কৰ ইতিহাসত ৰডৰিগেজ আছিল এজন বিশেষভাৱে উল্লেখযোগ্য  সংগীত শিল্পী। ১৯৪২ চনৰ ১০ জুলাইত মিচিগানৰ ডেট্ৰাইটত (Detroit) জন্মগ্ৰহণ কৰা ৰডৰিগেজ, মেক্সিকান অনুপ্ৰৱেশকাৰী শ্ৰমিক পিতৃ-মাতৃৰ ষষ্ঠ সন্তান। তিনি বছৰ বয়সতে তেওঁ মাতৃক হেৰুৱায়। ডেট্ৰাইটৰ (Detroit) উদ্যোগত কাম কৰিবলৈ অহা মেক্সিকান শ্ৰমিকৰ বৃহৎ সোঁতত তেওঁলোক আহিছিল। সেই সময়ত মেক্সিকান অনুপ্ৰৱেশকাৰীসকলে তীব্ৰ বিচ্ছিন্নতা আৰু প্ৰান্তীয়কৰণ দুয়োটাৰে সন্মুখীন হৈছিল। এনে সামাজিক বৈষম্যৰ যান্ত্ৰণাক্লিষ্ট চিন্তা চেতনাৰ পৰাই ৰডৰিগেজৰ গীতৰ জন্ম হৈছিল। এই গীতসমূহে চহৰৰ ৰাজপথৰ পৰা প্ৰতিবাদ আৰু শক্তিশালী চিত্ৰকল্পৰে এক ধৰণৰ বিদ্ৰোহী মনস্তাত্বিক অনুসন্ধানত ব্ৰতী হৈছিল।

শ্ৰমিক শ্ৰেণীৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা ৰডৰিগেজে প্ৰথমে সংগীতৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল দেউতাকৰ মেক্সিকান লোকগীত শুনি শুনি। প্ৰায়ে তেওঁ গীতবোৰ শুনি চকুলো টুকিবলৈ বাধ্য হৈছিল। তেওঁ কৈছিল, “মই সদায় তেওঁৰ হৃদয়বিদাৰক গীতবোৰ শুনিছিলোঁ, তেওঁ সংগীত ভাল পাইছিল আৰু মই তেওঁৰ জৰিয়তে সেইবোৰ বুটলি লৈছিলোঁ।” এইদৰে তেওঁ লাহে লাহে পৰিয়ালৰ গীটাৰ বজাবলৈ আৰম্ভ কৰিলে, আৰু, এই সংক্ৰান্তত তেওঁ কৈছিল, “ই মোৰ জীৱন সলনি কৰিলে”।

   

ক্ষোভ আৰু বিদ্ৰোহৰ অগনিৰে পৰিপুষ্ট চিত্ৰকল্প তথা উচ্চ কাব্যিক গুণৰ সমাহাৰ ৰডৰিগেজৰ গীতবোৰ বব ডিলানৰ সংগীতৰ সমগোত্ৰীয়। সৰল সংগীত ব্যৱস্থাপনা, সুৰৰ গভীৰ আৱেদন অথচ সৰল উপস্থাপন শৈলীৰ ৰডৰিগেজৰ গীতবোৰত দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যৰ চিকাৰ হোৱা সংগ্ৰামী জনগণে নিজৰ ভাষা বিচাৰি পাইছিল। দীৰ্ঘদিন ধৰি তেওঁৰ অজ্ঞাতেই দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজখনত সংগ্ৰামী জনতাৰ বাবে তেওঁ তাৰকা শিল্পী হৈ উঠিছিল। সেই সময়ৰ বৰ্ণবৈষম্য বিৰোধী কৰ্মী ষ্টিভ বিকোও ৰডৰিগেজৰ বিশেষ অনুৰাগী আছিল।

ৰডৰিগেজৰ ৰেকৰ্ডসমূহ সেই সময়ত দক্ষিণ আফ্ৰিকাত বেষ্টছেলাৰ আছিল, কিন্তু শ্ৰোতাসকলৰ বাবে তেওঁৰ পৰিচয় ৰহস্যৰে আবৃত আছিল। জনমভূমি আমেৰিকাত তেওঁ একেবাৰে পৰিচিত নাছিল।

সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ ৰডৰিগেজৰ গীতবোৰৰ অন্যতম বিষয়বস্তু। ৰডৰিগেজৰ গীতৰ কথাবোৰে প্ৰায়ে সমাজৰ মোহভংগ, অন্যায়, দৰিদ্ৰতা আৰু কৰ্তৃত্বৰ প্ৰতিৰোধৰ বিষয়বস্তু স্পৰ্শ কৰিছিল, যিবোৰ সকলো বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াসকলৰ অভিজ্ঞতাৰ সৈতে মিলি গৈছিল। তেওঁৰ গীতসমূহ যদিও ডেট্ৰাইটৰ অভিজ্ঞতাৰ বিষয়ে লিখা হৈছিল, দুৰ্নীতিগ্ৰস্ত ব্যৱস্থা, বৈষম্য আৰু ক্ষমতাৰ গাঁথনি আদিৰ সমালোচনাৰ বাবে বিষয়টো সাৰ্বজনীন হৈ উঠিছিল।

দক্ষিণ আফ্ৰিকাৰ দৰে দেশত চেন্সৰশ্বিপৰ যোগেদি বিভিন্ন বৰ্ণবৈষম্য বিৰোধী কণ্ঠক নিস্তব্ধ কৰি ৰখা হৈছিল। তেনে পৰিস্থিতিত ৰডৰিগেজৰ সংগীত দক্ষিণ আফ্ৰিকাৰ যুৱক-যুৱতীসকলৰ বাবে এক আৱেগিক তথা বৌদ্ধিক সমল হৈ উঠিছিল। “ক্ৰুচিফাই ইউৰ মাইণ্ড”, “আই ৱাণ্ডাৰ”, “দ্য এষ্টাব্লিছমেণ্ট ব্লুজ”, “ৰিচ্ছ ফক্স সক্স” (ধনী মানুহৰ প্ৰৱঞ্চনা)-ৰ দৰে গীতবোৰে নিপীড়নকাৰী শাসন ব্যৱস্থাৰ অধীনত জীয়াই থকাৰ হতাশাক প্ৰতিফলিত কৰিছিল আৰু শাসকৰ কৰ্তৃত্বৰ বিৰুদ্ধে থকা সমালোচনাই বৰ্ণবৈষম্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰাসকলৰ মনত এক নতুন চিন্তাৰ সূত্ৰপাত ঘটাইছিল।

তেওঁৰ বেছিভাগ গীততে দৰিদ্ৰ শ্ৰমিকসকলে সন্মুখীন হোৱা শোষণ বঞ্চনাৰ সম্পৰ্কত প্ৰতিবাদী ৰাজনৈতিক স্থিতি স্পষ্ট কৰিছে। 

      

মাত্ৰ দুটি studio এলবাম  Cold Fact (1970), Coming from Reality (1971) তেওঁৰ সংগীত জীৱনৰ মুখ্য ফচল। সম্ভৱ সৰ্বমুঠ ২৪টা গীত। আমেৰিকাত এই এলবাম দুটা মুক্তিৰ পাছত বাণিজ্যিকভাৱে সম্পূৰ্ণ ব্যৰ্থ হৈছিল যদিও দুয়োটা এলবাম পিছলৈ বিশেষকৈ দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশাল  অনুৰাগী লাভ কৰিছিল।

চাৰ্চিং ফৰ চুগাৰ মেন(২০১২)  (Searching for Sugar Man )– অতি চমুকৈ তথ্য চিত্ৰখনৰ কাহিনীটো :

২০১২ চনত মুক্তি পোৱা চাৰ্চিং ফৰ চুগাৰ মেন ডেট্ৰইটৰ (Detroit) অৱহেলিত গায়ক-গীতিকাৰ ছিক্সটো ৰডৰিগেজৰ এখন অসাধাৰণ, আকৰ্ষণীয় আৰু প্ৰায় অবিশ্বাস্য কাহিনী তথ্যচিত্ৰ। তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে চুইডিছ পৰিচালক Malik Bendjelloul এ।

“চুগাৰমেন” নামটো ৰডৰিগেজৰ এটি বিখ্যাত গীতৰ শিৰোনাম। ইতিমধ্যে আমি উল্লেখ কৰি আহিছোঁ ৰডৰিগেজে দুটা সংগীতৰ এলবাম মুকলি কৰিছিল—”কল্ড ফেক্ট” (১৯৭০) আৰু “কমিং ফ্ৰম ৰিয়েলিটি” (১৯৭১)। অপৰিসীম প্ৰতিভাধৰ ৰডৰিগেজৰ চিন্তা-উদ্দীপক গীতৰ কথা স্বত্বেও তেওঁৰ সংগীতে আমেৰিকাত ব্যৱসায়িক সফলতা লাভ কৰাত ব্যৰ্থ হয়। এই পৰিণতিৰ বাবে সংগীত শিল্পী হোৱাৰ সকলো আশা ত্যাগ কৰি ৰডৰিগেজে ডেট্ৰইটলৈ আহি এটা নিৰ্মাণ কম্পেনীৰ সাধাৰণ গৃহ নিৰ্মাণ কৰ্মী হিচাবে নিজৰ জীৱিকা নিৰ্বাহ কৰিবলৈ ধৰে। তেনেকৈয়ে তেওঁ কেইবা দশক জনমানসৰ পৰা নিলগত থাকে। ইফালে কিন্তু ৰডৰিগেজৰ অজ্ঞাতে তেওঁৰ প্ৰতিষ্ঠান বিৰোধী আৰু সামাজিক ন্যায় সন্ধানী সংগীতে দক্ষিণ আফ্ৰিকাৰ বর্ণবৈষম্য বিৰোধী সংগ্ৰামখনৰ ওপৰত বিপুল প্ৰভাৱ পেলাই আৰু তেওঁ দক্ষিণ আফ্ৰিকাৰ এজন সাংস্কৃতিক আইকন হৈ পৰে। বিশেষকৈ “Cold Fact” নামৰ এলবামটো গীতবোৰ তাত প্ৰতিৰোধ আৰু বিদ্ৰোহৰ anthem হিচাবে পৰিগণিত হ’বলৈ ধৰে।

ইফালে ডেট্ৰইটত ৰডৰিগেজৰ বিষয়ে কোনেও একো নাজানে৷ তেওঁ একেবাৰে অপৰিচিত এটা নাম। আনহাতে দক্ষিণ আফ্ৰিকাৰ জনগণে তেওঁক লগ পাবলৈ ব্যাকুল, কৌতুহলৰ শেষ নাই। তেওঁলোকৰ সংগ্ৰামৰ প্ৰেৰণাৰ উৎস এই সংগ্ৰামী শিল্পীক তেওঁলোকে লগ পাব লাগে, তেওঁৰ লাইভ প্রগেম কৰিব লাগে, মুঠতে অন্য নহ’লেও তেওঁৰ সম্পৰ্কে খবৰ লাগে।

সেই সময়তে চাৰিওফালে কিছুমান উৰা বাতৰি প্ৰকাশ পালে যে ৰডৰিগেজে ইতিমধ্যে ষ্টেজতে আত্মহত্যা কৰিছে। এই খবৰবোৰে ৰডৰিগেজৰ খ্যাতিৰ লগতে তেওঁৰ সম্পৰ্কত কিছু ৰহস্যৰ জন্ম দিলে। ফলত দক্ষিণ আফ্ৰিকাত ৰডৰিগেজ এজন ৰহস্যজনক ব্যক্তি হৈ উঠিল।

সেই সময়তে দক্ষিণ আফ্ৰিকাৰ ৰডৰিগেজেৰ দুজন অনুৰাগী, সাংবাদিক Craig Bartholomew Strydom আৰু Stephen “Sugar” Segerman এ ৰডৰিগেজেৰ জীৱনৰ সন্ধানত গৱেষণাত অৱতীৰ্ণ হ’ল। তেওঁৰ এলবাম কেইটাৰ কভাৰত থকা ঠিকনা, ইণ্টাৰনেট যোগে বিভিন্ন তথ্য সংগ্ৰহ কৰি কৰি শেষত ৰডৰিগেজৰ জীয়েকৰ লগত ইণ্টাৰনেটৰ যোগেদি যোগাযোগ সম্ভৱ হৈ উঠিল। তাৰ পাছত সকলো সত্য উন্মোচন হ’ল। ৰডৰিগেজে সংগীতৰ কেৰিয়াৰৰ সকলো সপোন সামৰি এটা নিৰ্মাণ কোম্পানীত এজন সাধাৰণ শ্ৰমিক হিচাবে জীৱিকা নিৰ্বাহ কৰি আছে আৰু দক্ষিণ আফ্ৰিকাত তেওঁৰ সংগীতৰ প্ৰভাৱৰ সম্পৰ্কত তেওঁ সম্পূৰ্ণ অজ্ঞাত। তাৰপাছত দুয়ো পক্ষৰ পাৰস্পৰিক সহযোগিতাৰ যোগেদি পুনৰ ৰডৰিগেজ সংগীতৰ জগতলৈ উভতি আহে। এই গোটেই কাহিনীটো তথ্যচিত্ৰ খনে সুন্দৰকৈ অৰ্থপূৰ্ণ ৰূপত চিত্ৰায়ন কৰিছে। আপোনালোকে তলৰ লিংকত তথ্যচিত্ৰখন উপভোগ কৰিব পাৰিব। এই লেখাত মই মাথোঁ কাহিনীটোৰ অতি চমু পৰিচয় দাঙি ধৰিলোঁ। তথ্যচিত্ৰখনৰ পৰাই আপোনালোকে এই সংগীত শিল্পীজনৰ শিল্প প্ৰতিভা আৰু অবদানৰ বিষয়ত সুন্দৰকৈ জানি উঠিব। এই তথ্যচিত্ৰই ৰডৰিগেজৰ কেৰিয়াৰ নতুনকৈ প্ৰতিষ্ঠাৰ উপৰিও তেওঁৰ সংগীতক বিশ্বৰ জনসভাত গভীৰ ৰূপত চিনাকি কৰি দিলে।

নিজৰ জীৱনৰ এই কাহিনীক লৈ ৰডৰিগেজে এটা সাক্ষাৎকাৰত কৈছে এনেদৰে – “My story isn’t a rags to riches story,” he said. “It’s rags to rags, and I’m glad about that. Where other people live in an artificial world, I feel I live in the real world. And nothing beats reality.”

ইয়াৰ পাছৰ জীৱনতো ৰডৰিগেজে অতি সাধাৰণ জীৱন যাপন কৰিছিল। তেওঁক এই খ্যাতিয়ে আনন্দ দিলেও আত্মহাৰা হৈ গতানুগতিকতাৰ মাজত বিলীন হৈ যোৱা নাছিল।

পৰৱৰ্তী কালত ২০১৫ চনত Craig Bartholomew Strydom আৰু Stephen “Sugar” Segermanএ তেওঁলোকৰ এই গৱেষণা গ্ৰন্থ আকাৰত Sugar Man: The Life, Death and Resurrection of Sixto Rodriguez নামেৰে প্ৰকাশ কৰে। সেই গ্ৰন্থৰ সম্পৰ্কত বিখ্যাত Business Day কাকতত কৈছে এনেদৰে – “probably one of the most unusual rock ‘n roll stories out there”.

(“Searching for Sugar Man” তথ্যচিত্ৰখন এই লিংকত টিপি চাব পাৰিব)

ৰডৰিগেজৰ দুটি বিখ্যাত গীতৰ চমু আলোচনা :

প্ৰথম গীত:  ক্ৰুচিফাই ইঅ’ৰ মাইণ্ড (Crucify Your Mind)

               

গীতটোৰ কথা :

Crucify Your Mind

 –Rodriguez

*************

Was it a huntsman or a player
That made you pay the cost
That now assumes relaxed positions
And prostitutes your loss?
Were you tortured by your own thirst
In those pleasures that you seek
That made you Tom the curious
That makes you James the weak?

And you claim you got something going
Something you call unique
But I’ve seen your self-pity showing
As the tears rolled down your cheeks.

Soon you know I’ll leave you
And I’ll never look behind
‘Cos I was born for the purpose
That crucifies your mind.
So con, convince your mirror
As you’ve always done before
Giving substance to shadows
Giving substance ever more.

And you assume you got something to offer
Secrets shiny and new
But how much of you is repetition
That you didn’t whisper to him too.

“ক্ৰুচিফাই ইউৰ মাইণ্ড”(Crucify Your Mind)ৰডৰিগেজৰ অন্যতম উল্লেখযোগ্য আৰু অন্তৰ্দৃষ্টিসম্পন্ন গীত, ১৯৭০ চনত মুক্তি পোৱা তেওঁৰ সংগীত এলবাম “কল্ড ফেক্ট” (Cold Fact)ত গীতটো অন্তৰ্ভুক্ত।

ৰডৰিগেজৰ “ক্ৰুচিফাই ইউৰ মাইণ্ড”(Crucify Your Mind)গীতটো প্ৰথম যেতিয়া শুনিছিলোঁ গীতৰ কথা ভালকৈ নুবুজাকৈয়ে এটা বিষাদৰ অনুভূতিয়ে মনটো শীতল কৰি তুলিছিল। বুজা-নুবুজাৰ মাজতে কিন্তু গীতটোৰ সামগ্ৰিক সাংগীতিক অভিব্যক্তিয়ে মনটো কৌতুহলী কৰি তুলিছিল। তেনেকৈয়ে গীতটো কেইবাবাৰো শুনিছিলোঁ। গীতটোৰ নতুন টেষ্টৰ বাবে বাৰে বাৰে শুনিবলৈ, বুজিবলৈ অনুপ্ৰাণিত হৈছিলোঁ। গীতটোৰ লোকসমৃদ্ধ বাদ্যযন্ত্ৰৰ সৰল সংমিশ্ৰণে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে যিয়ে অন্তৰংগ আৰু চিন্তাশীল অনুভৱৰ জন্ম দিয়ে।একেসময়তে কৌতুহল আৰু উদ্দীপনাৰ ময়াময় পৰিৱেশ সৃষ্টিত  সৰল অথচ চুম্বকীয় যন্ত্ৰ সংগীত গীতটোৰ অন্যতম বৈশিষ্ট। পাছলৈ লাহে লাহে গীতটোৰ কথাবোৰ বিভিন্ন ধৰণে অনুধাৱন কৰি বুজি উঠিছিলোঁ আত্মনিৰীক্ষণ আৰু মোহভংগৰ গভীৰ অনুভূতিয়ে সৃষ্টি কৰা বিষাদ আৰু কিছু নম্ৰ প্ৰতিবাদ, সমাজ-সমালোচনা গীতটোৰ মূল বিষয়বস্তু। সেইদৰে গীতটোৰ Psychedelic Folk Influenceৰ গীতিময় প্ৰতিফলন বিশেষ মনকৰিবলগীয়া। ৰডৰিগেজৰ বাকী গীতৰ দৰেই এই গীতটোতো বব ডিলানৰ সংগীতৰ অনুৰণন অনুভূত হয়।

চমুকৈ গীতটোৰ সাংগীতিক বৈশিষ্ট্য:

“Crucify Your Mind” গীতটো সৰল সাংগীতিক চৰিত্ৰৰ যদিও গভীৰ কাব্যিক গুণেৰে সমৃদ্ধ। গীতটোত পুনৰাবৃত্তি নাই। গীতটোৰ কথাংশৰ একাধিক ব্যাখ্যা হ’ব পাৰে, কিন্তু সামগ্ৰিকভাৱে ইয়াত মোহভংগ, আত্মসচেতনতা, আৰু সমাজ জীৱনকলৈ হেতালি খেলাৰ বিষয়বস্তুক মূলতঃ সম্বোধন কৰা হৈছে। সেই অনুসৰি গীতটোৰ সাংগীতিক বৈশিষ্ট মনোগ্ৰাহীকৈ নিৰ্মাণ কৰা হৈছে।

ফলপ্ৰসূ গীতৰ কথাৰ মৰ্মক সমৰ্থন কৰা লোক-ৰক (folk -rock) সংগীতৰ ভেটিত গীতটো গঢ় লৈ উঠিছে। মূলতঃ একাউষ্টিক গীটাৰ লগতে লাইট পাৰ্কাচন আৰু বেছ গীটাৰৰ সুৰীয়া সংযোজনে গীতটোৰ বিষাদপূৰ্ণ ক্ষোভ আৰু নম্র প্ৰতিবাদী বক্তব্যক সজীৱ সহজ অনুভৱলৈ লৈ যোৱাত বিশেষ অৰিহণা যোগাইছে।

গীতটোৰ মুখ্যতঃ একাউষ্টিক গীটাৰৰ দ্বাৰা পৰিচালিত কৰ্ড প্ৰগ্ৰেছনে এটা গম্ভীৰ কিন্তু উদ্ভাসিত সুৰৰ জন্ম দিয়ে। কৰ্ডবোৰ সহজ, তথাপিও ইহঁতে দুখৰ অনুভৱ জগাই তোলে, প্ৰায় নিস্তব্ধ বিলাপৰ দৰে। এই বিষাদবোধক সজীৱ কৰি তোলে গীতটোৰ কোমল ছন্দই (gentle rhythm), যিয়ে অবিৰত ধীৰ গতিৰে গীতটোক আগবঢ়াই লৈ যায় আৰু যেন কোনোবাই কঠিন সত্য বা অতীতৰ অনুশোচনাৰ সৈতে একমত হোৱাৰ আভাস দিয়ে।

গীতটোত ৰডৰিগেজৰ কণ্ঠ শান্ত আৰু সংযত। কণ্ঠত আস্ফালন বা তীব্ৰ আৱেগ নাই—মাত্ৰ নিৰৱে গ্ৰহণযোগ্যতাৰ অনুভূতি তুলি ধৰে, যিয়ে হেৰুৱা বা মোহভংগৰ অন্তৰ্নিহিত অনুভৱক আৰু গীতটোৰ চিন্তাশীল প্ৰকৃতিক উজ্বল ৰূপত তুলি ধৰে। গীতৰ ইংৰাজী উচ্চাৰণ সাধাৰণ আমেৰিকান ঠাঁচৰ নোহোৱা বাবেও অৰ্থৰ লগত সংগতি ৰাখি নতুন মাত্ৰা প্ৰদান কৰিছে। 

স্থিৰ ছন্দ আৰু পুনৰাবৃত্তিমূলক সুৰৰ ব্যৱহাৰে এই সমাজৰ সমস্যাবোৰত আবদ্ধ হৈ থকাৰ অনুভূতিক আৰু অধিক শক্তিশালী কৰি তুলিছে, যিটো গীতটোত প্ৰকাশ পোৱা মোহভংগৰ অনুভূতিৰ সৈতে মিলি যায়।

সাংগীতিকভাৱে এই গীতটোৱে folk-rock, ব্লুজ আৰু Psychedelic সংগীতৰ উপাদানসমূহৰ মিশ্ৰণ ঘটাই এক প্ৰভাৱশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন শব্দৰ (sound) সৃষ্টি কৰিছে।

গীতটোৰ উক্ত সংগীত ব্যৱস্থাৰ জৰিয়তে শ্ৰোতাই ৰডৰিগেজৰ গীতৰ কথাৰ ওজনৰ গুৰুত্ব সুন্দৰকৈ বুজি উঠিব বুলি ধাৰণা হয়।

গীতটোৰ সাংস্কৃতিক আৰু ৰাজনৈতিক বৈশিষ্ট্য :

আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে ৰডৰিগেজ আমেৰিকাত বহুলাংশে অচিনাকি আছিল, যদিও তেওঁৰ এলবাম দুটাই জনমানসত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল, কিন্তু “কল্ড ফেক্ট” (Cold Fact)  এলবামটোৰ “ক্ৰুচিফাই ইউৰ মাইণ্ড” গীতটোৱে দক্ষিণ আফ্ৰিকাত গভীৰভাৱে প্ৰতিধ্বনিত হৈছিল, আৰু তেওঁৰ এই সংগীত বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজৰ সময়ত প্ৰতিৰোধৰ এক প্ৰতীক হৈ পৰিছিল। দক্ষিণ আফ্ৰিকাৰ শ্ৰোতাসকলে বিশেষকৈ নৱ প্ৰজন্মই তেওঁৰ এই  সংগীতত নিপীড়নকাৰী ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ হতাশাৰ প্ৰতিফলন আৱিষ্কাৰ কৰি সহমৰ্মীতা অনুভৱ কৰিছিল। “ক্ৰুচিফাই ইউৰ মাইণ্ড” গীতটোত উপস্থাপন কৰা সমাজৰ নীতি-নিয়মৰ বিচ্ছিন্নতা আৰু প্ৰত্যাখ্যানৰ অনুভূতি আৰু দক্ষিণ আফ্ৰিকাবাসীয়ে বৰ্ণবৈষম্য চৰকাৰ আৰু ইয়াৰ প্ৰতিশ্ৰুতিৰ পৰা অহা মোহভংগৰ অনুভূতিৰ সমান্তৰাল আছিল।

“Crucify Your Mind” ৰডৰিগেজৰ দ্বাৰা সৃষ্ট এক উল্লেখযোগ্য সাংস্কৃতিক ওজন বহন কৰা এটি গীত। বিশেষকৈ সমাজৰ ঋণাত্মক কাৰ্য্যকলাপৰ বাবে মোহভংগ, সমাজ বিচ্ছিন্নতা, আৰু আত্ম-প্ৰতিফলনৰ বিষয়বস্তুৰ প্ৰেক্ষাপটত জন্ম হোৱা এই গীতে বৰ্ণবৈষম্যৰ যুগত দক্ষিণ আফ্ৰিকাৰ সমাজ জীৱনৰ সাংস্কৃতিক ক্ষেত্ৰখনত সাংঘাতিকভাৱে প্ৰভাৱ পেলাইছিল।

সেইবাবে বৰ্ণবৈষম্যৰে ভাৰাক্ৰান্ত দক্ষিণ আফ্ৰিকাত এই গীতটোৰ সাংস্কৃতিক-ৰাজনৈতিক প্ৰাসংগিকতা বহুত।

আমেৰিকাত আওকাণ কৰা ৰডৰিগেজৰ সংগীত দক্ষিণ আফ্ৰিকাত এক সাংস্কৃতিক পৰিঘটনাত পৰিণত হৈছিল, বিশেষকৈ নিপীড়নকাৰী ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি মোহভংগ হোৱা বগা বৰ্ণবৈষম্য বিৰোধী যুৱক-যুৱতীসকলৰ মাজতো। “Crucify Your Mind”-এ নিজৰ চৰকাৰৰ নৈতিকতাক লৈ প্ৰশ্ন উত্থাপন কৰা আৰু বিভক্ত আৰু নিয়ন্ত্ৰিত সমাজত নিজৰ পৰিচয় বিচাৰিবলৈ সংগ্ৰাম কৰি থকা এটা প্ৰজন্মৰ সৈতে কথা পাতিছিল।

ৰডৰিগেজৰ সংগীত আণ্ডাৰগ্ৰাউণ্ড চেনেলৰ জৰিয়তে দক্ষিণ আফ্ৰিকানসকলৰ মাজলৈ গৈছিল আৰু কিছুমান বিশেষ ক্ষেত্ৰত নিষিদ্ধ হোৱাৰ পিছতো ই যুৱক-যুৱতীসকলৰ চেতনাত অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে ৰডৰিগেজৰ গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ যথাৰ্থতে শত্ৰুমহলৰ চক্ৰান্ত প্ৰতিহত কৰিছিল।

বৰ্ণবৈষম্যৰ সময়চোৱাৰ দক্ষিণ আফ্ৰিকা চৰকাৰে তেওঁলোকে বিধ্বংসী বুলি গণ্য কৰা সংগীতক জৰুৰীভাৱে চেঞ্চৰ কৰিছিল। বহু প্ৰতিবাদী গীত ৰেডিঅ’ৰ পৰা নিষিদ্ধ কৰা হৈছিল।  ৰডৰিগেজৰ সংগীত অৱশ্যে মুখৰ পৰা মুখলৈ বিয়পি পৰিছিল, শাসন ব্যৱস্থাই বিৰোধী কণ্ঠক দমন কৰাৰ চেষ্টা কৰাৰ পিছতো ই এক শক্তিশালী শক্তিত পৰিণত হৈছিল।”Crucify Your Mind” ৰডৰিগেজৰ তেনে এটি গীত।

বৰ্ণবৈষম্যৰ প্ৰেক্ষাপটত গীতটোৱে সমাজৰ সহযোগিতাৰ সমালোচনা আৰু কৰ্তৃত্বৰ ওপৰত প্ৰশ্ন কৰাটো গভীৰভাৱে অনুৰণিত হৈছিল। ব্যক্তিসকলে তেওঁলোকৰ জীৱনৰ ওপৰত প্ৰকৃততে কোনে নিয়ন্ত্ৰণ কৰিছে সেই বিষয়ে প্ৰশ্ন কৰিব লাগিব- Was it a huntsman or a player/ That made you pay the cost..

—তেওঁলোক নিজৰ অত্যাচাৰৰ সহযোগী নেকি, বা বাহ্যিক শক্তিয়ে তেওঁলোকক আত্মত্যাগৰ দিশত ঠেলি দিছে নেকি ? ইয়াৰ দ্বাৰা বহু দক্ষিণ আফ্ৰিকান লোকে সন্মুখীন হোৱা আভ্যন্তৰীণ সংঘাত গীতটোত প্ৰতিধ্বনি হৈছিল। মনকৰিবলগীয়া কথা যে যিসকলে বৰ্ণবৈষম্যৰ দ্বাৰা উপকৃত হৈছিল তেওঁলোকেও নৈতিকভাৱে ইয়াৰ বিৰোধিতা কৰিছিল।গীতটোৰ প্ৰভাৱ দক্ষিণ আফ্ৰিকাত সেই পৰ্য্যায়ত দৃষ্টিগোচৰ হৈছিল।

“Crucify Your Mind” – “তোমাৰ মনটোক ক্ৰুচত দিয়া” এই উত্তেজক শিৰোনামৰ জৰিয়তে ৰডৰিগেজে মানুহে নিজৰ মনটোক বাহ্যিক শক্তিৰ আধিপত্য বিস্তাৰ কৰিবলৈ দিয়াৰ উপায়সমূহৰ সমালোচনা কৰিছে আৰু মানসিক স্বাধীনতা আৰু প্ৰামাণ্যতা পুনৰ আহৰণৰ আহ্বান জনাইছে।

গীতটোৰ কথাই সমাজৰ হেঁচাত ব্যৰ্থতাৰ সন্মুখীন হ’লে অনুভৱ কৰা মোহভংগক সম্বোধন কৰিছে। যিবোৰ বিষয়বস্তু সাধাৰণতে নিপীড়নৰ মাজত থকা প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত অনুৰণিত হৈছিল।নিজৰ মনক “ক্ৰুচত দিয়া” ধাৰণাটোৰ ইংগিত দি মানুহে কেনেকৈ নিজৰ মানসিক আৰু আৱেগিক অত্যাচাৰৰ সহযোগী হ’ব পাৰে, ব্যক্তিগত স্বাধীনতা আৰু সমালোচনাত্মক চিন্তাধাৰাক স্তব্ধ কৰিব পৰা সমাজৰ নীতি-নিয়ম, আশা বা ব্যৰ্থতাৰ ওচৰত হাৰ মানিব পাৰে তাকে লৈ গীতটোত ৰডৰিগেজে ক্ষোভ আৰু মানসিক অন্তৰ্দ্বন্দ্বৰে সমালোচনা মুখৰ হৈ উঠিছে।

গীতটোৰ আৰম্ভণি বাক্যটো অতি তাৎপৰ্যপূৰ্ণ- “Was it a huntsman or a player/That made you pay the cost..” (চিকাৰী আছিল নে খেলুৱৈ/ যিটোৱে আপোনাক খৰচ ভৰিবলৈ বাধ্য কৰাইছিল?) গীতটোত কোৱা হৈছে প্ৰশ্ন কৰক আপুনি জীৱনত মূল্য দিবলগা কাৰণবোৰ আনৰ চিকাৰ হোৱাৰ বাবে নে নিজৰ পছন্দৰ বাবে? ৰডৰিগেজে জীৱনৰ শোষণ আৰু প্ৰতাৰণাবোৰৰ কাৰণ অন্বেষণ কৰি কৈছে -আমি প্ৰায়ে বিভিন্ন বাহ্যিক শক্তিৰ বলি হওঁ বা মোহভংগৰ পৰিণতিত শেষ হৈ যাওঁ। সমাজৰ পৰা আশা আৰু ব্যক্তিগত পৰিচয়ৰ প্ৰতি গভীৰ মোহভংগ প্ৰতিফলিত হৈছে গীতটিত।

গীতটোৰ আন এটা শাৰীত কৈছে “And you claim you got something going, something you call unique/ But I’ve seen your self-pity showing As the tears rolled down your cheeks. -এই  বাক্যাংশই এনে উপলব্ধিৰ ইংগিত দিয়ে যে এসময়ত মানুহে যিটোক অৰ্থপূৰ্ণ বা অনন্য বুলি বিশ্বাস কৰিছিল, সেয়া প্ৰায়ে কেৱল আন এক ধৰণৰ হেতালি খেল। গীতটোত কৈছে মই আপোনাৰ self-pity বুজি পাওঁ আপোনাৰ গালখনত বাগৰি যোৱা চকুপানীবোৰ মই দেখিছোঁ।

মোহভংগ, মানসিক অত্যাচাৰ, ব্যক্তিত্ব হেৰুৱা আদি বিষয়বস্তুৰে ৰডৰিগেজৰ “Crucify Your Mind” গীতটো প্ৰথমতে নেতিবাচক বা বিষাদময় গীত যেন লাগিব পাৰে, কিন্তু গীতটোৰ পৃষ্ঠভূমিৰ ঠিক তলত ফল্গুধাৰাৰ দৰে  বিপ্লৱী আৰু ইতিবাচক বাৰ্তাৰ উপাদানও বহন কৰিছে। গীতটোৱে সমাজৰ প্ৰতিকূলতা আৰু ব্যক্তিগত পৰাজয়ৰ প্ৰত্যাহ্বানৰ কথা কয় যদিও শেষত ই শ্ৰোতাক নিজৰ মানসিক স্বাধীনতাৰ ওপৰত চিন্তা কৰিবলৈ আৰু নিজৰ চিন্তা আৰু জীৱনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাৰ কথা চিন্তা কৰিবলৈ প্ৰেৰণা দিয়ে। গীতটোৱে সচেতনতা, আত্মচিন্তা, মানসিক মুক্তিৰ সম্ভাৱনাক উৎসাহিত কৰে, যাৰ ফলত ই কেৱল সমাজৰ চাপৰ সমালোচনাই নহয়, কৰ্মৰ বাবে এক সূক্ষ্ম আহ্বানও। গীতটোত কৈছে –

Soon you know I’ll leave you
And I’ll never look behind
‘Cos I was born for the purpose

ইয়াত শ্ৰোতাসকলক তেওঁলোকৰ মন নিয়ন্ত্ৰণ কৰা শক্তিসমূহক প্ৰশ্ন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোকৰ স্বায়ত্তশাসন পুনৰ লাভ কৰাৰ কথা চিন্তা কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়, যাৰ ফলত ইয়াক ব্যক্তিগত আৰু সামাজিক পৰিৱৰ্তন দুয়োটাকে অনুপ্ৰাণিত কৰিব পৰা গীত হিচাপে পৰিগণিত হৈছে।সেইবাবেই গীতটোৰ সেই বলিষ্ঠ বাক্য – Cos I was born for the purpose.

দ্বিতীয় গীত :  আই ৱাণ্ডাৰ ( I Wonder) 

 গীতটোৰ কথা :

  I Wonder

 -Rodriguez

***********

I wonder how many times you’ve been had
And I wonder how many plans have gone bad
I wonder how many times you had sex
I wonder do you know who’ll be next
I wonder l wonder wonder I do

I wonder about the love you can’t find
And I wonder about the loneliness that’s mine
I wonder how much going have you got
And I wonder about your friends that are not
I wonder I wonder I wonder I do

I wonder about the tears in children’s eyes
And I wonder about the soldier that dies
I wonder will this hatred ever end
I wonder and worry my friend
I wonder I wonder wonder don’t you?

I wonder how many times you been had
And I wonder how many dreams have gone bad
I wonder how many times you’ve had sex
And I wonder do you care who’ll be next
I wonder I wonder wonder I do

“আই ৱাণ্ডাৰ” ৰডৰিগেজৰ প্ৰথম এলবাম কল্ড ফেক্ট (১৯৭০)ৰ অন্যতম বিখ্যাত গীত। গীতটো সহজ অথচ শক্তিশালী কথাৰ ওপৰত নিৰ্মিত যিয়ে কৌতুহল, মোহভংগ, আৰু সমাজ সমালোচনাৰ বিষয়বস্তু অন্বেষণ কৰে। ৰডৰিগেজৰ বহু গীতৰ দৰেই “আই ৱাণ্ডাৰ”ৰ গীতটোৰ ক্ষেত্ৰতো দেখা যায়- ব্যক্তিগত সম্পৰ্ক আৰু বহল সমাজৰ বিষয় দুয়োটাৰে ওপৰত ইয়াত প্ৰশ্ন উত্থাপন হৈছে আৰু ইয়াৰ প্ৰতিফলন সূত্ৰে শ্ৰোতাৰ মাজত গীতটোৱে গভীৰভাৱে অনুৰণন ঘটায়। গীতটোৰ আকৰ্ষণীয় সুৰ আৰু পোনপটীয়া বক্তব্যই ইয়াক শ্ৰোতাৰ সহজে কাষ চাপিব পৰা অনুভৱৰ সুযোগ দিয়ে যদিও গীতটোৰ কথাই গভীৰ বাৰ্তা বহন কৰিছে।দক্ষিণ আফ্ৰিকাৰ মানুহে ৰডৰিগেজৰ সংগীতৰ প্ৰতি ইমান প্ৰেমত পৰাৰ লগত এই গীতটোৰ বহুখিনি অৱদান আছে। “আই ৱাণ্ডাৰ” গীতটো “চাৰ্চিং ফৰ চুগাৰ মেন” তথ্যচিত্ৰখনৰ এটা গুৰুত্বপূৰ্ণ অংশ অধিকাৰ কৰি আছে।

এই গীতটো ৰেডিঅ’ৰ পৰা নিষিদ্ধ কৰা হৈছিল, কাৰণ গীতটোৰ এটা বিশেষ লাইন I wonder how many times you had sex”। নিষিদ্ধ হৈ গ’লে মানুহে বেছিকৈ শুনিব বিচাৰে। ফলত গীতটোৰ প্ৰভাৱ আৰু প্ৰচাৰ দুইটা বাঢ়িহে গৈছিল।
ৰডৰিগেজ ডেট্ৰাইটৰ ৰাজপথত দেখা কথাবোৰৰ ওপৰত কবিতা লিখা ল’ৰা। সেই কবিতাৰ পৰাই তেওঁৰ এইবোৰ গীতৰ জন্ম হয়। ই এক বাস্তৱ উপলদ্ধি, কল্পনা প্ৰসূত নহয়।

গীতটোৰ সাংগীতিক বৈশিষ্ট্য :

সংগীতৰ দিশৰ পৰা “আই ৱাণ্ডাৰ” গীতটোৰ সংগীত সহজ অথচ সংক্ৰামক। লোক-ৰক (folk-rock) শৈলীত নিৰ্মিত এই গীতটোৰ সংগীত অতি প্ৰত্যয়পূৰ্ণ মেলোডি আৰু সৰল ছন্দ (Rhythm)ৰ। মূলতঃ একষ্টিক গীটাৰ আৰু ড্ৰামৰ ব্যৱহাৰে গীতটোক এক আৰামদায়ক তথা কিছু আশাবাদী সংগীতৰ যোগান ধৰে, সামগ্ৰিকভাৱে ক’বলৈ গ’লে যিটো গীতৰ কথাৰ যি গুৰুত্ব তাৰ প্ৰকৃতিৰ সৈতে বিপৰীতমুখী। যদিও গীতৰ চুড়ান্ত বক্তব্যৰ শ্ৰোতাৰ মাজলৈ লৈ যোৱাত সমস্যা সৃষ্টি নকৰে।

গীতটোত বেছ গীটাৰৰ ব্যৱহাৰ তাৎপৰ্যপূৰ্ণ। ইয়াৰ ব্যৱহাৰ স্থিৰ আৰু সুৰীয়া। গীতটোক ই‌ গভীৰতা প্ৰদান কৰাৰ লগতে বিশেষ এক ছন্দৰ যোগাব ধৰে। সূক্ষ্মভাৱে গীতটোৰ আকৰ্ষণীয় ন’টবোৰক শক্তিশালী কৰাৰ উপৰিও শ্ৰোতাক এক বিশেষ দণ্ডৰ মাজলৈ লৈ যোৱাত সহযোগ কৰে। গীতটোত ড্ৰামবিট পোনপটীয়া, নিয়ন্ত্ৰিত গতিত বজাই ৰাখে যিয়ে গীতটোক আশাবাদী আৰু প্ৰায় চঞ্চল অনুভৱৰ মাজলৈ লৈ যোৱাৰ সহায় কৰে। গীতটোত ই অতিশয় শক্তিশালী ৰূপত নাই যদিও গীতটোক আগুৱাই লৈ যায়, আৰু গীতটোৰ ছন্দ আৰু গতিবোধত অৰিহণা যোগায়।

“আই ৱাণ্ডাৰ” গীতটোত ৰডৰিগেজৰ কণ্ঠ শৈলী পোনপটীয়া আৰু অনাড়ম্বৰ, যাৰ ফলত গীতটোত তেওঁৰ প্ৰশ্নৰ ওজন শ্ৰোতাৰ বাবে অতি প্ৰভাৱশালী ৰূপত ধৰা দিয়ে। তেওঁৰ কণ্ঠত এক নিৰ্দিষ্ট উষ্ণতা আৰু সততা আছে যিয়ে শ্ৰোতাক তেওঁৰ বক্তব্যৰ সৈতে কেৱল সংযুক্ত কৰাই নহয় অনুভৱ- উপলব্ধিৰ পৰ্যায়লৈ সহজে লৈ যায় আৰু গীতটোৰ আৱেগিক প্ৰভাৱ অধিক বৃদ্ধি কৰে।

এই সাংগীতিক গুণৰ লগতে “আই ৱাণ্ডাৰ” হৈছে ব্যক্তিগত আত্মনিৰীক্ষণৰ সৈতে বহল সামাজিক ধাৰাভাষ্যৰ মিশ্ৰণ ঘটোৱা গীত।ইয়াৰ সহজ অথচ গভীৰ প্ৰশ্নৰ জৰিয়তে গীতটোৱে প্ৰেমৰ সম্পৰ্কৰ পৰা আৰম্ভ কৰি সমাজৰ অন্যায় অবিচাৰ আদিৰ সাৰ্বজনীন মানৱীয় চিন্তাৰ কথা কয়। ই বহু সময়ত সমাজৰ অন্যায়ৰ  বিৰুদ্ধে প্ৰতিবাদ,প্ৰতিৰোধৰ গীতৰ পৰ্যায়লৈ উতীৰ্ণ হয়।সংগীতৰ ফালৰ পৰা সুলভ যদিও গীতিময়ভাৱে গভীৰ, “আই ৱাণ্ডাৰ” ৰডৰিগেজৰ অন্যতম চিৰস্থায়ী আৰু গুৰুত্বপূৰ্ণ গীত হৈ উঠিছে, যিয়ে বিশ্বজুৰি শ্ৰোতাৰ মাজত অনুৰণন অব্যাহত ৰাখিছে

 গীতটোৰ সাংস্কৃতিক আৰু ৰাজনৈতিক বৈশিষ্ট :

I Wonder গীতটোৰ আৰম্ভণি হৈছে এনেদৰে –

I wonder how many times you’ve been had
And I wonder how many plans have gone bad
I wonder how many times you had sex
I wonder do you know who’ll be next
I wonder l wonder wonder I do
………

এইবোৰ কিছুমান যেন অত্যন্ত ব্যক্তিগত ৰোমান্টিক কৌতুহলৰ পৰা অহা প্ৰশ্ন। এই শাৰীবোৰে সম্পৰ্কতৰ নিৰাপত্তাহীনতা বা অনিশ্চয়তাৰ অনুভূতিৰ কথা কয়, য’ত বক্তাই কোনো সংগীৰ আন্তৰিকতা বা আনুগত্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। গীতটোৰ শব্দবোৰে যেন তাৰ অন্তৰ্নিহিত গভীৰ আৱেগিক অস্থিৰতাৰ সৈতে শ্ৰোতাক মুখামুখি কৰি দিয়ে। জীৱন, প্ৰেম আৰু বিশ্বাসৰ প্ৰশ্নৰে ভাৰাক্ৰান্ত এই গীতটোত বক্তাই ব্যক্তিগত অভিজ্ঞতা আৰু সম্পৰ্কৰ বিষয়ে উত্তৰ বিচাৰিছে,যদিও এই প্ৰশ্নবোৰ উত্তৰহীন প্ৰশ্ন হিচাবেই থাকি যায়, যিয়ে মানুহৰ পাৰস্পৰিক ক্ৰিয়াৰ জটিলতাক উজ্জ্বল ৰূপত তুলি ধৰিছে। গীতটোৰ ওপৰৰ শাৰী কেইটাত মূলতঃ ব্যক্তিগত স্বাধীনতা আৰু সমাজৰ ভণ্ডামি দুয়োটাকে অতি সূক্ষ্মভাৱে তীক্ষ্ণ সমালোচনা কৰা হৈছে।

গীতটো আগবাঢ়ি যোৱাৰ লগে লগে গীতৰ কথাবোৰে সমাজৰ বহল ক্ষেত্ৰখনলৈ  ধাৱমান হয়। ৰডৰিগেজে সমাজৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে-শিশুৰ চকুৰ চকুলো,যুদ্ধত মৃত্যু হোৱা সৈনিকজনৰ কথা –

I wonder about the tears in children’s eyes
And I wonder about the soldier that dies
I wonder will this hatred ever end
……

পৃথিৱীখনত অন্যায়,যন্ত্ৰণা আৰু দুখ-কষ্টৰ প্ৰতি সমাজৰ উদাসীনতা, বিশেষকৈ যুদ্ধ আৰু বৈষম্যৰ প্ৰভাৱত তেওঁৰ জীৱনৰ প্ৰতি মোহভংগ হোৱাৰ যেন ইংগিত দিয়ে।

ৰডৰিগেজে সমাজৰ এই স্বৰূপ সংক্ৰান্তত আশ্চৰ্য্য প্ৰকাশ তথা মোহভংগৰ পৰা অহা হতাশা ব্যক্ত কৰাৰ লগতে কিছু প্ৰশ্নৰ মাজেৰে আঙুলিয়াই কব বিচাৰিছে যে সমাজে কেনেকৈ প্ৰায়ে গুৰুত্বপূৰ্ণ বিষয়বোৰক উপেক্ষা কৰে আৰু তুচ্ছ চিন্তাৰ মাজত নিজকে বিলীন কৰে। সমাজৰ কাম-কাজৰ ধৰণ আৰু ই কেনেকৈ সাধাৰণ মানুহৰ সংগ্ৰামক আওকাণ কৰে, সেই বিষয়ে সূক্ষ্ম সমালোচনাৰে গীতটো এক প্ৰকাৰৰ প্ৰতিবাদত পৰিণত হৈছে।

গীতটোৰ “I wonder l wonder wonder I do” আদিৰ দৰে শাৰীবোৰে সমাজৰ নীতি-নিয়ম আৰু কৰ্তৃত্বৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক থিয় কৰিছে। গীতটোৰ এনে বক্তব্যই প্ৰশ্নবোৰৰ সম্পৰ্কত স্পষ্টতা আৰু সত্যৰ বাবে কৰা হাহাকাৰক প্ৰতিনিধিত্ব কৰাৰ লগতে কিন্তু উত্তৰ বিচাৰি নোপোৱাৰ হতাশাকো প্ৰতিনিধিত্ব কৰিছে। চৌপাশৰ জগতখনৰ এনে বৈপৰীত্যৰ সন্মুখীন হ’লে আমি যি অনিশ্চয়তা আৰু বিভ্ৰান্তি অনুভৱ কৰো, ৰডৰিগেজৰ গীতটোৱে তাৰেই প্ৰতিনিধিত্ব কৰিছে।

“আই ৱাণ্ডাৰ”ত গীতটোত ৰডৰিগেজৰ ব্যক্তিগত অনুভৱৰ বিষয়ে আলোচনা কৰা হৈছে যদিও তেওঁ উত্থাপন কৰা প্ৰশ্নবোৰৰ এক সাৰ্বজনীন অনুৰণন আছে।প্ৰেমৰ কথাই হওক, যুদ্ধই হওক, শিশুৰ কথাই হওক, সমাজৰ নীতি-নিয়মৰ কথাই হওক, এইবোৰ সকলোতে মানুহক প্ৰভাৱিত কৰা বিষয়।  গীতটোৰ কৌতুহল, মোহভংগ, আৰু সত্যৰ সন্ধানৰ বাৰ্তাই শ্ৰোতাৰ সৈতে গভীৰ আৱেগিক স্তৰত সংযোগ স্থাপন কৰে।

সম্পৰ্কৰ অনিশ্চয়তা, সামাজিক অন্যায়, আৰু কৰ্তৃত্বক প্ৰশ্ন কৰা আদি বিষয়বোৰ—যিকোনো যুগতেই প্ৰাসংগিক হৈয়েই আছে।বৰ্ণবৈষম্যৰ প্ৰেক্ষাপটতেই হওক,নাগৰিক অধিকাৰ আন্দোলনৰ প্ৰেক্ষাপটতেই হওক,ব্যক্তিগত সংগ্ৰামৰ প্ৰেক্ষাপটতেই হওক,গীতটোৰ আত্মনিৰীক্ষণ আৰু সামাজিক সচেতনতাৰ বাৰ্তাই এক কালজয়ী গুণ বহন কৰিছে।

তেওঁ সুধিছে যে সমাজখনত কথাবোৰ কিয় এনেকুৱা হৈছে আৰু বিশেষকৈ হতভগীয়া সকলৰ বাবে পৃথিৱীখন কিয় উন্নত হোৱা যেন নালাগে।

ৰডৰিগেজৰ সৰ্বমুঠ সম্ভৱ ৩০ টি মান গীত হব। প্ৰথমবাৰলৈ এলবাম দুটি মুক্তি দি সাংঘাটিকভাৱে ব্যৰ্থ হোৱাত মোহভংগ হৈ তেওঁ গীত ৰচনা সম্পূৰ্ণ বাদ দিলে।

এই চেগতে তেওঁৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ গীতৰ অতি চমু পৰিচয় আগবঢ়ালোঁ।

১. “This Is Not a Song, It’s an Outburst: Or, The Establishment Blues” গীতটিৰ চমু পৰিচিতি।

ৰাজনৈতিক মোহভংগ, ব্যৱস্থাগত দুৰ্নীতি,সমাজৰ অন্যায়-স্বৈৰাচাৰৰ বিৰোধ আৰু ৰাজনৈতিক সমালোচনাই গীতটোৰ মূল প্ৰতিপাদ্য বিষয়।সামাজিক অন্যায়ৰ বিৰুদ্ধে যেন এক ধাৰাভাষ্য। গীতটোৰ সাংগীতিক লয় বিশেষ তাৎপৰ্যপূৰ্ণ।

ৰাজনৈতিক প্ৰতিষ্ঠানৰ প্ৰতি হতাশাৰে ভৰা এই গীতটোৰ কথাবোৰ বৰ্ণবৈষম্যৰ অধীনত জীয়াই থকা দক্ষিণ আফ্ৰিকাৰ জনগণৰ বাবে প্ৰত্যক্ষভাৱে প্ৰাসংগিক হৈ উঠিছিল।

গীতটো এইদৰে আৰম্ভ হৈছে –

The mayor hides the crime rate
council woman hesitates
Public gets irate but forget the vote date
Weatherman complaining, predicted sun, it’s raining
Everyone’s protesting, boyfriend keeps suggesting
you’re not like all of the rest.
………

আকৰ্ষণীয় সংগীত আৰু কথোপকথনমূলক সুৰত মেৰিয়াই লোৱা এই গীতটোৱে সমাজখনৰ গাঁথনিটোক মুখ ফুটাই কৰা সমালোচনাৰ বাবে এই গীতটোও দক্ষিণ আফ্ৰিকাৰ শোষিত জনগণৰ প্ৰাণৰ আকূতি স্বৰূপ হৈ উঠিছিল। ই বিদ্ৰোহ আৰু অসন্তুষ্টিৰ কণ্ঠস্বৰ হিচাবে পৰিগণিত হৈছিল, যিয়ে বৰ্ণবৈষম্য ব্যৱস্থা আৰু বগা নিয়ন্ত্ৰিত চৰকাৰৰ প্ৰতি হতাশ হোৱা দক্ষিণ আফ্ৰিকানসকলৰ মাজত অনুৰণন ঘটাইছিল।

ই শ্ৰোতাসকলক যথাৰ্থ অৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰু দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ নিষ্ক্ৰিয় গ্ৰহণযোগ্যতাক প্ৰতিহত কৰিবলৈ উৎসাহিত কৰিছিল।

 ২. “Cause” গীতটিৰ চমু পৰিচিতি।

এই গীতটোৰ বিষয়বস্তু বিচ্ছিন্নতা, হতাশা, আৰু অৰ্থনৈতিক দুৰবস্থা।গীতটোৰ সংগীত অতি মৰ্মস্পৰ্শী।গীতটোত আকৌষ্টিক গীটাৰৰ প্ৰয়োগ অতি কলাত্মক ৰূপত জিলিকি উঠিছে।
আৰম্ভণি বাক্য কেইটাই গীতটোৰ তাৎপৰ্য স্পষ্ট কৰি দিছে। আৰম্ভ হৈছে এনেকৈ –

Cause I lost my job two weeks before Christmas
And I talked to Jesus at the sewer
and the Pope said it was none of his God-damned business
……..
“Cause”- গীতটো বৰ্ণবৈষম্যৰ অৰ্থনৈতিক অত্যাচাৰৰ অধীনত দৰিদ্ৰতা আৰু দুখ-কষ্টত জীৱন কটোৱা দক্ষিণ আফ্ৰিকানসকলৰ মাজত গভীৰভাৱে অনুৰণিত হৈছিল।ৰডৰিগেজে গীতটোত সকলো হেৰুৱাই সমাজৰ দ্বাৰা পৰিত্যক্ত অনুভৱ কৰা এজন ব্যক্তিৰ চিত্ৰ আঁকিছে। বৰ্ণবৈষম্যৰ অধীনত অৰ্থনৈতিকভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বহু কৃষ্ণাংগ দক্ষিণ আফ্ৰিকাৰ অভিজ্ঞতাক গীতটোৱে সফলভাৱে প্ৰতিফলিত কৰিছে।গীতটোৰ “বৰদিনৰ দুসপ্তাহ আগতে চাকৰি হেৰুৱালোঁ“ৰ দৰে শাৰীটোৱে তেওঁলোকৰ কঠোৰ অৰ্থনৈতিক বাস্তৱতাক তুলি ধৰিছে।

৩. “Rich Folks Hoax”(“ধনী লোকৰ প্ৰৱঞ্চনা” গীতটিৰ চমু পৰিচিতি।

এই গীতৰ বিষয় হৈছে সমাজত সম্পদৰ বৈষম্য আৰু পুঁজিবাদৰ সমালোচনা অৰ্থনৈতিক শোষণৰ ছবি…
গীতটো মন চুই যোৱা সংগীতেৰে আৰম্ভ হৈছে এনেদৰে –

The moon is hanging
In the purple sky
The baby’s sleeping
While its mother sighs
………

ধনীসকলে দৰিদ্ৰসকলক কৰা শোষণৰ বিষয়ে গীতটোৱে এখন ছবি আঁকিছে।যি শোষণে বৰ্ণগত ৰেখাৰে বৃহৎ সম্পদৰ বৈষম্যক স্থায়ী কৰি ৰখা ব্যৱস্থাৰ অধীনত বাস কৰা বহু দক্ষিণ আফ্ৰিকাৰ সাধাৰণ জনগণক প্ৰত্যক্ষ আঘাত হানিছিল। ৰডৰিগেজৰ কথাই বিশেষাধিকাৰ আৰু দৰিদ্ৰতাই বিভক্ত সমাজ এখনৰ হতাশা প্ৰকাশ কৰিছিল, যাৰ ফলত ই বৰ্ণবৈষম্যৰ অৰ্থনৈতিক দিশৰ এক শক্তিশালী ধাৰাবাহিক হৈ পৰিছিল।

সামৰণি:

ৰডৰিগেজৰ এই গীতবোৰ দক্ষিণ আফ্ৰিকাত প্ৰতিৰোধৰ শক্তিশালী গীত হৈ পৰিছিল কাৰণ এই গীতবোৰে নিপীড়িতসকলৰ বাবে কণ্ঠস্বৰ প্ৰদান কৰিছিল, ব্যৱস্থাগত অন্যায়ৰ সমালোচনা কৰিছিল আৰু বৰ্ণবৈষম্যৰ অধীনত জীয়াই থকাসকলৰ হতাশা আৰু আশাক ধৰি ৰাখিছিল।  ৰডৰিগেজৰ সামাজিক ধাৰাভাষ্যক কাব্যিক, কেতিয়াবা ৰহস্যময় গীতৰ কথাৰ সৈতে মিহলি কৰাৰ ক্ষমতাই তেওঁৰ সংগীতক ইয়াৰ উৎপত্তিৰ স্থল অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ অনন্য ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত এক নতুন অৰ্থ লাভ কৰিবলৈ সক্ষম কৰি তুলিছিল।

অসাধাৰণ সংগীত শিল্পী ৰডৰিগেজৰ জীৱন কাহিনীৰ অতি চমু বিবৰণ আৰু দুটি গীতৰ আলোচনাৰে আৰু কেইটিমান গীতৰ চমু টোকাৰে অসমীয়া ভাষাত বিশেষ অনালুচিত বিষয়টো পাঠকৰ মাজলৈ লৈ যাবলৈ যত্ন কৰিছো। আপোনালোকে তেওঁৰ গীত উপভোগ কৰাৰ লগে লগে সেই বিখ্যাত তথ্যচিত্ৰখন চাব।সংগীতে  ভৌগোলিক,ভাষাগত আদি সকলো সীমা অতিক্ৰম কৰি কেনেকৈ জনগণক জীৱনৰ অৰ্থ দান কৰিব পাৰে ,এই কথা ৰডৰিগেজৰ সংগীতে প্ৰমাণ কৰি দেখুৱাইছে‌।

তথ্য সূত্ৰ :

 1.SugarMan.org

2.Rodriguez, Singer Whose Career Was Resurrected, Dies at 81 by Neil Genzlinger,NYT, 9 August, 2023.

3.’Searching for Sugar Man’ singer Sixto Rodriguez dead at 81 By Mary Milliken, https://www.reuters.com/

4.SixtoRodriguez,American singer-songwriter, https://www.britannica.com/

5.Sixto Rodriguez: Searching for Sugar Man singer dies aged 81 by Steven McIntosh , 9 August 2023 BBC news.

6.https://en.m.wikipedia.org

7.youtube videos

8.”Searching for Sugar Man” -Documentary

9.Dead men don’t tour – Rodriguez in south Africa 1998 ( TV Documentary)

10.Music Albums

Leave a Reply

Your email address will not be published. Required fields are marked *