বিদ্বেষৰ ভাষা ।। প্রসেনজিৎ চৌধুৰী
মানুহৰ আৱেগবোৰ যথাৰ্থপক্ষে স্বয়ম্ভূ নহয়। কথাষাৰ প্ৰেমৰ ক্ষেত্ৰত যিদৰে সঁচা, বিদ্বেষৰ ক্ষেত্ৰতো সমানেই সঁচা ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
ঈশ্বৰ-বিশ্বাসীসকলৰ প্ৰতি মনৰ দুৰ্গম স্তৰত কেতিয়াবা ঈষৎ ঈর্ষা অনুভৱ কৰোঁ। ঈশ্বৰৰ কান্ধত ভেজা দি তেওঁলোকে একোটা জটিল প্রশ্নৰ খোলা-খুলি উত্তৰ দিয়ে খোকোজা নলগাকৈ। সেই ঈশ্বৰাশ্ৰয়ী ক্ষমতাৰ পৰা আমি বঞ্চিত। পত্ৰাকাৰে তোমালৈ ভাষাৰ বিষয়ে কিবা লিখিম বুলি হাতত কলম তুলি লওঁতেই (আমি কলম কালৰ মানুহ, লেপটপৰ আও-ভাও নাজানো) মনলৈ এটা প্রশ্ন আহিল, – ভাষাৰ উদ্ভৱ হ’ল কেনেকৈ? নিৰ্ভেজাল ঈশ্বৰ-বিশ্বাসীক যদি তুমি এই ধৰণৰ প্ৰশ্ন কৰা তেওঁ পোনছাটেই ক’ব : ‘মানুহৰ মুখৰ মাত ঈশ্বৰৰ দান।’ তুমি তো জানাই, ঈশ্বৰ-বিশ্বাসে নানা তৰহৰ সুখ-সুবিধাৰ যোগান ধৰে। এইবোৰৰ ভিতৰত এটা হ’ল ই মানসিক শ্ৰমৰ পৰা বিশ্বাসী মানুহক আংশিক/সর্বাত্মক মুক্তি দিয়ে। পিছে ঈশ্বৰ-বিশ্বাসে উপহাৰ দিয়া মুক্তিৰ মসৃণ বাটেৰে গ’লে জানো সত্যৰ ওচৰ চাপিব পাৰি? ভাষাৰ উদ্ভৱ সন্দৰ্ভত ঈশ্বৰ-বিশ্বাসীয়ে অটল আত্মপ্রত্যয়েৰে সাধাৰণতে যি ধৰণৰ উত্তৰ দিয়ে বা দিব পাৰে সি জানো অলপ হ’লেও আমাৰ অজ্ঞতা দূৰ কৰে? সমস্যা ইয়াতেই। ঈশ্বৰ-বিশ্বাসে সকাহহে দিয়ে, যথাৰ্থ সত্যৰ সম্ভেদ নিদিয়ে। অপ্রিয় হ’লেও কথাষাৰ সত্য।
শিৰোনামৰ লগত সম্পর্কহীন বিষয় এটাৰ উল্লেখে তোমাক নিশ্চয় শংকিত কৰিছে। আচলতে ই পত্রালোচনাৰেই বৈশিষ্ট্য (সীমাবদ্ধতাও বুলিব পাৰা)। প্ৰবন্ধত পৰিলক্ষিত হোৱা প্ৰণালীবদ্ধ, বিষয়-কেন্দ্ৰিকতা পত্ৰালোচনাত কিছু শিথিল হৈ পৰে। সেইবাবে আমাৰ দৰে চালে-বেৰে কোবাই লিখা-মেলা কৰা মানুহৰ কাৰণে এই ফৰ্মটো বৰ সুবিধাজনক। পিছে বৰ্তমান পত্ৰালোচনাৰ প্ৰথম পৰিচ্ছদতেই বিষয়-বিচ্যুতিৰ আত্মপ্রকাশে তোমাৰ দৰে ছিৰিয়াছ পঢ়ুৱৈক কিঞ্চিৎ বিৰক্ত কৰাটো খুবেই স্বাভাৱিক। গতিকে তোমাৰ বিৰক্তি-বিলোপণৰ অৰ্থে কোনো ভূমিকা নোহোৱাকৈ উল্লিখিত মূল প্রশ্নটোৰ মুখামুখি হোৱা যাওক। এঙ্গেলচে তাহানিতে কৈ গৈছে যে শ্ৰমৰ প্ৰক্ৰিয়াৰ লগত – ইজনে সিজনক কিবা কোৱাৰ প্ৰয়োজনৰ লগত – ভাষাৰ জন্ম-বৃত্তান্ত জড়িত। (F. Engles, P. 6) এই জন্ম-বৃত্তান্তৰ ৰূপৰেখা সুপণ্ডিত জৰ্জ টমচনে তেওঁৰ এখন পুথিত সুন্দৰকৈ উপস্থাপন কৰিছে। তেওঁ ডাঠি কৈছে যে আদিম সমাজৰ শ্ৰম প্ৰক্ৰিয়াত যি সহযোগিতা দেখা যায় তাৰ অবিহনে ভাষা (speech)ৰ উদ্ভৱেই সম্ভৱ নহ’লহেঁতেন : ‘Without co-operation there could have been no speech, which is its medium’. (G. Thomson, P. 18) মানুহৰ ভাষাৰ বৈশিষ্ট্য তথা সমাজ বিকাশত ইয়াৰ অৰিহণা সম্পৰ্কে পণ্ডিতসকলে বিস্তৰ আলোচনা-বিলোচনা কৰিছে। তোমালোকৰ প্রতিবেশী ভাষাতত্বৰ অধ্যাপক ঠাকুৰক — ছৰি, ড° ঠাকুৰক — সুধিলে তুমি বহুত লাগতিয়াল কথা জানিব পাৰিবা৷ পিছে আমাৰ পত্ৰালোচনাৰ বিষয়ৰ লগত সংগতি ৰাখি এইখিনিতে তোমাক প্রথিতযশা চিন্তক হাৰাৰিৰ এষাৰ মন্তব্য জনোৱা যুগুত হ’ব বুলি ভাবিছোঁ। তেওঁৰ মতে মানুহৰ ভাষাৰ অনন্য বিশেষত্ব হ’ল- ‘ability to speak about fictions’. (Y. N. Harari, P. 27) আমাৰ আলোচনাৰ বাবে এই বৈশিষ্ট্যটোৰ প্ৰাসংগিক গুৰুত্ব অনস্বীকার্য। কিয়নো ভাষাৰ আধাৰত ব্যক্ত বিদ্বেষৰ লক্ষ্য (target) বহুক্ষেত্ৰত কল্পনাজাত। বাস্তৱত তাৰ অবিকল অস্তিত্ব নাই। ষ্টিৰিঅটাইপৰ স্বৰূপ ফঁহিয়াই চালে তুমি কথাটো বুজিব পাৰিবা। ধৰা, বিশেষ এটা সম্প্রদায়ক কেন্দ্ৰ কৰি এটা নেতিবাচক ষ্টিৰিঅটাইপ নিৰ্মাণ কৰা হৈছে – “তেওঁলোক সন্ত্রাসবাদী”। এই ষ্টিৰিঅটাইপটো ‘fiction’ হে, কিন্তু ভাষাৰ সহায়ত দ্বেষী লোকে দৈনিক এই ‘fiction’ প্ৰকাশ কৰে, প্ৰচাৰ কৰে।
বিদ্বেষৰ বিষয়টো পিছলৈ থৈছিলোঁ। পিছে দুর্মুখ দ্বেষী লোকৰ কথা ওলালেই যেতিয়া বিদ্বেষ সম্পৰ্কেও তোমাৰ অৱগতিৰ বাবে দুআষাৰ লিখা সমীচীন হ’ব। সচৰাচৰ বিদ্বেষক আমি কোনো দ্বিধা নোহোৱাকৈ পোনছাটে নেতিবাচক আৱেগৰূপে চিহ্নিত কৰোঁ। পিছে এই ধাৰণা প্ৰকৃততে শুদ্ধ বা যুক্তিসন্মত নহয়। তীক্ষ্ণধী মনোবিজ্ঞানী এৰিক ফ্ৰমে দুবিধ বিদ্বেষৰ কথা কৈছে-‘rational, “reactive” and irrational, “character-conditioned” hate’. (E. From, P. 214) দ্বিতীয় বিধ যুক্তি-ৰহিত বিদ্বেষৰ বাহকসকলৰ ব্যক্তিত্বত দেখা যায় ‘a continuous readiness to hate’. (Ibid, P.215) [সাংস্কৃতিক-ৰাজনৈতিক প্ৰদূষণৰ ফলত এইবিধ মানুহৰ সংখ্যা জানো বিপজ্জনকভাৱে বঢ়া নাই?] যিসকলে মার্ক্সীয় দৃষ্টিভংগীৰে মানুহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিশ্লেষণ দাঙি ধৰে তেওঁলোকৰ বিচাৰতো বিদ্বেষৰ চৰিত্ৰ এশ শতাংশ নেতিবাচক নহয়। কিয়নো পীড়নকাৰীৰ প্ৰতি পীড়িত মানুহৰ যি ন্যায়সংগত ঘৃণা তাক ‘morally justified’ বুলিব পাৰি। (A. V. Peurovsky/M. G. Yaroshevsky ed, P. 122) তোমাৰ প্ৰিয় চিন্তাবিদ লেনিনেও এঠাইত এইবিধ বিদ্বেষক ‘beginning of all wisdom’ বুলিছে। (A. Datta, P.115) এইখিনিতে অৱশ্যে এটা জৰুৰী কথা তোমাক জনাই থোৱা যুগুত হ’ব বুলি ভাবিছোঁ। ঘৃণাই উগ্র, অন্ধ আৰু স্থূল ৰূপ ল’লে সেই ঘৃণা বন্ধ্যা আৰু আত্মহননমূলক হৈ পৰে। নক্সাল আন্দোলনৰ ভূ ৰখা সূক্ষ্মদর্শী লোকে তোমাক ইয়াৰ সম্ভেদ দিব পাৰিব। অথবা নক্সালজিয়াত ডুব গৈ ৰোমহর্ষক স্মৃতি ৰোমন্থন কৰি ভাল পোৱা কোনো পক্ককেশী প্রবীন বিপ্লৱীৰ – বা প্ৰাক্তন বিপ্লৱীৰ – সৈতে কথা পাতিলেও তুমি বিবেকচ্যুত বিদ্বেষৰ চৰিত্ৰৰ উমান পাব পাৰা। শুনামতে, সেইসময়ত প্ৰচাৰিত এটা শ্লোগানৰ ভাষা আছিল এই ধৰণৰ, – শ্ৰেণী-শত্ৰুৰ ৰক্তেৰে যাৰ হাত ৰক্তাক্ত হোৱা নাই তেওঁ কমিউনিষ্টেই নহয়। বিদ্বেষৰ ভাষা ইয়াতকৈও পোন হ’ব পাৰে বুলি জানো কল্পনা কৰিব পাৰি?
মানুহৰ আৱেগবোৰ যথাৰ্থপক্ষে স্বয়ম্ভূ নহয়। কথাষাৰ প্ৰেমৰ ক্ষেত্ৰত যিদৰে সঁচা, বিদ্বেষৰ ক্ষেত্ৰতো সমানেই সঁচা। নেতিবাচক বিদ্বেষৰ আঁতিগুৰি ভালদৰে ফঁহিয়াই চালে তুমি দেখিবা যে এই আৱেগৰ আঁৰত থাকে অহংবোধ, ঈর্ষা, ক্ষোভ, ব্যর্থতাবোধ ইত্যাদি। বিদ্বেষে সাধাৰণতে ভাষাৰ বোকোচাত উঠি লক্ষ্যৰ পিনে পোনে পোনে বা বেঁকা বাটেৰে ধাৱিত হয়। অৱশ্যে কোনো কোনো ক্ষেত্ৰত ইয়াৰ ভাষা-ৰহিত অভিব্যক্তিও দেখা যায়। উচ্চাৰিত শব্দৰ সৈতে সম্পর্ক নথকা এই অভিব্যক্তি নানা প্ৰকাৰৰ যেনে – নীৰৱ নির্লিপ্ততা, ভৎসনাভৰা ভংগী অথবা শব্দ-শূন্য শাৰীৰিক আক্ৰমণ। আমাৰ পত্ৰালোচনাৰ বিষয়বস্তু বিদ্বেষৰ ভাষা-নিৰ্ভৰ অভিব্যঞ্জনাতেই সীমিত। স্বাভাৱিক বিদ্বেষৰ ভাষা, তাৰ উদ্দেশ্য আৰু আনুষংগিক কেতবোৰ প্ৰসংগৰ সংক্ষিপ্ত পৰ্যালোচনাতেই আমি আবদ্ধ থাকিম। আৰু এটা কথা তোমাক জনাই থওঁ। বিভিন্ন উৎসৰ পৰা সংগৃহীত উদাহৰণৰ ভিত্তিত আমি বিদ্বেষৰ অ-ব্যক্তিগত অভিব্যক্তিৰ ওপৰতহে কিঞ্চিৎ আলোকপাত কৰিবলৈ নিজৰ সামৰ্থ্যনুযায়ী যত্ন কৰিম। সাম্প্ৰতিক নিশ্চয় তুমিও অনুভৱ কৰিছা।
আমি যি ভাষাৰ কথা কৈছোঁ তাত ঘৃণা, নিন্দা, ক্রোধ তথা অপবাদৰ আধিক্য লক্ষ্য কৰা যায়। এই ভাষাৰ শৰীৰ ব্যৱচ্ছেদ কৰিলে তুমি দেখিবা যে ইয়াৰ নিৰ্মাণত আক্রমনাত্মক উপাদানৰ অৰিহণা আটাইতকৈ বেছি। কিছুদিনৰ পূৰ্বে গালি-গৰিহণাৰ বিষয়ে সুলেখক পবিত্র সৰকাৰে লিখা এই প্ৰৱন্ধ পঢ়িছিলোঁ। তেওঁ লিখিছে: ‘… গালাগালেৰ প্ৰথম শর্ত হবে তা যথার্থ ক্রোধ ও বিদ্বেষ থেকে উৎসারিত হবে, নিছক বিৰক্তি বা ধৈর্যহীনতা থেকে উঠে আসবে না। তা আঘাত কৰাৰ জন্য উচ্চাৰিত হবে’। (পবিত্ৰ সৰকাৰ, পৃঃ ১০৫) এই কথাখিনি আমাৰ আলোচনাৰ কাৰণে খুবেই প্ৰাসংগিক। আৰু এটা গুৰুত্বপূৰ্ণ কথা সৰকাৰে উল্লেখ কৰিছে: ইচ্ছে কৰে, কাউকে আঘাত বা অপমান কৰাৰ সচেতন উদ্দেশ্য নিয়েই গালাগাল কৰা হয়, অনিচ্ছাসত্বেও কেউ কাউকে গালাগাল কৰে না।’ (উক্ত গ্রন্থ, পৃঃ ১০৫) সৰকাৰে গালি-গৰিহণাৰ মনস্তাত্বিক দিশটোৰ ওপৰতো পোহৰ পেলাবলৈ যত্ন কৰিছে উল্লিখিত প্ৰবন্ধটোত। (উক্ত গ্ৰন্থ, পৃঃ ১০৬) তেওঁৰ অন্তৰ্দৃষ্টিসম্পন্ন ব্যাখ্যাৰ আঁত ধৰি আমি ক’ব পাৰোঁ যে বিদ্বেষৰ বিষম অভিব্যঞ্জনাই মানসিক উত্তেজনাৰ প্ৰশমন ঘটায়, আঘাত কৰাৰ অদম্য প্ৰৱণতা চৰিতাৰ্থ কৰি ধৰ্ষকামী (Sadistic) মনক সুখোল্লাস উপভোগ কৰাৰ কাংক্ষিত সুযোগ দিয়ে।
ওপৰৰ পৰিচ্ছেদত তোমাক জনাইছোঁ যে বিদ্বেষৰ ভাষাৰ শৰীৰৰ ব্যৱচ্ছেদ কৰিলে আক্রমণাত্মক উপাদানৰ আধিক্য দেখা পাবা। কথাটো এশ শতাংশ সত্য। পিছে অন্যান্য উপাদানৰ সম্ভেদও যে তাত পাবা সেই কথা খাটাং। যেনে, অতিৰঞ্জন আৰু মিথ্যাচাৰৰ বহুলতা তোমাৰ চকুত নপৰাকৈ নাথাকে। বিভিন্ন ষ্টিৰিঅটাইপ মজবুতকৈ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াত এই দুটা উপাদান নিৰ্ভৰযোগ্য মচলা হিচাপে অকৃপণভাৱে ব্যৱহাৰ কৰা হয়। তোমাক বোধহয় নক’লেও হ’ব যে বিদ্বেষৰ সাধাৰণ বাচিক (Verbal) আৰু লিখিত ৰূপতেই এই দুটা উপাদানৰ আধিক্য সীমিত থকা নাই, ইতিহাস পৰিশোধনৰ নামত যি ইতিহাস-প্ৰদূষণ চলিছে তাতো অতিৰঞ্জন আৰু মিথ্যাচাৰৰ সমাহাৰ ঘটা বুলি বিদ্বৎ মহলৰ পৰা অভিযোগ উত্থাপিত হৈছে। এইখিনিতে অবজ্ঞা-অৱমাননাৰ অৰ্থে ব্যৱহৃত ভাষাৰ এটা বিশেষত্বৰ বিষয়ে এগৰাকী মননশীল লেখকৰ মন্তব্য তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। তেওঁ লিখিছে : ‘Hunnilation does have a particular vocabulary, which decides the depth and intensity of the former… The words that carry and communicate humiliations can achieve a huge impact with less investment, (G. Guru, PP. 17-18) গালিবোৰত এই বৈশিষ্ট্যটো স্পষ্ট : বাহুল্য নাই, কিন্তু তীক্ষ্ণতা বেদনাদায়ক। হিন্দীত এষাৰ কথা আছে- ‘গুলী মাৰো, পৰন্তু গালি মত দো।’ (গুলী মাৰা, কিন্তু গালি নিদিবা)। বিদ্বেষ বহন কৰা শব্দ বা শব্দগুচ্ছ কিমান অৱমাননাকৰ তথা যন্ত্রণাদায়ক হ’ব পাৰে তাৰ স্পষ্ট আভাস জানো এই চুটি বাক্যটোৱে আমাক নিদিয়ে?
তোমাৰ নিশ্চয় মনত আছে, ভাষাৰ জন্মেতিহাসৰ প্ৰসংগত পত্ৰালোচনাৰ আদ্য পৰ্বতেই আমি আদিম মানুহৰ শ্ৰম-প্ৰক্ৰিয়াৰ সৈতে সম্পৃক্ত সহযোগিতাৰ কথা লিখিছিলোঁ। এই সহযোগিতাৰ প্ৰয়োজন আৰু প্ৰেৰণাতেই মানৱ সমাজত ভাষাৰ উদ্গম বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। পিছে চিন্তাকৰ্ষক কথা হ’ল, ভাষাৰ কাৰণে মানুহৰ মাজত বিভাজন-ব্যৱধানৰো সৃষ্টি হ’ল। কিয়নো যোগাযোগৰ মাধ্যম হোৱাৰ উপৰি ‘[Language is] also the mechanism of isolating the “we” from other communities (“incomprehension”). (B.Porshnev, P.90)) ভাষাৰ এই বিভাজনমূলক বৈশিষ্ট্যৰ কাৰণে কেতিয়াবা ভাষিক ভর্ৎসনাৰ প্ৰৱণতাই মানুহৰ মনোভাৱক আচ্ছন্ন কৰা দেখা যায়। এটা দৃষ্টান্ত দিলে কথাটো বোধগম্য হ’ব। প্ৰাচীন কালত গ্ৰীকসকলে বিদেশী লোকক তুচ্ছ জ্ঞান কৰি বৰ্বৰ’ (barbarous) বুলিছিল। গ্রীক ভাষাত ‘বৰ-বৰ’ৰ অৰ্থ হ’ল কুকুৰৰ ভুকনি। তাৰ মানে, বিদেশীসকলৰ ভাষা নুবুজাৰ কাৰণে কুকুৰৰ লগত তুলনা কৰি তেওঁলোকক ‘বৰ্বৰ’ আখ্যা দিয়া হৈছিল। (অলোক মুখোপাধ্যায়, পৃঃ৯) ইতিহাসৰ পাত লুটিয়াই চালে তুমি ভাষিক ভৎৰ্সনাৰ এই জাতীয় আৰু নমুনাৰ সন্ধান নিশ্চয় পাবা। আমাৰ নামনি অসমৰ ভাষাৰ প্ৰতি এসময়ত এচাম লোকে বিদ্রুপাত্মক বিৰূপ মনোভাৱ প্ৰকাশ কৰিছিল বুলি জনা যায়। এই সন্দৰ্ভত কোনোবাই নিশ্চয় অনুসন্ধান চলাইছে। আমিহে তাৰ সম্ভেদ পোৱা নাই।
সমাজত নানা তৰহৰ ‘আমি’- কেন্দ্ৰিক গোষ্ঠী (‘We’ group)ৰ সৃষ্টি হয়। ভাষা-ভূখণ্ড-ধৰ্মৰ পৰা আৰম্ভ কৰি বিত্ত-বৃত্তি-বাগধাৰা – এই সকলোবোৰৰ আলমত একো একোটা “আমি” – কেন্দ্ৰিক গোষ্ঠী গঢ় লৈ উঠিব পাৰে। এই বিষয়টো চালিজাৰি বিদ্বানসকলে কৰা পৰ্য্যালোচনাৰ কিছু খবৰ তুমি নিশ্চয় পাইছা। পিছে আমাৰ বাবে প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল – বিশেষ ঐতিহাসিক পৰিস্থিতিত ভাষাৰ ওপৰত ভেজা দি ঠন ধৰি উঠা ‘আমি’ কেন্দ্ৰিক গোষ্ঠী পৰিচিতিৰ পৰা মধ্যবিত্তৰ নেতৃত্বত ভাষিক জাতীয়তাবাদৰো জন্ম হ’ব “পাৰে। অৱশ্যে ইয়াৰ পৰিণাম সকলো দিশৰ পৰা শুভংকৰ হয় বুলি ডাঠি ক’ব নোৱাৰি। সমাজ বিজ্ঞানী আঁদ্রে বেতে অন্তদৃষ্টিসমৃদ্ধ নির্মোহ মন্তব্য এই প্রসংগত স্মর্তব্য। তেওঁ কৈছে : ‘The politics of language tends to create hostility to other languages in the name of attachment and loyality to the mother tongue’. (A. Beteille, P. 65) এনে ঋজু মন্তব্যই বহুতকে ৰুষ্ট কৰিব। তোমাৰ প্রতিবেশী জংগী জাতীয়তাবাদৰ উদ্বাউল ধ্বজাবাহক ড° ঠাকুৰে এনে মন্তব্যৰ আঁৰত অভিসন্ধিৰ গোন্ধও পাব পাৰে!
ভাষিক জাতীয়তাবাদৰ বিষয়টো আলোচনাৰ মাজলৈ অহাৰ লগে লগে তোমাৰ ইতিহাসমনস্ক মনটোৱে নিশ্চয় উনৈশ শতিকাৰ অসমলৈ ঢাপলি মেলিছে। ইষ্টইণ্ডিয়া কোম্পানীৰ দখললৈ যোৱাৰ কেইবছৰমানৰ পিছতেই অসমৰ স্কুল-আদালতৰ পৰা অসমীয়া ভাষা নির্বাসিত হৈছিল। অসমীয়া ভাষাৰ হৃত হক পুনঃপ্ৰতিষ্ঠাৰ অৰ্থে যি সংগ্রাম সেই সময়ছোৱাত আৰম্ভ হ’ল সিয়েই আছিল উদীয়মান ভাষিক জাতীয়তাবাদৰ কাৰণে পুষ্টি আহৰণৰ প্ৰধান আকৰ। এইবোৰ কথা তুমি ভালদৰেই জানা। পিছে বিশেষভাবে উল্লেখ কৰিবলগীয়া বিষয়টো হ’ল, কিছুমান কাৰণে ভাষিক পুনঃপ্ৰতিষ্ঠাৰ যি প্ৰয়াস তাৰ পাৰ্শ্ব-পৰিণতি হিচাপে বাংলাভাষীৰ প্ৰতি এচাম শিক্ষিত লোকৰ মনত বিদ্বেষৰ ভাব সোমাই পৰিল। ভাষা বিবাদৰ পৰা উদ্ভূত এই বিদ্বেষে ৰোষ প্ৰকাশৰ ভংগীকো ৰূঢ় কৰি তুলিলে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ১৮৯০ চনৰ এটা আলোচনাত অসমীয়া ভাষাৰ দুৰ্যোগৰ কাৰণে বাঙালী কেৰাণী-মহৰীক জগৰীয়া কৰাৰ তথ্যটো বহুজনবিদিত। এই আলোচনাত তেওঁ “ভাল বঙ্গালী’ক ৰেহাই দি তৰুণসুলভ উষ্মা আৰু উত্তেজনাৰে প্ৰৱসুৱা বাঙ্গালীক ‘দেশত খাবলৈ নোপোৱা, আপোনপেটীয়া, … কুলাৰ আগত উটি যোৱা পতানৰ নিচিনা খেৰেচ বঙ্গালী’ বুলি সম্বোধন কৰি বিদ্বেষৰ বিস্ফোৰণ ঘটাইছে। (বেণুধৰ শৰ্মা সম্পাদিত, পৃঃ ১২৬) আনহাতে ঐতিহাসিক কাৰণে শিক্ষা-দীক্ষাৰ পিনৰ পৰা তুলনামূলকভাৱে আগবাঢ়ি থকা বাঙালী মধ্যবিত্তৰ এচামেও অৱমাননাসূচক ভাষা ব্যৱহাৰ কৰা দেখা যায়। বেণুধৰ ৰাজখোৱাৰ আত্মচৰিত্ৰৰ পৰা এটা উদাহৰণ দিওঁ – ডিব্ৰুগড়ৰ হাইস্কুলত স্বৰূপচন্দ্ৰ ৰায় নামৰ এজন শিক্ষক আছিল। ব্যংগ বিদ্ৰুপ কৰাত পাকৈত এইগৰাকী শিক্ষকে কোনো ল’ৰাই পঢ়া নোৱাৰিলে গালি দিছিল এইবুলি— আসামী জংলী ভূত’। (বেণুধৰ ৰাজখোৱা, পৃঃ ৫৯) কেৱল উচ্চমন্যতাই নহয়, প্রচ্ছন্ন বিদ্বেষও তেওঁৰ কুৰুচিপূৰ্ণ ককৰ্থনাত অনুভৱ কৰিব পাৰি। এইখিনিতে তোমাক গুৰুত্বপূৰ্ণ তথ্য এটা জনাই থওঁ। বংগীয় মধ্যবিত্তৰ উচ্চমন্যতাজনিত ঘৃণা-মিশ্ৰিত অৱজ্ঞাৰ পৰা নিম্ন বৰ্গৰ বাঙালীও ৰেহাই পোৱা নাছিল। সমাজ বিজ্ঞানী সুদীপ্ত কবিৰাজে ‘Babu jokes’ সম্পর্কে দিয়া মন্তব্যটো প্ৰণিধানযোগ্য : ‘[Babu jokes] showed the confident disdain of the Bengali middle class for the whole non-babu world. It included not merely non-Bengalis, but also Bengalis from other classes’. (S. Kaviraj, P. 239) বিদ্রুপ-বিদ্বেষৰ যে শ্রেণী-চৰিত্ৰও থাকিব পাৰে সেই কথা তোমাক সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছে জানো? হেমচন্দ্ৰ গোস্বামীয়ে ‘ভাল বাঙ্গালী’ক তীব্ৰ তিৰস্কাৰৰ পৰা ৰেহাই দিয়াৰ বিষয়টো এই প্ৰসংগত স্মর্তব্য।
বিদ্বেষৰ উৎস যিদৰে অভিন্ন নহয়, তাৰ অভিব্যক্তিও একেৰঙী নহয়। কেতিয়াবা ই মনুষ্যত্ব-বিনাশী জিঘাংসু ৰূপ ধাৰণ কৰে, কেতিয়াবা কুৎসা-কটুভাষণতেই ইয়াৰ প্ৰকাশ সীমিত থাকে। এই বৈচিত্ৰ্যৰ লগত সংগতি ৰাখি বিদ্বেষৰ ভাষাৰ চেহেৰা-চৰিত্ৰও সলনি হয়। বিদ্বেষৰ বিপ্ৰিয় ৰূপ কিমান উগ্ৰ আৰু নিৰ্বিবেক হ’ব পাৰে তাৰ সাক্ষ্য তুমি পাবা মাৰ্টিন লুথাৰৰ ইহুদী-ঘৃণাৰ নিৰ্লজ্জ ঘোষণাত : ‘First, fire to their synagogues and schools… second, I advise that their houses also be razed and destroyed’. (S. Zutshi, P. 55) ধর্মোন্মাদনাই ধর্মবেত্তাক কিমান নিকৰুণ-নৃশংস কৰি তুলিব পাৰে তাৰ জলজলপটপট নমুনা উদ্ধৃত বাক্য দুটা। জিঘাংসাৰ এনে আবুৰহীন অভিব্যঞ্জনা দেখা গৈছিল হিটলাৰৰ নাজী-নিয়ন্ত্ৰিত জার্মেনীত। বিদ্বেষৰ অন্য ধৰণৰ যিবোৰ অভিব্যক্তি সচৰাচৰ দেখা যায় তাৰ ভিতৰত কুৎসা-ৰটনা অন্যতম। পূৰ্ব ধাৰণা, অতিৰঞ্জন, মিথ্যাচাৰৰ সহায়ত – আৱেগ-জড়িত আৰু/বা উদ্দেশ্য-প্রণোদিত অন্ধ সাধৰণীকৰণৰ আলমত – কেতবোৰ নেতিবাচক ষ্টিৰিঅটাইপ নিৰ্মাণ কৰি ঘৃণাৰ উদ্গীকৰণৰ বাট সুগম কৰা হয়। পশ্চিমীয়া ইতিহাসৰ পৰা এটা নমুনা লোৱা যাওক। আফ্ৰিকাৰ বাসিন্দাসকলৰ প্ৰতি উলংগ ঘৃণা ব্যক্ত কৰি ১৭৭৪ চনত এডৱাৰ্ড লং নামৰ এজন বৰ্ণবাদী লোকে আফ্রিকানসকলৰ বিষয়ে এই বুলি লিখিছিল- ‘brutish, ignorant, idle, crafty, treacherous, thievish, mistrustful and super- stitious people, Ibid., P. 38 ) তুমি নিশ্চয় অনুমান কৰিব পাৰিছা যে এই ধৰণৰ কদৰ্য্য কুৎসাৰ এটা ঘাই লক্ষ্য হ’ল শোষণ-পীড়নক বৈধতা প্ৰদান কৰা। কোনো কোনো ক্ষেত্ৰত ই এচাম মানুহক হয়তো বিবেক দংশনৰ পৰা কিছু সকাহ দিয়ে ৷
তোমাৰ ঔৎসুক্য ভৰা মনত এটা প্ৰশ্নই নিশ্চয় উগুল-থুণ্ডল লগাইছে – ভাৰতীয় ঐতিহ্যত বিদ্বেষব্যঞ্জক সাধাৰণীকৰণৰ বিস্তৰ উদাহৰণ থকা সত্ত্বেও প্ৰাসংগিক দৃষ্টান্তৰ সন্ধানত সুদূৰ ইউৰোপ-আফ্ৰিকালৈ ঢাপলি মেলাৰ কাৰণ কি? ভাৰতৰ বাহিৰে অন্যান্য দেশতো যে ভাষাৰ ওপৰত ভেজা দি নেতিবাচক ধ্যান-ধাৰণা কেতবোৰে মানুহৰ মনোভূমিত খোপনি পুতিবলৈ যত্ন কৰে – আৰু সফলো হয় – তাৰ আভাস দিবলৈহে অনুষ্টুপীয়াকৈ বিদেশ পৰিক্ৰমণৰ আয়োজন কৰিছিলোঁ। এতিয়া স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা যাওক। ব্ৰাহ্মণ্যবাদৰ কবলত পৰা সমাজত জাত আৰু জেণ্ডাৰক লৈ উচ্চাৰিত দ্বেষমূলক উক্তিৰ জানো অভাৱ থাকিব পাৰে? মহাভাৰতৰ পৰা সংগৃহীত বিদ্বেষপূর্ণ সাধাৰণীকৰণৰ ধ্ৰুপদী দৃষ্টান্ত এটা তোমালৈ পঠিয়াইছোঁ। পঢ়াচোন – ‘মানুহৰ চৰিত্ৰত যিমান ধৰণৰ দোষ থাকিব পাৰে, সেই সকলো আছে নাৰী আৰু শূদ্ৰৰ চৰিত্ৰত’। (কংকৰ সিংহ, পৃঃ ৬৩) পূৰ্বৱৰ্তী পৰিচ্ছেদত লঙৰ উক্তি উদ্ধৃত কৰিছোঁ। সতক শব্দ চয়নৰ আলমত আফ্রিকানসকলৰ চৰিত্ৰ-দোষৰ নাতিদীর্ঘ তালিকা তেওঁ দিছে। মহাভাৰতৰ সদ্য-উদ্ধৃত শ্লোকটোত তেনে বাহুল্য নাই। ভাষাৰ সংক্ষিপ্ত প্রয়োগ তাৰ মন কৰিবলগীয়া বৈশিষ্ট্য। অৱশ্যে ভাষাৰ এনে প্ৰয়োগ (উক্ত গ্রন্থ, পৃঃ ৬২) এই তালিকাখনে লঙৰ আফ্রিকান বিষয়ক কুৎসাপূর্ণ তালিকাখনলৈ মনত পেলাই দিয়ে। অৱশ্যে ‘ব্রহ্মদূষক’ আৰু ‘অশুচি’ এই দুটা বিশেষণ ব্রাহ্মণ্যবাদী ঐতিহ্যৰ সৈতে সম্পৃক্ত।
তোমাৰ লাইব্ৰেৰীৰ পাঁচ খলপীয়া বৃহৎ আলমাৰিৰ ওপৰৰ খলপত ‘মনুসংহিতা’খন দেখা মনত পৰে। এই বহুচৰ্চিত/বহুবিতর্কিত/বহুজন্যমান্য গ্ৰন্থখনত তুমি বিদ্বেষৰ বিপুল নমুনা পাবা। যেনে, মনন আৰু মূল্যবোধক বুঢ়া আঙুলি দেখুওৱাই নাৰীৰ স্বভাৱ সম্পর্কে অতিশয় কুৰুচিপূৰ্ণ মন্তব্য কৰা হৈছে— ‘পুৰুষক দূষিত কৰাটো তিৰোতাৰ স্বভাৱ’। (মনু-সংহিতা, ২/২১৩) এনে মন্তব্যৰ গুৰিত কেৱল বিদ্বেষেই নাই, অসুস্থ মানসিকতাও আছে। শূদ্ৰৰ প্ৰতি ঘৃণাৰ অজস্ৰ নমুনা তুমি ‘মনু-সংহিতা’ত পাবা। সেইবোৰ নিশ্চয় খৰচি মাৰি তুমি পঢ়িছা। ইয়াত মাত্ৰ এটা শ্লোক উল্লেখ কৰিব বিচাৰিছোঁ। নামকৰণৰ লগত ক্ষমতাৰ যি সমন্ধ সেই বিষয়ে তোমাৰ নিশ্চয় কিছু ধাৰণা আছে — ‘The act of naming confers power over the people or things named.’ (B. R. Mani, P. 188) আজিৰ ৰাজনীতিকৰ কথা বাদেই দিছোঁ, প্রাচীন কালতো শাস্ত্ৰকাৰসকলে নাম-নিয়ন্ত্ৰণৰ জৰিয়তে নিজৰ ক্ষমতা প্ৰদৰ্শন/প্রতিষ্ঠা কৰিব বিচাৰিছিল। ই কোনো কষ্ট-কল্পিত অনুমান নহয়, ‘মনু-সংহিতা’তেই ইয়াৰ সাক্ষ্য আছে : ‘ব্ৰাহ্মণৰ মংগলবাচক, ক্ষত্ৰিয়ৰ বলবাচক, বৈশ্যৰ ধনযুক্ত আৰু শূদ্ৰৰ নিন্দাযুক্ত নাম ৰাখিব লাগে।’ (মনু-সংহিতা, ২/৩১) ভাৰতীয় ঐতিহ্যৰ বিদ্বেষবাহী এই শাস্ত্ৰীয় ধাৰাটোৰ অসহনীয় অমানবিকতাৰ আপচু স্বৰূপ উন্মোচন কৰি এগৰাকী বিদ্বানে এই অভিমত ব্যক্ত কৰিছে : ‘All societies have traditionally been stratified, suffering from pathologies of hierarchy and exclusion. But no society or country can beat the caste culture of India in terms of verbal violence….. Sublimation of violence in language is the defining feature of some of the most ancient and sacred Sanskrit texts, (B. R. Mani, P. 189) ‘দেৱ’ ভাষাৰ দুষিত ধাৰাটোৰ প্ৰাথমিক পৰিচয় পাবা বুলিয়েই তোমালৈ ‘Knowledge and Power’ নামৰ গ্ৰন্থখনৰ পৰা গুৰুত্বপূৰ্ণ কথাখিনি উদ্ধাৰ কৰি পঠিয়ালোঁ।
বিদ্বেষৰ ভাষাত কি কি উপাদানৰ সমাৱেশ ঘটে তাৰ আভাস তোমাক দিছোঁৱেই। পিছে বিশেষ এটা উপাদানৰ কথা তোমাক বোধহয় জনোৱা নহ’ল। স্মৃতিশক্তিৰ বাৰ্দ্ধক্যজনিত দুৰ্বলতাৰ কাৰণে উল্লেখ কৰিবলৈ পাহৰি থকা উপাদানটো হ’ল— প্রতিপক্ষক অপদস্ত কৰাৰ উদ্দেশ্যে ব্যৱহৃত ব্যংগাত্মক ভংগী। সংস্কৃতজ্ঞ নৃসিংহ প্রসাদ ভাদুড়ীয়ে লিখা ‘দেৱভাষায় কটুকাটব্য’ শীৰ্ষক তথ্যপূর্ণ প্ৰৱন্ধটোত পোৱা কেইটামান আমোদজনক নমুনাৰ সহায়ত তোমাক বিদ্বেষ-বিতৃষ্ণাৰ বিদ্ৰূপাশ্রয়ী অভিব্যক্তিৰ সংক্ষিপ্ত পৰিচয় দিবলৈ যত্ন কৰিম। পণ্ডিতবৃন্দৰ মাজত যি দার্শনিক বিবাদ-বিৰোধ তাত কেনেকৈ ভর্ৎসনাৰ ভাষা সোমাই পৰে তাৰ এটা দৃষ্টান্ত ৰূপে ভাদুড়ীয়ে শংকাৰাচাৰ্য্যৰ কটুভাষণৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে, দৰ্শনৰ যি গৰাকী ভাষ্যকাৰে গোটেই জীৱন ‘অহং-মম’ ত্যাগ কৰাৰ উপদেশ দি গ’ল তেওঁ নৈয়ায়িকসকলক ‘শিং আৰু নেজহীন বলদ’ বুলি গালি দিছিল। (নৃসিংহপ্রসাদ ভাদুড়ী, পৃঃ ১২৯) এই ভর্ৎসনাত যে উষ্মা-মিশ্ৰিত উপহাস আছিল তাত জানো সন্দেহ আছে? প্রসংগক্ৰমে তোমাক কৈ থওঁ যে জন্তুৰ ইমেজৰ আধাৰত উচ্চাৰিত এই ধৰণৰ বিদ্বেষজাত বিদ্রূপৰ আঘাত কৰাৰ ক্ষমতা বেছি, কাৰণ — The power of word is bound up with the images they evoke.’ (G. Le Bon, P. 50) জান্তৱ জগতৰ লগত কুৎসাক সম্পর্কিত কৰিলে মানুহৰ আত্মসন্মানবোধ বোধহয় অধিক আহত হয়।
তোমাক কৈছোঁৱেই, ‘দেৱভাষায় কটুকাটব্য’ নামৰ প্ৰবন্ধটোত অধ্যয়নপুষ্ট নৃসিংহপ্রসাদ ভাদুড়ীয়ে নানা বিদ্বেষব্যঞ্জক মনোৰঞ্জক তথ্য সৰস ভংগীৰে উপস্থাপন কৰিছে। এইবোৰৰ ভিতৰত ভিন ভিন জাত, বৃত্তি আৰু অঞ্চলৰ মানুহক লৈ ঠাট্টা-মস্কৰাও আছে। এই বৈচিত্র্যময় বৈশিষ্ট্যক সমাজ-বিজ্ঞানীয়ে ভাৰতীয় সমাজৰ আভ্যন্তৰীণ বিভাজন-ব্যৱধান-বিৰোধৰ প্ৰতিফলন বুলি অভিহিত কৰিব পাৰে। সেইবোৰ অৱশ্যে বিদ্যায়তনিক বিষয়, আমাৰ এক্তিয়াৰৰ বাহিৰত। গতিকে সেই তত্ত্ব-কণ্টকিত আচহুৱা বন্ধুৰ বাটেৰে নগৈ প্ৰচ্ছন্ন দ্বেষ আৰু প্ৰকাশ্য ব্যংগ বহন কৰা তিনিটা শ্লোকৰ সাৰমৰ্ম ভাদুড়ীৰ নিবন্ধৰ পৰা বুটলি আনি তোমালৈ পঠিয়ালোঁ-
- প্রাচীন সাহিত্যত বোধহয় কায়স্থসকলক আটাইকৈ বেছি নিন্দা কৰা হৈছে। এটা শ্লোকত কায়স্থৰ স্বভাৱ সম্পৰ্কে এই ভাষ্য পাওঁ— মাকৰ পেটত থকা অৱস্থাত কায়স্থসকলে মাকৰ মাংস নাখায়। ইয়াৰ কাৰণ এই নহয় যে তেওঁলোকৰ হৃদয় কৰুণাময়। মাকৰ মাংস কায়স্থসকলে নোখোৱাৰ কাৰণ হ’ল— গৰ্ভস্থ অৱস্থাত তেওঁলোকৰ দাঁত নাথাকে। (নৃসিংহপ্রসাদ ভাদুড়ী, পৃঃ ১৩৭)
- পুৰণি কালত বৈদ্যসকল নিদান নিন্দাৰ লক্ষ্য হৈ পৰা দেখা যায়। কোৱা হৈছে, ৰোগাক্ৰান্ত ব্যক্তিৰ পৰা বিত্ত হৰণ কৰা আৰু ৰোগীৰ মৃত্যুৰ লগে লগে পলাই যোৱা— এয়ে হ’ল বৈদ্যৰ বৈদ্যত্ব। (উক্ত গ্রন্থ, পৃঃ১৩৮-৩৯)
- পুৰোহিতৰ প্ৰতি ক্ষোভোদ্গাৰৰ নিৰ্মম সাক্ষ্য প্রাচীন শ্লোকত আছে। এটা শ্লোকৰ অৰ্থ এই প্ৰকাৰৰ: পৰীষ (মানে বিষ্ঠা), ৰোষ, হিংসা আৰু তস্কৰ— এই চাৰিটা শব্দৰ আদ্যক্ষৰবোৰ লৈয়েই পুৰোহিত। (উক্ত গ্রন্থ, পৃঃ ১৪৩)
তৃতীয় দৃষ্টান্তটোত বিৰাগ, বিতুষ্টি, ক্রোধ আদিৰ লগতে বিদ্বেষৰ উপাদানো যে আছে তাত কোনো সন্দেহ নাই। এই বিদ্বেষক তুমি প্রতি-বিদ্বেষ (counter-hatred)ও বুলিব পাৰা। পুৰোহিত শ্ৰেণীৰ লালসাৰ উপৰি তেওঁলোকে মানুহৰ পৰা যি অটুট সন্মান আৰু অটল আনুগত্য দাবী কৰিছিল সেই দাবীয়েও বহুলোকৰ মনত নিশ্চয় ক্ষোভৰ জুই উমাই উমাই জ্বলাইছিল। এই ক্ষোভৰ পৰাই দ্বেষৰ সূচনা আৰু তাৰ বহিঃপ্রকাশ আমি দেখা পাওঁ পুৰোহিতৰ পিনে ধাৱমান উল্লিখিত চাৰিটা শব্দৰ একত্ৰিত আক্ৰমণত। তোমাৰ আলমাৰিৰ ওপৰৰ খলপৰ পৰা ‘মনু-সংহিতা’ খন নমাই আনি একাদশ অধ্যায়ত এবাৰ চকু ফুৰাই চোৱাচোন । তাত দেখিবা, প্রতি-বিদ্বেষক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন শাস্ত্ৰকৰজনে ভালদৰে উপলব্ধি কৰিছিল। তেওঁ কৈছে, ‘ব্ৰাহ্মণক ‘চুপ থাকক’ বুলি হুঙ্কাৰ কৰিলে… দিনটো অনুশোচনা কৰি একো নেখাই স্নান কৰি, তেওঁলোকৰ ভৰিত ধৰি, ব্ৰাহ্মণৰ ওচৰত ক্ষমা বিচাৰিব। (মনু-সংহিতা, ১১।২০৪) বিদ্বেষে উগ্ৰ ৰূপ ধাৰণ কৰিলে মৰণোত্তৰ শাস্তিৰ মাৰাত্মক ইংগিত দিয়া হৈছে — ব্ৰাহ্মণক মাৰিবলৈ ধমকি দিলে এশ বছৰ ধৰি আৰু লাঠিৰে প্ৰহাৰ কৰিলে হেজাৰ বছৰ ধৰি নৰক ভোগ কৰিব।’ (উক্ত গ্রন্থ, ১১ /২০৬) ‘মনু-সংহিতা’ৰ দ্বিতীয় অধ্যায়তো এই ধৰণৰ কথা আছে : ‘গুৰুক উপহাস কৰিলে’ পৰজন্মত গাধ হৈ আৰু ‘নিন্দা কৰিলে’ কুকুৰ হৈ জন্ম লাভ কৰে। (উক্ত গ্রন্থ, ২/২০১) এই ভাবুকিবোৰৰ এটা প্ৰধান উদ্দেশ্য হ’ল — বিদ্বেষৰ ভাষাক শাস্ত্ৰোক্তিৰে শৃঙ্খলিত কৰা। অৱশ্যে শাস্ত্ৰকাৰসকলৰ ৰঙা চকুৱে সকলোৰে মুখ বন্ধ কৰিব পৰা নাছিল। অকুতোভয় চার্বাকপন্থীসকৰ পোনপটীয়া বলীয়ান বক্তব্যই ইয়াৰ প্ৰমাণ৷ এটা উদাহৰণ তোমাক দিওঁ। তেওঁলোকৰ ভয়-শূন্য ভাষ্য অনুযায়ী বেদত্রয়ীৰ প্ৰণেতাসকল হ’ল ‘বহুৱা, প্ৰৱঞ্চক আৰু চোৰ (D. Chattopadhyaya, P. 45)’।
তোমাৰ পৰা বিদায় লোৱাৰ সময় সমাগত। ঘোষণাটো বৰ আকস্মিক যেন লাগিছে নেকি? পত্ৰালোচনাৰ সুবিধা ইয়াতেই— সুবিধা পালেই আলোচনাৰ মূল পথৰ পৰা ফালৰি কাটি উপপথেৰে কিছুদূৰ আগুৱাব পাৰি অথবা প্ৰায় হঠাতে, অলপ কৌশলেৰে, আলোচনা সামৰি পেলাব পাৰি। তোমালোকে প্রণালীবদ্ধভাৱে লিখা প্ৰবন্ধত এইধৰণৰ স্বাধীনতা জানো পোৱা? পিছে তোমাৰ পৰা বিদায় লোৱাৰ আগতে বৰ্তমানৰ লগত জড়িত দুটামান কথা তোমাক নজনালে মনৰ গভীৰত খোঁচনি-বিন্ধনি চলি থাকিব। বিদ্বেষ বৈশিষ্ট্য সম্পৰ্কে কৰা আলোচনাত আমি দেখিছোঁ যে সকলো বিদ্বেষ সমানেই নিন্দনীয় বা বর্জনীয় নহয়। যি বিদ্বেষ নৈর্ব্যক্তিক ন্যায়বোধৰ পৰা উদ্ভূত তাৰ সংযত আৰু সুচিন্তিত অভিব্যক্তিয়ে সমাজৰ অগ্ৰগতিত নিশ্চয় অৰিহণা যোগাব পাৰে। পিছে পৰিতাপ আৰু উদ্বেগৰ বিষয় হ’ল, সম্প্ৰতি চৌদিশে চকু দিলে তুমি দেখিবা যে অন্ধ, অসুস্থ আৰু ক্ষতিকৰ বিদ্বেষে আজি অধিকাংশ মানুহৰ চিন্তা-চেতনাক কম বেছি পৰিমাণে প্ৰদূষিত কৰিছে। ফলস্বৰূপে ভাষাৰ প্ৰয়োগ হৈ পৰিছে অশিষ্ট, অযুক্তিকৰ, অবাইচ, অপৰিণামদর্শী। ধৰ্ম, ভাষা, জাত, জনগোষ্ঠীয় পৰিচিতিৰ ভিত্তিত নেতিবাচক ষ্টিৰিঅটাইপ নিৰ্মাণ কৰি আৰু/বা মানুহৰ মনন-মানসিকতাক পেৰানইয়াৰ কবলত পেলাই ন্যস্ত-স্বার্থই বিদ্বেষৰ বিষবাষ্প বিয়পাইছে সমাজৰ বিভিন্ন স্তৰত কেতিয়াবা প্রকাশ্যে, কেতিয়াবা কৌশলেৰে। এনে বিদ্বেষাক্রান্ত বাতাৱৰণত বিবেকৰ ভূমিকা আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰভাৱ যে দুর্বল হৈ পৰে সেই কথা তোমাক বহলাই কোৱাৰ জানো সকাম আছে? তুমি নিশ্চয় গভীৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছা যে সম্প্রতি সাম্প্রদায়িক ৰাজনীতিৰ দ্বেষপূর্ণ দপদপনিয়ে অৱস্থাৰ অধিক অৱনতি ঘটাইছে, মষিমূৰ কৰিছে মনুষ্যত্বৰ মাহাত্ম্য। এইবোৰ দেখি-শুনি তোমাৰ তাৰুণ্য-উদ্ভাসিত মনলৈ কেতিয়াবা হতাশা আহে নেকি?
পৰিৱৰ্তন অৱশ্যম্ভাৱী। সমাজ, সংস্কৃতি, ৰাজনীতি—সকলো ক্ষেত্ৰতে কথাষাৰ প্ৰযোজ্য। গতিকে সাময়িকভাৱে তোমাৰ মনলৈ কেতিয়াবা হতাশাৰ ভাব আহিলেও সেই নেতিবাচক তথা বন্ধ্যা মনোভাবৰ সৈতে স্থায়ী মিতিৰালি কৰাটো নিশ্চয় বৰ যুক্তিসংগত কাম নহ’ব। আনহাতে সহজাত শুভ প্ৰৱণতাৰ কাৰণে মানুহে দ্বেষক দীৰ্ঘকালীন প্রশ্রয় দিব বুলি মনে নধৰে। বিজ্ঞসকলৰ পৰা আমি জানিব পাৰিছোঁ যে বিৱৰ্তনৰ বাটত সহযোগিতা-সহমর্মিতাই এক ইতিবাচক ভূমিকা পালন কৰিছিল। এই ভূমিকাৰ গুৰুত্ব তথা প্রাসংগিকতা হ্রাস পাইছে বুলি ক’ব নোৱাৰি। এগৰাকী মনোবিজ্ঞানীৰ সাৰগৰ্ভ অভিমত এই সন্দৰ্ভত উল্লেখ্য : ‘Where hate dehumanizes others and creates schisms, empathy humanizes them and grows connection. Empathy has key to our survival as a species, because it inspires kindness towards each other.’ (Batja Mesquita, P. 195) কোৱা বাহুল্য, এই সহমর্মিতাৰ— empathy— বিপৰীত মেৰুত সংহতি-নাশক বিদ্বেষৰ অৱস্থান। বৈষম্যভিত্তিক সমাজত সহমর্মিতাৰ কেতবোৰ সমস্যা নিশ্চয় আছে। পিছে সম্প্রতি যি উগ্র সাম্প্রদায়িক বিদ্বেষৰ কলীয়া ডাৱৰে মানুহৰ মনাকাশ ছানি ধৰিছে তাৰ এটা নৈতিক-মানসিক প্ৰতিকাৰক প্ৰতিষেধক ৰূপে সহমর্মিতাৰ গুৰুত্বক জানো অস্বীকাৰ কৰিব পাৰি? ঘৃণাৰ ঘূৰ্ণাৱৰ্তৰ পৰা ওলাই অহাৰ ক্ষেত্ৰত সহমর্মিতাৰ কৰ্ষণ আৰু অনুশীলনে আমাক নিশ্চয় কিছু সহায় কৰিব৷
গ্ৰন্থপঞ্জী :
- Thomson, The Human Essence : the Sources of Science and Art, London, 1974
- Engels, The Part Played by Labour in the Transition from Ape to Man, Moscow, 1968
- Porshnev, Social Psychology and History, Moscow, 1970
- N. Harari, Sapiens : A Brief History of Humankind, London, 2014
- Fromm, Man for Himself : An Enquiry into the Psychology of Ethics, London, 1967
- Batja Mesquita, Between Us : How Cultures Create Emotions, New York. 2022
- le Bon, The Crowd : The Study of the Popular Mind, Digireads. com.2008
- Zutshi. Biology as Politics, Calcutta, 2004
- B.R. Mani, Knowledge and Power: A Discourse for Transformation, New Delhi, 2014
- Dutta, Social Psychology and Revolutionary Practice, Calcutta, 1985
- Betielle, Ideology and Social Science, New Delhi, 2006
- Kaviraj, The Invention of Private Life, Ranikhet, 2014
- Guru ed, Humilation : Claims and Context, New Delhi, 2013
- A.V. Petrovsky/M. G. Yaroshevsky, A Concise Psychological Dictionary, Moscow, 1987
- Chattapadyaya, In Defence of Materialism in Ancient India, New Delhi, 1989
- পবিত্ৰ সৰকাৰ, লোকভাষা লোকসংস্কৃতি, কলকতা, ১৯৯১
- নৃসিংহপ্রসাদ ভাদুড়ী, কলিযুগ, কলকতা, ২০০৭
- অলোক মুখোপধ্যাপয়, বিজ্ঞানেৰ অলোকে মানব সংস্কৃতি, কলকতা, ১৯৯৪
- কংকৰ সিংহ, মনুসংহিতা ও শূদ্র, কলকতা, ২০০৬
- মনু সংহিতা, অনুবাদ : প্রফুল্ল নাৰায়ন বৰুৱা, ডিব্ৰুগড়, ২০০৩
- বেনুধৰ ৰাজখোৱা, মোৰ জীৱন দাপোন, গুৱাহাটী, ১৯৬৯
- বেনুধৰ শৰ্মা সম্পাদিত, হেমচন্দ্ৰ গোস্বামী ৰচনাৱলী, যোৰহাট, ১৯৭২
বৰ ভাল লাগিল পঢ়ি৷ সমৃদ্ধ হ’লোঁ৷