বিগ বেং বিস্ফোৰণৰ আঁৰত আছে নেকি ঐশ্বৰিক শক্তি?-(ভাৰ্গৱ বৰঠাকুৰ)
পদাৰ্থবিজ্ঞানৰ জগতখনলৈ যুগান্তকাৰী অৱদান আগবঢ়োৱা বিংশ শতিকাৰ দুটা বিখ্যাত তত্ত্ব হৈছে ‘কোৱান্টাম ফিল্ড থিয়ৰী’ আৰু ‘সাধাৰণ আপেক্ষিকতাবাদ’। এই দুটা বিশেষ থিয়ৰীয়ে পদাৰ্থবিজ্ঞানীসকলক বিশ্বব্ৰহ্মাণ্ডখনক নতুনকৈ চোৱাৰ সুযোগ দিছিল। কোৱান্টাম ক্ষেত্ৰ-তত্ত্ব বা কোৱান্টাম ফিল্ড থিয়ৰীক পাৰমাণৱিক, উপ-পাৰমাণৱিক কণিকা সমূহৰ ব্যৱহাৰ তথা গঠন সম্পৰ্কে বুজিবলৈ ব্যৱহাৰ কৰা হয়। এই থিয়ৰীৰ মতে পদাৰ্থ গঠনকাৰী কণিকাবোৰে একে সময়তে দুটা বেলেগ বেলেগ চৰিত্ৰ দেখুৱাব পাৰে (যেনে: কণিকা আৰু তৰংগ) তথা একে সময়তে এটা কণিকাই দুটা বেলেগ বেলেগ স্থানত থাকিব পাৰে। ঠিক সেইদৰে সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ বিশাল আকাৰৰ বস্তু যেনে গ্ৰহ-নক্ষত্ৰ আদিৰ দৰে পদাৰ্থবোৰৰ মাজত সৃষ্টি হোৱা মহাকৰ্ষণিক বল তথা পদাৰ্থসমূহৰ ব্যৱহাৰ সম্পৰ্কে জানিব পাৰি। দেখা যায় নিজ নিজ ক্ষেত্ৰত দুয়োটা তত্ত্বই সঠিক সমাধান দিব পাৰে। কিন্ত সমস্যাটো তেতিয়া হয় যেতিয়া এটা তত্ত্বৰ সিদ্ধান্তবোৰ আন এটা তত্ত্বৰ ওপৰত প্ৰয়োগ কৰা হয়। অৰ্থাৎ কোৱাণ্টাম ফিল্ড থিয়ৰী আৰু সাধাৰণ আপেক্ষিকতাৰ সূত্ৰ সমূহক যেতিয়াই একত্ৰীকৰণ কৰিবলৈ চেষ্টা কৰা হয় তেতিয়াই কিছুমান অদ্ভুত আৰু অৰ্থহীন ফলাফল লাভ কৰা যায়। যেনে- আমি জানো কোৱান্টাম থিয়ৰী মতে একে সময়তে এটা কণিকা দুটা বেলেগ স্থানত থাকিব পাৰে। যদি এই ধাৰণাটো আমাৰ সৌৰজগতত প্ৰয়োগ কৰোঁ দেখিম, একে সময়তে সূৰ্যৰ স্থানো বেলেগ বেলেগ হ’ব। আৰু তেনে হ’লে আমাৰ পৃথিৱীত জীৱৰ অস্তিত্বও নাথাকিব। ঠিক সেইদৰে সাধাৰণ আপেক্ষিকতাৰ সিদ্ধান্তবোৰ যদি কোৱান্টাম কণিকাৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ তেতিয়াও এনেধৰণৰে কিছুমান অদ্ভুত ফলাফল দেখা যাব। অৰ্থাৎ দুটা বেলেগ বেলেগ স্বতন্ত্ৰ তত্ত্ব হোৱাৰ বাবেই বিশ্বব্ৰহ্মাণ্ডৰ বহু ৰহস্যৰ উত্তৰ আজিও আমাৰ হাতত নাই। কথাখিনি সাধাৰণ ভাৱে এনেধৰণে বুজিবলৈ চেষ্টা কৰিব পাৰোঁ- এই বিশ্বব্ৰহ্মাণ্ডৰ বস্তুবোৰক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। আমি প্ৰতিটো সময়তে মুখামুখী হোৱা বস্তু যেনে গছ, গাড়ী, মানুহ ইত্যাদি, যিবোৰ গ্ৰহ-নক্ষত্ৰৰ দৰে ডাঙৰো নহয় আৰু পৰমাণুৰ দৰে সৰুও নহয়; তেনে বস্তুবোৰৰ বিষয়ে আমি ধ্ৰুপদীয় পদাৰ্থবিজ্ঞানৰ সিদ্ধান্ত সমূহেৰে বুজিব পাৰোঁ। আনহাতে কোৱান্টাম থিয়ৰীৰ সহায়ত পৰমাণু-উপপৰমাণুৰ বিষয়ে বুজিব পাৰোঁ, কিন্তু এই থিয়ৰীয়ে তেতিয়াহে কাম কৰিব যেতিয়া পদাৰ্থবোৰ অত্যন্ত সৰু আৰু পাতল হোৱাৰ লগতে মহাকৰ্ষণ বলৰ প্ৰভাৱো বিবেচনা কৰা নহ’ব। ঠিক সেইদৰে গ্ৰহ-নক্ষত্ৰৰ দৰে বিশাল আকাৰৰ বস্তুবোৰৰ মাজৰ মহাকৰ্ষণ বলক বুজিবলৈ, গ্ৰহ-নক্ষত্ৰবোৰৰ কোৱান্টাম বৈশিষ্টবোৰো বিবেচনাৰ বাহিৰ কৰিব লাগিব। কিন্তু এনে পদাৰ্থ যাৰ আকাৰ বিন্দুসম অথচ অতিশয় ভৰযুক্ত,তেনে পদাৰ্থবোৰৰ ক্ষেত্ৰত এই তিনিটা তত্ত্বৰ এটায়ো সঠিক ৰূপত কাম কৰিব নোৱাৰে। যেনে- কৃষ্ণ গহ্বৰৰ কেন্দ্ৰ, যাক আমি অপ্ৰতিমতা (Singularity) বুলি কওঁ। গতিকে আমাৰ ওচৰত এনে এটা একত্ৰীকৰণ তত্ত্ব (Unification theory) নাই, যাৰ দ্বাৰা আমি কৃষ্ণগহ্বৰৰ কেন্দ্ৰত প্ৰকৃততে কি হয় তাৰ সঠিক আভাস পাব পাৰোঁ।ঠিক সেইদৰে আজিও আমাৰ হাতত উত্তৰ নাই, Singularity ৰ পৰা জন্ম হোৱা বিগবেং বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি আছিল?
প্ৰাচীন কালৰ পৰাই মানুহৰ অনুসন্ধিৎসু স্বভাৱে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে। মানুহৰ এনে জিজ্ঞাসাৰ বাবেই প্ৰকৃতিৰ সম্পৰ্কত বহুত প্ৰশ্নৰো উদ্ভৱ হৈছে। যেনে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন কিহেৰে গঠিত, বিশ্বব্ৰহ্মাণ্ডই কিদৰে কাম কৰে, ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আঁৰত সঁচাকৈয়ে কিবা ঐশ্বৰিক শক্তিৰ হাত আছে নেকি? ধাৰ্মিক বা আধ্যাত্মিক দৃষ্টিকোণেৰে চোৱা সকলে ইয়াত ঈশ্বৰ, গড, আল্লাৰ ‘হাত’ বিচাৰি পালেও পদাৰ্থবিজ্ঞানৰ মতে কথাবোৰ বেলেগ।পদাৰ্থ বিজ্ঞানৰ দৃষ্টিকোণেৰে বিশ্বব্ৰহ্মাণ্ডখন ভালদৰে বুজিবলৈ আমি কোৱান্টাম ফিল্ড থিয়ৰী আৰু সাধাৰণ আপেক্ষিকতাৰ দৰে দুটা থিয়ৰী ব্যৱহাৰ কৰোঁ। যিহেতু আমি আগতেই উল্লেখ কৰিছোঁ যে দুয়োটা স্বতন্ত্র তত্ত্ব হোৱাৰ বাবেই ব্ৰহ্মাণ্ডৰ সকলো প্ৰশ্নৰ উত্তৰ আমি এই দুয়োটা তত্ত্বৰে নাপাওঁ। যাৰ বাবেই বহু শিক্ষিতলোকেও বিজ্ঞানৰ এনে সীমাবদ্ধতাৰ ফাঁকবোৰত অলৌকিক শক্তি কিছুমানৰ কল্পনা কৰি লয়। সি যি নহওক, ই এটা বেলেগ বিষয়। কিন্তু আমি কিয় এনে এটা থিয়ৰী সৃষ্টি কৰিব নোৱাৰোঁ যাৰ দ্বাৰা ব্ৰহ্মাণ্ডৰ সকলো ঘটনা-পৰিঘটনাৰ ৰহস্য বুজিব পাৰি? বিগত বহু বছৰৰ পৰা গৱেষণাৰত বিজ্ঞানীসকলৰ এনে আপ্ৰাণ চেষ্টাই জন্ম দিলে ‘ৰজ্জু তত্ত্ব’ বা ‘ষ্ট্ৰিং থিয়ৰী’ (String theory) নামৰ এটা নতুন তত্ত্বৰ। এই তত্ত্বৰ বৈশিষ্ট্য এই যে ই কোৱান্টাম গ্ৰেভিটি (Quantum gravity) তথা বহু মাত্ৰাৰ (Multiple Dimension) কথা কয়। যি বিগ বেঙৰ আগৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে কিছুধাৰণা দিয়ে, যিটো পদাৰ্থবিদ সকলৰ বাবে ইমান দিনে এটা অবুজ সাঁথৰ আছিল। গতিকে ৰজ্জু তত্ত্বৰ বিষয়ে জনাৰ আগতে কোৱান্টাম গ্ৰেভিটিনো কি আৰু ই কিয় পদাৰ্থবিদ সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ চমুকৈ জানি লওঁ আহক।
‘ষ্টেণ্ডাৰ্ড মডেল’ (Standard model of elementary particle) এনে এটা আৰ্হি যি আমাক খুব ভালদৰে বুজাই যে পদাৰ্থ কিহেৰে গঠিত তথা ব্ৰহ্মাণ্ডৰ চাৰিটা মৌলিক বা বুনিয়াদী বলৰ (Fundamental বা Elementary force) ভিতৰত তিনিটা মৌলিক বলে কিদৰে কাম কৰে। এই আৰ্হিৰ মতে গোটেই বিশ্বব্ৰহ্মাণ্ডখন মূলত বাৰবিধ কণিকা আৰু চাৰিবিধ বলেৰে গঠিত– এই বাৰটা কণিকাক কোৱা হয় বুনিয়াদী (Elementary বা fundamental particle) কণিকা আৰু চাৰিবিধ বলক কোৱা হয় বুনিয়াদী বল (Fundamental force)। এই বুনিয়াদী কণিকাবোৰৰ কোনো অন্তৰ্গঠন বা উপগঠন নাই। বিশ্বব্ৰহ্মাণ্ডৰ আমি যিমান জীৱ আৰু জড় পদাৰ্থ দেখিছোঁ সকলোবোৰ এই বাৰটা কণিকাৰ আন্তঃক্ৰিয়াৰ পৰাই গঠিত। ফাৰ্মিয়ন পৰিয়ালৰ অন্তৰ্গত এই বুনিয়াদী কণিকাখিনিৰ দুটা ভাগ হৈছে কোৱাৰ্ক আৰু লেপ্টন। ঠিক সেইদৰে বুনিয়াদী বলবোৰ যেনে – সবল নিউক্লীয় বল, বিদ্যুতচুম্বকীয় বল, মহাকৰ্ষণ বল আৰু দুৰ্বল নিউক্লীয় বল এই চাৰিটা বলৰ বিষয়ে আমি কম বেছি পৰিমণে সকলোৱে জানো। এই চাৰিবিধ বলৰ তিনিবিধ বলে বলবাহী (Force carrier) কিছুমান কণিকাৰ বিনিময়ৰ মাজেৰে কাম কৰে- এই বলবাহী কণিকাবোৰ ব’ছন নামৰ কণিকাৰ এটা প্ৰজাতিৰ অন্তৰ্গত৷ সবল নিউক্লীয় বল, বিদ্যুতচুম্বকীয় বল তথা দুৰ্বল নিউক্লীয় বলবাহী কণিকা আছে- যেনে: সবল বলৰ বলবাহী কণিকা বিধৰ নাম ‘গ্লুঅন’, বিদ্যুতচুম্বকীয় বলৰ বলবাহী কণিকা বিধৰ নাম- ফ’টন, আৰু দুৰ্বল বলৰ বলবাহী কণিকা বিধৰ নাম W আৰু Z। এই ‘ষ্টেণ্ডাৰ্ড মডেল’ – কণিকা পদাৰ্থবিজ্ঞানৰ এনে এটা আৰ্হি যি ব্ৰহ্মাণ্ডৰ বহু প্ৰশ্নৰ উত্তৰ আমাক সঠিক ৰূপত বুজাব পাৰিছে। কিন্তু এই আৰ্হি আজিও অসমাপ্ত ৰূপত কাৰণ ই আজিও আমাক বুজাব পৰা নাই পাৰমাণৱিক স্তৰত বা কোৱান্টাম স্তৰত মহাকৰ্ষণ বলে কিদৰে কাম কৰে। অৰ্থাৎ আমি এতিয়াও এনে এটা ব’ছন কণিকা পোৱা নাই যি মহাকৰ্ষণ বলৰ বাবে দায়বদ্ধ। যদিও এনেকুৱা ব’ছন কণিকা এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই, এনে কণিকা প্ৰকৃতিত থাকিব লাগে বুলি বিশ্বাস কৰা হয়। এই Hypothetical কণিকাটোক ‘গ্ৰেভিটন” (Graviton) ৰূপে নামকৰণ কৰা হৈছে। যদি এই গ্ৰেভিটন সম্পৰ্কে আমি জানিব পাৰোঁ তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ ব্যৱহাৰ তথা ইয়াৰ উৎপত্তি সম্পৰ্কে সকলো তথ্য জানিব পাৰিম। অৰ্থাৎ এনে এটা থিয়ৰী পোৱা যাব যি কোৱান্টাম গ্ৰেভিটিক প্ৰমাণ কৰি দেখাব পাৰে যাৰ দ্বাৰা আমি ব্ৰহ্মাণ্ডৰ চাৰিটা মৌলিক বলৰেই সঠিক বাখ্যা কৰিব পাৰিম। উল্লেখযোগ্য যে ‘কোৱান্টাম গ্ৰেভিটি’ পদাৰ্থবিজ্ঞানৰ এনে এটা তত্ত্ব য’ত মহাকৰ্ষণ বলক ধ্ৰুপদী তত্ত্বৰে নহয় কোৱান্টাম বলবিজ্ঞানৰ সিদ্ধান্তৰে (Quantum mechanics) বুজোৱা হয়। অৰ্থাৎ কোৱান্টাম গ্ৰেভিটি এনে এটা তত্ত্ব যি সাধাৰণ আপেক্ষিকতাবাদ আৰু কোৱান্টাম থিয়ৰীৰ মাজৰ সম্পৰ্কক বুজাবলৈ চেষ্টা কৰে। গতিকে সাধাৰণ আপেক্ষিকতাবাদ আৰু কোৱান্টাম ফিল্ড থিয়ৰীৰ মাজত যদি আমি একোটা সম্পৰ্ক স্থাপন কৰিব পাৰোঁ তেন্তে সৰ্বতত্ত্ব (Theory of everything) হিচাপে মাথো এটা তত্ত্বৰেই ব্ৰহ্মাণ্ডৰ সকলো ৰহস্যৰ সন্ধান কৰিব পৰিম! বিগত সময়বোৰত এনে কোনো থিয়ৰী নাছিল যি এই প্ৰশ্নৰ সঠিক বিশ্লেষণ দিবলৈ সক্ষম হৈছিল, কিন্তু ৰজ্জু তত্ত্ব এনে এটা থিয়ৰী যাৰ দ্বাৰা মহাকৰ্ষণ বলৰ বিষয়ে জানিব পৰা হ’ব বুলি বিশ্বাস কৰা হৈছে। প্ৰথমে ৰজ্জু তত্ত্বৰ গাণিতিক সূত্ৰই ধাৰণা কৰিছিল যে পৰমাণুৰ ভিতৰত কিছুমান ভৰহীন কণিকা থাকিব লাগে। কিন্তু বহু বৈজ্ঞানিক গৱেষণাৰ পাছত যেতিয়া প্ৰকৃতিত এনেধৰণৰ কোনো কণিকা পোৱা নগ’ল, ৰজ্জু তত্ত্বৰ প্ৰতি থকা বহু বিজ্ঞানীৰ আশাত চেঁচা পানী পৰিছিল। কিন্তু তাৰ চাৰি বছৰৰ পাছত বিজ্ঞানী শ্বোৱাজে ৰজ্জু তত্ত্বৰ এই জটিল সমস্যাটোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছিল। দেখা গৈছিল যে এই ভৰহীন কণিকাবোৰে আচলতে মহাকৰ্ষণকহে বুজাইছে। এই কণিকাবোৰকেই পাছলৈ গ্ৰেভিটন হিচাপে নামকৰণ কৰা হৈছিল। এই Hypothetical কণিকাবোৰেই আচলতে কোৱান্টাম স্তৰত মহাকৰ্ষণ বলৰ বাৰ্তাবাহক হিচাপে কাম কৰে। অৰ্থাৎ ৰজ্জু তত্ত্ব যদি শুদ্ধ হয় তেন্তে কোৱান্টাম ফিল্ড থিয়ৰীৰ দ্বাৰা আমি চাৰিটা মৌলিক বলক বুজিবলৈ সক্ষম হ’ম। ইয়াৰ অৰ্থ এইটো যে আমি এটা সৰ্বতত্ত্ব থিয়ৰী পাম। কিন্তু গ্ৰেভিটনক বৰ্তমানলৈকে ধৰা পেলাব পৰা হোৱা নাই। লাৰ্জ হেড্ৰন কলাইডাৰত (Large hadron collider) অব্যহত ৰখা গৱেষণাত এনে কোনো কণিকাৰ সন্ধান ওলোৱা নাই যাৰ বাবেই ৰজ্জু তত্ত্বৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক লাগি আছে।
পদাৰ্থ যে কিছুমান সৰু সৰু কণিকাৰ সমষ্টি সেই কথা মানুহে বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে বিশেষ একো নজনাকৈয়ে নানান অভিজ্ঞতাৰ মাজেই অনুমান কৰিব পাৰিছিল। এনে বেছিভাগ অনুমানেই আছিল দাৰ্শনিকভিত্তিক। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই বিষয়ৰ প্ৰকৃত চিন্তা আৰম্ভ হৈছিল উনবিংশ শতিকাৰ আগভাগৰ পৰাহে। গতিকে বিজ্ঞানৰ উত্তৰণে আমাক বুজাবলৈ সক্ষম হ’ল যে পদাৰ্থসমূহ পৰমাণুৰ দ্বাৰা গঠিত। পৰৱৰ্তী সময়ত আমি গম পালোঁ যে পৰমাণুবোৰো কোনো পদাৰ্থৰ মৌলিক কণিকা নহয়, ইয়াকো যদি আৰু ভিতৰলৈ ভাঙি চোৱা হয় তেন্তে আমি দেখিম ইলেক্ট্ৰনৰ দৰে সুক্ষ্ম কণিকা। এই ইলেক্ট্ৰনবোৰ আকৌ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে। লাহে লাহে বিজ্ঞানৰ অগ্ৰগতিয়ে নিউক্লিয়াছৰ ভিতৰ ভাগ চাব পৰাতো আমাক সহায় কৰিলে। য’ত দেখা পালোঁ প্ৰট’ন আৰু নিউট্ৰনৰ দৰে অণুবীক্ষণিক কণিকা। পৰৱৰ্তী সময়ত বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণে আমাক জানিবলৈ দিলে যে প্ৰ’টন আৰু নিউট্ৰনেই পদাৰ্থৰ মৌলিক কণিকা নহয়, এই প্ৰ’টন আৰু নিউট্ৰনো ‘কোৱাৰ্ক’ৰ দ্বাৰা গঠিত। এইখিনিতেই আধুনিক পদাৰ্থবিজ্ঞানৰ সকলো ধাৰণা স্থৱিৰহৈ পৰিছিল। অৰ্থাৎ কোৱাৰ্কেই পদাৰ্থৰ সূক্ষ্মতম কণিকা হিচাপে বিবেচনা কৰা হৈছিল। কিন্তু ৰজ্জু তত্ত্বৰ মতে কোৱাৰ্কেই পদাৰ্থৰ সূক্ষ্মতম কণিকা নহয়।কোৱাৰ্কৰ ভিতৰতো দোল্যমান অৱস্থাত কিছুমান শক্তি থাকে যাক সূতা বা তাঁৰৰ (Strings) দৰে দেখা যায়। ৰজ্জূ তত্ত্বৰ আন এজন সুত্ৰধাৰ জন শ্বোৱাৰ্জৰ মতে– “ৰজ্জুতত্ত্বত মৌলৰ উপাদানবিলাক কণিকা নহয়, সূতা বা ফলিৰ আকাৰৰ। স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতত সেই ৰেখাডাল এখন দ্বিমাত্ৰিক পৃষ্ঠাত পৰিণত হয়।”
ভায়লিন বা গিটাৰৰ সূতা বোৰত কম্পন তুলিলে যি দৰে বিভিন্ন ধ্বনিৰ সৃষ্টি হয়, ঠিক সেইদৰে এই কোৱাৰ্কৰ ভিতৰৰ সূতা সদৃশ শক্তিবোৰে বেলেগ বেলেগ বিন্যাসত (Pattern) যেতিয়া কম্পনৰ সৃ্ষ্টি কৰে তেতিয়া বেলেগ বেলেগ পদাৰ্থৰো সৃষ্টি হয়। অৰ্থাৎ এটা শিল আৰু আমাৰ মাজত পাৰ্থক্য এইটোৱে যে শিলত থকা সূতাবোৰে শিলত বেলেগ ধৰণে কম্পনৰ সৃষ্টি কৰিছে, ঠিক সেইদৰে আমাৰ দেহত থকা সূতাবোৰেও বেলেগ ধৰণেৰে কম্পন তুলি বেলেগ বেলেগ পদাৰ্থৰ সৃষ্টি কৰিছে। অৰ্থাৎ যদি বিশ্বব্ৰহ্মাণ্ডখন চাব পৰা অণুবীক্ষণ যন্ত্ৰ এটা সাজিব পৰা যায় আৰু তাৰ দ্বাৰা ব্ৰহ্মাণ্ডখন চোৱা হয়, তেতিয়া কিছুমান সূতাৰ দৰে শক্তিৰ থূপহে দেখা পোৱা যাব, যি বেলেগ বেলেগ কম্পনাংকত দোল্যমান। এই সূতাবোৰ বেলেগ বেলেগ কম্পনাংকত দোল্যমান হোৱাৰ বাবেই বেলেগ বেলেগ পদাৰ্থৰ সৃষ্টি হয়, যাৰ বাবেই আমাৰ ব্ৰহ্মাণ্ডখন ইমান বিচিত্ৰ। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ দেখি থকা সকলো বস্তুৱেই এই সূতাৰ দৰে দ্যোলমান শক্তিৰ দ্বাৰা গঠিত। যাৰ দ্বাৰা আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলো ৰহস্য বুজিব পাৰিম বুলি আশা কৰা হৈছে৷ অৰ্থাৎ আমি এটা একীকৃত তত্ত্ব (Unified theory) পাম। কিন্তু কথাবোৰ সিমান সহজ নহয়। প্ৰকৃতিৰ ৰহস্যবোৰে ইমান সহজে ধৰা নিদিয়ে। যাৰ বাবেই বিজ্ঞানীসকলে সময়ে সময়ে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। যেনে- ৰজ্জু তত্ত্বৰ গাণিতিক সূত্ৰবোৰলৈ চাই বিজ্ঞানী সকলে গম পালে যে এই সূত্ৰই ত্ৰি-মাত্ৰিক পৃথিৱীত কাম নকৰে। এই তত্ত্বই কাম কৰিবলৈ হ’লে অতিকমেও দহটা মাত্ৰাৰ প্ৰয়োজন হ’ব। কিন্তু সেই ফালৰ পৰা চালে এই তত্ত্বই ব্ৰহ্মাণ্ডত কামেই কৰিব নালাগিছিল! কিন্তু কথাটো তেনে নহয়। ৰজ্জু তত্ত্বৰ ধাৰণাটোৰে বিজ্ঞানী সকলে ষ্টেণ্ডাৰ্ড মডেলটোৰ গাণিতিক সমাধান কৰিব পাৰিছে। অৰ্থাৎ এই তত্ত্ব শুদ্ধও হ’ব পাৰে। কিন্তু এই থিয়ৰী যদি শুদ্ধ হয় তেন্তে বাকী সাতটা মাত্ৰা ক’ত? এই তত্ত্বৰ প্ৰবক্তা সকলে ক’ব বিচাৰে যে মাত্ৰা (Dimension) দুই প্ৰকাৰৰ হ’ব পাৰে। এটা আকাৰত ইমান ডাঙৰ যে যাক আমি দেখা পাওঁ আৰু আনটো আকাৰত বহু সৰু যাক আমি দেখা নাপাওঁ। যেনে দূৰৈত থকা বিদ্যুত পৰিবাহী তাঁৰ এডালক দেখিবলৈ এনে লাগে যেন ই এক মাত্ৰিক (One Dimensional)। সেই একেডাল তাঁৰেদি চলা ফুৰা কৰা পতংগবোৰৰ বাবে কিন্তু তাঁৰডাল এক-মাত্ৰিক যেন নালাগে, কাৰণ ইহঁতে তাঁৰ ডালৰ চাৰিওফালে ঘূৰিব পাৰিছে। অৰ্থাৎ আমাৰ ব্ৰহ্মাণ্ডখনত এনে বহু-মাত্ৰিক মাত্ৰা (Multi dimension) থাকিব পাৰে যিবোৰ আমাৰ কাষতেই আছে, হয়তো আমি দেখিহে পোৱা নাই। সি যি নহওক, ওপৰৰ আলোচনাৰ পৰা আমি গম পালো ৰজ্জু তত্ত্ব যিমান জটিল, সিমান আমোদজনকো! ৰজ্জু তত্ত্বৰ কেইবাটাও ভিন্ন ৰূপ আছে। কেইবাজনো বিজ্ঞানীয়ে নিজৰ নিজৰ বিচাৰ-বিবেচনাৰ ওপৰত ভিত্তি কৰি ছটা ভিন্ন ৰজ্জু তত্ত্বৰ ধাৰণা সৃষ্টি কৰিছে। এই তত্ত্ববোৰৰ মূল কথা একেটাই কিন্তু সূতাবোৰৰ বেলেগ বেলেগ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ছটা ভিন্ন নাম ৰখা হৈছে।
বহু বিজ্ঞানীয়ে ৰজ্জু তত্ত্বক বিজ্ঞানৰ তত্ত্বতকৈ দাৰ্শনিক তত্ত্ব ৰূপেহে চাব বিচাৰে। কাৰণ ৰজ্জু তত্ত্বই তাত্ত্বিকভাৱে এনে কিছুমান সূতা বা ফলকৰ (Strings বা Membrane) কথা কয় যিবোৰ পৰীক্ষাগাৰত বৰ্তমান সময়লৈকে প্ৰমাণ কৰিব পৰা হোৱা নাই। আমি জানো, বিজ্ঞানত প্ৰমাণ অবিহনে কোনো তত্ত্বৰে সাৰ্বজনীন গ্ৰহণযোগ্যতা নাই। গতিকে ৰজ্জু তত্ত্বৰ ক্ষেত্ৰতো তেনে কিছু সমস্যাই দেখা নিদিয়া নহয়। যদিও এই তত্ত্বৰ ওপৰত বৰ্তমানেও বহু উচ্চ পৰ্যায়ৰ গৱেষণা অব্যাহত আছে। যদিহে ৰজ্জু তত্ত্বৰ গৱেষণাৰ অগ্ৰগতি সঠিক দিশত আগবাঢ়ে তথা ইয়াৰ সিদ্ধান্তসমূহ পৰীক্ষামূলকভাৱে প্ৰমাণিত হয় তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ বহু ৰহস্য যে পোহৰ হ’ব সেয়া নিশ্চিত। অৰ্থাৎ বিগ বেঙ বিস্ফোৰণ কিয় হৈছিল, এই বিস্ফোৰণৰ আঁৰত কিয় ঈশ্বৰ, গড, আল্লা নামৰ মানৱ সৃষ্ট ঐশ্বৰিক শক্তিবোৰৰ হাত নাই, তাক বৈজ্ঞানিক পৰিভাষাৰে সঠিক ৰূপত বুজিব পাৰিম।
(তথ্যসূত্ৰ: ইন্টাৰনেটত উপলব্ধ ৰজ্জু তত্ত্ব সম্পৰ্কীয় বিভিন্ন তথ্য আৰু ভিডিঅ’ৰ পৰা)
ভাল ভাল লেখা সমূহ৷
ভাৰ্গৱ দা, আশা কৰো আপোনাৰ পৰা এনেকুৱা লেখা আগলৈও পঢ়িব পাই থাকিম ।