অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

বিজ্ঞান আৰু অন্ধবিশ্বাস-(উৎপল বাদল বৰুৱা)

সভ্যতাৰ আদিৰে পৰা এতিয়ালৈকে ‘মানৱ-সভ্যতাৰ প্ৰগতিত প্ৰভূত বৰঙণি আগবঢ়োৱা’ কুৰিজন ব্যক্তিৰ নাম মনত  পেলাওকচোন৷ আপুনি হয়তো তালিকাখনৰ প্ৰথম নামটো যীশুখ্ৰীষ্ট নতুবা হজৰত মহম্মদ বুলি আৰম্ভ কৰিলে৷ আগবাঢ়ি গৈ থাকক৷ আপুনি যদি অসমত ডাঙৰ-দীঘল হোৱা অসমীয়া মানুহ, তেনেহ’লে হয়তো আপোনাৰ শঙ্কৰদেৱ বা মাধৱদেৱৰ নামটোও ধৰিবলৈ মন যাব পাৰে। ধৰক, কোনো কথা নাই! ঠিক এইদৰে কেইটামান নাম লিখাৰ পিছতে আপুনি আৱিষ্কাৰ কৰিব যে “মানৱ-সভ্যতাৰ প্ৰগতিত প্ৰভূত বৰঙণি আগবঢ়োৱা লোক”ৰ তালিকাখনত থকা আধাৰো অধিক নাম অকল বৈজ্ঞানিকৰ নামেৰেই ভৰি পৰিছে! পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ ক্ষেত্ৰতে এনে হোৱাটো ধুৰুপ৷ ইয়েইপৰ্যাপ্ত পৰিমাণে প্ৰমাণ কৰে যে সভ্যতাৰ অগ্ৰগতিত বিজ্ঞান বা বৈজ্ঞানিকৰ অৱদানেই আটাইতকৈ বেছি৷

পৃথিৱীখন চেপেটা নে গোল, চন্দ্ৰত কি আছে, সততে আক্ৰান্ত হোৱা ৰোগৰ কাৰকবোৰ কিকি – এয়া আৰু আজি দুৰ্বোধ্য সাঁথৰ হৈ থকা নাই৷ বিজ্ঞানে আনি দিয়া কেতবোৰ বিস্ময়কৰ আৱিষ্কাৰৰ ভিতৰত পৃথিৱীৰ যিকোনো এটা অংশৰ দৃশ্য আৰু তথ্য মুহূৰ্ততে আমাৰ হাতত পৰাৰ কৌশলটোও এটা৷ এই অৱদান আমাৰ সকলোৰে চিনাকি৷  বিজ্ঞানৰ এইধৰণৰ চমকপ্ৰদ সাফল্য দেখাৰ পাছত অৱশ্যেই মানৱ সমাজৰ পৰা অন্ধবিশ্বাসে কেতিয়াবাই মেলানি মাগিব লাগিছিল। বিজ্ঞানৰ জয়জয়কাৰ হ’ব লাগিছিল৷ কিন্তু তেনে নহ’ল৷ আমাৰ সমাজৰ এক বৃহৎ অংশ আৰু তথাকথিত এচাম শিক্ষিতলোক এতিয়াও অন্ধবিশ্বাসৰ অতল গহ্বৰত পোত গৈ আছে৷ সৌ সিদিনা ভাৰতৰ গৃহমন্ত্ৰীয়ে ৰাফেল যুঁজাৰু বিমানত “ওম” অংকন কৰি নেদেখাজনৰ ওচৰত মংগল কামনা কৰিছে৷ আজি পোৱা এটা খবৰ মতে, অসমত এজনে নিজৰ পুত্ৰ সন্তানক বলি দিবলৈ নি ধৰা পৰিছে! এনে উদাহৰণৰ শেষ নাই৷ ইয়াৰ মূল কাৰণ বৈজ্ঞানিক মানসিকতাৰ অভাৱ। বিজ্ঞানৰ পুথি বা শিক্ষাই বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ সৃষ্টি নকৰিবও পাৰে৷

প্ৰাচীন কালতো পৃথিৱীৰ বুকুত ধুমুহা বলিছিল, ভূমিকম্প হৈছিল, মেঘে গাজিছিল৷ প্ৰকৃতিৰ এনে পৰিঘটনাই মানুহক এক অদৃশ্য অশৰীৰী শক্তিৰ কল্পনা কৰাৰ সমল যোগাইছিল৷ কালক্ৰমত এই অমূলক বিশ্বাসকে অৱলম্বন কৰি একশ্ৰেণীৰ মানুহে আন এক শ্ৰেণীক শোষণ কৰাৰ বাট মুকলি কৰিছিল। কেতিয়াবা ৰাজনৈতিক স্বাৰ্থত, কেতিয়াবা অৰ্থনৈতিক স্বাৰ্থত৷ অৰ্থনৈতিক বৈষম্যই এনে অন্ধবিশ্বাসক লাহে লাহে মানুহৰ মনৰ অভ্যন্তৰলৈ লৈ গৈছিল৷ দুৰ্বল মানুহে বিপদৰ চৰম মুহূৰ্তৰ একমাত্ৰ আশ্ৰয় হিচাপে এনে অন্ধবিশ্বাসকে খামোচ মাৰি ধৰিছিল৷ এনেকৈয়ে এইবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লাহে লাহে বিয়পি পৰিল, বছৰৰ পাছত বছৰ ধৰি৷

আমাৰ মনত প্ৰোথিত হোৱা এনে বিশ্বাসৰ আৰম্ভণিলৈ মন কৰিলৈই এই কথাৰ উমান পাব পাৰি৷ শৈশৱতে যেতিয়া “নিচিনো তোমাক ক’ত আছা প্ৰভু, আমি অতি সৰু ল’ৰা”-ৰে শিক্ষাৰ আদিপাঠ আৰম্ভ হয়, বিভিন্ন উপলক্ষ্যত নামঘৰৰ মণিকূট, মন্দিৰ, দেৱালয়, মছজিদ নতুবা গীৰ্জাত থকা অশৰীৰী শক্তিলৈ সভক্তিৰে প্ৰণিপাত জনাবলৈ শিকোৱা হয়, বিভিন্ন অৱতাৰ, ঐশ্বৰিক বিশ্বাসত ইপ্সিত ফলপ্ৰাপ্তি আৰু অবিশ্বাসত অবৰ্ণনীয় দুৰ্দশাৰ অলৌকিক কাহিনী শুনোৱা হয়, তেতিয়াই অংকুৰণৰ সেই প্ৰাক মুহূৰ্ততে আমাৰ তেজৰ সোঁতত যি বিশ্বাসৰ জন্ম হয়, সেই বিশ্বাস পাছৰ জীৱনত আহৰণ কৰা শিক্ষা, অভিজ্ঞতা আৰু প্ৰজ্ঞাইও মনৰপৰা সম্পূৰ্ণৰূপে উলিয়াই নিব নোৱাৰে৷ সেয়ে কাকতালীয় সংযোগত আমি দেৱত্ব আৰোপ কৰোঁ৷ বিজ্ঞানৰ ছাত্ৰ বা শিক্ষক হৈও আঙুলিত ধাতু কিম্বা ৰত্ন ধাৰণ কৰি গ্ৰহদোষ খণ্ডন কৰোঁ, জৰা-ফুকাৰেই ৰোগৰ নিৰাময়ৰ সন্ধান কৰি কৌটিকলীয়া বিশ্বাসৰ আশ্ৰয় লওঁ৷

অন্ধবিশ্বাসৰ লগত ধৰ্মৰ ওতপ্ৰোত সম্পৰ্ক আছে৷ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে এই সম্পৰ্কৰ কথা বৰ কম শব্দৰে ব্যক্ত কৰি গৈছে৷ তেখেতে কৈছিল – “ধৰ্ম সম্পৰ্কীয় কথাবোৰ ইমান স্পৰ্শকাতৰ আৰু যুগযুগ ধৰি মানুহৰ মনত এনেধৰণে সোমাই পৰিছে যে তাক যুক্তিৰে বা বৈজ্ঞানিক ব্যাখ্যাৰে আঁতৰ কৰাটো বা তাক নতুনকৈ গঢ় দিয়াটো বৰ টান কাম৷ এই ক্ষেত্ৰত মানুহক সহজে পতিয়ন নিয়াব নোৱাৰি৷ মই যদি নিৰ্দিষ্টভাৱে কওঁ যে কাইলৈৰ পৰা এইটো কাম আপোনালোকে নকৰিব, তেতিয়া এনেকুৱা এটা ৰৌজাল-বৌজাল হ’ব যে তাৰ মাজত মই এইখন সমাজত তিষ্ঠিবই নোৱাৰিম৷” (বিজ্ঞান, যুক্তিবাদ আৰু সমাজ –পৃষ্ঠা ৪)৷

এয়েই যদি হয়, আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস নাঁতৰিবই নেকি, সমাজত চলি থকা কুসংস্কাৰৰ পৰা মুক্তি লাভ সম্ভৱ নহয় নেকি? আঁতৰিব। কিন্তু এই প্ৰক্ৰিয়াৰ গতি বৰ মন্থৰ৷ মনৰ বিশ্বাস আৰু বাস্তৱ অভিজ্ঞতাৰ নিৰন্তৰ সংঘাত, বৈজ্ঞানিক চিন্তাধাৰাৰ বহুল প্ৰচাৰ আৰু আলোচনাই এই প্ৰক্ৰিয়াৰ গতি কিছু হ’লেও বঢ়াই দিব পাৰে৷ শইকীয়া ছাৰে কৈছিল – “মানুহৰ বিশ্বাস, মানুহৰ বুদ্ধিৰ ধৰণ, মানুহৰ ধৰ্মৰ চিন্তা, – এইবিলাকৰ ৰূপটো বৰ জটিল৷ যি নিস্বাৰ্থভাৱে এই ক্ষেত্ৰত কাম কৰিব পাৰে, যাক ধৰ্মৰ বিনিময়ত নিজৰ বুলিবলৈ ভোটৰ নিচিনা বস্তু নালাগে, তেনেকুৱা এচাম মানুহ আমাৰ মাজত আছে আৰু তেওঁলোকৰ চিন্তা আৰু আলোচনাৰ ফলত সমাজত থকা অবৈজ্ঞানিক, যুক্তিহীন বস্তুবিলাক লাহে লাহে আঁতৰি যাব পাৰে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *