অতিথি সম্পাদকৰ চ'ৰানিবন্ধপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

বিজ্ঞান আৰু অপবিজ্ঞানৰ সীমা নিৰ্ণয়ৰ সমস্যা – (পৰাগ দাহাল)

সহজ ভাষাত কোৱা হয় যে যিবোৰ অবৈজ্ঞানিক তত্ত্ব, বিশ্বাস, চৰ্চা বা অধ্যয়নে বিজ্ঞানৰ ভাষা আৰু কাৰ্য্যপদ্ধতি নকল কৰে আৰু আপাত দৃষ্টিত বিজ্ঞানৰ ৰূপত দেখা দিয়ে, সেইবোৰকে অপবিজ্ঞান বোলা হয়। জনপ্ৰিয় উদাহৰণ দুটামান হ’ল ফলিত জ্যোতিষ, ফেংচুই, বুদ্ধিদীপ্ত সজ্জা (ইন্টেলিজেন্ট ডিজাইন) তত্ত্ব, গোমূত্ৰ চিকিৎসা ইত্যাদি।

কোৱা বাহুল্য যে, এই সংজ্ঞাটো অতি বেছি বহল আৰু অস্পষ্ট। নিৰ্দিষ্টতা বিচাৰিবলৈ হ’লে আগেয়ে আমি বিজ্ঞানৰ সংজ্ঞা নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰিব লাগিব, তেতিয়া বৈসাদৃশ্যৰ আলমতে অবিজ্ঞান আৰু অপবিজ্ঞানো সংজ্ঞায়িত কৰিব পৰা যাব। কিন্তু এনেধৰণৰ বৰ্গীকৰণ বৰ সহজ নহয়, ইবোৰৰ সীমাৰেখাবোৰ সদায় বৰ স্পষ্ট নহয়। দেখা যায় যে এহাতে বিভিন্ন শাখা আৰু পৰ্য্যায়ৰ সৈতে বিজ্ঞান আৰু আনহাতে অপবিজ্ঞানকে ধৰি বিভিন্ন অবিজ্ঞান — এইধৰণৰ স্পষ্ট বৈপৰীত্যৰ সলনি বৰং এটা অবিচ্ছিন্ন বৰ্ণালীহে পোৱা যাব পাৰে, যাৰ এটা মূৰত সৰ্বজনস্বীকৃত বিজ্ঞান আৰু আনটোত নিশ্চিত অপবিজ্ঞান থাকিব। বৈজ্ঞানিক দৰ্শনৰ একাংশ পণ্ডিতে (যেনে লেৰী ল’ডান) তাকে দেখি এনে বৰ্গীকৰণৰ ধাৰণাকে অস্বীকাৰ কৰিব খোজে। কিন্তু বিজ্ঞান-অপবিজ্ঞান আদিৰ পানী নসৰকা প্ৰকোষ্ঠৰ আশা যিদৰে এটা চৰম অৱস্থান, ঠিক সেইদৰে বৰ্গীকৰণৰ ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰাটোও হৈছে সিটো মূৰৰ চৰম অৱস্থানহে। ক্ষেত্ৰবিশেষে অস্পষ্ট হ’লেও এনে বৰ্গীকৰণ সম্ভৱ। তাৰ বাবে প্ৰথমে বিজ্ঞানক সংজ্ঞাৰ বিষয়ে এটা আলোচনা কৰা যাওক।

বিজ্ঞানৰ সংজ্ঞা দিবলৈ যাওঁতে প্ৰথমেই আহি পৰা সমস্যাটো হ’ল, বিজ্ঞানৰ বিভিন্ন শাখাৰ বিষয়বস্তু, অধ্যয়নৰ পদ্ধতি আৰু দৃষ্টিভংগীৰ মাজত প্ৰচুৰ পাৰ্থক্য বিদ্যমান। তেনেহ’লে ‘বৈজ্ঞানিকতা’ৰ সাধাৰণ, উমৈহতীয়া চৰিত্ৰ কি?

আধুনিক যুগত বিজ্ঞানৰ চৰিত্ৰ আৰু বৈশিষ্ট্য সম্পৰ্কীয় আলোচনাৰ কথা ক’বলৈ হ’লে প্ৰথমেই ক’ব লাগিব পৰ্য্যবেক্ষণ-প্ৰকল্প-পৰীক্ষা সম্বলিত সৰ্বজনবিদিত ‘বৈজ্ঞানিক পদ্ধতি’ৰ কথা। ইয়াৰ দুটামান মাইলৰ খুটিৰ উল্লেখ কৰা হওক। মধ্যযুগৰ ইবন আল-হায়তাম আৰু ত্ৰয়োদশ শতিকাৰ ৰোজাৰ বেকনে বিজ্ঞানত ব্যৱহাৰিক পৰীক্ষাৰ সহায়ত বৈজ্ঞানিক প্ৰকল্পৰ সত্যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আধুনিক বিজ্ঞানৰ ঊষাকালত আন এজন (ফ্ৰাঞ্চিছ) বেকনে বৈজ্ঞানিক দৰ্শনত পৰৱৰ্তী সুদূৰপ্ৰসাৰী অৱদান আগবঢ়ায়। তেওঁৰ মতে বৈজ্ঞানিক সত্যত উপনীত হ’বৰ বাট হ’ল ঘাইকৈ আগমন-ভিত্তিক: বহু নিৰ্দিষ্ট পৰিঘটনাৰ অধ্যয়ন কৰি সিবোৰৰ উমৈহতীয়া চৰিত্ৰ চিনাক্ত কৰিলে একোটা সাধাৰণ, সাৰ্বজনীন সত্যত উপনীত হ’ব পৰা যায় (বহু পিছৰ কাললৈও, স্বয়ং আইজাক নিউটনেও সমধৰ্মী মত ব্যক্ত কৰিছিল)। এইদৰে নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ জ্ঞান-আহৰণৰ বাটটোৰ ওপৰত গুৰুত্ব আৰোপ হৈছে তেওঁৰ মতধাৰাৰ ঐতিহাসিক তাৎপৰ্য্য। আনহাতে স্বীকৃত সত্যৰ পৰা মানৱীয় চিন্তা আৰু যুক্তিৰ প্ৰয়োগেৰে জ্ঞান আহৰণ কৰিব পৰাৰ সম্ভাৱনাক বাদ দিয়াটো আছিল ইয়াৰ সীমাবদ্ধতা। তাৰ বিপৰীতে ৰেনে দেকাৰ্তৰ নিগমন-ভিত্তিক পদ্ধতিত উক্ত সম্ভাৱনাটোকে সৰ্বাধিক গুৰুত্ব দি আগমনৰ গুৰুত্বক লঘূ কৰা হৈছিল।

এই পূৰ্বসূৰী চিন্তাবিদসকলৰ মতবোৰৰ আলোকত উনৈশ শতিকা আৰু বিশ শতিকাৰ প্ৰথমাংশত বৈজ্ঞানিক পদ্ধতিৰ ধাৰণাই পৰিপক্কতা লাভ কৰে আৰু তদনুসাৰ বিজ্ঞানৰ সংজ্ঞা নিৰ্ধাৰণৰ প্ৰয়াসো চলি থাকে। ভিন ভিন পণ্ডিতে ইয়াৰ ভিত্তি হিচাপে অনুসন্ধিত জ্ঞানক্ষেত্ৰৰ চৰিত্ৰ, বক্তব্যৰ চৰিত্ৰ, গৱেষণা প্ৰকল্প আৰু তত্ত্বৰ চৰিত্ৰ, অনুসৃত যুক্তিপ্ৰণালীৰ চৰিত্ৰ, উত্থাপিত প্ৰশ্ন আৰু সংশ্লিষ্ট সমস্যা সমাধানৰ সামৰ্থ্য ইত্যাদি গ্ৰহণ কৰিছে। ইবোৰৰ ভিতৰত বৈজ্ঞানিক বক্তব্যৰ চৰিত্ৰক ভিত্তি হিচাপে লোৱা কাৰ্ল পপাৰৰ মতৰ যৌক্তিক গাঁথনি যথেষ্ট সবল আৰু বিশেষভাৱে উল্লেখযোগ্য।

পপাৰৰ মতানুসৰি কোনো প্ৰকল্প এটা বৈজ্ঞানিক প্ৰকল্প হোৱা-নোহোৱাৰ নিশ্চিত পৰখ হৈছে তাৰ মাজত তাক ভুল প্ৰমাণ কৰিবৰ থল থকা-নথকাটো। তদনুসাৰ এটা বৈজ্ঞানিক প্ৰকল্পই অধুনা অসম্পাদিত বা নতুনকৈ সম্পাদন কৰিবলৈ লোৱা কোনো পৰীক্ষাত কি পৰিণাম দিব সেয়া ভৱিষ্যৎবাণী কৰিব লাগে। যদি ভৱিষ্যতবাণী সফল হয় তেন্তে তত্ত্বটো সেইযাত্ৰালৈ বাচিল। যদি নিমিলে তেন্তে সেয়াই হ’ব তত্ত্বটো ভুল হোৱাৰ প্ৰমাণ। পপাৰীয় পদ্ধতি মতে বৈজ্ঞানিক উক্তি এটা ‘প্ৰমাণিত’ হৈ উঠিব নোৱাৰে, হ’লে নাকচহে হ’ব পাৰে।

পপাৰৰ পদ্ধতিৰ দুটা দিশ: নাকচকৰণৰ থল থকা-নথকা আৰু কোনো প্ৰচলিত বৈজ্ঞানিক পদ্ধতিৰ প্ৰকৃত নাকচকৰণ দুয়োটাৰে নিজস্ব দুৰ্বলতা আছে। আমি দুটামান দৃষ্টান্তৰ কথা থোৰতে কম। পপাৰৰ উদ্দেশ্য আছিল বিজ্ঞান আৰু অপবিজ্ঞানৰ মাজত স্পষ্ট বিভাজনৰ এটা মাপকাঠি বিচাৰি উলিওৱা আৰু তেওঁ নিজে দৃষ্টান্তৰূপে লোৱা এটা অপবিজ্ঞান আছিল জ্যোতিষবিদ্যা। অথচ দেখা যায় যে জ্যোতিষক অপবিজ্ঞান হিচাপে দেখুওৱাৰ বাবে পপাৰৰ মাপকাঠি যথেষ্ট নহয়। জ্যোতিষবিদ্যাৰ মতে জন্মৰাশিৰ ওপৰত মানুহৰ ভাগ্য নিৰ্ভৰ কৰে– ই এটা নাকচযোগ্য বক্তব্য। সচৰাচৰ জ্যোতিষীসকলে এইবোৰ খুব অস্পষ্ট ভাষাত ব্যক্ত কৰে, যাতে সুবিধামতে তাৰ যিকোনো ব্যাখ্যাই গ্ৰহণযোগ্য হয়; কিন্তু সেয়া জ্যোতিষবিদ্যাৰ অত্যাৱশ্যকীয় চৰিত্ৰ নহয়, জ্যোতিষীয়ে মন কৰিলে নিৰ্দিষ্টকৈও কথা ক’ব পাৰে আৰু কেতিয়াবা কয়ো। এনে নিৰ্দিষ্ট সিদ্ধান্তৰ পৰিসংখ্যা লৈ দেখা গৈছে যে সি শুদ্ধতাৰ ন্যূনতম প্ৰয়োজনীয় পৰিমাণ পূৰণত ব্যৰ্থ হৈছে। গতিকে পপাৰৰ মাপকাঠি অনুযায়ী জ্যোতিষবিদ্যা অপবিজ্ঞান নহ’ল, বৰং ব্যৰ্থ বিজ্ঞানহে (তথাপিও বিজ্ঞান) হ’ল!

ব্যাপক ক্ষেত্ৰ এখনত প্ৰযোজ্য বৈজ্ঞানিক তত্ত্ব এটাৰ পৰিসীমাৰ ভিতৰত থাকিয়েই, অৰ্থাৎ তাৰ মূল ভেটিটোক অক্ষত ৰাখিয়েই তত্ত্বটোত নতুন উপাদানৰ সংযোগ কৰাটো বাস্তৱ বিজ্ঞানচৰ্চাৰ পৰীক্ষিত অনুশীলনবোৰৰ ভিতৰত এটা। এই অনুশীলনত পপাৰৰ মাপকাঠি প্ৰয়োগ কৰিবলৈ হ’লে কোনভাগ তত্ত্বটোৰ মূল আৰু কোনটো ইয়াৰ গৌণ বা উপৰুৱা অংশ সেয়া চিনাক্ত কৰা আৰু তদনুসাৰে সুকীয়া সুকীয়া নাকচযোগ্য ভৱিষ্যতবাণী তৈয়াৰ কৰা দৰকাৰ। কিন্তু যিকোনো তত্ত্বৰ বিভিন্ন অংশ এনেদৰে পৰস্পৰ সংযুক্ত হয় যে এনে শ্ৰেণীবিভাজন বৰ সহজ নহয়, ফলত সি বিশ্লেষকৰ দক্ষতা বা পূৰ্বাগ্ৰহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব পাৰে। মাৰ্ক্সবাদ সম্পৰ্কত তেওঁৰ বক্তব্যত এয়া দেখা যায়। তেওঁৰ মতে মাৰ্ক্সবাদত নাকচকৰণৰ থল নাই, গতিকে সি অপবিজ্ঞান। অথচ মাৰ্ক্সবাদৰ মূল ভেটি — যেনে উৎপাদিকা শক্তি আৰু উৎপাদন সম্পৰ্কৰ দ্বন্দ্ব, ৰাষ্ট্ৰৰ শ্ৰেণী-চৰিত্ৰৰ অপৰিহাৰ্য্যতা ইত্যাদি — অৱশ্যেই নাকচযোগ্য, ইবোৰৰ ব্যতিক্ৰম থকাৰ অৱশ্যেই থল আছে, কিন্তু তেনে ব্যতিক্ৰম আৱিষ্কৃত হোৱা নাই। গতিকে পপাৰীয় বিশ্লেষণ মতে মাৰ্ক্সবাদক বিজ্ঞান (আৰু সফল) বুলিব লাগিছিল! আনহাতে অনাৱিষ্কৃত বা নৱাগত কাৰকৰ প্ৰভাৱৰ ফলত বৈজ্ঞানিক বক্তব্য এটাৰ গৌণ দিশ এটাৰ ব্যৰ্থতাক সমস্ত বক্তব্যটোৰ ব্যৰ্থতা বুলি ভুল কৰাৰ সম্ভাৱনা ৰৈ যায়। সমাজ বিজ্ঞানত এই কথাৰ গুৰুত্ব অধিক যদিও প্ৰাকৃতিক বিজ্ঞানতো ইয়াৰ দৃষ্টান্ত নথকা নহয়। ইউৰেনাচৰ আৱিষ্কাৰৰ পিছত দেখা গৈছিল যে নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ মতে ইয়াৰ যি গতিপথ হ’ব লাগে, প্ৰকৃততে কিন্তু সেয়া নহয়। এতিয়া পপাৰৰ মাপকাঠি মতে (যদিও তেতিয়া পপাৰৰ জন্ম হোৱা নাছিল) তাৰ অৰ্থ হ’ব পাৰে নিউটনৰ সূত্ৰ ভুল। বৈজ্ঞানিকসকলে সেই সিদ্ধান্ত নোলোৱাৰ ফলত এটা অগ্ৰগতি লাভ কৰা গ’ল: নেপচুনৰ আৱিষ্কাৰ হ’ল।

নতুনকৈ বিকাশমান বৈজ্ঞানিক অনুশীলনত পৰীক্ষামূলক সত্যাপন বা নাকচকৰণৰ সম্ভাৱনীয়তা তৎক্ষণাৎ পৰিষ্ফূট নহ’বও পাৰে। বিৱৰ্তনভিত্তিক মনস্তত্ব, বহুবিশ্বৰ ধাৰণা বা চুপাৰষ্ট্ৰিং তত্ত্বৰ বাবে এনে পৰীক্ষা অদূৰ ভৱিষ্যতত কি হ’ব? অথচ এইবোৰক অবৈজ্ঞানিক বুলি নস্যাৎ কৰি দিয়াটোও বৰ ভাল কথা নহ’ব।

জন দুপ্ৰেৰ মতে অন্তঃপাৰিবাৰিক সাদৃশ্য বা “নিকটাত্মীয় পুঞ্জ”ৰ ধাৰণাই হয়তো আমাক বৈজ্ঞানিক চৰ্চাৰ চিনাক্তকৰণত সহায় কৰিব পাৰে। কথাটো তেওঁ বুজাইছে ক্ৰীড়াৰ সৈতে তুলনাৰ সহায়ত। ক্ৰীড়া মানে কি আমি সকলোৱে বুজি পাওঁ, কিন্তু সংজ্ঞা বিচাৰিলে একে আষাৰে উত্তৰ দিয়া টান। প্ৰতিযোগিতা, কচৰৎ, মনোৰঞ্জন, আহ্লাদ, দক্ষতা, ভাগ্য … এনে বিভিন্ন উপাদানে ক্ৰীড়াক শিথিলভাৱে সংজ্ঞায়িত কৰে। এইবোৰ ক্ৰীড়াৰ আছুতীয়া উপাদান নহয়, প্ৰতিটো উপাদান প্ৰতিটো ক্ৰীড়াৰ বাবে অপৰিহাৰ্য্যও নহয়, কেৱল এটা বা দুটাই ক্ৰীড়াৰ বাবে যথেষ্টও নহয়। কিন্তু ইবোৰৰ সহায়ত ক্ৰীড়া পৰিয়ালৰ কিছু সদস্য চিনাক্ত হোৱাৰ পিছত পাৰিবাৰিক যোগসূত্ৰৰ জৰিয়তে অন্য সদস্যকো চিনাক্ত কৰিব পাৰি। যেনে ভলিবল এটা ক্ৰীড়া, একেধৰণৰে কোৰ্টত খেলা বেডমিন্টনো ক্ৰীড়া, একেধৰণৰে বল লৈ খেলা ফুটবলো ক্ৰীড়া। তাচপাতৰ ব্ৰীজ ক্ৰীড়া, পেচেঞ্জ গেমো ক্ৰীড়া– তাত কিন্তু প্ৰতিযোগীও নাথাকে, বিজয়ী পক্ষও নাথাকে।

প্ৰাণীজগতত প্ৰজাতিৰ চিনাক্তকৰণতো স্পষ্ট, ব্যতিক্ৰমহীন সংজ্ঞা দিয়া টান । দৈহিক গঠন, জীৱন প্ৰক্ৰিয়া, জিনীয় গঠন, মিলনৰ প্ৰৱণতা … প্ৰজাতিৰ ভিতৰতো বৈসাদৃশ্য থাকে, প্ৰজাতিৰ বাহিৰতো সাদৃশ্য থাকে, অৰ্থাৎ এটায়ো আছুতীয়াকৈ কোনো প্ৰজাতিক সংজ্ঞায়িত কৰিব নোৱাৰে, আকৌ এই উপাদানবোৰৰ সহায়তে প্ৰজাতিৰ চিনাক্তকৰণ হ’ব পাৰে।

বিজ্ঞান আৰু অপবিজ্ঞানৰ পাৰ্থক্য নিৰ্ধাৰণো এনে উপাদানৰ সমষ্টিৰ সহায়ত কৰিব পাৰি: গাণিতিক জোখ, পৰিশুদ্ধতা, পাৰিসাংখ্যিক বিশ্লেষণ, নিয়ন্ত্ৰিত ব্যৱহাৰিক পৰীক্ষা, পুনৰাবৃত্তিযোগ্যতা, আৰ্হি প্ৰস্তুতকৰণ, সহযোগিতামূলক অধ্যয়ন, ব্যৱহাৰিক/পৰীক্ষালব্ধ সাক্ষ্য, সমালোচনাত্মক যুক্তিবাদ আৰু জ্ঞানী/বিশেষজ্ঞ ব্যক্তিৰ বক্তব্যৰ ওপৰত প্ৰশ্ন উত্থাপন, সত্যাপন, ক্ৰম/সাদৃশ্যৰ চিনাক্তকৰণ আৰু সাধাৰণীকৰণ, বক্তব্যৰ স্পষ্টতা আৰু সৰলতা, প্ৰায়োগিকতা… এনে উপাদানৰ তালিকা হ’ব পাৰে।

এই পুঞ্জ-ভিত্তিক ধাৰণাৰ সহায়ত বিজ্ঞানক কেন্দ্ৰ হিচাপে লৈ মানৱীয় চিন্তাৰ কেতবোৰ দিশৰ বৰ্গীকৰণৰ প্ৰয়াস কৰা যাওক।

প্ৰথম বৰ্গত অন্তৰ্ভূক্ত কৰিব পাৰি বিজ্ঞানেতৰ বিষয়, বিশেষকৈ কলা, যেনে সংগীত বা চিত্ৰকলা আদিক, যিবোৰ অৱশ্যেই বিজ্ঞান নহয়, কিন্তু যিবোৰক বিজ্ঞানৰ বিৰোধী বোলাৰ সলনি পৰিপূৰক আৰু সহযোগী বুলিয়েই ভবা হয়।

দ্বিতীয়তে আহে অলৌকিকতা-কেন্দ্ৰিক বিশ্বাস, যেনে- ভূত প্ৰেত, ভগবান-চয়তান বিশ্বাস ইত্যাদি, যিবোৰক বিজ্ঞানৰ বিৰোধী বা সমান্তৰাল বা কেতিয়াবা বিজ্ঞানোৰ্ধ চিন্তা হিচাপে পৰিৱেশন কৰা হয়। স্বাভাৱিকতে সেইবোৰ বিজ্ঞান নহয়। আকৌ অপবিজ্ঞানো নহয়, অন্ততঃ যেতিয়ালৈ সিবোৰক বিজ্ঞানৰ পোছাকত পৰিৱেশন কৰা নহয়।

তৃতীয়তে আহে প্ৰাক-বিজ্ঞানৰ (প্ৰ’ট’ চাইঞ্চ) কথা। এই চৰ্চাবোৰৰ অৱস্থান ঘপকৈ নিৰ্ণয় কৰা টান। ইবোৰক যেনেকৈ বিজ্ঞান বুলিব নোৱাৰি, ঠিক তেনেকৈ একেবাৰে বিজ্ঞানৰ বিপৰীত মেৰুত ৰখাও টান, কাৰণ এনে চৰ্চাৰ গৰ্ভত প্ৰায়ে পৰৱৰ্তী কালৰ বিজ্ঞানৰ বীজ লুকাই থাকে। বৈজ্ঞানিক বিকাশ যিহেতু এটা নিৰন্তৰ প্ৰক্ৰিয়া, নতুন নতুন প্ৰাক-বৈজ্ঞানিক চৰ্চাৰ বিকাশো অসম্ভৱ নহয়। প্ৰাচীন বা মধ্যযুগীয় প্ৰাক-বিজ্ঞানৰ এটা উদাহৰণ হৈছে এলকেমি। ইয়াক বিজ্ঞান বুলি গণ্য কৰা নহয়, কিন্তু ইয়েই যে আধুনিক ৰসায়ন বিজ্ঞানৰ পূৰ্বসূৰী, সেয়া সকলোৱে জানে। বৰ্তমান ই যেনিবা অপ্ৰচলিত। ভাৰতীয় বাস্তুবিদ্যাৰ কথাটো আৰু জটিল। প্ৰাচীন ভাৰতীয় ভৱন আৰু মন্দিৰবোৰৰ সগৌৰৱ উপস্থিতিয়ে বাস্তুবিদ্যাৰ কাৰ্য্যকৰিতাৰ সাক্ষ্য দিয়ে; আনহাতে একে বাস্তুবিদ্যাৰ শাস্ত্ৰত লিখা আছে যে ত্ৰিভূজ আকৃতিৰ ঘৰ সাজিলে চৰকাৰী বিষয়াই হাৰাশাস্তি কৰাৰ আৰু সামান্তৰিক আকৃতিৰ ঘৰ সাজিলে গৃহকন্দল হোৱাৰ ভয় থাকে! প্ৰাক্ বিজ্ঞানৰ পৰা (বা তাৰ উপাদান সহিতে) আধুনিক বিজ্ঞানৰ শাখা একোটা গঢ়ি উঠাৰ পিছতো তাক অবিকল জীয়াই ৰাখিব বিচাৰিলে কিন্তু তাক অপবিজ্ঞানৰ ৰূপ দিয়াৰ বাহিৰে গত্যন্তৰ নাই। বাস্তুবিদ্যাৰ ক্ষেত্ৰত সেয়াই ঘটিছে। সাম্প্ৰতিক অনুশীলনৰ ভিতৰত বিৱৰ্তনভিত্তিক মনস্তত্ব আৰু তথ্য-সংস্কৃতি অধ্যয়নত memetics-ক বহুতে অপবিজ্ঞানৰ শাৰীত পেলাই থয় যদিও আমি ভাবোঁ যে দুয়োটাকে প্ৰাক-বিজ্ঞান হিচাপেহে বিচাৰ কৰা যুগুত।

চতুৰ্থ বৰ্গত অন্তৰ্ভূক্ত কৰিব পাৰি ভুল প্ৰমাণিত হোৱা বৈজ্ঞানিক ধাৰণা আৰু তত্ত্ববোৰক। উদাহৰণস্বৰূপে এসময়ত ভবা হৈছিল যে তাপ হৈছে এবিধ তৰল পদাৰ্থ, কোনো বস্তুত তাপ দিয়া মানে তৰলটো সোমোৱাই দিয়া, কোনো বস্তুৰ পৰা তাপ ওলাই যোৱা মানে তৰলটো ওলাই যোৱা। ইয়াৰ এটা নামো আছিল — কেল’ৰিক। এতিয়া আমি জানো যে ধাৰণাটো ভুল। একেদৰে জুই জ্বলাৰ পৰিঘটনা ব্যাখ্যা কৰিবলৈ ফ্ল’জিষ্টন বা মহাশূন্যত পোহৰ তৰংগৰ গতি ব্যাখ্যা কৰিবলৈ প্ৰকল্পিত ইথাৰৰ ধাৰণা ভুল প্ৰমাণ হৈছে। আনহে নালাগে, গেলিলিঅ’ আৰু নিউটনৰ দৰে ওখ খাপৰ বৈজ্ঞানিকসকলে গঢ়ি তোলা ধ্ৰুৱীয় বলবিজ্ঞানকো কুৰি শতিকাৰ পদাৰ্থবিজ্ঞানে নাকচ কৰি থৈছে। কিন্তু সেইবুলি এইবোৰক অপবিজ্ঞানৰ শাৰীত পেলাৱাৰ চিন্তাই হ’ব হাস্যকৰ।

পঞ্চমতে আমি ‘বেয়া বিজ্ঞান’ৰ কথা ক’ব পাৰোঁ। ইয়াৰ সৈতে অপবিজ্ঞানৰ পাৰ্থক্য যথেষ্ট সূক্ষ্ম, ধৰাটো কেতিয়াবা টান হৈ পৰে। এটা উদাহৰণ লওঁ: ধৰা হ’ল, বি-এচ্-চি পঢ়ি থকা ছাত্ৰ এজনে কলেজৰ লেবৰেটৰিত এটা ভৌতিক ৰাশি (ধৰক, লোহাৰ ইয়াং গুণাংক) জুখিবলৈ নিৰ্দিষ্ট পদ্ধতি মতেই পৰীক্ষা এটা কৰিলে আৰু পাবলগীয়া মানতকৈ দুগুণ হিচাপ কৰি উলিয়ালে। আমি কম তেওঁৰ অনুশীলনটো বিজ্ঞানেই আছিল, কিন্তু বেয়াকৈ অনুশীলিত বিজ্ঞান আছিল। হয়তো তেওঁৰ সঁজুলিবোৰ একেবাৰে অকামিলা আছিল, হয়তো তেওঁ পৰ্য্যবেক্ষণ কৰোঁতে ভালকৈ নকৰিলে বাবে স্কেলত ৫ ওলাই থাকোঁতে ৭ দেখিলে, হয়তো পৰীক্ষা এটাৰ বাবে যি নিয়ন্ত্ৰিত অৱস্থা তৈয়াৰ কৰিব লাগে তেওঁ সেয়া কৰিব নাজানিলে; কিন্তু ভুল উত্তৰ ওলোৱাৰ বাবে তেওঁৰ কামটোক অবিজ্ঞান বা অপবিজ্ঞান বুলিলে আকৌ এটা ভুল কৰা হ’ব। আন এটা উদাহৰণ দিয়া যাওক। ধৰা হ’ল অদ্যপি প্ৰতিকাৰ নথকা ৰোগ এটাৰ চিকিৎসাৰ বাবে এজন চিকিৎসাবিজ্ঞানীয়ে পৰীক্ষামূলকভাৱে, ৰোগটোৱে সৃষ্টি কৰা কিছু উমৈহতীয়া শৰীৰতাত্ত্বিক প্ৰক্ৰিয়া আৰু অন্য প্ৰাণীৰ ওপৰত সম্পাদিত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি, এটা দৰব ব্যৱহাৰ কৰিলে আৰু ফলত দুজনমান ৰোগী সুস্থও হৈ গ’ল। তাকে দেখি তৎক্ষণাৎ যদি কোৱা হয় যে ৰোগটোৰ দৰৱৰ আৱিষ্কাৰ হৈ গ’ল, তেন্তে সেয়া হ’ব বেয়া বিজ্ঞান। কোনো দৰবৰ সফল প্ৰয়োগৰ এটা ন্যূনতম সংখ্যা পাৰ নোহোৱালৈ সি পৰীক্ষাৰ স্তৰতে থাকিব, সেই স্তৰতে তাৰ আৱিষ্কাৰ চূড়ান্ত হোৱা বুলি কোৱাটো বেয়া বিজ্ঞান হ’ব। এনে হ’ব পাৰে যে ৰোগীকেইজন নিজৰ শাৰীৰিক প্ৰতিৰোধৰ ফলতেই সুস্থ হৈছিল, এনে হ’ব পাৰে যে কাকতালীয়ভাৱে সেই বিশেষ ৰোগীকেইজনৰ শৰীৰত অন্য কোনো সদৃশ গৌণ ৰোগ আছিল আৰু সেই দৰৱটোৱে সেই গৌণ ৰোগটোৰহে নিৰাময় কৰিছিল।

আমাৰ ষষ্ঠ বৰ্গ বিজ্ঞানৰ নামত প্ৰবঞ্চনা। ই কেতিয়াবা গোকাট মিছা হয়, সেয়া আইন শৃংখলাৰ সমস্যা। কেতিয়াবা ই বেয়া বিজ্ঞানৰে এটা প্ৰকাৰ হয়, যেতিয়া ইয়াৰ ত্ৰুটিবোৰ ইচ্ছাকৃত হয়। এটা উদাহৰণ লোৱা যাওক। ১৯৫০-ৰ দশকৰ এটা সমীক্ষাত দেখা গৈছিল যে হাওঁফাওঁৰ কেঞ্চাৰ ৰোগীৰ মাজত ধূমপায়ী যিমান, ধূমপান নকৰা মানুহো প্ৰায় সিমান। আকৌ সমস্ত ধূমপায়ীৰ ভিতৰত মাত্ৰ এক শতাংশৰহে হাওঁফাওঁৰ কেঞ্চাৰ হয়। গতিকে নিয়মমাফিক সিদ্ধান্ত হ’ল হাওঁফাওঁৰ কেঞ্চাৰৰ সৈতে ধূমপানৰ নিৰ্দিষ্ট কোনো সম্পৰ্ক নাই। ইয়াক অপবিজ্ঞান বোলা নাযায়, কাৰণ পৰিসংখ্যা বিজ্ঞানৰ সকলো স্বীকৃত ৰীতি অনুসৰণ কৰিয়েই এই সিদ্ধান্তত উপনীত হোৱা গৈছিল, নমুনাৰ আকাৰো সৰু নাছিল (প্ৰায় এক লাখ মানুহ)। এই তথ্যত প্ৰবঞ্চনাটো আছিল ধূমপায়ীৰ চিনাক্তকৰণত। সমীক্ষা চলোৱা সময়ত যিসকলে ধূমপান নকৰিছিল, তেওঁলোকক ধূমপায়ী নহয় বুলি ধৰা হৈছিল; আনহাতে পূৰ্বতে ধূমপান কৰা আৰু পিছলৈ বাদ দিয়া মানুহকো যেতিয়া ধূমপায়ীৰ সৈতে একেটা শ্ৰেণীত ৰাখি চোৱা হ’ল, তেতিয়া দেখা গ’ল যে হাওঁফাওঁৰ কেঞ্চাৰ ৰোগীৰ সিংহভাগ (প্ৰায় নব্বৈ শতাংশ) এই বৰ্ধিত অংশৰ অন্তৰ্ভূক্ত। এই সমীক্ষাটোৰ সিদ্ধান্ত আছিল বেয়া বিজ্ঞান, যাক প্ৰবঞ্চনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

এই বৰ্গসমূহৰ সৈতে বৈসাদৃশ্যই পৰৱৰ্তী দুটা বৰ্গ — আধুনিকতম, ‘ভাল’ বিজ্ঞান আৰু অপবিজ্ঞানক চিনাক্ত কৰাত সহায় কৰিব পাৰে। এই প্ৰসংগত এটা কথাৰ উল্লেখেৰে আমাৰ আলোচনা সামৰিম।

বিজ্ঞানত যুগান্তকাৰী বা যুগ-সূচনাকাৰী ধাৰণাবোৰে প্ৰথম অৱস্থাত উদ্ভট চিন্তা হিচাপেই দেখা দিয়ে, গতিকে সিবোৰক প্ৰায়ে অপবিজ্ঞান যেনেই লাগে। অপৰম্পৰাগত, কেতিয়াবা হঠকাৰী যেন লগা চিন্তা আৰু কামে নতুন আৱিষ্কাৰৰ বাট মোকলায়। এডৱাৰ্ড জেনাৰে সুস্থ মানুহৰ, তাকো শিশুৰ, গাত বেমাৰৰ বিজাণু সোমোৱাই দিছিল; বাকীখিনি ইতিহাস। সেয়ে অপৰম্পৰাগত চিন্তা আৰু অপবিজ্ঞানৰ মাজত পাৰ্থক্যৰ সীমাৰেখা সাৱধানভাৱে টনাটো বৈজ্ঞানিক বিকাশৰ স্বাৰ্থতে আৱশ্যক।

Leave a Reply

Your email address will not be published. Required fields are marked *