বিশ্বাস-অবিশ্বাস

বিজ্ঞান কি ?- (ড° পবন কুমাৰ চহৰীয়া)

আমি এনেকুৱা এক সমাজ আৰু এনেকুৱা এক সময়ত বাস কৰিছোঁ যি সময় আৰু সমাজ বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। তথাপিও আমি বিজ্ঞানক সমাজৰ আগত এনেকৈ উপস্থাপন কৰোঁ যে কোনোৱেই বিজ্ঞান কি ভালদৰে বুজিব নোৱাৰে। এইখিনি কথা বিখ্যাত বিজ্ঞান লেখক আৰু বিজ্ঞানী কাৰ্ল ছাগানে কৈছিল আজিৰপৰা আঢ়ৈ দশকমান আগতে তেওঁৰ মৃত্যুৰ দুবছৰ পূৰ্বে। প্ৰথমখিনিটো দিন যোৱাৰ লগে লগে ক্ৰমান্বয়ে বেছিকৈ সঁচা হৈ গৈ আছে, তাত অলপো সন্দহ নাই, কিন্তু পিছৰখিনি কথাও বোধকৰো আগৰদৰেই সঁচা হৈ আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আজিৰ মানুহ এনেভাৱে নিৰ্ভৰশীল হৈ পৰিছে যে আমি এক মুহূৰ্তও ইয়াৰ অবিহনে জীৱন যাপনৰ কথা ভাবিব নোৱাৰোঁ। বিজ্ঞান আৰু বিজ্ঞানপ্ৰদত্ত প্ৰযুক্তিৰ ওপৰত এৰাব নোৱৰাকৈ নিৰ্ভৰশীল হ’লেও কিন্তু বিজ্ঞাননো আচলতে কি, বিজ্ঞানে আমাক কি দিয়ে, বিজ্ঞানৰ পৰা আমি কি আৰু কিমান আশা কৰিব লাগে, এই সকলোবিলাক প্ৰশ্নৰ এক ধূসৰ উত্তৰহে আমাৰ মাজত আছে। আমি আচলতে বিজ্ঞানৰ পৰা যিমান আশা কৰিব লাগে তাতকৈ বহু বেছি আশা কৰা কাৰণেই হয়তো বিজ্ঞানক ভুলকৈ বুজিব লৈছোঁ নতুবা বহুতৰে কিছু পৰিমানে মোহভংগ হৈছে। সৰ্বসাধাৰণ মানুহৰ কথা বাদেই, অতি শিক্ষিত মানুহেও বিজ্ঞান, প্ৰযুক্তিৰ অৱদানক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি ল’লেও বিজ্ঞান কি সেই বিষয়ে হয়তো ভাল ধাৰণা নাই নতুবা স্বইচ্ছাই বিজ্ঞানক সৰ্বান্তকৰণে গ্ৰহণ নকৰে। বাৰ্নাৰ্ড শ্বই এবাৰ কৈছিল, “বিজ্ঞান সদায়েই ভুল, কাৰণ ই দহোটা নতুন সমস্যাৰ সৃষ্টি নকৰাকৈ এটা সমস্যাও সমাধান কৰিব নোৱাৰে।” একেবাৰে সঁচা কথা, কাৰণ এটা সমস্যাৰ সমাধানে আন সমস্যাৰ আৱিষ্কাৰ কৰে কাৰণেই বিজ্ঞান সদায় গতিশীল, বিজ্ঞান স্থৱিৰ নহয়। আগৰ সত্যক ভুল প্ৰতিপন্ন কৰি নতুন সত্যৰ সন্ধান, আকৌ সেই নতুন সত্যক ভুল বুলি দেখুৱাবলৈ কৰা প্ৰয়াসেই বিজ্ঞানক আগবঢ়াই লৈ যায় এক অজান দেশলৈ। এইদৰেই অজ্ঞতাৰ দেৱালত উজুটি আৰু হামখুৰি খাই খাই বিজ্ঞান আগবাঢ়ে, আগবাঢ়ে সভ্যতা। অতীতক খামোচ মাৰি ধৰি থকাৰ প্ৰৱণতা বিজ্ঞানত নাই। বহুতৰে ধাৰণা যে বিজ্ঞানে আমাক সত্যৰ যোগান ধৰে, বিজ্ঞানেহে সঁচা কথাটো কয়। এইটোও ভুল। বিজ্ঞানত পৰম সত্য বোলা কোনো বস্তু নাই, আজি যি সত্য বুলি সকলো বিজ্ঞানীয়ে গ্ৰহণ কৰিছে, কাইলৈ হয়তো সেয়া ভুল বুলি প্ৰমাণিত হ’ব, তাৰ সংশোধন কৰিব লাগিব। আইজাক এছিম’ভে এবাৰ কৈছিল, “বিজ্ঞান মাত্ৰ সত্য সন্ধানৰ এক নিৰ্ভৰযোগ্য পথ। প্ৰকৃতিৰ বিষয়ে আমাৰ জ্ঞান আৰু ধাৰণা উন্নত আৰু পৰিশোধন কৰাৰ ই এক প্ৰশস্ত পদ্ধতি।” কাৰ্ল ছাগানেও কৈছিল, “জ্ঞানৰ ভাণ্ডাৰ বুলি ভবাতকৈ বিজ্ঞানক চিন্তা কৰাৰ এক পদ্ধতি বা পথ বুলিহে গণ্য কৰিব লাগে।” আধুনিক নৃতত্ত্বৰ পিতৃপুৰুষ বুলি খ্যাত ক্ল’ড লেভি ষ্ট্ৰ’ছেও কৈছিল, “বিজ্ঞানী এনেকুৱা এজন ব্যক্তি নহয় যিয়ে কেৱল শুদ্ধ উত্তৰ দিয়ে, বিজ্ঞানী তেওঁহে যিজনে শুদ্ধ প্ৰশ্ন কৰিব পাৰে।” ন’বেল বিজয়ী বিখ্যাত পদাৰ্থবিদ, কিন্তু শিক্ষক হিচাপে অধিক বিখ্যাত ৰিছাৰ্ড ফাইনমেনেও কৈছিল, “মানৱ জাতিৰ জ্ঞানৰ সকলো ক্ষেত্ৰৰ ভিতৰত কেৱল বিজ্ঞানৰ ক্ষেত্ৰখনতেই এই শিক্ষা দিয়া হয় যে অগ্ৰজ পুৰুষৰ মহান শিক্ষক, গুৰুসকলে দিয়া বিদ্যাও ভুল হ’ব পাৰে, তেওঁলোকে দিয়া শিক্ষা অভ্ৰান্ত নহয়।” বিজ্ঞানে দিয়া এইটোৱেই কিজানি আটাইতকৈ ডাঙৰ শিক্ষা, বিজ্ঞানে আমাক প্ৰশ্ন কৰিবলৈ শিকায়, গুৰু-গোসাই সকলোকে প্ৰশ্ন কৰিবলৈ শিকায়, কোনো কথাকেই প্ৰশ্ন নকৰাকৈ গ্ৰহণ নকৰিবলৈ শিকায় আৰু অনিশ্চয়তাক জীৱন আৰু বিজ্ঞানৰ অপৰিহাৰ্য চৰ্ত বুলি গ্ৰহণ কৰিবলৈ শিকায়। বিখ্যাত গণিতজ্ঞ আৰু তাত্ত্বিক পদাৰ্থবিদ ফ্ৰীমে’ন ডাইছনেও কৈছিল যে বিজ্ঞানে আয়ত্ব কৰা সকলো জ্ঞানেই অনিশ্চিত, সন্দেহজনক। কিন্তু বিজ্ঞানৰ গৰিমা এইখিনিতেই যে আমি যিমান প্ৰমাণ কৰিব পাৰোঁ, তাতকৈ বেছি কল্পনা আৰু চিন্তা কৰিবলৈ শিকোঁ। আমি এইটো ভাবি ভুল কৰোঁ যে বিজ্ঞান এতিয়া উন্নতিৰ শিখৰত আৰোহন কৰিছে, বিজ্ঞানত এতিয়া আৰু আৱিষ্কাৰ হ’ব লগা নাই। সাধাৰণ মানুহৰ কথাতো বাদেই, ডাঙৰ ডাঙৰ মুধাফুটা বিজ্ঞানীয়েও তেনেকৈ ভাবিছিল আজিৰপৰা এশ বছৰৰো অধিক আগতে উন্নৈশ শতিকাৰ শেষৰ দশকত। কিন্তু কুৰি শতিকাৰ আৰম্ভণিতে সকলো ওলট-পালট কৰি দিলে কোৱাণ্টাম বিজ্ঞান আৰু আপেক্ষিকতা তত্ত্বৰ আগমনে। মৃত্যুৰ মাত্ৰ কেইবছৰমান আগতে ১৯৫১ চনত মহান বিজ্ঞানী আইনষ্টাইনে কি কৈছিল চাওক, “এক দীঘলীয়া জীৱনকালত মই শিকা এটা কথা হ’ল যে প্ৰকৃতিৰ বিশালতাৰ তুলনাত আমি আয়ত্ব কৰা বিজ্ঞানৰ জ্ঞান নিতান্তই আদিম আৰু শিশুসুলভ। কিন্তু তথাপিও এইটোৱেই মানুহৰ সৰ্বোত্তম মূল্যবান সম্পদ।” এই কথাটোৱেই আচলতে আমি হৃদয়ঙ্গম কৰা উচিত যে এই এখোজ দুখোজকৈ, হেজাৰজনে আগবঢ়োৱা কম-বেছি অৱদানেৰে যোৱা মাত্ৰ কেইটামান শতিকাত বিজ্ঞানে আমাৰ জ্ঞানৰ যি সৌধ সৃষ্টি কৰিছে সেয়া মানৱ জাতিৰ এক অমূল্য সম্পদ, হেজাৰ বছৰ পুৰণি ধৰ্মগ্ৰন্থৰ জ্ঞানতকৈ এই জ্ঞানৰ মূল্য বহু বেছি। এখোজ-দুখোজকৈ আগবাঢ়িলেও বিজ্ঞানৰ উত্তৰণত বিস্ময় আৰু খেয়ালী আৰু মুক্ত মনৰ এক বিশেষ ভূমিকা আছে। বিজ্ঞান কোনো বিধিসন্মত ন্যায়শাস্ত্ৰ নহয়, এটা মুক্ত আৰু খেয়ালী মনে মুক্তভাৱে কল্পনাৰ ৰাজ্যত বিচৰণ কৰিব পাৰিব লাগিব। বিজ্ঞানী প্ৰকৃতিৰ দান, এয়া এক জন্মগত প্ৰতিভা। কেৱল মাথো শিকাই মেলি বিজ্ঞানী সৃষ্টি কৰিব নোৱাৰি, কিন্তু যাৰ এই প্ৰতিভা আছে, শিক্ষা আৰু ট্ৰেইনিঙৰ দ্বাৰা এই প্ৰতিভা বিকশিত আৰু ত্বৰিত কৰিব পাৰি। বেলেগ এখন ক্ষেত্ৰত বিখ্যাত হ’বলৈ মানুহ এজনে বহু কথা, বহু তথ্য শিকিব লাগে আৰু এইবোৰ কচৰৎ কৰিয়েই তেওঁ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ে। বিজ্ঞানী এজনেও বহু ঘটনা, তথ্য, তত্ত্ব আয়ত্ত্ব কৰিব লাগে, কিন্তু বিজ্ঞানী এজনে তেওঁৰ এই জ্ঞান বা আহৰণ কৰা তথ্যৰে মোকাবিলা কৰিব লগা হয় অজ্ঞতা, অন্ধকাৰৰ সৈতে। বিজ্ঞানীয়ে কি জানে সেই লৈ তেওঁ মূৰ ঘমাই নাথাকে, তেওঁ সদায় ব্যস্ত হয় তেওঁ কি নাজানে তাৰ সৈতেহে। তেওঁক মাতি থাকে সদায় এখন জগতে যিখন জ্ঞাতব্য কিন্তু অজ্ঞেয় (knowable unknown)। কিন্তু সেইখন জগতৰ বিষয়ে যে জানিবই পাৰিব তেওঁ, তাত কি নিশ্চয়তা আছে? নিশ্চয়তা নিশ্চয়েই নাই। কিন্তু এই অনিশ্চয়তাৰ ওপৰত আস্থা, ৰহস্যৰ সন্ধানত পোৱা আনন্দ, সন্দেহ কৰিবলৈ অহৰ্নিশে শিকাটোৱেই বিজ্ঞানৰ সংজ্ঞা আৰু এই পথৰ যাত্ৰীজনেই প্ৰকৃত অৰ্থত বিজ্ঞানী। গতিকে বিজ্ঞানৰ সত্তাটোৰ ভিতৰৰ বস্তু হৈছে আন্ধাৰৰ মাজত খেপিয়াই ফুৰাৰ আনন্দ, ভুল হোৱাটোৰ মাজতো আনন্দ বিচাৰি পাই সুখী হোৱা, বিফলতাক স্বীকাৰ কৰি ল’ব পৰাৰ ক্ষমতা আহৰণ কৰা। বিজ্ঞানৰ এই কাৰ্যক এজন বিজ্ঞানীয়ে আন্ধাৰ ৰুমত ক’লা মেকুৰী এটা বিচৰাৰ লগত তুলনা কৰিছিল। এটা অন্ধকাৰ ৰুমত শুই থকা ক’লা মেকুৰী এটা বিচাৰি উলিওৱা কষ্টকৰ, কিন্তু সেইটো আৰু কষ্টকৰ হয় যদিহে তাত মেকুৰীটো নাথাকেই। উপমাটোৱে অতি সুন্দৰভাৱে বিজ্ঞানী এজনে কটোৱা জীৱনটোক প্ৰতিফলিত কৰিছে। এই অজ্ঞান জগত, এই আন্ধাৰৰ লগত পৰীক্ষা আৰু খেলা কৰাটোৱেই বিজ্ঞান। নিজৰ জ্ঞানৰ ভাণ্ডাৰ একাষৰীয়া কৰি থৈ বিজ্ঞানত নতুন আৱিষ্কাৰ বা সৃষ্টিৰ উৎসও তাতেই, অজ্ঞানতাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰা, বিস্মিত নয়নে নজনাক, নুবুজাক ৰ লাগি চাই থকা। আইনষ্টাইনে এবাৰ কৈছিল যে এই অবোধ্য অসীমৰ প্ৰতি, এই শ্বাসত অজ্ঞেয়ক জনাৰ প্ৰতি অনবৰতে মন ব্যাকুল হৈ নাথাকিলে জীয়াই থকাটোৱেই এক অৰ্থহীন কচৰতত পৰিণত হ’ব। কিন্তু কেৱল মাথো কল্পনা বা চিন্তা কৰিব পৰা শক্তিৰেই, কেৱল মাথো বিশুদ্ধ চিন্তাৰ সহায়ত এই তমসাৰ মাজৰ পৰা সত্য বিচাৰি উলিয়াব নোৱাৰি। এই কল্পনা বা চিন্তাপ্ৰসূত ধ্যানধাৰণাক পৰীক্ষা-নিৰীক্ষাই প্ৰমাণ কৰিব পাৰিব লাগিব, পৰীক্ষা-নিৰীক্ষাই তাক ভুল বুলিও কোৱাৰ বাট থাকিব লাগিব। এই বাটকেই দেখুৱাই দিছে আধুনিক বিজ্ঞানে। এইখিনিতেই পাৰ্থক্য প্ৰকৃতি সম্বন্ধে প্ৰাচীন দৰ্শন, ধৰ্মপুথি, শাস্ত্ৰই দিয়া জ্ঞান আৰু বিজ্ঞানে দিয়া জ্ঞানৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *