অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

বিজ্ঞানমনস্কতাৰ আদিপাঠ -সুশান্ত কৃষ্ণ শৰ্মা

আজিৰ পৰা কুৰিবছৰৰ আগতে অসমীয়া ভাষাত প্ৰকাশিত এখনি গ্ৰন্থৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে।গ্ৰন্থখন হৈছে-জনপ্ৰিয় বিজ্ঞান লেখক,অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ বাটকটীয়া ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা’। সময়ৰ লেখেৰে কুৰিবছৰ পাৰ হ’লেও(প্ৰথম প্ৰকাশ ১৯৯৯চন)গ্ৰন্থখনৰ গুৰুত্ব আজিৰ তাৰিখতো অপৰিসীম।বিজ্ঞানমনস্কতাৰ বাটত প্ৰথমটো খোজ দিবলৈ প্ৰয়াস কৰা প্ৰতিজনৰে বাবে উক্ত গ্ৰন্থখন হাতপুথিৰ দৰে হ’ব পাৰে।লেখকে সহজ-সৰল ভাষাত বিজ্ঞানমনস্ক চিন্তা-চৰ্চাৰ কথাবোৰ প্ৰবন্ধসমূহৰ মাজেদি পাঠকৰ সন্মুখত তুলি ধৰিছে।অসমীয়া ভাষাত বিজ্ঞানভিত্তিক,
বিজ্ঞানমনস্কতা বিষয়ক লিখা-মেলা নিচেই কম।তাৰ মাজতে ডঃ গোস্বামীৰ এই সৰু গ্ৰন্থখনৰ গুৰুত্ব অপৰিসীম।
লেখকে ‘আগকথা’ত উল্লেখ কৰামতে গ্ৰন্থখনৰ অন্তৰ্ভুক্ত এলানি প্ৰবন্ধ আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰ যোগে প্ৰচাৰিত হৈছিল আৰু আন কেইটামান প্ৰবন্ধ বিভিন্ন আলোচনী-স্মৃতিগ্ৰন্থত প্ৰকাশিত হৈছিল।কিন্তু বৈজ্ঞানিক মানসিকতা আৰু তাৰ প্ৰাসংগিক বিষয়ক প্ৰবন্ধৰ একত্ৰ সংকলন হিচাপে ‘বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা’ গ্ৰন্থখন যুক্তিবাদৰ প্ৰতি আগ্ৰহী প্ৰতিজন পাঠকৰ অৱশ্য পঠনীয় গ্ৰন্থ।
গ্ৰন্থখনিৰ আৰম্ভণিতে ‘বৈজ্ঞানিক মন,বৈজ্ঞানিক চিন্তা কিয় লাগে?’শীৰ্ষক প্ৰবন্ধত বিজ্ঞানী বা বিজ্ঞানৰ ছাত্ৰৰ বৈজ্ঞানিক মন আৰু অবিজ্ঞানী,সাধাৰণ হোজা-চহা মানুহৰ বৈজ্ঞানিক চিন্তা-চৰ্চা থকা-নথকাৰ বিষয়ে লেখকে সুন্দৰ ব্যাখ্যা আগবঢ়াইছে।লেখকৰ মতে আমি যিকোনো কথাতে পতিয়ন নগৈ যদি চালি-জাৰি চাবপৰাকৈ যুক্তিবাদী মন এটা আছে-তেনেহ’লে আমাৰ এটি বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তাধাৰা আছে।লেখকে কৈছে কেৱল বিজ্ঞানৰ পৰীক্ষাগাৰতেই নহয়,আমি দৈনন্দিন জীৱনৰ নানান দিশতো পৰ্যবেক্ষণ, বিশ্লেষণ আদিৰ মাজেদি এটি সুচিন্তিত সিদ্ধান্তত উপনীত হ’ব পাৰোঁ।
বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠিবলৈ উচ্চ ডিগ্ৰীৰ যে প্ৰয়োজন নাই, এজন হোজা-চহাৰ মনতো বৈজ্ঞানিক চিন্তাৰ উন্মেষ হ’ব পাৰে সেইবিষয়ে গ্ৰন্থখনিৰ আন এটি প্ৰবন্ধত লেখকে ব্যাখ্যা কৰিছে।লেখকৰ মতে বিজ্ঞানী-অবিজ্ঞানী, শিক্ষিত-অশিক্ষিত সকলোৰে মাজতে এচাম আছে যিয়ে কাৰ্যৰ কাৰণ সম্পৰ্কে প্ৰশ্ন নোতোলে।সেয়ে গণেশৰ মূৰ্তিয়ে গাখীৰ খোৱা বিষয়ক লৈ পৃষ্টটানৰ কথা নেভাবি হুৰমূৰকৈ বেছিভাগেই গাখীৰ খোৱাবলৈ আগুৱাই যায়।
সুলেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ভাষা তেনেই সৰল,মনোগ্ৰাহী আৰু কথোপকথনৰ ধৰণৰ।’বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক আন এটি প্ৰবন্ধত লেখকে দৈনন্দিন জীৱনৰ উদাহৰণেৰে যেনে জুই কেনেকৈ জ্বলে,আকাশত চৰাই কেনেকৈ উৰে ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচাৰি বিজ্ঞানী এজনে কৌতুহলেৰে আগুৱাই গৈ আমাক আন বহুতো প্ৰশ্নৰ উত্তৰৰ সন্ধান আগবঢ়াব পাৰে বুলি কৈছে।প্ৰবন্ধটিত লেখকে কৈছে যে ঠিক সেইদৰে আমিও মন মুক্ত কৰি দৈনন্দিন বহুতো কথাৰ যুক্তিযুক্ততা এবাৰ বিচাৰ কৰি বিজ্ঞানমনস্কতাৰ পৰিচয় দিব পাৰোঁ।
লেখক ডঃ গোস্বামীয়ে গ্ৰন্থখনৰ ‘আগকথা’ত উল্লেখ কৰিছেই যে গ্ৰন্থখনত তেখেতে দিব খোজা যুক্তি আৰু সিদ্ধান্তবোৰ পাঠকে একমুখে মানি লোৱাতকৈ নিজাকৈ চালি-জাৰি চাই সিদ্ধান্তত উপনীত হ’লেহে তেখেতৰ এই প্ৰবন্ধসমূহৰ শ্ৰম সাৰ্থক হ’ব।সেয়ে সচেতন লেখকজনে গ্ৰন্থখন পঢ়ি থাকোতে পাঠকৰ মনত উদ্ভৱ হ’ব পৰা প্ৰশ্নবোৰৰো পিছলৈ প্ৰবন্ধ হিচাপে তাতে ব্যাখ্যা কৰি সন্নিবিষ্ট কৰিছে আৰু পাঠকৰ চিন্তাৰ দুৱাৰ-খিৰিকী খুলি দিছে।’বৈজ্ঞানিক দৃষ্টিভংগীৰ বাবে বিজ্ঞানৰ ডিগ্ৰী লাগিবইনে?’ ‘বিজ্ঞানৰ সত্যই চৰম সত্য নে?’ ইত্যাদি শীৰ্ষক প্ৰবন্ধত লেখকে সাৱলীলভাবে নিজৰ বক্তব্য তুলি ধৰি পাঠকৰ চিন্তাজগতত আলোড়ন তুলিবলৈ সক্ষম হৈছে।
বিজ্ঞানমনস্কতাৰ কেতবোৰ প্ৰাসংগিক বিষয়ো লেখকে গ্ৰন্থখনত ব্যাখ্যা কৰিছে।পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা,বিশ্বাস-অন্ধবিশ্বাসত বৈজ্ঞানিক দৃষ্টিকোণ,জ্যোতিষৰ বৈজ্ঞানিক ভিত্তি, বিজ্ঞান সমিতিৰ শাখাৰ কৰণীয় কামকাজ,বিজ্ঞান শিক্ষকৰ ভুমিকা ইত্যাদি প্ৰসঙ্গক্ৰমে গ্ৰন্থখনত লেখকে আলোচনা কৰিছে।
গ্ৰন্থখনৰ আন এটি গুৰুত্বপূৰ্ণ প্ৰবন্ধ হৈছে-‘বিজ্ঞানাগাৰ নোহোৱাকৈ বিজ্ঞানৰ শিক্ষা’ বিজ্ঞানাগাৰৰ অবৰ্তমানতো বিজ্ঞানৰ ধাৰণা বিশেষকৈ শিক্ষাৰ্থীক কেনেকৈ দিব পাৰি আৰু দিয়াটো যতদূৰ সম্ভৱ দৰকাৰী সেয়া উক্ত প্ৰবন্ধটিত লেখকে খুব সৰলকৈ আলোচনা কৰিছে।
যশশ্বী বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা’ নামৰ গ্ৰন্থখন এককথাত ক’বলৈ গ’লে অসমীয়া ভাষাত ৰচিত বিজ্ঞানমনস্কতা বিষয়ৰ আদিপাঠস্বৰূপ।বিজ্ঞানমনস্কতাৰ প্ৰতি আগ্ৰহী পাঠকে সহজ-সৰল ভাষাত ৰচিত এই গ্ৰন্থখনিৰ পঢ়ি উপকৃত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *