বিজ্ঞানমনস্কতাৰ তাৎপৰ্য -(দেৱকান্ত সন্দিকৈ)
বিজ্ঞানমানসিকতা – এটা বিশেষ ধৰনৰ সত্যসন্ধানী মন ৷ বিজ্ঞানৰ তত্ত্ব, সুত্ৰ বা বিজ্ঞান-উৎপাদিত যন্ত্ৰপাতি, মেছিন, কম্পিউটাৰ আদিৰ লগত বিজ্ঞানমানসিকতাৰ কোনো সম্পৰ্ক নাই ৷ এজন বিজ্ঞানী বা বিজ্ঞান শিক্ষকৰো বিজ্ঞানমানসিকতা নাথাকিব পাৰে। বিপৰীতে এজন নিৰক্ষৰ ব্যক্তিও যুক্তি আৰু বিজ্ঞানমনস্কতাৰ অধিকাৰী হ’ব পাৰে ৷ বিজ্ঞানমনস্ক ব্যক্তিজনে অবাস্তৱ কাল্পনিক কথাত গুৰুত্ব নিদিয়ে ৷ কাল্পনিক কথাবতৰাবোৰ সমাজ পৰিচালনাৰ অপৰিহাৰ্য নীতিত পৰিনত হোৱাটো সমাজৰ পক্ষেই ক্ষতিকৰ বুলি তেওঁ দৃঢ়মত পোষণ কৰে, যদিও তেওঁ নিজে এজন অনুভূতিপ্ৰবণ ব্যক্তি হিচাপে কল্পনা কৰিবলৈ ভাল পাবও পাৰে ৷ কাব্য, সাহিত্য বা অন্য শিল্পকলা সৃষ্টিৰ কেঁচামাল হিচাপে কল্পনা অপৰিহাৰ্য, কিন্তু জীৱনজগতৰ পৰিচালকৰ ৰূপত এক অদৃশ্য শক্তিৰ কল্পনা আৰু সেই শক্তিক সন্তুষ্ট কৰাৰ কিছুমান ব্যৱসায়িক প্ৰয়াসক বিজ্ঞানমনস্কজনে কেতিয়াও মানি ল’ব নোৱাৰে ৷
বিষয় হিচাপে বিজ্ঞান পঢ়া বা শিকোৱা ব্যক্তিজন যদি বিজ্ঞানমনস্ক নহয়, তেওঁ তেতিয়া বিজ্ঞানপ্ৰযুক্তিয়ে সৃষ্টি কৰা যন্ত্ৰপাতিবোৰ কিনি পূজাসেৱা কৰিহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ ডাক্তৰ, ইঞ্জিনীয়াৰ বা কলেজ বিশ্ববিদ্যালয়ৰ অধ্যাপক আদি উচ্চশিক্ষিত ব্যক্তিসকলেও নতুন বাইক বা গাড়ী কিনি প্ৰথমে ধৰ্মস্থানলৈ নি পূজাৰীৰ আশীৰ্বাদ লৈহে চলাবলৈ আৰম্ভ কৰে ! বা ধৰ্মস্থানলৈ নোযোৱাজনে ঘৰতে বাহনখন পূজা কৰি মালা পিন্ধায়, সেন্দূৰৰ ফোঁট দিয়ে ! তেওঁলোকৰ মাজৰ বহুতে বিষয় হিচাপে বিজ্ঞান পঢ়ি বিজ্ঞানৰ উচ্চ ডিগ্ৰী লয়, কিন্তু বিজ্ঞানমনস্কতাৰ অধিকাৰী হ’ব নোৱাৰে ৷ এনে অন্ধবিশ্বাসী মানুহেই “বিজ্ঞান শিক্ষকৰ নৰবলি” জাতীয় খবৰ সৃষ্টি কৰি বিজ্ঞানক অপমান কৰাৰ লগতে আমাৰ শিক্ষাব্যৱস্থাটোৰে মান-সন্মান ধূলিসাৎ কৰে ৷ যিমানে ভবা হৈছে শিক্ষাই মানুহক যুক্তিবাদী কৰি তুলি, সকলো প্ৰকাৰৰ অন্ধবিশ্বাস কুসংস্কাৰৰপৰা মানৱসমাজক মুক্ত কৰি সকলোকে বিজ্ঞানমনস্কতাৰ অধিকাৰী কৰি তুলিব, সিমানেই বেছি আজি ভাৰ মানুহ অযুক্তিকৰ কথাকাণ্ডৰ প্ৰতি আকৰ্ষিত হৈছে ; বিজ্ঞান বাদেই, সাধাৰণ জ্ঞানেৰে বুজিব পৰা সত্যকো নেওচি ধৰ্মীয় অন্ধবিশ্বাস কুসংস্কাৰৰ প্ৰতিহে বেছি আগ্ৰহী হৈ উঠিছে ৷ এনেকৈ ভাবিবলৈও আমাৰ মন গৈছে, পাঁচ শ বছৰৰ আগতে মহাপুৰুষ শংকৰদেৱে অসমত ধৰ্মৰ যেনেকুৱা এক ব্যভিচাৰী ৰূপ দেখি সমাজখন সংস্কাৰ কৰিবলৈ আগবাঢ়ি আহিছিল, আজিও এই মুহুৰ্তত আমি যেন ঠিক তেনেকুৱা ব্যভিচাৰী অৱস্থা এটাতে উপনীত হৈছোঁ ৷ অসমত আজি দ্বিতীয় এজন শংকৰদেৱৰ জন্ম হ’বনে যিজনে নিজৰ অনবদ্য আৰু অতুলনীয় মহৎ সৃষ্টিৰে অসমীয়া মানুহৰ মাজত বিজ্ঞানমানসিকতা জগাবলৈ সক্ষম হ’ব ?
বিজ্ঞানমানসিকতা গঢ়িবলৈ বিজ্ঞান পঢ়িব নালাগে ৷ যুক্তিবাদ পঢ়িবলৈ বিদ্যালয়ত যুক্তিৰ পাঠ্যক্ৰম নাই ! বিজ্ঞানমানসিকতা গঢ়িব লাগিব বা যুক্তিবাদী হ’ব লাগিব জীৱনজগতৰ ঘটনা পৰিঘটনাবোৰ অতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি, আগৰেপৰা প্ৰচলিত, সকলোৱে বিনা প্ৰশ্নে সঁচা বুলি মানি চলা কথাবোৰত প্ৰশ্ন উত্থাপন কৰি ৷ প্ৰশ্ন আৰু সন্দেহ বিজ্ঞানমানসিকতা গঢ়াৰ প্ৰাথমিক চৰ্ত ৷ যেয়ে যি কয় বা ধৰ্মগ্ৰন্থত যি আছে তাকেই মানি চলি বিজ্ঞানমনস্ক হ’বব নোৱাৰি ৷ বহুত কথা আমি নাজানিলেও বা জানিব নোৱাৰিলেও, সেই নজনা কথাবোৰত কোনো কাল্পনিক শক্তি বা নেদেখাজনৰ প্ৰভাৱ নাথাকে ৷ জীৱনজগতৰ সকলো ঘটনাতে প্ৰাকৃতিক বিধিৰ অধীনৰ বিশ্লেষণীয় কাৰণ থাকে ৷ বিশ্লেষণ কৰিব নোৱাৰাটো মানুহৰ বোধশক্তি তথা মগজুৰ সীমাবদ্ধতা ৷
দেশৰ আজিৰ শাসকে জনসাধাৰণক বিজ্ঞানমনস্ক হোৱাটো নিবিচাৰে ৷ আমাৰ দৰিদ্ৰতা, আমাৰ সকলো দুখ দুৰ্দশাৰ মূলতে যে শাসকৰ অপশাসন তথা সীমাহীন দুৰ্নীতি সেই প্ৰকৃত কথাটো নুবুজি আমি বুজিব লাগিব এইবোৰৰ মূলতে আমাৰ ভাগ্য ! ঈশ্বৰৰ কোপদৃষ্টি ! ঈশ্বৰৰ কোপদৃষ্টিৰ পৰি ৰক্ষা পৰি নিজৰ ভাগ্য বদলাবলৈ আমাক শিকোৱা হৈছে নানা ৰূপৰ ধৰ্ম আচৰণ ! বানপানীৰ পৰা বাচিবলৈ নদী পূজা ! দুখ দুৰ্দশাৰ পৰা বাচিবলৈ মহাযজ্ঞ ! বিশ্বশান্তিৰ বাবে অখণ্ড ধৰ্মগ্ৰন্থ পাঠ ? সাংসাৰিক সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ জ্যোতিষীৰ প্ৰতিবিধান ! এইবোৰৰ মাজত জনসাধাৰণৰ মগজুত যুক্তি বা ’বিজ্ঞানমানসিকতা’ প্ৰবেশৰ সুৰুঙা ক’ত ?
তথাপিও জানো আমি নিৰাশ হ’লে চলিব ? সাম্প্ৰতিক শাসন কালছোৱাই উৎসাহ যোগোৱা এনেহেন ধৰ্মময় অন্ধবিশ্বাসময় সামাজিক পৰিবেশতো যুক্তিয়ে নিজৰ কৰ্তব্য স্থিৰ কৰি ল’ব পাৰিব লাগিব ৷ কথাবোৰ আজিৰ মানুহে নুবুজিলেও কাইলৈৰ মানুহে বুজিব ৷ ভৱিষ্যৎ মানে আমি নিজৰ জীৱনৰ বাকী থকা কালছোৱা বুলি বুজিলেই নহ’ব ৷ আমি সততে মনত ৰাখিব লাগিব যে যুক্তি আৰু বিজ্ঞানমনসকতাই হ’ল সভ্যতাৰ শেষ ঢাপৰ বৈশিষ্ট্য ৷