নিবন্ধবিশ্বাস-অবিশ্বাস

বিজ্ঞানে আগলৈ চায়, ধৰ্মই পিছলৈ চায়- (ভাৰ্গৱ বৰঠাকুৰ)

আধুনিক পদাৰ্থবিজ্ঞানৰ ভেটি প্ৰতিষ্ঠা কৰা সকলৰ ভিতৰত অন্যতম হ’ল গেলিলিও গেলিলি৷ গেলিলিওৰ দিনতে জাৰ্মানিত য়োহানেচ কেপলাৰে তাত্বিক বিজ্ঞানী হিচাপে গেলিলিওতকৈ মেধা দেখুৱাইছিল, কিন্তু গ্ৰীক মনীষীসকলৰ দৰে এইসকল লোকেও বিজ্ঞান-চৰ্চাৰ কোনো নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰা নাছিল৷ প্ৰচলিত তত্ত্ব সমূহৰ সত্যতা বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰাৰ আৱশ্যকতা তেওঁলোকে বুজি উঠা নাছিল৷ সেই সময়ৰ চিন্তা চৰ্চা সমূহ আছিল মূলত: দৰ্শন মূলক৷ কিন্তু গেলিলিও এইক্ষেত্ৰত আগ-ভাগ লৈ দেখুৱালে যে প্ৰকৃতি সম্পৰ্কে সত্যৰ সম্ভেদ পাব খুজিলে বিজ্ঞানত তত্ব আৰু পৰীক্ষাৰ দুয়োটাৰে আৱশ্যক৷ পদাৰ্থবিজ্ঞানত গেলিলিওৰ অৱদানসমূহৰ ভিতৰত অন্যতম হ’ল গতিৰ ওপৰত তেওঁ কৰা গৱেষণাবিলাক৷ গতিৰ সমস্যাটো আছিল পুৰণি পদাৰ্থবিজ্ঞানৰ আটাইতকৈ ডাঙৰ সমস্যা৷ পুৰণি গ্ৰীক পণ্ডিতসকলৰ ভিতৰত এৰিষ্ট’টলেও সেই গতিৰ বিষয়ে দৰ্শনমূলক তত্ত্ব আগবঢ়াইছিল৷ এৰিষ্ট’টলৰ গতি সম্পৰ্কীয় ধাৰণা নিৰ্ভুল নাছিল, যদিও প্ৰায় দুহেজাৰ বছৰ ধৰি এই মতবাদ বিলাকেই বিজ্ঞান সমাজত প্ৰচলিত হৈ আছিল৷ কিন্তু এৰিষ্ট’টলৰ দৰে সেইসময়ৰ বিখ্যাত পণ্ডিতৰ উক্তিকলৈও গেলিলিও আশ্বস্ত হ’ব পৰা নাছিল৷ তত্ত্বসমূহৰ ওপৰত সন্দেহ ওপজাত গেলিলিওৱে নিজেই এলানি দীঘলীয়া পৰীক্ষা কৰিছিল৷ তাৰ পৰাই তেওঁ গতিৰ এটা শুদ্ধসংজ্ঞাৰ লগতে ‘ত্বৰণ’ (acceleration) নামৰ এটা আধুনিক ধাৰণাৰ জন্ম দিলে৷ আৰু এইদৰে বৈজ্ঞানিক পৰীক্ষাৰে এৰিষ্টলৰ গতি সম্পৰ্কীয় ধাৰণাক ভুল প্ৰমাণিত কৰিছিল৷ তাৰ পাছৰ সময়ছোৱাত নিউটনে গলিলিওৰ গৱেষণাৰ তত্ববোৰক ফটফটীয়াকৈ পোহৰলৈ আনিছিল কেইটামান গাণিতিক সূত্ৰৰ সহায়ত৷ এইদৰে নিউটনৰ আগমনে পদাৰ্থবিজ্ঞানৰ জগতখনৰ পূৰ্বৰ বহু সমস্যাৰ সমাধান হৈছিল, বিজ্ঞানে নতুন গতি পাইছিল৷ আৰম্ভ হৈছিল ‘ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ (classical physics) এটা যুগ৷ কিন্তু পূৰ্বৰ সকলো সমস্যাৰ সমাধান নিউটনৰ তত্ত্বই দিব পৰা নাছিল, প্ৰকৃতিৰ সকলো সমস্যাৰ ক্ষেত্ৰতে ই প্ৰযোজ্য নাছিল অৰ্থাৎ সেইয়া আছিল এক সেইসময়ৰ বিজ্ঞানৰ সীমাবদ্ধতা৷ যাক পাছৰ বিজ্ঞানীসকলে ধৰা পেলাইছিল, তাৰ ভিতৰত অন্যতম আছিল এলবাৰ্ট আইনষ্টাইন৷ আইনষ্টাইনে নিউটনৰ আসোঁৱাহপূৰ্ণ ত্ৰিপ্ৰস্থীয় ধাৰণাক ভুল প্ৰমাণিত কৰি মহাকাশ আৰু সময়ক সন্মিলত কৰি ‘চতুৰ্থপ্ৰস্থীয়’ (fourth dimensional) ধাৰণাক জন্ম দিছিল৷ যিহেতু বিজ্ঞানত বৈজ্ঞানিক ধাৰণাৰ সলনিৰ লগে লগে গাণিতিক সূত্ৰবোৰো সলনি হয়, গতিকে আপেক্ষিকতাবাদৰ ধাৰণাৰ লগতে সৃষ্টি হ’ল এক নতুন গাণিতিক সমীকৰণ৷ গতিকে দেখা গ’ল গেলিলিওৰ পৰা আইনষ্টাইনৰ বৈজ্ঞানিক ধাৰণালৈ যি এক দীঘলীয়া বৈজ্ঞানিক পৰিক্ৰমা তাৰ মূলতে আছিল সীমাবদ্ধতা৷ ঠিক সেই পুৰণি বাষ্প ইঞ্জিনৰ পৰা বৰ্তমানৰ SUVৰ ইঞ্জিনটোলৈ বা সেই গ্ৰাহাম বেলৰ টেলিগ্ৰাফটোৰ পৰা বৰ্তমানৰ স্মাৰ্ট ফ’নটোলৈ বিজ্ঞানৰ যি অৱদান সেই সৃষ্টিৰ প্ৰতিটো যুগতে আছিল সীমাৱদ্ধতা৷ গতিকে সীমাৱদ্ধতাও বিজ্ঞানৰ এক অনন্য সৌন্দৰ্য যি নতুন চিন্তাৰ বাবে উদগনি যোগায়। নতুন ভৱিষ্যতৰ সৃষ্টি কৰে। কোনো গ্লানিবোধ অনুভৱ নকৰাকৈয়ে বিজ্ঞানীয়ে বিজ্ঞানৰ সীমাবদ্ধতাৰ কথা ক’ব পাৰে, কিন্তু সীমাবদ্ধতা আছে বুলিয়েই বিজ্ঞানীসকলৰ অনুসন্ধিৎসু মনটো শান্ত থকা নাই, প্ৰতিটো সময়তে নতুন নতুন গৱেষণা হৈ আছে একেদৰে পুৰণিক চেৰ পেলাই নতুন নতুন চমৎকাৰী বৈজ্ঞানিক অৱদানৰ সৃষ্টি হৈ আহিছে৷ চন্দ্ৰৰ মানৱ অভিযানতে ক্ষান্ত নাথাকি বৰ্তমান মঙল গ্ৰহলৈ হাত মেলা বিজ্ঞানক সীমাবদ্ধতাৰ ভয়ে জানো চুব পাৰিব?উদ্দেশ্যপ্ৰণোদিতভাৱেই হওক নাইবা আন কাৰণেই হওক, বিজ্ঞানৰ সীমাবদ্ধতাৰ দোহাই দি ধৰ্মৰ বিশ্বাসযোগ্যতা বঢ়াবলৈ, বিভিন্ন ধৰ্মীয় পৰম্পৰা অথবা অন্ধবিশ্বাসক প্ৰভাৱশালী কৰিব চেষ্টা কৰা বহু বিজ্ঞাপন, প্ৰবন্ধ-নিবন্ধ সততে পঢ়িবলৈ পোৱা যায়৷ বিজ্ঞান আৰু ধৰ্মৰ এই যুঁজখন আজিৰে নহয় বহু পুৰণি৷ নিজস্ব চিন্তা-বুদ্ধিক কেৱল ধৰ্মীয় আৱেষ্টনীৰ মাজত বান্ধি ৰাখিব বিচৰা বৃহৎ সংখ্যকেই বিজ্ঞানক বা বিজ্ঞানমনস্কতাৰ ওকালতি কৰাসকলক কমিউনিষ্ট, ‘অল্ট্ৰা মডাৰ্ণ’ (Ultra-modern) হিচাপে জ্ঞান কৰা যি ভ্ৰান্ত ধাৰণা, সেই ধাৰণাও এই যুঁজৰ অন্যতম কাৰণ৷ বিজ্ঞানৰ সীমাবদ্ধতাক অস্ত্ৰ হিচাপে লৈ ধৰ্মৰ সপক্ষে যুক্তি দিয়া বৌদ্ধিক মহলেও কেতবোৰ অস্পষ্ট ধাৰণা দিয়া দেখা যায়৷ সেইসকলে আওপকীয়াকৈ হ’লেও এনে এটা ধাৰণা দিব বিচাৰে যে বিজ্ঞানৰ সীমাবদ্ধতা আছে বাবেই অযুক্তিকৰ ধৰ্মীয় বিশ্বাস বা তেনে ধৰণৰ অবৈজ্ঞানিক পৰম্পৰা বা অন্ধবিশ্বাসসমূহক বিশ্বাস কৰিব লাগে৷ আচলতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা পৰ্যন্ত প্ৰতি মূহূৰ্ততে বিজ্ঞানৰ অৱদানবোৰৰ ওপৰতে নিৰ্ভৰ কৰা মানুহেই যেতিয়া ‘বিজ্ঞান’ কি ভালদৰে নাজানে বা জানিবলৈ ইচ্ছা নকৰে বা বিজ্ঞানচৰ্চা নকৰে, তাতোতকৈ আৰু দুৰ্ভাগ্য কি হ’ব পাৰে? তেনে এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ’লেও কিন্তু বৈজ্ঞানিক মানসিকতাবিহীন। কাৰণ বৈজ্ঞানিক মানসিকতা বিজ্ঞানচৰ্চাৰ পৰাই আহে– বিজ্ঞান মানসিকতাই বিশ্বাসৰ ওপৰত ভিত্তি কৰা সকলো সত্যকে সন্দেহৰ চকুৰে চায়। প্ৰশ্ন কৰে। আইনষ্টাইনে সেইবাবেই কৈছিল– “বিজ্ঞানৰ মন্দিৰলৈ নানা তৰহৰ মানুহ আহে আৰু তেওঁলোকৰ প্ৰত্যকৰে অহাৰ উদ্দেশ্য ভিন ভিন৷ কিছুমান আহে বিজ্ঞান অধ্যয়ন কৰি উচ্চতৰ বৌদ্ধিক আনন্দ লাভ কৰিবলৈ আৰু কিছুমান আহে একমাত্ৰ ব্যৱহাৰিক উদ্দেশ্যলৈ…৷”

বিজ্ঞান আৰু ধৰ্মৰ পাৰ্থক্য

বিজ্ঞানত চৰমসত্য বুলি একো নাই। তথ্য-প্ৰমাণৰ দ্বাৰা সত্য অম্বেষণৰ নিৰাৱেগ গতিশীল মানৱীয় প্ৰক্ৰিয়াই হৈছে বিজ্ঞান৷ বিজ্ঞান সত্যৰ চৰম সীমাত উপনীত হোৱাহি নাই, আজিও ই সত্যানুসন্ধানৰ এটা বৌদ্ধিক অভিযানহে৷ এই বিজ্ঞানৰ ইতিহাসতো আছে সাফল্য-বিফল্য, উৎসাহ-হতাশা, ঘাত-প্ৰতিঘাটৰে পৰিপূৰ্ণ এক স্থৱিৰতাবিহীন যাত্ৰা৷ প্ৰকৃতিৰ ন ন ৰহস্যৰ সন্ধানত বিজ্ঞানৰ যাত্ৰা আজিও কোৱাল সোঁতেৰে বৈ যোৱা এখন জীয়া নৈৰ দৰে৷ প্ৰকৃতিৰ ৰহস্যসমূহ ভেদ কৰাই যদি বিজ্ঞানৰ একমাত্ৰ উদ্দেশ্য, তথাপি ৰহস্যৰ প্ৰতিখন দুৱাৰ একেবাৰে উন্মুক্ত হৈ নাথাকে৷ এনে ৰহস্যৰ দুৱাৰবোৰৰ চাবি-কাঠি বিচাৰি প্ৰতিটো যুগতে বিজ্ঞানৰ অনুসন্ধিৎসু সাধকসকলে হাহাকাৰ কৰিবলগীয়া হয়। কেতিয়াবা যদি সফল হৈছে কেতিয়াবা আকৌ বিফল হৈছে৷ সেই বুলি কিন্তু বিজ্ঞান থমকি ৰোৱা নাই৷ সেইবাবে কোৱা হয় বিজ্ঞান এক গতিশীল প্ৰক্ৰিয়া, য’ত শাস্ত্ৰৰ কথা শিলৰ ৰেখা বুলি কোনো ভয়, সংকোচৰ ধাৰণা নাই৷ বিজ্ঞানত প্ৰকৃত তথ্য আৰু প্ৰমাণে অতীতৰ এটা শক্তিশালী ধাৰণাকো নাকচ কৰিব পাৰে৷ কোনো বিজ্ঞানীয়ে এই দাবী নকৰে যে তেওঁৰ মত আৰু সিদ্ধান্তক কোনেও প্ৰশ্ন কৰিব নোৱাৰিব৷ বিজ্ঞানৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে প্ৰশ্ন সোধাৰ অধিকাৰ। অৰ্থাৎ, বিজ্ঞানে মানুহৰ অনুসন্ধিৎসু স্বভাৱক সদায় সন্মান কৰে। বিজ্ঞানত মানুহে প্ৰশ্ন সোধাৰ অধিকাৰ সাব্যস্ত কৰে বাবেই মানুহৰ জ্ঞানৰ শ্ৰীবৃদ্ধি হয়। সমান্তৰালকৈ বিজ্ঞানৰো অগ্ৰগতি অব্যাহত থাকে। আনহাতে ধৰ্মই বা ধৰ্মৰ প্ৰৱক্তাসকলে ধৰ্মৰ অলৌকিক কথাবোৰ, অযৌক্তিক বিষয়সমূহ প্ৰশ্ন নকৰাকৈ তথা সন্দেহ প্ৰকাশ নকৰাকৈ গ্ৰহণ কৰাটো বিচাৰে। অৰ্থাৎ বিজ্ঞানে মানুহক অনুসন্ধিৎসু তথা যুক্তিনিষ্ঠ হোৱাত সহায় কৰে কিন্তু ধৰ্মই মানুহক কেৱল বিশ্বাসতে জীৱন জীয়াবলৈ উদগনি যোগায়। সেইবাবে ধৰ্মৰ প্ৰৱক্তাসকলেও যুক্তিৰ পৰা ফালৰি কাটিবলৈ বিজ্ঞাপন কৌশলী দুটা জনপ্ৰিয় টেগ লাইন ব্যৱহাৰ কৰে— “বিশ্বাসে মিলন হৰি তৰ্কে বহু দূৰ“ আৰু “মানিলে ধান নামানিলে পতান”। বিজ্ঞানত সকলো সত্য সৰ্বসন্মতিক্ৰমে সেই বিষয়ৰ বিজ্ঞ লোকসকলৰ যুক্তি-তথ্য, প্ৰমাণৰ দ্বাৰা গৃহীত হয়। অৰ্থাৎ, বিজ্ঞসকলে ফলাফলবোৰ নিজেই পৰীক্ষা কৰি চাইছে নতুবা সত্যত উপনীত হ’বলৈ ব্যৱহাৰ কৰা যুক্তিবোৰত তেওঁলোক পতিয়ন গৈছে। আনহাতে, ধৰ্মৰ সত্য হ’ল এজন বা তাতোধিক ধৰ্মপ্ৰচাৰক বা ধৰ্মগুৰুৰ অলৰ-অচৰ মতহে। গতিকে, ধৰ্ম হ’ল স্থিতিশীল, আনহাতে বিজ্ঞান গতিশীল—ই নতুন সাক্ষ্য-প্ৰমাণৰ দ্বাৰা সময়ৰ লগে লগে সলনি হৈ গৈ থাকে। ধৰ্মত প্ৰাচীন শাস্ত্ৰৰ কথা বা বাণীয়েই সর্বোচ্চ আৰু সৰ্বশেষ। অৰ্থাৎ বিজ্ঞানে সদায় আগলৈ চায়, ধৰ্মই কিন্তু পিছলৈহে চায়। নজনা বিষয় এটা বিজ্ঞানী এগৰাকীয়ে কোনো দোষী ভাব বা লাজ নকৰাকৈ ক’ব পাৰে, “মই কথাটো নাজানো”– বিজ্ঞানে অজানাক এক প্ৰত্যাহ্বান বুলি গণ্য কৰে। কিন্তু ধৰ্মই অজানাৰ প্ৰতি ভয়ৰ সৃষ্টি কৰে। সেইবাবেই কোনো ধৰ্মগুৰুৱে “মই নাজানো বুলি” কোৱাটো সম্ভৱ হৈ নুঠে। ক’লেই বিপদ, কাৰণ তেওঁ তেওঁৰ অনুগামী হেৰুৱাব! আজিকালি পিছে সেইধৰণৰ মানুহ এচামে বিজ্ঞানৰ কিছুমান জনপ্ৰিয় পৰিভাষা ব্যৱহাৰ কৰি চালেবেৰে কোবোৱা উত্তৰেৰে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব বিচাৰে। উদাহৰণস্বৰূপে আইষ্টাইনৰ E=mc2 সূত্ৰটোৰ সাৰমৰ্ম নিত্যানন্দ নামৰ কোনোবা ভণ্ড ধৰ্মগুৰু এজনে বুজোৱা চাগে পাঠক সকলৰ মনত আছে। ধৰ্ম বিশ্বাস মূলত প্ৰাচীন মানুহৰ মনত উদয় হোৱা ভয়, অজ্ঞানতাৰ প্ৰতীক। কিন্ত, মানুহৰ প্ৰগতিৰ লগে লগে ধৰ্মৰ অযৌক্তিক বিশ্বাসসমূহৰ বিসংগতি ওলাই পৰিল। অনুসন্ধিৎসু মানুহে আগতে ধৰ্মৰ জৰিয়তে বিচৰা প্ৰশ্নবোৰৰ উত্তৰ নতুন উদ্যমেৰে আকৌ বিচাৰিবলৈ যত্ন কৰিলে। যাৰ ফলতেই জন্ম হ’ল বৈজ্ঞানিক পদ্ধতিৰ। গতিকে এই উত্তৰবোৰো পূৰ্বতে বিশ্বাসৰ ভিত্তিত গ্ৰহণ কৰি থোৱাৰ প্ৰয়োজন নোহোৱা হ’ল। সেইবোৰ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি চাব পৰা হ’ল আৰু কোনো ‌ব্যক্তিৰ ইচ্ছা-অনিচ্ছা, খেয়াল-খুচিৰ ওপৰত নিৰ্ভৰ নকৰা হ’ল। গতিকে, বিজ্ঞানে পূৰ্বে ধৰ্মই উত্তৰ দিবলৈ চেষ্টা কৰা প্ৰশ্নবোৰৰ উত্তৰ যুক্তি-তথ্যৰে অধিক সফলৰূপে দি ধৰ্মৰ লগত পোনপটীয়া সংঘাতলৈ আহি, ধৰ্মৰ প্ৰতিদ্বন্দ্বী হিচাপে গঢ়ি উঠিল। কাৰণ বিজ্ঞানে ধৰ্মৰ মূল বস্তু অতিপ্ৰাকৃতিক আৰু অযৌক্তিকতাৰ অস্তিত্বক কেতিয়াও স্বীকাৰ নকৰে। ধৰ্ম আৰু বিজ্ঞানৰ এটা গুৰুত্বৰ পাৰ্থক্য হ’ল— এটা ধৰ্মই আন এটা ধৰ্মতকৈ সদায় ওপৰত থাকিব বিচাৰে। এটা ধৰ্মই আনটো ধৰ্মক কেতিয়াও ভাল চকুৰে নাচায়। ধৰ্মই আধ্যাত্মিকতাবাদ, জন্মান্তৰবাদৰ কথা কয়, উচ্চ-নীচ, পুৰুষ-মহিলাৰ পাৰ্থক্যক মান্যতা প্ৰদান কৰে। আনহাতে বিজ্ঞানত উচ্চ-নীচ, পুৰুষ-মহিলাৰ কোনো পাৰ্থক্য নাই। যুক্তি, তথ্য-প্ৰমাণহে বিজ্ঞানৰ মূল আধাৰ। বিজ্ঞানৰ মন্দিৰত জাত-পাতৰ কথা নাই, যোগ্যজন সদায় পুৰস্কৃত হয়, কিন্তু ধৰ্মৰ মন্দিৰত কথাবোৰ সুকীয়া! কোনো বিজ্ঞানীয়ে বিজ্ঞানৰ প্ৰযুক্তিগত ভুলবোৰ সমালোচনা কৰিলে বেয়া নাপায়। বিজ্ঞানীসকলে তাক বিনয়ভাৱে আদৰণি জনাই সমাধানৰ সূত্ৰ উলিওৱাত চেষ্টা কৰে। আলোচনাত মিলিত হয়। কিন্তু ধৰ্মৰ প্ৰৱক্তাসকলৰ বাবে কথাবোৰ ওলোটা। ধৰ্মক সমালোচনা কৰিলে তেওঁলোকৰ অসহিষ্ণু ৰূপটো সহজে ওলাই পৰে। ফেচবুকৰ দৰে সামাজিক মাধ্যমত চলা এনেধৰণৰ যুক্তি-তৰ্কবোৰত গোঢ়া ধাৰ্মিকসকলে সমালোচনা সহ্য কৰিব নোৱাৰি প্ৰায়েই ব্যক্তিগত আক্ৰমণ কৰা দেখা যায়। প্ৰশ্ন হয় ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসে এইসকল মানুহক খঙ-ৰাগ, সুআচাৰ-ব্যৱহাৰ, সুশৃংখল জীপন-যাপন নিয়ন্ত্ৰণত কিয় সহায় কৰিব নোৱাৰিলে? সাধাৰণতে কোৱা হয় ধৰ্মই সমাজখন সৎ আৰু সুশৃংখলিত কৰি ধৰি ৰাখে। মানুহক অসৎ কামৰ পৰা আঁতৰাই ৰাখে। অৱশ্যে প্ৰাচীন সময়ত ইয়াৰ গুৰুত্ব নথকা নহয়। কিন্তু বৰ্তমান সময়ত ধৰ্মৰ বিশ্বাসৰ ভয়ে মানুহক সৎ কৰিব বিচৰা যি হাজাৰ বছৰীয়া বৌদ্ধিক প্ৰক্ৰিয়া ইয়াৰ বিফলতা বহু সময়ত আমি উপলদ্ধি কৰিব পাৰিছোঁ। বৰ্তমান সময়ত ধৰ্ম নমনাকৈও বহু সমাজ, বহু দেশৰ মানুহ সুখ, শান্তিৰে আছে। সেইসকল মানুহে মানসিক প্ৰশান্তিৰ বাবে তেন্তে কি কৰিছে? আচলতে ধৰ্ম-ঈশ্বৰৰ ভয়ত আমি কামবোৰ নকৰি মানৱীয়তাৰ খাতিৰত যদি কামবোৰ কৰোঁ তেন্তে মনত প্ৰশান্তি সকলোৰে আহিব। কোনোবা ধৰ্মগুৰুৱে ক’লে অথবা কোনোবা শাস্ত্ৰত লিখা আছে বাবেই দুখীয়াজনক দান দি পুণ্য অৰ্জন কৰাতকৈ মানৱীয়তাৰ খাতিৰত সহায় কৰিলেও মনত প্ৰশান্তিৰ ভাৱ আহিব। মানুহৰ মনত মানৱীয়তা জন্মাবলৈ কোনো ধৰ্মৰ প্ৰয়োজন নাই। মানৱীয়তা থকালৈকে সমাজত সুখ-শান্তিও সদায় থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *