বিজ্ঞাপন, ফেশ্যন আৰু নাৰী (অৰূপা পটঙ্গীয়া কলিতা)
[এই প্ৰবন্ধটি প্ৰকাশ হৈছিল সপ্তদশ-অষ্টাদশ সংখ্যাৰ “ডেউকা”-ত, ১৯৯৭ চনত। প্ৰবন্ধটিত বিজ্ঞাপনত নাৰীক কিদৰে ব্যৱহাৰ কৰা হয়, তাৰ আঁৰৰ আৰ্থ-সামাজিক কাৰকসমূহনো কি—, সেই সন্দৰ্ভত বিস্তাৰিত আলোচনা কৰা হৈছে। তৎকালীন সময়ত বহুলভাৱে প্ৰচাৰিত নানান বিজ্ঞাপনৰ উদাহৰণৰ সহায়েৰে আলোচ্য বিষয়টোৰ বিচাৰ-বিশ্লেষণ কৰা হৈছে প্ৰবন্ধটোত। বিগত সময়চোৱাত সমাজখনলৈ নিশ্চিতভাৱে আহিছে বহুতো পৰিৱৰ্তন; তাৰ সৈতে সংগতি ৰাখি বিজ্ঞাপনৰ ধৰণ-কৰণ, ৰেহৰূপো সলনি হৈ পৰিছে। হ’লেও, প্ৰবন্ধটোৰ মূল প্ৰতিপাদ্য বিষয়টো আৰু তাৰ অলোচনাখিনি আজিও একেদৰেই প্ৰাসংগিক হৈ আছে। লেখিকাৰ অনুমতি লৈ প্ৰবন্ধটি পুনৰ প্ৰকাশ কৰা হ’ল।—মুখ্য সম্পাদক]
শ্রেণীবিভক্ত সমাজত ক্ষমতাত থকা শ্ৰেণীটো সদায়ে স্থিতাৱস্থাৰ সমর্থক হয়। ব্যক্তিগত সম্পত্তিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এই শ্রেণীবিভক্ত সমাজখনত সুবিধাভোগী শ্ৰেণীটোৱে বিভিন্ন উপায়েৰে নিজৰ সা-সম্পদক ৰক্ষণাবেক্ষণ দিয়ে। পুলিছ, জেল আদি স্পষ্ট উপায়বোৰৰ বাদেও মানুহৰ মগজুক আক্রমণ কৰা সূক্ষ্ম উপায়সমূহ হ’ল টিভি, ৰেডিঅ’, প্রেছ আদি প্ৰচাৰ মাধ্যমসমূহ। এই প্ৰচাৰ মাধ্যমবোৰৰ চাবিকাঠি থাকে শক্তিশালী ব্যৱসায়ী গোষ্ঠী বা চৰকাৰৰ হাতত। নাৰীক পুতলা কৰি ৰাখি মানুহ হোৱা ৰাস্তাৰ পৰা আঁতৰাই ৰখাটো এই ক্ষমতাশালী স্থিতাৱস্থাৰ সমর্থকসকলে মনে-প্রাণে কামনা কৰে। নাৰীৰ শোষিত অৱস্থাক কেন্দ্ৰ কৰিয়ে তিষ্ঠি আছে এই পুৰুষপ্রধান, শ্রেণীবিভক্ত সমাজখন। গতিকে নাৰীক প্ৰচাৰ মাধ্যমসমূহে বিভিন্ন ধৰণেৰে জাল পাতি বন্দী কৰি থ’ব খোজাটো নিঃসন্দেহে স্বাভাৱিক।
প্ৰচাৰ মাধ্যমসমূহৰ লগত বিজ্ঞাপনৰ এক এৰাব নোৱাৰা সম্বন্ধ স্থাপন হৈছে। আদিতে বিজ্ঞাপন হেণ্ডবিল বা প’ষ্টাৰৰ ৰূপত মানুহৰ মাজলৈ পঠোৱা হৈছিল। আমেৰিকাত Pennsylvania Gazette-খনেই প্রথম বিজ্ঞাপন আৰম্ভ কৰে। ১৮২০ চনমানত প্রায় পাঁচশমান খবৰ কাগজে বিভিন্ন সামগ্রী, জোতা আনকি দাসৰৰো বিজ্ঞাপন ছপাবলৈ আৰম্ভ কৰে।
প্রথমছোৱাৰ বিজ্ঞাপনবোৰ অতিৰঞ্জিত হলেও নির্দোষ আছিল। উদাহৰণ স্বৰূপে J.B. Coats-ৰ six cord নামৰ সূতা এবিধৰ বিজ্ঞাপনৰ ছবিত দেখা যায় এজাক মানুহে প্রকাণ্ড হাতী এটা এইবিধ সূতাৰে বান্ধি পেলাই থৈছে। মংগল গ্রহৰ পৰা পৃথিৱীলৈ দিয়া প্রথম বার্তটো হ’ল—’Send up some Pear’s soap’। Wiggie stick blue নামৰ এবিধ নীলৰ বিজ্ঞাপনত এজনী ছোৱালীয়ে সাগৰৰ নীলাৰ উৎস বিচাৰি সাগৰ তলিত গৈ পালে বিশেষ এই নীলবিধ। লগৰ ছবিখনত দেখা যায় আঁঠুলৈকে পৰা ৰঙা ফ্রক পিন্ধা এগৰাকী নাৰীয়ে সাগৰৰ তলত এই নীলৰ টেমাৰ ওপৰত বহি আছে। ক্রমে ক্রমে প্রতিযোগিতা বাঢ়ি আহিল আৰু লগে লগে বিজ্ঞাপনৰ জগততো নিত্য নতুন বৈচিত্র্য আৰম্ভ হ’ল। হাতীক সূতাৰে বান্ধি পেলোৱাৰ দৰে সহজ-সৰল বিজ্ঞাপনৰ ঠাই ল’লে চতুৰ, দ্ব্যর্থক ভাষা আৰু উত্তেজক ছবিৰ বিজ্ঞাপনে।
নিত্য নতুন পৰীক্ষা-নিৰীক্ষাৰে আগুৱাই যোৱা বিজ্ঞাপনৰ জগতখন সলনি হোৱাৰ লগে লগে সলনি হৈছে ইয়াৰ লগত যুক্ত নাৰীৰ ছবিখননো। ৰঙা, দীঘল ফ্রক পিন্ধা সাগৰৰ নীলাৰ উৎস বিচৰা নাৰীগৰাকীৰ লগত এটা অজগৰ সাপে মেৰাই থোৱা আধুনিক মডেলগৰাকীৰ উত্তেজক ভংগীৰ উলংগ শৰীৰটোৰ পার্থক্য বহুত বেছি। আধুনিক বিজ্ঞাপনৰ জগতখনত নাৰীৰ শৰীৰৰ সংজ্ঞা হ’ল এটা মাপি-জুখি লোৱা মাংসপিণ্ড। বিভিন্ন প্ৰচাৰ মাধ্যমে বহলাই পেলোৱা বিজ্ঞাপনৰ জগতখনৰ মালিক হ’ল ক্ষমতাশালী বিশাল বণিকগোষ্ঠী। কল-কাঠি লৰোৱা ক্ষমতাৰ বাহিৰত ৰাখি নাৰীক বিজ্ঞাপনৰ জগতখনে এক পণ্যলৈ ৰূপান্তৰিত কৰিছে। এই বিজ্ঞাপনৰ জগতখনে অকল নাৰী দেহ দেখুৱাই বস্তুৱেই নেবেচে, নিঃশব্দে আৰু চতুৰভাৱে নাৰীৰ মানসিকতা পংগু কৰি আনে, নাৰীত্বৰ সংজ্ঞা চেপি-খুন্দি নিজৰ প্ৰয়োজনৰ সাঁচত ঢালি লয়। বিজ্ঞাপনে নাৰীৰ মানসিকতাক কিদৰে আক্ৰমণ কৰ তাৰ কিছু দিশ পৰীক্ষা কৰি চোৱা যাওক।
বিজ্ঞাপনৰ আদর্শ নাৰী
পণ্য উৎপাদনৰ মালিক বা নিয়ন্ত্রকসকলে পণ্য উৎপাদন কৰে লাভৰ বাবে, মানুহৰ এই পণ্য কিমান কামত আহিব সেই কথা তেওঁলোকৰ বিচাৰ্য্য নহয়। পণ্য তৈয়াৰ কৰা আৰু পণ্যৰ বাবে বজাৰ তৈয়াৰ কৰা প্ৰায় একেলগেই কৰা হয়। পণ্যসমূহ নাৰীৰ মাজলৈ নিবলৈ প্ৰচাৰ মাধ্যমৰ যোগেদি সৃষ্টি কৰা হৈছে এক আদর্শ নাৰী। এক কৃতী মেনেজাৰৰ স্বীকাৰোক্তি, “আমি কি বিক্ৰী কৰোঁ? কোনো পণ্য নহয়, এক বিশেষ ধাৰণা” (“Never a product always an idea”)। লিনটাচ্ ইণ্ডিয়াৰ ডিৰেক্টৰৰ ভাষাত “আমি আচলতে যি বিক্ৰী কৰোঁ সেয়া এক বিশেষ life style বা জীৱন-যাত্রা”। নাৰীৰ আগতো বিভিন্ন বণিকগোষ্ঠীয়ে থিয় কৰাইছে এক “আদর্শ নাৰী”, “আজ কি নাৰী”, “নিউ-ৱ’মেন”, “একক নাৰী”। এই নাৰীৰ গাত সর্বাধুনিক কাপোৰ, তেওঁ ওৱাচিং মেচিনত কাপোৰ ধোৱে, মাইক্র’ওৱেভ অভেনত ভাত ৰান্ধে, ভেকুৱাম ক্লিনাৰেৰে ঘৰ সাৰে, সর্বাধুনিক চাবোনেৰে ঘৰ-বাচন চিক্মিকাই ৰাখে, ল’ৰা-ছোৱালীক বিভিন্ন পেকেটৰ আধুনিক খাদ্য আৰু বটলৰ হেলথ ড্রিংক খুৱাই আজিৰ যুগৰ প্রতিযোগিতাত বিজেতা কৰে, বজাৰৰ সবাতোকৈ শ্রেষ্ঠ বস্তুখিনি, সবাতোকৈ ধুনীয়া ঘৰটোলৈ গোটাই আনে। এই “একক নাৰী” দশভূজা দেৱীৰ দৰে একেধাৰে সু-গৃহিণী, সু-মাতৃ, পুৰুষৰ চকুৰ মণি, সফল কেৰিয়াৰিষ্ট। অপেশ্বৰীৰ দৰে এই “আজ কি নাৰী”-এ বিভিন্ন পণ্যৰ মাজত আলাসতে ভাঁহি ফুৰে। বিশেষ চাবোন ব্যৱহাৰ কৰি ৰাজৰাণীৰ দৰে ঘোঁৰা-বাগীত উঠি বিজয়ৰ হাঁহি মাৰে, বিশেষ চাবোনেৰে কাপোৰ ধুই পিন্ধাই কন্যাক ‘ইংলিছ স্কুল’ৰ মনিটৰ কৰে, বিশেষ শক্তিবর্ধক টনিক খাই চিৰি বগাই অফিছলৈ গৈ গোটেই দিন ‘ফ্রে’চ’ হৈ থাকে, বিশেষ হেয়াৰ-ৰিমুভাৰ ব্যৱহাৰ কৰি পুৰুষক মাতাল কৰে, বিশেষ পোচাক পিন্ধি “ৰাতিটোত জুই লগাই দিয়ে”। “নতুন নাৰী”ৰ চক্মকিয়া প্রতিচ্ছবিৰ আগত আমাৰ গৃহিণীসকল জঁই পৰি যায়। এই “আদর্শ নাৰী”-এ ব্যৱহাৰ কৰা পণ্যসমূহে ক্রেতা নাৰীৰ জীৱনৰ অপূর্ণ ইচ্ছা, অসফল জীৱনক আবৰি ৰখা হেজাৰ ভগা সপোনক চুই যায়। দুখেভৰা জীৱনলৈ বৈচিত্র্য আনিবলৈ, ৰঙ আনিবলৈ অজানিতেই হামখুৰি খাই পৰে “সফল নাৰী”ৰ দ্বাৰা ব্যৱহৃত পণ্যদ্রব্যসমূহৰ ওপৰত। বণিকগোষ্ঠীয়ে এক “বিশেষ জীৱন-যাত্রা”ৰ এক বিশেষ ধাৰণাৰে ক্রেতা নাৰীৰ মানসিকতা তৈয়াৰ কৰি দৰকাৰী-অদৰকাৰী পণ্য প্রচণ্ড মুনাফা লৈ বেচিবলে আৰম্ভ কৰে। কেইবাশ কোটি মূলধনৰ এক আমেৰিকান প্রসাধন বণিক গোষ্ঠীৰ বিজ্ঞাপন—“আমি বটলত ভৰাই আচলতে আশা বিক্ৰী কৰোঁ”। এই “আশা” মৰীচিকা হৈ ক্রেতা নাৰীক প্রলুব্ধ কৰে।
বিজ্ঞাপনৰ নাৰীৰ পৃথিৱী
বিজ্ঞাপনৰ অপেশ্বৰীজনী নির্বোধ, মূৰ্খ নহয়। আধুনিক পুৰুষে নির্বোধ পুতলা এটা নিবিচাৰে, ৰূপৰ লগতে অলপ বুদ্ধিও বিচাৰে। Femina (June 8-22, 1978) নামৰ “নাৰীৰ আলোচনী”খনে এক বিশেষ সংখ্যা প্রকাশ কৰিছিল। তাত এই কথাটোত গুৰুত্ব দিয়া হৈছিল—“জীৱন্ত নাৰী হোৱা, তোমাক স্বাস্থ্যৱতী দেখাওক, ৰূপহী দেখাওক……স্বাস্থ্য, সৌন্দৰ্য্য এনেই নাহে,তাৰ বাবে কষ্ট কৰিব লাগিব……বুদ্ধিৰ উৎকর্ষতা অবিহনে তুমি বিৰক্তিকৰ হ’বা”। কিন্তু নাৰী কেনেকৈ “জীৱন্ত” হ’ব? উত্তৰ হ’ল—“তুমি বাৰু চেহেৰাটো একে কৰি ৰাখিছা নেকি? একেই চুলিৰ ষ্টাইল? সেই দুবছৰৰ আগৰ ষ্টাইল তুমি বাৰু সলোৱা নাই নেকি? নিজক সলনি কৰিবলৈ ভয় নকৰিবা”। ঘূৰি পকি একেই কথা। বাহিৰটো অলপ সলনি কৰক, কিন্তু নাৰীৰ আচল ঠাই হ’ল পোচাক সলোৱা কোঠা আৰু প্ৰসূতি ঘৰত।
বিজ্ঞাপনৰ বুদ্ধিমতী, নিজৰ অধিকাৰ সম্পর্কে সচেতন নাৰীগৰাকীয়েও এই ধাৰণাকে তুলি ধৰে। বিজ্ঞাপনৰ সুন্দৰী নাৰীয়ে নিজৰ বাবে এটুকুৰা ঠাই বিচাৰে (“…..seeking a place she can tell her own;……she seeks to make her place in a world that seems alien and indifferent”, Femina, Feb. 8, 1996)। ভার্জিনিয়া উল্ফে বিচাৰিছিল নাৰীৰ বাবে এটা সুকীয়া কোঠা, ইলেইন শ্বৱেলটাৰে বিচাৰিছিল নাৰীৰ বাবে নিজা সাহিত্য, চিম্য ড্য বুভেই নাৰীৰ বাবে এখন পৃথিৱী বিচাৰিছিল। বিজ্ঞাপনৰ সংবেদনশীল, বুদ্ধিমতী নাৰীয়েও নিজা পৃথিৱী এখন বিচাৰে। কিন্তু বিজ্ঞাপনৰ সুন্দৰীৰ পৃথিৱীখন ক’ত? ৰং-বিৰঙৰ শাৰীৰ মাজত। “নিজৰ পৃথিৱী বিচৰাত কোনোবাই বাধা দিব নেকি?”—এই প্রশ্ন কৰে সুন্দৰ শাৰী পৰিহিতা অপেশ্বৰীজনীয়ে (“….. Will they stop her…..she pauses with a backward look, in stark white silk….”)। শাৰীৰ নামী মিলে নাৰীক চকুত চাত মৰা কাপোৰ পিন্ধাই কৈছে, “হে নাৰী! এয়াই তোমাৰ পৃথিৱী” (“Woman, its your world”, Femina Feb. ৪, 1996)। নাৰীমুক্তিবাদী পণ্ডিতসকলৰ ভাষা ব্যৱহাৰ কৰি নাৰীক “নিজা পৃথিৱী”ৰ সংজ্ঞা দিব খোজা এই বিজ্ঞাপনবোৰে অকল শাৰীয়ে নেবেচে, মূল্যবোধো বেচে, তৈয়াৰ কৰে ক্ৰেতাৰ মানসিকতা। যিমান দিনলৈকে নাৰীয়ে কাপোৰ, অলংকাৰৰ মাজত ডুব গৈ পুতলা হৈ থাকিব, সিমানদিনলৈকে ক্ষমতাশালী বণিকগোষ্ঠীয়ে কোঢ়োনাৰে ধন চপায়ে থাকিব।
বিজ্ঞাপনৰ নাৰীত্বৰ স্বীকৃতি
বিজ্ঞাপনৰ জলমলিয়া পৃথিৱীখনত নাৰী মানে হ’ল পুৰুষৰ উপভোগৰ সামগ্রী। নাৰীত্বৰ প্ৰধান স্বীকৃতি হ’ল পুৰুষৰ প্ৰশংসা। পিটাৰপেন ক’ম্পেনীয়ে ক্লজ আপ ভিউৰ এক নাৰীৰ পুষ্ট স্তনৰ ছবি ছপাইছে। লে’চৰ ব্ৰা পৰিহিতা স্তনৰ ছবিৰ কাষতে নাৰীৰ বাবে এটা প্রশ্নও আছে, “How does it feel being a woman in a man’s world?” উত্তৰটো হ’ল, “Comfortable, really comfortable” (Femina, Jan, 23, 1996)। পুৰুষৰ জগতখনত নাৰীয়ে আৰামদায়ক ঠাই এটুকুৰা পাইছে এই বিশেষ ব্রাৰ দৌলতত। বিশেষ হেয়াৰ ৰিমুভাৰেৰে মসৃণ কৰা শৰীৰে পুৰুষক আকর্ষণ কৰেঃ “আপোনাৰ নতুন এই অন্তৰংগ সংগী স’তে অলপ সময় কটাওক, দেখিব আপুনি বুজাৰ আগেই মানুহে আপোনাক ঘূৰি ঘূৰি চাইছে…….আপোনাৰ চেটিন-কোমল হাত-ভৰিৰ নিটোল লাবণ্য আৰু এক গতিময় সামাজিক জীৱন” (দেশ, ৩ জুন, ১৯৯৫)। বিশেষ পাউদাৰ সনা নাৰীয়ে পুৰুষক পাগল কৰি পুতলা আৰু মানুহৰ পার্থক্য বুজিৰ নোৱাৰা কৰি দিয়ে, বিশেষ চাবোনেৰে মুখ ধোৱা নাৰীৰ বগা ৰঙ দেখি পুৰুষৰ মন ৰঞ্জিত হয়, বিশেষ ৰঙেৰে চুলি বোলোৱাৰ পাছত স্বামীয়ে পত্নীক পার্টিলৈ নিব খোজে, বিশেষ চেম্পুৰে চুলি ধুই চিন্ডেৰলাৰ দৰে ৰাজকোঁৱৰৰ মন হৰণ কৰে। মুঠতে নাৰীৰ স্বীকৃতি পুৰুষৰ প্ৰশংসাত, পুৰুষৰ মনোলোভা হোৱাত। পুৰুষৰ অন্তৰ জয় কৰাই নাৰীৰ বাবে শ্ৰেষ্ঠ বিজয়, নাৰীক সহায় কৰিবলৈ বজাৰ ভৰি পণ্য আছে। হাত মেলিলেই হ’ল।
কাপোৰ আৰু অলংকাৰে নাৰীক পূৰ্ণ কৰে
বিজ্ঞাপনে নাৰীৰ মাজত কাপোৰ, অলংকাৰ আৰু প্ৰসাধন দ্ৰৱ্যৰ প্ৰতি এক তীব্র লালসাৰ সৃষ্টি কৰে। নাৰীৰ বাবে বুলি জনাজাত Eve’s Weekly, Femina আদি বাহাৰি আলোচনীৰ পাত আধা যায় বিজ্ঞাপনত, এই বিজ্ঞাপনৰ ৯৫% ভাগ হ’ল কাপোৰ, অলংকাৰ আৰু প্ৰসাধন দ্ৰৱৰ। চকুত চাত মাৰি ধৰা বিভিন্ন সোণৰ অলংকাৰৰ বিজ্ঞাপনত কোৱা হৈছে,“সোণ দেখি নাৰী পাগল হ’বই” (Who can blame her if her senses desert her when faced by such a golden assault”, Femina, Sept 23, 1995)। নাৰীৰ আত্মবিশ্বাসৰ বাবে কি লাগে? হীৰা (When you’ve got diamond on your side you’ve got confidence anywhere in the world”, Femina, Sept 23, 1995)! নাৰীক নো আ-অলংকাৰ, কাপোৰ বাদে কি লাগে? বিজ্ঞাপনে পুৰুষক উপদেশ দিয়ে—প্ৰেয়সীৰ মন কাঢ়িবলৈ উপহাৰ দিয়া টেডিবিয়েৰটোৰ ডিঙিত হীৰাৰ ব্রে’ছলেট এডাল পিন্ধাই দিয়া, প্রেমিকাৰ লগত উপভোগ কৰা চেম্পেইনৰ বটলটোত হীৰাৰ আঙুঠি এটা পিন্ধাই থোৱা……। হীৰা পৰিহিতা পূর্ণ নাৰীয়ে প্রেমিকৰ বাহুবন্ধনত আকুল হৈ হাঁহে। প্রসাধনৰ অবিহনে নাৰী-জীৱন বিফল। ব্যৱসায়ীসকলৰ সর্বদাই সজাগ দৃষ্টি থাকে এই দুখীয়া দেশৰ বৃহত্তম ক্রেতাগোষ্ঠী নিম্ন মধ্যবিত্ত নাৰীসকলৰ প্ৰতি। এই শ্ৰেণীৰ নাৰীৰ জীৱনত সপোন বহুত, কিন্তু পোৱাখিনি বৰ কম। জীৱনৰ বহুত অপূর্ণ সপোন এই নাৰীসকলে পূৰণ কৰিব খোজে উচ্চশ্ৰেণীৰ নাৰীয়ে ব্যৱহাৰ কৰা পণ্য ক্রয় কৰি। আনৰ ঘৰত বাচন ধুই পোৱা পইচাকিটাৰে দৰিদ্ৰ ছোৱালীজনীয়ে কিনি লয় জুহি চাওলাই ব্যৱহাৰ কৰা ‘Lux International’, দৰিদ্ৰ পৰিয়ালৰ বয়স পৰি অহা, দৃষ্টিহীনতাত ভোগা হতাশ ‘কুৰূপা’ ছোৱালীজনীয়ে বগা ছালৰ গৰাকী হ’বলৈ গৈ সাঁচতীয়া পইচাকিটাৰে কিনি আনে এটা ‘fair & lovely’ ক্রীম। দৰিদ্ৰ পৰিয়ালৰ বোৱাৰীজনীয়ে স্বামীক কুতুৰি কুতুৰি বা ঠেহ পাতি বা কাজিয়া কৰি কিনি আনে অভিনেত্রীয়ে ব্যৱহাৰ কৰা বুলি নিতৌ টি.ভি পর্দাই কৈ থকা চেম্পুৰ সৰু পেকেট এটা। ভাৰতত প্রসাধন ব্যৱসায়ৰ লগত যুক্ত ৰাম পঞ্চল নামৰ ব্যক্তিজনৰ এটা উক্তি মনত পেলাবলগীয়া, “প্রসাধন ব্যৱসায়ত কোনো পণ্য বিক্ৰী কৰা নহয়, বিক্ৰী কৰা হয় কিছু সপোন”। সকলোধৰণৰ চেম্পু, চাবোন বা আন প্রসাধন সামগ্ৰীৰ সস্তীয়া সৰু পেকেটত এই “সোপন” ব্যৱসায়ীসকলে দৰিদ্ৰ নাৰীক বিক্ৰী কৰি মুনাফা লুটে।
বিজ্ঞাপনত নাৰী মঙহৰ বেহা
এবাৰ এক বিজ্ঞাপন সংস্থাই এক তথ্য প্রকাশ কৰিছিল—যিকোনো নাৰীৰ মন এটা কেঁচুৱাই টানি নিয়ে আৰু “উলংগ”(naked) শব্দটোৱেই শতকৰা নব্বৈভাগ পুৰুষৰ মন টানি নিয়ে। উলংগ নাৰীদেহ দেখুৱাই বস্তু বেচাৰ গুৰি কাৰণো এইটোৱেই। ভৰি হাতত ফাটিছে নেকি বুলি সুধি লগতে ছপাই দিয়ে এক উলংগ নাৰী দেহ (Health & Nutrition; Nov., ’95)। কন্ডমৰ বিজ্ঞাপনত নাৰী দেহৰ ভাঁজ উদং হৈ পৰে, ফুল আৰু পখিলাৰে ঘেৰা নাৰী দেহৰ উলংগ ছবি ছপাইছে নাৰীৰ আলোচনী Eve’s Weekly-ত। বিজ্ঞাপনে নাৰীক উলংগ কৰিয়ে এৰা নাই, বিভিন্ন যৌন উত্তেজক ভংগিমাত নাৰীক গ্রাহকক প্রলুব্ধ কৰাত ব্যৱহাৰ কৰিছে। “কামসূত্র”ৰ বির্তকমূলক বিজ্ঞাপনকে আদি কৰি বহু বিজ্ঞাপনত নাৰীক যৌন উত্তেজনাৰ খোৰাক ৰূপে উপস্থাপন কৰা হৈছে।
বিজ্ঞাপনৰ জগতখনে সজাগ আৰু সূক্ষ্মভাৱে নাৰী সম্পর্কে যিবোৰ ধাৰণা বজাৰত এৰি দিয়ে সেয়া নাৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক। এই মূল্যবোধসমূহে নাৰীক বুদ্ধিহীন কৰে, দেশৰ আর্থ-সামাজিক পৰিস্থিতিৰ প্রতি অন্ধ কৰি তোলে, ভোগবাদী দর্শনত দীক্ষিত কৰি নাৰীক মগজুহীন জড় পদার্থলৈ ৰূপান্তৰিত কৰে।
মুক্ত অর্থনীতিৰ দৌলতত বজাৰ ভৰি যোৱা বিভিন্ন সামগ্রী ক্রেতাৰ ওচৰলৈ নিবৰ বাবে নাৰীদেহৰ বাদে আন ইমান লোভনীয় সুন্দৰ মাধ্যম আৰু কি থাকিব পাৰে? সাধাৰণ নাৰীদেহ হ’লেইতো নহ’ব, কুন্দত কটা চেহেৰা লাগিব। এই চাহিদাই জন্ম দিছে মডেলিঙৰ দৰে গ্লেমাৰযুক্ত পেছাৰ। মডেল বিচৰাৰ এক বিজ্ঞাপনত Femina-ই (April 8, 1996) জনাইছে—“the perfect face, perfect poise, confidence, charisma, presence of mind” নহ’লে “super-model” হ’ব নোৱাৰে। এই বিজয়ী মডেল কেইগৰাকীৰ উচ্চতা হ’ব লাগিব নিম্নতম ৫.৭ ইঞ্চি, বয়স ২১ৰ তলত। চুপাৰ মডেল কিগৰাকীৰ পৃথিৱীখন হ’ল ৰঙীন সপোনৰ—তেওঁলোকে ৫০,০০০ পৰা ১,৫০,০০০ ডলাৰলৈকে বিজ্ঞাপনৰ কনট্রেক্ট পাব। এই ৰঙীন জগতখনত নাৰী কেৱল উৰু, কঁকাল, বুকু আৰু নিতম্ব। পুৰুষশাসিত সমাজৰ মূল্যবোধ হৃদয়ত ধাৰণ কৰি নাৰীয়ে পুৰুষৰ ওচৰত মনোলোভা হ’বলৈ গৈ নিজকে যন্ত্রণা দিয়াৰ উদাহৰণেৰে ইতিহাসৰ পাত ভৰি আছে। কিন্তু এই “চুপাৰ মডেল”ৰ সংজ্ঞা মতে নাৰীয়ে নিজকে সুন্দৰী কৰিবলৈ গৈ যি অকথ্য যন্ত্রণা ভোগ কৰে তাৰ নজীৰ অতীতৰ ইতিহাসত নাই।
British Medical Journal-ত দুজন ডাক্তৰৰ এটা সমীক্ষা প্রকাশ পাইছে। ১৯২০ চনৰ পৰা বৰ্তমানলৈকে দোকানত পোছাক প্রদর্শন কৰিবলৈ সজাই থোৱা পুতলাৰ বিষয়ে এই সমীক্ষাটো যুগুতোৱা হৈছে। সমীক্ষাটোৱে এটা বৰ কৌতূহলজনক তথ্য উদ্ঘাটন কৰিছে। নাৰীদেহৰ পুতলাবোৰ সময়ৰ লগে লগে সলনি হৈছে। ১৯২০ চনৰ পুতলাটো বট্ৰি চেলিৰ ভেনাচৰ দৰে— বহল কঁকাল, বাহুতকৈ নিতম্ব বহল। ১৯৫০ৰ পুতলাটোৰ কঁকাল সৰু কিন্তু কান্ধ আৰু নিতম্ব বহল—ঠিক মেৰেলীন মনৰোৰ দৰে। ১৯৬০ৰ পৰা পুতলাবোৰৰ দেহৰ পৰা নাৰীৰ স্বাভাৱিক মঙহাল ভাৱটো নোহোৱা হ’ল। যুদ্ধৰ আগৰ পুতলাবোৰতকৈ এই নতুন পুতলাবোৰৰ নিতম্ব চাৰি ইঞ্চি আৰু উৰু দুই ইঞ্চি সৰু। ডাক্তৰ দুজনে জনাইছে যে তেওঁলোকে বিশৰ পৰা ত্রিশ বছৰ বয়সৰ চিকিৎসা-বিজ্ঞানৰ ছাত্ৰীৰ দেহাৰ সৈতে এই আধুনিক পুতলাটো তুলনা কৰি পালে যে মানুহৰ দেহাতকৈ এই পুতলাৰ নিতম্ব ছয় ইঞ্চি কম আৰু উৰু চাৰি ইঞ্চি সৰু। ইয়াৰ অর্থ হ’ল, বাস্তৱত এনে লাহী দেহা মানুহৰ থাকিব নোৱাৰে। ডাক্তৰ দুজনে কুৰি-শতিকাৰ আদর্শ নাৰী দেহা সম্পর্কে এষাৰ ভয়ানক কথা কৈছে—যদি এই আদর্শ পুতলাটো নাৰী দেহা হ’ব লাগে, তেতিয়া সেই নাৰীৰ শৰীৰত স্নেহ পদাৰ্থৰ ইমান অভাৱ ঘটিব যে তেনে নাৰীয়ে যৌৱনতে ৰজস্বলা হ’বলৈ বন্ধ কৰিব আৰু মাতৃ হোৱাৰ ক্ষমতা হেৰুৱাই পেলাব। John Garrow নামৰ এজন লণ্ডনৰ অধ্যাপকে (St. Bartholomew হস্পিতেলৰ Human Nutrition-ৰ অধ্যাপক) কৈছে–নাচনী, মডেল আৰু অভিনেত্রীসকলে লাহী দেহাৰ গৰাকী হ’বলৈ গৈ ইমান শুকান হৈ পৰে যে তেওঁলোক ৰজস্বলা হ’বলৈ অক্ষম হৈ পৰে আৰু হাড়ৰ ভিতৰৰ মজ্জাবিধ শুকাই আহে। দেহা লাহী কৰি ৰাখিবলৈ এই ‘গ্লেমাৰ গার্ল’সকলৰ বহুতেই খায় আৰু মুখত আঙুলি সুমুৱাই বমি কৰি দিয়ে, এনেকৈ মেদ বৃদ্ধিৰ পৰা আঁতৰি থাকোতে থাকোতে এটা সময়ত তেওঁলোকে একো খাবই নোৱাৰা হয়, খালেই বমি হৈ যায়। এওঁলোক সুন্দৰী হ’বলৈ গৈ ‘anorexia bulimia’ নামৰ দুৰাৰোগ্য বেমাৰত ভোগে। লেডী ডায়েনাক এই বেমাৰে প্ৰায় অথর্ব কৰি তুলিছিল। কুন্দত কটা গাৰ গঢ়নেৰে টি.ভি ষ্টাৰ কেৰেন কাৰপেন্টাৰ আৰু আলেকজেন্দ্ৰা পলক এই খালেই বমি হোৱা বেমাৰটোৱে উঠিব নোৱাৰা কৰি তুলিছিল।
আদর্শ নাৰী দেহ লাহী হ’লেই নহ’ব, যৌন আবেদনৰ বাবে বিশেষ অংগ ভৰপূৰ হ’ব লাগিব, তাৰ বাবে চিলিকন আছে, হৰম’ন চিকিৎসা আছে। ফেশ্যন মেগাজীনবোৰে সজোৰে আধুনিকতম নাৰী দেহৰ জোখ-মাখৰ প্ৰচাৰ কৰে। নাৰীয়ে আধুনিকা হ’বলৈ নিজৰ কাপোৰ ফেশ্যন মতে চিলালেই নহ’ব, দেহাটোও কাটি-কুটি ল’ব লাগিব। নাৰীৰ তেজ-মাংসৰ শৰীৰটোৰ ফেশ্যন সম্বন্ধে এখন ফেশ্যন মেগাজীনে এনেকৈ কৈছে, “…….the hour glass figure is back in fashion. Bosoms and hips are rounded again and tiny waists are emphasized”। নাৰীমুক্তিবাদী চিন্তাবিদ Mary Ann Seighart-এ এখন ফেশ্যন মেগাজীনৰ সম্পাদকক সুধিছিল,“নাৰীৰ ফেশ্যনৰ পৰিৱর্তন চুলিৰ ষ্টাইল, প্রসাধন বা স্কার্ট ডিজাইনৰ ওপৰতে নিৰ্ভৰশীল নহৈ নাৰীৰ তেজ-মাংসৰ শৰীৰটোনো কিয় পৰিৱৰ্তন কৰিব লাগে”? সম্পাদকজনৰ উত্তৰটো ভয়াবহ, “আধুনিক অস্ত্রোপচাৰৰ দ্বাৰা নাৰী দেহ সলনি কৰা এতিয়া সম্ভৱ হৈছে”। বৰ্তমানৰ আর্থ-সামাজিক কাঠামোত নাৰীৰ যি অপমান হৈছে সেয়া গভীৰভাৱে উদ্বেগজনক।
নাৰীক মানসিক আৰু শাৰীৰিক ভাৱে পংগু কৰি তোলা এই বিজ্ঞাপনৰ জগতখনৰ লগত ফেশ্যন শ’, সুন্দৰী প্রতিযোগিতা আদিৰ ওতঃপ্রোত সম্বন্ধ আছে। তথাকথিত সৌন্দর্য প্রতিযোগিতা বা মডেলিং প্রতিযোগিতাৰ মূল উদ্দেশ্য হ’ল পণ্য বেচাৰ বাবে পুতলা গোটোৱা। অসামান্য বুদ্ধি আৰু অতি সূক্ষ্ম কৌশলেৰে আমাৰ দৰিদ্রপীড়িত নাৰীৰ জীৱনলৈ “ৰাণী”ৰ সুখ আৰু সাফল্যৰ বর্ণচ্ছটা ছটিয়াই দিয়ে বণিক গোষ্ঠীয়ে, আমাৰ দুখে ভৰা মনবোৰ উচাটন হৈ উঠে। পুৰুষক যিদৰে ৰজাৰ জীৱনৰ স্বাদ দিব খুজি কয়—এই চিগাৰেট খাওক আৰু ‘Live life king size’, এই চুট পিন্ধক আৰু পাওক—’Royal view’, নাৰীকো কোৱা হয় এই পণ্যটি লোৱা, তুমি পাবা, ‘The Million Dollar Look’, এই মিলৰ কাপোৰ পিন্ধা আৰু “Super to walk into a room and make everyone seem colourless”। পণ্যসমূহ ক্রেতা নাৰীৰ মাজলৈ লৈ অহা সুন্দৰীজনী হ’ল “Beauty queen” ৰাণীৰ দৰে নাৰী। Femina-ৰ বেটুপাতত (Feb.22. 1996) চকচকীয়া দামী কাগজত ছপাইছে তিনিজনী মুকুট (ৰাণীৰ সুখলৈ মনত পেলাই) পৰিহিতা সৌন্দৰ্য্যৰাণী আৰু কৈছে—“The reign of the queens begins”—ৰাণীৰ জয়যাত্রা আৰম্ভ হ’ল। Femina-ৰ (August 23, 1995) বেটুপাতত এগৰাকী বিজয়ী মডেলৰ হাঁহি—‘the winning look’। এই সৌন্দৰ্য্যৰাণীসকলক প্ৰচাৰমাধ্যমসমূহে মানুহৰ মাজলৈ লৈ যায়। তাৰ পাছত ৰাণীসকলৰ বিজয়ী হোৱাৰ কাৰণ ৰূপে এটা এটাকৈ পণ্য আমাৰ মাজলৈ লৈ আহে; সুস্মিতা সেন, ঐশ্বৰ্য ৰায়ে ব্যৱহাৰ কৰা পণ্যটি লৈ দুখে ভৰা ক্রেতা নাৰীয়েও ক’ৰবাত যেন অকণমান ৰাণীত্বৰ বিজয়িনী নাৰীত্বৰ স্বাদ পায়।
আজিকালি সৌন্দৰ্য্যৰাণীসকলৰ মাজত এটা বস্তু হেনো বিচৰা হয়—সেয়া হ’ল বুদ্ধি; তৰকাৰী সোৱাদযুক্ত হ’বলৈ দিয়া মচলাৰ দৰে সৌন্দৰ্য্যৰাণীসকলক বন্দনা কৰা হয় এইবুলি—“rare combination of beauty and brain”। টিভিৰ পর্দাত বিশ্বসুন্দৰী সুস্মিতা সেনে স্বৰচিত ‘কবিতা’(?) আৰু শ্বেকচ্পীয়েৰৰ নাটকৰ শিৰোনামেৰে নিজা জীৱন-দর্শন প্রচাৰ কৰি তেওঁৰ, ‘superb intellect’ তীক্ষ্ণ মেধাৰ পৰিচয় দিছেই! মচলাৰ দৰে এইকণ মগজুক গুৰুত্ব নিদিলে অকল শৰীৰৰ আবেদনেৰে আজিৰ নাৰীবাদী চিন্তা-চৰ্চাৰে দীক্ষিত নাৰীক পণ্য সজাব পৰা নাযাবও পাৰে। কিন্তু সৌন্দৰ্য্যৰাণী বা মডেলসকলৰ মূল কথা দেহা, বস্তু বেচিব পৰা যৌন আবেদন থকা দেহা। Femina-ৰ “Look of the year, 1995″ প্রতিযোগিতাৰ বিজয়ী মডেলহঁতৰ ছবিৰ সৈতে পৰিচয় দিওঁতে প্রত্যেকৰে দেহাৰ বিশেষ সৌন্দৰ্য মনত পেলাই দিছে—“pretty Plum Poonam”, “green eyed…”, “with exquisite cheekbone”, long-legged lovely….এই মডেলকিগৰাকীৰ দীঘল ভৰিহাল, সেউজীয়া চকুকে আদি কৰি সুন্দৰ অংদবোৰহে মূল কথা। দীঘল ভৰিহাল কাপোৰৰ বাবে, চকুহালি প্রসাধনৰ বাবে, ভৰপূৰ বুকুখন ব্ৰাৰ বাবে। নাৰী যেতিয়ালৈকে কঁকাল, বুকু আৰু নিতম্ব হৈ থাকিব তেতিয়ালৈকে ব্যৱসায় ৰমৰমা হৈ চলিব। সৌন্দৰ্য্য প্রতিযোগিতা, ফেশ্যন শ্ব, মডেলিং প্রতিযোগিতাৰ গুৰি কাৰণ এইটোৱেই।
এইধৰণৰ প্রতিযোগিতাবোৰৰ সাধাৰণতে গুৰি ধৰে বিভিন্ন পণ্য উৎপাদকসকলে আৰু বুর্জোৱা প্ৰচাৰমাধ্যমসমূহে। বহুজাতিক কোম্পানীবোৰে কি স্বার্থত এইধৰণৰ প্রতিযোগিতাৰ গুৰি ধৰে সেয়া সহজ সত্য। বৰ্তমান এই বহুজাতিক কোম্পানীবোৰে বিজ্ঞাপনৰ মাজেদি অকল পণ্য বেচাই নাই, পণ্যৰ বাবে ক্রেতা গঢ়ি তুলিছে—অৰ্থাৎ ক্রেতাৰ মানসিকতা, মূল্যবোধ, ৰুচি, জীৱন-যাত্রা সম্পূৰ্ণৰূপে হাতৰ মুঠিলৈ নিছে। এই কোম্পানবোৰে প্ৰচাৰৰ বাবে বহুত বেছি টকা খৰচ কৰে। এই কোম্পানীবোৰ ভয়ানকভাৱে বিত্তশালী। এই ভয়ংকৰভাৱে শক্তিশালী বহুজাতিক কোম্পানীবোৰ প্ৰচাৰমাধ্যমৰ বিজ্ঞাপনৰ যোগেদি আমাৰ জীৱনলৈ আগ্রাসী ভূমিকা লৈ সোমাই আহিছে, প্ৰচাৰৰ জোৰত কৃত্রিম প্রয়োজনীয়তা সৃষ্টি কৰাত কোম্পানীবোৰৰ অপৰিসীম ক্ষমতা (প্ৰচাৰৰ বাবেই সৰু ল’ৰাছোৱালীক দিয়া চকলেট আজি বিনা দ্বিধাই আগবঢ়াই দিব পাৰি যিকোনো বয়সৰ মানুহৰ হাতলৈ, কণমান কেঁচুৱাই খেলা টেডিবিয়েৰ বোলা পুতলাটো পূর্ণ যৌৱনা নাৰীক উপহাৰ দিব পাৰি)। এই কৃত্রিম প্রয়োজনীয়তাই মানুহক মৰীচিকাৰ দৰে টানে। এই মৰীচিকা সৃষ্টিৰ প্রধান টোপ হ’ল নাৰীদেহ।
ভয়ানক ধৰণে ক্ষমতাশালী এই বণিকগোষ্ঠীসমূহে মুনাফা লুটাৰ উদ্দেশ্যৰে এক বিশাল, নিছিদ্র চক্ৰবেহু তৈয়াৰ কৰিছে। নাৰীয়ে ক্রেতাৰূপে, মডেল ৰূপে, সৌন্দৰ্য্যৰাণী ৰূপে এই চক্ৰবেহুত সোমাই পৰিছে আৰু প্রতি মুহূর্ততে হেৰুৱাইছে মনুষ্যত্ব। কিন্তু নাৰীক ইমান কৌশলেৰে এই শিকলি পিন্ধোৱা হৈছে যে নাৰীয়ে তাৰ অস্তিত্বই বুজিব নোৱাৰে। সতীদাহ প্রথা, বাল্যবিবাহ, বৈধৱ্যদশা আদিৰ দৰে খহটা শিকলিৰ দিন উকলিল। এতিয়া কাৰুকার্যখচিত সোণৰ মুকুট আৰু হীৰাৰ শিকলিৰ সময়। নাৰীয়ে বন্দী হৈয়ো বুজিব নোৱাৰে পৰাধীনতাৰ যন্ত্রণা, ধর্ষিত হৈয়ো বুজিব নোৱাৰে ধৰ্ষণৰ নিষ্ঠুৰ ৰূপ। এই ক্ষমতাশালী, বুদ্ধিমান বণিক গোষ্ঠীয়ে সৃষ্টি কৰা মূল্যবোধৰ বিকল্প আনধৰণৰ মূল্যবোধ, ৰুচি, সংস্কৃতি আছে বুলি নাৰীয়ে ভাবিব নোৱাৰা হয়। বণিকগোষ্ঠীয়ে সৃষ্টি কৰা নাৰীৰ ভাৱমূৰ্ত্তিৰ বিকল্প কোনো কথা মগজুত সোমাবলৈ নিদিয়াটোৱেই এই আর্থ-সামাজিক কাঠামোৰ মূল খুটা।
কিন্তু নাৰীৰ বিকল্প ভাৱমূৰ্ত্তি আছে। ইতিহাসৰ এক গৌৰৱ উজ্জ্বল মুহূর্তত নাৰীৰ আন এক ভাৱমূৰ্তি প্ৰচাৰ মাধ্যমেও জনসাধাৰণৰ মাজলৈ নিবৰ বাবে চেষ্টা কৰিছিল। চীনৰ বিপ্লৱৰ পাছত নাৰীও পুৰণি সমাজ-ব্যৱস্থাৰ পৰা মুক্ত হ’ল। পুৰণি চীনত নাৰী আছিল উপভোগৰ সামগ্রী। ভৰি বান্ধি লেঙেৰী কৰা নাৰীৰ থৰক-বৰক খোজেও পুৰুষৰ উত্তেজনাত অৰিহণা যোগাইছিল। নতুন চীনত নাৰীৰ দেহা কর্মক্ষম মানুহৰ দেহা বুলি গণ্য কৰি কোনো দিনে নকৰা বিভিন্ন কামত নাৰীক নিয়োজিত কৰা হ’ল। চীনৰ জনসাধাৰণে নাৰীৰ এই নতুন ভাৱমূৰ্ত্তি মানি ল’বলৈ টান পালে। বিপ্লৱী চীনা কমিউনিষ্ট পার্টিয়ে নাৰী দেহাও যে মানুহৰ দেহাৰ দৰে কর্মক্ষম সেই কথা প্রমাণ কৰিবলৈ এক অভিনৱ পন্থা হাতত ল’লে, তেওঁলোকে কিছুমান চমক দিয়া বাহিনী তৈয়াৰ কৰিলে। এই ‘shock-team’-বোৰৰ মূল উদ্দেশ্য হ’ল নাৰীক মানুহ ৰূপে জন-মানসত প্রতিষ্ঠিত কৰা। ১৯৫০ চনত চমক দিয়া বাহিনীয়ে প্রথম নাৰী বৈমানিকৰ দলটি কামত লগায়; তাৰ কেইবছৰমানৰ পাছত ‘পিকিং টিয়েনচীন এক্সপ্ৰেছ’ নামৰ ট্রে’নখন অকল নাৰীয়ে চলাই দেখুৱায়, আনচান ষ্টীলৰ কাৰখানাৰ নাৰীক ইঞ্জিনীয়াৰ আৰু আন পদত নিযুক্তি দিয়ে, নাৰীৰ তেলখাদত কাম কৰা এটা ড্রিলিং টিমেও ১৯৭০ চনত কাম আৰম্ভ কৰে, একে চনৰে ৮ মার্চত অকল নাৰীৰে গঠিত দলং তৈয়াৰ কৰা বাহিনীটোৱেও কামত লাগে। এই ব্যৱস্থাও একেবাৰে আঁসোৱাহ মুক্ত বুলি নকওঁ, কিন্তু ‘shock-team’-বোৰে সেই সময়ত নাৰীৰ মানসিকতাত যে এক প্রচণ্ড জোকাৰণি দিছিল সেয়া সকলো বিতর্কৰ উৰ্দ্ধত। পুৰুষৰ মানসিকতাতো এই বাহিনীসমূহে এক গভীৰ প্ৰভাৱ পেলাইছিল। সেই সময় ছোৱাৰ প্ৰচাৰমাধ্যমসমূহে “shock-team’-বোৰক এক বিশেষ গুৰুত্ব দি জনসাধাৰণৰ মাজলৈ লৈ যোৱাত সহায় কৰিছিল। চীনা কমিউনিষ্ট পার্টিৰ তত্ত্বগত অৱস্থান হ’ল এয়ে যে নাৰীয়ে মুক্তি পাব একমাত্র সামাজিক উৎপাদন ব্যৱস্থাৰ লগত নিজক জড়িত কৰিহে। এই সূত্রই ‘shock-team’-বোৰৰ মূল ভিত্তি আছিল।
নাৰীমুক্তিবাদী লেখিকা জাৰমেইন গ্রিয়েৰে নাৰী দেহ সম্পর্কে কৈছে যে—আনৰ চকুক তৃপ্তি দিবৰ বাবে নিজৰ দেহাৰ জোখ-মাখ সলাবলৈ নাৰীৰ ওপৰত সদায়ে দাবী আৰোপ কৰি অহা হৈছে, নাৰী ইমানেই নিৰাপত্তাহীনতাত ভোগে যে যিমানেই অযুক্তিকৰ নহওক লাগে এই দাবীবোৰ নাৰীয়ে মানি লয়।……..প্রত্যেক ব্যক্তিৰে নিজস্ব ওজন আৰু অবয়ব থাকে। যেতিয়া আমি নাৰীদেহক কোনো কামত নলগা নান্দনিক তৃপ্তিৰ উৎস বুলি গণ্য কৰোঁ তেতিয়াই নাৰীৰ শৰীৰ আৰু লগতে শৰীৰৰ গৰাকীকো বিকৃত কৰোঁ।
চিম্য ড্য বিভই পুৰুষশাসিত সমাজখনৰ বিৰুদ্ধে অভিযোগ আনিছে—“নাৰীৰ পাখি কাটি দি কোৱা হৈছে নাৰীয়ে উৰিব নোৱাৰাটো বৰ শোকাবহ কথা”। ‘পামলিভ’ আৰু ‘ফেমিনা’ই আয়োজন কৰা এক ফেশ্যন শ্ব’ই নাৰীক উৰিবলৈ আকাশ দিছে। এগৰাকী বিজয়ী মডেলৰ গাত পেলাই ৰখা গোলাপী শাৰী দুই বাহুত পাখি হৈ পৰিছে। দামী শাৰীৰে নাৰীক পাখি দিয়াৰ প্ৰতিশ্রুতি দি কোৱা হৈছে “Come spread your wings” (Femina, Feb.23, 1996)। নাৰীক পাখি মেলিবলৈ আহ্বান কৰি এই বণিকগোষ্ঠীয়ে নাৰীৰ পাখি সম্পূৰ্ণৰূপে কাটি পেলাবলৈ এক বিশাল চক্ৰবেহু তৈয়াৰ কৰি আনিছে। নাৰীয়ে এই চক্ৰবেহুত সোমাই প্রতি মুহূর্ততে হেৰুৱাইছে নিজৰ মনুষ্যত্ব, পাহৰি গৈছে নিজক মানুহলৈ উত্তৰণ ঘটোৱাৰ পথ।