৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

বিহুগীতত সমাজ-বিৱৰ্তনৰ ডুখৰীয়া ছবি (খগেশ সেন ডেকা)

মানুহৰ সাংস্কৃতিক মূল্যবোধ নির্ণিত হয় প্রচলিত সমাজব্য‌ৱস্থাৰ দ্বাৰা। প্ৰতিটো মানৱ প্ৰজাতিৰ খাৱন-দাৱন, পিন্ধন-উৰণ, গীত, নৃত্য, বাদ্য আদি সাংস্কৃতিক কার্যকলাপসমূহ সমসাময়িক সমাজব্যৱস্থাৰেই এক সামগ্রিক প্রতিফলন মাত্র। গতিকে, সামাজিক অৱস্থাভেদে সাংস্কৃতিক প্ৰমূল্যও সুকীয়া হ’বলৈ বাধ্য। যি জাতিৰ সমাজব্যবস্থা যিমানেই উন্নত, সেই জাতিৰ সংস্কৃতিও সিমানেই উন্নত। সমাজৰ উপৰিসৌধস্বৰূপে বৰ্তি থকা এই সাংস্কৃতিক ব্যৱস্থাসমূহৰ মাজেৰে সমাজৰ মূল ভিত্তিত সময়ে সময়ে সংঘটিত পৰিৱর্তনসমূহৰো প্রত্যক্ষ প্রতিফলন ঘটে। পৃথিৱীৰ সকলো মানৱ জাতিৰ সাংস্কৃতিক ইতিহাসৰ ই এক অপৰিহার্য পৰিঘটনা।

সাহিত্য সংস্কৃতিৰে এক অপৰিহার্য অঙ্গ। সেই হিচাপে সাহিত্যৰ মাজেৰেও সমাজবিৱৰ্তনৰ স্বাক্ষৰ অনায়াসে পাব পাৰি। বিশেষকৈ মানুহৰ মুখ বাগৰি যুগ যুগ ধৰি চলি অহা মৌখিক সাহিত্য তথা লোকগীতসমূহৰ মাজত এনে পৰিৱৰ্তনৰ প্রতিচ্ছবি অতি সযতনে সংৰক্ষিত হোৱা দেখা যায়। কাৰণ, লোক-জীৱনে স্বতঃস্ফূর্তভাৱে মনৰ সাঁচিপাতত লিপিবদ্ধ কৰি ৰাখে বিভিন্ন সময়ৰ পৰিৱৰ্তনকাৰী সামাজিক ঘটনাৱলীৰ জীৱন্ত ইতিহাস। অসমীয়া চহা জীৱনৰ প্রাণবন্ত সৃষ্টি বিহুগীতসমূহো ইয়াৰ ব্যতিক্রম নহয়। অসমীয়া জাতিৰ জীৱন-বুৰঞ্জী কথন যদিও চহা কবিৰ প্রত্যক্ষ উদ্দেশ্য নহয়, তথাপি পৰোক্ষভাৱে ইয়াৰ মাজেৰেই অংকিত হৈছে অসমীয়া সমাজ বিৱর্তনৰ ডুখৰীয়া ছবি।

এইখিনিতে উল্লেখ কৰি থোৱা সমীচীন হ’ব যে, অসমৰ বাপতি সাহোনৰূপে পৰিগণিত জাতীয় উছৱ বিহু মূলতঃ তিনিটা হ’লেও এই নিবন্ধত কেৱল ৰঙালী বিহুৰ দিশটোহে আলোচনা কৰা হ’ব। কাৰণ বিহুগীতবোৰ মুখ্যতঃ ৰঙালী বিহুৰ লগতহে জড়িত। বাকী দুটা বিহুৰ লগত গীত-মাতৰ তেনে কোনো পোনপটীয়া সম্পর্ক নাই।

ৰঙালী বিহুৰ আদিতম ৰূপ কেনে আছিল তাক ঠাৱৰ কৰা এক প্রকাৰ অসম্ভৱ কথা। কিন্তু, ই যে প্রাকশ্রেেভণী সমাজৰ কৃষিভিত্তিক উর্বৰ উৎসৱ আছিল তাক তথ্য সহকাৰে প্রমাণ কৰি দেখুৱাব পাৰি। শস্য ক্ষেত্ৰত যৌনতাৰ আচৰণে মাটিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰি অধিক ফচল উৎপাদনত সহায় কৰিব—এনে এক ঐন্দ্রজালিক ধাৰণা এই উছৱৰ লগত জড়িত। উছৱ পালনৰ সময়, স্থান আৰু তদনুসঙ্গী যৌৱনোন্মাদ গীতনাচ আদি তাৰেই সৰৱ সাক্ষী। অৱশ্যে, খাদ্য উৎপাদনকাৰী কৃষি সমাজ দৃঢ় হোৱাৰ পূর্ব মুহূর্ত; অর্থাৎ খাদ্য সংগ্রহকাৰী চিকাৰজীৱী জীৱনৰ সামাজিক স্তৰটোও দুই-এফাঁকি গীতৰ মাজেৰে প্রতিফলিত নোহোৱাকৈ থকা নাই। নিম্নোক্ত পদফাঁকি তাৰেই প্রকৃষ্ট উদাহৰণ—

ল’ৰাহঁত বুঢ়াহঁত ভালুকে তেঁতেলি খালে ঐ

‘ৰি আহ চেনাই ঐ।

‘ৰি আহ কানাই ঐ লৰি আহ।

আধুনিক জীৱনৰ সমস্ত উপভোগৰ সামগ্ৰী হাতৰ মুঠিত পায়ো মানুহে মুক্ত জীৱনৰ সোৱাদ বিচাৰি বনভোজ খোৱাৰ নামত এদিনৰ বাবে হলেও হাবিলৈ ঢাপলি মেলাৰ দৰে হয়তো আদিম লোকসমাজেও চিকাৰজীৱী জীৱন এৰি নতুনকৈ কৃষিভিত্তিক ব্যৱস্থাত প্ৰৱেশ কৰাৰ পিছতো হেৰোৱা অতীতৰ মাদকতা এনেবোৰ গীতৰ মাজেদি স্মৰণ কৰি তৃপ্তি লাভ কৰিছিল। এই প্রসঙ্গত উল্লেখযোগ্য যে বিহুগীত বিৱর্জিত নামনি অসমৰ ঠাই বিশেষে সৌ সিদিনালৈকে ‘ব’হাগৰ দোমাহী’ত গাঁৱৰ ডেকাহঁতে হাতে হাতে টাঙোন লৈ দলবদ্ধভাৱে হাবিত প্ৰৱেশ কৰি শিয়াল, হেঁপা, কেঁটেলাপহু আদি জন্তু হুৰাই চিকাৰ কৰাৰ প্ৰথা প্রচলিত আছিল। এনেকি, কামৰূপৰ কিছুমান অঞ্চলত ব’হাগ বিহু আজিও ‘শিয়াল খেদা দোমাহ‘ ৰূপেহে জনাজাত। এইবোৰ কথায়ো উক্ত ধাৰণাকে অধিক দৃঢ় কৰে।

উৎপাদনৰ আহিলাৰ উন্নতি আৰু উৎপাদনৰ সম্পৰ্ক সলনিৰ অনিবার্য ফলশ্রুতি হিচাপে আদিম জনজাতীয় জীৱন-পদ্ধতিৰ ঠাইত নতুনকৈ শ্রেণীবিভক্ত কৃষি-সমাজৰ উদ্ভৱ হয়। এই নতুন ব্যৱস্থাত মাটিৰ মালিকৰ হাতত সমস্ত ক্ষমতা কেন্দ্রীভূত হোৱাত সিহঁতেই হৈ পৰে সমাজৰ হর্তাকর্তা বিধাতা। সমাজৰ নিয়ন্ত্রণব্যৱস্থা পর্যায়ক্রমে এনেদৰে মুষ্টিমেয় এচাম লোকৰ হস্তগত হোৱাত সৰলচিতীয়া সাধাৰণ শ্রমকাৰী লোকসকলে সিহঁতক ভিন্ন দৃষ্টিৰে চাবলৈ লৈছিল। মালিক পক্ষৰ শাসন-শোষণৰ চক্রান্ত বুজিবলৈ সাধাৰণ ৰাইজ আছিল তেনেই অক্ষম। ইয়াৰ গইনা লৈ লাহে লাহে সমাজত উচ্চ-নীচ ধাৰণাৰ বা আন কথাত শ্রেণীবৈষম্যৰ সৃষ্টি হৈছিল। এনেদৰে শ্ৰেণীপ্রভূহঁত ‘দেউতা ঈশ্বৰ’ৰ শাৰীলৈ উন্নীত হোৱাত সাধাৰণ মানুহে সিহঁতক সমস্ত মান-মর্যাদাৰ অধিকাৰী বুলি তোষামোদ কৰিবলৈ লয়। বিহুগীতত এই শ্ৰেণীৰ প্রতি প্ৰতিভূ ডী-ডাঙৰীয়াহঁতৰ প্রশস্তি তেনে এক সময়তে প্রৱেশ কৰা বুলি নক’লেও ধৰিব পাৰি। তলৰ বিহুনামফাঁকিয়ে সেই কথাকে প্রমাণ কৰে—

দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী

কেতেকী মলমলাই।

অসম ভূমিত আহোম-ৰাজত্বৰ কালছোৱাত এনে প্রশস্তিমূলক গীতে চৰম পর্যায় পাইছিল। আহোম ৰজাৰ প্রশস্তিৰে বিহুনাম জোৰা নিয়ম অদ্যাবধি প্রচলিত—

সৰ্গদেউ ওলালে বাটচ‘ৰাৰ মুখলে

দুলীয়াই পাতিলে দোলা

কাণত জিলিকিলে মকৰ কুণ্ডল

 গাত গোমচেৰ চোলা”।

‘মকৰ কুণ্ডল’, ‘নৰা জাংফাই’, ‘গোমচেঙৰ চোলা’ আদি ৰজাঘৰীয়া সা-সম্পদ কাহানিবাই লুপ্ত হ’ল। স্বৰ্গদেউহঁতৰো হাড়ত কাহানিবাই বন গজিল। অথচ, বিহুগীতত তাৰ চিত্র আজিও সজীৱ হৈ আছে।

কোৱা বাহুল্য মাথোন যে, অসমত বিহুনাম আৰু বিহুনাচ অধিক জনপ্রিয় কৰি তুলিছিল আহোম আৰু চুতীয়াসকলে। বিহু অসমৰ বিভিন্ন জাতি উপজাতিৰ সমন্বিত সংস্কৃতি হলেও গীত, নৃত্য আৰু বাদ্য আদি কিছুমান দিশত আহোমসকলৰ প্ৰভাৱ দর্শনীয়ভাৱে বর্তমান। আজিও উজনি অসমৰ আহোম আৰু চুতীয়া অধ্যুষিত অঞ্চলত বিহু নৃত্য-গীতৰ আদৰ আৰু পয়োভৰ তুলনামূলকভাবে বেছি।

এই কথা ঐতিহাসিকভাৱে প্রমাণিত যে আহোমসকলৰ মূল বাসস্থান আছিল ব্রহ্মদেশ বা মানদেশৰ উজনি অঞ্চল। তাৰে পৰাই ১২২৮ খ্রীষ্টাব্দত চ্যুকাফাই অনায়েকৰ সৈতে আলচি “একে হাবিতে দুটা মতা বাঘ, হাতী নাথাকে। একে পাটতে দুটা ৰজাও নাথাকে। …মই নামনি ৰাজ্যলৈ যাওঁ তুমি আতে ৰাজা হৈ থাকা” বুলি ককায়েক চুখ্ৰানফাই যোগান ধৰা মানুহ ৩৬০জন, দুটা হাতী, ত্রিশটা ঘোঁৰা, ধনুকাঁড় আৰু কিছু আ-অলঙ্কাৰাগত লগত লৈ নামকিউ (ইৰাৱতী) নৈ পাৰ হৈ পাটকাই পর্বতমালাৰ গিৰিসংকটেদি অসমলৈ আহি এই ভূখণ্ডত স্থানীয় মানুহৰ সহযোগত ৰাজ্য স্থাপন কৰিছিল। পৰৱৰ্তীকালত সুদীর্ঘ ছশ বছৰকাল এই জনগোষ্ঠীটোৱে সগৌৰৱে অসম ভূমি শাসন কৰিছিল আৰু অসমীয়া জাতিগঠন প্রক্রিয়াত মুখ্য ভূমিকা লৈছিল। বিহুগীতত মানদেশৰ উল্লেখ আৰু পূর্বপুৰুষৰ সশ্রদ্ধ স্মৰণে আহোমসকলৰ প্ৰব্ৰজন তথা বিহুগীতত তেওঁলোকৰ প্ৰভাৱৰ ইঙ্গিত দিয়ে—

মানদেশত আছিলে        মানতৰা এযুৰি

আছিলে নৰিয়াত পৰি

যেতিয়া শুনিলে            বিহুৰে বাতৰি

আহিলে কাছুটি ধৰি।

পদাফাঁকিত উল্লেখ থকা মানতৰা এযুৰি শব্দগুচ্ছৰে আহোমসকলৰ পূৰ্বপুৰুষ খুনলুং আৰু খুন্‌লাইক বুজোৱা হৈছে নে চ্যুকাফা আৰু তেওঁৰ ককায়েক চুখ্ৰানফাৰ কথা কোৱা হৈছে, সেই কথা বুজিবলৈ টান।

কৃষিভিত্তিক সমাজব্যবস্থাত ডা-ডাঙৰীয়া শ্রেণীটোৰ আৰামদায়ক বিলাসী জীৱন আৰু আনহাতে সাধাৰণ খেতিয়ক ৰাইজৰ অনিশ্চিত অন্ধকাৰ ভৱিষ্যৎ— এই দুই তৰফা বৈপৰীত্যৰ মাজত চহা কবিয়ে কোনো প্রকাৰৰ যোগসূত্র বিচাৰি উলিয়াব পৰা নাছিল যদিও, শোষিত কৃষক দুখ-দুর্দশাৰ সুৰ তেওঁলোকে অতি সহানুভূতিৰে অঙ্কন কৰিছে। অতিকৈ চেনেহৰ ৰঙালী বিহুটিত ল’বলৈ কেতিয়াবা সাধাৰণ কৃষক ৰাইজে এডুখৰি কাপোৰো যে যাোগাৰ কৰি ল’ব পৰা নাছিল সেইকথা তলত উল্লেখ কৰা বিহুনামফাঁকিয়ে দাঙি ধৰে—

 “বিহুৱতী চৰায়ে          কৰে বিহু বিহু

আমাৰ বিহুৰ কাপৰ নাই।”

তদুপৰি, এনে উল্লেখে সেই সময়ত কৃষক সমাজৰ ওপৰত শোষণ যে তীব্রতৰ হৈছিল সেই কথাও প্রমাণ কৰে। কপালৰ ঘাম মাটিত পেলাই খেতিৰ মাটিত ফচল ফলাই আনৰ ভঁড়াল চহকী কৰা কৃষক ডেকাৰ ক্ষোভজনিত মর্মস্পর্শী চিন্তা নিন্মোক্ত গীতফাঁকিৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ পাইছে।

জাই নাচাবি                    ভটিয়াই নাচাবি

পথাৰত লাগিছে জুই

ণৰ মাটি ম                আজি নাইকিয়া

খুৱাইছোঁ ৰুই।

মধ্যযুগত মহাপুৰুষ শঙ্কৰদেৱৰ বৈষ্ণৱ আন্দোলনে বিহুগীতবিশেষকে হুঁচৰিৰ গীত-মাতক পোনপটীয়াভাৱে প্ৰভাৱান্বিত কৰে। উল্লেখযোগ্য যে, হুঁচৰি আৰু বিহুনাম উভয়ে বঙ্গলী বিহুৰ লগত জড়িত হ’লেও দুয়োৰে মাজত মৌলিক পার্থক্য আছে। হুঁচৰি মূলতঃ আশীর্বাদমূলক অনুষ্ঠান। তদুপৰি, গৃহস্থৰ চোতালত পৰিৱেশিত হয় বাবে ইয়াৰ গীত-মাত নিতান্তই মার্জিত আৰু আধ্যাত্মিকভাৱ সম্পন্ন হ’ব লাগিছিল। তজ্জনিত কাৰণতে, ই ধর্মীয় প্রভাৱৰ বাবে সামগ্রিকভাৱ অনুকূল আছিল। আজিও হুঁচৰি অনুষ্ঠানত শঙ্কৰ-মাধৱৰ কীৰ্ত্তন-নামঘোষাৰ পদেই সৰহকৈ শুনা যায়। অৱশ্যে ধর্ম নিৰপেক্ষ গীত যে একেবাৰেই লুপ্ত হৈছে তেনে ধাৰণা অমূলক। “হুচৰি এ চ’ত আমি বিহু মাৰো য’ত / দেহি ঐ দূবৰি নগজে তত” আদি গীতবোৰ আজিও সমানেই জনপ্রিয়। সাধাৰণতে ধর্ম নিৰপেক্ষ গীতবোৰত ফুলকোঁৱৰ, মণিকোঁৱৰ কিংবা নাহৰৰ গীতহে পদ হিচাপে জুৰি দিয়া হয়। হুঁচৰিৰ এনে ধর্মীয় চৰিত্ৰৰ বিপৰীতে মুকলি বিহুৰ পৰিৱেশন উত্তাল আৰু যৌনোদ্দীপক গীতে-মাতে ভৰপূৰ হোৱা দেখা যায়। এই প্রসঙ্গতে, অধুনাকালৰ মঞ্চোত্থিত বিহুলৈ লক্ষ্য কৰি এটা কথা কৈ থোৱা সমীচীন হ’ব যে জাতি-ধর্ম নির্বিশেষে সকলো স্তৰৰ অসমীয়াই সহজে আঁকোৱালি ল’ব পৰাকৈ বিহুগীতসমূহৰ পৰা ধর্মীয় চিন্তা বিজড়িত পদসমূহ অতি সাৱধানে পৰিহাৰ কৰি চলিব পাৰিলে ভাল। তেনে কৰিলে লোকগীত তথা লোকঅনুষ্ঠান হিচাপে বিহুৰ মর্যাদা বৃদ্ধি পাব আৰু সার্বজনীনতা, ধর্ম নিৰপেক্ষতা আদি বিষয়বোৰো কেৱল বক্তৃতাৰ মাজতে আবদ্ধ নাথাকি অসমীয়া জাতিগঠন-প্রক্রিয়াৰ সহায়ক হ’ব বুলি পতিয়ন যাব পাৰি।

বিহুগীতসমূহৰ আদি ৰসাত্মক চৰিত্ৰৰ কথা সর্বজনবিদিত। ডেকা-গাভৰুৰ প্রাণোচ্ছল জীৱনৰ প্রেম-প্রীতি, বিৰহ-মিলনেই ইয়াৰ ঘাই প্রতিপাদ্য বিষয়। এই প্রেম অনিবার্যভাৱেই ঐহিক তথা ইন্দ্রিয়গ্রাহ্য। কিন্তু, ব্যর্থ প্রেমৰ তাড়নাত কেতিয়াবা জীৱন-বিমুখ বৈৰাগ্য-দর্শনেও ইয়াৰ মাজেৰে ভুমুকি নমৰাকৈ থকা নাই। ক্ষণভঙ্গুৰ জীৱনৰ অসাৰতা উপলব্ধিৰ মাজেৰে চহা কবি কেতিয়াবা দেহ-বিচাৰৰ পর্যায়ো পাইছেগৈ—

ধন গ’ল উচলি           দেহা গ’ল পিছলি

লগত গ‘ল দুচলি খৰি।

ঐহিক জীৱনৰ মায়া-মোহ এৰি পাৰলৌকিক মুক্তিৰ প্রতি অধিক আগ্রহ প্রদর্শন কৰা মায়াবাদী দর্শনৰ প্ৰভাৱ মধ্যযুগীয় বৈষ্ণৱ চিন্তাৰ পৰিণতি বুলিব পাৰি। অৱশ্যে, বিহুগীতত এনে উপলব্ধি নিতান্তই ক্ষন্তেকীয়া যেন লাগে। সম্ভবতঃ পাৰলৌকিক চিন্তাৰ বিৰহৰ দুখে ঐহিক সুখৰ চিৰ আনন্দময় উত্তেজনা চেৰাই যাব নোৱাৰাটোৱেই তাৰ মুখ্য কাৰণ।

আগতেই উল্লেখ কৰি অহা হৈছে যে, অসমৰ বিহু উছৱ এক মেজিক ধাৰণাৰহে ফচল। চাৰিওফালৰ দুর্বোধ্য প্রাকৃতিক শক্তিক জয় কৰি শস্যৰ উৎপাদন বৃদ্ধিয়েই আছিল এই মেজিক ধাৰণাৰ মূল উদ্দেশ্য।

জীয়াই থকাৰ তাড়নাত মানুহে কৃষিভূমি চহাই-মৈয়াই, তাত ফচল ৰুই খাদ্যবস্তু উৎপাদন কৰে। আনহাতে, বংশ বৃদ্ধিৰ বাবে প্রয়োজন স্ত্রী-পুৰুষৰ দৈহিক সংসৰ্গৰ। এই দুয়োটা ঘটনাৰ মাজত আদিম মানুহে এক ‘সদৃশ’ সম্পর্ক দেখা পাইছিল যেন লাগে। নাৰীৰ গৰ্ভত লোদোৰ-পোদোৰ সন্তান ওপজাৰ দৰে শস্য ক্ষেত্ৰত যৌনতাৰ আচৰণে উর্বৰা শক্তি বৃদ্ধি কৰিব বুলি হয়তো আদিম মানুহে ভাবি লৈছিল। সেইবাবেই বিহুগীতবোৰৰ মাজেৰে ঘাইকে বর্ণিত হৈছে ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ জীৱন্ত কাহিনী।

শস্য ক্ষেত্ৰৰ লগত কৃষকৰ এৰাব নোৱৰা সম্পর্ক। এই সম্পর্ক বিহুগীতবোৰৰ মাজেৰে বাৰে বাৰে ঘোষিত হৈছে আৰু তাৰ অনুষংগৰূপে প্রতিভাত হৈছে অসমৰ পৰ্বত-পাহাৰ, নৈ-বিলৰ বাৰে বৰণীয়া প্রাকৃতিক দৃশ্যাবলী। সমসাময়িক সমাজৰ লোকাচাৰ তথা অর্থনৈতিক, ৰাজনৈতিক ব্যৱস্থাৱলীও চহা কবিয়ে স্থান বিশেষে উল্লেখ কৰিবলৈ পাহৰা নাই। আহোম ৰাজত্বৰ কালছোৱাৰ ৰাজনৈতিক উত্থান-পতন, মানৰ উপৰ্যুপৰি আক্ৰমণ, মোৱামৰীয়া অভ্যুত্থান আৰু পৰৱৰ্তী কালৰ ইংৰাজ শাসনৰ কথাও বিহুগীতসমূহৰ মাজেৰে সাৱলীল ভাষাৰে বিবৃত হৈছে।

বিভিন্ন সময়ত সমাজত সংঘটিত ঘটনাসমূহৰ প্রত্যক্ষ অথবা পৰোক্ষ বিৱৰণ বিহুগীতৰ মাজেৰে ব্যক্ত হ’লেও সি মূল বিষয়বস্তু, প্ৰেমৰ সৈতে একান্ত হৈ আছে। সাগৰৰ পানীত নৈ, জান, জুৰিৰ পানী একাকাৰ হৈ মিলি যোৱাৰ দৰে বিহুগীততো সামাজিক পৰিৱৰ্তনৰ দৃশ্যসমূহে প্ৰেমৰ মাধ্যমেৰেহে পৰিব্যাপ্তি লাভ কৰিব পাৰিছে। অৱশ্যে এই প্রেম তথাকথিত নাগৰিক প্রেম নহয়। কৃষিজীৱী সমাজৰ আন্তৰিতা আৰু কৰ্মানুপ্ৰেৰণাৰে ই সুস্থ, সবল আৰু জীবন্ত।

চ’ত মাহ সোমোৱাৰে পৰা অসমৰ আকাশ-বতাহ বিহুনাম আৰু তদনুসংগী বাদ্যযন্ত্রৰ শব্দেৰে মুখৰিত হয়। যৌৱনৰ বলিয়া বতাহত ‘কমোৱা তুলাৰ দৰে’ উৰি ফুৰে ডেকা-গাভৰুৰ মন। এনে এক মধুৰ পৰিৱেশত অসমীয়া জন-জীবনে পীৰিতিৰ ৰাজ্যলৈ অকল ঈশ্বৰকে নমাই আনি ক্ষান্ত থাকিব পৰা নাই। প্ৰেমৰ স্থিতি মজবুত কৰিবলৈ প্রয়োজন সাপেক্ষে তেওঁলোকে ভাৰতৰ স্বাধীনতা যুঁজৰ হোতা ‘গান্ধী মহাৰাজ’, ‘বাল গঙ্গাধৰ তিলক’কো টেৰেচীয়া চকুৰে কটাক্ষ কৰিছে—

“প্রথমে ঈশ্বৰে                      পৃথিৱী স্ৰজিলে

লগতে স্ৰজিলে জীৱ

সেইজনা ঈশ্বৰে                     পীৰিতি কৰিলে

আমিনো নকৰিম কিয়।”

********

 “গঙ্গাধৰ তিলকে            পীৰিতি কৰিলে।

গান্ধীয়েও কৰিছিল প্রেম।

ইত্যাদি ইত্যাদি।

১৮২৬ চনৰ স্থানীয় প্রশাসক উপস্থিতি অবিহনেই মান আৰু ইংৰাজৰ মাজত হোৱা বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ চৰ্তানুসাৰে অসমত ইংৰাজৰ ঔপনিৱেশিক শাসন-শোষণ নিকপকপীয়া হোৱাত কৃষিভিত্তিক সমাজ-গাঁথনিত ভাঙোন ধৰে। ফলত, প্রচলিত মূল্যবোধৰ পৰিবর্তন অৱশ্যম্ভাৱী হৈ উঠে। পশ্চিমীয়া সভ্যতাৰ আদব-কায়দাৰ আমদানিয়ে এই পৰিৱর্তনৰ গতি যে আৰু অধিক ত্বৰান্বিত কৰিছিল সেই কথা নক’লেও বুজিব পাৰি।

অৱক্ষয়মুখী সামন্ত সমাজৰ তথাকথিত অভিজাত শ্রেণীৰ ক্ষমতা ইংৰাজসকলে বহুলাংশে কৰ্তন কৰাত তেওঁলোকৰ প্রতিপত্তি লাহে লাহে হ্রাস পাই আহিছিল। পিছলৈ ক্ষমতাৰ হস্তান্তৰকৰণ প্রক্রিয়া সম্পূর্ণ হোৱাত এই শ্রেণীটোৱে অস্ত্রহীন সেনাধ্যক্ষৰ দৰে নিজৰ ধ্বংস প্রত্যক্ষ কৰাৰ বাদে আন একো উপায় পোৱা নাছিল। পিয়লি ফুকন, মণিৰাম দেৱান আদি মুষ্টিমেয় এচাম লোকে হৃত গৌৰৱ উদ্ধাৰৰ অর্থে ইংৰাজৰ বিৰুদ্ধাচৰণ কৰি ফাঁচি-কাঠত প্রাণ দিছিল। আনহাতে, ইংৰাজৰ শাসন-শোষণ সুদৃঢ় হোৱাত সহায়ৰ হাত আগবঢ়াই সিহঁতৰ ছত্রছায়াত এটা নতুন অভিজাত শ্রেণীয়ে মূৰ দাঙি উঠিছিল।

কৃষি অর্থনীতিৰ পৃষ্ঠপোষক হিচাপে আহোম ৰজাঘৰে কৃষিজীৱী ঐতিহ্যৰ বাহক বিহুক যথোচিত সন্মান প্রদর্শনেৰে খেতি পথাৰৰ পৰা বুটলি আনি ৰংপুৰৰ ৰংঘৰৰ বাকৰিত প্রদর্শন কৰাই জাতীয় উছৱৰূপে বিৰল মর্যাদা প্রদান কৰিছিল। এই ঘটনা সংঘটিত হৈছিল ১৭৪৫ খ্রীষ্টাব্দত, স্বৰ্গদেৱ শিৱসিংহৰ ৰাজত্ব কালত। কিন্তু ব্রিটিছৰ বাহিৰে পোকো মোৰ নোবোলা এই ন ধনীহঁতে বিহুক ‘অশ্লীল’ আৰু ‘ইতৰ লোকৰ নিলাজ অনুষ্ঠান’ আখ্যা দি দেশৰ চাৰি ঢাপৰ পৰা ‘বাজ কৰি’ পঠিয়াবলৈ উঠি-পৰি লাগিছিল। বিলাতী আদব-কায়দাৰ প্রতি শ্রদ্ধাশীল মনোভাৱেই আছিল এনে ধাৰণাৰ ঘাই কাৰণ। তদুপৰি, ব্রিটিছৰ উদ্যোগিক নীতি আৰু মুদ্রাভিত্তিক অর্থনীতিৰ প্রাবল্যও ইয়াৰ আন এক কাৰণ হ’ব পাৰে। সি যি কি নহওক, এনে অপচেষ্টা সত্ত্বেও গণজীৱনৰ বুকু উমেৰে সযত্ন পালিত হৈ বিহুগীত আৰু বিহুনাচ মৰি মৰিও জীয়াই থাকিল। এই আপাহতে উল্লেখ কৰি থোৱা উচিত হ’ব যে, সম্প্রতি বিহু সংস্কৃতিৰ প্রতি পুনৰ ভাবুকি আহিছে আৰু এইবাৰ শতৰু শালিছে ডেৰ মাইল, দুই মাইলৰ অন্তৰে অন্তৰে অনুষ্ঠিত বিহু মঞ্চ আৰু সিবোৰত প্রদর্শিত বাহিৰৰ পৰা আমদানিকৃত সস্তীয়া অনুষ্ঠানবোৰে।

ব্রিটিছৰাজৰ সময়ত সিহঁতৰ সাম্রাজ্যবাদী চক্ৰান্তৰ তলানলা ধৰিব নোৱৰা সৰলচিতীয়া চহা জীৱনে নিত্য নতুন বিলাতী সামগ্ৰীৰ আমদানিত চমকিত হৈছিল। কাহানিও দেখি নোপোৱা ভাপনাও, ভাপকল, ৰেল, জাহাজ আদি যন্ত্রচালিত বস্তুৰ প্ৰচলনে তেতিয়াৰ সমাজ জীৱনৰ মূল ভেঁটি বাৰুকৈয়ে জোকাৰি গৈছিল। আজিও অসমীয়া গ্রাম্য জীৱনে ভাল বস্তুক বিলাতী আখ্যা দিহে সুখ পায়। তেহেলৈ সেইপদ নিজ দেশতেই তৈয়াৰী হওক। বিহুগীতত সমাজ-জীৱনলৈ অহা এনে পৰিৱৰ্তনৰ নমুনা সুন্দৰভাৱে সংৰক্ষিত হৈছে—

বিলাতী সুতলৰ           বাণি তই বান্ধ ঐ

বিলাতী সুতলৰ বাণি।

*******

ৰেল আলি বন্ধালে        কোনে ঐ লগৰী

গড় আলি বন্ধালে কোনে।

সাম্রাজ্যবাদী ব্রিটিছ শক্তিৰ শাসন-শোষণৰ অন্যতম কৌশল হিচাপে সেই সময়ত অসমীয়া সমাজত কাণি-বৰবিহৰ অবাধ প্রচলন ঘটিছিল। থুৰীয়া তামোলৰ লগত লালি ধপাতৰ উচ্‌পিচ পাগ তুলি মতলীয়া হোৱা একালৰ অসমীয়া এতিয়া কানিৰ টিকিৰা পুৰিবলৈ নাপালে মৰিব পৰা হ’ল। বহুলোকৰ সা-সম্পত্তি এই বৰবিহৰ লগতে উছন যোৱাৰ উপক্রম হ’ল। ইয়াৰ ফলত সমাজ-জীৱনত যি অথন্তৰ ঘটিল, সি আজিকোপতি এৰা দিয়া নাই। আজিও ‘কানীয়া অসমীয়া’ বদনামযাৰ আমাৰ গাত সততে লাগি আছে। বিহুগীতবোৰত কানীয়া ডেকাক শ্লেষযুক্ত উক্তিৰে এনেদৰে কটাক্ষ কৰা হৈছে—

              “কালিয়ে আহিলা             কাণি পান কৰিলা

ঘৰত বা হইছে কি”।

*******

“কানীয়ালৈ নেযাবি           কানি দিব লাগিব

বাটি দিব লাগিব মাজি

কানি তিতা মাৰোতে  পিঠা দিব লাগিব

তাকো দিব লাগিব ভাজি।

অসমৰ সাৰুৱা ভূমিত তাহানি সোণ গজিছিল। চতুৰ ইংৰাজহঁতৰ শেন-চকুৱা দৃষ্টিত অতি সহজেই ধৰা পৰিছিল অসমৰ স্থলভাগৰ এই উর্বৰা গুণ। এই গুণলৈ লক্ষ্য কৰি চাহাবহঁতে অসমৰ বাহিৰৰ পৰা কুলী-মজদুৰ আনি নিগাজীকে চাহ-কোম্পানী খুলি চাহৰ খেতি কৰিছিল। আজিও অসমৰ চাহ পৃথিৱী বিখ্যাত। চাহ উদ্যোগৰ পৰা চাহাবহঁতৰ লাভে হৈছিল যথেষ্ট। কিন্তু সেই অনুপাতে মজদুৰসকলৰ কোনো আর্থিক উন্নতি ঘটা নাছিল। চাহ বাগিচা পতা চাহাৰহঁতৰ ‘মূৰত চৰু হেন টুপি’ দেখি অসমীয়া জন-জীবনে তবধ মানিছিল। তাতোকৈও অধিক বিস্মিত হৈছিল ‘চেৰাপ খাই’ ‘চেলেউ হোপা’ সেই চাহাবে কেতিয়াবা ‘কুলিৰ ছোৱালীক মেমনী কৰা’ দেখি।

পৃথিৱী টল-বলাই ‘বৰ্‌হম্‌পুত্ৰ’ৰে উজাই অহা চাহাবহঁতৰ ‘পানী জাহাজ’ৰ গুমগুমনিত অসমীয়া জন-জীৱনত আউল লাগে। ‘হাতৰ কাম হাততে এৰি’ যোৰহাট জিলাত ‘মট্‌মট্‌কৈ চলা মটৰ গাড়ী’ কিংবা আকাশেদি উৰি যোৱা ‘উৰাণ জাহাজ’ চাবলৈ তেওঁলোকে থিতাদহে ঢাপলি মেলে। অসমীয়া ডেকা হাল-কোৰ এৰি চৰকাৰী চাকৰিত ভর্তি হয়। সময়মতে ‘কামলৈ ওলাবলৈ’ বুলি ‘কোম্পানীৰ ঘড়ি’ও কিনি আনে। এহাতে সামন্তবাদী সমাজৰ কৃষিভিত্তিক অর্থনীতি আৰু আনহাতে ইংৰাজ ৰাজত্বই দিয়া বৃত্তিমুখী মুদ্রাভিত্তিক পুঁজিবাদী অর্থনীতি— এই দুই বিপৰীতমুখী ব্যৱস্থাৰ ধামখুমীয়াত পৰি অসমীয়া সমাজে অতীতৰ মূল্যবোধ হেৰুৱায় পেলায়। বিহু যিহেতু কৃষি-সমাজৰহে সম্পদ; এতেকে, কৃষিভিত্তিক সমাজ ব্যৱস্থা থৰকৰ হোৱাৰ লগে লগে তাৰ শাহটো শুকাই প্রাণ স্পন্দনহীন বাহ্যিক আচাৰ সর্বস্ব অনুষ্ঠানলৈ পর্যবসিত হোৱাৰ উপক্রম ঘটে। ইংৰাজ ৰাজত্বৰ শেষৰ ফালে দুবাৰকৈ হোৱা বিশ্ব যুদ্ধয়ো ভূতৰ ওপৰতে দানহ ওলোৱাদি অসমীয়া সমাজৰ বৰভেঁটি কপাই থৈ গৈছিল। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এচাম অশুভ লোক ঠিকাদাৰী ধন ঘটি ৰাতিটোৰ ভিতৰতে অপর্যাপ্ত ধনৰ গৰাকী হৈছিল আৰু গ্ৰাম্য সমাজত সেই ধনৰ জৰিয়তে প্রভুত্ব বিস্তাৰ কৰিবলৈ জবৰদস্ত চেষ্টা চলাইছিল। ইফালে ইংৰাজ শাসকবৰ্গৰো শোষণৰ লালসা দিনে দিনে বৃদ্ধি পাইছিল। সাধাৰণ কৃষক প্রজাৰ ওপৰত অতিৰিক্ত খাজনাৰ বোজা জাপি দিয়া কাৰ্যই তাৰেই সাক্ষ্য দিয়ে। ইয়াৰ ফলত কৃষক ৰাইজৰ জীৱন-নির্বাহ যে দিনে দিনে কঠিন হৈ পৰিছিল তাত কোনো সন্দেহ নাই। ৰাইজে দলবদ্ধভাৱে ‘ৰাইজ মেল’ পাতি এনে অন্যায় প্রতিবাদ কৰিছিল যদিও অত্যাচাৰী শাসকবৃন্দই চিপাহী-চন্তৰীৰ সহায়ত তাক অতিশয় নির্মমভাৱে দমন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। ইয়াৰ ফলত সমাজৰ প্ৰাণ প্রাচুর্য যে হেৰাই যোৱাৰ উপক্ৰম হৈছিল, সেই কথা নক’লেও চলে। সমাজত সংঘটিত এনেবোৰ ঘটনাৰ প্ৰভাৱ স্বাভাৱিকতে বিহুগীতবোৰতো পৰিছে। পৰৱৰ্তীকালৰ স্বাধীনতা আন্দোলনৰ সজীৱ চিত্রও বিহুগীতবোৰে সার্থকভাৱে ধৰি ৰাখিব পাৰিছে।

স্বাধীনতাৰ অৱ্যবহিত পৰৱৰ্তী সময়ত এচাম উদ্যোগী সাংস্কৃতিক কর্মীৰ সজ প্ৰচেষ্টাত বিহু উছৱৰ মঞ্চোত্থান ঘটে। গাঁৱৰ পথাৰৰ বিহু আহি চহৰৰ ৰভাতলী পায়হি। তেতিয়াৰে পৰা অধুনা পর্যন্ত বিহু উছৱ মঞ্চৰ মাধ্যমেৰেই প্রদর্শন কৰি অহা হৈছে। মঞ্চৰ বিহুত তাহানিৰ মুক্ত জীৱনৰ প্ৰাণ প্রাচুর্য পৰিপূৰ্ণ ৰূপত পাব নোৱাৰিলেও, পৰিৱৰ্তিত সমাজ-ব্যৱস্থাৰ পৰিপ্ৰেক্ষাত তাক স্বীকাৰ কৰি লোৱাৰ বাহিৰে অন্য উপায় নাই। কিন্তু এই ক্ষেত্ৰত উদ্যোক্তাসকল যথেষ্ট সাৱধান হোৱাৰ প্রয়োজন আছে। কাৰণ তাহানিৰ গছৰ তলৰ মুকলি বিহুৰ গীত-মাত গোটে-পাতে সদাশয় ৰাইজৰ সন্মুখত পৰিৱেশন কৰিলে পয়মাল ঘটাৰ আশংকা আছে। দুর্ভাগ্যবশতঃ এচাম কৰ্মীৰ আন্তৰিকতাৰ অভাৱে ইতিমধ্যে মঞ্চৰ বিহুক যৌৱনৰ নগ্ন প্রদর্শনীলৈ ‘প্রমোচন’ দিবলৈ লৈছেই। তদুপৰি এচাম প্রতিপত্তিশালী লোকৰ ক্ষমতাৰ লালসাই অপ্রয়োজনীয়ভাৱে কিছুমান বিহুমঞ্চ গ্রাস কৰাত বিহু উছৰৰ মূল লক্ষ্য আজিও সুদূৰ পৰাহত হৈ আছে।

মঞ্চ-প্রদর্শনৰ উপৰি আজি কিছু বছৰৰ পৰা চিডি, ভিচিডিৰ প্রাদুর্ভাৱেও বিহুগীতবোৰক বিকৃত কৰাত অৰিহণা যোগাইছে। বহুতে প্রয়োজন পূৰাবলৈ গৈ বিহুগীত ৰচি নিজাববীয়াকৈ সুৰ দিও গাবলৈ লৈছে। এইবোৰক বিহুগীত নুবুলি বিহুসুৰীয়া গীত বুলিলেহে ৰজিতা খায়। কাৰণ সিবোৰত লোকসংগীত হিচাপে বিহুগীতত থকা প্রাণ-প্রাচুর্য পাবলৈ নাই। অতি সম্প্রতি টিভি চেনেলসমূহে ‘বতৰৰ বাতৰি’লৈ আওকাণ কৰি ভোগালীকে ৰঙালী কৰিবলৈ লোৱাও দেখা গৈছে। এয়া সম্পূর্ণ লোকসংস্কৃতি বিৰুদ্ধ কথা। ইয়াৰ ফলত বিহুগীত আৰু তদনুসংগী নৃত্যৰ লোকভিত্তিক ঐতিহ্য সমূলঞ্চে হ্রাস পাইছে বুলি ক’ব পাৰি।

এই কথা আকৌ এবাৰ উনুকিয়াই থোৱা সমুচিত হ’ব যে, বিহুগীতৰ শাহটো কৃষক ৰাইজৰ মাজতে থাকি গ’ল। গতিকে মঞ্চ বা কেছেট-চিডিৰ বাণীবদ্ধ গীতত তাৰ মূল সঞ্জীৱনী শক্তি বিচাৰিলে পর্বতত কাছ কণী বিচৰাৰ দৰে নিৰাশ হ’ব লাগিব। তথাপিও যথাসম্ভৱ তাৰ মূল সুৰ অব্যাহত ৰাখিব পাৰিলে ভাল। হয়তো সাম্প্রতিক সমাজৰ তাগিদাত গীতাংশৰ কিছু সংশোধনৰ আৱশ্যক হ’ব। কিন্তু সংশোধন মানে যাতে বিকৃতি নহয় তাৰ প্রতি সজাগ দৃষ্টি ৰখাটো প্রত্যেকৰে কর্তব্য হ’ব।

সম্প্রতি বিহু পতাৰ নামত যিবোৰ অপসংস্কৃতিয়ে অসমীয়া সমাজ ছানি ধৰিছে সেইবোৰ আঁতৰাব নোৱাৰিলে বিহু সংস্কৃতি যে এদিন লোপ পাব তাক দোহৰা নিষ্প্রয়োজন। অসমীয়া জাতিৰ অৱক্ষয়ৰ কথা বিহুমঞ্চবোৰলৈ লক্ষ্য কৰিলেই ভালদৰে বুজিব পাৰি। ৰাজপথৰ সাংস্কৃতিক শোভাযাত্রা, নির্দিষ্ট ঋতুৰ প্ৰতি আনমনা দৃষ্টি, বিহু মঞ্চৰ বৃহৎ অঙ্কৰ বাজেট, বিহুনাচৰ নামত বিকৃত ভংগী,  লিপষ্টিকেৰে বোলোৱা ওঁঠৰ কৃত্রিম হাঁহি আদিয়ে বিহুৰ লেখীয়া গণভিত্তিক সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিবলৈ সমৰ্থ হ’ব বুলি পতিয়ন যাব নোৱাৰি। বিহুগীতত সোমাই পৰা বিজতৰীয়া ৰূপবোৰেই তাৰ প্রমাণ। কোৱা বাহুল্য মাথোন যে, অসমীয়া সমাজৰ শোষণ-নিপীড়ন আঁতৰাই এক সুস্থ বাতাৱৰণ সৃষ্টি কৰিব নোৱাৰিলে বিহুৰ মর্যাদা পুনঃপ্রতিষ্ঠিত হ’ব বুলি আশা কৰিব নোৱাৰি। তাৰ বাবে বিহুগীতবোৰেই মাধ্যম হ’ব পাৰে। ‘জাতিকুল নিবিচাৰি’ মিলনৰ আনন্দত আপ্লুত হোৱাৰ যি প্রত্যাশা বিহুগীতবোৰৰ মাজেৰে প্রৱাহিত হৈছে তাৰ মাজতে লুকাই আছে এক শ্রেণী-বৈষম্যহীন নতুন সমাজ ব্যবস্থাৰ শুভ ইংগিত।

তথ্যসূত্র :

আনন্দ মোহন ভাগৱতী ::  সংস্কৃতি মালিকা।

জয়কান্ত গন্ধীয়া :: হুঁচৰি, মুকলি বিহু আৰু বিহুনাচ৷

তীর্থ ফুকন :: “বিহুৰ উদ্ভাৱক কোন?”, অসম বাণী, ৰঙালী বিহু সংখ্যা, ১৯৮৮। বিৰিঞ্চি কুমাৰ মেধি :: “প্রাসঙ্গিক দৃষ্টিত বিহু”, বিহুৱা, গুৱাহাটী বিশ্ববিদ্যালয় বিহু সন্মিলনৰ মুখপত্র, ১৯৮৮।

মহেশ্বৰ নেওগ :: অসমীয়া গীতি সাহিত্য।

লীলা গগৈ :: অসমৰ সংস্কৃতি।

“বিহুৰ বাণী”। বিহু সংস্কৃতিৰ ৰূপৰেখা, জয়কান্ত গন্ধীয়া সংগৃহীত।

শিৱনাথ বর্মন :: লোককৃষ্টিৰ উৎস।‌

সূর্যকুমাৰ ভূঞা (সম্পাদিত) :: দেওধাই অসম বুৰঞ্জী (বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী)।

Leave a Reply

Your email address will not be published. Required fields are marked *