বিজ্ঞানমনস্কতা আৰু আধ্যাত্মিকতা (অঞ্জন শইকীয়া)
বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়োটা আমাৰ সমাজ তথা জনমানসত প্ৰতিষ্ঠিত বিষয়। বিজ্ঞান এক বিশাল বিষয়, আধ্যাত্মিকতাৰ পৰিসৰো বহল। বিজ্ঞানৰ আৰু আধ্যাত্মিকতাৰ বিশদ জ্ঞান আমাৰ নাই। বিজ্ঞান-চৰ্চা আৰু আধ্যাত্মিকতা-চৰ্চা দুয়োটা বিষয়ৰ নীতি আৰু পদ্ধতি সম্পর্কে আমাৰ এক ব্যৱহাৰিক ধাৰণা গঢ় লৈছে। সেই ধাৰণাৰ ভিত্তিতে সৰলকৈ কিছু কথা এই লেখাত ব্যক্ত কৰাৰ প্ৰয়াস কৰিছোঁ।
বিজ্ঞান আৰু প্ৰযুক্তি
সচৰাচৰ আমি বিজ্ঞানৰ অৱদানবোৰৰ জৰিয়তেই বিজ্ঞান নো কি, তাৰ এক ধাৰণা আমাৰ মনত গঢ়ি তোলো। আধুনিক জীৱনযাত্ৰাত আমি আধুনিক মানুহবোৰে আমাৰ পঞ্চইন্দ্ৰিয়ৰে বিজ্ঞানৰ ওপৰত ভেঁজা দি গঢ়লৈ উঠা আধুনিক সভ্যতাৰ অভিজ্ঞতা অহৰ্নিশে লাভ কৰি থাকোঁ। স্মাৰ্টফোন চলাইছোঁ, গাড়ী জাহাজত উঠিছোঁ, টিভি, ফ্ৰীজ, ৱাচিংমেছিন ব্যৱহাৰ কৰিছোঁ, ইণ্টাৰনেটৰ জৰিয়তে মুহূর্ততে অনেক তথ্য লাভ কৰিছোঁ। যুদ্ধত হত্যালীলা চলোৱাৰ বাবে ব্যৱহৃত মাৰণাস্ত্ৰবোৰকে ধৰি ৰবট, কম্পিউটাৰ, কৃত্রিম উপগ্ৰহ আদি বিভিন্ন সৰঞ্জামবোৰৰ বিষয়ে জানিছোঁ। সাধাৰণ মানুহৰ বাবে এইবোৰেই বিজ্ঞান।
বিজ্ঞানৰ সাৰবস্তু সম্পৰ্কে একো নজনাকৈয়ে বিজ্ঞানৰ অৱদানবোৰ ভোগ কৰিব পাৰি, কিন্তু বিজ্ঞানৰ অৱদানবোৰ বা বিজ্ঞানে দিয়া সা-সৰঞ্জামবোৰেই বিজ্ঞান নহয়। এয়া হৈছে বিজ্ঞানৰ প্ৰয়োগিক দিশ। বিজ্ঞানৰ এই প্ৰয়োগিক বা কাৰিকৰী দিশটো হ’ল প্ৰযুক্তি।
বিজ্ঞান মানে ‘বিশেষ জ্ঞান’, বিজ্ঞান সত্য অন্বেষণৰ এক বিশেষ প্ৰণালী। এই বিশেষ জ্ঞান আহৰণৰ কিছুমান বিশেষ পদ্ধতি আছে। বিজ্ঞানত যুক্তি, তথ্য, প্ৰমাণ, বিশ্লেষণ, গৱেষণা, পৰীক্ষা আদিৰ সহায়ত বস্তুনিষ্ঠভাৱে সত্যৰ স্বৰূপ উপলব্ধি কৰাৰ প্ৰয়াস কৰা হয়। বিশ্ব-চৰাচৰ, প্ৰকৃতিজগত, প্ৰাকৃতিক পৰিঘটনা আৰু সেইবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে পোৱা প্ৰণালীবদ্ধ জ্ঞানেই বিজ্ঞান (এইখিনি বিজ্ঞানৰ সম্পর্কত সৰলীকৃত ধাৰণা, তাত্ত্বিক সংজ্ঞা নহয়)।
বিজ্ঞানৰ কাম হ’ল বিশেষ পদ্ধতিৰে প্ৰকৃতিজগতৰ নিয়ম তথা সত্য জ্ঞান আহৰণ কৰা আৰু প্ৰযুক্তিৰ কাম হ’ল সেই জ্ঞানৰ ব্যৱহাৰিক আৰু কাৰিকৰী প্ৰয়োগ কৰি বিভিন্ন সা-সৰঞ্জাম গঢ়া। বিজ্ঞানৰ লগত প্ৰযুক্তিৰ সম্পৰ্ক অতি ওচৰৰ। প্ৰযুক্তি বিজ্ঞানৰ ওপৰত সম্পূর্ণ নিৰ্ভৰশীল। বিজ্ঞানেও প্ৰকৃতিজগতৰ সত্য অন্বেষণৰ বাবে নিৰন্তৰ প্ৰযুক্তিক ব্যৱহাৰ কৰি থাকে।
বিজ্ঞান নৈতিক বা অনৈতিক, ভাল বা বেয়া, কল্যাণকাৰী বা ধ্বংসকাৰী একো নহয়। ই মাথোঁ পৰিশ্ৰুত পৰীক্ষণীয় বিশুদ্ধ জ্ঞান। বিজ্ঞানৰ প্ৰয়োগ কি উদ্দেশ্যেত কৰা হৈছে সেইবোৰ ক্ষেত্ৰত ঔচিত্যবোধ, নৈতিকতাৰ কথা আহে। অৰ্থাৎ প্ৰযুক্তিক মানুহে ভাল বা বেয়া, কল্যাণকাৰী বা ধ্বংসকাৰী বুলি অভিহিত কৰিব পাৰে।
ধৰ্ম আৰু আধ্যাত্মিকতা
ঈশ্বৰেই হওক, ধৰ্মই হওক বা আধ্যাত্মিকতাই হওক, কোনোটোৰে এটা সৰ্বজনগ্ৰাহ্য সংজ্ঞা দিয়া জটিল কথা, হয়তো প্ৰায় অসম্ভৱ। কাৰণ বিভিন্নজনে নিজ ধাৰণা অনুযায়ী ঈশ্বৰ কি, ধৰ্ম বা আধ্যাত্মিকতা কি, ভিন ভিন ব্যাখ্যা আগবঢ়ায়। বেদৰ দেৱতাৰ ধাৰণা, বেদান্তৰ ব্ৰহ্মৰ ধাৰণা, কোৰাণৰ আল্লাহৰ ধাৰণা, বাইবেলৰ গডৰ ধাৰণা আদি সকলোবোৰ ঐশীতত্ত্বত সামৰি লোৱা হয় যদিও, এই সকলোবোৰ ধাৰণাত প্ৰভেদ আছে। আইনষ্টাইন বা স্পিনোজাই ব্যাখ্যা কৰা ঈশ্বৰৰ ধাৰণা সচৰাচৰ প্ৰচলিত ঈশ্বৰ বা গডৰ ধাৰণাতকৈ বহুত বেলেগ। মহাত্মা গান্ধীয়ে প্ৰথমে ঈশ্বৰেই সত্য, পৰৱৰ্তী সময়ত সত্যই ঈশ্বৰ বুলি কৈছিল। কোনোবাই প্ৰেমেই ঈশ্বৰ বুলিও ব্যাখ্যা কৰা দেখা যায়। ব্যক্তিভেদে ঈশ্বৰৰ ধাৰণাও বেলেগ হ’ব পাৰে। এই লেখাত প্ৰান্তীয় ধাৰণাবোৰ বাদ দি সংখ্যাগৰিষ্ঠ মূলসুঁতিৰ যি ঈশ্বৰ সম্পৰ্কীয় ধাৰণা (ঈশ্বৰ অতিপ্ৰাকৃতিক, অলৌকিক, সৰ্বজ্ঞ, সৰ্বশক্তিমান ; ঈশ্বৰ জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা আদি ধাৰণাবোৰ), সেই দিশটিকহে লোৱা হৈছে।
ধৰ্ম বা আধ্যাত্মিকতাকো সংজ্ঞায়িত কৰা জটিল বিষয়। এই লেখাত আমি ধৰ্ম মানে আমাৰ সমাজত প্ৰচলিত বৃহৎ প্ৰতিষ্ঠানিক ধৰ্মৰ কথাহে লিখিম।
বাৰ্ট্ৰাণ্ড ৰাছেলে তেখেতৰ ‘Religion and science’ গ্ৰন্থত লিখিছে যে বৃহৎ ঐতিহাসিক ধৰ্মবোৰৰ তিনিটা দিশ থাকে ১) প্ৰতিষ্ঠান বা সংঘ ২) ব্যক্তিগত আৰু সামাজিক বিধি বিধান ৩) তত্ত্ব বা মতবাদ।
সাধাৰণতে ধৰ্মীয় প্ৰতিষ্ঠান বুলিলে আমাৰ মনলৈ আহে ধৰ্মগ্ৰন্থ, ঈশ্বৰ, আল্লা, ধৰ্মগুৰু, অৱতাৰ, নবী, পয়গম্বৰ, পূজাৰী, পোপ, পাদূৰী, সত্ৰাধিকাৰ, লামা, শ্ৰমণ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গীৰ্জা , শিৱস্থান, সত্ৰ, নামঘৰ, বৌদ্ধ বিহাৰ, পোগাড়া আদিৰ কথা।
ধৰ্মীয় বিধি বিধান বুলিলে ধৰ্মগ্ৰন্থৰ দ্বাৰা নিৰ্দেশিত, ধৰ্মপন্থা বা ধৰ্মগুৰুৰ দ্বাৰা অনুমোদিত যাগযজ্ঞ, মন্ত্ৰপাঠ, পূজা-পাতল, নাম-কীৰ্তন, বলি বিধান, নমামী, ভূমি পূজন, নামাজ, আজান, কুৰবানী, গংগাস্নান, অম্বুবাচী, ফাকুৱা, সৎকাৰ-বিধি, বিবাহ-বিধি, মহৰম, ঈদ, খ্ৰীষ্টমাচ, গুদ-ফ্ৰাইডে, হজ যাত্ৰা, তীৰ্থ-যাত্ৰা, কুম্ভমেলা আদি আচাৰ-অনুষ্ঠান আৰু উৎসৱবোৰৰ কথা আহে। ইয়াৰ লগতে আহে পাপ, পুণ্য, গুনাহ, পৰাচিত, পাপ খণ্ডন আদিৰ নীতি নিয়মবোৰ আৰু ঐশী উপাসনাৰ পদ্ধতিবোৰ।
তদুপৰি ধৰ্মত দুখীয়াক পুতৌ কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বা মানৱ সেৱাই ঈশ্বৰ সেৱা, দান-দক্ষিনা দিয়া, জাকাত দিয়া, অহিংসাই পৰম ধৰ্ম, বসুধৈৱ কুটুম্বকম, সত্যমেৱ জয়তে আদি উপদেশ আৰু মানৱীয় মূল্যবোধৰ নীতি নিৰ্দেশনাও থাকে।
ধৰ্মীয় আনুষ্ঠানিকতাবোৰ পালন কৰা বা ধৰ্মীয় আচাৰ-বিধিবোৰৰ অনুশীলন কৰা ধৰ্মৰ বাহ্যিক বিষয় বা স্থূল অংশ বুলি কোৱা হয়। ধৰ্মৰ সুক্ষ্ম বা সাৰ অংশ হৈছে ধৰ্মৰ মতবাদ তথা ধৰ্মীয় তত্ত্ববোৰ।
আধ্যাত্মিকতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে দিয়া দেখা যায়। ইণ্টাৰনেটত বিচাৰি চালেও আধ্যাত্মিকতাৰ সংজ্ঞা বহুতো পোৱা যায়। ধৰ্ম তথা আধ্যাত্মিক গুৰুসকলেও আধ্যাত্মিকতাৰ বাখ্যা দিয়ে। এই ব্যাখ্যাবোৰৰ মাজত কিছু মিল থাকে, কিছু অমিল থাকে। ধৰ্মীয় তত্ত্বৰ পৰা আতৰিও আধ্যাত্মিকতাৰ দুই এটা সংজ্ঞা দিবলৈ প্ৰয়াস কৰা দেখা যায়। সৰ্বজনগ্ৰাহ্য সংজ্ঞা পোৱা নগ’লেও আধ্যাত্মিকতা শব্দটো প্ৰধানতঃ ধৰ্মবোৰৰ সাৰ অংশ বুলি কোৱা ধৰ্মীয় তত্ত্ব, ধৰ্মীয় মতবাদ আৰু ধৰ্মীয় দৰ্শনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
বৰ্তমান পৃথিৱীত প্ৰচলিত বৃহৎ প্ৰতিষ্ঠানিক ধৰ্ম বহুকেইটা। প্ৰত্যেক ধৰ্মৰে আছে বহুতো উপধৰ্ম। ধৰ্ম আৰু উপধৰ্মবোৰৰ আছে হাজাৰোধিক পন্থা। সকলো পন্থাৰে আছে নিজা নিজা ধৰ্মতত্ব। প্ৰতি ধৰ্ম-পন্থীয়ে নিজৰ নিজৰ ধৰ্মতত্ত্ববোৰক চূড়ান্ত সত্য বুলি দাবী কৰে। আধ্যাত্মিকতাৰ ধাৰণাবোৰ ধৰ্মতত্ত্বত থকা আত্মা, পৰমাত্মা, পৰমপিতা, পৰমব্ৰহ্ম, মোক্ষ, জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন, মোক্ষ, পৰকাল, নিৰ্বান, বেহেস্ত, হেভেন, বৈকুণ্ঠ, কিয়ামত, স্বৰ্গ, নৰক, পুনৰ্জন্ম, কৰ্মফল, জন্মান্তৰবাদ আদি বিষয়বোৰৰ লগত জড়িত। ‘জগত মিথ্যা ব্ৰহ্ম সত্য’ আদি ধাৰণাবোৰো আধ্যাত্মিক তত্ত্ব। এই আধ্যাত্মিকতাৰ তত্ত্ববোৰ প্ৰতিটো ধৰ্মতে বেলেগ বেলেগ। একেটা ধৰ্মৰে ভিন ভিন ফৈদ বা পন্থাৰ আধ্যাত্মিক তত্ত্বৰ মাজতো থাকে বিস্তৰ পাৰ্থক্য। উদাহৰণস্বৰূপে প্ৰায়বোৰ ধৰ্মৰে আধ্যাত্মতত্ত্বত ‘আত্মা’ৰ বিষয়ে পোৱা যায়। বেদান্ততত্ত্বৰ ‘আত্মা’ৰ ধাৰণা, বৌদ্ধতত্ত্বৰ ‘আত্মা’ৰ ধাৰণাৰ লগত মিল নাই। বেদান্তমতত আত্মা অমৰ, আত্মা নিত্য ; বৌদ্ধমতত আত্মা অনিত্য। বৌদ্ধমতত পৰমসত্তা বা ঈশ্বৰ নাই। ক্ষণিকবাদী বৌদ্ধ মতে নিত্য আত্মাৰ পৰিৱৰ্তে চেতনা-প্ৰৱাহ স্বীকাৰ কৰে। দুটামান ক্ষুদ্ৰ ধৰ্মসম্প্ৰদায়ে আকৌ এজন মানুহৰে একাধিক ‘আত্মা’ থাকে বুলি বিশ্বাস কৰে। আধুনিক ধৰ্মগুৰু বা আধ্যাত্মিক গুৰুসকলেও নিজৰ নিজৰ বেলেগ বেলেগ আধ্যাত্মিক তত্ত্বজ্ঞান ভক্ত তথা অনুগামীসকলৰ আগত ব্যাখ্যা কৰি থাকে।
বিজ্ঞানৰ লগত প্ৰযুক্তিৰ যেনেদৰে ওতপ্ৰোত সম্পৰ্ক আছে, আধ্যাত্মিকতাৰ লগতো স্থূল ধৰ্মীয় আচাৰ অনুষ্ঠানবোৰৰ সম্পৰ্ক আছে। আধ্যাত্মিক তত্ত্ববোৰৰ ভিত্তিতে বিভিন্ন ধৰ্মপন্থাৰ ৰীতি নীতি, আচাৰ অনুষ্ঠানৰ নিৰ্দেশনাবোৰ দিয়া হয়।
বিজ্ঞানমনস্কতা
বিজ্ঞান সত্য অন্বেষণৰ এক বিশেষ পদ্ধতি। বিজ্ঞানমনস্কতা সেই বিশেষ পদ্ধতিৰ আধাৰত গঢ় লোৱা মানসিকতা, এক জীৱনশৈলী। বৈজ্ঞানিক মানসিকতা বা বৈজ্ঞানিক দৃষ্টিভংগী থকা অৰ্থাৎ বিজ্ঞানৰ লগত খাপখোৱা মনোবৃত্তি থকা লোক এজনক বিজ্ঞানমনস্ক মানুহ বুলি কোৱা হয়। বিজ্ঞানৰ মূলতে আছে মানুহৰ প্ৰশ্ন-মনস্কতা, সন্ধিৎসুতা আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা জীৱন-জগতৰ পৰিঘটনাবোৰৰ বাস্তৱ ব্যৱহাৰিক জ্ঞান আহৰণ কৰা। বিজ্ঞান জাতি, দেশ, বৰ্ণ, সম্প্ৰদায় নিৰপেক্ষ। বিজ্ঞান কোনো পৰমগুৰু, বেদবাক্য, চৰমসত্য, সৰ্বময় কৰ্তৃত্ব আদিৰ দ্বাৰা পৰিচালিত নহয়। বিজ্ঞানে কাহানিও কোনো ধ্ৰুবসত্য বা অপৰিৱৰ্তনীয় তত্বক স্বীকাৰ নকৰে। সৰলভাৱে বিজ্ঞানৰ মূল বৈশিষ্ট্য হৈছে—বাস্তৱ পৰ্যবেক্ষণ, তথ্য-বিন্যাস, পৰীক্ষা নিৰীক্ষা, যুক্তি নিৰ্ভৰতা, আৰু পুনৰপৰীক্ষণীয়, পুনৰবিচাৰযোগ্য সিদ্ধান্ত (চূড়ান্ত নহয়)।
বিজ্ঞানমনস্কতাই বিজ্ঞানৰ এই বৈশিষ্ট্যখিনিক আঁকোৱালি লৈ গঢ়ি তোলা মানসিকতাকে প্ৰতিনিধিত্ব কৰে। বিশুদ্ধ বিজ্ঞানে প্ৰকৃতিজগতৰ পৰিসীমাৰ ভিতৰৰ বিষয় বা পৰিঘটনাবোৰ বিশ্লেষণ কৰে আৰু সত্য অন্বেষণ কৰে। অতিপ্রাকৃতিক, অতিন্দ্রীয় বুলি কোৱা কথাবোৰ বিশুদ্ধ বিজ্ঞানৰ বস্তুনিষ্ঠ গৱেষণাৰ আওঁতাত নপৰে। আমাৰ সমাজত যিহেতু তেনেকুৱা অলৌকিক, অতিন্দ্রীয়, অতি প্ৰাকৃতিক বুলি কোৱা বিষয়বোৰৰ প্ৰচলন আছে, সেয়ে বিজ্ঞানমনস্কজনে সমাজ-জীৱনৰ অন্যান্য বিষয়ৰ লগতে সেইবোৰ বিষয়ো বৈজ্ঞানিক মানসিকতাৰে বিচাৰ কৰে আৰু ধৰ্মগ্ৰন্থ, ধৰ্মতত্ত্ব তথা আধ্যাত্মিকতাৰ বিষয়বোৰে যুক্তি, তথ্য, প্ৰমাণৰ আধাৰত ফঁহিয়াই চায়। বিজ্ঞানমনস্কতা এক সামগ্ৰিক গতিশীল অনুশীলন। বিজ্ঞানমনস্কজনে বিজ্ঞানৰ শেহতীয়া জ্ঞান আৰু আৱিষ্কাৰৰ লগত মিলাই নিজৰ দৃষ্টিভংগী তথা মানসিকতাক সময়সাপেক্ষ (Up to date) কৰি থাকিব লগা হয়।
বিজ্ঞানমনস্কতাৰ আঁৰৰ ঊদ্দেশ্যে মানৱজাতিৰ সামগ্ৰিক পাৰ্থিৱ কল্যাণ সাধন কৰা। সমাজ-জীৱনত অতীজৰে পৰা প্ৰচলিত হৈ থকা আৰু নতুনকৈ প্ৰচলিত হ’ব ধৰা সকলোবোৰ পৰম্পৰা, সংস্কাৰ আৰু বিশ্বাসক বিজ্ঞানমনষ্কতাৰে (যুক্তি, তথ্য, প্ৰমাণৰ আধাৰত) বিচাৰ কৰা হয়। মানৱসমাজৰ বাবে ক্ষতিকাৰক বিশ্বাস, পৰম্পৰা, সংস্কাৰবোৰক ক্ৰমে অন্ধবিশ্বাস, কু-পৰম্পৰা কু-সংস্কাৰ হিচাপে চিহ্নিত কৰি, এইবোৰ দূৰীকৰণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
বিজ্ঞানমনস্কতা বনাম আধ্যাত্মিকতা
ধৰ্মমনস্কতা বা ঈশ্বৰপৰায়ণতা আৰু বিজ্ঞানমনস্কতা দুয়োটাৰে দিশ বিপৰীতমুখী। ধৰ্মমনস্কতা আৰু ঈশ্বৰপৰায়নতাৰ মূল আধাৰ হ’ল প্ৰশ্নাতীত, সন্দেহাতীত বিশ্বাস আৰু আস্থা। আনহাতে বিজ্ঞানমনস্কতাৰ মূল ভিত্তি হ’ল সংশয়, প্ৰশ্ন, যুক্তি, তথ্য, প্ৰমাণ আদি।
ধৰ্মতত্ত্বত প্ৰশ্নক বাৰণ কৰা হয়। উত্তৰ দিলেও সেয়া ধূসৰ, বিশ্বাসনিৰ্ভৰ, কল্পনা নিৰ্ভৰ হয়, যুক্তিনিষ্ঠ নহয়। ধৰ্মতত্ত্বক প্ৰত্যাহ্বান জনালে ধৰ্মপন্থীসকল বহুসময়ত আক্ৰমণাত্মক হৈ পৰা দেখা যায়। আনহাতে বিজ্ঞানত প্ৰশ্নক সদায় আদৰণি জনোৱা হয়। বিজ্ঞানৰ তত্ত্বক প্ৰত্যাহ্বান জনালে উত্তৰ দিয়া হয় তথ্য, প্ৰমাণ, যুক্তিৰে।
ধৰ্মীয় বা আধ্যাত্মিকতা চৰ্চাৰ পদ্ধতি আৰু বিজ্ঞান-চৰ্চাৰ পদ্ধতিৰ কিছুমান বুনিয়াদী পাৰ্থক্য আছে।
ধৰ্মীয় পন্থাত জীৱন-জগতৰ ৰহস্য নায়েই, সকলোৰে উত্তৰ দিয়াই থাকে। জগতৰ সৃষ্টিতত্ত্ব, জীৱৰ সৃষ্টি সকলোবোৰৰ ব্যাখ্যা কৰাই থাকে। অজানা একোৱেই নাই। অৱশ্যে বেলেগ বেলেগ ধৰ্মৰ তত্ত্বত জীৱন-জগতৰ ব্যাখ্যাৰ পাৰ্থক্য থাকে। সনাতনী ধৰ্মতত্ত্বত থকা ব্ৰহ্মাণ্ডৰ সৃষ্টিতত্ত্ব বাইবেল বা কোৰানত থকা সৃষ্টিতত্ত্বৰ লগত মিল নাই। জীৱ তথা মানুহ সৃষ্টিৰ তত্ত্ব ধৰ্মপন্থা ভেদে বেলেগ বেলেগ।
বিজ্ঞানৰ জীৱ-সৃষ্টিৰ জৈৱ-বিৱৰ্তনৰ তত্ত্বৰ লগত কোনো ধৰ্মৰে জীৱ-সৃষ্টি তত্ত্বৰ অকণো মিল নাই! প্ৰতি ধৰ্মীয় পন্থাত থকা ব্যাখ্যাবোৰ সেই ধৰ্মপন্থাই সম্পূৰ্ণ শুদ্ধ বুলি দাবী কৰে!
ধৰ্ম আৰু বিজ্ঞান দুয়োটাৰে সৃষ্টিৰ উৎস একেই। অজানা প্ৰকৃতিৰ ৰহস্য বুজা আৰু মানৱীয় দুৰ্বলতা অতিক্ৰম কৰাৰ স্পৃহা লৈয়েই দুয়োটাৰে সৃষ্টি। ধৰ্মই ল’লে ভাৱবাদী কল্পনাৰ মাৰ্গ, বিজ্ঞানে ল’লে পদাৰ্থবাদী বাস্তৱ পথ। ধৰ্মত বাস্তৱ প্ৰশ্নৰ উত্তৰবোৰ হয় কাল্পনিক। বিজ্ঞানত বাস্তৱ প্ৰশ্নৰ ব্যৱহাৰিক বাস্তৱ উত্তৰ দিয়া হয়।
বিজ্ঞানে নজনাখিনি নাজানোঁ বুলি কয় আৰু তাৰ নিজস্ব বস্তুনিষ্ঠ পদ্ধতিৰে জাগতিক পৰিঘটনাবোৰৰ শুদ্ধাশুদ্ধ নিৰূপণ কৰি সিদ্ধান্তলৈ আহে। বিজ্ঞানত একোকে পৰমসত্য বুলি মোহৰ লগোৱা নহয়। বিজ্ঞানত অসত্যবোৰ দূৰ কৰি সত্যৰ ওচৰ চপাৰ প্ৰয়াস কৰা হয়। বিজ্ঞানৰ সকলো সত্যাপনেই স্থান, কাল, পাত্ৰ সাপেক্ষে আপেক্ষিক সত্যহে। আজিৰ বৈজ্ঞানিক সত্যাপন এটা কাইলৈ যথাযোগ্য প্ৰমাণ সহকাৰে বৈজ্ঞানিক পদ্ধতিৰে ভুল প্ৰমাণ কৰিলে বিজ্ঞানে সেয়া বৰ্জন কৰিবলৈ সদায় সাজু থাকে। বৈজ্ঞানিক পদ্ধতিৰে আইনষ্টাইনৰ আপেক্ষিকতাৰ সূত্ৰ বা হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰ ভুল প্ৰমাণিত কৰি নতুন তত্ত্ব প্ৰতিষ্ঠা কৰিব পাৰিলে সেয়া বিজ্ঞানে গ্ৰহণ কৰিব।
বিজ্ঞানত পৰমসত্য নাই, সত্যসন্ধিৎসুতাৰো শেষ নাই। আনহাতে ধৰ্ম বা আধ্যাত্মিকতাই ভিন ভিন পৰমসত্যবোৰ ঘোষণা কৰি সত্যসন্ধিৎসুতাৰ পথ ৰুদ্ধ কৰি থৈছে।
বিজ্ঞানৰ তত্ত্ব আৰু আধ্যাত্মিক তত্ত্বৰ মাজত দুস্তৰ পাৰ্থক্য আছে। বিজ্ঞানতো এটা বিয়ষত বিভিন্ন বিজ্ঞানীয়ে বা বিজ্ঞানীগোটে দিয়া বিভিন্ন মতবাদ পোৱা যায়। উদাহৰণস্বৰূপে পৃথিৱীত জীৱসৃষ্টি সম্পৰ্কীয়—মহাসাগৰৰ গভীৰত ৰায়ায়নিক বিৱৰ্তন, বহিৰ্জগতৰ জীৱৰ আগমন, উল্কাপিণ্ডৰ জৰিয়তে ‘ডি এন এ’ৰ টুকুৰা আহি পৃথিবীত পৰা—আদি কেইবাটাও বৈজ্ঞানিক তত্ত্ব আগবঢ়োৱা হৈছিল। এই তত্ত্ববোৰ কিছু তথ্য আৰু কিছু অনুমান আৰু কল্পনাৰ আধাৰতে বিজ্ঞানীসকলে আগবঢ়াইছিল।
বিজ্ঞানীসমাজে এই তত্ত্ববোৰৰ ভিতৰত ওপাৰিন-হেলডেনৰ ‘ৰাসায়নিক বিৱৰ্তন’-ৰ তত্ত্বকেই এতিয়ালৈকে অন্য তত্ত্বতকৈ তথ্যৰ ভিত্তিত যুক্তিসিদ্ধ বিজ্ঞানসন্মত বুলি স্বীকৃতি দিছে। ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ বা বিগ বেঙ তত্ত্বক সত্যৰ ওচৰ চপা বুলি বিজ্ঞানে ঠাৱৰ কৰিছে। এই তত্ত্বই ব্ৰহ্মাণ্ড সৃষ্টিৰ সকলোখিনি এতিয়াও বাখ্যা কৰিব পৰা নাই। এই বিষয়ত নতুন তথ্য-প্ৰমাণ পালে বিজ্ঞানে এই তত্ত্বৰ শুদ্ধিকৰণ তথা সংশোধন কৰি ল’ব।
আধ্যাত্মিক তত্ত্ববোৰৰ ক্ষেত্ৰত এনে প্ৰয়াস দেখা নেযায়। বেদান্ত দৰ্শনৰ আধাৰতে কেইবাটাও আধ্যাত্মিক তত্ত্ব পোৱা যায়। মায়াবাদৰ প্ৰণেতা বৈদান্তিক শংকৰাচাৰ্যৰ অদ্বৈতবাদী তত্ত্ব আৰু ৰামানুজৰ বিশিষ্ট দ্বৈতবাদী তত্ত্ব বেলেগ। দুয়োটা পন্থীৰ বাবে নিজৰ নিজৰ তত্ত্বই চূড়ান্ত সত্য (অসমৰ শংকৰদেৱ প্ৰণীত ভক্তিধৰ্মৰ দৰ্শন বেদান্তৰ আধ্যাত্মিক তত্ত্বৰ পৰাই আহৰণ কৰা। অৱশ্যে শংকৰদেৱৰ দৰ্শনৰ ভিত্তি শংকৰাচাৰ্যৰ অদ্বৈতবাদী তত্ত্ব নে ৰামানুজৰ বিশিষ্ট দ্বৈতবাদী তত্ত্ব—তাকলৈ বিদ্বানসকলৰ মাজত মতান্তৰ আছে)। বেদান্তৰ ‘মোক্ষ’ সত্য, বুদ্ধৰ ‘নিৰ্বাণ’, নে মহম্মদৰ ‘কিয়ামত’ সত্য, কোনে কেনেকৈ নিৰ্ণয় কৰিব? এটা সত্য হ’লে আনবোৰ অসত্য হ’ব! পৰমসত্য অনেক হ’ব পাৰে নেকি!
আধ্যাত্মিকতাৰ সত্যবোৰ অতীজৰ ঋষি, সন্ত, পয়গম্বৰ সকলে ঘোষণা কৰিছিল বেদ, উপনিষদ, গীতা, বাইবেল, কোৰাণ, ত্ৰিপিটক আদি গ্ৰন্থত। এইবোৰ সত্য আৱিষ্কাৰ কৰাৰ পদ্ধতি বিজ্ঞানৰ গৱেষণা পদ্ধতিৰ লগত নিমিলে। ধ্যান, গভীৰ অনুভৱ, ঐশী-সংযোগ আদিৰ মাধ্যমেৰে এইবোৰ সত্য তেওঁলোকে জানিব পাৰিছিল বুলি কোৱা হয়। কিন্তু এইবোৰ পদ্ধতিৰে সত্য পোৱা সম্ভৱ যদি সকলো মনিষী বা সন্তই একেটা বিষয়ত একে সত্য নেপালে কিয়! কোন ভুল কোন শুদ্ধ কেনেকৈ কি পদ্ধতিৰে জানিব পৰা যাব? বিজ্ঞানে দেহবিহীন আত্মা থকাৰ কোনো প্ৰমাণ পোৱা নাই। গতিকে এনে ‘আত্মা’ৰ সৈতে কল্পনা কৰা তত্ত্ববোৰ গৱেষণা কৰাৰ অৱকাশ বিজ্ঞানত নাই।
বিজ্ঞানৰ গৱেষণা পদ্ধতি নিৰাৱেগ, বস্তুনিষ্ঠ। কোনো বিজ্ঞানী বা গৱেষকৰ ব্যক্তিগত আবেগ-অনুভূতি, ধ্যান-ধাৰণা অনুযায়ী বেলেগ হ’ব নোৱাৰে। বিজ্ঞানত সকলোৱে পৰীক্ষা কৰি একে সিদ্ধান্তত উপনীত হ’ব পাৰে।
ধ্যান, মেডিটেচন আদি কৰিলে মস্তিষ্কত বিশেষ কিছুমান জৈৱ-ৰাসায়নিক আৰু স্নায়ৱিক ক্ৰিয়া ঘটাৰ প্ৰমাণ বৈজ্ঞানিক পৰীক্ষাত পোৱা গৈছে। প্ৰশান্তি আৰু আনন্দ অনুভৱ হোৱাৰ তথ্য নিউৰ’-ইমেজিং কৌশল প্ৰয়োগ কৰি পোৱা গৈছে। এই স্নায়ুক্ৰিয়াজনিত প্ৰশান্তি আৰু আনন্দৰ অনুভৱ ঐশীপ্ৰদত্ত বা বাহ্যিক নহয়, গভীৰ মন:সংযোগৰ ফলত মগজুত ঘটা স্নায়ু-ৰাসায়নিক আন্ত:ক্ৰিয়াহে।
বিজ্ঞান এক জীৱনশৈলী, এক দৰ্শন যি আমাক ভ্ৰান্তিৰ পৰা নিৰ্ভুল, বাস্তৱনিষ্ঠ বোধগম্যতালৈ নিয়ে। আধ্যাত্মিক তত্ত্বই বাস্তৱৰ পৰা ভ্ৰান্তিলৈ নিয়ে।
ধৰ্ম, আধ্যাত্মিকতা, নৈতিকতা
নৈতিকতা, মানৱীয় প্ৰমূল্যবোধৰ কথা কম বেছি পৰিমাণে সকলো ধৰ্মপন্থাতে আছে। কিন্তু ধৰ্মপন্থাৰ ভিন্নতাই আৰু প্ৰতি পন্থাৰে নিজৰটোহে সৰ্বোত্তম বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতাই বৰ্তমান সেই মানৱীয় মূল্যবোধকে চূড়ান্ত মাধমাৰ সোধাইছে।
বৰ্তমান মানৱ সমাজত মানৱতাৰ দৃষ্টিৰে বিশ্লেষণ কৰিলে ঈশ্বৰ-আল্লা বিশ্বাসকেন্দ্ৰিক প্ৰতিষ্ঠানিক ধৰ্মাচাৰবোৰ ভালুকৰ সাঙী হৈছেগৈ। ধৰ্মবোৰ এতিয়া মানৱতা-চৰ্চাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে। ধৰ্ম-বেপাৰ, সাম্প্রদায়িকতাবাদ, কুটিল ধৰ্মীয়-ৰাজনীতি, ধৰ্মীয় সন্ত্ৰাসবাদ আদিয়ে মানৱীয় নৈতিক জীৱনবীক্ষাৰ বিপৰীতে গতি কৰিছে। ধৰ্মীয় বিশ্বাসক আধাৰ কৰি সৎ নৈতিক হৈ থকা মানুহ কিছু নিশ্চয় আছে, কিন্তু মানৱজাতিৰ সামগ্ৰিক কল্যাণ কৰাত ধৰ্ম, আধ্যাত্মিকতা অসফল হৈছে।
বিভিন্ন ধৰ্মপন্থীসকলে ধৰ্ম আৰু আধ্যাত্মিকতাৰ উদ্দেশ্যে মানৱজীৱনৰ কল্যাণ সাধন বুলিয়েই দাবী কৰে। ব্যক্তিপৰ্যায়ত বহুতে আধ্যাত্মিক চিন্তাৰ দ্বাৰা উপকৃত হোৱা বুলি কয়। কিন্তু সামাজিক ক্ষেত্ৰত আজিৰ সমাজবাস্তৱতাত ধৰ্মৰ পথেৰে মানৱকূলৰ সামগ্ৰিক কল্যাণ সাধনৰ কথা চিন্তা কৰাৰ অৱকাশ দেখা নাযায়। হাজাৰ হাজাৰ ধৰ্ম-উপধৰ্মৰ সংস্কাৰ কৰি এক নৈতিক জীৱনবীক্ষাৰ পথ নিৰ্মাণ কৰাও অকল্পনীয়। ধৰ্মৰ নামতেই সকলো বিভেদ, গোঁড়ামি, কুসংস্কাৰ, মৌলবাদ, সন্ত্ৰাসবাদ আদিয়ে সমগ্ৰ পৃথিৱীক ছানি ধৰিছে।
বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য
বিশ্বচৰাচৰৰ ৰহস্য অপৰিসীম। বিজ্ঞানে ব্ৰহ্মাণ্ডৰ ৰহস্যবোৰ উন্মোচন কৰাৰ প্ৰয়াস নিৰন্তৰ চলাই থাকে। বিজ্ঞানে প্ৰকৃতি জগত তথা বিশ্ব চৰাচৰৰ ৰহস্যৰ এখন দুৱাৰ যদি খুলিব পাৰিছে, তেনে সেই দুৱাৰ খুলি আন দহখন তেনে দুৱাৰ দেখা পাইছে। বিজ্ঞানে সকলো ৰহস্যৰ ভেদ ভাঙিব পৰা নাই বাবেই ধৰ্মৰ বা আধ্যাত্মিকতাৰ দুৰ্বোধ্য, ধূসৰ কল্পতত্ত্ববোৰ গ্ৰহণ কৰিব লাগিব সেয়া হ’ব নোৱাৰে।
হয়, বিজ্ঞানমনস্ক মানুহৰ সন্ধিৎসু মনত আত্মজিজ্ঞাসাও জাগে। নিজৰ বোধশক্তিৰ ওপৰতো প্ৰশ্ন জাগে। বিশ্বচৰাচৰখন মানুহে মানুহৰ বোধশক্তিৰে উপলব্ধি কৰে। বিজ্ঞানে উদ্ঘাটন কৰা প্ৰকৃতিৰ ৰহস্য মানুহে পঞ্চইন্দ্ৰিয়ৰ দ্বাৰাই অনুভৱ কৰে, নিজৰ বোধশক্তিৰে উপলব্ধি কৰে। অৰ্থাৎ মানুহে উপলব্ধি কৰা জগতখন মানুহৰ বোধশক্তি সাপেক্ষ। মানুহৰ বোধশক্তিয়েই পৰম নে?
সেয়া হয় নে নহয়—বৰ্তমানলৈকে জনাৰ উপায় নাই। উত্তৰ যদি ওলায়, সেয়া বৈজ্ঞানিক মাৰ্গৰেই ভৱিষ্যতে ওলাবগৈ। যদি নোলায় নাই।
বিজ্ঞানে সত্য অন্বেষণ কৰি থাকিব, পৰমসত্য বুলি কিবা পাবনে নাই সেয়া আমি নেজানোঁ। ৰহস্যৰ উত্তৰ নাজানোঁ বাবে কাল্পনিক উত্তৰ এটা মানি লোৱাটো বিজ্ঞানমনস্কতা নহয়।
নজনাখিনি নাই, যিখিনি জানিছোঁ, সেই আপেক্ষিক সত্য বা সত্যৰ ওচৰ চপা জ্ঞানৰ ভিত্তিতে আমি মানুহৰ কল্যাণ সাধনৰ ঊদ্দেশ্যেৰে কাম কৰিব লাগিব।
ব্ৰহ্মাণ্ডৰ অপৰিসীম ৰহস্যময়ীতাক বুজাৰ, জনাৰ বৈজ্ঞানিক প্ৰচেষ্টাতেই মানুহৰ উত্তৰপুৰুষৰৰ ভৱিষ্যত সুৰক্ষাৰ কথা লুকাই আছে। লগতে মানৱকূলক লাগিব এক ধৰ্মমুক্ত বিজ্ঞানমনস্ক নৈতিক জীৱনবীক্ষা। মানৱীয় ন্যায়, প্ৰেম, সহমৰ্মিতা, সহযোগিতাৰ আধাৰতে এনে জীৱন বীক্ষা গঢ়ি তুলিব লাগিব।
মানৱজাতিৰ বাবে অপৰিহাৰ্য কি?
বহুতেই বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজত সমন্বয় সাধন কৰি একাকাৰ কৰিব বিচৰাও দেখা যায়। কাকত, আলোচনী, সামাজিক মাধ্যম, ইলেকট্রনিক মাধ্যমত এনে দুয়োটা বিষয়কে সনাপিটিকা কৰা লেখা আৰু আলোচনা প্ৰায়েই দেখা পোৱা যায়। বহুতেই আকৌ কয় দুয়োটা বেলেগ বেলেগ কিন্তু দুয়োটা বিষয়েই মানৱজীৱনৰ বাবে অপৰিহাৰ্য।
ধৰ্ম বা আধ্যাত্মিকতাৰ চৰ্চা আজিৰ পৃথিবীত মুঠেই অপৰিহাৰ্য হৈ থকা নাই। বৰ্তমান ডেনমাৰ্ক, ফিনলেণ্ড, চুইডেন, নৰৱে, চুইজাৰলেণ্ড আদি দেশবোৰত ঐশীবিশ্বাস আৰু ধৰ্ম বা আধ্যাত্মিকতাৰ অনুশীলন কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱা দেখা গৈছে। অথচ ৰাষ্ট্ৰসংঘৰ সমীক্ষাত এইবোৰ দেশত অপৰাধ দুৰ্নীতি কম, মানুহৰ সুখ, সামাজিক শান্তি বেছি হোৱাৰ তথ্য পোৱা গৈছে। ধাৰ্মিক মানুহৰ সংখ্যাধিক্য থকা ভাৰত, পাকিস্তান, আফগানিস্তান আদি ধৰ্ম তথা আধ্যাত্মিকতাৰ প্ৰচুৰ চৰ্চা হোৱা দেশসমূহত অপৰাধ, দুৰ্নীতি অত্যাধিক আৰু মানুহৰ সুখ শান্তি কম হোৱাৰ তথ্যহে পোৱা গৈছে।
বৰ্তমান বিশ্বমানৱৰ বাবে বিজ্ঞানৰ অপৰিহাৰ্যতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আধুনিক মানুহৰ জীৱনৰ প্ৰতিটো খোজ, প্ৰতিটো পল বিজ্ঞান-প্ৰযুক্তিৰ লগত ওতপ্রোতভাবে জড়িত। বিজ্ঞান প্ৰযুক্তিৰ চমকপদ অপ্ৰতিৰোধ্য অগ্ৰগতিয়ে মানুহৰ বৈষয়িক জগতৰ লগতে চিন্তন মননতো বিস্তৰ পৰিৱৰ্তন আনিছে। প্ৰাচীন কালত মানুহৰ বৌদ্ধিক, সাহিত্যিক, শৈল্পিক, সাংস্কৃতিক চিন্তা-চৰ্চাৰ মূল কেন্দ্ৰ আছিল দেৱ, দেৱী, ঈশ্বৰ আদি। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ বৌদ্ধিক, শৈল্পিক, সাংস্কৃতিক চিন্তা-চৰ্চাৰ কেন্দ্ৰৰ পৰা ক্ৰমান্বয়ে দেৱতা আৰু ঈশ্বৰ অপসাৰিত হ’ব ধৰিছে। সেই কেন্দ্ৰত মানুহে অধিষ্ঠিত কৰিছে নিজক অৰ্থাৎ ‘মানুহ’ক আৰু ‘ভৌতজগত’ক।
আধুনিক মানৱৰ দ্বিখণ্ডিত মানসিকতা
আজিৰ আধুনিক মানুহৰ বেছিভাগৰে মানসিকতা দোদুল্যমান। আধ্যাত্মিকতাৰ আধাৰ হ’ল বিশ্বাস, বিজ্ঞানমনস্কতাৰ আধাৰ হ’ল যুক্তি। বিশ্বাসপ্ৰৱণতা আৰু যুক্তিনিৰ্ভৰতা—এই দুয়োটাৰ মাজতে বেছিভাগ আধুনিক মানুহৰ মন দুলি থাকে। বেৰত ওলমি থকা পেইণ্টিং এখন পানীত ভিজি আছে বুলি ক’লে হাতেৰে চুই পৰীক্ষা কৰি চাব। কিন্তু ব্ৰহ্মাণ্ডৰ কৰ’বাত ঐশীশক্তি, পৰলোক এখন আছে বুলি ক’লে প্ৰশ্ন নকৰাকৈ মানি লয়। গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধতি লোৱাৰ কথাও ক’ব, বৰুণ দেৱতাৰ পূজাৰো পোষকতা কৰিব।
বিশ্ব-মানৱৰ প্ৰেক্ষাপটত কৰা সমীক্ষাবোৰত দেখা গৈছে বিশ্বৰ এক পঞ্চমাংশতকৈ অধিক মানুহে বৰ্তমান ধৰ্মীয় আচাৰ অনুষ্ঠান বৰ্জন কৰিছে। বিশেষকৈ পশ্চিমীয়া দেশবোৰত এনে মানুহৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। তেওঁলোকে ধৰ্ম, আধ্যাত্মিকতাৰ অপাৰ্থিৱ, পৰলৌকিক কল্যাণৰ মোহ ত্যাগ কৰি পাৰ্থিৱ কল্যাণৰ বিজ্ঞানসন্মত পথ গ্ৰহণ কৰিছে। ধৰ্মমুক্তহৈ অসুবিধা নোহোৱাকৈ সন্তোষেৰে জীৱন নিৰ্বাহ কৰি আছে।
বিশ্বৰ প্ৰেক্ষাপটত দেখা গৈছে ধৰ্ম-আধ্যাত্মিকতাৰ ভেটিত বিজ্ঞানৰ অগ্ৰগতিয়ে খহনীয়া আনিছে। বহুমানুহে পৰলৌকিৰ সুখ আৰু অপাৰ্থিৱ আধ্যাত্মিক অনুভূতি লভাৰ মায়া মোহ ত্যজি বাস্তৱজগতত নিজৰ লগতে উত্তৰপ্ৰজন্মৰ পাৰ্থিৱ কল্যাণ সাধনতহে মনোনিবেশ কৰিবলৈ লৈছে।
পাৰলৌকিক হেভেনৰ সুখেই হওক, বৈকুণ্ঠৰ চিৰন্তন শান্তিয়েই হওক, স্বৰ্গত আৰামত পিণ্ড খাই থকাৰ সুখেই হওক বা বেহেস্তৰ ৭২ গৰাকী হুৰৰ সংগসুখেই হওক—এইবোৰ মানুহৰ মৰণোত্তৰ আত্মাৰ বাবে বেলেগ বেলেগ আধ্যাত্মিক তত্ত্বত থকা বৰ লোভনীয় আৰু আকৰ্ষণীয় পেকেজ। আধুনিক মানুহ এইধৰণৰ ভ্ৰমাত্মক সুখ-শান্তি লাভৰ কল্পনাত মজি থাকিব নে বাস্তৱজগতত নিজৰ সতি-সন্তান আৰু ভৱিষ্যত প্ৰজন্মৰ পাৰ্থিৱ সুখ-শান্তিৰ বাবে কাম কৰিব?
আমি আশাবাদী, বিশ্বমানৱে লাহে লাহে দ্বিখণ্ডিত মানসিকতা এৰি বৈজ্ঞানিক মানসিকতাক সম্পূর্ণকৈ আঁকোৱালি লৈ মানৱকূলৰ জাগতিক কল্যাণ সাধনৰ বাস্তৱ পথেৰে আগবাঢ়িব।