বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ ইতিহাসত নাৰী (দ্বিতীয় অংশ) (পূৰবী দেৱী)

(আগৰ অংশটি পঢ়িবলৈ ইয়াত টিপা মাৰক)

কেৱল ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ বিশ্ব সংস্কৃতিৰ ক্ষেত্ৰত বৈদিক সাহিত্যৰ অসামান্য ঐতিহাসিক গুৰুত্ব আছে বুলি পণ্ডিত দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে মত প্ৰকাশ কৰিছে। সহস্ৰাধিক বছৰ ধৰি ৰচিত এই সুবিশাল সাহিত্যৰ মাজত বৈদিক মানুহৰ সমাজ ব্যৱস্থা আৰু চিন্তাচৰ্চাৰ পৰিবৰ্তন দেখিবলৈ পোৱা যায়। সেই কাৰণে বেদ প্ৰাচীন সমাজৰ চিন্তা বিকাশৰ এক ঐতিহাসিক দলিল।

অৱশ্য বেদৰ ৰচনাকাল ইতিহাসবিদে খাটাংকৈ নিৰ্ণয় কৰা নাই। কিন্তু তথাপিও খৃঃপূঃ ২০০০ বা ২৫০০ মানত এই ৰচনা আৰম্ভ হৈ খৃঃপূঃ ৭৫০ৰ পৰা ৫০০ৰ ভিতৰত ইয়াৰ সমাপ্তি ঘটে। উপনিষদৰ ৰচনাই হ’ল সকলোতকৈ শেষত।

বৈদিক সংস্কৃতিৰ ইতিহাসত উপনিষদসমূহতেই সৰ্বপ্ৰথম সুস্পষ্ট আৰু সচেতন দাৰ্শনিক প্ৰচেষ্টাৰ পৰিচয় পোৱা যায়। উপনিষদৰ যুগত দৰ্শনে কৰা প্ৰশ্নবোৰৰ মাজত আধুনিক বিজ্ঞানৰ কিছুমান প্ৰশ্নৰ বীজ নিহিত হৈ আছে। তদুপৰি বিভিন্ন ঋষিয়ে কৰা তৰ্ক-বিতৰ্কত বস্তুবাদী আৰু আদৰ্শবাদী দৰ্শনৰ সংঘাত সুন্দৰকৈ চকুত পৰে।

বৃহদাৰণ্যক উপনিষদত গাৰ্গী আৰু যাজ্ঞবল্কৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ কেইশাৰীমানৰ উদ্ধৃতি দিছোঁ—

গাৰ্গীঃ- যাজ্ঞবল্ক,  কাশী আৰু বিদেহ পুত্ৰই মাৰাত্মক ধনুকাড়েৰে যুদ্ধ দিবলৈ সাজু হোৱাৰ দৰে মই দুটা প্ৰশ্নৰে আপোনাৰ লগত যুদ্ধ দিবলৈ সাজু হৈছোঁ।

যাজ্ঞবল্কঃ- প্ৰশ্ন কৰা গাৰ্গী।

গাৰ্গীঃ- স্বৰ্গ, মৰ্ত্ত, পাতালক আৱৰি থকা অনাদি অনন্ত বস্তুটো কোনদাল সূতাৰে বোৱা হৈছে ?

যাজ্ঞবল্কঃ- এই অনাদি অনন্ত আৱৰণখন বোৱা সূতাধাৰি হ’ল ইথাৰ।

গাৰ্গীঃ- মোৰ প্ৰথম প্ৰশ্নৰ উত্তৰ পালোঁ। এতিয়া দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিয়ক।

যাজ্ঞবল্কঃ- সেয়ে হওক।

গাৰ্গীঃ- ইথাৰক আৱৰি আছে কিহে আৰু ইয়াৰ নিৰ্মাতা কোন?

এইবাৰ যাজ্ঞবল্কৰ উত্তৰ তেনেই সহজ, “ব্ৰক্ষ্মই”।

এইবাৰ গাৰ্গী নিমাত। কাৰণ ব্ৰহ্মৰ বিষয়ে প্ৰশ্ন কৰা নিষেধ।

গাৰ্গী আৰু যাজ্ঞবল্ক এই দুয়োটা চৰিত্ৰৰ ঐতিহাসিক তথ্য সম্বন্ধে পণ্ডিতমহলে এতিয়াও তৰ্ক-বিৰ্তক কৰে। ই আমাৰ আলোচ্য বিষয় নহয়। আমি ইয়াকেহে আঙুলিয়াব খুজিছোঁ যে উপৰিউক্ত তৰ্ক হ’ল আদৰ্শবাদ আৰু বস্তুবাদৰ মাজত হোৱা তৰ্ক আৰু গাৰ্গীয়ে কৰা প্ৰশ্নটো বিজ্ঞানৰ এটা ডাঙৰ প্ৰশ্ন। সেই যুগত এগৰাকী নাৰীৰ মুখত এনে প্ৰশ্ন শুনাটো আশ্চৰ্যজনক।

গাৰ্গীৰ দৰে ছান্দোগ্য উপনিষদত যাজ্ঞবল্ক আৰু মৈত্ৰেয়ীৰ মাজত হোৱা এটা কথোপকথন—

যাজ্ঞবল্কঃ- মৈত্ৰেয়ী মই সংসাৰ ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰিবলৈ ওলাইছোঁ। সেয়েহে মই সকলো সম্পত্তি মোৰ আনগৰাকী পত্নী কাত্যায়নী আৰু তোমাৰ মাজত ভগাই দিবলৈ ওলাইছোঁ।

মৈত্ৰেয়ীঃ- মোৰ প্ৰভু, সংসাৰৰ সকলো ঐশ্বৰ্যই মোক অমৰত্ব দান কৰিব পাৰিবনে?

যাজ্ঞবল্কঃ- নোৱাৰে। ধন-ঐশ্বৰ্যই মানুহক ধনীহে কৰে, অমৰ নহয়।

মৈত্ৰেয়ীঃ- তেন্তে প্ৰভু, ধন-ঐশ্বৰ্য লৈ মই কি কৰিম? মোক অমৰত্ব পথৰ সন্ধান দিয়ক।

যাজ্ঞবল্কঃ- সত্যৰ সন্ধান কৰা মৈত্ৰেয়ী। ব্ৰহ্মজ্ঞান লাভ কৰিলেহে অমৰত্ব লাভ কৰিব পাৰি।

মৈত্ৰেয়ীঃ- আপুনি যেতিয়া আত্মা পৰমাত্মাৰ লগত বিলীন হোৱাৰ আলোচনা কৰে তেতিয়া মই বৰ বিমোৰত পৰোঁ।

এই দুয়োটা উদাহৰণৰ পৰা ক’ব পৰা যায় যে প্ৰাচীন ভাৰতত কোনো কোনো নাৰীয়ে জ্ঞান অৰ্জন কৰাৰ সুবিধা পাইছিল আৰু জ্ঞান অৰ্জন কৰিছিল। গাৰ্গী আৰু মৈত্ৰেয়ীয়ে কৰা প্ৰশ্নবোৰ দাৰ্শনিকসকলে যুগে যুগে কৰি আহিছে আৰু সেয়েহে তেওঁলোকে কৰা প্ৰশ্নবোৰ হ’ল জ্ঞান-জগতৰ ডাঙৰ প্ৰশ্ন।

ঠিক সেইদৰে প্ৰাচীন গ্ৰীচতো কোনো-কোনো নাৰীয়ে কেৱল জ্ঞানচৰ্চা কৰায়েই নহয়, বহু বিষয়ত বৰঙণিও যোগাইছিল।

প্ৰাচীন ভাৰতৰ তুলনাত প্ৰাচীন গ্ৰীচৰ বিষয়ে কৰা গৱেষণাৰ সংখ্যা বেচি আৰু সেয়েহে প্ৰাচীন গ্ৰীচৰ বহু তথ্য আমাৰ হাতত আছে।

গ্ৰীচত নাৰীৰ স্থান আছিল অতি নিম্নস্তৰৰ। প্ৰকৃতপক্ষে দাস আৰু নাৰীৰ মাজত বিশেষ প্ৰভেদ নাছিল। নাগৰিকত্বৰ অধিকাৰ নাৰীৰ নাছিল আৰু কোনো ৰাজহুৱা কামতে নাৰীক অংশ গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। সাত বছৰ পৰ্যন্ত মাকে ল’ৰা আৰু ছোৱালীক একেলগে ডাঙৰ দীঘল কৰিছিল। কিন্তু সাত বছৰৰ পাচত ছোৱালী সোমাব লগা হৈছিল অন্দৰ মহলত।

Oeconomicus-ত Xenophon-এ কৈছে, “that she might see as little, hear as little, and ask as few questions as possible”।

তথাপিও কোনো কোনো নাৰী আছিল ইয়াৰ ব্যতিক্ৰম। লেচবিয়ান চেফো হ’ল প্ৰাচীন গ্ৰীচৰ বিখ্যাত কবি। আন দুগৰাকী কবি হ’ল এনদ্ৰোমেদা আৰু  ক’ৰিণা।

কেৱল সেয়ে নহয়। দৰ্শনশাস্ত্ৰ চৰ্চা কৰা নাৰীৰ নামো ইতিহাসৰ পাতত লিখা আছে। এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে গ্ৰীচত অংকশাস্ত্ৰ আৰু জ্যামিতি আছিল দৰ্শনৰ এক আৱশ্যকীয় অংগ।প্লে টোৱে “একাডেমী”-ৰ দুৱাৰ মুখত লিখি থৈছিল, “জ্যামিতি আৰু অংকশাস্ত্ৰৰ লগত অপৰিচিত ব্যক্তিৰ প্ৰবেশ নিষেধ”।

পাইথাগোৰাচে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য অংকশাস্ত্ৰৰ মাধ্যমেৰে বুজিব পৰা যাব বুলি বিশ্বাস কৰিছিল। সেয়েহে ক’ব পাৰি যে যিসকল নাৰীয়ে দৰ্শনৰ চৰ্চা কৰিছিল তেওঁলোকে অংক আৰু জ্যামিতিৰ জ্ঞানও লাভ কৰিছিল। এনে কেইগৰাকীমান নাৰী হ’ল, Hipparchia, Themista, Perictione (পাইথাগোৰাচৰ শিষ্যা) আৰু Leontium (ইপিকিউৰাচৰ শিষ্যা)।

তদুপৰি কথিত আছে যে পাইথাগোৰাচৰ মৃত্যুৰ পাচত তেখেতৰ দুহিতা আৰু তেখেতৰ পত্নী থিউআনোৱে তেখেতৰ সংঘ পৰিচালনা কৰিছিল।

অৱশ্য এমুঠি সম্ভ্ৰান্ত বিবাহিতা মহিলাইহে এনে সুযোগ সুবিধা লাভ কৰিছিল।

প্ৰাচীন গ্ৰীচত এচাম ব্যতিক্ৰমী নাৰী আছিল। গ্ৰীক ভাষাত এখেতসকলক বোলা হৈছিল “hetiara”। এই শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ’ব উপপত্নী বা ৰক্ষিতা। অৱশ্যে সেই যুগৰ গ্ৰীচত আমাৰ সমাজৰ ৰক্ষিতাৰ দৰে তেওঁলোকক সমাজে হেয়জ্ঞান কৰা নাছিল। তেওঁলোকক পুৰুষৰ সংগী ৰূপেহে গণ্য কৰা হৈছিল।

প্লেটোৰ সংগী Archlanasa, Leontium (ইপিকিউৰাচৰ সংগী আৰু শিষ্যা) আৰু এৰিষ্টটোলৰ সংগী হাৰপাইলিচৰ নাম ইতিহাসত পঢ়িবলৈ পোৱা যায়। এনে নাৰী সমাজত আছিল শিক্ষিত আৰু সন্মানিত মহিলা। এওঁলোকে অবাধে পুৰুষৰ লগত মিলা-মিচা কৰিছিল আৰু পুৰুষৰ লগত একেলগে শিক্ষা গ্ৰহণ কৰিছিল। তদুপৰি তেওঁলোকৰ বাসভৱনত বহু পুৰুষে একেলগে গোট খাই শিল্প, কলা, সাহিত্য, দৰ্শন, অংকশাস্ত্ৰ আদিৰ আলোচনা কৰিছিল।

এনে এগৰাকী বিখ্যাত মহিলা হ’ল আচপাচিয়া। অতি কম বয়সতে তেওঁ পেৰিক্লেচৰ সংগী হয় আৰু প্ৰথমা পত্নীৰ মৃত্যুৰ পাচত পেৰিক্লেচ তেওঁৰ লগত বিবাহ পাশত আৱদ্ধ হয়। চক্ৰেটিচ, ফিডিয়াচ আৰু আনাক্সগোৰাচৰ লগত তেওঁৰ পৰিচয় আছিল বুলি ইতিহাসবিদসকলে মত প্ৰকাশ কৰে। কথিত আছে যে পেৰিক্লেচৰ কিছুমান ভাষণ তেখেতৰ লিখনি।

অৱশ্যে তেখেতৰ কোনো লিখনি পঢ়িবলৈ পোৱা নাযায়। কিন্তু তেখেতক উপহাস কৰি লিখা বহু লিখনি আৰু নাটকৰ পৰা গম ধৰিব পাৰি যে সমাজৰ ওপৰত তেখেতে যথেষ্ট প্ৰভাৱ পেলাইছিল।

প্ৰাচীন ৰোমত নাৰীৰ সামাজিক স্থান আছিল গ্ৰীক নাৰীৰ তুলনাত অলপ ওপৰত। পুৰুষৰ লগত একেলগে বহি ভোজন কৰা বা থিয়েটাৰ, খেল-ধেমালি আদি উপভোগ কৰাৰ সুবিধা পাইছিল যদিও প্ৰাথমিক শিক্ষাৰ পিচতে তেওঁলোকৰ শিক্ষা সাং হৈছিল।

অৱশ্যে ইয়াৰ ব্যতিক্ৰম ৰোমান সাম্ৰাজ্যতো দেখিবলৈ পোৱা যায়। ৰোমানসকলে সভ্যতা আৱিষ্কাৰহে কৰিছিল, স্থাপন কৰা নাছিল। সেয়েহে প্ৰাচীন ইজিপ্ত আৰু গ্ৰীক সভ্যতাই তেওঁলোকৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। গ্ৰীক সাহিত্য, দৰ্শন, কলা আৰু অংকশাস্ত্ৰৰ অবিহনে পুৰুষৰ শিক্ষা আছিল অসম্পূৰ্ণ। কোনো কোনো সম্ভ্ৰান্ত মহিলাইও এই শিক্ষাৰ সোৱাদ পাইছিল। তেনে এগৰাকী মহিলা হ’ল কৰনেলিয়া। এখেতৰ বিষয়ে প্লুৰ্টাকৰ লিখনিৰ পৰা জানিব পৰা যায়। তেখেতৰ পৰাই তেখেতৰ পুত্ৰ দুজনে শিক্ষা লাভ কৰিছিল আৰু প্লুৰ্টাকৰ মতে, “they were brought up by her so carefully that they become beyond dispute the most accomplished of Roman youth”।

সেইদৰে পৰ্দাৰ আৰঁৰ পৰা ৰোমান ৰাজনীতিত অংশ গ্ৰহণ কৰিছিল শিক্ষিতা লিভিয়া, অকটে্ভিয়া আৰু এগ্ৰিপিনাই।

ৰোমান যুগৰ এগৰাকী বিখ্যাত অংকশাস্ত্ৰবিদৰ নাম প্ৰায় সকলোৰে মুখে মুখে। এখেত হ’ল হাইপাটিয়া।

ইজিপ্তৰ আলেকজেন্দ্ৰিয়াত সম্ভৱত ৩৭৫ খৃষ্টাব্দত হাইপাটিয়াৰ জন্ম হৈছিল। তেখেতৰ পিতৃ থিয়ন আছিল এজন অংকশাস্ত্ৰবিদ আৰু জ্যোতিৰ্বিদ আৰু পিতৃৰ পৰায়েই তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। হাইপাটিয়াই অংক আৰু জ্যোতিৰ্বিদ্যাত বহু অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ কোনো লিখনি সম্পূৰ্ণকৈ পঢ়িবলৈ পোৱা নাযায় যদিও তেখেতৰ ছাত্ৰসকলৰ টোকাৰ পৰায়েই তেখেতৰ জ্ঞানৰ নমুনা পোৱা যায়।

হাইপাটিয়াই কৰি থৈ যোৱা কামৰ বাবে নহয়, বৰং তেখেতৰ ওপৰত উন্মত্ত জনতাই চলোৱা অত্যাচাৰৰ বাবেহে ইতিহাসৰ পাতত তেখেত চিৰস্মৰণীয় হৈ ৰয়।

সেই যুগত আলেকজেন্দ্ৰিয়া আছিল জ্ঞান আৰু সভ্যতাৰ কেন্দ্ৰভূমি। গ্ৰীক, ইহুদী, খ্ৰীষ্টধৰ্মীয় সকলো লোকৰে ইয়াত সমাবেশ হৈছিল। প্ৰতিটো ধৰ্মৰ লোকেই, বিশেষকৈ খ্ৰীষ্টধৰ্মীয় লোক আছিল অত্যন্ত গোড়া।

হাইপাটিয়া হৈছিল এই গোড়ামি আৰু সাধাৰণ মানুহৰ অন্ধবিশ্বাসৰ বলি। গিৰ্জাৰ মুৰব্বী চেইণ্ট চিৰিলৰ উচটনিত উন্মত্ত জনতাই হাইপাটিয়াক ডাইনী সাৱ্যস্ত কৰি হত্যা কৰে।

হাইপাটিয়াৰ হত্যা কাহিনী আমি জানো। কিন্তু সেই যুগৰ বহু নাৰীক ডাইনী সাৱ্যস্ত কৰি দগ্ধ কৰা হৈছিল। এওঁলোকক এনেদৰে অত্যাচাৰ কৰা হৈছিল কিয়?

এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আমি চিকিৎসাবিদ্যা আৰু উদ্ভিদবিজ্ঞানত নাৰীৰ ভূমিকা সম্বন্ধে অলপ বহলাই আলোচনা কৰিম।

অতীজৰে পৰা উদ্ভিদবিদ্যাৰ লগত নাৰীৰ সৰ্স্পক আছিল। কাৰণ সন্তান পালন কৰাৰ উপৰিও নাৰীয়েই আছিল ৰোগীৰ শুশ্ৰূষাকাৰী। বিশেষকৈ নাৰী সংক্ৰান্ত ৰোগ সম্বন্ধে নাৰীৰ কিছু পৰিমাণে হলেও জ্ঞান আছিল। সেয়েহে প্ৰতিখন মানৱ সমাজতে ধাত্ৰী আৰু বেজিনী দেখিবলৈ পোৱা যায়। বেজৰ চিকিৎসাৰ সৰহভাগেই জৰা-ফুকা আৰু অন্ধবিশ্বাসজনিত হলেও এনে লোকৰ বনৌষধি আৰু ৰোগ সম্বন্ধে যথেষ্ট জ্ঞান থাকে। আমাৰ আজো আইতা, আইতাৰ মাধ্যমৰে এই জ্ঞান আমাৰ মাজতো জীয়াই আছে আৰু বৰ্তমান ৰসায়ন বিজ্ঞানে বনৌষধিৰ বিষয়ে যথেষ্ট গৱেষণা চলাইছে। সেয়েহে ক’ব পাৰি যে চিকিৎসা আৰু উদ্ভিদ বিজ্ঞানৰ প্ৰতিও প্ৰাচীন কালৰ নাৰীৰ বৰঙণি আছে।

উদাহৰণ স্বৰূপে আমি প্ৰাচীন ৰোমৰ লিখক হাইজিনোচে লিখি থৈ যোৱা এগৰাকী অসাধাৰণ নাৰী এগনোদিচৰ নাম উল্লেখ কৰিব খোজোঁ।

প্ৰাচীন গ্ৰীচত এটা সময়ত নাৰীৰ চিকিৎসা শাস্ত্ৰ অধ্যয়ন আইন মতে দণ্ডনীয় আছিল। আনহাতে নাৰী সংক্ৰান্ত ৰোগ আৰু সন্তান প্ৰসৱৰ সময়ত চিকিৎসাবিদৰ অনুপস্থিতিৰ বাবেই বহু নাৰী মৃত্যু মুখত পৰিছিল। এনেবোৰ নাৰীক সহায় কৰিবৰ বাবেই এগনোদিচে পুৰুষৰ বেশত চিকিৎসাবিদ হিৰোফলিচৰ তত্ত্বাৱধানত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে আৰু বহু নাৰীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰে।

সেইদৰে গ্ৰীচীয়-ৰোমান যুগত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰা নাৰী অৰিজেনা আৰু ক্লিওপেট্ৰাৰ (ৰাণী ক্লিওপেট্ৰা নহয়) বিষয়ে পঢ়িবলৈ পোৱা যায়।

এতিয়া আমি উপৰিউক্ত প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। অৰ্থাৎ বহু নাৰীক ডাইনী বুলি হত্যা কৰা হৈছিল কিয়? ইয়াকে কৰিবলৈ হ’লে আমি পুনৰ ইতিহাসৰ পাত লুটিয়াব লাগিব।

ৰোমান যুগতে খ্ৰীষ্ট ধৰ্মৰ আৰম্ভণি হয়। আৰম্ভণিতে খ্ৰীষ্টধৰ্মী লোকৰ ওপৰত ৰোমান সম্ৰাটসকলে যথেষ্ট অত্যাচাৰ চলোৱা স্বত্তেও খ্ৰীষ্টধৰ্মীলোকৰ সংখ্যা  বৃদ্ধি হয় আৰু অৱশেষত ৩১৩ খৃষ্টাব্দত সম্ৰাট কনষ্টানটিনে নিজে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰাৰ লগতে এনে নিৰ্যাতন আইনমতে দণ্ডনীয় ঘোষণা কৰে। ইয়াৰ পিচৰে পৰা খ্ৰীষ্টধৰ্মৰ প্ৰতিপত্তি বাঢ়িবলৈ ধৰে। বিশেষকৈ পোপৰ ক্ষমতা অসম্ভৱধৰণে বৃদ্ধি হয় আৰু অখ্ৰীষ্টধৰ্মীলোকৰ ওপৰতহে গিৰ্জাৰ নিৰ্যাতন বৃদ্ধি হয়। গিৰ্জাৰ স্বাৰ্থৰ ওপৰত আঘাত পেলাব পৰা ধাৰণা বা ব্যক্তিক গিৰ্জাই অত্যাচাৰ কৰিবলৈ ধৰে।

আনহাতে ঠায়ে ঠায়ে খ্ৰীষ্টধৰ্মীয় মঠ গঢ়ি উঠে। মঠৰ সন্ন্যাসী আৰু সন্ন্যাসিনীসকলেও ৰোগী শুশ্ৰূষা কৰিছিল আৰু বহু বনৌষধিৰ জ্ঞান তেখেতসকলৰ আছিল। আমি সেই যুগৰ দুজন বিশিষ্ট ব্যক্তিৰ কেইশাৰী মান বাক্য তলত উল্লেখ কৰিছো—–

“Divination is necessary, to be sure, and one should certainly appoint people to divine the wills of gods from sacrifices and observing the flights of bird,so that anyone who wishes to do so may frequent them and consult them about anything. But it is preferable that there be no such people as workers of magic, because although they sometimes speak the truth,people of that kind much more frequently tell lies and stir up many to make a revolution”—Dio Cassius

“When magicians do the same kind of things as occasion saints do, there deeds may appear similar to the naked eye, but they have a quite different intention and a quite different sanction. The former do what they do with a view to their own self-esteem, the later with a view to the glory of God”—Saint Augustine

এই দুটা উক্তিৰ পৰা স্পষ্টকৈ ধৰিব পাৰি যে গিৰ্জাৰ আঁৰবেৰৰ মাজত কৰা কাম সৎ আৰু সহনীয়। কিন্তু একেই কাম গিৰ্জাৰ বাহিৰত হয় অসৎ আৰু অসহনীয়।

ডাইনী হত্যাৰ কাৰণ আছিল বহুতো (এই লিখনিৰ বাবে ই আমাৰ আলোচ্য বিষয় নহয়)। কিন্তু গিৰ্জাৰ মুৰব্বীসকলৰ বাহিৰে আন লোকৰ ওপৰত সাধাৰণলোকে আস্থা স্থাপন কৰাটো গিৰ্জাই মুঠেও সহ্য নকৰিছিল।  ডাইনী হত্যাৰ ই আছিল এক প্ৰধান কাৰণ।

সি যি নহওক আমি মাথো ইয়াকেহে উনুকিয়াব খুজিছো যে প্ৰাচীন কালৰে পৰা নাৰীয়ে চিকিৎসা বিজ্ঞানত অংশ গ্ৰহণ কৰি আহিছে। (ক্ৰমশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *