বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ ইতিহাসত নাৰী (তৃতীয় অংশ)  (পূৰবী দেৱী)

(প্ৰথম অংশটি পঢ়িবলৈ ইয়াত আৰু দ্বিতীয় অংশটি  পঢ়িবলৈ ইয়াত টিপা মাৰক)

ৰোমান সাম্ৰাজ্যৰ পতনৰ পাচৰ যুগক (৪৭৬-১৪০০ খ্ৰী.) মধ্যযুগ বোলা হয় আৰু এসময়ত এই যুগক অন্ধকাৰ যুগ বোলা হৈছিল। কিন্তু ই বৰ সচাঁ নহয়। জ্ঞান, শিক্ষা আৰু সংস্কৃতিৰ ইউৰোপত অৱনতি ঘটিছিল সচাঁ। কিন্তু জ্ঞানৰ বন্তিগছি কেতিয়াও নিৰ্বাপিত হোৱা নাছিল।

প্ৰতিটো যুগৰ দৰে মধ্যযুগতো নাৰীৰ বিশেষ স্বাধীনতা নাছিল। সভ্ৰান্ত বংশৰ মহিলাই পঢ়িবলৈ শিকিলেও প্ৰাথমিক শিক্ষাতে তেওঁলোকৰ শিক্ষা সাং পৰিছিল। সুন্দৰী, সতী-সাধ্বী, সুগৃহিনী আৰু সুমাতৃ হোৱাটোৱেই আছিল নাৰী জীৱনৰ প্ৰধান উদ্দেশ্য।

কিন্তু এই যুগতো এচাম নাৰী আছিল ব্যতিক্ৰম। এইসকল হ’ল খ্ৰীষ্টধৰ্মীয় সন্ন্যাসিনীসকল।

মধ্যযুগৰ ইউৰোপত শিক্ষাৰ প্ৰধান কেন্দ্ৰ আছিল গিৰ্জা। সেইদৰে মঠবোৰো আছিল শিক্ষাকেন্দ্ৰ।

সাধাৰণতে পৰিয়ালৰ বোজাস্বৰূপ বিবাহ অযোগ্য ছোৱালীক মঠলৈ পঠিয়াই দিয়া হৈছিল। সম্ভৱতঃ বহু নাৰীৰ বাবে ই আছিল একপ্ৰকাৰৰ বন্দীত্ব। কিন্তু কিছু সংখ্যক নাৰীৰ বাবে ই আছিল মুক্তি। কাৰণ জ্ঞান আৰু শিক্ষাৰ সোৱাদ পোৱাৰ উপৰিও ইয়াৰ সম্পূৰ্ণ সুযোগ তেওঁলোকে গ্ৰহণ কৰিছিল।

বাইবেলক কেন্দ্ৰ কৰিয়েই শিক্ষা আৰম্ভ হলেও সেইযুগৰ খ্ৰীষ্ট ধৰ্মৰ ইতিহাস পঢ়িলে দেখা যায় যে তেওঁলোকে অংকশাস্ত্ৰ, জ্যোতিৰ্বিদ্যা, সংগীত আৰু জ্যামিতি অধ্যয়ন কৰিছিল আৰু কোনো কোনো নাৰী আছিল অত্যন্ত শিক্ষিত। হুইটবিৰ চেইণ্ট হিলদা আছিল এনে এগৰাকী নাৰী। হিলদাই তেওঁৰ মঠত এখন কণভেণ্ট স্থাপন কৰে আৰু মঠবাসিনীসকলক শিক্ষা দিবলৈ আৰম্ভ কৰে। বিদে লিখি থৈ যোৱা মতে এনেকি বিচপো তেওঁৰ ওচৰলৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহে। ঠিক সেইদৰে চেইণ্ট লিওবা, St Hildegard, Hroswitha আদি মহিলাৰ নামো পোৱা যায়।

ক’বলৈ গ’লে সেই যুগত কণভেণ্টেই আছিল স্ত্ৰীশিক্ষাৰ প্ৰধান কেন্দ্ৰ আৰু মঠবাসিনীসকলে এই শিক্ষাৰ বন্তিগছি জ্বলাই ৰাখিছিল। সম্ভ্রান্ত  মহিলাও শিক্ষা গ্ৰহণ কৰিবলৈ মঠলৈ আহিছিল। সেইবাবে ক’ব পাৰি মধ্যযুগত এচাম নাৰীয়েই জ্ঞান আৰু শিক্ষা নাৰীৰ মাজত প্ৰসাৰ কৰিছিল।

তদুপৰি সমগ্ৰ পৃথিৱীকে তেতিয়া অন্ধকাৰে ঢাকি ধৰা নাছিল। প্ৰকৃততে চীন আৰু ভাৰতত তেতিয়া শিল্প, কলা, বিজ্ঞান, সাহিত্যৰ বিকাশ হৈছিল।

মধ্যযুগৰ এজন প্ৰসিদ্ধ অংকশাস্ত্ৰবিদ হ’ল ভাস্কৰাচাৰ্য। আনুমানিক ১১৫০ খৃষ্টাব্দত তেখেতে “সিদ্ধান্ত শিৰোমণি” ৰচনা কৰে। এই গ্ৰন্থ চাৰিটা খণ্ডত বিভক্ত। প্ৰথম খণ্ডটোৰ নাম “লীলাৱতী”। এই অংশত পাটীগণিত আৰু পৰিমিতি আলোচনা কৰা হৈছে। বহুতো উপপাদ্য, দ্বিঘাত সমীকৰণ, সমকোণী ত্ৰিভুজ আৰু বৰ্গক্ষেত্ৰৰ সমস্যা আৰু সমাধান ইয়াত আছে।

প্ৰচলিত কাহিনী মতে লীলাৱতী ভাস্কৰাচাৰ্যৰ বিদূষী কন্যা। অকালতে বৈধব্য ধাৰণ কৰি তেওঁ পিতৃগৃহলৈ ঘূৰি আহে। পিতৃৰ পৰাই তেওঁ অংক আৰু জ্যোতিৰ্বিদ্যাৰ শিক্ষা গ্ৰহণ কৰে। কোনো কোনো পণ্ডিতৰ মতে “লীলাৱতী” ভাস্কৰাচাৰ্যৰ নিজস্ব ৰচনা। আনহাতে বহুতে মতপোষণ কৰে যে “লীলাৱতী” ভাস্কৰাচাৰ্যৰ মানস কন্যা। “লীলাৱতী”-ৰ ওপৰত গৱেষণা চলাবলৈ এতিয়াও বাকী। কিন্তু সি যি নহওক এতিয়াও দেশে-বিদেশে বহু সমীকৰণ “লীলাৱতী”ৰ নামত প্ৰচলিত আৰু মধ্যযুগৰ এগৰাকী বিদূষী মহিলা বুলিয়েই তেওঁ জনাজাত।

১৪৫০-১৬৯০—এই যুগটো ইউৰোপৰ নৱজাগৰণৰ যুগ। নৱজাগৰণ বিশ্ব ইতিহাসৰ এক অদ্বিতীয় ঘটনা। অৱশ্যে এই যুগৰ আৰম্ভণি আছিল অতি ধীৰ আৰু অসমান। ইটালীত তেৰ শতিকাতে ই আৰম্ভ হৈছিল। তাৰ পাচত ফ্ৰান্স আৰু জাৰ্মানীৰ চহৰত আৰু অৱশেষত ইংলণ্ডত ইয়াৰ সূচনা হয়। এই যুগত অতি তীব্ৰ ৰাজনৈতিক, ধৰ্মীয় আৰু বৌদ্ধিক সংঘাতৰ আৰম্ভ হয়, মানুহৰ প্ৰকৃতি সম্বন্ধীয় অনুসন্ধিৎসা বাঢ়িবলৈ ধৰে, মানুহে নতুনকৈ চিন্তা কৰিবলৈ শিকে আৰু বিজ্ঞান-চৰ্চাৰ হকে পৰীক্ষা আৰু গণনাক এক নতুন পদ্ধতিৰূপে ব্যৱহাৰ কৰিবলৈ ধৰে।

নৱজাগৰণ সূচনা হোৱাৰ কাৰণ বহুতো। ইয়াৰ এক প্ৰধান কাৰণ আছিল মধ্যযুগীয় ইউৰোপলৈ চীন দেশৰ পৰা আমদানি কৰা যান্ত্ৰিক কৌশল ছপাশাল আৰু সস্তীয়া কাগজ। ছপাশালে মাথো আমোলা আৰু পুৰোহিত শ্ৰেণীৰ আৱদ্ধ থকা শিক্ষাক জনসাধাৰণৰ মাজলৈ লৈ আহে।

অৱশ্যে এই কথা সচাঁ যে মাথো এমুঠি মানুহেহে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ সুবিধা পায়। এওঁলোক অভিজাত শ্ৰেণীৰ লোক। সাধাৰণ মানুহৰ সৰহভাগেই আছিল একেবাৰে অশিক্ষিত।

নৱজাগৰণৰ বতাহৰ ঢৌ নাৰীৰ মাজত, বিশেষকৈ ইটালীৰ নাৰীৰ মাজত ববলৈ ধৰে। ফ্ৰান্স, জাৰ্মানী আদি দেশৰ নাৰীৰ নাম পোৱা যায় যদিও তেওঁলোক আছিল ব্যতিক্ৰমহে মাথোন।

কিন্তু ইটালীৰ সম্ভ্রান্ত বংশৰ নাৰীয়ে শিক্ষা লাভ কৰিবলৈ সুযোগ পোৱাৰ উপৰিও নিজৰ শিক্ষা আৰু প্ৰতিভাৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হয়। সেয়েহে বহুতো নাৰীৰ বিষয়ে ইটালীৰ নৱজাগৰণৰ ইতিহাসত পঢ়িবলৈ পোৱা যায়। ইয়াৰ কিছুমান সম্ভৱতঃ কিংবদন্তী। কিন্তু তথাপিও ক’ব পাৰি যে জ্ঞান আৰু শিক্ষাৰ এই আন্দোলনত এচাম নাৰীয়ে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু বিজ্ঞান, সাহিত্য, কলা আদি সকলোতে বৰঙণি যোগাবলৈ ধৰিছিল।

বিশেষকৈ গ্ৰীক আৰু লেটিন ভাষাৰ ওপৰত দক্ষতা লাভ কৰি এই দুয়োটা ভাষাত লিখিত সাহিত্য আৰু দৰ্শন চৰ্চা কৰা বহু নাৰীৰ নাম পঢ়িবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে Laura Brenzoni, Alessandra Scala, Lorenza Strozzi, Livia Chiavello, Casandra Fedele  ইত্যাদিৰ নাম উল্লেখ কৰিব পাৰি।

কিন্তু Tarquinia Molza নামৰ নাৰী এগৰাকীয়ে সকলোকে চেৰ পেলাইছিল। কেৱল সাহিত্য বা কলায়েই নহয়, অংকশাস্ত্ৰ আৰু জ্যোতিৰ্বিদ্যাৰ ওপৰত তেখেতৰ অসাধাৰণ দখল আছিল। এগৰাকী সুশিক্ষয়ত্ৰী ৰূপে তেখেত আছিল বিখ্যাত।

ইটালীৰ বহু গীৰ্জাত বৰ্তমানেও নৱজাগৰণৰ যুগৰ নাৰীৰ ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়। সম্ভৱতঃ Properzia de Rossi আছিল সকলোতকৈ জনাজাত ভাস্কৰ। সেইদৰে Suor Plantilla Nelli আছিল এগৰাকী বিখ্যাত শিল্পী।

বহু নাৰীয়ে এনেকি গ্ৰীক আৰু লেটিনত কবিতাও ৰচনা কৰিছিল। মাইকেল এঞ্জেলোক অনুপ্ৰাণিত কৰা এনে এগৰাকী নাৰী আছিল ভিটোৰিয়া কোলোনা। তেখেতলৈ লিখা এখন চিঠিত মাইকেল এনজেলোয়ে কৈছিল, “I fly with your wings; by your genius I am raised to the skies; in your soul my thought is born”।

অসাধাৰণ পাণ্ডিত্যৰ বাবে বিখ্যাত আছিল Dorotea Bucca। তেখেতে বলনিয়া বিশ্ববিদ্যালয়ত চিকিৎসা-বিজ্ঞানৰ শিক্ষা দিছিল।

বহুতো সম্ভ্রান্ত মহিলা আছিল বিজ্ঞান, সাহিত্য, শিল্প আদিৰ পৃষ্ঠপোষক। উদাহৰণ স্বৰূপে, Renee, duchess of Ferrara, Isabella d’Este, marchioness of Montua, Beatrice d’Este, duchess of Milan-ৰ নাম উল্লেখ কৰিব পাৰি।

এই চমু পৰিসৰত সম্ভৱ নহলেও এনে বহু নাৰীৰ নাম উল্লেখ কৰিব পাৰি।

নাৰী জাগৰণৰ কাৰণ আছিল বহুতো। সেই যুগৰ পুৰুষৰ নতুন দৃষ্টিভংগী ইয়াৰ এক প্ৰধান কাৰণ।

Bembo, Politian, Ariosto আদি পণ্ডিতৰ লিখনিৰ পৰা বুজিব পাৰি যে যুগৰ তুলনাত তেওঁলোক আছিল অত্যন্ত প্ৰগতিশীল।

নৱজাগৰণৰ যুগৰ বিখ্যাত বৈজ্ঞানিক হ’ল ক’পাৰনিকাচ। তেখেতেই প্ৰথমে পৃথিৱীয়ে সূৰ্যক পৰিভ্ৰমণ কৰে বুলি ঘোষণা কৰে। কলম্বাচে ১৪৯২ চনত আমেৰিকা আৱিষ্কাৰ কৰে। ইয়াৰ পাছৰে পৰা সেই যুগৰ বিশিষ্ট পণ্ডিতসকলে দ্ৰাঘিমা ৰেখা নিৰ্ণয় কৰা গৱেষণাত উঠি-পৰি লাগে। ইয়াৰ বাবেই গ্ৰহ-নক্ষত্ৰৰ সঠিক পথ ঠাৱৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিবলৈ ধৰে। এনে ব্যক্তিৰ মাজৰ এজন প্ৰসিদ্ধ ব্যক্তি হ’ল টাইকো ব্ৰাহে। তেখেতে গ্ৰহ-নক্ষত্ৰৰ গতি-পথৰ ওপৰত যোগাৰ কৰা তথ্য বিজ্ঞান-জগতৰ বহুমূলীয়া সম্পত্তি। সমগ্ৰ ৰাতি ধৰি তেখেতে নিৰীক্ষণ কৰিছিল আৰু এই কামত তেখেতক সহায় কৰিছিল তেখেতৰ সৰু ভনীয়েক চোফিয়া ব্ৰাহেয়ে। চোফিয়া নিজেও এগৰাকী ভাল জ্যোতিৰ্বিদ আছিল।

Maria Cunitz হ’ল নৱজাগৰণৰ যুগৰ আন এগৰাকী উল্লেখযোগ্য অংকশাস্ত্ৰবিদ আৰু জ্যোতিৰ্বিদ। তেখেতে লিখা কিতাপখনৰ নাম “Urania Propitia”।

উল্লেখযোগ্য যে ক’পাৰনিকাচৰ কিতাপখন Jeanne Dumee নামৰ এগৰাকী ফৰাচী নাৰীয়ে অনুবাদ কৰিছিল। এই কিতাপৰ নাম “Entretiens sar I’Opinion de Copernic Touchant la Mobilite de la Terre”। কিতাপখন কেতিয়াও প্ৰকাশ নহ’ল। অৱশ্যে ইয়াৰ এটা কপি পেৰিচৰ ৰাষ্ট্ৰীয় পুথিভঁড়ালত এতিয়াও আছে।

১৫০০ শতিকাৰ পিচৰে পৰা ইউৰোপীয় সমাজ অত্যন্ত ধীৰ গতিৰে হলেও সলনি হ’বলৈ ধৰে। সামন্তবাদী সমাজ আৰু লগতে ধৰ্মৰ কটকটীয়া বান্ধোন লাহে-ধীৰে শিথিল হয়। ক’বলৈ গ’লে সোতৰ আৰু ওঠৰ শতিকাৰ ইউৰোপত বিজ্ঞান হৈ পৰে এক নতুন উদ্যোগ। সোতৰ শতিকাৰ বিজ্ঞানৰ ইতিহাসৰ উল্লেখযোগ্য ঘটনা হ’ল গেলিলিওৰ বিচাৰ কাহিনী। ১৬৮৭ চনত নিউটনৰ “Principia Mathematica” আৰু ১৭০৪ চনত “Opticks” প্ৰকাশ হয়।

বিজ্ঞানৰ প্ৰধান একাডেমীসমূহ এই যুগতে প্ৰথম স্থাপিত হয়।

The Royal Society of London (1662), French Academie Royale des Sciences (1666), Berlin Akademie der Wissenschaften (1700)  আদি এই যুগৰ সৃষ্টি।

অৱশ্যে এই একাডেমীত প্ৰবেশ কৰিবলৈ নাৰীয়ে তিনি শতিকাজুৰি অপেক্ষা কৰিবলগীয়া হয়। এনেকি দুবাৰ নোবেল বটা লাভ কৰা মেডাম কুৰীৰো পেৰিচ একাডেমীৰ সভ্য হোৱাৰ সৌভাগ্য নহ’ল।

এই যুগৰ জ্ঞান-বিজ্ঞানৰ সম্পূৰ্ণ সুযোগ লাভ কৰা নাৰীৰ পক্ষে সম্ভৱপৰ নহলেও দেখা যায় যে এই জ্ঞানৰ প্ৰভাৱ কিছু সংখ্যক নাৰীৰ ওপৰত নপৰাকৈ থকা নাছিল। এই চমু পৰিসৰত আমি মাথো কেইগৰাকীমান নাৰী সম্বন্ধেহে আলোচনা কৰিম।

The Marquise Emilie du Chatelet নামৰ ফৰাচী মহিলা এগৰাকীৰ নাম ইতিহাসৰ পাতত লিখা আছে। এগৰাকী বুদ্ধিমতী অংকশাস্ত্ৰবিদ হিচাপে নহয়, বৰং ভলটেয়াৰৰ (১৬৯৪-১৭৭৮) লগত অবৈধ সম্বন্ধ থকা বাবেহে তেখেতৰ বিষয়ে লিখা বহু লিখনি পঢ়িবলৈ পোৱা যায়। এই লিখনিসমূহৰ পৰা বুজিব পাৰি যে তেখেত অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী আছিল। কিছু লিখকৰ মতে আনলোকে উপন্যাস পঢ়াৰ দৰে তেখেতে বীজ-গণিত আৰু ভাৰ্জিল পঢ়িব পাৰিছিল আৰু নটা অংকৰ সংখ্যা এটাক নটা অংকৰ সংখ্যা এটাৰে কাগজ-কলম নোহোৱাকৈ পূৰণ কৰিব পাৰিছিল। এইবোৰ কাহিনী কিমান দূৰ পৰ্যন্ত সঁচা কব নোৱাৰি। কিন্তু এটা কথা সচাঁ, তেখেতে নিউটনৰ “প্ৰিন্সিপিয়া” ফৰাচী ভাষালৈ অনুবাদ কৰিছিল। কাৰণ ভলটেয়াৰে কৈ থৈ গৈছে, “Two wonders have been performed: one that Newton was able to write this work, the other that a woman could translate and explain it”।

এমিলিয়ে বহুতো পৰীক্ষা-নিৰীক্ষা কৰি ইয়াৰ কিছুমান প্ৰকাশো কৰিছিল। কিন্তু একো নকৰি মাথো “প্ৰিন্সিপিয়া” অনুবাদ কৰাহেতেনো তেখেতৰ নাম বিজ্ঞানৰ ইতিহাসত অমৰ হৈ ৰলহেতেন।

সোতৰ শতিকাৰ এগৰাকী অসাধাৰণ নাৰীৰ নাম এইবাবেই উল্লেখ কৰিব খোজো কাৰণ আজিৰ যুগত এনে লোকক সমাজ-বিজ্ঞানী ৰূপে স্বীকৃতি দিয়া হ’ব। এখেত হ’ল মেৰী এচটেল।

১৬৯৮ চনত মেৰীয়ে “A Serious Proposal to the Ladies” নামৰ গ্ৰন্থ প্ৰকাশ কৰে। এই কিতাপত তেখেতে নাৰীক চিন্তা-চৰ্চা কৰিবলৈ আৰু নিজৰ জীৱন নিজেই গঢ়ি তুলিবলৈ  আহ্বান জনায়। “Thoughts on Education” নামৰ পুথিত তেখেতে শিক্ষাৰ ওপৰত বিশেষকৈ স্ত্ৰী-শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক্ৰমান্বয়ে সমাজত পৰিচিত হ’বলৈ ধৰাৰ লগে লগে তেখেত বহু ব্যংগ-বিদ্ৰুপৰ সন্মুখীন হ’ব লগা হয়। তথাপিও সকলো বাধা নেওচি ১৭০৯ চনত বন্ধু-বান্ধৱীৰ সহায় সহযোগত এখন স্কুল স্থাপন কৰি শিক্ষা দিবলৈ আৰম্ভ কৰে। সেয়েহে স্ত্ৰী-শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ অৱদান বহুমূলীয়া।

সেই যুগৰ বিখ্যাত জাৰ্মান জ্যোতিৰ্বিদ হ’ল মাৰিয়া উইনকেলমান। অৱশ্যে সেই যুগৰ জাৰ্মানীত তেখেতেই একমাত্ৰ জ্যোতিৰ্বিদ নাছিল। আচৰিত যেন লাগিলেও সঁচা যে জাৰ্মান জ্যোতিৰ্বিদৰ চৈধ্য শতাংশ আছিল নাৰী। উদাহৰণ স্বৰূপে, Maria Cunitz (1610-1664), Elisabetha Hevelius (1647-1693), Maria Clara Eimmart (1676-1707), Christine Kirch (1696-1782)  আদিৰ নাম উল্লেখ কৰিব পাৰি।

ইয়াৰ কাৰণ আছিল বহুতো। সমুদ্ৰ যাত্ৰা আৰু দিন-পঞ্জিকা প্ৰস্তুত কৰা কামৰ বাবে আৱশ্যক হোৱা অংকশাস্ত্ৰ আৰু জ্যোতিৰ্বিদ্যাৰ গুৰুত্ব অসম্ভৱধৰণে বৃদ্ধি হোৱাৰ লগতে নতুন যান্ত্ৰিক কৌশল দূৰবীক্ষণৰ গুৰুত্ব বৃদ্ধি হোৱাটো ইয়াৰ এক প্ৰধান কাৰণ। জ্যোতিৰ্বিদে এই বিদ্যা চৰ্চা কৰাৰ লগতে দূৰবীক্ষণ সাজিছিল আৰু ই আছিল এক প্ৰকাৰৰ হস্ত শিল্প। তেওঁলোকে চৰকাৰীভাৱে কোনো গিল্ড গঠন কৰা নাছিল, কিন্তু তেওঁলোকৰ সংগঠন প্ৰায় গিল্ডৰ নিচিনাই আছিল আৰু পৰিয়ালৰ সকলোৱে প্ৰায়ভাগ কামতে অংশগ্ৰহণ কৰিছিল। সেয়েহে পুৰুষৰ তলত কাম কৰিলেও অংকশাস্ত্ৰ, জ্যোতিৰ্বিদ্যা আৰু দূৰবীক্ষণ নিৰ্মাণ কৌশলৰ জ্ঞান নাৰীয়ে লাভ কৰিছিল। অৱশ্যে নিজস্ব কাম প্ৰকাশ কৰাৰ সুযোগ আৰু অধিকাৰ তেওঁলোকৰ নাছিল।

এই ক্ষেত্ৰত ব্যতিক্ৰমী নাৰী দুগৰাকী হ’ল Maria Cunitz আৰু মাৰিয়া উইনকেলমান।

মাৰিয়াই বাৰ্লিন একাডেমীত বহু কাম প্ৰকাশ কৰে আৰু লাইবনিৎজেও তেখেতৰ কামৰ উচ্চ প্ৰশংসা কৰে। সেই সময়ত অৰ্থনৈতিক দিশৰ পৰা অতি লাভবান দিন-পঞ্জিকা প্ৰস্তত কৰা কামৰ ওপৰত বাৰ্লিন একাডেমীৰ একচেটিয়া অধিকাৰ আছিল আৰু মাৰিয়াই এই কামত একাডেমীক সহায় কৰিছিল। তেখেতৰ স্বামী আছিল জ্যোতিৰ্বিদ Gottfried Kirch আৰু তেখেতৰ তলত কাম কৰাৰ বাবেই মাৰিয়াই একাডেমীৰ কাম কৰাৰ সুযোগ পাইছিল। স্বামীৰ মৃত্যুৰ পাচত এই কামৰ পৰা তেওঁ বঞ্চিত হয় আৰু লাইবনিৎজৰ সমৰ্থন আৰু প্ৰচেষ্টা সত্ত্বেও তেখেত একাডেমীৰ সভ্য হ’ব নোৱাৰিলে। (ক্ৰমশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *