সম্পাদকৰ টোকা :: বিপ্লৱে বিপ্লৱে বিজুলী-বজ্র ।। কৌশিক দাস
সিহঁতৰ মৃতদেহবোৰ দ’ম হৈ সমস্ত উপত্যকাত পৰি আছে, কিয়নো শগুণৰ কাৰণেও সেইবোৰ ইমান বেছি যে সিহঁতৰ বাবে গোটেইবোৰ খোৱাটো বা অন্যলৈ লৈ যোৱাটো অসম্ভৱ ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
ৰূপান্তৰৰ মই / যুগান্তৰৰ মই / ভাৰতৰ / জগতৰ / বিদ্রোহী-বীৰ্য / বিপ্লৱে বিপ্লৱে বিজুলী-বজ্র হানি / সুঘোষিত কৰি যাওঁ অগ্নি-তূৰ্য…..
এইকেইটি হৈছে জ্যোতিপ্রসাদ আগৰৱালাৰ অনুপম সৃষ্টি “চিৰবিদ্রোহী” কবিতাটিৰ কেইটিমান শব্দ (দ্রষ্টব্য: জ্যোতিপ্রসাদ ৰচনাৱলী, ২০১৩, পৃ. ৬৭৫)। আমি জানো যে বিপ্লৱ-বিদ্রোহ হৈছে সমাজ-পৰিৱৰ্তনৰ এক অন্যতম দ্যোতক, এইসমূহে যুগৰ পৰিৱৰ্তনৰ সূচনা কৰে। সেইটোৱেই হৈছে উক্ত কবিতাটিৰ মৰ্মবাণী। গভীৰ চিন্তাক অভিনৱ কাব্যিকতাৰে প্রকাশ কৰাত সিদ্ধহস্ত জ্যোতিপ্রসাদ আছিল শব্দৰ ব্যৱহাৰত অতিশয় সতৰ্ক আৰু সচেতন। জ্যোতিপ্রসাদৰ এই গুণটিৰ কথা মনত ৰাখি আমি কবিতাটিৰ শিৰোনামলৈ পুনৰ লক্ষ্য কৰিব পাৰোঁ; নামটি মাত্র “বিদ্রোহী” নহয়—“চিৰবিদ্রোহী”। এই কথাটোৱে বাৰু কিহৰ ইংগিত দিছে? অতি উচ্চ স্তৰৰ কাব্যিকতাৰ মাজেৰে কবিতাটিত জ্যোতিপ্রসাদে ব্যক্ত কৰিছে যে মানৱ-ইতিহাসত বিদ্রোহ-বিপ্লৱজাত ৰূপান্তৰ কোনো সাময়িক কিম্বা বিক্ষিপ্ত ঘটনা নহয়—সেইবোৰ চিৰপ্রবহমান, বিদ্রোহ-বিপ্লৱ হৈছে মানৱ-সমাজৰ অগ্রগতিৰ “কাল ৰথচক্র”, মানৱ-সমাজখনৰ অগ্রগতিৰ চিৰন্তন অভিঘাত—জ্যোতিপ্রসাদৰ ভাষাত, “অখণ্ড যাত্রা সোঁত / শাশ্বত অগ্নি-প্রদীপ”। মানৱ-সমাজখনৰ অগ্রগতিৰ ৰথচক্রৰ সৈতে বিদ্রোহ-বিপ্লৱসম্ভূত বিৰাট-বিপুল ঘূৰ্ণাৱৰ্ত যে সৰ্বত্র-সদায় ওতপ্রোতভাৱে সংলগ্ন হৈ আছে, সেইটো কথা কবিতাটিত “যুগমীয়া সত্য”, “মহাকাল”, “সনাতন”, “কালৰ মন্ত্র”, “অনাদি অনন্ত”, “চিৰবৰ্তমান” আদিৰ মাজৰে ঘনে ঘনে নিনাদিত হৈছে অপূৰ্ব নান্দনিকতাৰ মাজেৰে। বিদ্রোহ-বিপ্লৱ যে মানৱ-সমাজৰ এটি চিৰন্তন প্রপঞ্চ, সেইটোৱেই হৈছে কবিতাটিৰ মৰ্মবস্তু। এই নিবন্ধতো আমি বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ বিষয়ে—চমুকৈ আৰু তেনেই বিক্ষিপ্তভাৱে—দুটিমান কথা আলোচনা কৰিবলৈ যত্ন কৰিম। তাৰে মাজে মাজে কবিতাটিৰ কথাও আহি থাকিব।
জ্যোতিপ্রসাদ আগৰৱালাই যি কথা কবিতাৰ নান্দনিকতাৰ মাজেৰে প্রকাশ কৰিছিল, সেই একেই কথা বহুতো বস্তুবাদী ইতিহাসবিদ আৰু সমাজতাত্ত্বিকেও সুগভীৰ বিচাৰ-বিশ্লেষণৰ মাজেৰে আমাক জানিবলৈ দিছে। তেনে পণ্ডিতসকলে দেখুৱাইছে যে মানৱ-সমাজৰ বিকাশৰ সৈতে, সমাজখনৰ অগ্রগতিৰ সৈতে বিক্ষোভ-বিদ্রোহ-বিপ্লৱ অতি অংগাংগীভাৱে সম্পৰ্কিত হৈ আছে। কিন্তু মন কৰিবলগীয়া কথা—, বিক্ষোভ, বিদ্রোহ আৰু বিপ্লৱ—এইকেইটিৰ মাজত নিবিড় আম্তঃসম্পৰ্ক থাকিলেও, সেইকেইটি গুণগতভাৱে একেই নহয়। কথাটি বহুজনচৰ্চিত যদিও এই দিশটোৰ বিষয়ে দুটিমান কথা আলোচনাৰ আৰম্ভণিতেই উনুকিয়াই গ’লে ভাল হ’ব। সাধাৰণতেই আমি দেখিবলৈ বা পঢ়িবলৈ পাওঁ যে তদানীন্তন শাসকে প্রৱৰ্তন কৰা নিয়ম-কানুন, ব্যৱস্থা, ৰীতি-নীতি ইত্যাদিৰ প্রতি বহুতো কাৰণত প্রজাগণ অতি বিতুষ্ট আৰু বিক্ষুব্ধ হৈ উঠে। কৰ-কাটলৰ মাত্রাৰ অভাৱনীয় বৃদ্ধি, শাসক-আমোলাৰ সীমাহীন দুৰ্নীতি, ভয়ংকৰ মূল্যবৃদ্ধি, স্বৈৰাচাৰী অত্যাচাৰ, সংস্থাপনৰ দুৰাৱস্থা আদি হৈছে তেনে কিছুমান কাৰণ। শাসকৰ প্রতি প্রজাৰ পুঞ্জীভূত বিতৰাগ আৰু বিতুষ্টিয়ে এটা সময়ত প্রতিবাদৰ ৰূপ ধাৰণ কৰে। প্রতিবাদ যদি তীব্রতৰ হৈ পৰে, তাৰ সৈতে যদি জড়িত হৈ পৰে সমাজখনৰ বুজন সংখ্যক মানুহ, তেনেহ’লে প্রজাৰ অসন্তোষে বিক্ষোভৰ ৰূপ ধাৰণ কৰে। বিক্ষোভকাৰীয়ে সাধাৰণতে অসন্তোষবোৰৰ তাৎক্ষণিক কাৰণবোৰ আঁতৰাবলৈ হেঁচা দিয়ে—শাসকক পৃষ্ঠপোষকতা কৰা বিৰাট ব্যৱস্থাটোক সমূলঞ্চে সমুচ্ছেদ কৰাৰ উদ্দেশ্য বিক্ষোভত প্রকট নহয়। কথাটো বুজিবলৈ আমি এটা উদাহৰণ ল’ব পাৰোঁ। ধৰি লোৱা হ’ল, শাসকে বলবৎ কৰিবলৈ উদ্যত হোৱা কোনো এখন আইনৰ বিৰুদ্ধে বুজন সংখ্যক মানুহে বিক্ষোভ এটা আৰম্ভ কৰিলে। বিক্ষোভৰ তীব্রতাৰ বাবে শাসকে উক্ত আইনখন প্রত্যাহাৰ কৰা হ’ল বুলি ঘোষণা কৰিলেই বিক্ষোভটো প্রশমিত হৈ পৰিব। সেইবাবে কেৱল বিক্ষোভে কোনো সুদূৰপ্রসাৰী যুগ-পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সমৰ্থ নহয়। বিক্ষোভকাৰীৰ মনত যদি বৰ্তি থকা সমাজ-ব্যৱস্থাটো অমোঘ আৰু অনিবাৰ্য বুলি বদ্ধমূল ধাৰণা এটা থাকে, তেনেহ’লে তেনে বিক্ষোভৰ পৰিণতিত কিবা পৰিৱৰ্তন যদি আহেও, সেয়া হয়গৈ মাত্র শাসনাধিষ্ঠিত দল বা ব্যক্তিৰহে পৰিৱৰ্তন—নিয়ম-মাফিক চৰকাৰ সাল-সলনিৰ দৰে কথা মাত্র—তাত কোনো বৃহৎ আৰু মৌলিক ৰূপান্তৰৰ কথা নাথাকে। ঘৰুৱা ভাষাত সহজকৈ ক’ব পাৰি—বদলি যায় ৰজা, কিন্তু ৰাজতন্ত্র বাচি যায়। মানুহ বিক্ষোভত সমৱেত হয় এক বা একাধিক সাধাৰণ (Common) সমস্যাই জন্ম দিয়া অসন্তুষ্টিৰ আৰু ক্ষোভৰ বাবে। অসন্তুষ্টি আৰু ক্ষোভৰ উৎস একে হ’লেও, বিক্ষোভকাৰীসকল মতাদৰ্শগতভাৱে অভিন্ন নহয়; ভয়ংকৰ আৰু অসহনীয় মূল্যবৃদ্ধিয়ে যিদৰে এগৰাকী বাঁওপন্থাত আস্থাশীল মানুহক ক্ষোভিত কৰিব, তেনেদৰে সেই একেটা কাৰকে বিক্ষুব্ধ কৰি পেলাব বাঁওপন্থাৰ প্রতি উদাসীন কোনো সৰ্বসাধাৰণ ব্যক্তিকো। তেনেদৰেই বিভিন্ন মত আৰু মতাদৰ্শৰ বিক্ষুব্ধ মানুহ আহি একেখন বিক্ষোভৰ পতাকাৰ তলত সমৱেত হয়। তাৰ পাছতো কিন্তু বিক্ষোভকাৰীসকলৰ মাজত মতাদৰ্শগত অন্তৰ্দ্বন্দ্ব আৰু অৰিয়া-অৰি চলি থাকে। এইটো কাৰণতেই বিক্ষোভসমূহৰ সাংগঠনিক ভিত্তি লেহুকা আৰু দুৰ্বল হয়, বহুক্ষেত্রত কাৰ্যসূচীও সুপৰিকল্পিত হোৱাৰ সলনি বিক্ষিপ্ত হৈ পৰে, নিৰ্দিষ্ট মতাদৰ্শগত ভিত্তি তাত প্রায় নাথাকেই। অন্য এটা মন কৰিবলগীয়া কথা, বিক্ষোভৰ চৰিত্র জংগী আৰু আক্রমণাত্মক হ’বও পাৰে—সাধাৰণতে তেনেকুৱা হোৱা দেখাও যায়—কিন্তু সি সকলো বিক্ষোভৰ সাধাৰণ চৰিত্র নহয়। লগতে লক্ষনীয়, বিক্ষোভজাত হিংসাত্মক কাৰ্য সাধাৰণতেই বিক্ষোভকাৰীসকলৰ নিজৰো নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যায়। বিদ্রোহৰ ক্ষেত্রত কথাটো অলপ বেলেগ; ইয়াত প্রত্যক্ষভাৱে শাসকৰ প্রতিমুখে মানুহে সাহসেৰে থিয় হয়; বিদ্রোহী মানুহৰ চিন্তা-ভাৱনা আৰু কৰ্মকাণ্ডৰ কেন্দ্রত থাকে শাসকক উৎখাত কৰাৰ তীব্র আকাংক্ষা। সেইবাবেই বিদ্রোহৰ সৈতে জংগী চৰিত্র এটা সদায় সংলগ্ল হৈ থাকে। বিক্ষোভকাৰীৰ তুলনাত বিদ্রোহীসকল মতাদৰ্শৰ ক্ষেত্রত কট্টৰ আৰু একা-চেকা; তেওঁলোকৰ সাংগঠনিক ভিত্তি আৰু কাৰ্য-পৰিকল্পনা যথেষ্ট নিটোল আৰু পৰিকল্পিত—হিংসাত্মক কাৰ্যৰ ওপৰতো তেওঁলোকৰ নিয়ন্ত্রণ থাকে। লগতে মন কৰিব লাগিব, বিদ্রোহকাৰী সফল হ’লে পূৰ্বৱৰ্তী শাসকক অপসাৰণ কৰা হয় ঠিকেই; কিন্তু ব্যৱস্থাগত আমূল পৰিৱৰ্তনৰ সূচনা হ’বই বুলি বিদ্রোহৰ অন্তত—বিক্ষোভৰ দৰেই—কোনো নিশ্চয়তা নাথাকে। এইটো ক্ষেত্রত কিন্তু বিপ্লৱ গুণগতভাৱে বিক্ষোভ-বিদ্রোহতকৈ একেবাৰেই বেলেগ। বিপ্লৱৰ ক্ষেত্রত বৰ্তি থকা শাসকক উৎখাত কৰাৰ কথাটো—বিদ্রোহৰ দৰে—অৱশ্যেই থাকে। কিন্তু মাত্র শাসকক আঁতৰোৱাতেই বিপ্লৱ থমকি নৰয়, বৰ্তি থকা সমগ্র সমাজ-ব্যৱস্থাটো ওফৰাই, এক সৰ্বাত্মক আৰু আমূল পৰিৱৰ্তনৰ সাধন কৰাটো হৈছে বিপ্লৱৰ মৰ্মবস্তু; বিপ্লৱ কোনো সাধাৰণ ৰাজনৈতিক ক্ষমতাৰ হস্তান্তৰৰ কথা নহয়। অৱশ্যে কৈ থোৱা উচিত হ’ব যে সমাজ-বাস্তৱত আমি বিক্ষোভ-বিদ্রোহ-বিপ্লৱক ইমান প্রকোষ্ঠীকৃত ৰূপত, একেবাৰেই পৃথক পৃথক পৰিঘটনা হিচাপে প্রত্যক্ষ নকৰিবও পাৰোঁ। বিশেষকৈ বহুতো ক্ষেত্রত বিক্ষোভ আৰু বিদ্রোহৰ মাজত কোনো সুস্পষ্ট সীমা নিৰ্দেশ কৰাটো কঠিন হৈ পৰে। শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা কোনো বিক্ষোভে জংগী গণবিদ্রোহৰ ৰূপ ধাৰণ কৰাৰ উদাহৰণ ইতিহাসত যেনেদৰে আছে, তেনেদৰেই গণবিক্ষোভ-গণবিদ্রোহ সৰ্বাত্মক বিপ্লৱলৈ উত্তৰণ হোৱাৰ নিদৰ্শনো অতীতত আছে। ফৰাচী বিপ্লৱ তাৰ এটা চকুত পৰা নিদৰ্শন।
(২)
বিক্ষোভ, বিদ্রোহ আৰু বিপ্লৱৰ মাজত তেনে মৌলিক পাৰ্থক্য থাকিলেও, কিছুমান কথাত আমি সেইকেইটিৰ মাজত সাদৃশ্যও দেখিবলৈ পাওঁ। উদাহৰণ স্বৰূপে আমি ক’ব পাৰোঁ যে শান্তিপূৰ্ণ গণতান্ত্রিক বিক্ষোভেই হওক, বা কোনো সশস্ত্র জংগী বিদ্রোহেই হওক, কিম্বা ব্যৱস্থাগত পৰিৱৰ্তনৰ সূচনা কৰা কোনো মহাবিপ্লৱেই হওক—প্রত্যেকৰে লগত প্রজাৰ ক্ষোভ আৰু অসন্তুষ্টিৰ কথাটো সম্পৰ্কিত হৈ থাকে। উল্লেখ কৰা হৈছেই যে মূল্যবৃদ্ধি, কৰ-কাটল বাঢ়ি যোৱা, কৰ্মসংস্থানহীনতা, অৱদমন-অত্যাচাৰ আদি অজস্র কাৰকে প্রজাৰ মনত গভীৰ ক্ষোভ-অসন্তুষ্টিৰ জন্ম দিব পাৰে। তেনে কাৰকৰ তালিকাখন আমি দীঘলীয়া কৰি গৈ থাকিব পাৰোঁ, তাত আমি যোগ দি গৈ থাকিব পাৰোঁ হৰেক ৰকমৰ গণঅসন্তুষ্টিৰ কাৰকক। এটা উদাহৰণৰ সহায়ত আমি সহজকৈ কথাটো এইদৰে বুজিবলৈ চেষ্টা কৰিব পাৰোঁ—; “ক” নামৰ দেশখনত প্রজাগণৰ অসন্তুষ্টিৰ কাৰণ আছিল “খ”; কিন্তু “গ” নামৰ দেশখনত প্রজাগণৰ অসন্তুষ্টিৰ কাৰণ আছিল “ঘ”; তেনেদৰেই “ঙ” নামৰ দেশখনত প্রজাগণৰ অসন্তুষ্টিৰ কাৰণ আছিল “খ” আৰু “ঘ”। তেনে কাৰকসমূহৰ পৃথক পৃথক আৰু সূক্ষ্ম বিচাৰ-বিশ্লেষণে বহুতো নতুন দিশ নিশ্চয় উন্মুক্ত কৰিব, দেশ-কালভেদে সেইসমূহৰ মাজত ভিন্নতা কিম্বা সাদৃশ্যৰ প্রসংগটোও উত্থাপিত হ’ব। কিন্তু প্রশ্ন উঠিব, ইমানবোৰ তাৎক্ষণিক কাৰকৰ ঊৰ্ধলৈ গৈ, জনগণৰ ক্ষোভ-অসন্তুষ্টিৰ উদ্ভৱৰ কোনো ঐতিহাসিক সাধাৰণ সূত্রৰ সন্ধান আমি উলিয়াব নোৱাৰোঁনে?
প্রশ্নটো নিশ্চয় কঠিন। হ’লেও, তাৰ উত্তৰ আমি বস্তুবাদী সমাজতাত্ত্বিক আৰু ইতিহাসবিদৰ নিৰলস গৱেষণাসম্ভূত বিচাৰ-বিশ্লেষণৰ পৰা আগ বঢ়াবলৈ চেষ্টা কৰিব পাৰোঁ। অলপ মন কৰিলেই আমি দেখিবলৈ পাওঁ যে প্রজাৰ অসন্তুষ্টিৰ পৰিণতিত সংঘটিত হোৱা ৰাজভগনৰ ইতিহাস বহু পুৰণি। অতি প্রাচীন কালত সংঘটিত হোৱা বিক্ষোভ-বিদ্রোহৰ প্রচণ্ড ধুমুহাৰ—জ্যোতিপ্রসাদৰ ভাষাত “অগ্নি-তূৰ্য”-ৰ নিনাদৰ—বাতৰি আমি ইতিহাসৰ বহু ঠাইত পঢ়িবলৈ পাওঁ। সেইসমূহৰ মাজৰ পৰা মাথোন দুটি—উদাহৰণ হিচাপে—সুপ্রাচীন মিচৰ আৰু চীন দেশৰ ইতিহাসৰ পৰা এই আলোচনালৈ বুটলি আনিছোঁ।
অতি প্রাচীন কালতেই, প্রায় চতুৰ্থ সহস্রাব্দৰ আশে-পাশে, নীল নদীৰ পাৰত উদ্ভৱ হৈছিল ৰাষ্ট্রব্যৱস্থাৰ। ক্রমাৎ কেন্দ্রীভূত হৈ অভাৱনীয় শক্তিৰ অধিকাৰী হৈ পৰা মিচৰীয় ৰাষ্ট্রব্যৱস্থাটো বৰ্তি আছিল দাস আৰু কৃষকৰ শ্রম-লুণ্ঠনৰ ওপৰত ভিত্তি কৰি। শ্রম-শোষণৰ কাৰ্যটি নিৰ্বিঘ্নে চলাই যাবলৈ অনিবাৰ্যভাৱে প্রয়োগ কৰা হৈছিল অমিত শক্তিশালী ৰাষ্ট্রৰ সমস্ত শক্তি। ফেৰ’ (মিচৰৰ সম্রাট) আৰু শাসক-আমোলাসকলে কটাইছিল সৰ্বসাধাৰণৰ বাবে কল্পনাতীত লাহ-বিলাহৰ প্রাচুৰ্যময় জীৱন। তাৰ বিপৰীতে দাস আৰু কৃষকসকল নিমজ্জিত হৈছিল ভয়ংকৰ দুৰাৱস্থাৰ পংকভূমিত। সময়ৰ লগে লগে, ৰাষ্ট্রৰ ভৌগোলিক সম্প্রসাৰণৰ, অৰ্থাৎ নতুন দেশ জয় কৰাৰ কথাটো শোষণ-শাসনৰ স্বাৰ্থতেই আহি পৰিছিল অৱধাৰিতভাৱে। শ্রম-শোষণ আৰু ৰাষ্ট্র-সম্প্রসাৰণৰ কথাটো কিমান নিষ্ঠুৰ আছিল, সেইটো ফেৰ’ প্রথম থুটমেছৰ দিনৰ এটি ঐতিহাসিক সাক্ষ্যৰ জৰিয়তে আমাৰ চকুত বৰ পৰিষ্কাৰকৈ ধৰা পৰিব। সিংহাসনত বহিয়েই প্রথম থুটমেছে দেশ জয় কৰিবলৈ কৃষ্ণাংগ নুবিয়াসকলৰ অঞ্চলবোৰ আক্রমণ কৰে। তাৰ পিছত কি হ’ল? সুপ্রাচীন প্রস্তৰ লিপিয়ে কৈছে, “তেওঁ নুবিয়াৰ প্রধানক ক্ষমতাচ্যুৎ কৰিছে আৰু কৃষ্ণাংগবোৰ তেওঁৰ কৰায়ত্ত। কেঁকোৰা চুলিৰ এনেকুৱা এজনো মানুহ আৰু নাই যে যিজনে আক্রমণ কৰিবলৈ উভতি আহিব, কাৰণ তেনে লোকৰ কোনো অৱশিষ্টই নাই। নুবিয়াৰ অঘৰীবোৰ পৰাজিত হৈছে আৰু সিহঁতৰ মৃতদেহবোৰ দ’ম হৈ সমস্ত উপত্যকাত পৰি আছে, কিয়নো শগুণৰ কাৰণেও সেইবোৰ ইমান বেছি যে সিহঁতৰ বাবে গোটেইবোৰ খোৱাটো বা অন্যলৈ লৈ যোৱাটো অসম্ভৱ” (অনুবাদ আক্ষৰিক নহয়। দ্রষ্টব্য: প্রাচীন মিশৰ, শ্যামলচন্দ্র বন্দ্যোপাধ্যায়, ২০১১, পৃ. ২৬২-২৬৩)। ইয়াৰ পৰা প্রাচীন মিচৰীয় ৰাষ্ট্রৰ ভয়ংকৰভাৱে নিৰ্মম-নিষ্ঠুৰ দিশটোৰ কথা অনুমান কৰিবলৈ আমাৰ অকণো কঠিন নহয়। তেতিয়া বিজিত দেশৰ সক্ষম মানুহবোৰক দাস হিচাপে বন্দী কৰি অনা হৈছিল। পূৰ্বৰে পৰা থকা দাস-কৃষকৰ সৈতে এইসকলো নিমজ্জিত হৈছিল শ্রম-শোষণৰ ভয়াবহ পাকচক্রত। অবিৰত শোষণে দাস-কৃষকসকলৰ জীৱনৰ ভিত্তিমূল কঁপাই গৈছিল, তাতে আকৌ দিনে দিনে বৃদ্ধি হৈ আহিছিল শ্রম-শোষণৰ তীব্রতা। ৰাষ্ট্রৰ ক্ষমতা প্রায় অসীম আছিল সঁচা, কিন্তু তাৰ মাজতো—স্বাভাৱিকতেই—দলিত মানুহৰ ক্ষোভবোৰো পুঞ্জীভূত হৈ আহিবলৈ ধৰিছিল। তাৰ পৰিণতিত কি হৈছিল? শোষিতসকল বিক্ষুব্ধ হৈ উঠিছিল, ক্ষোভবোৰ সঞ্চিত হৈ আগ্নেয়গিৰিৰ ৰূপ ধাৰণ কৰিছিল, কালৰ আহ্বানত বিক্ষুব্ধ দাস-কৃষকসকলে প্রাণৰ মোহ ত্যাগ কৰি শোষকৰ বিৰুদ্ধে উন্মত্ত হৈ ওলাই আহিছিল। দেখ্দেখ্কৈ সেইটো আছিল দাস-কৃষকসকলৰ এটি বিদ্রোহী কাৰ্য। ঘটনাটো ঘটিছিল খ্রিষ্টপূৰ্ব ১৭৫০ চন মানত। তাৰ বৰ্ণনা এখন ঐতিহাসিক দলিলত লিপিবদ্ধ হৈ আছে—“ৰাজ-শাসনৰ বিৰুদ্ধে মানুহবোৰে বিদ্ৰোহ কৰিছিল। এপলক সময়ৰ ভিতৰতে ৰাজধানী ছেদেলি-ভেদেলি হৈ পৰিল। দুখীয়াৰ দলে ৰজাক বন্দী কৰিলে। প্রশাসকবোৰ পলাই গৈ নিজৰ জীৱন ৰক্ষা কৰিলে। বিষয়াবোৰক হত্যা কৰা হ’ল। যিবোৰ তালিকা অনুসৰি খাজনা আদায় কৰা হৈছিল, সেই সমস্ত হিচাপৰ বহী-পত্ৰ খাস্তাং কৰি পেলোৱা হ’ল। দৰিদ্ৰ জনতা বিশাল ৰাজ-প্রাসাদৰ ভিতৰত সোমাই পৰিল। নিমজ চিকচিকীয়া কাপোৰ-কানি পিন্ধা লোকসকলক টাঙোনেৰে কোবোৱা হ’ল। ধনীৰ জকমকীয়া পোছাক পিন্ধা দাস-মালিকৰ গাত ফটা-ছিটা কাপোৰ-কানি ওলমিল। ধন-সম্পদৰ মালিকবোৰ হৈ পৰিল সম্বলহীন” (আক্ষৰিক উদ্ধৃতি নহয়। দ্রষ্ট্রব্য: প্রাচীন জগতৰ ইতিহাস, ফিওদৰ কৰোভকিন, ১৯৮৯, পৃ: ৬৫-৬৬)। এইখিনিতে আমি “চিৰবিদ্রোহী”-ৰ এটি শাৰী পুনৰ মনলৈ আনিছোঁ—“কালৰ মন্ত্র শুনি / নিমিষতে ভাঙি-ফালি / মোহ-মায়া ব্যূহ / হুহুংকাৰে নাচোঁ মই উলংগ উন্মত্ত”।
তেনে বিদ্রোহে বাৰু ৰাষ্ট্রৰ মৌলিক চৰিত্রটোৰ—শ্রম-শোষণ আছিল যাৰ ভিত্তি—কোনো সাল-সলনি কৰিবলৈ সক্ষম হৈছিলনে? উক্ত ঐতিহাসিক দলিলৰ এইখিনি কথালৈ আমি লক্ষ্য কৰিলেই কথাটো স্পষ্ট হৈ পৰিব, “যাৰ এহাল বলদ গৰুও নাছিল, সিহঁত হৈ পৰিল এজাক পশুৰ মালিক। যিবিলাকে শস্য আদায় কৰিছিল, সিহঁতে এতিয়া নিজেই শস্য দিবলৈ ধৰিলে। দাসবিলাক নিজেও আকৌ অন্যান্য দাসৰ মালিক হ’ল” (দ্রষ্ট্রব্য: পূৰ্বোক্ত গ্রন্থ ,পৃ: ৬৬)। অৰ্থাৎ, উক্ত ঘটনাৱলীয়ে ৰাষ্ট্রব্যৱস্থাটোৰ কোনো মৌলিক পৰিৱৰ্তন সাধন কৰা নাছিল, সেয়া আছিল নিস্পেষিত দাস-কৃষকৰ বিক্ষোভ-বিদ্রোহ, সেয়া নাছিল সমাজলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই অনা কোনো সৰ্বাত্মক বিপ্লৱ। দাস-কৃষকৰ বিদ্রোহ-বিক্ষোভৰ পৰিণতিত দাসপ্রথাৰ উৎখাত নহ’ল, লক্ষনীয়ভাৱে দাস-কৃষকসকলৰ কিছুমান এইবাৰ নিজেই হৈ পৰিল দাস-মালিক!
এইবাৰ দ্বিতীয় উদাহৰণটি আনিছোঁ প্রাচীন চীন দেশৰ ইতিহাসৰ পৰা। মিচৰ দেশৰ দৰে অতি প্রাচীন কালতেই চীনতো ৰাষ্টৰ উদ্ভৱ আৰু বিকাশ ঘটিছিল। তাতো কৃষক আৰু দাসসকলৰ পিঠিত পৰিছিল ৰাষ্ট্রৰ ভয়ংকৰ শোষণৰ বোজা। ইমানেই নিষ্ঠুৰ আৰু অসহনীয় আছিল তেনে অত্যাচাৰ যে দাস-কৃষকসকলে পৰ্বতে-কন্দৰে পলাই ফুৰিছিল। তাৰ মাজতেই কিন্তু শোষিত মানুহৰ মনত অসন্তুোষ আৰু ক্ষোভ দিনে দিনে জমা হৈ গৈ আছিল। পুঞ্জীভূত ক্ষোভ ভয়ংকৰভাৱে বিস্ফোৰিত হৈছিল খ্রিষ্টিয় প্রথম শতিকাৰ আৰম্ভণিতে। দাস আৰু কৃষকৰ এই অভ্যুত্থানক ইতিহাসত “ৰঙা চেলাউৰিৰ বিদ্রোহ” বুলি জনা যায়। প্রাচীন ইতিহাসত কোৱা হৈছে (দ্রষ্ট্রব্য: পূৰ্বোক্ত গ্রন্থ, পৃ: ১৩৯), “জাকে জাকে মৌ-মাখিৰ দৰে বিদ্রোহীসকল আহি সমবেত হ’ল। তেওঁলোক কেউপিনৰ পৰা আগুৱাই ৰাজধানীৰ বুকুলৈ চাপি আহিল। তেওঁলোক বলেৰে ৰাজধানীৰ ভিতৰত সোমাল। নগৰত জুই জ্বলিবলৈ ধৰিলে, প্রতিটো ৰাস্তাতেই খণ্ডযুদ্ধ আৰম্ভ হ’ল। এসময়ত তেওঁলোকৰ কাঁড় শেষ হৈ পৰিল। এইবাৰ আৰম্ভ হ’ল হতাহতি যুদ্ধ। অৱশেষত তেওঁলোকে সম্রাটক বন্দী কৰি তেওঁৰ মূৰ কাটি পেলালে”। এইখিনিতে আকৌ “চিৰবিদ্রোহী”-ৰ পংক্তি এটা বাৰু মনলৈ নাহেনে বাৰু—, “ৰজাৰ কাৰেং উৰে….লেলিহান জুই জ্বলে….”! বিদ্রোহীসকলে নিজকে অন্যৰ পৰা পৃথক বুলি চিহ্নিত কৰিবলৈ চেলাউৰিত ৰঙা ৰং সানি লৈছিল। এই কথাটোৱে বিদ্রোহীসকলৰ সাংগঠনিক দিশটোৰ বিষয়ে কিছু ইংগিত আমাক দিয়ে। এই প্রসংগত পূৰ্বতে উনুকিয়াই অহা সাধাৰণ বিক্ষোভকাৰীৰ সৈতে বিদ্রোহীৰ সাংগঠনিক পাৰ্থক্যৰ কথাকেইটামান আমি ইয়াতে এবাৰ আকৌ সুঁৱৰি ল’ব পাৰোঁ। অদম্য বিদ্রোহী চেতনাৰে উজ্জীৱিত সেই অভ্যুত্থানটিও কিন্তু বিপ্লৱ হ’বলৈ সমৰ্থ নহ’ল—সি বিদ্রোহেই হৈ থাকিল ইতিহাসৰ পাতত। কিয় বাৰু তেনে হ’ল? “কৃষক আৰু দাসসকলে ভাবিছিল যে তেওঁলোকৰ সমস্ত দুখ-কষ্টৰ বাবে দায়ী হ’ল সেইজন নিষ্ঠুৰ ৰজাহে, কোনো এজন ন্যায়পৰায়ণ সম্রাট সিংহাসনত বহিলেই সকলো ঠিক হৈ পৰিব। এনে চিন্তাৰ বাবেই বিদ্রোহীসকলে এজন নতুন ৰজাৰ হাতত শাসনৰ ভাৰ তুলি দিলে। এইদৰেই পূৰ্বৰ ব্যৱস্থাটো অটুট থাকিল”(দ্রষ্ট্রব্য: পূৰ্বোক্ত গ্রন্থ, পৃ: ১৪০)।
(৩)
উদাহৰণ দুটিয়ে যে পাঠকৰ বহুত সময় লৈছে, তাত সন্দেহ নাই। হ’লেও, সেই দুটিয়ে ইতিমধ্যে উত্থাপিত প্রশ্নটোৰ উত্তৰৰ সন্ধানত আমাক নিশ্চয় সহায় কৰিব। প্রশ্নটো আছিল জনগণৰ ক্ষোভ-অসন্তুষ্টিৰ উদ্ভৱৰ ঘটনাক কোনো সাধাৰণ সূত্রৰে ব্যাখ্যা কৰা যাবনে বাৰু? উদাহৰণ দুটিত সুপ্রাচীন যুগৰ মাত্র দুখন দেশৰহে বিদ্রোহ-বিক্ষোভৰ কথা পালোঁ। তেনে ঘটনা কিন্তু বিভিন্ন যুগত, বিভিন্ন দেশত অসংখ্যবাৰ সংঘটিত হৈ আহিছে। প্রাচীন মেচ’পটেমিয়াৰ পৰা আৰম্ভ কৰি অতীতৰ গ্রীচ-ৰোমলৈ, মধ্যযুগৰ ইউৰোপ-এচিয়াৰ পৰা এই সাম্প্রতিক সময়ৰ বিশ্বৰ চুকে-কোণলৈ আমি তেনে বিদ্রোহ-বিক্ষোভ দেখিবলৈ পাওঁ, লগতে পাওঁ বিপ্লৱ সংঘটিত কৰিবলৈ চলোৱা বিবিধ প্রচেষ্টাৰ কথা। আমাৰ অসমতো মোৱামৰীয়া বিদ্রোহে এক বিৰাট অভ্যুত্থানৰ সূচনা কৰিছিল। সুপ্রাচীন ৰোমৰ স্পাৰ্টাকাছৰ নেতৃত্বৰ দাস মহাবিদ্রোহ, নানান সময়ত ইউৰোপৰ নানান দেশৰ কৃষক বিদ্রোহসমূহ, বিংশ শতিকাৰ এমেৰিকাৰ যুদ্ধবিৰোধী আৰু কৃষ্ণাংগসকলৰ মুক্তিৰ বিক্ষোভ আদিৰ পৰা আৰম্ভ কৰি এই শতিকাত বিভিন্ন দেশত—সৌ সিদিনাৰ শ্রীলংকা আৰু বাংলাদেশকে ধৰি—সংগঠিত হোৱা বিক্ষোভ-অভ্যুত্থানৰ খবৰ আমি পাই আহিছোঁ। অলপ মন কৰিলেই আমি দেখিম যে উপৰিউক্ত বিদ্রোহ-বিক্ষোভসমূহৰ তাৎক্ষণিক কাৰণ, ৰেহৰূপ আৰু চৰিত্র একেই নহয়। স্পাৰ্টাকাছৰ বিদ্রোহ যে সত্তৰ দশকৰ ভাৰতবৰ্ষৰ নক্সালবাৰীৰ ঘটনাৱলীৰ সৈতে একেই নহয়, সেইটো বুজিবলৈ তেনেই সহজ; যোৱা শতিকাৰ এমেৰিকাৰ যুদ্ধবিৰোধী বিক্ষোভৰ সৈতে সৌ সিদিনাৰ “আৰব বসন্ত” যে তেনেই ভিন্নতৰ, সেইটোও ধৰিবলৈ টান নহয়। সৰ্বাত্মক বিপ্লৱৰ ক্ষেত্রতো কথাটো একেই। ফৰাচী বিপ্লৱ আৰু ৰুছ বিপ্লৱ—দুয়োটাই মানৱ-ইতিহাসত নতুন দিগন্তৰ উন্মোচন কৰিছিল, পুৰণি শাসন-ব্যৱস্থাক উৎখাত কৰাৰ লগতে পুৰণি সমাজ-ব্যৱস্থাৰ অন্ত পেলাই নতুন ব্যৱস্থাৰ আৰম্ভণি ঘটাইছিল। সেইখিনি দুটা মহাবিপ্লৱৰ মাজৰ উপৰুৱা সাদৃশ্যহে মাত্র, বিপ্লৱ দুয়োটাৰ তাৎপৰ্য আৰু চৰিত্র যে একেবাৰেই বেলেগ বেলেগ! ফৰাচী বিপ্লৱে পুৰাতন সামন্তপ্রথা উচ্ছেদ কৰি উদীয়মান পুঁজিবাদক আদৰি আনিছিল, কিন্তু ৰুচ মহাবিপ্লৱে স্বাগতম জনাইছিল পুঁজিবাদৰ প্রতিমুখে বিকশমান সমাজতন্ত্রক।
অৰ্থাৎ, প্রত্যেকটো বিদ্রোহ-বিক্ষোভ-বিপ্লৱ একক আৰু অনন্য, দেশ আৰু কালৰ প্রভাৱ সেইসমূহত অমোচনীয়। তেনেহ’লে বাৰু আমি কি সাহসত, সেইসমূহৰ ব্যাখ্যা-বিশ্লেষণত কোনো এটা সাধাৰণ সূত্রৰ কথা মনলৈ আনিব পাৰোঁ! সঁচা, কথাটো ওপৰে ওপৰে চালে তেনে যেনেই লাগিব। প্রত্যেকটো বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ আঁৰত প্রজাৰ অসন্তুষ্টি আৰু ক্ষোভ অতি স্পষ্ট ৰূপত মূৰ্ত হৈ থাকিলেও, তেনে ক্ষোভৰ কাৰণবোৰ যে একেবাৰে বেলেগ বেলেগ! ক’ৰবাত যদি মূল্যবৃদ্ধি এটা ডাঙৰ সমস্যা, অন্য এটাত আকৌ বাক স্বাধীনতাৰ প্রশ্নটোহে মূল কথা; ক’ৰবাত শাসকৰ দুৰ্নীতিৰ বাবে প্রজা বিক্ষুব্ধ, ক’ৰবাত আকৌ নিবনুৱা সমস্যাহে মূল কাৰণ। এইটো বাটেৰে গ’লে আমি কেনেকৈ কোনো সাধাৰণ সূত্রৰ সন্ধান পাম? কিন্তু তাৰ পৰিৱৰ্তে, আমি যদি সেইবোৰ তাৎক্ষণিক কাৰকৰ প্রসংগটো সাময়িকভাৱে অগ্রাহ্য কৰি মানুহৰ সামগ্রিক ক্ষোভ-অসন্তোষৰ মূল জাগতিক পটভূমি আৰু বস্তুগত ভিত্তিৰ দিশটোলৈ মন দিওঁ, তেনেহ’লে আমি প্রশ্নটোৰ সঠিক উত্তৰৰ দিশে আগুৱাবলৈ হয়তো সক্ষম হ’বও পাৰোঁ। গতিকে, তেনে কোনো সাধাৰণ সূত্রৰ সন্ধান কৰোঁতে আমি বিচাৰ কৰিবই লাগিব, মানুহৰ ক্ষোভ-অসন্তোষৰ মূল জাগতিক পটভূমি আৰু তাৰ বস্তুগত ভিত্তি কি?
আমাৰ চকুত আমোদজনক অথবা চিত্তাকৰ্ষক, যি বুলিয়েই পৰিগণিত নহওক—, মানুহৰ সমষ্টিগত ক্ষোভ-অসন্তোষৰ মূলতে কিন্তু এটা সুপ্রাচীন বিপ্লৱৰেই নাম সাঙোৰ খাই আছো! সেইটো আছিল কৃষি-বিপ্লৱ। মানুহৰ ইতিহাসৰ পৰৱৰ্তী পৰ্যায়ত সংঘটিত হোৱা ফৰাচী বিপ্লৱ কিম্বা ৰুছ বিপ্লৱৰ দৰে সেই বিপ্লৱত কোনো শাসকক উৎখাত কৰা হোৱা নাছিল, বৰঞ্চ ভৱিষ্যতৰ সমস্ত শাসন-শোষণ-অৱদমনৰ অংকুৰোদ্গম ঘটিছিল সেই ঘটনাটোৰ পৰিণতিত। আমি বিপ্লৱৰ চৰিত্রৰ কথা উল্লেখ কৰোঁতে পাই আহিছিলোঁ যে বিপ্লৱৰ ফলত সমাজলৈ আহে সৰ্বাত্মক পৰিৱৰ্তন। কৃষিৰ আৱিষ্কাৰে মানৱ-সমাজলৈ কঢ়িয়াই আনিছিল সঁচাই ভাবিব নোৱাৰাবিধৰ মহাযুগপৰিৱৰ্তনৰ এটা প্রচণ্ড অভিঘাত; তাৰ ফলত মানৱ-সমাজখনলৈ অতি দ্রুতগতিত অসংখ্য পৰিৱৰ্তন আহিছিল, সেই পৰিৱৰ্তনবোৰে সময়ৰ লগে লগে ভিন্নতৰ ৰূপ ধাৰণ কৰিলেও, সেইবোৰ আজিও মানৱ-সমাজখনৰ প্রতিটো স্তৰে স্তৰে নতুন ৰূপত নিকপকপীয়াকৈ লাগি আছে। কৃষিৰ আৱিষ্কাৰৰ সেই ঘটনাক কিয় এটা মহাবিপ্লৱ বোলা হয়—সেই সংক্রান্তত অজস্র গ্রন্থ-প্রবন্ধ আছে। সেই দিশটো ইয়াতে এৰি, আমি মন দিওঁ এইটো কথালৈ যে কৃষি-বিপ্লৱৰ সৈতে পৰৱৰ্তী কালৰ মানুহৰ মনৰ ক্ষোভ-অসন্তুষ্টিৰ সমন্ধটি কি?
প্রকৃততে কৃষি-বিপ্লৱে মানৱ-সমাজখনত অমিত শক্তিৰে খুন্দা এটা মাৰি বিকাশৰ বাট ত্বৰাণ্বিত কৰিছিল। বস্তুবাদী ইতিহাসবিদ আৰু সমাজতাত্ত্বিকসকলে উক্ত খুন্দাটোৰ বিভিন্ন দিশ ফঁহিয়াই দেখুৱাইছে। তাৰ মাজৰ এটা হৈছে—যিটো আমাৰ প্রশ্নটোৰ উত্তৰৰ সন্ধানৰ বাটত অতি প্রাসংগিক—ব্যক্তিগত মালিকানাৰ ধাৰণাটোৰ ক্রমাগত সম্প্রসাৰণ। অলপ গমি চালেই আমি দেখিম যে কৃষি-বিপ্লৱে মানৱ-সভ্যতাৰ পট্টন কৰিলে ঠিকেই, কিন্তু তাৰ লগে লগে উদ্ভৱ হ’ল ব্যক্তিগত মালিকানাৰ। ব্যক্তিগত মালিকানাৰ সম্প্রসাৰণে মানৱ-সমাজখনলৈ কঢ়িয়াই আনিলে বিভিন্নধৰণৰ বৈষম্যৰ। তেনে বৈষম্য সমাজখন আগ বাঢ়ি যোৱাৰ লগে লগে অধিক প্রকট হৈ পৰিল। বৈষম্যভিত্তিক সমাজত দেখা দিলে শোষক আৰু শোষিত শ্রেণীয়ে। দাসপ্রথাৰ যুগত দাসসকল আছিল মূল শোষিত শ্রেণী, সামন্তপ্রথাৰ দিনত আকৌ প্রধান শোষিত হ’লগৈ কৃষকসকল। উৎপাদন ব্যৱস্থাত পৰিৱৰ্তন আহিলেও, শ্রেণীসমূহ সলনি হ’লেও সমাজত শ্রেণী-বৈষম্যৰ কোনো হীন-ডেৰি নহ’ল। শোষক দাস-মালিকসকল সমাজৰ পৰা অন্তৰ্হিত হৈ পৰিল ঠিকেই, কিন্তু শোষণ আৰু বৈষম্য আঁতৰি নগ’ল। দাস-মালিকৰ স্থানলৈ আহিল সামন্তপ্রভুৰ দল, শোষণে নতুন ৰূপ গ্রহণ কৰিলে। এদিন সমাজৰ পৰা সামন্তপ্রভুসকলো আঁতৰি গ’ল। এইবাৰ শোষকৰ ঠাইলৈ আহিল পুঁজিপতি শ্রেণীটো। অৰ্থাৎ, সময়ৰ লগে লগে মানৱ-সমাজৰ বহু দূৰ অতীতৰ শ্রেণীগত বিভাজন ৰূপান্তৰিত হৈ পৰিলেও, শ্রেণী-বৈষম্যই বিৰাট আৰু জটিল পল্লবিত ৰূপ পৰিগ্রহ কৰিলেও, শোষক আৰু শোষিতৰ শ্রেণী-স্বাৰ্থৰ মূল ভিত্তিটো সেই তেতিয়াৰে পৰা এতিয়ালৈ একেই থাকিল। কথাটো বুজিবলৈ বিশেষ কঠিন নহয়। এটা উদাহৰণ লোৱা যাওক। সামন্তপ্রথাৰ সময়ত ভূসম্পত্তি আছিল মূল বস্তু, পুঁজিবাদত তাৰ ঠাইলৈ আহিল নগদ ধন। সেইটো যে এটা বৃহৎ পৰিৱৰ্তন, তাত কোনো তৰ্কৰ অৱকাশ নাই। কিন্তু ভূসম্পত্তিয়েই হওক, বা নগদ ধনেই হওক, দুয়োটাৰেই মূল আধাৰটো হৈছে ব্যক্তিগত মালিকানাৰ ধাৰণা। মহাশক্তিধৰ ৰাষ্ট্রৰ উদ্ভৱ আৰু বিকাশৰ আঁৰতো সম্পদ-সম্পত্তিৰ ধাৰণাই মুখ্য ভূমিকা লৈছিল। ব্যক্তিগত মালিকানাৰ কথাটো মাত্র এনে নাছিল যে “এইটো বস্তু মোৰ”, “এইটো বস্তু তেওঁৰ”! প্রকৃততে ব্যক্তিগত মালিকানাৰ ধাৰণাটো হৈ পৰিল মানুহৰ সমস্ত প্রমূল্যবোধ, সকলো দৰ্শনগত স্থিতিৰ প্রধান আৰু সৰ্বশক্তিমান নিয়ন্ত্রক। মানুহৰ শ্রেণীগত সকলো কাৰ্য-কলাপৰ আঁৰত সদা-সক্রিয় হৈ থাকিল ব্যক্তিগত সম্পত্তিকেন্দ্রী দৰ্শনগত স্থিতি আৰু মূল্যবোধ। শ্রেণীসমূহৰ শ্রেণী-স্বাৰ্থ যিহেতু বেলেগ বেলেগ, সেইবাবেই শোষিত আৰু শোষক শ্রেণীৰ দৰ্শন, দৃষ্টিভংগী, প্রমূল্যবোধ আদিও ভিন্নতৰ হৈ পৰিল স্বাভাবিকতে। গতিকে, কথাটো মাত্র শোষণভিত্তিক শ্রমবিভাজনতেই সীমাবদ্ধ হৈ নাথাকিল—শ্রেণীসমূহৰ মাজত দ্বন্দ্বৰো উদ্ভৱ হ’ল।
উপৰিউক্ত ধাৰণাটি জটিল নহয় যদিও, এই নিবন্ধৰ সামৰণি হিচাপে সেইখিনি কথা অধিক সহজকৈ ব্যাখ্যা কৰি গ’লে ভাল হ’ব। সহজেই ধৰিব পাৰি, নিজৰ সম্পদ বৃদ্ধি কৰি যাবলৈ থকা পুঁজিপতিসকলৰ প্রৱণতাটোৰ উৎস ব্যক্তিগত সম্পত্তিৰ ধাৰণা। পুঁজিবাদী শাসন-ব্যৱস্থাই স্বাভাবিকতেই পুঁজিপতিৰ তেনে প্রৱণতা-প্রচেষ্টাক পৃষ্ঠপোষকতা জনাব, তেওঁলোকৰ সম্পদক ৰক্ষণাবেক্ষণ দিব। এই কামবোৰ যে সদায় বন্দুক-বাৰুদেৰে কৰিব, তেনে নহয়। পুঁজিপতিৰ স্বাৰ্থত পুঁজিবাদী ৰাষ্ট্রই আইন প্রণয়ন কৰিব, নীতি-নিয়ম বান্ধি দিব। কিন্তু সেইবোৰ কৰাৰ লগে লগে উদ্ভৱ হয় শ্রেণীগত দ্বন্দ্বৰ। শ্রেণীবিভক্ত সমাজত এটা শ্রেণীৰ স্বাৰ্থৰ অনুকুলে কৰা কাৰ্য, স্বাভাবিকতেই বিৰুদ্ধ শ্রেণীটোৰ শ্রেণীস্বাৰ্থৰ পৰিপন্থী হৈ পৰে। শ্রমিকৰ মজুৰি কৰ্তনে পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰিব, কিন্তু সি শ্রমিকৰ স্বাৰ্থৰ বিপৰীতে যাবগৈ। তেনে এখন সমাজত পুঁজিপতিয়ে যিদৰে নিজৰ লাভৰ বাবে অহৰহ চেষ্টা চলাই যাব, তেনেদৰেই বিৰুদ্ধ শ্রেণীয়েও ঘটনাপ্রবাহ নিজৰ শ্রেণীস্বাৰ্থৰ অনুকুলে ঢাল খুৱাবলৈ অবিৰত সংগ্রাম কৰি যাব। এই বিপৰীতমুখী টনা-টনিৰ কথাটোৱেই হৈছে শ্রেণীদ্বন্দ্ব। কোনোবাই খুব শুভচিন্তাৰে, আন্তৰিক সদ্দিচ্ছাৰে শ্রেণীদ্বন্দ্বৰ অন্ত পেলাবলৈ আহ্বান জনালেও, শ্রেণীসমন্বয়ৰ বাণী প্রচাৰ কৰিলেও, সি কোনো কামত নাহে। শ্রেণীদ্বন্দ্ব তেনেকৈ মানৱ-সমাজৰ পৰা অন্তৰ্হিত নহয়, কিয়নো শ্রেণীদ্বন্দ্বৰ মূল হৈছে ব্যক্তিগত সম্পত্তিৰ বস্তুগত অস্তিত্ব। সমাজত ব্যক্তিগত সম্পত্তিৰ অসম বিতৰণ আৰু তৎজনিত শ্রেণীবৈষম্য থকালৈকে শ্রেণীদ্বন্দ্ব থাকি যাবই। তেনে দ্বন্দ্বই হৈছে আমি দেখিবলৈ পোৱা বিভিন্ন বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ আঁৰৰ মূল কাৰণ। বিভিন্নধৰণৰ তাৎক্ষণিক কাৰণ যেনে, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, মাত্রাতিৰিক্ত কৰ-কাটল আদিৰে কোনো বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ সূচনা হ’ব পাৰে। কিন্তু দ’কৈ ভাবিলে ওলাই পৰিব যে সেইবোৰৰ প্রত্যেকৰেই আঁৰত আছে সামাজিক দ্বন্দ্বৰ কথাটো। গতিকে বেলেগ বেলেগ বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ বৈচিত্র্যময় জটিলতাক আমি শ্রেণীদ্বন্দ্বৰ তত্ত্বৰ মাজেৰে এটা সাধাৰণ সূত্রত বান্ধিব পাৰোঁ। শেষত এইদৰে ক’ব পাৰোঁ যে বিভিন্ন যুগত, বিভিন্ন দেশত সংঘটিত হোৱা নানান বিক্ষোভ-বিদ্রোহ-বিপ্লৱৰ তাৎক্ষণিক কাৰণ যিমানেই বিবিধ আৰু বৈচিত্র্যময় নহওক, তাৰ আঁৰত থকা মূল সঁচাৰ-কাঠিটি হৈছে শ্রেণী-বৈষম্য আৰু তৎজনিত শ্রেণীদ্বন্দ্ব—যি যুগে যুগে “বিপ্লৱে বিপ্লৱে বিজুলী-বজ্র হানি” আহিছে।
সম্পাদকৰ টোকা আৰ্ষণীয় হৈছে। সেয়ে একে উশাহতে পঢ়িলোঁ। ব্যক্তিগত সম্পত্তিৰ অধিকাৰলৈ সমাজৰ গতিটো আৰু শ্ৰেণীদ্বন্দ ভালদৰে দাঙি ধৰিছে। ইজিপ্ট আৰু চীনৰ বিদ্ৰোহৰ উদাহৰণ পাঠেয় হৈছে।
বিক্ষোভ,বিদ্ৰোহ আৰু বিপ্লব একে নহয় বুলি সঠিকভাৱে ব্যাখ্যা কৰিছে। অৱশ্যে বিক্ষোভ আৰু বিদ্ৰোহক বিপ্লৱৰ পাতনি বুলিব পাৰি।কাৰণ বিপ্লৱ সম্পন্ন কৰিবলৈ বৈপ্লৱিক পৰিস্থিতি তৈয়াৰ হ’ব লাগিব। বৈপ্লৱিক পৰিস্থিতিৰ লগত বিপ্লৱীশক্তিৰ সাংগঠনিক স্থিতি খাপ খাব লাগিব আৰু বিপ্লৱ বিৰোধী শক্তিবোৰৰ স্থিতিৰ দুৰ্বলতা প্ৰকাশ পাব লাগিব। গতিকে বিপ্লৱ সফল হ’বলৈ উক্ত কথাখিনি জৰুৰী বুলি বিবেচিত হয় বুলি ৰুছ বিপ্লৱৰ মহানায়ক লেনিনে কৈছিল।
এটি অনুৰোধ:
আলোচনীখনৰ সকলো পাঠকৰ মতামত চাৰ্ভে কৰি এটি টোকা প্ৰস্তুত কৰিব পাৰিবনে?