নিবন্ধশিল্প-কলা-সংস্কৃতি

বিপ্লৱী গণতান্ত্ৰিক শিল্পী বিষ্ণুৰাভা – (ফটিক বৰা)

বিষ্ণুৰাভা আছিল যুগান্তৰৰ, ৰূপান্তৰৰ শিল্পী। যিকোনো প্রকৃত শিল্পীৰ দৰেই তেওঁৰ শিল্পীসত্তা আৰু জীৱনৰ ভেটি আছিল, বৈচিত্রময় সংস্কৃতিৰ ধাৰক-বাহক নিপীড়িত জনগণ। জনগণক তেওঁ ৰাইজ বুলিছিল। ৰাইজেই আছিল বিষ্ণুৰাভাৰ শিল্প সাধনাৰ প্ৰেৰণাদায়ক শক্তি। ৰাইজৰ জীৱন সংগ্ৰামৰ তৰংগময় জোৱাৰত সাতুৰি নাদুৰি তেওঁ নিজৰ শিল্পীসত্তাক বিকশাই তুলিছিল।

জ্যোতিপ্ৰসাদৰ ভাতৃপ্রতিম আৰু তেওঁৰ গণতান্ত্রিক সংস্কৃতিৰ আদৰ্শত শিক্ষিত বিষ্ণুপ্ৰসাদে তেওঁৰ অগ্ৰণী আৰু সহযোদ্ধা জ্যোতিপ্ৰসাদৰ দৰেই ভাবিছিল- “যি জনতাই সদায় দুষ্কৃতিৰ আক্ৰমণত কেচুৱাতে ধ্বংসহ’ব খোজা সংস্কৃতিক নিজৰ বুকুত সুমুৱাই তুলি-তালি ডাঙৰ দীঘল কৰে, যি জনতাই সদায় সংস্কৃতিৰ পৰাজয় হলেই দুষ্কৃতিৰ অত্যাচাৰ মূৰ পাতি লবলগীয়া হয়, যি জনতাৰ অন্তৰত সংস্কৃতিলৈ মৰম নুনুমুৱা বেলিৰ দৰে সদায় জ্বলি থাকে…… আজি শিল্পীয়ে প্রথমেই সকলো ভয়; দুর্বলতা, ভ্রান্তি গচকি-খচকি সুকুমাৰ কলাৰ অস্ত্ৰলৈ সেইদুৰ্ভগীয়া জনতাৰ মাজতেই থিয় হ’ব লাগিব।”  

শিল্পী হিচাপে নিজৰ মূল্যায়ন কৰি ৰাভাই কৈছিল –“মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ, বিধাতাৰ আশীর্বাদত মই শিল্পী হোৱা নাই, -ৰাইজৰ আশীষতহে মই শিল্পী হৈছো। ৰাইজৰ হিয়া কোহৰ পৰা এটুপি-দুটুপি সুন্দৰৰ ৰস বুটলি আনি মই মোৰ মন কোঁহত ভৰাই লওঁ। সেই মন কোঁহকে ৰস-ঘৰা মউ-কোঁহ কৰি তাৰ পৰা টোপাল টোপাল ৰস …ৰাইজক বিলাই দিওঁ। সেয়েহে, ৰাইজৰ লগত মোৰ জীৱনৰ সম্পর্ক ওতঃপ্ৰোতভাৱে জড়িত …… ৰাইজৰ দুখত মই সমদুখী, বেথাত সমব্যথী”।

বিষ্ণু ৰাভাৰ মতে তেওঁৰ হিয়াৰ আমঠু, বুকুৰ এফাল ৰাইজেই হ’ল সংস্কৃতিৰ স্রষ্টা আৰু ধাৰক বাহক। জনগণ বা ৰাইজৰ সৃষ্টিশীল প্রতিভা পৰিস্ফুটৰূপত গণশিল্পীৰ শিল্পকর্মৰ যোগেদি প্রকাশ পায়। এই দিশত বিচাৰ কৰিলে বিষ্ণু ৰাভাই ৰাইজৰ শিল্পীৰূপে ৰাইজৰ আশা-আকাংখ্যা, চিন্তা-আদর্শ, সৃষ্টিৰ অফুৰন্ত প্ৰেৰণা তেওঁৰ শিল্পকর্মত ফুটাই তুলিব পাৰিছিল বুলি দৃঢ়তাৰে ক’ব পাৰি।

শোষণ ভিত্তিক – শ্রেণী সমাজত উৎপাদনৰ সমল-হাতিয়াৰবোৰ সম্পত্তিবান, শাসক শ্রেণীৰ কুক্ষিগত হৈ থকাৰ দৰে শিল্পকর্ম আৰু শিল্প সৃষ্টিৰ আহিলাবোৰৰ এই সম্পত্তিৰ মালিক শ্ৰেণীৰ নিয়ন্ত্ৰণত থাকে বুলি বিষ্ণুৰাভাই স্পষ্টকৈ বুজিছিল। সেয়ে, তেওঁ কৈছিল- “শিল্পীৰ তপস্যাৰ ধন ধন-কুবেৰহঁতে নি সচাত ভৰাই কাঠি ঘূৰাই বন্ধ কৰে। অমূল্য ধন ধনীৰ সচাত বন্ধ”। এনে পৰিস্থিতিত কলাৰ বাবে কলাৰ সাধনা সম্ভৱ নহয়; হ’লেও এই কলা কৈবল্যবাদৰ ভেটিত সাধিত কলাই ৰাইজৰ সাংস্কৃতিক জীৱনৰ ওপৰত দুর্বহ বোজা হৈ থকা শোষণ তিলমানো কমাব নোৱাৰে। জনজীৱনত ই হাঁহি ফুলাব নোৱাৰে। গতিকে, সচেতনভাৱে ৰাভাই কলা কৈবল্যবাদৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছে যে “বাস্তৱ প্ৰয়োজনত যাৰ জনম, জীৱন সংগ্ৰামত যি শকতি, সেয়ে আচল কৃষ্টি-প্রকৃত সংস্কৃতি।” তেওঁ ভালকৈ জানিছিল আৰু ৰাইজকো জনাইছিল যে শিল্পকলা শ্রেণী নির্বিশেষ, বিমূর্ত বস্তু নহয়। সমাজত শ্ৰেণীৰ অস্তিত্ব আছে, শ্রেণী শোষণ আছে; সেয়ে শ্রেণীভিত্তিক শিল্পকলা আৰু সংস্কৃতিও আছে। তেওঁ কথাৰে, গীতেৰে দেখুৱাইছিল – শোষিত, নিপীড়িত শ্ৰেণীৰ মুকুতিৰ বাবে শোষিত ৰাইজৰ শোষণবিৰোধী, জীৱন জগোৱা সুস্থ প্ৰমূল্যৰ শিল্পকলাই মোক্ষম মন্ত্র। এই বিশ্বাসেৰে তেওঁ গাইছিল –

গাম পীড়িতৰ চিৰ-বিজয়ৰ গান।

ফিৰাই আনিম দলিতৰ সন্মান

মৰা জগতৰ হৃদয়ত ঢালি প্রাণ

পাতিম ধৰাত চিৰ-শান্তিৰ উদ্যান।

অসমৰ ৰাইজৰ সকলো প্ৰতিভাৰ ফুৰণ আৰু বিকাশ ঘটিছিল বিষ্ণু ৰাভাৰ শিল্প প্রতিভাৰ যোগেদি। অসমৰ ৰাইজৰ বৃহত্তৰ জাতীয় জীৱনৰ বিকাশত সৃষ্টিশীল বৰঙণি দি যোৱা শঙ্কৰদেৱ আৰু অসম নৱ-জাগৰণৰ যুগৰ শিল্প-সাহিত্যৰ ওজাসকলৰ কৰ্মৰ আদর্শেৰে অনুপ্রাণিত বিষ্ণুৰাভাই জাতীয় সাংস্কৃতিক ঐতিহ্যৰ গাত আউজিয়ে শিল্পীৰ জীৱন আৰম্ভ কৰিছিল। ঐতিহ্যৰ ভেঁটিতেই যে প্রগতি সম্ভৱ হয়, এই কথা ৰাভাই বুজিছিল। অসমীয়া ঐতিহ্যৰ শ্রেষ্ঠতম প্রতিনিধি শংকৰদেৱৰ কৰ্মৰ আদৰ্শই বিষ্ণুৰাভাক নতুন যুগৰ পৰিস্থিতিত ৰাইজমুখী চিন্তা আৰু কৰ্মৰ প্রেৰণা দিছিল৷ শংকৰী সংস্কৃতিৰ, ঐতিহ্যত খোপনি লৈ আধুনিক যুগৰ সাম্রাজ্যবাদ বিৰোধী, জাতীয় চেতনা সমৃদ্ধ সংস্কৃতি সৃষ্টিৰ পথত আগুৱাই যাবলৈ তেওঁ যত্ন কৰিছিল। শংকৰদেৱৰ ধর্মীয় ভাবাদর্শতকৈ শংকৰৰ শৌর্য-বীর্যই, সাংস্কৃতিক প্রতিভাই, জাতি গঠনত তেওঁৰ অৱদান আৰু মানৱতাবাদে বিষ্ণু ৰাভাক বেচিকৈ আকর্ষণ কৰিছিল। অসমৰ ডেকা শক্তিক ৰাভাই শংকৰদেৱৰ কর্মশক্তি আৰু সৃজনী প্রতিভাৰ আৰ্হি পাঠ ল’বলৈহে আহ্বান কৰিছিল। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ সামন্তীয় জীৱন দীক্ষা গ্রহণ কৰিবলৈ ৰাভাই কাকো কোৱা নাছিল আৰু নিজেও তাক গ্ৰহণ কৰা নাছিল।

বৃটিছ সাম্রাজ্যবাদী শোষণ শাসনৰ বিৰুদ্ধে অসম তথা ভাৰতৰ ব্যাপক ৰাইজক জগাই তুলিবলৈ জাতীয় চেতনা সিক্ত গীত, কবিতা লিখিছিল যদিও জনগণৰ লগত নিবিড় সম্পর্ক থকা বিষ্ণুৰাভাই দেখা পাইছিল যে আমাৰ জাতীয় সংস্কৃতিৰ ধাৰণাৰ মাজত গণতান্ত্রিক ভাৱনা-চিন্তা আৰু প্ৰমূল্যৰ বাৰুকৈয়ে অভাৱ আছে৷ দেখিলে শ্রেণী বিভক্ত অসমীয়া সমাজত বর্ণহিন্দু অসমীয়া মধ্যবিত্ত শ্রেণীৰ একাধিপত্যত অৱহেলিত আৰু অনুন্নত জনজাতি আৰু সম্প্রদায়সমূহৰ প্রতি অসমীয়া মধ্যবিত্ত শ্রেণীয়ে কৰ্তৃত্বশীল অভিভাৱকৰ মনোভাৱহে পোষণ কৰে। অসমীয়া বা আন যিকোনো জাতিসত্তাৰ মাজত গণতান্ত্রিক সম্পর্ক নোহোৱা ঘটনাই যিকোনো মানৱপ্রেমী, সচেতন শিল্পীকে বিতুষ্ট কৰিব। ৰাইজৰ বুকুৰ কুটুম, সচেতন শিল্পী বিষ্ণু ৰাভাও সেয়ে চিন্তিত হৈছিল আৰু তেওঁৰ চিন্তা আৰু কৰ্মধাৰা কিছু সলাবলৈ বাধ্য হৈছিল তেওঁ।

ৰাভাৰ দৃষ্টিভংগীৰ এই পৰিবর্তন সম্পর্কে ড° হীৰেন গোহাঁইদেৱে লিখিছে “আর্যীকৰণ এসময়ত ৰাভাৰ ধাৰণাত ভাৰতীয় ঐক্যৰ মহান পদ্ধতি আছিল, পিচলৈ তেওঁ তাত দেখা পালে দমন, নিষ্পেষণৰ ষড়যন্ত্র। এইদৰেই দুর্বল আৰু স্ব-বিৰোধত ক্লান্ত অসমীয়াৰ জাতীয়তাৰ আশ্ৰয় এৰি ক্ৰমাৎ ৰাভাই জনজাতীয় কৃষ্টিৰ স্বকীয়তাৰ ফালে ঢাল লৈছিল!” ড° গোহাঁইৰ এই মন্তব্যৰ সত্যাসত্য বিচাৰ সুধী সমাজলৈ থৈ আমি ইয়াত মাত্ৰ ইয়াকে ক’ব খোজোঁ যে শিল্পী হিচাপে বিষ্ণু ৰাভা গণতান্ত্রিক চেতনাসম্পন্ন আছিল। সত্যানুসন্ধান, বস্তুনিষ্ঠ সমালোচনা আৰু অধ্যয়নেৰে সঠিক ধাৰণাত উপনীত হোৱা আৰু সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি অন্যায় প্রতিবাদ আৰু প্ৰতিৰোধ কৰাৰ সাহস তেওঁৰ আছিল। আর্যীকৰণেই জাতীয় ঐক্য আৰু সমন্বয়ৰ ঘাই পদ্ধতি বুলি ভুলকৈ ভবাৰ পিছত, সত্য উপলব্ধি প্রতিক্রিয়া হিচাপে বিষ্ণু ৰাভাই কিন্তু জনজাতীয় গোষ্ঠীসমাজৰ সংকীর্ণতা আৰু বিচ্ছিন্নতাবাদৰ ওকালতি বা পৃষ্ঠপোষকতা কৰা নাছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল অসমীয়া জাতিৰ জন বিন্যাসত শ্রেণী ভিত্তি সম্পর্কে ৰাভা আছিল অতি সচেতন। তেওঁ বুজিছিল যে গোষ্ঠীগত, সাম্প্রদায়িক বিচ্ছিন্নবাদী চিন্তা আৰু কৰ্মৰে কি জনজাতীয়, কি আৰ্য্যমূলীয় কোনো জন সমাজৰে সাংস্কৃতিক বিকাশ আৰু মুক্তি সম্ভৱ নহয়। এই মুক্তি আৰু বিকাশ সম্ভৱ সকলো জাতি গোষ্ঠীৰ বুনিয়াদী জনগণ (basic masses) কৃষক, বনুৱা, তল মজলীয়া শ্ৰেণীৰ শোষণবিৰোধী সংগ্রামী ঐক্যৰ যোগেদিহে।

বিষ্ণুৰাভাই বুজিছিল যে শোষকৰ কোনো জাত নাই, ধর্ম নাই। অসমীয়া জাতিৰ ওপৰ খলপাত বহি নিজৰ স্বাৰ্থত, জাতিৰ নামত কৃষ্টি-সংস্কৃতিৰ বেহানি মেলা ধনিক শ্ৰেণীৰ স্বৰূপ উদঙাই ৰাভাই সুধিছে- “যিবিলাক ধনী, জমিদাৰ, হাকিম, পুঁজিপতি, চাহ বাগিচাৰ মালিক, তেওঁলোকে এই বাপতি সাহোনীয়া কৃষ্টি-সংস্কৃতি উপহাস আৰু আমোদৰ উপকৰণ বুলি ইতিকিং কৰি নিষ্ঠুৰ আনন্দ লভে। কিন্তু তেওঁলোক জানো অসমীয়া ?” সংস্কৃতিৰ এই শ্রেণীভিত্তি সম্পর্কে প্রয়োজনীয় চেতনাই ৰাভাক তেওঁৰ বুকুৰ আপোন, হিয়াৰ আমঠু সংস্কৃতিৰ মহান স্রষ্টা হালোৱা হজোৱা বনুৱা ৰাইজৰ কাষ চপাই নিছিল। তেওঁ বুজিছিল শোষিতক ভাল পাবলৈ হ’লে, শোষকক ঘৃণা কৰিব লাগিব; শোষিতৰ মুক্তি আনিবলৈ হ’লে শাষক-শোষকৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰিব লাগিব।

এই বাস্তৱ উপলব্ধিকে ৰূপান্তৰৰ বাবে প্ৰয়োজনীয় কৰ্মলৈ ৰূপান্তৰিত কৰিবলৈ তেওঁ নিজৰ ব্যক্তিগত সুখ, প্রতিষ্ঠাৰ মোহ, বিপদৰ ভয়ৰ কথা কদাচিত নাভাবি জনজীৱনৰ মাজত সোশৰীৰে, মনে-প্রাণে সোমাই পৰিছিল। জ্যোতিপ্ৰসাদৰ গীত কবিতাৰ জনপ্রিয়তাৰ উৎস বিচাৰি গৈ তেওঁ দেখিছিল যে ৰাইজৰ হিয়াৰ বাসনা, আবেগ-অনুভূতিৰ লগত জ্যোতিপ্ৰসাদৰ নিবিড় সংযোগ আছিল। “হিয়াই হিয়াই নিবিড় ঘনিষ্ঠতাই জনপ্রিয়তাৰ ঘাই শিপা। হিয়া কাৰেঙত গুপুত টোলত গোপন গোপন চ’ৰাত তেওঁৰ গানবোৰে উলাহৰ হেন্দোলনি তোলে। সেয়ে জ্যোতিৰ গান অসমীয়াই ভাল পায়।” জ্যোতিৰ দৰেই ৰাভাও মিলি গ’ল ৰাইজৰ মৰমৰ ওপচনিত।  

এই হিয়াই ‘হিয়াই নিবিড় ঘনিষ্ঠতা’ৰ তাগিদাত ৰাভাই অসমৰ সুবিস্তীর্ণ সাংস্কৃতিক পথাৰত জনজীৱনৰ আঁহে আঁহে সোমাই ফুৰোঁতে তেওঁ অনেক শিল্পানুৰাগী আৰু শিল্পী-কৃষক বনুৱাক লগ পালে। এইসকলো মানুহেই আছিল গণ সংস্কৃতিৰ স্রষ্টা। শিল্পী সৃষ্টি আৰু চৰ্চাৰ প্রতি আকুল হাবিয়াস আৰু ৰাইজৰ জীৱনত সংস্কৃতিৰ প্ৰয়োগৰ অদম্য বাসনাৰ বাবেই আনা পাভলোভাক লগ পোৱাৰ পাছত ৰাভাই মার্ক্সবাদ লেনিনবাদ অধ্যয়ন কৰিছিল। এই যুগান্তকাৰী দৰ্শনৰ প্ৰভাৱে তেওঁৰ চিন্তাৰ পৰিধি বঢ়াই তাক বেছিকৈ জনমুখী কৰি তুলিছিল। তেওঁ কৈছে – “মার্ক্সবাদ-লেনিনবাদে মোৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূর্ণতা আৰু গভীৰতা।”

এই আদর্শই তেওঁক দেখুৱাইছিল –“এটা চাকি…তাৰ পোহৰেই দেখুৱাই দিয়ে বাট। খেপিয়াই ফুৰিব নালাগে, আউসীৰ ঘোপমৰা এন্ধাৰ গুচি যায়। আদৰ্শৰ চাকি। কমিউনিজিমৰ পোহৰ – পোহৰত মুকুতিৰ বাট মুকলি হয়; বিপ্লৱৰ বাট”‌।

Leave a Reply

Your email address will not be published. Required fields are marked *