বিবিধ চিন্তা

বিপুল খাটনিয়াৰৰ স্মৃতিত একলম-(মছউদুল হক)

অসমীয়া ভাষাত গল্প লেখকৰ সংখ্যা তাকৰ৷ যোৱা তিনিটা দশকত খুঁচৰি চালে লেখত ল’বলগীয়া গল্পকাৰৰ সংখ্যাটো কিজানি আঙুলিৰ পাবতে থাকিব৷ সেই সকলৰ মাজত বিপুল খাটনিয়াৰ এজন মনোজ্ঞ লেখক৷ ৰিবৰিবকৈ বোৱা এছাটি মলয়া বতাহ যেন৷ প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ত আৰম্ভ কৰা তেওঁৰ গল্পৰ যাত্ৰা বিভিন্ন আলোচনীৰ পাতত এবছৰৰ আগলৈকে অব্যাহত আছিল৷ তেওঁৰ ভালেকেইখন গল্প সংকলনে আমাৰ সাহিত্যত এক বিশিষ্ট আসন অধিকাৰ কৰি আছে৷

খাটনিয়াৰৰ গল্প অসম আৰু উত্তৰ- পূৰ্বাঞ্চলৰ সমকালৰ সমাজ জীৱনৰ দাপোণ৷ তেওঁৰ সুৱাসিত চেতনাত ৰংপুৰীয়া ভাষা আৰু কৃষ্টিয়ে ক্ৰিয়া কৰি থকাৰ ফলত তেওঁৰ কলমত প্ৰাণ পাই উঠা কাহিনীৰ ভাষা স্বচ্ছ আৰু মনোৰম ৷ তেওঁৰ নিজৰ শলগুৰি অঞ্চলৰ চৌদিশৰ পৰিৱেশত বহু কাহিনী, বহু ঘটনা কিম্বদন্তী স্বৰূপে বিৰাজ কৰিছে ৷ তাৰ বহু চৰিত্ৰ আৰু টুকৰা-টুকুৰ কাহিনী তেওঁৰ গল্পৰ ভালেমান চৰিত্ৰৰ প্ৰাণ৷ আশৈশৱ চকুৰ আগত দেখি থকা জেৰেঙা-ৰূপহী-মেটেকা-জয়-খামদাং পথাৰ তেওঁৰ বহু গল্পত সজীৱ৷ নামদাং-ডিমৌ-ৰূপহী চলাখানা আদি নৈ জান-জুৰি -বিল কিছুমান গল্পত সাকাৰ৷

তেওঁ বাল্য আৰু কৈশোৰত দেখা সমাজখনত ধনৰ প্ৰাচুৰ্য নাছিল৷ ধান-শাক-পাত, মাছ-গাখীৰ কিন্তু আছিল পৰ্যাপ্ত ৷ তেল কোম্পানীকে ধৰি বিভিন্ন চাকৰিয়ে আৰু আনকি হাবি কটা শ্ৰমিকৰ মজুৰিয়েও আনিলে পৰিৱৰ্তন ৷ শিক্ষা-দীক্ষাৰ বাবে দীঘল বাট বুলিব লাগে৷ বাট -পথ খলা-বমা৷ দলঙৰ কথা নোকোৱাই ভাল ৷ দলং আৰু সাঁকো ঢলং-পলং ৷বাটত জাৰণি-বাঁহনি-পিটনি ৷ বাৰিষা আঁঠুৱনীয়া বোকা৷ চাইকেলত ডবল কেৰী ৷ গাঁৱত চাইকেলনো আছিল কেইখন ৷ ৰেডিঅ’ একোটা চুবুৰীত নাছিলেই৷ তাৰ মাজতো তেওঁলোকৰ অঞ্চলটো পঢ়া-শুনাত আগবঢ়া ৷ নাৰী শিক্ষাতো পিছপৰি থকা নাছিল ৷ চাৰি পাঁচ দশকৰ দূৰত্বৰ পৰা লক্ষ্য কৰি গল্পকাৰ নিজেই আচৰিত আৰু অভিভূত হৈছিল ৷ সেই অনুভৱ- অনুভূতিও ধৰা আছে তেওঁৰ গল্পত৷ কচু-ঢেঁকীয়াত নৈৰ পাৰৰ ঔটেঙা আৰু পুঠি-খলিহনা দিয়া দিহ, আলু দুটাৰ লগত গৰৈ মাছ পোৰাৰ পিটিকাত দুটোপ ঘানিৰ পকা তেল দি একাঁহী ভাতেৰে আলহী সোধা দিনবোৰ গল্পকাৰৰ নষ্টালজিয়া৷ বিবিধ ৰেছিপিৰে তেল-মচলা -ঘিঁউৰ গোন্ধে আমোলমোল ‘কাৰী’ আৰু বিৰিয়ানীয়ে ক’ত জোৰ পায় তাৰ! নেওথনি- যঁতৰ উঘা-চেৰেকিৰ কেৰেং- মেৰেং, কপাহৰ জোলা এৰী মুগাৰ খোলাৰ গোন্ধ আৰু মাকোৰ খটখটনিৰ সেই দিনবোৰত মানুহৰ মন আছিল নিকা, ফটফটীয়া ৷ মনৰ ঐশ্বৰ্যৰে বলী সেই মানুহবোৰ ক্ৰমে পিছ হুঁহকিল, হেৰাই গ’ল৷ খাটনিয়াৰৰ গল্পই তেওঁলোকক আদৰি অনাৰ চেষ্টা চলাই গ’ল ৷

তেওঁৰ গাঁৱৰ মাজেদি অহা- যোৱা কৰা শৰৎ মহন্ত ছাৰ আৰু তেওঁৰ ভাতৃ পোনা মহন্ত(অধ্যাপক ডঃ পোনা মহন্ত), বিয়োগোম শৰীৰৰ দেৱেন লাহনহঁতৰ প্ৰগতিশীল চিন্তা-চৰ্চাৰ কথা ডেকাচামে ষাঠি-সত্তৰৰ দশকত আলোচনা কৰে৷ এবাৰ বিষ্ণু ৰাভা- ফণী শৰ্মাইয়ো ভুমুকি মাৰিলেহি ৷ মাজে মাজে খগেন বৰবৰুৱাই বাইচাইকেল চলাই সোঁ শৰীৰে উপস্থিত হয়হি ৷ তেওঁ জীৱন্ত কিম্বদন্তী ৷ গাঁৱৰে বল্লভ হাজৰিকা আৰু টংকেশ্বৰ কাকতিৰ সান্নিধ্যও তেওঁলোকে লাভ কৰে৷ কলেজীয়া জীৱনত নিত্যানন্দ গগৈ, শৰৎ মহন্ত, যোগেন চেতিয়া ছাৰৰ প্ৰগতিশীল চিন্তা-চৰ্চাই বাঁওপন্থী পৰিৱেশৰ মাজলৈ টানি নিলে ৷ গণনাট্য সংঘৰ প্ৰভাৱ তেতিয়া সেই অঞ্চলৰ গাওঁবোৰতো আছিল ৷ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ লগতে নাট্য-চৰ্চাৰো থল আছিল৷

তেওঁ জড়িত হৈ পৰিছিল তেনে অনুষ্ঠানবোৰৰ লগত৷ সংগীত সাধক মাখন ভূঞা ছাৰৰ সাধনাৰ প্ৰভাৱো পৰিছিল তেওঁৰ জীৱনত৷

চাকৰি জীৱনত খনিজ সম্পদৰ সন্ধানত পাহাৰে-ভৈয়ামে শিবিৰে শিবিৰে ঘূৰি ফুৰোঁতে তেওঁ দেখিলে সৰল হাঁহিমুখীয়া গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তনবোৰ৷ অতিথিবৎসল জনজাতীয় সমাজত বহিৰাগত শ্ৰমিক-কৰ্মচাৰী ‘বিদেশী’ আৰু ‘শত্ৰু’ বুলি চিহ্নিত হ’ল৷ তেওঁলোক আক্ৰান্ত হৈছে৷ হত্যা আৰু সংঘৰ্ষই বহুতকে বিধ্বস্ত কৰিছে৷ ষাঠি-সত্তৰৰ দশকৰ আদৰ্শবাদ, সকলো সমাজক দাৰিদ্ৰ্য আৰু শোষণৰ পৰা মুক্ত কৰা চিন্তাৰ প্ৰভাৱ তেতিয়া শেষ৷ তাৰ ঠাইত পুঁজিবাদৰ মৰ-কামোৰে সৃষ্টি কৰা জাতি-ধৰ্ম গোষ্ঠী আৰু ভাষিক বিচ্ছিন্নতাৰ প্ৰাধান্য৷ অৰ্থনৈতিক সংকট পৰিচয়ৰ সংকটত পৰিণত হ’ল৷ কোনোবা মূহুৰ্তত অস্ত্ৰ- শস্ত্ৰ, বোমা-বাৰুদ লোৱা গোটৰ সৃষ্টি হ’ল৷ প্ৰাকৃতিক সম্পদ লুট কৰাত তেওঁলোক হ’ল বৃহৎ পুঁজিৰ গোলাম৷ হত্যা-হিংসাৰ লগৰীয়া যৌনতা আৰু মাদক আসক্তিয়ে মানৱতাক ভূ-লুণ্ঠিত কৰিলে৷ এটা সময়ত অস্ত্ৰধাৰী ৰাজনৈতিক নেতা হ’ল৷ ইচামক সিচামৰ বিৰুদ্ধে যুঁজাই ৰাজনৈতিক সুবিধা লাভ আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠন সমানে আগুৱাই গ’ল৷

‘দাখাৰ’ৰ পৰা ‘কালান্তৰৰ কথকতা’ আৰু তাৰ পাছতো খাটনিয়াৰে মানৱীয় সম্পৰ্কবোৰ ছিন্ন- ভিন্ন হৈ যোৱাৰ সময়ৰ কাহিনীত তুলি ধৰিছে৷ তাৰ মাজতো আশাবাদৰ সন্ধান তেওঁ কৰিছে৷ বিভিন্ন চৰিত্ৰৰ মাজেদি আশাবাদ জীয়াই ৰখাৰ চেষ্টা চলাই গৈছে৷ প্ৰচণ্ড দুঃসময়তো আশাৰ চাকি জ্বলাই ৰখা আৰু তাক উজ্জ্বলৰ পৰা উজ্জ্বলতৰ কৰাৰ চেষ্টাৰ মাজতেতো মানৱীয় জীৱনৰ সাৰ্থকতা ৷ তেওঁৰ লক্ষ্য বিচ্ছিন্নতাবাদী চিন্তাৰ পৰা মামুহৰ মনবোৰ মুক্ত কৰা ৷ এই প্ৰচণ্ড আশাবাদৰ সাধনৰ বাবেই বিপুল খাটনিয়াৰ নমস্য ৷ পুঁজিবাদী কৰ্পৰেট তন্ত্ৰৰ জয়কাৰৰ মাজত তেওঁ উপযুক্ত স্বীকৃতি নাপালে ৷ কিন্তু ইতিহাসে দিশ সলাবই ৷ মানৱতাৰ ধ্বজ্জা গগনচুম্বী হ’বই ৷ বিপুল খাটনিয়াৰ আৰু তেওঁৰ নিচিনা বহু সতীৰ্থই জ্বলোৱা ঢিমিক- ঢামাক চাকিবোৰ সেই সুদিনত সূৰ্যৰ দৰে জ্যোতিষ্মান হ’বই ৷

One thought on “বিপুল খাটনিয়াৰৰ স্মৃতিত একলম-(মছউদুল হক)

  • নন্দিতা দেবী

    বিপুল খাটনিয়াৰ দেৱৰ গল্পৰ আধাৰত আগবঢ়োৱা আলোচনা টি ভাল পালো।
    তেখেতৰ গল্পৰ এক যথাযথ মূল্যায়ন আলোচনা টোত ফুটি উঠিছে।
    সচাকৈয়ে তেখেতৰ গল্পত আছিল সমাজৰ বঞ্চিত সকলৰ
    কথা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *