বিশ্বশ্ৰেষ্ঠ ২% বিজ্ঞানী বোলা কৌতুকটো ।। পংকজ জ্যোতি মহন্ত
তালিকাত নাম থকা হেজাৰ হেজাৰ লোক বিশ্বশ্ৰেষ্ঠ দুই শতাংশ হোৱাটো বাদেই, বিশ্বশ্ৰেষ্ঠ পঞ্চাছ শতাংশ বিজ্ঞানীৰ ভিতৰতো নাথাকিব পাৰে। ফিল্ডছ মেডেল প্ৰাপক বহুতো গণিতজ্ঞ বা নোবেল বঁটা প্ৰাপক বহুতো বিজ্ঞানীৰ নাম এই তালিকাত নাই । । মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো তালিকা নাই। প্ৰকৃততে সেয়া হৈছে পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা দুই শতাংশৰ তালিকাহে। ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাহে। ইয়াত নাম থকা মাত্ৰেই সন্মানীয় নহয়, তাৰে বহুতৰ কাম ঘৃণনীয় বা সম্পূৰ্ণ নিন্দনীয়হে। দুশ কোটি টকাৰ গৰাকী হোৱা অসমীয়া লোকসকলৰ তালিকা বুলি ক’লে, তাত যেনেকৈ ভাল মানুহৰ লগতে চোৰ-ডকাইতো থাকিব পাৰে, বা বৰ্তমান পুলিচে খেদি ফুৰা অবৈধ ট্ৰেডিং কাৰ্যত জড়িতসকলো থাকিব পাৰে, তেনেকৈ এইখনো কেৱল এখন বিস্তৃত তথ্যৰ তালিকাহে, সন্মানীয় তালিকা নহয়। এই তালিকাত নাম থকা হেজাৰ হেজাৰ লোক বিশ্বশ্ৰেষ্ঠ দুই শতাংশ হোৱাটো বাদেই, বিশ্বশ্ৰেষ্ঠ পঞ্চাছ শতাংশ বিজ্ঞানীৰ ভিতৰতো নাথাকিব পাৰে। ফিল্ডছ মেডেল প্ৰাপক বহুতো গণিতজ্ঞ বা নোবেল বঁটা প্ৰাপক বহুতো বিজ্ঞানীৰ নাম এই তালিকাত নাই। স্বনামধন্য অসমীয়া বিজ্ঞানী ৰুবুল মাউত আদিও নাই।
২০১৯ চনত প্ৰথমবাৰ যেতিয়া তালিকাখন ওলাইছিল, সেই কামত জড়িত থকাকেইজনৰ এজন ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত কৰ্মৰত। সেয়েহে, সেয়া ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বুলি কোনো কোনো লোকে প্ৰচাৰ কৰিলে আৰু এতিয়াও কিছুমান কাকত-চেনেলত এইটো চলি থাকে। বিশ্বৰ আগশাৰীৰ কাকত-আলোচনীসমূহ এই ক্ষেত্ৰত নিৰ্লিপ্ত। সেইদৰে এই তালিকাত নাম থকা বহু বিজ্ঞানীও নিৰ্লিপ্ত বা তেওঁলোকে সঠিক কাৰণতে ইয়াক উপেক্ষা কৰে। কিন্তু ইয়াত নাম থকা কিছু সংখ্যকে শ্ৰেষ্ঠ বুলি অতিৰঞ্জিত কৰি প্ৰচাৰত লিপ্ত হয়। চাইটেচনৰ সংখ্যাই শ্ৰেষ্ঠত্ব নিৰ্ণয় নকৰা সম্পৰ্কীয় সজাগতাসমূলক চৰ্চাতো তেওঁলোকে বিতৰ্ক কৰে। কিন্তু, তালিকাখনৰ প্ৰথম কেইটামান সংস্কৰণত এই সম্পৰ্কীয় একো মত যোগ কৰা নাছিল যদিও, শেহতীয়া সংস্কৰণসমূহত সেয়া লিখি ৰাখিছে। আৰু এইবাৰৰ তালিকাখনৰ লগত এই সম্পৰ্কীয় স্পষ্ট মত থকা এটা সুকীয়া ফাইলো সন্নিৱিষ্ট হৈছে। তথাপি মূল তালিকাখনৰ কথাবোৰ এবাৰো নোচোৱাকৈয়ে বহু সংবাদ-কৰ্মীয়ে কেৱল নাম সন্নিৱিষ্টসকলৰ নিজা ভুৱা প্ৰচাৰৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাটো সংবাদ জগতৰ আন এক কু-পৰম্পৰা।
এখন গৱেষণা-পত্ৰই এটা চাইটেচন পোৱা মানে হৈছে, সেইখনক আন এখন গৱেষণা-পত্ৰত ৰেফাৰেন্স দিয়া হৈছে। অৰ্থাৎ, প্ৰথম গৱেষণা-পত্ৰখন বেলেগ দ্বিতীয় এখন গৱেষণা-পত্ৰত উল্লেখ হৈছে। তেনেকৈ একোজন মানুহে মুঠতে কিমান চাইটেচন লাভ কৰিছে তাৰেই আলমত এই তালিকা প্ৰস্তুত কৰা হয়। ইয়াত আনকি নিজৰ ৰেফাৰেন্স নিজে দিয়াটোৱো সংযোগ হয়। কোনোবাৰ ইয়াত এনে ব্যক্তিও থাকে যি নিজেই নিজৰ ৰেফাৰেন্স দিয়াৰ হাৰ এশ শতাংশ। অৰ্থাৎ, তেওঁলোকে বা তেওঁলোকৰ সহ-লেখকসকলে নতুনকৈ কিছুমান গৱেষণা-পত্ৰ লিখে আৰু প্ৰতিখনতে নিজৰে বহুতো গৱেষণা-পত্ৰ ৰেফাৰেন্সত দি দিয়ে। ফলত তেওঁলোকৰ কামৰ মান সম্পূৰ্ণ সন্দেহজনক হৈ পৰে, সেইবোৰক গৱেষণা বুলিব পাৰি নে নোৱাৰি সেয়াও বিচাৰ্যৰ বিষয়। এইবাৰো নিজেই নিজৰ ৰেফাৰেন্স পঞ্চাছ শতাংশৰো অধিক হাৰত দিয়া হেজাৰ সংখ্যক ব্যক্তি তালিকাত আছে।
এইবাৰৰ তালিকাখনত নতুনকৈ এবিধ তথ্য যোগ দিয়া হৈছে। সেয়া হৈছে, তাত নাম থকা লোকসকলৰ কিমান সংখ্যক প্ৰকাশিত গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হৈছে আৰু তাৰে ভিত্তিত আন কিছুমান তথ্য। গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হোৱা ব্যক্তিয়েই তালিকাখনত কেইবাহাজাৰ আছে। প্ৰত্যাহাৰ হোৱাৰ কাৰণ বিভিন্ন। তেওঁলোকে তথ্য বিকৃত কৰে, যিবোৰ পাছতহে ধৰা পৰে। এয়া কেৱল সাংখ্যিক তথ্যই নহয়, বৈজ্ঞানিক চিত্ৰ আদি ভুৱাকৈ সৃষ্টি কৰা আদি কাৰ্যও ইয়াত আছে। তেওঁলোকে আন গৱেষণা-পত্ৰৰ পৰা চুৰি কৰিও তুলি দিয়ে বা পূৰ্ব-প্ৰকাশিত নিজৰে গৱেষণা-পত্ৰৰ পৰা নকল কৰি নতুন গৱেষণা-পত্ৰৰ সংখ্যা বৃদ্ধি কৰে, ইত্যাদি। গৱেষণা-পত্ৰ একোখন জাৰ্নেল এখনত প্ৰকাশ পাবলৈ হ’লে জাৰ্নেলখনে বাচি দিয়া নাম অপ্ৰকাশিত বিশেষজ্ঞৰ দ্বাৰা পুনৰীক্ষণৰ স্তৰ এটা পাৰ হ’ব লগা হয়। বহুতে সেই স্তৰটোতো দুৰ্নীতি কৰি ধৰা পৰে। গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হোৱাৰ শাস্তি ৰূপে বিশ্ববিদ্যালয়ৰ চাকৰি হেৰুওৱা লোকো এই তালিকাত আছে।
এশখনতকৈও অধিক গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হোৱাৰ পাছতো এই তালিকাত নাম থকা এজন ব্যক্তি হৈছে জাপানৰ Yoshihiro Sato। তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে, আৰু তেওঁ আত্মহত্যা কৰিলে নেকি সেইটো ৰহস্য হিচাপে থাকি গ’ল। গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হোৱাৰ ক্ষেত্ৰত জাপানৰ নাম বৰ এটা ভাল নহয়। এইজনৰ দৰেই বহুতো জাপানী বিজ্ঞানীৰ বৃহৎ সংখ্যক গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হৈছে। এই সম্পৰ্কত প্ৰসিদ্ধ ‘চায়েন্স’ পত্ৰিকাত এজন বিখ্যাত জাপানী বিজ্ঞানীয়ে কৈছিল যে জাপানীসকলে অধ্যাপক একোজনক সন্দেহৰ দৃষ্টিৰে নাচায়, তেওঁলোকে সাধাৰণতেই মানুহক বিশ্বাসত লয়, ফলত তেওঁলোকে এইসমূহ নিৰীক্ষণ কৰিবলৈ কঠোৰ নীতি হাতত নলয়। সেইবাবেই তাত এইবোৰ ঘটিবলৈ ধৰিছে বা বেছিকৈ ঘটি গ’ল। সেই প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে বাহিৰৰ মানুহেও জাপানী মানুহে কৰা কাম বুলিয়েই অসংগতিপূৰ্ণ ফলাফল দেখিলেও লগে লগে সন্দেহৰ দৃষ্টিৰে নোচোৱাকৈ গ্ৰহণ কৰি ল’ব পাৰে। এইখিনিতে আমি ক’ব পাৰোঁ যে, ওপৰত আমি যে বহু সংবাদ-কৰ্মী বা সংবাদ জগতৰ এক কু-পৰম্পৰাৰ কথা ক’লোঁ, সেই ক্ষেত্ৰত তেওঁলোকক বৰকৈ দোষো দিব নোৱাৰি। যদিহে বিশ্ববিদ্যালয়ৰ অধ্যাপক বা উপাচাৰ্যৰ পৰ্যায়ৰ মানুহেও সংবাদ-কৰ্মীসকলক ভুৱা কথা প্ৰচাৰ কৰিবলৈ দিয়ে, সংবাদ-কৰ্মীসকলে বিশ্বাস কৰিব কাক!
সৰ্বাধিক সংখ্যক গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হৈ এইবাৰৰ তালিকাত স্থান পোৱা ব্যক্তিজনো জাপানৰে। তালিকাখনৰ মতে তেওঁৰ মুঠতে এশ বিছখন গৱেষণা-পত্ৰ প্ৰত্যাহাৰ হৈছে। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ হোৱা, কোনো কোনো জাৰ্নেলত পুনৰ কোনো গৱেষণা-পত্ৰ প্ৰকাশৰ পৰা বাৰণ হোৱা আদি শাস্তি লাভ কৰিছে।
এইবাৰৰ তালিকাখনৰ লগত নতুনকৈ যোগ কৰা সুকীয়া ফাইলটোত আছে যে— এই ডেটাবেচটোত তালিকাভুক্ত সকলো বিজ্ঞানীয়েই সৰ্বোত্তম বিজ্ঞানী নেকি আৰু তালিকাভুক্ত নোহোৱাসকল নহয় নেকি? তাত উত্তৰত লিখিছে যে— যদি কোনোবা এই তালিকাত নাই তেন্তে তাৰ মাথোঁ কাৰণ হৈছে তেওঁ তালিকাখনত স্থান পাব পৰাকৈ পৰ্যাপ্ত সাংখ্যিক মানটো স্পৰ্শ কৰা নাই। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ গুৰুত্বপূৰ্ণ কাম কৰা নাই। একেদৰে, ইয়াত তালিকাভুক্ত কিছুমান বিজ্ঞানী উৎকৃষ্ট নহ’বও পাৰে। চাইটেচন পৰিচায়ক ৰাশিসমূহৰ সীমাবদ্ধতা আছে।
ওপৰত আমি, পাৰ হৈ যোৱা বৰ্ষটোত পোৱা চাইটেচন সম্পৰ্কীয় তালিকাখনৰ কথা আলোচনা কৰিলোঁ। প্ৰতিবাৰে ইয়াত দুখন তালিকা থাকে। আনখন হৈছে গোটেই জীৱনত পোৱা চাইটেচনৰ ভিত্তিত। এই দুয়োখনতে প্ৰতিবাৰে নাম থকা, বৰ্তমান কালৰ বিশ্বৰ এজন মহান গণিতজ্ঞ হৈছে টেৰেন্স টাও। কিন্তু, পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ২.৭৬ শতাংশ। আকৌ, অসমৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী ভূপেন্দ্ৰ নাথ গোস্বামীও এই দুয়োখন তালিকাত সদায় থাকে, যিজনৰ দ্বাৰা ৰুবুল মাউত আদিও অনুপ্ৰাণিত। পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ১০.৪২ শতাংশ। সৰ্বকালৰ ভিত্তিতো টেৰেন্স টাও বা ভূপেন্দ্ৰ নাথ গোস্বামীৰ এই হাৰ সামান্যহে কম-বেছি হৈ থাকে।
ফিল্ডছ মেডেল বা নোবেল বঁটা প্ৰাপক বহুতৰ চাইটেচন কম হোৱাৰ কাৰণ হ’ল, তেওঁলোকে কৰা ইমান গভীৰ পৰ্যায়ৰ কামখিনি বহুলোকে বুজি পাব লাগিব, আৰু সেইমতে আন লোকসকলেও সিমান গভীৰ স্তৰৰ কাম কৰিব পাৰিব লাগিব। কিন্তু সেইটো কৰা মানুহ কম, গতিকে তেওঁলোকৰ চাইটেচন কম। ২০২২ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা বিজয়ী তিনিজন বিজ্ঞানীৰ মাজৰ এজন হৈছে জন ক্ল’জাৰ। সেইবাৰ এই বঁটা ঘোষণাৰ পাছত এজন লোকে এটা ছ’চিয়েল নেটৱৰ্কিং চাইটত কিছু আমোদদায়ক আৰু বিশেষ চিন্তাৰ খোৰাক যোগাব পৰা কথা এষাৰ লিখিছিল যে— মাথোঁ ২৯ h-index লৈ আপুনিও নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে; য’ত নেকি জন ক্ল’জাৰৰ h-index হৈছে মাথোঁ ২৯। মনুষ্যত্বৰ উৎকৰ্ষ সাধনৰ বাবে বৈজ্ঞানিক সাধনাৰ মান সংখ্যাৰ হিচাপেৰে নিৰ্ণয় কৰিব নোৱাৰি।
তাৰেই প্ৰতিক্ৰিয়া ৰূপে আন এজনে লিখিলে যে— তাতোকৈ কম h-index তো নোবেল জয় কৰিব পাৰি; ডনা ষ্ট্ৰিকলেণ্ডে নোবেল বঁটা লাভ কৰা সময়ত h-index সম্ভৱতঃ ১৫ আছিল।
এতিয়াও ডনা ষ্ট্ৰিকলেণ্ডৰ h-index মাত্ৰ ২৫-হে। এই কথাখিনিৰ জৰিয়তে বুজোৱা হৈছিল যে গৱেষণা-পত্ৰৰ সংখ্যা, সেইবোৰৰ চাইটেচন আদিয়ে সদায় কৰ্মৰ মান নিৰ্ণয় নকৰিবও পাৰে। h-index ২৯ মানে হৈছে এজন গৱেষকে কমেও ২৯ খন গৱেষণা-পত্ৰত কমেও ২৯ টাকৈ চাইটেচন পাইছে। যদি কোনো এজন ব্যক্তিৰ ১০০-খন গৱেষণা-পত্ৰ থাকে, আৰু তেওঁৰ কমেও ৫০ খন গৱেষণা-পত্ৰৰ চাইটেচন কমেও ৫০ হয়, তেন্তে h-index তেওঁৰ হ’ব ৫০। অৰ্থাৎ, তেওঁৰ বাকীসমূহ গৱেষণা-পত্ৰৰ চাইটেচন ৫০ তকৈ কম। যদিহে কমেও ৫১-খনৰ চাইটেচন কমেও ৫১ হয়, তেন্তে তেওঁৰ h-index হ’ব ৫১। শ শ h-index লাভ কৰা মানুহৰ ভিৰত ১৫, ২৫ বা ২৯ পাই নোবেল পোৱাটো এটা খোৰাক যোগাব পৰা কথাই হয়।
দুই শতাংশৰ তালিকাখনত কোনোবাৰেই নাম নথকা এজন গণিতজ্ঞ হ’ল ইটাং ঝাং। কেইবছৰমান আগতে তেওঁ এটা যুগান্তকাৰী কাম সম্পন্ন কৰিছিল। আৰু সেয়ে বৰ্তমান সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ গণিতজ্ঞসকলৰ এজন হিচাপে তেওঁৰ নাম ইতিমধ্যে ইতিহাসত লিপিবদ্ধ হৈ গৈছে। ‘যমজ মৌলিক অনুমান’ (Twin Prime Conjecture) নামেৰে কেইবাশ বছৰ ধৰি সমাধান নোহোৱা এটা সমস্যা আছে, যিটো আৰু কেইশ বছৰৰ পাছত সমাধান হয়গৈ কোনেও ক’ব নোৱাৰে। এই অনুমানটো হ’লঃ ২ ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। অৰ্থাৎ, যমজ মৌলিক অসীম সংখ্যক আছে। যেনেঃ ৩ আৰু ৫ যমজ মৌলিক, ১৭ আৰু ১৯ যমজ মৌলিক। এই ধৰণৰ যোৰ অসীম সংখ্যক আছে বুলি প্ৰমাণ কৰিব লাগে। এই সম্পৰ্কত প্ৰথমটো যুগান্তকাৰী কাম সম্পন্ন কৰিলে ইটাং ঝাঙে। তেওঁ প্ৰমাণ কৰিলে যে ৭০০০০০০০ তকৈ সৰু কোনো এটা ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। সেই কৰ্মই সকলোকে আচৰিত কৰি তুলিলে আৰু মহান গণিতজ্ঞ টেৰেন্স টাও আদি কেইজনমান গণিতজ্ঞই সেই পথেৰে আগবাঢ়ি কেইমাহমানৰ ভিতৰতে এই সংখ্যাটো ২৪৬ লৈ কমাই আনিলে। সেইটো যদি ২ লৈ কমাই আনিব পৰা যায়, তেন্তে যমজ মৌলিক অনুমানটোৰ প্ৰমাণ হৈ যাব।
ইয়াৰ পাছত, টেৰেন্স টাৱে ৰসিকতা কৰি কৈছিল যে তেওঁলোকৰ এই কামখিনিয়ে গাণিতিক বা বৈজ্ঞানিক ৰচনাৰ জগতখনক পঞ্চাছখনমান গৱেষণা-পত্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল। কাৰণ এইখিনি কাম নোহোৱা হ’লে, নতুনকৈ অতি সামান্য সাল-সলনি একোটা কৰি এখন গৱেষণা-পত্ৰত অলপ আৰু আন এখনত অলপকৈ মানটো কমাই কমাই পঞ্চাছখনমান গৱেষণা-পত্ৰ ওলালহেঁতেন। আৰু সেয়া কৈ উঠি টেৰেন্স টাৱে হাঁহিছিল।
এতিয়া কথাটো হ’ল, যদি সেই পঞ্চাছখন গৱেষণা-পত্ৰ ওলালহেঁতেন, তেন্তে ইটাং ঝাঙে পঞ্চাছটা চাইটেচন অধিক পালেহেঁতেন। কিন্তু সেইকেইখন নোলোৱাৰ ফলত, টেৰেন্স টাও আদিৰ কেইজনমানৰ কামখিনিৰ ফলত তেওঁ চাইটেচন পালে মাথোঁ দুটা নে তিনিটা। তেন্তে এতিয়া, এই দুই-তিনিৰ ফলখিনি ভাল নে পঞ্চাছৰ ফলখিনি ভাল!
আনহাতে, চাইটেচন বা h-index আদিৰ ক্ষেত্ৰত এটা কথা হ’ল— সেইবোৰ ক’ত প্ৰকাশিত গৱেষণা-পত্ৰৰ বাবে পাইছে? নৰম পৰ্যায়ৰ কাম কিছুমানৰ h-index কেনেকৈ বাঢ়ে? যদি এটা নৰম পৰ্যায়ৰ কাম কৰে, সেইটোৰ ৰেফাৰেন্সত এশটা-দুশটা নৰম কাম হ’ব পাৰে। তেন্তে তাৰ মুঠ চাইটেচন হ’ল এশ বা দুশ। কিন্তু সেই এশ বা দুশখন গৱেষণা-পত্ৰ বিশ্বত আন কোনেও নাচায় বা চোৱাৰ প্ৰয়োজন সমুলি নহয়। অথচ সেইটো চাইটেচনৰ হিচাপত উচ্চ। কিন্তু সেইটো বিষয়-বস্তুতে যদি এটা গুৰুত্বশীল কাম সম্পন্ন হয়, সেইটো উন্নত স্থানত প্ৰকাশিত হয়, উপযুক্তভাৱে বিশ্বৰ বিজ্ঞানীমহলত গ্ৰহণযোগ্য হয়, তাৰ ওপৰত ভিত্তি কৰি আন এটা বা দুটা গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈ যায়, আৰু এনেদৰে একেবাৰে শেষত সেই কামটোৱে লাভ কৰিব পাৰে কেৱল সেই এটা বা দুটা চাইটেচন। অৰ্থাৎ চাইটেচনৰ হিচাপত সি হৈ পৰিল নিম্ন। এনেদৰেই এই সংখ্যাৰ হিচাপে প্ৰায়ভাগ সময়তে উৎকৃষ্ট কৰ্মৰ নিদৰ্শন নেদেখুৱায়। যেনেকৈ পাঁচশটা গল্প লিখাজনো মহৎ নহ’ব পাৰে, কিন্তু ষাঠিটামান গল্প লিখিও শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব পাৰে।
সংখ্যাৰ ডাঙৰ হিচাপবোৰেও যিহেতু ভুৱা প্ৰচাৰ দিয়ে আৰু তাৰ দ্বাৰা বহু স্থানত ক্ষমতা দখলো কৰিব পাৰি, যেনেকৈ দুই শতাংশ শ্ৰেষ্ঠৰ প্ৰচাৰটো চলি আহিছে, সেয়ে বহুতো গৱেষকে অধিক চাইটেচন পাবলৈ বা সঘনে গৱেষণা-পত্ৰ প্ৰকাশ পাবলৈ নানা কূট-কৌশল, দুৰ্জনালি আদি অৱলম্বন কৰে। তাৰ বাবে কিছুমান জাৰ্নেলো সৃষ্টি হৈছে, য’ত পুনৰীক্ষণ স্তৰটোও তেনেই ঢিলা, অসুস্থভাৱে খৰতকীয়া আৰু গৱেষণা-পত্ৰ গ্ৰহণৰ হাৰটোও অতিপাত অধিক। MDPI জাৰ্নেলসমূহৰ এনে কাৰ্যবোৰৰ সম্পৰ্কে ব্যাখ্যা কৰি মাচাছুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (MIT), কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লচ এঞ্জেলছ (UCLA) আদিত অধ্যাপনা কৰা প্ৰসিদ্ধ গণিতজ্ঞ ইগৰ পেকে লিখিছিল—‘The evil can be innovative. Highly innovative, in fact. It has to be, to survive. We wouldn’t even notice it otherwise.’