বিশ্বাস-অবিশ্বাস

বিশ্বাস আৰু অন্ধবিশ্বাস-(ডঃ খৰ্গেশ্বৰ ভূঞা)

মানুহৰ পঞ্চেন্দ্ৰিয়ই বাহিৰৰ পৰিৱেশৰ পৰা মগজুলৈ পঠিওৱা তথ্যবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে জ্ঞানলৈ পৰিৱৰ্তিত হৈ মগজুত স্মৃতি হিচাপে জমা থাকে। জ্ঞানখিনি সঁচা (বা কিছু ক্ষেত্ৰত মিছা) বুলি মানুহৰ মনে মানি ল’লে বা পতিয়ন গ’লে সেয়া বিশ্বাসত পৰিণত হয়। ‘উশাহ লোৱা’ অৰ্থৰ পৰা ‘বিশ্বাস’ শব্দটো আহিছে। অৰ্থাৎ বিষয় এটা মানি ল’ব পৰা অৱস্থা হ’লে স্বস্তিৰ উশাহ লোৱাৰ দৰে হয়। বিশ্বাস বা প্ৰত্যয় বা সঁজাত কৰা বা নকৰা কথাবোৰ মগজুৰ একোটা বিশেষ স্থিতি আৰু সেয়েহে ই মনৰ লগত সংযুক্ত, লগতে পৰিৱৰ্তনশীল।

সঁচা (বা মিছা) বুলি পতিয়ন যোৱাৰ বিষয়টো বিভিন্ন মাধ্যমেৰে সম্পন্ন হ’ব পাৰে- নিজে পঞ্চেন্দ্ৰিয়ৰ সহায়ত পোনপটীয়াকৈ, লোকৰ পৰা জানি, শ্ৰৱ্য-দৃশ্য মাধ্যমেৰে, পঢ়ি-শুনি ইত্যাদি ধৰণেৰে বিশ্বাস অৰ্জন কৰা হয়। গৰুৱে ঘাঁহ খোৱা দেখি বিশ্বাস হ’ব পাৰে যে ঘাঁহেই গৰুৰ খাদ্য; পকা আম জিভাৰে চেলেকি এয়া মিঠা বুলি বিশ্বাস হয়, পৃথিৱীখন ঘূৰণীয়া বুলি মানুহে চকুৰে চাই বা প্ৰত্যক্ষ প্ৰমাণ নেপালেও কিতাপৰ পৰা পঢ়ি বিশ্বাস কৰে ইত্যাদি। কিছুমান মানুহে যেনেকৈ অইনক সহজে বিশ্বাস কৰে, তেনেকৈ কিছুমান মানুহৰ কথা আৰু কামক অইনে সহজেই বিশ্বাস কৰে। ইয়াৰ ওলোটাটোও হয়।

বিশ্বাস সম্পৰ্কত বিভিন্ন মানুহৰ বৈশিষ্ট্য বিভিন্ন হয়।কিছুমান মানুহে যিকোনো কথা সহজেই বিশ্বাস কৰাৰ পাছত সেই বিশ্বাসৰ স্থায়িত্ব কম বা বেছি হ’ব পাৰে। যেনে, এজন মানুহক যদি কোৱা হয় যে শৰীৰৰ কটা-কুটা হ’লে টেঙা খাব নেলাগে, তেতিয়া মানুহজনে টেঙা খোৱা বন্ধ কৰে কটা-কুটা হ’লে। ইয়াৰ পাছত আন এজনে আহি যদি কয়হি যে তেনেক্ষেত্ৰত টেঙা খালে একো অপকাৰ নহয়, বৰং উপকাৰহে হ’ব, মানুহ জনে লগে লগে পূৰ্বৰ ধাৰণা বাদ দি নতুন ধাৰণা ল’ব। আন এজনে হয়তো পূৰ্বৰ ধাৰণাকে খামুচি থাকিব। দুয়োক্ষেত্ৰতে কোনটো সঁচা, কোনটো মিছা এজনেও হয়তো পৰীক্ষা নকৰাকৈয়ে বিশ্বাস কৰে।

কিছুমান মানুহৰ বিশ্বাস তেনেই ঠুনুকা হোৱাৰ বিপৰীতে আন কিছুমানৰ দৃঢ় হয়। দুয়োক্ষেত্ৰতেই দুষ্টবুদ্ধিৰ মানুহে উদ্দেশ্য প্ৰণোদিতভাৱে সহজে বা অধিক চেষ্টাৰে বিশ্বাসৰ সালসলনি ঘটাব পাৰে।ভুৱা প্ৰচাৰেৰেও বহু বিশ্বাস আঁতৰাব বা নতুনকৈ সুমুৱাই দিব পাৰি মানুহৰ মনত। মিছা কথা এটা বাৰে বাৰে কৈ থাকিলে প্ৰায়েই কথাটো সঁচা বুলি বেছিভাগেই মানি লয়। চাৰিটা ঠগে ব্ৰাহ্মণৰ ছাগলীকে কুকুৰ বুলি পতিয়ন নিয়াই প্ৰৱঞ্চনা কৰাৰ কাহিনী যেনেকৈ আছে, তেনেকৈ আধুনিক কালত ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰা জৰুৰী অৱস্থাকো ৰাইজে ভাল পাইছে বুলি কৰা প্ৰচাৰৰ জোৰত গান্ধীয়ে নিজেও বিশ্বাস কৰিবলৈ লোৱাৰ দৰে ঘটনাও ঘটিছে।

কিছুমান বিষয় বা ঘটনা মানুহে একধৰণে জনাৰ পাছত ইয়াৰ কাৰ্য-কাৰণৰ জ্ঞানৰ প্ৰতি আগ্ৰহী হয় আৰু সেই বিষয়ে পতিয়ন যাব পৰাকৈ প্ৰমাণ পালেহে বিশ্বাস কৰে। সকলো কথাকে বিনা বিচাৰ-প্ৰমাণ-যুক্তিৰে মানি লোৱাটো যেনেকৈ ভাল কথা নহয়, তেনেকৈ প্ৰতিটো কথাৰে আকৌ তাৎক্ষণিক প্ৰমাণ বিচাৰিলেও কামত আগবাঢ়িব নোৱাৰি।এজন ল’ৰাৰ পিতৃক অইনে কোনো প্ৰমাণ লাভ নকৰাকৈয়ে সেই বুলি মানি লোৱাই স্বাভাৱিক ঘটনা। সেইদৰে বিদ্যালয়ৰ যিকোনো শ্ৰেণীৰ পাঠ্যক্ৰমৰ সকলো বিষয়, সেই পৰ্য্যায়ত বিনা প্ৰমাণেৰেই মানি ল’ব লগা হয়, কাৰণ সেই পৰ্য্যায়ত কথাবোৰ প্ৰমাণৰ উপায় নেথাকে। গছৰ পাতে খাদ্য উৎপন্ন কৰে, পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, ছাহজাহানে তাজমহল সজাইছিল- এনেধৰণৰ কথাবোৰৰ বিশ্বাস যোগ্য প্ৰমাণ তলৰ শ্ৰেণীত দিয়াৰ উপায় নেথাকে, তথাপিও কথাবোৰ বিশ্বাস কৰিব লগা হয়।

সাধাৰণতে মানুহে বিশ্বাসক ব্যৱহাৰিক কামত লগায়; দৈনন্দিন কাম-কাজেই হওক বা বিশেষ কামেই হওক; বেছিভাগতেই প্ৰমাণ নিবিচাৰি কাম চলাই নিয়ে। পোহনীয়া কুকুৰে নেকামোৰে, লেতেৰা পানী খালে বেমাৰ হয়, শিক্ষকে ছাত্ৰক মৰম কৰে-এনেধৰণৰ কথাবোৰৰ ব্যতিক্ৰম থাকিলেও মানুহে সঁচা বুলি বিশ্বাস কৰে।সকলোতকৈ ডাঙৰ কথাটো হ’ল মানুহৰ ওপৰত বিশ্বাস নাথাকিলে মানুহে সমাজ পাতি কাম কৰিব নোৱাৰিব। গতিকে কেতিয়াবা প্ৰমাণহীন বিশ্বাসৰো মূল্য থাকিব পাৰে।ওলোটা প্ৰমাণ পোৱাৰ পাছত অৱশ্যে ই বিশ্বাস সলনি কৰিব লাগিব।

অন্ধবিশ্বাস

বিশ্বাসৰ বিপৰীত ধাৰণা হৈছে সন্দেহ বা অন্ধবিশ্বাস। এনে সন্দেহ হয় আৰু নহয়, দুয়োধৰণৰেই হ’ব পাৰে। যেনে, এজন মানুহক কোনোবাই চোৰ হয় বুলি ক’ব পাৰে বা আন কিছুমানে নহয় বুলি ভাবিব পাৰে। একোটা বিশ্বাস কোনোপধ্যে এৰিব নোৱৰাৰ পৰ্যায় পালে সেয়া অন্ধবিশ্বাসলৈ পৰ্যবসিত হ’ব পাৰে। বিশ্বাসৰ বিপৰীতে কিবা প্ৰমাণ পালেও যদি পুৰণি বাখ্যা বা জ্ঞানকে খামুচি থাকে সেয়াই অন্ধবিশ্বাস। এইদৰে পুৰণি ধাৰণা সলাব নোৱৰা ব্যক্তিয়েই হয় অন্ধবিশ্বাসী। অন্ধবিশ্বাস হৈছে বিজ্ঞান মানসিকতাৰ সম্পূৰ্ণ বিপৰীত। বিভিন্ন সময়ত পকা আম খাই মিঠা পোৱাৰ কাৰণে সকলো পকা আমেই মিঠা বুলি এজন মানুহৰ মনত বিশ্বাস জন্মিব পাৰে। কিন্তু যদি কেতিয়াবা এটা পকা আম মানুহ জনে টেঙা পায় আৰু তথাপিও মানুহজনে যদি পকা আম কেতিয়াও টেঙা নহয় বুলি বিশ্বাস কৰি থাকে, তেন্তে সেয়া হ’ব অন্ধবিশ্বাস। পৃথিৱী স্থিৰ, সূৰ্য্য হে পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি মানুহে এসময়ত বিশ্বাস কৰিছিল, সেয়া পুৰণি কালত অন্ধবিশ্বাস নাছিল, কাৰণ ইয়াৰ ওলোটা প্ৰমাণ তেতিয়া পোৱাৰ উপায় নাছিল। পিছে নতুন জ্ঞানৰ আধাৰত মানুহে জনা হৈছে যে পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে, ইয়াৰ প্ৰমাণো বিজ্ঞানে দাঙি ধৰিছে; তথাপিও মানুহে যদি পূৰ্বৰ ধাৰণাটোকে বিশ্বাস কৰি থাকে সেয়া হ’ব অন্ধবিশ্বাস। মূল কথাটো হ’ল- সত্য বুলি ভবা বা বিশ্বাস কৰা যিকোনো কথা সময়ৰ লগে লগে সলনি হ’ব পাৰে।

অন্ধবিশ্বাসী নহ’বলৈ তৎকালীন সকলোবিধ জ্ঞানেৰে এজন ব্যক্তি সমৃদ্ধ হ’ব লাগিব। অৱশ্যে উচ্চ শিক্ষিত ডক্টৰেট ডিগ্ৰীধাৰী বিশ্ববিদ্যালয়ৰ অধ্যাপকেও অন্ধবিশ্বাসী হৈ বসন্ত ওলালে শীতলা পূজা পাতিব পাৰে; আনহাতে অশিক্ষিত খেতিয়কেও পূজা-পাতলৰ ওপৰত বিশ্বাস নকৰি খেতি ভাল হ’বৰ বাবে বৈজ্ঞানিক পদ্ধতিহে ব্যৱহাৰ কৰিব পাৰে। অন্ধবিশ্বাস মানে স্থূলভাৱে অন্ধই কৰা বিশ্বাসৰ অৰ্থ কৰা হয়। প্ৰাচীন কালৰ দৰেই আধুনিক কালতো পঞ্চেন্দ্ৰিয়ৰ ভিতৰত চকুকেই সৰ্বাধিক গুৰুত্ব দিয়া হয়। সেয়েহে চকুৰে দেখাবোৰ অধিক বিশ্বাসযোগ্য বুলি ধৰা হয়, ওলোটাকৈ চকুৰে নেদেখাসকলৰ বিশ্বাস ভুল- এনেধৰণেৰেই অন্ধবিশ্বাস শব্দটি নিষ্পন্ন হৈছে। আচলতে অন্ধবিশ্বাস শব্দই যুক্তি, বিচাৰহীন বিশ্বাসক খামুচি থকাটো বুজায়, আনহাতে অন্ধসকলে চকুৰে নেদেখিলেও যুক্তিৰে বিচাৰ কৰি পূৰ্বৰ বিশ্বাসক সালসলনি কৰে। পুৰণি কাহিনী ‘ছয় অন্ধৰ হস্তীদৰ্শন’ৰ আধাৰতহে অন্ধবিশ্বাস শব্দৰ সৃষ্টি হৈছে।

মানুহৰ বিশ্লেষণ ক্ষমতাই অন্ধবিশ্বাস আঁতৰায়।যিকোনো ঘটনাৰ আঁৰত থকা কাৰণ সকলোৱে শুদ্ধকৈ নেজানিলেও এইবোৰ কিবা অলৌকিক শক্তিয়ে জনায় বুলি যদি মানুহে নেভাৱে, তেন্তে অন্ধবিশ্বাসী নোহোৱাৰ প্ৰথম চৰ্ত পূৰণ কৰিছে বুলিব লাগিব। ৰিম’টেৰে টিভি চলাৰ প্ৰযুক্তি বেছিভাগেই নেজানে যদিও এয়া কোনো অলৌকিক শক্তিৰ ক্ৰিয়া বুলিও নেভাবে। সেইদৰে বৰষুণ কিয় দিয়ে তাৰ আধুনিক বাখ্যা জানিবলৈ নিবিচাৰি বৰুণ দেৱতাই বৰষুণ দিয়া বুলি ভবাসকল অন্ধবিশ্বাসী, আনহাতে কাৰণ নেজানিলেও দেৱতা বা অলৌকিকতাৰ ওপৰত বিশ্বাস নৰখাসকল অন্ধবিশ্বাসী নহয়।

একোটা ঘটনা ভৱিষ্যতত ঘটিবনে নঘটে তাৰ কিছু সম্ভাৱনা থাকে। পিছদিনা সূৰ্য্য পূবত উদয় হোৱাৰ সম্ভাৱনা এশ শতাংশ, আনহাতে কোনোবা এটা ল’ৰা ভৱিষ্যতে গৈ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা তেনেই কম। সম্ভাৱনা কৰিলে অনিশ্চয়তা বাঢ়ে, এনেক্ষেত্ৰত মানুহে বেছিকৈ অলৌকিক শক্তি আৰু ভাগ্যৰ ওপৰত বিশ্বাস কৰিবলৈ লয়। এইবোৰত বিশ্বাস কৰা মানে অন্ধবিশ্বাস বৃদ্ধি হোৱা। দাৰিদ্ৰ, অস্বাস্থ্যকৰ পৰিৱেশ, অসহায় অৱস্থা আদিৰ বাবে যিসকলে জীৱনত প্ৰায় একোৱেই নেপায় সেইসকলে নেদেখা অলৌকিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰাৰ বাদে উপায় নেথাকে।

যিসকলৰ নিজৰ ওপৰত বিশ্বাস কম আৰু মানসিকতা দুৰ্বল তেওঁলোক অধিক অন্ধবিশ্বাসী হয়। কিবা এটা কৰাৰ সামৰ্থ্য বাঢ়িলে বিশ্বাস বাঢ়ে, অনিশ্চয়তা কমে, অলৌকিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতা কমে আৰু তেনে লোক অধিক আত্মবিশ্বাসী হৈ অন্ধবিশ্বাস কমে। পৰীক্ষাৰ বাবে প্ৰস্তুতি যিমানেই ভাল হয়, ছাত্ৰ-ছাত্ৰীৰ সৰস্বতী দেৱীৰ প্ৰতি থকা অন্ধবিশ্বাসো কমে। গাড়ী চলোৱাত বেছি পাকৈত ড্ৰাইভাৰে নেদেখাজনৰ ওপৰত বৰকৈ নিৰ্ভৰ নকৰে। তথাপিও দেখা যায় যে আত্মবিশ্বাসী পৰীক্ষাৰ্থী, গাড়ীচালক বা আন অভ্যস্ত কাম কৰিবলৈ যোৱা সকলেও অজ্ঞাত শক্তিৰ ওচৰত মূৰ দোঁৱায়। ইয়াৰ কাৰণটো হ’ল অভ্যাস। জ্যেষ্ঠজনে অলৌকিক শক্তিৰ আগত মূৰ দোঁৱাই অহা সৰুৰে পৰা দেখি অহাৰ কাৰণে পৰীক্ষাৰ্থী, গাড়ীচালক বা অন্যৰো তেনে অভ্যাস গঢ়ি উঠে, সেয়েহে মানুহ সাধাৰণতে অন্ধবিশ্বাস শূন্য হৈ নাযায়। ইয়াৰ লগতে অনিশ্চয়তাৰ কথা আছে। ভাল প্ৰস্তুতি হ’লেও পৰীক্ষাত অনিশ্চয়তা থাকেই, গাড়ী চলোৱাৰ ক্ষেত্ৰতো তেনে অনিশ্চয়তা আছে। সেয়েহে অজ্ঞাত শক্তিৰ ওপৰত বিশ্বাসো শূন্য নহয়।

অলৌকিক শক্তিৰ উৎস বুলি ভবাবোৰক বহলকৈ তিনিভাগত ভগাব পাৰি। প্ৰথম ভাগৰ উৎস হৈছে- ভূত-প্ৰেত, পিশাচ, যখিনী ইত্যাদি অশুভ শক্তি।দ্বিতীয় ভাগটো হৈছে- হিন্দুৰ দেৱ-দেৱীসকল আৰু অন্য ধৰ্মৰ তেনে উপাস্যসকল। তৃতীয় বিধ হৈছে বিভিন্ন ধৰ্মত বিভিন্ন নামত থকা সৃষ্টিকৰ্তা, যেনে ঈশ্বৰ, আল্লা, গড ইত্যাদি। প্ৰথম বিধৰ শক্তি দ্বিতীয় বিধতকৈ কম আৰু তৃতীয় বিধ হৈছে সৰ্বশক্তিমান। এনেকৈ এইবোৰ শক্তিৰ ওপৰত ৰখা বিশ্বাসেই অন্ধবিশ্বাসৰ বৃহৎ অংশ আগুৰি আছে।আজিকালি বৈদ্যুতিন মাধ্যমৰ ধাৰাবাহিকসমূহ, বিভিন্ন ধৰণৰ পূজা-পাৰ্বণ আদিয়ে মানুহৰ মনক অধিক অলৌকিক শক্তি নিৰ্ভৰ কৰি তুলিছে; সেয়েহে আধুনিক জ্ঞানৰ ব্যাপক প্ৰচাৰ সত্ত্বেও যথেষ্টসংখ্যক মানুহ এতিয়াও অন্ধবিশ্বাসৰ আৱেষ্টনীত সোমাই আছে।

অন্ধবিশ্বাস অৱশ্যেই মানৱ সভ্যতা বিকাশৰ পৰিপন্থী।

Leave a Reply

Your email address will not be published. Required fields are marked *