বিশ্বাস-অবিশ্বাস

বিশ্বাস, অতি-বিশ্বাস, বিশ্বাসত-অন্ধ আৰু অন্ধবিশ্বাস-(হামজা চৌধুৰী)

“ল’ৰাজনৰ ওপৰত মোৰ বিশ্বাস আছে৷“,“ৰিস্কাৱালাজন বৰ বিশ্বাসী৷“,“মোৰ ওপৰত বিশ্বাস ৰাখক মহাশয়, মই কামটো কৰি দিমেই৷“,“নিজৰ ওপৰত বিশ্বাস আছে নে নাই?“- সাধাৰণতে বিশ্বাস শব্দটো আমি সঘনাই এনেদৰে ব্যৱহাৰ কৰোঁ৷“বিশ্বাস কৰা, মোৰ জেপত এটকাও নাই৷“ – কোনোবাই যেতিয়া কাৰোবাক অবিশ্বাস বা সন্দেহ কৰে তেতিয়া সেইজনক বিশ্বাস জন্মাবলৈ এনেদৰে কোৱা হয়৷ কোনো এটা কাম বহু দিন ধৰি সুকলমে কৰা মানুহজনৰ ওপৰত এটা বিশ্বাস জন্ম হয়৷ সেয়ে আনজনে তেওঁক বিশ্বাস কৰিবলৈ লয়৷ কিন্তু কেতিয়াবা যদি সুকলমে নকৰি বা ফাঁকি দি বা অৱহেলা কৰি সেই কামটো কৰে তেন্তে, প্ৰথমে সেই বিশ্বাসী মানুহজনক অবিশ্বাস কৰিবলৈ টান হয় যদিও কেইবাবাৰো তেনেদৰে ঠগিলে বিশ্বাসেই গৈ অবিশ্বাসত পৰিবৰ্তিত হ’ব পাৰে৷

“সূৰ্য পূবফালে উদয় হয়৷“–কোনোবাই বিশ্বাস কৰক বা নকৰক পূবপিনেই সূৰ্য উঠিব৷ এতিয়া আপুনি কওকচোন, সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে নে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে? আপুনি যদি সঁচাই অলপ হ’লেও এই বিষয়ে পঢ়া-শুনা কৰিছে তেন্তে, নিশ্চয় ক’ব যে সূৰ্য নহয়, পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে৷ কিন্তু মনকৰিবলগীয়া কথাটো হ’ল, আদিম মানুহে নিজ চকুৰে দেখি আহিছিল যে সূৰ্যটোহে গতি কৰি থাকে, পুৱা ই পূবপিনে উদয় হয় আৰু লাহে লাহে ইয়েই‌ দুপৰীয়া মূৰৰ উপৰলৈ উঠি আহি সন্ধিয়া পৰত পশ্চিমৰ দিশত আহি মাৰ যায়৷ আদিম মানৱে সেয়েহে, সূৰ্যই গতি কৰাটো দেখি দেখি বিশ্বাস কৰিছিল যে সূৰ্যটোহে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে৷ আদিম মানৱ নালাগে, বহুতো‌ ধৰ্মযাজকৰ আপাত দৃষ্টিতো এইটোৱেই ধৰা পৰিছিল৷ সেয়েহে হয়তো বহু ধৰ্মগ্ৰন্থতো সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি উল্লেখ আছে৷

 এই বিশ্বাসটোৰ বিপৰীতে বিভিন্ন সময়ত বিভিন্ন জ্যোতিৰ্বিদ আৰু অন্যান্য বিজ্ঞানী-গবেষকে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে প্ৰমাণ কৰি দেখুৱাইছে যে সূৰ্য নহয়, পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে৷ পৃথিৱী নালাগে, আটাইবোৰ গ্ৰহেই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে৷ এতিয়া, আদিম মানৱে কৰা বিশ্বাসটো পৰিবৰ্তন হ’ল, যেনেকৈ সদায় সুকলমে কাম কৰি দিয়া লোকজন যেতিয়া সঠিকভাৱে আৰু সুকলমে কামটো নকৰিলে বিশ্বাসটো সলনি হয় ঠিক তেনেকুৱা৷ প্ৰমাণ হোৱাৰ পিছতো যদি পুৰণি বা আগৰে বিশ্বাসটো সলনি নকৰি ’সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে’ বুলি বিশ্বাস কৰিয়েই থকা যায় তেন্তে, সেই বিশ্বাসক আপুনি কি বুলি ক’ব? অন্ধবিশ্বাস নুবুলিব নে?

অভিজ্ঞতা, যুক্তি-তৰ্ক, পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, গৱেষণা আদিৰ দ্বাৰা বাৰে বাৰে প্ৰমাণিত হোৱাৰ পিছতো যদি পুৰণি বা আদিম বিশ্বাসটোকে খামুচি থকা হয় তাকেই ’অন্ধবিশ্বাস’ বুলিব পাৰি আৰু তেনে অন্ধবিশ্বাস থকা লোককেই ’অন্ধবিশ্বাসী’ লোক বুলি ক’ব পাৰি৷ সহজ কথাত, অন্ধভাৱে কৰা বিশ্বাসেই হ’ল অন্ধবিশ্বাস৷

ল’ৰাই কেইবাবাৰো চুৰি কৰি ধৰা পৰিছে, আইন-আদালতত প্ৰমাণো হৈছে যে ল’ৰাজন সঁচাই চোৰ৷ তাৰ পিছতো ল’ৰাজনৰ মাকে যদি কয়,“পৃথিৱীৰ সকলোৱে ক’লেও মই বিশ্বাস নকৰোঁ যে মোৰ ল’ৰা চোৰ৷“ এইধৰণৰ বিশ্বাসক কি নাম দিয়া যায়? ’অতি-বিশ্বাস’ নে ’বিশ্বাসত-অন্ধ’?

কোনো ধৰ্মগুৰু/বাবাজী/পয়গম্বৰ/সন্ন্যাসী আদিয়ে আশ্ৰম আদিত ধৰ্ষণ কৰি ধৰা পৰাৰ পিছত আৰু আইন-আদালতত প্ৰমাণ হোৱাৰ পিছতো যদি ভক্তসবে বিশ্বাস কৰিয়েই থাকে এইবুলি,“আমাৰ গুৰুৱে কেতিয়াও তেনে কাম নকৰে, তেওঁ মহান, তেওঁ মহাপুৰুষ৷“‌ তেতিয়া, এনে বিশ্বাসক কি বুলি নামকৰণ কৰিব? ’অতি-বিশ্বাস’ নে ’বিশ্বাসত-অন্ধ’?

ওপৰৰ উদাহৰণ দুটাত, মাকৰ আছিল চোৰ ল’ৰাজনৰ ওপৰত ’অতি-বিশ্বাস’, আনহাতে, ভক্তসবে ’বিশ্বাসত-অন্ধ’ হৈ ধৰ্ষণকাৰী গুৰুৰো অনুগামী হৈ চৰণ চুই থাকে৷

নামকৰণ যিয়েই কৰা নহওক কিয়, ’বিশ্বাস’ আৰু ’অবিশ্বাসে’ যেনেকৈ ব্যক্তি আৰু সমাজত ধনাত্মক প্ৰভাৱ পেলায়, ঠিক তেনেকৈ ’অতি-বিশ্বাস’, ’বিশ্বাসত-অন্ধ’ আৰু ’অন্ধবিশ্বাসে’ ব্যক্তি আৰু সমাজত সদায় ক্ষতিকাৰক প্ৰভাৱ পেলায় আৰু আনকি সমাজৰ সামগ্ৰিক প্ৰগতিতো বাধা হৈ থিয় দিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *