বিবিধ চিন্তা

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ হিচাপে ঈশ্বৰৰ ধাৰণা-(ৰূপক বৰুৱা)

বিশ্ববহ্মাণ্ড কেনেদৰে সৃষ্টি হ’ল? জীৱ কেনেদৰে সৃষ্টি হ’ল? আমিনো কেনেদৰে পৃথিৱীলৈ আহিলো? এনেধৰণৰ চিন্তাই মানৱ মনক বহুযুগ ধৰি ব্যাকুল কৰি ৰাখিছে। দৰ্শন,ধৰ্ম আৰু বিজ্ঞানে বিভিন্ন ধৰণে নিজৰ সীমাৰ মাজত ইয়াৰ উত্তৰ বিচাৰিছে আৰু দিছে। বিশ্ব সৃষ্টি সম্পৰ্কে ধৰ্মৰ কথাবোৰ সাধুকথাহে। দুখৰ বিষয় বহুলোকে সেইবোৰকে সচাঁ বুলি ভাবে। এইবোৰ উৰ্বৰ মানৱ মনৰ সৃষ্টি।
বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ মূলতে “মহানাদ তত্ত্ব”(Big bang Theory)কে বৰ্তমান গ্ৰহণ কৰা হয়। কিন্তু ই “মহান সমন্বয় তত্ত্বাৱলী(Grand Unification Theories, GUTS)ৰ অংশহে। এই তত্ত্বৰ মতে সৃষ্টিৰ আৰম্ভনিতে প্ৰকৃতি সকলো বল একীকৃত হৈয়ে আছিল। বিশ্বৰ সৃষ্টি এক ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰত সম্প্ৰতি ক্ৰিয়া কৰি থকা চাৰিওবিধ মৌলিক বলৰ উদ্ভৱ হয়। সৃষ্টিৰ মাত্ৰ সাত মিনিটৰ ভিতৰতে আজিৰ পদাৰ্থ জগতখনে বৰ্তমান আকাৰ লৈছিল। “বিশ্বব্ৰহ্মাণ্ড প্ৰসাৰণশীল” এই আৱিষ্কাৰে ইয়াক বেছি গ্ৰহণীয় কৰিছে। কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কীয় চিন্তা- চৰ্চা আৰু ইয়াৰ লগত সৰ্ম্পক থকা তত্ত্ববোৰ এতিয়া অতি জটিল হৈ পৰিছে। বহ্মাণ্ড সৃষ্টিৰ আৰম্ভনি কণিকা জগতৰ বিষয় হিচাপে ই কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ বিষয় হৈ পৰিছে। কোৱাণ্টাম জগতখন সাধাৰণ মানুহৰ কাৰণে আচহুৱা। সাধাৰণ মানুহটো বাদেই দাৰ্শনিক সকলোও বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ এই চিন্তা-চৰ্চাৰ পৰা আঁতৰি আহিছে বুলি জনপ্ৰিয় প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে তেওঁৰ বহুল পঠিত গ্ৰন্থ “A BRIEF HISTORY OF TIME ত উল্লেখ কৰিছে। অৱশ্যে এই গ্ৰন্থখনতে তেওঁ অতি সৰলকৈ বিশ্বব্ৰহ্মাণ্ডৰ ৰূপ, স্থান আৰু কাল, প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ড, অনিশ্চয়তা তত্ত্ব, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু বিশ্বব্ৰহ্মাণ্ডৰ ভৱিষ্যত আদি বিষয়ে অতি সৰলকৈ আলোচনা কৰিছে। কিন্তু তেওঁ এনেদৰেও লিখিছে-In the eighteenth century, philosophers considered the whole of human knowledge, including science, to be their field discussed questioned such as: Did the universe have a beginning?However, in the nineteenth and twentieth centuries science became too technical and mathematical for the philosophers, or anyone else except a few specialist. Philosophers reduced the scope of their inquires so much that Wittgenstein ,the most famous philosopher of this century, said “The sole remaining task for philosophy is the analysis of of language.what a comedown from the great tradition of philosophy Aristotle to Kant.” এতিয়াও বিশ্বৰ সৃষ্টিৰ কাৰণ হিচাপে বহুলোকে এজন সৃষ্টিকৰ্তা কথা কয়। তেওঁলোকক Big Bangৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱা কথা ক’লে নিজৰ অৱস্থান সলাই Big Bang ৰ আগতে কি হৈছিল ? এনেধৰণৰ প্ৰশ্নৰ আৰঁত তেওঁলোকৰ ঈশ্বৰক আশ্ৰয় দিয়ে। যেন পোহৰ আৰু আন্ধৰৰ খেল। বিজ্ঞানে অজ্ঞানতা আঁতৰাই পোহৰাই যায় আৰু ধৰ্ম আৰু ঈশ্বৰৰ উপাসকসকলে ধৰ্ম আৰু ঈশ্বৰক অজ্ঞানতা আন্ধকাৰত আশ্ৰয় দিহে ইয়াৰ অস্তিত্ব প্ৰতিপন্ন কৰিব খোজে। এতিয়ালৈকে পোৱা বিশ্ববহ্মাণ্ড সৃষ্টি সম্পৰ্কীয় তথ্যবোৰৰ দ্বাৰা পোহৰত তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব প্ৰতিপন্ন কৰিব নোৱাৰে। আকৌ হকিঙে কোৱা দৰে যদি বিশ্বব্ৰহ্মাণ্ডৰ কোনো আৰম্ভনি নাথাকে তেন্তে সৃষ্টিকৰ্তা ভুমিকা কি হ’ব? সৃষ্টি কৰ্তা হিচাপে ঈশ্বৰ আৰু তেতিয়া নাথাকিব। হকিঙে এনেদৰে কৈছে- But if the universe is really completely self contained, having no boundary or edge, it would have neither beginning nor end. It would simply be. What place, then, for a creator? ২০২০ চনৰ পদাৰ্থবিজ্ঞানত ন’বেল বটাঁ বিজয়ী ৰ’জা পেনৰ’জয়ে (Roger Penrose)এক চক্ৰৱত(cyclic) বিশ্বব্ৰহ্মাণ্ড কথা কৈছে। তেওঁৰ মতে Big Bang বিশ্বব্ৰহ্মাণ্ড আৰম্ভনি নহয়। অন্য এখন বিশ্বব্ৰহ্মাণ্ড অন্ত পৰি Big Bangৰ যোগেদি নতুন বিশ্বব্ৰহ্মাণ্ড আৰম্ভনি ঘটিছে। অবিৰাম এই ঘটনা ঘটি আছে। ৰ’জা পেনৰ’জে কৈছে-The universe did not start with the Big Bang…There was actually a universe already existing before it and the Big Bang was merely the end of it. যদি এইয়া সত্য হ’বলৈ হয় সৃষ্টিকৰ্তা প্ৰয়োজন নাথাকে। আকৌ কোৱাণ্টাম পদাৰ্থবিদ সকলৰ মতে কোৱাণ্টাম জগতত কাৰ্যকৰণ নীতি প্ৰযোজ্য নহয়। কাৰণ নোহোৱাকৈ পদাৰ্থ কণিকা সৃষ্টি হ’ব পাৰে। অৰ্থাৎ শূণ্যৰ পৰা পদাৰ্থ কণিকা সৃষ্টি হয়। বিশ্ব ব্ৰহ্মাণ্ড আৰম্ভনি কণিকাজগতৰ ভিতৰুৱা গতিকে ই কোৱাণ্টাম পদাৰ্থজগতৰ অন্তৰ্গত য’ত শূণ্যৰ পৰা পদাৰ্থ কণিকা সৃষ্টি হয়। গতিকে ইয়াতো সৃষ্টিকৰ্তা কথাটো অৰ্থহীন হৈ পৰে। অৰ্থাৎ সৃষ্টিকৰ্তা হিচাপে ঈশ্বৰ অৰ্থহীন।

শূণ্যৰ পৰা বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্ভৱনে? সাধাৰণ মানুহৰ কাৰণে আচহুৱা প্ৰশ্ন। কিন্তু এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে আজি পদাৰ্থবিজ্ঞানী সকলে। সকলো কাৰ্যৰ কাৰণ থাকে। কাৰণ থাকিলেহে কাৰ্য সংঘটিত হয়। এইয়া হ’ল কাৰ্য-কাৰণৰ সূত্ৰ(principle of causality.)। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আৰ্হি হিচাপে ৰাছিয়াৰ পদাৰ্থ বিজ্ঞানী ফিয়েড্‌মেনৰ (Friedmann’s model) বিগ বেঙ” আৰ্হিটোৱেই বৰ্তমান আটাইতকৈ বেছি গ্ৰহণযোগ্য। (অৱশ্যে বৰ্তমান বিশ্বব্ৰহ্মণ্ড ক্ৰমবিকাশৰ আদিমতম অৱস্থাটো তিনিটা অৱস্থাত ভাগ কৰিছে

(১ ) কোৱাণ্টাম মহাকৰ্ষন কল্প (Era of Quantum Gravity)

(২) মহাস্ফীত কল্প (Era of Inflation)

(৩)বিগ বেং কল্প(Era of Big Bang)

“বিগ বেং”ৰ আগতে কি আছিল? বিজ্ঞানীসকলে এই প্ৰশ্নটৈকে অমূলক বুলি কৈছে। স্থান-কালৰ (Space-Time) আৰম্ভণি বিগ বেঙৰ যোগেদি বিশ্ববহ্মাণ্ড সৃষ্টিৰ লগে লগে হৈছে। ইয়াৰ অৰ্থ “বিগ বেঙ”ৰ আগৰ অৱস্থা এটা থাকিব নোৱাৰে। তেন্তে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি এক কাৰণ- হীন ঘটনা! অথাৰ্ৎ কাৰ্য-কাৰণ নীতি ইয়াত প্ৰযোজ্য নহয়। কাৰ্য-কাৰণৰ এই সমস্যা সমাধানৰ কাৰণে প্লেট’, একুইনচ আদি প্ৰাচীন গ্ৰীক দাৰ্শনিক আৰু বৰ্তমান যুগৰ গণিতজ্ঞ লেইব্‌নিৎজ আৰু দাৰ্শনিক চেমুৱেল ক্লাৰ্কে “বিশ্ব সৃষ্টিৰ কাৰণ হিচাপে” ঈশ্বৰ”ৰ ধাৰণাক গ্ৰহন কৰিছে।তেওঁলোকৰ মতে “বিশ্ব-ব্ৰহ্মাণ্ড”ৰ এটা কাৰণ আছে আৰু এই কাৰণেই ভগৱান। এয়ায়েই পিছলৈ “ঈশ্বৰৰ অস্তিত্বৰ সাপেক্ষে বিশ্বতত্ত্ব বিজ্ঞানৰ যুক্তি (Cosmological argument)বুলি গণ্য কৰা হয়। বৰ্তমান কোৱাণ্টাম পদাৰ্থ বিজ্ঞানে বিশ্ববহ্মাণ্ড কাৰণহীন ভাবে হ’ব পাৰে বুলি ব্যাখ্যা কৰিব পাৰিছে। কোৱাণ্টাম তত্ত্বৰ নীতি সমূহ পদাৰ্থৰ কণিকা জগততহে প্ৰযোজ্য হয়। সৃষ্টিৰ আদিতে বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ মৌলিক কণিকা এটা সমানেই আছিল আৰু সেইবাবে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ এই আদি ঘটনাটো কোৱণ্টাম পৰিঘটনা ৰূপে বিবেচিত হয়। সেইহে ইয়াক ব্যাখ্যা কৰিবলৈ কোৱণ্টাম তত্ত্ব ব্যৱহাৰ কৰা হয়। আধুনিক কোৱাণ্টাম তত্ত্বই কাৰ্য-কাৰণৰ নীতিটো শিথিল কৰি কৈছে যে পদাৰ্থৰ কণিকাজগতখনত সংঘটিত হোৱা সকলো ঘটনা কাৰণ নাথাকিবও পাৰে আৰু থাকিলেও তাক জনাটো সম্ভৱ নহ’বও পাৰে। অসাধাৰণ মেধাসম্পন্ন তাত্বিক পদাৰ্থ বিজ্ঞানী হকিঙে তেওঁ গ্ৰন্থ A brief History of timeত (page 136) লেখিছে-In quantum theory, particles can be created out of energy in the from of particle/antiparticle pairs. But that just raise the question of where the energy came from. The answer is that the total energy of universe is exactly zero.———-In the case of a universe that is approximately uniform in space,one can show that this negative gravitational energy exactly cancels the positive energy represented by the matter. So the total energy of the universe is zero. অৰ্থাৎ শূণ্যৰ পৰা বিশ্বব্ৰহ্মণ্ড সৃষ্টি সম্ভৱনা আছে। বিজ্ঞানী সকলে গণনা কৰি দেখুৱাইছে যে বিভিন্ন গ্ৰহ, নক্ষত্ৰ ,তাৰাকা ৰাজ্য আদিত পদাৰ্থৰ ৰূপত মুঠ হিচাপে যিমান ধনাত্মক শক্তি আছে ,মহাকৰ্ষন ক্ষেত্ৰকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ বলৰ ক্ষেত্ৰবোৰত সিমান পৰিমানৰ ঋণাত্মক শক্তি আছে। অৰ্থাৎ বিশ্ববহ্মণ্ডত মুঠ শক্তি মান শূণ্য বুলি ক’ব পাৰি। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই হকিঙৰ দৰে বিজ্ঞানী সকলে আদি কাৰণ বা শক্তি নোহোৱাকৈ বিশ্বব্ৰহ্মণ্ড সৃষ্টি সম্ভৱ বুলি মন্তব্য কৰিছে। Robert L. Piccioniয়ে এইক্ষেত্ৰত Einstein for Everyone গ্ৰন্থত লিখিছে (page 217) Doing the math, we find that: The total energy of our universe is zero. (Or at least very close to zero). This means a universe can be created from almost nothing. ৰাছিয়ান-আমেৰিকান পদাৰ্থবিদ Andre Linde য়ে Theory of Inflation আগবঢ়াইছিল। তেওঁ তাত উল্লেখ কৰিছে যে The total energy of our universe is virtually zero. This means that whole new universe can be created from virtually nothing . হকিঙে তেওঁৰ মৃত্যুৰ কেইদিন মানৰ পূৰ্বে প্ৰকাশ তেওঁৰ অন্তিম গ্ৰন্থ “A brief answer of a big Question”ত লিখি থৈ গৈছে” “I think the universe was spontaneously created out of nothing, according to the laws of science,”

দিন-ৰাতি হোৱা, ৰ’দ দিয়া, বৰষুণ দিয়া,বিজুলী ঢেৰেকনি মৰা, বতাহ মৰা, গ্ৰহণ হোৱা আদি প্ৰাকৃতিক পৰিঘটনাবোৰ আদি কৰি পদাৰ্থ জগত আৰু জীৱজগতৰ সঠিক ব্যাখ্যা বিজ্ঞানে দিছে। অৱশ্যে বহুকথা সঠিক ব্যাখ্যা এতিয়াও দিব পৰা নাই। বিজ্ঞানে দিয়া এইবিলাক পৰিঘটনাৰ ব্যাখ্যা এতিয়া প্ৰায়ে সকলোৱে মানি লৈছে। এইবিলাক ঈশ্বৰ বা কিবা অলৌকিক শক্তিৰ দ্বাৰা হয় বুলি ভবা এতিয়া কোনো যুক্তি নাই। প্ৰকৃততে অলৌকিক বুলি একো নাথাকে। সকলো প্ৰকৃতিৰ নিয়মৰ মাজেদি হয়। মাথো কেতিয়াবা এই নিয়মবোৰ মানুহে মগজুৰ সীমাবদ্ধতা আৰু তেতিয়ালৈকে পোৱা জ্ঞানৰ সীমাবদ্ধতাৰ কাৰণে বুজিব বা ব্যাখ্যা কৰিব নোৱাৰিব পাৰে।তেতিয়া সেইবিলাক অলৌকিক বা ঈশ্বৰৰ দ্বাৰা হোৱা বুলি ভবা যুক্তি নাই বা উচিতো নহয়। এনেদৰে ভবা মনেই হ’লে মানুহৰ বৌদ্ধিক প্ৰগতি ৰূদ্ধ কৰা। এইক্ষেত্ৰত বিজ্ঞানে নতুন তত্ত্বৰ সন্ধান কৰে আৰু ইয়াৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে। বিশ্ববহ্মাণ্ড কেনেদৰে সৃষ্টি হ’ল তাৰ ব্যাখ্যা দিবলৈ বিজ্ঞানে বিভিন্ন তত্ত্ব আগবঢ়াইছে। বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কীয় তত্ত্ববোৰৰ ভিতৰত বিগ বেং তত্ত্বৰ ভেটি বিজ্ঞান জগতত দিনক দিনে বেছি দৃঢ় হৈ আহিছে। এই দৃঢ় হোৱা কাৰণ হ’ল দুটা উল্লেখযোগ্য আৱিষ্কাৰ

( ১) বিশ্ববহ্মাণ্ড সম্প্ৰসাৰণশীল

(২)সকলো দিশৰ পৰা আহি থকা বিগ বেঙৰ সময়ৰ মাইক্ৰ’ৱেভৰ আৱিষ্কাৰ

আমেৰিকান জ্যোতিবিজ্ঞানী এডউইন হাব্‌লে দূৰ তাৰাকা- ৰাজ্যবোৰৰ পৰা অহা পোহৰৰ বৰ্ণালী পৰীক্ষা কৰোতে দেখিলে যে পোহৰৰ ৰঙৰ স্থানান্তৰণ ভবাৰ দৰে পোহৰৰ বৰ্ণালীৰ নীলা ৰঙৰ মূৰটো পিনে হোৱাতকৈ ৰঙা ৰঙৰ মূৰটোৰ পিনে ঘটিছে। তাৰ অৰ্থ তাৰাকাৰাজ্যবোৰ পৰস্পৰৰ পৰা আঁতৰি গৈছে। দূৰ তাৰাকাৰাজ্যবোৰৰ পৰা অহা পোহৰৰ বৰ্ণালী পৰীক্ষাত পোহৰৰ ৰঙৰ স্থানান্তৰণ যদি নীলা পোহৰৰ পিনে হয় তেন্তে তাৰাকাৰাজ্যবোৰ পৰস্পৰ ওচৰ চাপি আহিছে আৰু যদি ৰঙা ৰঙৰ মূৰটোৰ পিনে হয় তেন্তে তাৰকা ৰাজ্যবোৰ পৰস্পৰ আঁতৰি গৈছে হাব্‌লে পৰীক্ষা কৰা দূৰ তাৰকাৰাজ্যবোৰৰ পৰা অহা পোহৰৰ ক্ষেত্ৰত পিছৰ ঘটনাটো ঘটিছিল। অৰ্থাৎ দূৰ তাৰকাৰাজ্যবোৰৰ পৰা আহা পোহৰৰ বৰ্ণালীৰ স্থানান্তৰণ ৰঙা মূৰটো ফালে হৈছিল আৰু ই প্ৰমান কৰে যে তাৰকাৰাজ্যবোৰ পৰস্পৰ পৰা আঁতৰি গৈছে। ইয়াক ড’পলাৰ পৰিঘটনা(Doppler Effect) দ্বাৰা বুজিব পাৰি।ড’পলাৰ পৰিঘটণাটো প্ৰথম শব্দৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল। “ড’পলাৰ পৰিঘটনা” মতে যেতিয়া এটা তৰঙ্গ উৎস পৰ্যবেক্ষকৰ ওচৰ চাপি আহে তেতিয়া তৰঙ্গবোৰৰ তৰঙ্গদৈঘ্য ক্ৰমে হ্ৰাস পায়(নীলা ৰংৰ হয়) আৰু যেতিয়া উৎসটো পৰ্যবেক্ষকৰ পৰা আঁতৰি যায় তেতিয়া তৰঙ্গবোৰৰ তৰঙ্গদৈৰ্ঘ্য বৃদ্ধি পায় (ৰঙা ৰঙৰ হয়)। জৰ্জ গেমৱে বেলজিয়ামৰ এজন পুৰোহিত জৰ্জেচ লেমেলাইটে যি বিশ্বব্ৰহ্মাণ্ড ক্ৰমবিকাশৰ তত্ত্ব আগবঢ়াইছিল তাৰ ওপৰত নিৰ্ভৰ কৰি বিগ বেং তত্ত্ব আগবঢ়াইছিল। গেম’ৱে পৰৱৰ্তী বিশ্বব্ৰহ্মাণ্ড সঙ্কুচিত হৈ প্ৰ’টন, নিউটন,আৰু ইলেক্ট্ৰণেৰে আদিম পৰমাণুটো গঠণ হৈছে বুলি কৈছে। এটা সময়ত সঙ্কুচিত হৈ সৰ্বাধিক ঘনত্ব লাভ কৰি আদিম পৰমাণুটোৰ হাইড্ৰ’জেন বোমাৰ দৰে বিস্ফোৰণ ঘটে আৰু বিস্ফোৰণৰ ফলতেই বিশ্ববহ্মাণ্ডখন সৃষ্টি হয়। পৰৱৰ্তী বিশ্বব্ৰহ্মাণ্ডৰ পৰা নতুন বিশ্বব্ৰহ্মাণ্ড এনেদৰে সৃষ্টি হ’ব পৰা ধাৰাবাহিক প্ৰক্ৰিয়া এটাৰ কথা ৰ’জা পেনৰোজও কৈছে। এই বিষয়ে বিজ্ঞানী সকল নিশ্চিত নহয়। গেম’য়ে(George Gamow) মন্তব্য কৰিছিল যে আদিতে বিশ্বখন অতি তপত আৰু অধিক ঘনত্ব আছিল আৰু বগা পোহৰে উজ্বল হৈ আছিল।দুই আমেৰিকান পদাৰ্থবিজ্ঞানী বব ডিক্‌ আৰু জিম্‌ পীব্লেজয়ে গেমওৰ মন্তব্যৰ ওপৰত চিন্তা চৰ্চা কৰিছিল।তেওঁলোকে মন্তব্য দিছিল যে বৰ্তমানেও নিচেই প্ৰাথমিক পৰ্যায়ৰ তপত বিশ্বব্ৰহ্মাণ্ডখনৰ পৰা আহা আভা আমি প্ৰতক্ষ্য কৰিব পাৰো। কাৰণ দূৰ অতীতৰ বিগ বেঙৰ সময়ৰ পোহৰে আমাক এতিয়াও স্পৰ্শ কৰিব। কিন্তু সম্প্ৰসাৰণশীল বিশ্বৰ বাবে ইয়াক আমি মাইক্ৰ’ওৱেভ হিচাপেহে লাভ কৰিম। দুজন আমেৰিকান পদাৰ্থবিজ্ঞানী আৰন’ পেনজিয়াচ্‌ আৰু ৰবাৰ্ট উইলচনে এবিধ অতি শক্তিশালী মাইক্ৰ’ওৱেভ ধৰাপেলোৱা যন্ত্ৰৰ পৰীক্ষা কৰি থাকোতেই চাৰিওদিশৰ পৰা আমাৰ হাতীপটী তৰাকাৰাজ্যৰ বাহিৰৰ পৰা সকলো সময়তে অহি থকা এবিধ মাইক্ৰ’ৱেভ ধৰা পেলালে। এই মাইক্ৰ’ৱেভই বিগ বেঙগৰ সময়ৰ বুলি পিছত চিনাক্ত কৰা হয়।এই আৱিষ্কাৰৰ কাৰণে পেনজিয়াচ্‌ আৰু ৰবাৰ্ট উইলচনে ১৯৭৮চনত ন’বেল বটাঁ লাভ কৰিছিল। প্ৰধানকৈ এই সম্প্ৰসাৰণশীল বিশ্ববহ্মাণ্ড আৰু বিগ বেঙৰ সময়ৰ মাইক্ৰ’ওৱেভৰ আৱিষ্কাৰে বিশ্ববহ্মাণ্ড সৃষ্টি সম্পৰ্কীয় বিগ বেংগ তত্ত্বক দৃঢ়তা প্ৰদান কৰে।
বিগ বেংগৰ এশ ভাগৰ এক ছেকেণ্ডৰ পাছৰ পৰা কি ঘটিছিল বিশ্বতত্ত্ববিদ সকলে গণণা কৰি উলিয়াইছে। অতি উষ্ণতাত বিন্দুসম আয়তনত অধিক ঘনত্বত আৱদ্ধ থকা বৃহৎ পৰিমানৰ শক্তি পদাৰ্থলৈ ৰূপান্তৰিত হৈ আজি বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে।১৯৬৫চনত ৰ’জা পেনৰ’জে এটা তত্ত্ব আগবঢ়াইছিল যে এটা নক্ষত্ৰই নিজৰ মধ্যাকৰ্ষনিক বলৰ কাৰণেই নিজৰ কেন্দ্ৰৰমুখে ভাগি পৰে আৰু তীব্ৰ মধ্যাকাৰ্ষনিক আকৰ্ষণৰ ফলত নক্ষত্ৰটোৰ সকলো পদাৰ্থ শূণ্য আয়তনলৈ সংকুচিত হয় । অথাৎ তৰাটো একলীয়তা (Singularity)অৱস্থা প্ৰাপ্ত হয়। হকিঙে পেনৰ’জৰ এই তত্ত্বটোক সময়ৰ দিশ বিপৰীতমুখী কৰি কৈছে যে ফ্ৰাইডম্যান সম্প্ৰসাৰণশীল বিশ্বখন একলীয়তাৰ(Singularity)ৰ পৰা আৰম্ভ হৈছে। তেওঁ ইয়াক বিগ বেঙক একলীয়তা বুলিছে।কিন্তু এই বিগ -বেং একলীয়তা(Singularity)ত এতিয়ালৈকে জনা বিজ্ঞানৰ সকলো বিধি( Laws) ভঙ্গ হয়। বিজ্ঞানী সকলে পদাৰ্থ বিজ্ঞানৰ কোৱাণ্টাম তত্ত্ব দ্বাৰা ইয়াৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। আকৌ পদাৰ্থ বিজ্ঞানী সকলে বিশ্ববহ্মাণ্ডখন ভালকৈ বুজিবলৈ Theory of everything নিৰ্মান কৰিবলৈ চেষ্টা কৰি আছে। এইক্ষেত্ৰত হকিঙে কৈছে-One would hope to find a complete, consistent, unified theory that would include all these partial theories as approximations .The quest for such a theory is known as ” the unification of physics.”সচাঁই এনে এটা তত্ত্ব পোৱা যাবনে ?হকিঙেও প্ৰশ্ন কৰিছে। Can there be a unified theory of everything? Or are we just chasing a mirage? কিন্তু বিজ্ঞানে চেষ্টা চলাই থাকিব আগতকৈ বেছি সঠিককৈ বিশ্বব্ৰহ্মাণ্ডখন ব্যাখ্যা কৰিবলৈ। ইয়াক “ঈশ্বৰ” নামৰ আৰ্হিটো ব্যৱহাৰ কৰি স্তব্ধ কৰিব নোৱাৰে। আদিতে বিৰাজ কৰা শক্তি ৰপান্তৰিত হৈ এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হৈছে বুলি কোৱা কথাৰ আলম লৈ বহুলোকে সেই শক্তিকে “ঈশ্বৰ” বুলি কব খোজে। কিন্তু সেই শক্তি যে আজি এই পদাৰ্থবোৰৰ অতীতৰ অন্য এটা ৰূপ তাক তেওঁলোকৰ বোধগম্য নহয়। ইয়ো প্ৰকৃতি নিয়মৰ ভিতৰৰ বস্তু ইয়াক “ঈশ্বৰ”বুলি ক’ব নোৱাৰি বা ইয়াক পূজা, আৰাধনা কৰা অৰ্থহীন।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *