বিবিধ চিন্তা

পদ্মনাথ গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জী (জ্যোতিশিখা দত্ত)

গ্ৰন্থৰ নাম: অসমৰ বুৰঞ্জী
লেখক: পদ্মনাথ গোহাঞিবৰুৱা
প্ৰথম প্ৰকাশ: ১৮৯৯
১৯ তম প্ৰকাশ: ১৯৩৭
প্ৰকাশক: প্ৰকৃত প্ৰকাশকৰ পৰিচয় পোৱা নগ'ল, ১৯৭৬ অসম প্ৰকাশন পৰিষদে পুনৰ মূদ্ৰণ কৰে, ২০১৭ চনত পুনৰ মুদ্ৰণ কৰিছে অসম বুক ট্ৰাষ্ট পাব্লিকেচনে
পৃষ্ঠা: ২৫৬ (অসম বুক ট্ৰাষ্ট পাব্লিকেচনৰ দ্বাৰা পুনৰ মূদ্ৰিত গ্ৰন্থ অনুসৰি)
দাম: ২০০ টকা (অসম বুক ট্ৰাষ্ট পাব্লিকেচনৰ দাম অনুসৰি)

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আৰু প্ৰথম অসমীয়া ৰায় বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা দেৱৰ দ্বাৰা প্ৰণীত ‘অসমৰ বুৰঞ্জী’ মূলত পাঠ্যপুথি প্ৰকাৰৰ।  গ্ৰন্থখনৰ মুখবন্ধত গোহাঞিবৰুৱা দেৱে গ্ৰন্থখনৰ ৰচনাৰ মূল উদ্দেশ্য স্পষ্ট কৰি কৈছে যে সেই সময়ৰ মধ্য আৰু উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বুৰঞ্জী অধ্যয়নৰ প্ৰতি ধাউতি বঢ়াবলৈ গ্ৰন্থখন ৰচনা কৰা হৈছিল যিয়ে তেওঁলোকক পিছলৈ বুৰঞ্জী বা ইতিহাসক বিষয় হিচাপে পঢ়াৰ এক সুন্দৰ মঞ্চ তৈয়াৰ কৰিব।মুখবন্ধত গোহাঞিবৰুৱাদেৱে ইয়াকো কৈছে যে গ্ৰন্থখনত অসমৰ অ’ত ত’ত সিঁচৰতি হৈ থকা বুৰঞ্জীসমূহক পদ্ধতিগত ক্ৰমত সজোৱা আৰু সাম্প্ৰতিক তথ্যৰে  সম্বৃদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে।

গ্ৰন্থখন ৫টা খণ্ডত বিভক্ত, খণ্ডবোৰ আকৌ কেইবাটাও আধ্যাত ভাগ কৰা হৈছে। প্ৰথম খণ্ডটি আৰম্ভ হৈছে ১৯শ শতিকাৰ অসমৰ চাৰিসীমাৰ বিস্তাৰিত বিৱৰণৰ পৰা। পিছত সেইসময়ত অসম ৰাজ্যত বসবাস কৰা বিভিন্ন জাতিৰ সংক্ষিপ্ত বিৱৰণ সন্নিবিষ্ট কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰ উৎপত্তিৰ সময় আৰু উৎসৰ এক সৰু অথচ গুৰুত্বপূৰ্ণ আলোচনা দাঙি ধৰা হৈছে। এই খণ্ডটিক কোনো আধ্যাত ভাগ কৰা হোৱা নাই।

গ্ৰন্থখনৰ দ্বিতীয় খণ্ডত মুঠ ৭টা আধ্যা সন্নিবিষ্ট কৰা হৈছে। এই খণ্ডত অসম প্ৰদেশত দানৱ, কিৰাত অসুৰ বংশী ৰজাৰ ৰাজত্ব কাল (আধ্যা ১)ৰ পৰা শিৰোমনি ভূঞাৰ ৰাজত্ব কাল (আধ্যা ৭)ৰ সময়চোৱাক সামৰি লোৱা হৈছে। খণ্ডটিৰ আন আধ্যাবোৰ হৈছে এনেধৰণৰ : আধ্যা ২: বিবিধ বংশৰ ৰজা, আধ্যা ৩: জীতাৰিবংশী ৰজাৰ ৰাজত্ব, আধ্যা ৪: পাল বংশী ৰজাৰ ৰাজত্ব, আধ্যা ৫: বাৰ ভূঞা, আধ্যা ৬: খেন্বংশী ৰজাৰ ৰাজত্ব।

তৃতীয় খণ্ডত মুঠ ৬টা আধ্যা দিয়া হৈছে। অসমত আহোমসকলৰ ৰাজত্ব কালৰ সময় সীমা ইয়াত আৱদ্ধ কৰা হৈছে। খণ্ডটিত আহোমসকলৰ মূল, অসমত তেওঁলোকৰ প্ৰৱেশ, সুদীৰ্ঘকাল অসমত তেওঁলোকৰ শাসন আদিৰ সম্যক জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে। ইয়াত অন্তৰ্ভূক্ত কৰা আধ্যাকেইটা হৈছে- আহোম ৰজাৰ ৰাজত্ব (আধ্যা ১), স্বৰ্গদেৱ চুহুংমুং বা স্বৰ্গনাৰায়ন(আধ্যা ২), তুংখুঙীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব( আধ্যা ৩), স্বৰ্গদেৱ চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহ(আধ্যা ৪), স্বৰ্গদেৱ চুহিত্পঙফা বা গৌৰীনাথ সিংহ(আধ্যা ৫), আহোমৰ ৰজাঘৰীয়া কথা(আধ্যা ৬)।

মুঠ ৬টা আধ্যাৰে প্ৰস্তুত কৰা চতুৰ্থ খণ্ডটিত অসমত বিভিন্ন ৰজাই কৰা ৰাজত্বৰ বৰ্ণনা দিয়া হৈছে। কোঁচ ৰজা (আধ্যা ১) ৰ পৰা  আৰম্ভ কৰি চুটিয়া (আধ্যা ২), কছাৰী (আধ্যা ৩), জয়ন্তাৰ (আধ্যা ৪), শ্ৰীহট্টৰ (আধ্যা ৫), মণিপুৰ (আধ্যা ৬) ৰ ৰজাৰ শাসনৰ কথা উক্ত খণ্ডত অন্তৰ্ভুক্ত হৈছে।

পঞ্চম খণ্ডত গোহাঞিবৰুৱা দেৱে অসমত ব্ৰিটিছৰ আগমণৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অসমত কৰা শাসনৰ বৃস্তিত বৰ্ণনা দিবলৈ যত্ন কৰিছে l উক্ত খণ্ডটি ‘অসমত বৃৄটিছ গৱৰ্ণমেণ্টৰ পাতনি (আধ্যা ১) ‘, ‘অসমত ভূ-স্বত্বৰ নিয়ম প্ৰণালী (আধ্যা ২) ‘, ‘অসমত চাহ খেতি (আধ্যা ৩) ‘, ‘পৰ্বতীয়া আৰু দাতিয়লীয়া জাতি(আধ্যা ৪)’ আদি বিষয় সামৰি ৪টা আধ্যাত বিভক্ত কৰা হৈছে।

গ্ৰন্থখনৰ শেষত ‘ওপৰঞ্চি’ শীৰ্ষক এক অংশ ৰখা হৈছে য’ত বিভিন্ন ৰজাৰ শাসন কালৰ সময়, ইংৰাজ চৰকাৰৰ গৱৰ্নৰ জেনেৰেল, চীফ কমিছনাৰ আদিৰ তথ্য দিয়া হৈছে।

গ্ৰন্থখনৰ দুটা চকুত লগা কথা এনেধৰণৰ :

১)  গ্ৰন্থখনত পাদটীকাৰ সুন্দৰ ব্যৱহাৰ হোৱা দেখা গৈছে যিয়ে পাঠকসকলক খোকোজা লগা বা বুজি নোপোৱা প্ৰতিটো কথাৰ, প্ৰতিটো তথ্যৰ বিস্তাৰিত ব্যাখ্যা প্ৰদান কৰিব।

২) গ্ৰন্থখনত ব্যৱহাৰ কৰা প্ৰতিটো তথ্যৰ উৎসৰ বিৱৰণ বিষদ ভাৱে দিয়া হৈছে। ইয়াৰ মুখবন্ধতো গ্ৰন্থকাৰে গ্ৰন্থখনত  ব্যৱহাৰ হোৱা বহল তথ্যৰ উৎসৰ তালিকা দিছে।

গোঁহাইবৰুৱাদেৱৰ ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থখন অসমৰ ইতিহাস জানিব বিচৰা সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ হাতপুথি বুলি গন্য কৰিব পাৰি।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *