বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ ড০ খগেশ সেন ডেকাদাক মই যিদৰে জানিছিলোঁ ।। অ০ শশধৰ ডেকা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
খগেশদাৰ জন্ম ১৯৫৩ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত। কমলপুৰ বিধান সভা সমষ্টিৰ কৰৰা মৌজাৰ অন্তৰ্গত ক্ষুদ্ৰহাজাৰা গাঁৱত জন্ম গ্ৰহণ কৰা দাদাৰ দেউতাকৰ নাম আছিল সেই অঞ্চলৰ শিক্ষাবিদ তথা কৰৰা হাইস্কুলৰ প্ৰধান শিক্ষক ধনপিত ডেকা আৰু মাকৰ নাম আছিল যোগেশ্বৰী ডেকা। মোৰ জন্ম ১৯৬১ খ্ৰীষ্টাব্দৰ ১ মে’ত, সেই ক্ষুদ্ৰহাজাৰা গাঁৱৰ নাতি দূৰত অৱস্থিত পাত্ৰপুৰ গাঁৱত। আমাৰ দুয়োখন গাঁৱৰ মাজত মাত্ৰ এখন বিশালকাৰ পথাৰ। শস্যে-মৎসে ভৰপূৰ দুখন গাওঁ। সহজ-সৰল জীৱন। জীৱন-যাপনত কোনো কৃত্ৰিমতা নাই। সীমাহীন আন্তৰিকতা। আমি জনা-বুজা হোৱাৰ দিনৰে পৰা খগেশদা পঢ়া-শুনাত চোকা ল’ৰা বুলি গম পাইছিলোঁ। সময় আগবাঢ়িল। গাঁৱৰ কথা। সেই সময়ত গাঁওবোৰত শিক্ষিত মানুহৰ সংখ্যাও কম আছিল। যিকেইজন আছিল, সেয়া আঙুলি মুৰত গণিব পাৰি। মানুহৰ মুখ বাগিৰ অহা কথাই আমালৈ কঢ়িয়াই অনা বতৰাৰ পৰাই শিক্ষকৰ ল’ৰা খগেশদাই পঢ়া-শুনাৰ জৰিয়তে এনেদৰে আমাৰ মনত খোপনি পুতি বহিছিল।
দাদাৰ দেউতাক প্ৰয়াত ধনপতি ডেকা আছিল এজন আদৰ্শবান, স্বনামধন্য, আদৰ্শৱান শিক্ষক। সেই সময়ত আমাৰ অঞ্চলত লেখা-মেলা কৰা মানুহৰ সংখ্যাও তেনেই কম আছিল। সেই সময়তো তেখেতে এটা বৰ মহান কাম কৰিছিল। সেয়া হ’ল তেখেতৰ অগ্ৰজ প্ৰধান শিক্ষক এজনৰ বিষয়ে এখন কিতাপ লিখিছিল। কিতাপখনৰ নাম আছিল- ‘প্ৰেৰণাৰ উৎস ললিত চন্দ্ৰ ডেকা।’ ললিত চন্দ্ৰ ডেকা আমাৰ গাঁও পাত্ৰপুৰৰে খ্যাতনামা প্ৰধান শিক্ষক আছিল আৰু কৰৰা হাইস্কুল তেখেতে স্থাপন কৰিছিল।
দাদাই যিখন হাইস্কুলত পঢ়িছিল সেইখনতে তেখেতৰ দেউতাকে শিক্ষকতা কৰিছিল। নাম কৰৰা হাইস্কুল। ১৯২৯ খ্ৰীষ্টাব্দতে স্থাপিত। কিন্তু সেই বিদ্যালয়ৰ মধ্যশাখা ১৮৭৫ খ্ৰীষ্টাব্দতে স্থাপিত। আমি তাত পঢ়া-শুনা কৰা নাছিলোঁ। কাৰণ সময়ৰ গতিত আমাৰ গাঁৱৰ ওচৰতে শিঙাৰপাৰা পাতিদৰং হাইস্কুল নামেৰে আন এখন হাইস্কুল গঢ়ি উঠিছল। তেতিয়া মই বোধহয় অষ্টম শ্ৰেণীৰ ছাত্ৰ। তেখেতৰ গাঁৱতে গঢ়ি উঠা আন এখন হাইস্কুলৰ পথাৰত অনুষ্ঠিত এখন সভাত দাদাক লগ পাই মোৰ অটোগ্ৰাফৰ বহীখন আগবঢ়াই দিছিলোঁ। সেই অটেগ্ৰাফখন বৰ্তমান মোৰ হাতত নাই যদিও দাদাই তাত কি লিখিছিল, সেয়া সম্পূৰ্ণ মনত আছে। দাদাই লিখিছিল- ‘শশ! যেতিয়া তুমি জন্ম গ্ৰহণ কৰিছিলা, তেতিয়া তুমি কান্দিছিলা, তুমি জীৱনটো এনেকৈ যাপন কৰা যাতে তোমাৰ মৃত্যুত পৃথিৱীৰ মানুহে কান্দে।’
তাৰ পাছত দাদাক লগ পোৱা নাছিলোঁ। আমি নিজৰ নিজৰ ব্যস্ততাৰে নিজৰ কামত আগবাঢ়ি গৈছিলাঁ। দাদাই ক্ষুদ্ৰহাজাৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি কৰৰা হাইস্কুলৰ পৰাই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। তাৰ পাছত গুৱাহটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় আৰু তাৰে পৰাই ১৯৭৫ খ্ৰীষ্টাব্দত অসমীয়া বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত ১৯৭৭ খ্ৰীষ্টাব্দত অসমীয়া ভাষা বিষয়ত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৯ খ্ৰীষ্টাব্দত তেখেতে ড০ ৰমেশ পাঠকৰ তত্ত্বাৱধানত ‘অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশঃ এটি বিশ্লেষণাত্মক অধ্যয়ন’ বিষয়ত পিএইছডি ডিগ্ৰী লাভ কৰে। তাৰ পাছৰে পৰা তেখেতে অসমীয়া ভাষা-সাহিত্যততেখেতৰ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সমৰ্থৱান হয়। কৰৰা হাইস্কুলৰ পৰাই শিক্ষকতা জীৱনৰ পাতনি মেলা দাদাই ১৯৭৮ খ্ৰীষ্টাব্দত ১০ মাৰ্চত ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। ১৯৭৮ চনৰ পৰা ১৯৮৭ খ্ৰীষ্টাব্দৰ ৯ মাৰ্চলৈ বকোৰ জে এন কলেজত প্ৰবক্তা হিচাপে আৰু তাৰ পাছত ১৯৮৭ খ্ৰীষ্টাব্দৰ ১০ মাৰ্চৰ পৰা আমাৰ বাইহাটা চাৰিআলি অঞ্চলৰ ‘পূব-কামৰূপ মহাবিদ্যালয়’ত শিক্ষকতা কৰি অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে ২০১৫ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। এগৰাকী প্ৰখ্যাত গৱেষক, বৈয়াকৰণ তথা ভাষবিদ হিচাপে পৰিচিত দাদাই ১৫ খন গ্ৰন্থ ৰচনা তথা প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ যোৱা ১৯ মাৰ্চ তাৰিখে ইহ সংসাৰৰ পৰা বিদায় মাগিলে।
দাদাৰ লগত আমাৰ নিবিড় সম্পৰ্ক আছিল। কিন্তু জীৱন জীওৱা তাড়না, বিভিন্ন ধৰণৰ ব্যস্ততাৰ বাবে তেখেতৰ লগত আমাৰ সম্পৰ্কৰ কিছু স্থবিৰতা আহিছিল। আনহাতে আমাৰ জীৱিকা আছিল সম্পূৰ্ণ বিপৰীত। তেখেত অধ্যাপক, মই অভিযন্তা। অভিযন্তা হিচাপে মই অসমৰ দূৰ-দূৰণি ঠাইত চাকৰি কৰিবলগীয়া হৈছিল। সেই ব্যস্ততাৰ মাজেতা কিন্তু মই পাহৰি থকিলেও তেখেতে মোক পাহৰা নাছিল। তাৰ উদাহৰণ হ’ল- পূব-কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত তৰুণ চন্দ্ৰ ডেকাৰ জীৱন সম্পৰ্কে তেখেতে সম্পাদনা কৰি প্ৰকাশ কৰা কিতাপখন। মোৰ চাকৰি তেতিয়া দৰঙ জিলাৰ ছিপাঝাৰত। সেই কিতাপখন দিবলৈ এদিন দাদাই মোক ফোন কৰি মাতিলে। কথামতে মই এদিন দাদাক লগ কৰিম বুলি বাইহাটা চাৰিআিলৰ পূব-কামৰূপ মহাবিদ্যালয়লৈ গ’লোঁ। মোৰ জীৱন থকালৈকে দাদাই কলেজৰ গেটলৈ ওলাই আহি মোক কেনেদৰে কিতাপখন দিছিল সেই দৃশ্য পাহৰিব নোৱাৰিম। তাৰ পাছত দাদাই কৈছিল- ‘শশ! অঞ্চলৰ মহান ব্যক্তিসকলক আমি এনেদৰে জীয়াই ৰাখিব লাগিব। আনক জীয়াই ৰখাৰ কৌশল আয়ত্ব কৰিব পাৰিলেহে আমিও জীয়াই থাকিব পাৰিম।’ দাদাৰ সেই কথা মোৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই মোক শিহৰিত কৰিছিল। মগজুই তৰুণ চন্দ্ৰ ডেকাছাৰক বিচাৰি হাহাকাৰ কৰিছিল। কাৰণ তৰুণ চন্দ্ৰ ডেকাছাৰক মই বহুত ওচৰৰ পৰা পাইছোঁ। এসময়ত তেখেত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ গণিত বিষয়ৰ অধ্যাপক হিচাপে আমাক পঢ়াইছিল। তেখেতৰ আৰু মোৰ ঘৰ একে অঞ্চলত অৱস্থিত বাবে মোক শাসনো কৰিছিল, আদৰো কৰিছিল।
দাদাই জন্ম গ্ৰহণ কৰা ক্ষুদ্ৰহাজাৰা গাঁও আৰু ভোমোলাহাটী গাঁৱৰ সোঁমাজতে ১৯৮২ খ্ৰীষ্টাব্দত স্থাপিত হৈছিল ‘শৈলেন্দ্ৰ কুমাৰ দত্ত হাইস্কুল’। সেই হাইস্কুলৰ ২০০৮ খ্ৰীষ্টাব্দত অনুষ্টিত ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ ‘ৰূপালী জেউতী’ৰ সভাপতি আছিল দাদা। সম্পাদক আছিল গজেন চন্দ্ৰ ডেকা। আনহাতে আন কেইবাজনৰ লগতে সেইখনৰ সম্পাদনাৰ দায়িত্বত ময়ো আছিলোঁ। সেই সময়ত দাদাৰ লগত হোৱা আলোচনা, দাদাৰ পৰা পোৱা পৰামৰ্শ মই কোনোদিনে পাহৰিবলৈ নোৱাৰিম।
আজি দাদা আমাৰ মাজত নাই। কিন্তু তেখেতে কোৱা কথা-‘আনক জীয়াই ৰখাৰ কৌশল আয়ত্ব কৰিব পাৰিলেহে আমিও জীয়াই থাকিব পাৰিম’-আজিও মোৰ কৰ্ণকুহৰত অনুৰণিত হৈ আছে। তেখেতৰ মৃত্যুৰ লগতে যেন আমি সকলো পাহৰি গ’লোঁ। অঞ্চলত তেখেতৰ বিষয়ে আলোচনা কৰিবলৈ এখন সভা অনুষ্ঠিত হোৱা বুলি মই এতিয়ালৈ জানিব পৰা নাই। যদি তেনে সভা অনুষ্ঠিত হৈছে, তেনেহ’লে মোৰ অজ্ঞতাৰ বাবে মৰিষণ বিচাৰিছোঁ। কিন্তু আমাৰ বাবে সৌভাগ্যৰ কথা এই যে যোৱা ৬ এপ্ৰিল তাৰিখে সুদূৰ যোৰহাটত ‘যুক্তি-বিকাশ সমিতি’ আৰু ‘মুক্ত চিন্তা’ৰ উদ্যোগত বিশিষ্ট লেখক-লেখিকা ৰাজেন কলিতা আৰু অৰূপা পটঙ্গীয়া কলিতাৰ উপস্থিতিত ‘ৰূপান্তৰ অধ্যয়ন চক্ৰ’ৰ কাৰ্যালয়ত তেখেতৰ এক স্মৃতিচাৰণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ বাবে মই সেই সংগঠন দুটাৰ সকলো কৰ্মকৰ্তা বিশেষকৈশ্ৰদ্ধাৰ বৰ্ণালী বৰুৱা, কৌশিক দাস আৰু ত্ৰিলোচন গগৈদেৱক আন্তিৰক ধন্যবাদ জনাইছোঁ। মুক্তচিন্তাৰ ফেইশ্ববুকৰ ওৱাল যোগে বতৰা পাই মোৰো সেই সভাখনত উপস্থিত থকাৰ সৌভাগ্য হৈছিল। আশাকৰোঁ এই সংগঠন দুটাই ভৱিষ্যতে দাদাৰ পৰিয়াল, বিশেষকৈ ড০ লোপা বৰুৱা বৌৰ সহযোগত এখন স্মৰণ গ্ৰন্থ প্ৰকাশৰ দিহা কৰিব।
দাদা গ’লগৈ। তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব আমাৰ কৰ্মৰ জৰিয়তে। এই সময়ত এয়াই আমাৰ মনৰ ভাৱনা আৰু দৃঢ়তা।