নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বৈজ্ঞানিক মতবাদ আৰু ধৰ্মান্ধতা-(হৃষীকেশ বৰপূজাৰী)

সাম্প্ৰতিক সময়ত বৈজ্ঞানিক মানসিকতাৰ বিকাশত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে ধৰ্মীয় শাসনতন্ত্ৰই। এনে শাসনতন্ত্ৰই বৈজ্ঞানিক চিন্তা-চৰ্চাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি সকলো সমস্যাৰে এক ধৰ্মীয় ব্যাখ্যা দিবলৈ আৰম্ভ কৰিছে, কিয়নো এনে ব্যাখ্যাৰে গঢ় দিব খোজা নানা ৰকমৰ উগ্ৰ, মতান্ধ সমাজ- আদৰ্শ প্ৰতিষ্ঠাৰ বাবে যুক্তিনিষ্ঠ বৈজ্ঞানিক পৰিবেশ বৰ সুবিধাজনক নহয়। একনায়কত্ববাদীসকলে নিজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ শাসকীয় নীতি চিন্তা তথা কৰ্মৰ বিৰোধিতা কৰা যিকোনো ব্যক্তি, বুদ্ধিজীৱী, দাৰ্শনিক আৰু বৈজ্ঞানিক আদিক সদায়েই দমন কৰিব খোজে। দমনমূলক এই চেষ্টা চলিছে ইতিহাসৰ বিভিন্ন সময়ত, কিন্তু আধুনিক পুঁজিবাদী পৃথিৱীত এই দমনৰ এক বিকল্প পন্থা শাসক শ্ৰেণীয়ে ল’বলৈ আৰম্ভ কৰিছে। প্ৰকৃত বিজ্ঞানক নাকচ কৰি এক প্ৰকাৰৰ মিথ্যা বিজ্ঞান (PSEUDO SCIENCE)ৰ অযুক্তিকৰ ব্যাখ্যা দিবলৈ আৰম্ভ কৰিছে। ইয়াক আমি ধৰ্মীয় বিজ্ঞান বুলিও ক’ব পাৰোঁ। যেনে ধৰক সকলো সমস্যাৰ সমাধান বেদত অন্তৰ্নিহিত হৈ আছে; মহাভাৰত বা ৰামায়ণৰ যুগতে পৰমাণৱিক বোমা আদিৰ উদ্ভব হৈছিল; বৈদিক বিজ্ঞান বা গণিত আদিয়ে সকলো বৈজ্ঞানিক সূত্ৰৰ মূল; আৰ্যসকল প্ৰব্ৰজনকাৰী নহয় তাৰ বিপৰীতে ভাৰতভূমিয়ে আৰ্যসকলৰ আদি বাসস্থান৷ অথবা কোৰানৰ বাণীৰ প্ৰসাৰ আৰু ইছলামিক সভ্যতাৰ নিৰ্মাণৰ দ্বাৰাই সৰ্বোচ্চ বৈজ্ঞানিক প্ৰাপ্তি আৰু মানৱৰ মুক্তি সম্ভৱ ইত্যাদি ইত্যাদি। আশ্বৰ্য্যকৰভাৱে এই অযুক্তিকৰ কথাবোৰৰ তাত্ত্বিক ব্যাখ্যা আৰু গৱেষণা পত্ৰ আদিও উপলব্ধ। কেতবোৰ তথাকথিত বিশ্ববিদ্যালয়ে এইবোৰ সমীক্ষাপত্ৰক ন্যায্যতা প্ৰদান কৰিলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বিশেষ তাৎপৰ্য বা প্ৰভাৱ দেখা নাযায়। সেইবাবে সাধাৰণভাৱে শিক্ষিত জনগণক মূৰ্খ সজাই নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থতেই স্বতন্ত্ৰ বৌদ্ধিক চিন্তা দৰ্শনক হত্যা কৰি ধৰ্মক সৰ্বোচ্চ স্থান দিয়াৰ বাবে এইধৰণৰ কথাৰ প্ৰচাৰ তথা প্ৰসাৰ কৰিবলৈ চেষ্টা কৰা হয়। তেনে উদ্দেশ্য সাধনৰ বাবেই প্ৰতিটো ধৰ্মৰে কেতবোৰ তথাকথিত বাবা, গুৰু আদিৰ আৱিৰ্ভাৱ হৈছে। সলসলীয়াকৈ ক’ব পৰা ইংৰাজী আৰু বিজ্ঞানৰ কিছু শব্দ আৰু সাধাৰণ জ্ঞানৰ আৰ্হিৰ কিছু সূত্ৰ শিকি লৈয়েই নিজকে আইনষ্টাইন-নিউটন আদিৰ উত্তৰসুৰী হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা এইসকলৰ অনুৰাগীৰ সংখ্যা সীমাহীন‌। এনেকৈ চলি থাকিলে এটা সময়ত এইসকলেও নিজে ভৌতিক বিজ্ঞানৰ সূত্ৰ আগবঢ়াব আৰু ই কালক্ৰমত পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব, ফলত সমাজ এক গভীৰ অন্ধকাৰৰ দিশে ধাৱমান হ’ব। ইতিহাস সাক্ষী আছে যে যেতিয়াই বিজ্ঞানে এক নৱজাগৰণ আনিবলৈ চেষ্টা কৰিছে তেতিয়াই ধৰ্মৰ পৃষ্ঠপোষক সকলে তেনে বৈপ্লৱিক প্ৰচেষ্টাৰ সন্মুখত হেঙাৰ হৈ থিয় দিছে। তেনেস্থলত ধৰ্ম আৰু বিজ্ঞানক সংলগ্ন কৰা কথাটি কিমান অযুক্তিকৰ অলপ চিন্তা কৰিলেই বুজিব পাৰি। এইসময়ত আমাৰ প্ৰধান কৰণীয় হ’ল বৈজ্ঞানিক তত্ত্ব সমূহক কেৱল পাঠ্যক্ৰম আৰু পৰীক্ষাগাৰত আবদ্ধ নকৰি সিবোৰৰ দুৰ্বোধ্য নীতি সমূহক ছাত্ৰ ছাত্ৰী তথা সাধাৰণ ৰাইজৰ মাজত সহজভাৱে বুজাই দিয়াটো। আমাৰ মহাজগতখন অতি বিচিত্ৰ। সমগ্ৰ জগতৰ প্ৰায় সিংহভাগেই অদীপ্তমান; সেই অংশত প্ৰকৃতাৰ্থত কি আছে আমি নাজানো। আকৌ আমাৰ পৃথিৱীৰ সৃষ্টিৰ আৰৰ ৰহস্য কি, সূৰ্যৰ দৰে কোটি কোটি নক্ষত্ৰৰ জন্ম কিদৰে হয় আদি কৌতূহল সৃষ্টিকাৰী তত্ত্বৰ বিষয়ে অধ্যয়ন কৰিলে সহজেই বুজিব পাৰি যে বিশ্বৰ প্ৰতিপত্তিশালী শাসকসকল চৰম মিথ্যাচাৰী‌। অতীজৰে পৰা বিজ্ঞানী সকলে মহাকাশ সম্পৰ্কে গৱেষণা কৰি সমাজক অজ্ঞানতাৰ আন্ধাৰৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰি আহিছে। মহাকাশ অধ্যয়নৰ ইতিহাস বৰ প্ৰাচীন। পূৰ্বৰ জ্যোতিষবিদ্যাৰ অধ্যয়নো‌ একপ্ৰকাৰৰ গণনা ভিত্তিক জ্ঞানৰ চৰ্চাৰেই অংশ বুলি বিবেচনা কৰা হৈছিল। খ্ৰীষ্টপূৰ্বতে ইজিপ্ট‌ আৰু বেবীলনত এই শাস্ত্ৰ অধ্যয়ন কৰা হৈছিল। নীলা আকাশৰ ৰহস্যময়ী গ্ৰহ-নক্ষত্ৰসমূহৰ অবিৰতভাৱে পৰিৱৰ্তনশীল স্থিতি পৰ্যবেক্ষণ কৰি তাৰ লগত ব্যক্তি জীৱনৰ কেতবোৰ ঘটনা ৰিজাবলৈ চেষ্টা কৰা হৈছিল, ইবোৰে নিশ্চয়কৈ জ্যোতিৰ্বিজ্ঞানৰ বিকাশতো অৰিহণা যোগাইছিল। কিন্তু পিছৰকালত জ্যোতিষ বিদ্যাক ধৰ্মৰ লগত একত্ৰ কৰি জীৱন-পত্ৰিকা, ভৱিষ্যত গণনা আদিৰ দৰে চৰম অবৈজ্ঞানিক তথা শোষণধৰ্মী প্ৰথাৰ প্ৰচলনে সমাজক ক্ৰমান্বয়ে অন্ধকাৰৰ পিনে ঠেলি দিলে। জ্যোতিষশাস্ত্ৰ যে বিজ্ঞান নহয় এই চৰম সত্যটোক আজিৰ প্ৰজন্মই বুজাটো অতি দৰকাৰ, নহ’লে মানুহৰ ভবিষ্যত জনাৰ উৎসুকতাক ব্যৱহাৰ কৰি কোটি কোটি টকা উপাৰ্জন কৰা তথাকথিত বাবা, সাধক সকলৰ কবলৰ পৰা সাধাৰণ মানুহৰ মুক্তি অসম্ভৱ হৈ পৰিব। যি নহওক তাৰ বহুকাল পাছত ট’লেমিয়ে প্ৰথমবাৰৰ বাবে সূৰ্য আৰু পৃথিৱী সম্বন্ধে নিজৰ মত আগবঢ়াইছিল। তেওঁ কৈছিল যে পৃথিৱী স্থিৰ আৰু বাকী সকলো সূৰ্য, চন্দ্ৰ আদি ইয়াৰ চাৰিওপিনে ঘূৰে– এই ধাৰণাটি সম্পূৰ্ণৰূপে ভুল বুলি আমি জানো। আচলতে সেইসময়ৰ ধৰ্মীয় আৱেষ্টনীত বৰ্তি থকা সমাজত এই ধাৰণাটিৰ যথেষ্ট গ্ৰহণযোগ্যতা আছিল, কিয়নো ট’লেমিৰ মতবাদে ব্ৰহ্মাণ্ডত স্বৰ্গ আৰু নৰকক যথেষ্ট স্থান দিছিল। যিহেতু ট’লেমিয়ে কৈছিল যে সুবিশাল বিশ্বব্ৰহ্মাণ্ডৰ মাথো সৰু অংশতহে আমি সীমিত, গতিকে মানুহে বিশ্বাস কৰিছিল যে বাকী সকলো অংশই স্বৰ্গ আৰু নৰক। কালক্ৰমত এই ধাৰণা ভুল হিচাপে প্ৰমাণিত হ’ল আৰু ক’পাৰনিকাছে ক’লে যে পৃথিৱী কেন্দ্ৰত থাকিব নোৱাৰে, বৰং সূৰ্য কেন্দ্ৰত অৱস্থিত আৰু পৃথিৱী আদিয়ে বৃত্তাকাৰ পথত ইয়াৰ চাৰিওপিনে ঘূৰ্ণীয়মান অৱস্থাত থাকে। কিন্তু সেইসময়ৰ ধৰ্মীয় ক্ষমতাৰ আগত নতজানু হৈ তেওঁ এই মতবাদটো প্ৰকাশ কৰিবলৈ যথেষ্ট সংকোচবোধ কৰিছিল। পিছলৈ জিওৰ্ডানো ব্ৰুনোই বিজ্ঞান জগতলৈ এক যুগান্তকাৰী নীতি আগবঢ়ায়। ক’পাৰনিকাছৰ তত্ত্বকে অনুধাৱন কৰি তাৰ লগত তেওঁ সংযোগ কৰিছিল যে বিশ্বব্ৰহ্মাণ্ড অসীমলৈ বিস্তৃত আৰু ইয়াৰ কোনো নিৰ্দিষ্ট কেন্দ্ৰ পোৱাটো অসম্ভৱ আৰু এই বিশ্বব্ৰহ্মাণ্ডত অসংখ্য নক্ষত্ৰ অৱস্থিত আৰু সকলোৰে নিজৰ নিজৰ গ্ৰহ আছে, যি তাৰ চাৰিওপিনে ঘূৰ্ণীয়মান অৱস্থাত থাকে। এই ধৰ্মদ্ৰোহী তত্ত্ব আগবঢ়োৱা বাবে তেওঁ যথেষ্ট দমন-পীড়ন সহিব লগা হৈছিল আৰু শেষত তেওঁক জীৱন্তে অগ্নিদগ্ধ কৰা হৈছিল। ধৰ্মীয় বিজ্ঞানৰ কথা কওঁতা সকলে হয়তো জিওৰ্ডানো ব্ৰুনোক চিনি নাপায়! এনে এক প্ৰতিকূল সময়তে কেপলাৰে গ্ৰহৰ গতিপথ সম্বন্ধে নিজৰ মতবাদ আগবঢ়াই কৈছিল যে গ্ৰহবোৰে সদায়ে উপবৃত্তাকাৰ পথত ঘূৰে; গ্ৰহবোৰে ঘূৰ্ণীয়মান অৱস্থাত থাকোঁতে সমান সমান সময়ত সমান সমান কালি অধিকাৰ কৰে অৰ্থাৎ তাৰ বৃত্তীয় বেগ সদায়ে সমান হয়। আকৌ তেওঁ উল্লেখ কৰিছিল যে ঘূৰ্ণীয়মান অৱস্থাত তাৰ পৰ্য্যায়কালৰ বৰ্গ উপবৃত্তাকাৰ পথৰ মুখ্য অক্ষৰ ব্যাসাৰ্ধৰ ঘনমানৰ সমানুপাতিক হয়। তাৰ সমসাময়িকভাৱে গেলিলিঅ’ই ধৰ্মান্ধসকলক প্ৰত্যাহ্বান জনাই তেওঁৰ বৈপ্লৱিক পৰিৱৰ্তনকামী মতবাদটি আগবঢ়াইছিল। সূৰ্য স্থিৰ, পৃথিৱীহে ইয়াৰ চাৰিওফালে ঘূৰে; কিন্তু বৃত্তীয় পথত নহয় উপবৃত্তাকাৰ পথতহে। পৰ্যবেক্ষণ নিৰ্ভৰ জ্যোতিৰ্বিদ্যা (OBSERVATIONAL SCIENCE)ৰ পিতৃস্বৰূপ এইজনা‌ ব্যক্তিয়ে কেইবাটাও গ্ৰহ-উপগ্ৰহৰ আৱিষ্কাৰ কৰাৰ লগতে চন্দ্ৰপৃষ্ঠৰো অধ্যয়ন কৰিছিল। গণিতজ্ঞ গেলিলিঅ’ই যিকোনো গ্ৰহৰ আকাৰ উলিওৱাৰ কিছু গাণিতিক পদ্ধতিও‌ উদ্ভাৱন কৰিছিল। বৃহস্পতি (উল্লেখ নকৰিলেও হ’ব যে ইয়াকে হিন্দু ধৰ্মীয় শাস্ত্ৰই গুৰু জ্ঞান কৰে) গ্ৰহৰ চাৰিটাকৈ উপগ্ৰহৰ আবিষ্কাৰক তথা অভিযান্ত্ৰিক শিক্ষাৰ উদ্ঘাটনৰ আগতেই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা এইগৰাকী চিন্তাবিদো সেইকালৰ ধৰ্মীয় গোড়ামিৰ কবলৰ পৰা বাচি যাবলৈ সক্ষম নহ’ল‌ আৰু সমগ্ৰ জীৱন বন্দীত্বতে কটাবলগীয়া হৈছিল। চন্দ্ৰ, সূৰ্য্য, বৃহস্পতি আদিক ঈশ্বৰ বুলি জ্ঞান কৰা সকলৰ বাবে এইসকল দাৰ্শনিক পণ্ডিত চকুৰ কুটা দাঁতৰ শূল হৈ পৰিছিল। সোতৰশ শতিকাতে আন এগৰাকী বিজ্ঞানৰ মনীষীয়ে নিজৰ তত্ত্বসমূহ আগবঢ়াইছিল। সৰ্বজনবিদিত গতিৰ সূত্ৰ দিওঁতা নিউটনে “প্ৰিন্সিপিয়া” গ্ৰন্থত মহাকৰ্ষণৰ তত্ত্বও আগবঢ়াইছিল। ব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থৰ মাজত এক ভৌতিক বল বিৰাজমান; সূৰ্যয়ো পৃথিৱীৰ ওপৰত এক আকৰ্ষণী বল প্ৰয়োগ কৰাৰ বাবে পৃথিৱীয়ে ইয়াক প্ৰদক্ষিণ কৰে আৰু এই ঘূৰ্ণনৰ সময়ত ই কেপ‌লাৰৰ তিনিওটা নীতি মানি চলে। কিন্তু এই ধাৰণাটিত কেতবোৰ অসুবিধা আছিল, যেনে- যদিহে সঁচাকৈয়ে এক আকৰ্ষণী বলে ক্ৰিয়া কৰি আছে তেন্তে একোখন সৌৰজগতৰ আন এখনৰ লগত সংঘৰ্ষ হ’লহেঁতেন আৰু এইবোৰ ধ্বংস হ’লহেঁতেন। কিন্তু তাৰ বিপৰীতে আমাৰ পৰা নিলগত অৱস্থিত নক্ষত্ৰ, তাৰকামণ্ডলসমূহে পৃথকে গতি কৰি আছে, নিউটনৰ মহাকাৰ্ষণিক বলৰ অৱস্থিতিত এয়া কেনেকৈ সম্ভৱ? তাতোকৈ ডাঙৰ কথা যে নিউটনে বিশ্বব্ৰহ্মাণ্ডক স্থিৰ হিচাপে গণ্য কৰিছিল, যি এটা ভুল ধাৰণা বুলি পাছত প্ৰমাণিত হৈছে। পাছলৈ যেতিয়া উন্নত মানৰ দূৰবীক্ষণ যন্ত্ৰ আদিৰ আৱিষ্কাৰ হ’ল তেতিয়া এডউইন হাৱল নামৰ বিজ্ঞানী এগৰাকীয়ে আমাৰ হাতীপটিৰ দৰে কেইবাখনো তাৰকামণ্ডল আৱিষ্কাৰ কৰিছিল আৰু পাইছিল যে এই সকলো আমাৰ পৰা আঁতৰলৈ গতি কৰি আছে আৰু তেওঁ নিউটনৰ নীতিৰ আসোঁৱাহখিনি আঙুলিয়াই দি এখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। পিছলৈ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত এই বিষয়ে যথেষ্ট সংখ্যক লোকে গৱেষণা কৰিবলৈ আৰম্ভ কৰে। বিংশ শতিকাৰ ত্ৰিছৰ দশকত ড’পলাৰৰ প্ৰাৱল্য নীতি ব্যৱহাৰ কৰি এইটো প্ৰমাণিত হয় যে মহাবিশ্বখন গতিশীল আৰু ই তীব্ৰবেগত সম্প্ৰসাৰিত হৈ আছে। বিংশ শতিকা আছিল মহাজাগতিক বিজ্ঞানৰ বাবে সোনালী যুগ কিয়নো এইযুগতে জ্যোতিৰ্বিদ্যাৰ দুগৰাকী বিদগ্ধ পণ্ডিত এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিঙে নিজৰ মতবাদসমূহ আগবঢ়াইছিল। পোহৰ আৰু বিদ্যুতৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা, ফটো-ইলেক্ট্ৰিক প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে নোবেল বঁটা বিজয়ী আইনষ্টাইনে মহাবিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ নীতি আপেক্ষিকতাবাদৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ সূত্ৰই মহাকাশৰ প্ৰায়ভাগ পৰিঘটনাৰ ব্যাখ্যা দিবলৈ সক্ষম হৈছিল। ভৰ আৰু শক্তিৰ মাজত সম্পৰ্ক স্থাপন কৰা এইগৰাকী ব্যক্তিয়ে ইহুদী হোৱা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। সমাজবাদত বিশ্বাসী এই বুদ্ধিজীৱী গৰাকীৰ ওপৰত হিটলাৰৰ নাজী শাসকে সদায়ে অত্যাচাৰ ‌কৰাৰ চেষ্টা চলাইছিল। “WHY SOCIALISM” ৰ দৰে প্ৰৱন্ধৰ স্ৰষ্টা আইনষ্টাইনে সদায়ে হিটলাৰৰ শাসনৰ বিৰোধিতা কৰিছিল‌। আনহাতে, যুগদ্ৰষ্টা ষ্টিফেন হকিঙে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব অধ্যয়ন কৰি মহাকাশৰ বিস্ময়কৰ কৃষ্ণ গহ্বৰৰ বহু ৰহস্যৰ সম্ভেদ উলিয়াইছিল। শেষ জীৱনত নিজকে নাস্তিক ৰূপে ঘোষণা কৰা হকিঙে মহানাদ, মহাকৰ্ষণীয় তৰংগ আদিৰ দৰে বিষয়ৰ ওপৰতো নিজৰ গৱেষণামূলক পত্ৰসমূহ আগবঢ়ায়। আৰ্টিফিছিয়েল ইণ্টেলিজেন্সক লৈও হকিঙে চিন্তা আৰু গভীৰ সংশয় প্ৰকাশ কৰিছিল। বিজ্ঞানৰ অগ্ৰগতিৰ সমান্তৰালভাৱে অন্ধবিশ্বাস, কু-সংস্কাৰ তথা ভুৱা বিজ্ঞান আদিয়ে হেঙাৰৰ ৰূপত থিয় দি মানৱপ্ৰগতি আৰু চিন্তাৰ বিৱৰ্তনক ওলোটা দিশে বোৱাবলৈ চেষ্টা কৰিছে। বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পৰিৱেশ সৃষ্টিৰ বিপৰীতে কেৱল প্ৰযুক্তিবিদ্যাৰ অন্ধ আস্ফালন তথা ইয়াৰ প্ৰয়োগে এই যুগৰ প্ৰতিপত্তিশীল শাসক শ্ৰেণীৰ স্বাৰ্থহে পূৰণ কৰিছে।

One thought on “বৈজ্ঞানিক মতবাদ আৰু ধৰ্মান্ধতা-(হৃষীকেশ বৰপূজাৰী)

  • Bhriya lagil phri ….all the best sir👍👍. anekoi a agowai thskok sir..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *