প্ৰসেনজিৎ চৌধুৰীৰ ‘ধৰ্ম আৰু বিজ্ঞান’ – (ড০ হীৰেন গোহাঁই)
এইখন সাম্প্ৰতিক কালৰ এখন উল্লেখযোগ্য অসমীয়া গ্ৰন্থ। ইয়াৰ পাতে পাতে পৈণত পাণ্ডিত্য, পৰিচ্ছন্ন যুক্তি আৰু পৰিপক্ব বিবেচনাৰ পৰিচয় পোৱা যায়। ভাষাও সাৱলীল, দুৰুহ পাণ্ডিত্য-কণ্টকিত নহয়, কিন্তু বলিষ্ঠ। এই বিষয়টো সম্পৰ্কে এনে এখন কিতাপৰ অভাৱ বহুদিনৰপৰা অনুভৱ কৰি আছিলোঁ।
‘ধৰ্ম আৰু বিজ্ঞান’ বিষয়টো সাম্প্ৰতিক কালৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়। এপিনে ধৰ্মৰ নামত অন্ধ আনুষ্ঠানিকতা, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ মাত্ৰা দেখাতেই প্ৰবলভাৱে বাঢ়িছে, আনহাতে বিজ্ঞানৰ নামত যান্ত্ৰিক প্ৰযুক্তিসৰ্বস্বতা আৰু আদৰ্শহীনতাই দৃষ্টিকটূ স্তৰ পাইছে। কিছুমানে ধৰ্মৰ বিজ্ঞানসন্মত ভিত্তি বিচাৰিছে, আন কিছুমানে বিজ্ঞানক ধৰ্মীয় দিকদৰ্শন দিবলৈ ওলাইছে। পৰিস্থিতিটো সাধাৰণ পাঠকৰ বাবে বিভ্ৰান্তিকৰ।
এনে সময়তে সংশ্লিষ্ট প্ৰশ্নবোৰ নিৰাৱেগ ভংগীৰে, প্ৰাঞ্জল ভাষাত কিন্তু গভীৰ বিবেচনাৰে কিতাপখনত বিচাৰ-বিবেচনা কৰা হৈছে৷ নিঃসন্দেহে পাঠকৰ মনৰ বহু সংশয় নিৰসন কৰাত কিতাপখনে সহায় কৰিব ৷
গ্ৰন্থকাৰ নিজে ধৰ্মবিশ্বাসী নহয়, কিন্তু তেওঁ ধৰ্মবিশ্বাসীসকলক গৰিহণা দিয়া নাই, বৰং তেওঁলোকৰ লগত আলোচনাত প্ৰবৃত্ত হৈছে৷ আইনষ্টাইন, হকিং আদিৰ ধৰ্ম বা ঈশ্বৰ সম্পৰ্কীয় মতামতৰ বিষয়ে আলোচনা আগ বঢ়াই তেওঁ পাঠকক নিজৰ পূৰ্বৰ সংস্কাৰৰ বিষয়ে সচেতন কৰি দিছে ৷
এটা কথা ঠিক যে ধৰ্ম আৰু বিজ্ঞান, উভয়েই বিশ্ব ৰহস্য সম্পৰ্কে জিঞ্জাসাৰ ফল৷ কিন্তু ধৰ্মৰ ক্ষেত্ৰত যাদুবিদ্যা আৰু ‘সংসাৰ পীড়া’ৰপৰা সান্ত্বনা লাভৰ আকাংক্ষা অধিক প্ৰকট৷ বাস্তৱ ফলাফলৰ পিনৰপৰা বিজ্ঞান অধিক নিৰ্ভৰযোগ্য, কিন্তু বৈষম্যমূলক শোষণধৰ্মী সমাজত ধৰ্মই এক অতীন্দ্ৰিয় সান্ত্বনা যোগান ধৰে বুলি মাৰ্ক্সে কোৱা কথাও প্ৰণিধানযোগ্য৷ ‘…it is the heart of the heartless world.’ বৌদ্ধধৰ্মই ঈশ্বৰৰ প্ৰয়োজন বৰ্জন কৰিছে৷ ধৰ্মই যদি আত্মসংযম আৰু ‘বসুধৈৱ কুটুম্বকম্’ চেতনা সঞ্চাৰ কৰে, তেন্তে সিমানখিনিলৈ তাৰ মংগলময়তা আছে৷ কিন্তু সেইটো আইনষ্টাইনৰ ভাষাৰ ধৰ্মহে – কোনো আনুষ্ঠানিক ধৰ্ম হ’ব নোৱাৰে৷ আকৌ সকলো শেষপৰ্যন্ত নিৰ্ভৰ কৰে সমাজ ব্যৱস্থা আৰু সংস্কৃতিৰ যথাযথ বিকাশৰ ওপৰত৷ মানুহৰ আত্মবিশ্বাস খৰ্ব কৰা, আচাৰ-অনুষ্ঠানৰ ওপৰত অন্ধ আস্থা বৃদ্ধি কৰা ধৰ্ম কোনোমতেই গ্ৰহণীয় হ’ব নোৱাৰে৷ চাৰিওপিনে কিন্তু তেনেধৰণৰ ধৰ্মৰহে পয়োভৰ দেখা যায়৷
কিতাপখন কত পাম ?