গ্ৰন্থ বাৰ্তা-(মীনাক্ষী বৰুৱা)
(১)
ভাৰতীয় দৰ্শন আৰু বিজ্ঞান চিন্তনৰ উল্লেখযোগ্য ব্যক্তি দেবীপ্ৰসাদ চট্টোপাধ্যায়ৰ “বিজ্ঞান কি ও কেন” গ্ৰন্থখন অতি সৰল ভাষাত অসমীয়ালৈ অনুবাদ কৰিছে ড০ বৰ্ণালী বৰুৱা দাসে। গ্ৰন্থখন প্ৰকাশ কৰিছে অসম পাবলিচিং কোম্পানীয়ে। আকৰ্ষণীয় আৰু অৰ্থবহ প্ৰচ্ছদেৰে এই গ্ৰন্থখনিৰ মূল্য ১২০ টকা।
শিশুক খোজ কাঢ়িবলৈ, খাবলৈ শিকোৱাৰ লগতে চিন্তা কৰিবলৈ শিকোৱাটোও কিমান দৰকাৰী কথা তাকেই সাধাৰণ উদাহৰণেৰে গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে। পঞ্চ ইন্দ্ৰিয়, অন্তঃইন্দ্ৰিয়, অনুমানৰ ভূত-ভৱিষ্যৎ-বৰ্তমান, উপৰুৱাকৈ চোৱা আৰু নিষ্ঠাৰে চোৱা আদি কথাবোৰ ফঁহিয়াই ফঁহিয়াই আলোচনা কৰাত দৈনন্দিন জীৱনৰ সৈতে বিজ্ঞানৰ সম্পৰ্কটো বুজি উঠাত বৰ সহজ হৈ পৰিছে। বিজ্ঞান সৰল আৰু আমোদজনক বিষয় – এই কথাটো শিশু অৱস্থাতে ছাত্র-ছাত্ৰীক বুজাই দিব পাৰিলে অনুমান আৰু কল্পনাৰ বিভ্ৰান্তিবোৰ বুজিবলৈ সহজ হৈ পৰিব। নিৰীক্ষণেৰে প্ৰকৃতিক জনা আৰু পৰীক্ষণৰ যোগেদি জনাৰ মাজত পাৰ্থক্য কেনেকুৱা, এই কথা গ্ৰন্থখনত স্পষ্ট ৰূপত দেখুওৱা হৈছে।
“প্ৰত্যেক ঘটনাৰেই কাৰণ আছে”, “কাৰণ মানে কি”, “কাৰণ – আৱিষ্কাৰৰ কৌশল”, “কথাটো যে সত্য সেইটো বুজিম কেনেকৈ”, “জ্ঞান ডাঙৰ নে কৰ্ম ডাঙৰ?” ইত্যাদি ১৯ টা চুটি চুটি লেখাৰে ৫৩ পৃষ্ঠাৰ গ্ৰন্থখন সজাই তোলা হৈছে। “প্ৰকৃতিক জয় কৰা আৰু প্ৰকৃতিক জনা” শীৰ্ষক লেখাটোত কোৱা হৈছে, “কৰ্ম আৰু জ্ঞান, জ্ঞান আৰু কৰ্ম। যেন একেটা চেষ্টাৰে ইপিঠি আৰু সিপিঠি। ..কৰ্মৰ কষটি শিলত যি জ্ঞানক পৰীক্ষা কৰা নাই, সেই জ্ঞান জ্ঞান নহয়, তাৰ কোনো মূল্য নাই।”
গ্ৰন্থখনিয়ে কোমল বয়সতে শিশুৰ চিন্তা আৰু যৌক্তিক বিকাশৰ দুৱাৰ খুলি বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাত সহায় কৰিব। লগতে শিক্ষক আৰু অভিভাৱকসকলৰ বাবেও এইখন অৱশ্যেই প্ৰয়োজনীয় গ্ৰন্থ। অন্ধ অনুকৰণৰ পৰিবৰ্তে প্ৰশ্ন কৰাৰ অভ্যাস গঢ়ি উঠিলে ছাত্ৰ-ছাত্ৰীৰ মনৰপৰা বহু কুসংস্কাৰ নিজে নিজেই আঁতৰি যাব।
(২)
“বিজ্ঞানে আনিব জোৱাৰ” গ্ৰন্থখনৰ লেখক ভাৰ্গৱ বৰঠাকুৰ। পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনত লেখকে বিশ্বব্ৰহ্মাণ্ড আৰু মানৱ মস্তিষ্কৰ ৰহস্যৰ বহু নতুন নতুন খবৰ আৰু তথ্যৰ সম্ভেদ দিছে। ঈশ্বৰৰ সৰ্বশক্তিৰ প্ৰতি থকা বিশ্বাসক বাস্তৱ যুক্তিৰে বিচাৰ কৰাৰ প্ৰয়াস কৰিছে, জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ বিভ্ৰান্তিমূলক স্থিতিক বিশ্লেষণ কৰিছে, অন্ধ পৰম্পৰাক নস্যাৎ কৰাৰ সপক্ষে যুক্তিনিষ্ঠ ব্যাখ্যা দাঙি ধৰিছে। গ্ৰন্থখনিত ২৮ টা প্ৰৱন্ধ সন্নিবিষ্ট হৈছে। প্ৰৱন্ধসমূহত বিজ্ঞানৰ কিছুমান জটিল বিষয়বস্তু সৰ্বসাধাৰণ পাঠকে বুজিব পৰাকৈ প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰা হৈছে।
ধৰ্ম আৰু অন্ধ পৰম্পৰাৰে আচ্ছন্ন বৰ্তমানৰ সামাজিক-ৰাজনৈতিক পৰিৱেশত যুক্তি আৰু বিজ্ঞানভিত্তিক চিন্তা-চৰ্চাৰ খবৰ অত্যন্ত আশাব্যঞ্জক। কেৱল পাঠ্যক্ৰমৰ বিজ্ঞান শিক্ষাই যে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানমনস্ক কৰি গঢ়ি তুলিব নোৱাৰে সেই কথা ধুৰূপ। উঠি অহা প্ৰজন্মৰ চিন্তা-চেতনাত শুদ্ধ দৃষ্টিকোণৰ উন্মেষ ঘটাবলৈ বিজ্ঞানক সহজ আলোচনাৰ মাজলৈ অনাটো খুবেই জৰুৰী। সকলো সমাজ-ৰাজনৈতিক প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতা নেওচি বিজ্ঞানক সাধাৰণ মানুহৰ মাজলৈ লৈ গ’লেহে এদিন সুস্থ সমাজ এখন সম্ভৱ হৈ উঠিব। “পৰম্পৰা স্বাৰ্থ সিদ্ধিৰ অস্ত্ৰ নেকি” নামৰ প্ৰৱন্ধত লেখকে পূজা সেৱাৰ নামত ঘটি থকা সুবিধাবাদত কেনেকৈ বিজ্ঞানৰ এপ্ৰ’ন পিন্ধাই সাধাৰণ লোকক বিভ্ৰান্ত কৰা হয় সেয়া সাধাৰণ পঢ়ুৱৈৰো বোধগম্য হোৱাকৈ বৰ্ণনা কৰিছে। ২০০ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ মূল্য ২৭০ টকা।
(৩)
“সত্যৰ পেৰালাইছিছ হৈছে” – ১০৪ পৃষ্ঠাৰ এই কবিতা পুথিখন বিতোপন গগৈৰ প্ৰথম অনুবাদ সংকলন। কবিতাপুথিখনিত ৪৫ গৰাকী দেশী-বিদেশী কবিৰ প্ৰতিবাদী কবিতা সন্নিবিষ্ট কৰা হৈছে। তাৰে প্ৰথম কবিতাটো হৈছে, কবি সাগৰ খৈয়ামীৰ “নফৰতো কা অসৰ দেখৌ” (অনুবাদত “ঘৃণাৰ প্ৰভাৱ”)।
“ঘৃণাৰ প্ৰভাৱ চোৱা
জন্তুৰো ভাগ হৈ গ’ল
গাই হিন্দু আৰু
ছাগলী মুছলমান হৈ গ’ল
মন্দিৰলৈ গৈ হিন্দু দেখিলোঁ
মছজিদত দেখিলোঁ মুছলমান
সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ’লোঁ
তাতহে লগ পালোঁ মানুহ কেইজনমান ..”
অনুবাদকে লিখিছে, কবিতাটো ফেচবুকত পোষ্ট কৰাৰ পাছত ঘৃণাৰ প্ৰভাৱ সঁচাকৈয়ে ইমান বেছি হৈ গৈছিল যে আনে পঢ়িব নোৱৰাকৈ কবিতাটো ব্লক কৰি দিয়া হৈছিল। বিকল্পৰ নটিফিকেশ্যনত কোৱা হৈছিল – পোষ্টটো স্পাম পোষ্ট বা পোষ্ট কৰা নাই বুলি জনাব লাগে। গগৈয়ে নজনালে। কিন্তু কবিতাটো ইতিমধ্যে বহুতে স্ক্ৰীণশ্বট লৈছিল আৰু ভাইৰেল হৈ পৰিছিল। গালি-গালাজ আৰু ভাবুকিও চলিছিল। অৱশেষত তিনি দিন মানৰ মূৰত ফেচবুকে নিষেধাজ্ঞা উঠাই লোৱাত ঘৃণাৰ পৰাজয় হৈছিল। এই কথাটোৱে অনুবাদকক দৃঢ় আৰু আত্মবিশ্বাসী কৰি তোলা বুলি তেওঁ কবিতাপুথিখনিৰ আৰম্ভণিতে উল্লেখ কৰিছে।
আন এটা উল্লেখনীয় কবিতা “সত্য”ত ( মূল : বাবা নাগার্জুন) কবিয়ে বৰ্তমানৰ শাসন আৰু শোষণ ব্যৱস্থাৰ সত্য ৰূপ এটাক তুলি ধৰাৰ প্ৰয়াস কৰিছে। তলত তাৰ কিয়দাংশ উল্লেখ কৰা হ’ল।
“সত্যৰ পেৰালাইছিছ হৈছে
এটা প্ৰকাণ্ড কাঠৰ কুন্দাৰ দৰে
মাথোঁ পৰি ৰয়
ওৰে দিন ওৰে ৰাতি
চকু ফালি ফালি ইফালে সিফালে
মাথোঁ চাই ৰয়
সমুখেৰে কোনোবা অহা-যোৱা কৰিলেও
সত্যৰ দৃষ্টিত কেতিয়াও একোৱে প্ৰভাৱ নপৰে
শিল দৃষ্টিৰে মাথোঁ চাই ৰয়
ওৰে দিন ওৰে ৰাতি
সত্যৰ পেৰালাইছিছ হৈছে
ডিঙিৰ ওপৰৰ যন্ত্রাংশ সম্পূৰ্ণৰূপে বিকল হৈ গৈছে
চিন্তা কৰা বন্ধ
বুজা বন্ধ
মনত পেলোৱা বন্ধ
মনত ৰখা বন্ধ
মগজুৰ স্নায়ুত সামান্যও সাৰসিকতি নাই
চামুচ ভিতৰলৈ ভৰাই দাঁতত লগাই দিব লাগে
তেতিয়াহে খাদ্য ডিঙিলৈ যায়
ওপৰৰ যন্ত্রাংশ সম্পূৰ্ণৰূপে বিকল হৈ গৈছে সত্যৰ পেৰালাইছিছ হৈছে …”
১০৪ পৃষ্ঠাৰ এই কবিতাপুথিখনিৰ শেষৰ চাৰি পৃষ্ঠাত অনুবাদকে আটাইকেইজন মূল কবিৰে সংক্ষিপ্ত পৰিচিতি দাঙি ধৰিছে। দেশত সম্প্ৰতি ঘৃণা, হিংসা, শোষণ, নিৰ্যাতন, অন্যায়, অবিচাৰৰ বিৰূদ্ধে মাত মাতিব নোৱৰা এক অৱস্থা। এনে এক সময়ত বিতোপন গগৈয়ে নিৰ্বাচিত এই কবিতা সমূহৰ অনুবাদৰ জড়িয়তে নাগৰিকক প্ৰাপ্য অধিকাৰৰ হঁকে সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰয়াস কৰিছে। কবিতা পুথিখনি প্ৰকাশ কৰিছে আঁক-বাক প্ৰকাশনে। মূল্য ১৪৯ টকা। প্ৰচ্ছদ অৰ্থবহ।
(৪)
“জীৱনৰ দ্বিতীয় সুযোগ” গ্ৰন্থখন এখন অনুবাদ গ্ৰন্থ। অনুবাদ কৰিছে উৎপলা কৌৰে। মূল গ্ৰন্থ The second chance in life ৰ লেখক ড০ ভাস্কৰ বৰা। গ্ৰন্থখনিত আনৰ ভুলৰ বাবে জীৱনৰ প্ৰায় সৰ্বস্ব হেৰুৱাই পেলোৱা এজন ডাক্তৰৰ নকৈ জী উঠাৰ বলিষ্ঠ কাহিনী বৰ্ণিত হৈছে। অনুবাদ সৰল আৰু সাৱলীল। পঢ়ি যাওঁতে ভাব হয়, অনুবাদকে লেখকৰ ভাব-চিন্তাৰ সৈতে একাত্ম হৈ অতি যত্ন সহকাৰে গ্ৰন্থখনি অসমীয়া ভাষালৈ ভাবানুবাদ কৰিছে। মূল গ্ৰন্থখনিৰ অন্তৰ্নিহিত ভাবক গভীৰভাৱে উপলব্ধি নকৰিলে এনে অনুবাদ সম্ভৱ নহয়। পাতনিত অনুবাদকে লিখিছে, ” ইংলেণ্ড আৰু ভাৰতৰ চিকিৎসা আৰু শিক্ষা ব্যৱস্থাৰ গাঁথনিৰ মাজত থকা পাৰ্থক্যসমূহৰ বাবেই এই সামান্য সালসলনি কৰাৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। সেয়ে বহুক্ষেত্ৰত কিতাপখন অনুবাদ বুলি নকৈ ভাবানুবাদ বুলিলেহে সঠিক হ’ব।”
সুষম গতিত চলি থকা জীৱন এটাৰ গতি হঠাৎ ৰুদ্ধ হৈ পৰিলেও মানুহ জীয়াই থাকিবলৈ বাধ্য হ’ব লগা হয়। চকুপানী অথবা হুমুনিয়াহক একতীয়া কৰি বাস্তৱক স্বীকাৰ কৰি লৈ দ্বিতীয় জীৱন এটালৈ আগবাঢ়ি যোৱাৰ মানসিক বল সকলোৰে নাথাকে। এনেকৈ বহু জীৱনেই স্তব্ধ হৈ যায়। এই প্ৰসংগত ডাঃ ভাস্কৰ বৰাৰ চিকিৎসক, জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ এলি ছিলবাৰে লিখিছে, “জীৱনত আকস্মিকভাৱে ঘটা কিছুমান অপ্রত্যাশিত কথাত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে, কিন্তু সেইবোৰৰ প্ৰতি আমি কেনেকৈ প্রতিক্রিয়াশীল হ’ম সেয়া সম্পূৰ্ণ আমাৰ হাতত থাকে। এইক্ষেত্ৰত ডাঃ বৰা আমাৰ বাবে এক আদৰ্শ আৰু সন্মানৰ পাত্ৰ।” হয়। দুখ-শোকৰ যন্ত্ৰণাই জীৱন চুটি কৰি আনে। আত্মবিশ্বাস হেৰাই যায়। যন্ত্ৰণাৰ কাৰক যিয়েই নহ’লেও মানুহৰ হতাশাৰ স্বৰূপ কিন্তু একেই। এনেকুৱা সময়ত জীৱনটোক নতুন ৰূপত চাব পৰাকৈ প্ৰেৰণাময় কথা অথবা উদাহৰণৰ নিতান্তই প্ৰয়োজন। জীৱনঘাতী আঘাতে জীৱনৰ দৃষ্টিভংগীক নতুন ৰূপ দিব পাৰে।
“জীৱনৰ দ্বিতীয় সুযোগে” এনে এক সংগ্ৰামৰ জীয়া কাহিনীকে সুখপাঠ্য ৰূপত তুলি ধৰিছে। ১৩৮ পৃষ্ঠাৰ এই গ্ৰন্থখনি প্ৰকাশ কৰিছে আঁক-বাক প্ৰকাশনে। মূল্য: ১৯৯ টকা।
(৫)
“সুখৰ মৰীচিকা” যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈৰ শেহতীয়া প্ৰকাশিত গ্ৰন্থ। এই প্ৰৱন্ধ সংকলনখনিত অসম বাণী, সাদিন আৰু আমাৰ অসম কাকতত ইতিমধ্যে প্ৰকাশিত মুঠ ৫৫ টা প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে। প্ৰৱন্ধ সমূহৰ ৰচনা কাল ২০২০ চনৰ শেষ ভাগৰপৰা ২০২২ চনৰ শেষলৈকে। প্ৰৱন্ধসমূহ মূলতঃ সামাজিক-ৰাজনৈতিক ঘটনা প্ৰবাহৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ। জাতিভেদ, কৰ্মভেদ, ধৰ্ম, ঈশ্বৰ, আত্মা, সেন্দূৰ আদিয়ে সৃষ্টি কৰা সামাজিক সমস্যাৰ লগতে প্ৰকৃতি জগত, সহজ-সৰল অসমীয়া মানুহ, সীমা ঠেলা প্ৰতিৱেশী, বাৰ্ষিক বাজেট, নিৰ্বাচনী বাজেট, মানৱতা আদি বিষয়ৰ আলোকপাত কৰা হৈছে। সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় সমূহত লেখকৰ স্থিতি শক্তিশালী। সৰু-ডাঙৰ প্ৰতিটো বিষয়েই তেওঁ বৈজ্ঞানিক দৃষ্টিকোণেৰে চালি জাৰি চাইহে নিজস্ব বক্তব্য আগবঢ়াইছে। সময়ৰ ইতিহাসত দলিল স্বৰূপ এই প্ৰৱন্ধ সংকলনখনিত “ক’ভিদ কালৰ অনুভৱ” শীৰ্ষক লেখাটিত সংবাদ মাধ্যমৰ স্থিতি, ৰাজনৈতিক পৰিসংখ্যা, চিকিৎসা আৰু জনসাধাৰণৰ উকমুকনিৰ বাস্তৱ ছৱি এখনো অন্তৰ্ভুক্ত হৈছে। লেখকে আশা কৰা মতেই সম্প্ৰতি ক’ভিদৰ কালধুমুহা শাঁত পৰিল। মুখৰ অস্বস্তিকৰ ঢাকনিবোৰো খোল খালে। ইয়াৰ লগতে লাহে লাহে উন্মোচিত হৈ আছে অনেক কাহিনী। সংকলনখনি সমাজ, ৰাজনীতি, মানৱীয় মূল্যবোধ, নগৰীয়া পাৰিপাৰ্শ্বিকতা, কলা, বিজ্ঞান, সাহিত্য আদি ভিন্ন বিষয়ৰ সংমিশ্ৰিত ৰূপ। যুক্তি আৰু হাস্যৰসৰ সুসংগত মিশ্ৰণেৰে সন্দিকৈদেৱৰ প্ৰতিটো লেখাৰেই স্বাদ অতুলনীয়।
বনলতাই প্ৰকাশ কৰা এই গ্ৰন্থখনিৰ মূল্য ২২০ টকা।
(৬)
“বেলিফুলৰ বেহেলা” চিম্পী শইকীয়াৰ প্ৰথম উপন্যাস। ৮৮ পৃষ্ঠাৰ এই উপন্যাসখনিত লেখিকাই নিপুণ হাতেৰে, ক’তো উজুটি নোখোৱাকৈ সমান্তৰালভাৱে তিনিটা স্পৰ্শকাতৰ কাহিনীৰ দ্বাৰা সমাজ বাস্তৱতাক পঢ়ুৱৈৰ সমুখত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। মন কৰিবলগীয়া কথা যে, ইয়াত কাহিনীয়ে নিজেই সময় আৰু পৰিবেশৰ ছৱি আঁকিছে। জীৱন্ত আৰু পৰিপাটিকৈ। “বেলিফুলৰ বেহেলা”ত কথক অথবা প্ৰটাগনিষ্টে ক’তো ব্যক্তিগত আবেগ অথবা যুক্তিৰ অৱতাৰণা নকৰাকৈ ঘটনাক্ৰমক পোনে পোনে পাঠকৰ ভাবনাৰ মাজলৈ লৈ গৈছে। ফলত পাঠক আৰু চৰিত্ৰসমূহৰ মাজত এটা সু সমন্বয় গঢ়ি উঠাত সহজ হৈ পৰিছে। উপন্যাসখনিত লেখিকাই চৰিত্ৰসমূহক নিজৰ ধৰণেৰে আগুৱাই যোৱাত পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। কাহিনীৰ শৃংখলাও চকুতলগা। অৱশ্যে এনে সুসংগঠিত চেতনাৰ মাজতে হঠাতে চিষ্টাৰ মাৰিয়াৰ চৰিত্ৰটোত এটা ত্ৰুটি দৃষ্টিগোচৰ হ’ল। উপন্যাসখনিত মাৰিয়া চৰিত্ৰটো এটা মূখ্য চৰিত্ৰ। সময়ে দুৰ্ভগীয়া কৰা আৰু জীৱনে প্ৰৱঞ্চনা কৰা মৃত্যুমুখী নাৰী মাৰিয়াৰ নিজে জী উঠা আৰু আনক জীয়াই তোলাৰ সংগ্ৰামখিনি উপন্যাসখনিত হৃদয়স্পৰ্শীকৈ উপস্থাপিত হৈ থকাৰ মাজতে এই চৰিত্ৰটোৰ মুখেৰে লেখিকাই কোৱাইছে, “মুকুন্দৰ উপেক্ষা আৰু মোক কৰা দুৰ্ব্যৱহাৰখিনি পাহৰিব খুজিলেই এসোপা অভিমানে মোৰ উশাহবোৰক হেঁচি ধৰে। তথাপি মই মুকুন্দৰ নামৰ সেন্দূৰ লওঁ কেতিয়াবা মন গ’লে।” চূড়ান্ত অসন্মান আৰু প্ৰতাৰণাৰ বলি হৈ মৃত্যু মুখৰপৰা উভতি অহা চৰিত্ৰটোৰ মুখত এয়া এক দুৰ্বল সংলাপ নহয়নে? আবেগতকৈ আত্মসন্মানক পূৰ্ণ মৰ্যাদা প্ৰদান কৰি মাৰিয়াক আৰু অধিক শক্তিশালী চৰিত্ৰ হিচাপে প্ৰক্ষেপ কৰাৰ থল নিশ্চয় আছিল। তেনেদৰে জাত-পাত, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এখন সমাজৰ সম্প্ৰীতিৰ এনাজৰীডাল আটোমটোকাৰীকে বান্ধি গৈ থকা লেখিকাই অকস্মাতে ৩৫ নং পৃষ্ঠাত প্ৰটাগনিষ্টৰ মুখেৰে কোৱাইছে, ” হিন্দু ছোৱালী ভায়’লিনাই এগছ কুটা দুগছ নকৰি আছিফৰ ঘৰত …”। উপন্যাসখনিৰ সামগ্ৰিক বৰ্ণনাত হিন্দু মুছলমানৰ প্ৰভেদ নোহোৱাকৈ মানৱীয় অনুভূতিক প্ৰাধান্য দি থকা সময়তে এইষাৰ কথাই অকস্মাতে এটা উজুটি খুৱালে।
আছিফ চৰিত্ৰটোৰ আগত যদি পৰিচয়মূলক মুছলমান বিশেষণটো নাই, ভায়লিনাৰ আগত হিন্দু বিশেষণৰো কোনো প্ৰয়োজন নাছিল। তাতকৈ ভায়লিনাৰ ঠাইত শেৱালি, নিৰ্মালী, সীতা অথবা সাৱিত্ৰী হ’লে সমাজৰ সম্প্ৰীতিৰ দোলডাল অধিক কটকটীয়া হৈ উঠাৰ থল আছিল। ইয়াৰদ্বাৰা পঢ়ুৱৈৰ মাজলৈ ধৰ্মীয় চেতনাৰ গুৰুত্বহীনতাৰ বাৰ্তা এটাও প্ৰেৰণ কৰিব পৰা নিশ্চয় গ’লহেঁতেন। এই দুটাৰ বাদে উপন্যাসখনিৰ পঠন অভিজ্ঞতা অতি সন্তোষজনক। আটাইকেইটা চৰিত্ৰৰ অংকনত লেখিকাই কলাত্মক হাতৰ পৰিচয় দিবলৈ সক্ষম হৈছে। ভাব-ভাষা কোমল, সংবেদনশীল। সমাপ্তিত বাজি উঠিছে জীৱনমুখী গান। বনলতাই প্ৰকাশ কৰা এই উপন্যাসখনিৰ মূল্য ১১০ টকা।